দাদুল দেৱকৃষ্ণ বৰুৱা

(২৩)

মলেঁয়াই এখন
ঠেং তুলি
, এখন ঠেঙত ভৰ দি চোতালৰ এমূৰে ৰদ পুৱাই আছিল
আৰামত। তেনে পৰতে ষ্টেপান আহিল তাইৰ ওচৰলৈ।

: এইকেইটা
খাই ল!

মলেঁয়াৰ সমুখত
মাছৰ পাত্ৰটো থৈ ষ্টেপানে ক
লে। ষ্টেপানৰ মাত শুনি তাই চকু মেলি
চালে যদিও মাছকেইটা খাবলৈ বৰ লৰালৰি নকৰিলে। তাইৰ মনোভাৱটো ঠিক এনে ধৰণৰ—

যাবনো ইহঁত! বুঢ়াৰ হাতত চেঙেলি পৰাৰ পিছত এনেও ৰক্ষা নাই!”

মলেঁয়াক
মাছকেইটা দি ষ্টেপানে নিজৰ বাবে কফি কৰি আনি ল
লে। চোতালৰ
একাষে ৰ
দপৰা ঠাইত বহি কফি পানত মনোনিৱেশ কৰিলে। লগত অৱশ্যে দৈনিক বাতৰিকাকত Novi
List-খন
আছে। তেওঁ কিন্তু বাতৰিকাকতত চকু নিদি কফিৰ কাপত চুমুক দি দি চৌপাশৰ পৰিৱেশতহে
দৃষ্টি দিছে।

বৰফবোৰ গলি গলি
মুকলি হৈছে চৌপাশ। শীত কমিছে। বসন্ত আগমনৰ আনন্দত প্ৰকৃতিয়ে নিজক সজাবলৈ অলপো
কৃপণালি কৰা নাই। গছবোৰলৈ কুঁহিপাত আহিছে। ফুলৰ কলি পেলাইছে।

চৌপাশৰ বৰফ গলি
গলি শেষ হৈ গৈছে যদিও ষ্টেপানৰ মনত ডাঠকৈ পৰা শংকাৰ বৰফখিনি এতিয়াও একেদৰে আছে।
এতিয়াও তেওঁৰ মনত শংকাৰ ডাৱৰ— ক্লেপেটাঁ আকৌ আহিবনে মলেঁয়াৰ ওচৰলৈ! দক্ষিণ
আফ্ৰিকা বহু নিলগত। তাৰপৰা বাৰু ক্লেপেটাঁ আহিছেনে উৰি!

লেবাননৰ আকাশ
যেন আকাশ নহৈ পৰিভ্ৰমী পক্ষীৰ বাবে মৰণ ফান্দহে। সেয়ে ভয় ষ্টেপানৰ মনত।
ক্লেপেটাঁ মলেঁয়াৰ ওচৰলৈ আহিবলৈ হ
লে পাৰ হব লাগিব লেবাননৰ
নিষ্ঠুৰ আকাশ। চিকাৰীৰ শেন চকু আৰু বন্দুকৰ গুলীৰ মাজেদি সৰকি আহিব লাগিব
ক্লেপেটাঁ। সি বাৰু পাৰিবনে আহিব নিৰাপদে তাৰ প্ৰেমাষ্পদৰ ওচৰলৈ! তাৰ পিতাকৰ
ওচৰলৈ!

প্রতি বছৰে
লেবাননৰ আকাশত ২ মিলিয়নতকৈও আধিক পৰিভ্ৰমী পক্ষী চিকাৰ কৰা হয়। কিছুৱে আনন্দ
লাভৰ বাবে আৰু কিছুৱে বিক্রীৰ বাবে। লেবাননৰ এই ২০০ কিলোমিটাৰ আকাশী পথ পৰিভ্ৰমী
পক্ষীৰ বাবে মৃত্যুৰ গিৰিপথৰ দৰে। কেতিয়া কি হয় একো ঠিক নাথাকে।
ক্লেপেটাঁ
নিৰাপদে পালেহিয়েই হয় আৰু!
‘— ষ্টেপানে যোৱা এমাহ এইদৰেই ভাবিছে।
এইদৰেই খাটিছে অদৃষ্টক।

ক্লেপেটাঁ আহি
পাবহি বুলি তেওঁ ভালেখিনি মাছ জীয়ন দি ৰাখিছে। দীঘলীয়া উৰণৰ পিছত সি খীণাই আহিব
,
দুৰ্বল
হৈ আহিব। গতিকে তাৰ বাবে ভাল খাদ্য জৰুৰী। তেতিয়াহে সোনকালে সবল হ
ব।

এইযে ক্লেপেটাঁ
আহিব আহিব বুলি ভাবি থাকে ষ্টেপানে
, ৰৈ আছে অধীৰ আগ্ৰহেৰে এয়া কেনে
অস্থিৰতা আৰু আগ্ৰহ সেয়া তেওঁৰ বাদে কোনেও অনুভৱ কৰিব নোৱাৰে। কিছুমান অনুভৱ
একান্ত নিজৰ। হৃদয়ৰ।

: সকলো
কথাৰ ভাগ তুমি হয়তো সকলোকে দিব পাৰিবা
; কিন্তু সকলো ভাৱৰ অনুভৱ তুমি সকলোকে
দিব নোৱাৰা।— কথা প্ৰসংগত এদিন ষ্টেপানক তেওঁৰ পত্নী মাৰিয়াই কৈছিল।

মাৰিয়াই কথা
কমাই কৈছিল। জোখৰকেইটা কয়। লেখৰকেইটা শুনায়। পুতেকহঁত বিদেশলৈ যোৱাৰ পিছত অৱশ্যে
ষ্টেপানৰ সতে আগতকৈ দুই-এটা কথা বেছিকৈ পাতিছিল। ঘৰুৱা কাম-কাজবোৰ বৰ নিয়াৰিকৈ
কৰিছিল। শীতৰ দিনবোৰৰ আজৰি পৰত হাতত ঊণ গুঠিবলৈ ব্যৱহাৰ কৰা শলা দুডাল আৰু গুঠি
থকা গৰম কাপোৰ থাকেই। তেওঁ গুঠা গৰম কাপোৰবোৰ যেন বেছি উমাল আছিল!

মাৰিয়া থকা হলে
এতিয়া! মলেঁয়াক বৰ মৰমেৰে তুলিলেহেঁতেন। ক্লেপেটাঁৰ প্ৰত্যাবৰ্তনৰ বাবে অধীৰ
আগ্ৰহ আৰু উদ্বিগ্নতাৰে ৰৈ থকা ষ্টেপানক হয়তো ক
লেহেঁতেন—

: সময়ৰ
হাততে সকলো। সময় সৰ্বোৎকৃষ্ট বিচাৰক। সময়ে যি কৰে ভালেই কৰে। গতিকে ক্লেপেটাঁ
অহা বা নহাটোক লৈ অধিক উদ্বিগ্ন হৈ থকা উচিত নহয়। আহিলে আমি সৰ্বোচ্চ উজাৰি তাক
আপডাল কৰিম!

মাৰিয়া নাই,
গতিকে
তেনেকৈ নিজেই নিজক প্ৰবোধ দিয়াৰ বাদে আন উপায় ষ্টেপানৰ এতিয়া নাই। কেতিয়াবা
ষ্টেপানে ভাবে— মাৰিয়া যেন মলেঁয়াৰ ৰূপ লৈ তেওঁৰ জীৱনলৈ আহিল! তেওঁৰ নিসংগতা
নিৰাময়ৰ বাবে!

কিন্তু অহাৰ দৰে
ঘূৰিও যায়গৈ মানুহবোৰ। সম্পৰ্কবোৰ। ভৰি উঠা ঘৰ এখন উকা হৈ আহে। মৰমেৰে সৰব সংসাৰ
এখন এদিন নিৰৱ হৈ পৰে। মাৰিয়া নোহোৱা হৈ যোৱাৰ দৰে
, ৰাহঁত
বিদেশলৈ গুচি যোৱাৰ দৰে মলেঁয়াও হয়তো এদিন হেৰাই যাব! ষ্টেপানে অন্তৰেৰে কামনাও
কৰে— তেওঁৰ মৃত্যুৰ আগতেই যাতে মলেঁয়াৰ মৃত্যু ঘটে। নহ
লে তেওঁৰ
অবৰ্তমানত কোনে তাইৰ প্ৰতিপালন কৰিব!

কথাটো ভাবিবলৈ
বেয়া। আনক ক
বলৈও বেয়া। কিন্তু আনক কবলৈ
বা ভাবিবলৈ বেয়া কথাবোৰ
, ভয়ংকৰ কথাবোৰেই বাস্তৱত ঘটি থাকে।
বাস্তৱক এৰি কোনো বাচি নাথাকে। বাস্তৱত বিচ্ছেদৰ জুয়ে সকলোকে দহে। দহোঁতে দহোঁতে
মানুহে ভয় নকৰা হয়গৈ এনে দহনলৈ। দুদিনমান মন বেয়া হয়
, তাৰ পিছত আকৌ
আগৰ দৰে নিজৰ নিজৰ কামত ধৰিলে সকলো ধীৰে ধীৰে ঠিক হৈ আহে। সময়ে মলম সানি দুখৰ
ক্ষতস্থান শুকুৱাই আনে। ষ্টেপানে সেয়ে সময়ক ঈশ্বৰ বুলি ভাবে।

সময় সঁচাকৈয়ে
ঈশ্বৰ!

সময়ে মানুহক
দিয়া সকলোবোৰেই উপহাৰ অথবা উপহাস! সময়ে ভাল-বেয়া বিচাৰ কৰি মানুহক উপহাৰ দিয়ে
অথবা উপহাস কৰে। মলেঁয়াক সময়ে তেওঁৰ কাষলৈ পঠোৱা শ্ৰেষ্ঠ উপহাৰ বুলি ভাবে
ষ্টেপানে।

মাছকেইটা খাই
মলেঁয়াই ৰ
দ পুৱাইছে। ষ্টেপানে কফি শেষ কৰি বাতৰিকাকতত
চকু ফুৰাইছে। আজি স্কুল বন্ধ আছে। এনেও আজিকালি স্কুলত তেওঁৰ কাম কমিছে। বয়স
বঢ়াৰ লগে লগে স্কুল কৰ্তৃপক্ষই কিছুমান কামৰপৰা তেওঁক আঁতৰাই ৰাখি মলেঁয়াক
চোৱা-চিতা কৰিবলৈ সুযোগ উলিয়াই দিছে।

বাতৰিকাকতত ডুবি
থাকোতেই মাৰ্ক
আহি ওলালহি। লগত ভনীয়েক ডেনিকা। তাইৰ কোলাত লৈ
আহিছে সৰু
, মৰমলগা কুকুৰ পোৱালি এটা। তাই ষ্টেপানৰ ওচৰ পাই
উৎফুল্লিত কণ্ঠেৰে ক
লে— “এয়া চোৱাঁ মই কি আনিছোঁ।”

ষ্টেপানে
বাতৰিকাকতৰপৰা মূৰ তুলি ডেনিকাৰফালে চালে। তাই কোলাত লৈ অহা অকমাণি কুকুৰ
পোৱালিটোৰ চকুৱে চকুৱে পৰিল তেওঁৰ চকু। বেছ মৰমলগা পোৱালি। সৰু প্ৰজাতিৰ কুকুৰ।

: কেতিয়া
আনিলা
?— ষ্টেপানে সুধিলে।

: কালি
সন্ধিয়া আনি দিছে দেউতাই।— ডেনিকাৰ কথাত ফূৰ্তিৰ ৰেশ ফুটি উঠিছে।

: বৰ
ধুনীয়া দেই!

: মৰমলগাও।
ৰাতি মোৰ বিছনাৰ কাষতে শুই থাকিল।

: নাম
কি ৰাখিছা পিছে
?— ষ্টেপানে সুধিলে।

: নাই
ৰখা।— ডেনিকাই ক
লে।

: কিয়?

: কাৰণ
নামটো আপুনিহে দিব।— মলেঁয়াৰ ওচৰৰপৰা আহি পোৱা মাৰ্ক
ই কলে।

: দিব
লাগিব তেন্তে!— হাঁহিলে ষ্টেপানে।

 

ষ্টেপানে নিজেও
কুকুৰ বৰ ভাল পায়। কিন্তু যেতিয়া ল
ৰাহঁত সৰু হৈ আছিল, তেতিয়া
সিহঁতক প্ৰতিপালন আৰু স্কুলত সময় দিবলগীয়া হোৱা বাবে কুকুৰ ৰাখিবপৰা নাছিল।
মাৰিয়াই এদিন কথা প্ৰসংগত কৈছিল— “মই যদি তোমাতকৈ আগেয়ে মৰোঁ
, তেতিয়া
তুমি কুকুৰ এটা আনি লগৰীয়া কৰি ল
বা।”

মাৰিয়া ধেমালি
কৰিছিল যদিও সঁচাকৈয়ে আগতেই গ
লগৈ। পিছে ষ্টেপানে কুকুৰ আনিবলগীয়া
নহ
ল। তেওঁৰ জীৱনলৈ মলেঁয়া আহিল। মলেঁয়াক লৈ তেওঁ এতিয়া পৃথিৱীৰ
সকলোতকৈ সুখী মানুহজন। কিন্তু তেওঁৰ ভিতৰৰ কুকুৰ ভালপোৱা মানুহজন এতিয়াও একেই
আছে।

ডেনিকাৰ
কোলাৰপৰা কুকুৰ পোৱালিটো তেওঁ দুহাত মেলি ল
লে। গৰাকীৰ কোলা
এৰি ষ্টেপানৰ হাতলৈ অহাৰ পৰত পোৱালিটোৱে সামান্য আমনি পোৱাৰ দৰে লাগিছিল যদিও
ষ্টেপানে তাৰ মূৰত মৰমেৰে হাত বুলাবলৈ লোৱাৰ লগে লগে সি শান্ত-শিষ্ট হৈ পৰিল।

কোৱা হয় কুকুৰ
পৃথিৱীৰ একমাত্র প্রাণী যি নিজতকৈও গৰাকীক বেছি ভাল পায়। ইতিহাসৰ পাত লুটিয়াই
চালেও দেখা যায় আদিম সভ্যতাৰ সূচনালগ্নৰপৰা চতুষ্পদী এই জন্তুটো সকলো সময়তে
মানুহৰ ওচৰতেই আছে। চিকাৰ
, পশু পহৰা দিয়া, ঘৰ পহৰা
দিয়াৰপৰা আৰম্ভ কৰি যিকোনো বিপদে-আপদে কুকুৰ মানুহৰ বাবে সদায় আছে। সেয়ে কুকুৰ
আৰু মানুহৰ বন্ধুত্বক লৈ গল্প-কাহিনী আৰু চিনেমাৰ কোনো অভাৱ নাই।

: নাম
এটা দিয়কনা সোনকালে!— ডেনিকাই খাটনি ধৰিলে ষ্টেপানক।

: লাইকা
নামটোকে ৰাখোঁ!— মাৰ্ক
ই কলে।

: নালাগে।
লাইকা বিখ্যাত হ
, কিন্তু মহাকাশৰপৰা পৃথিৱীলৈ যে ঘূৰি
নাহিলে
; সেয়ে লাইকা নামটো নালাগে মোক। ই মোৰ ওচৰতেই থাকিব যে।— ডেনিকাই কলে।

লাইকা ঘূৰি
নাহিল। কিন্তু বাট এটা কাটি থৈ গ
ল পৃথিৱীবাসীৰ বাবে। মানুহৰ মহাকাশ
গৱেষণা আৰু পৰিভ্ৰমণৰ বাবে লাইকাৰ জীৱন উৎসৰ্গা কৰা হ
ল। মানুহৰ বাবে
আৰু এটি অবুজ প্ৰাণী বলি হ
ল!

: ইয়াৰ
নাম দিলোঁ হাচিকো।— ষ্টেপানে কুকুৰ পোৱালিটোৰ মূৰত মৰমেৰে হাত বুলাই থাকি ক
লে।

: হাচিকো!—
ডেনিকাই উচ্চাৰণ কৰিলে।

: এইটো
জাপানী শব্দ। জাপানৰ এটা বিখ্যাত কুকুৰৰ নাম আছিল হাচিকো। ইয়ো বিখ্যাত হ

এদিন। সেয়ে মই নাম দিছোঁ হাচিকো।

: নামটো
কিন্তু মোৰ পচন্দ হৈছে। তোমাৰো হৈছেনে বাৰু হাচিকো!— ডেনিকাই ষ্টেপানৰ কোলাত থকা
হাচিকোক চুমা এটা দিলে।

: মোৰো
ভাল লাগিছে নামটো। কিন্তু জাপানৰ হাচিকো কিয় বিখ্যাত আছিল
, জানিবলৈ মন
থাকিল।— মাৰ্ক
ই কলে।

: ময়ো
শুনিম।— ডেনিকায়ো কৌতূহল দেখুৱালে।

: ঠিক
আছে
, কওঁ তেনে।— সদ্য নামকৰণেৰে সন্মানিত হাচিকোৰ গাত হাত বুলাই বুলাই
ষ্টেপানে ক
বলৈ আৰম্ভ কৰিলে জাপানৰ হাচিকোৰ কথা।

যাক কেন্দ্র কৰি
এই গল্পৰ সূচনা
, সেই ইজাবুৰো উনো জাপানৰ শিবুয়া এলেকাত থাকে।
সেয়া আছিল ১৯২০ চনৰ কথা। ইজাবুৰো আছিল টকিঅ
বিশ্ববিদ্যালয়ৰ
কৃষি বিভাগৰ এজন নামকৰা অধ্যাপক। তেওঁৰ আদৰৰ কুকুৰটো তেওঁৰ নিত্যসঙ্গী। আকিতাইনু
প্রজাতিৰ এই পচমী নোমৰ কুকুৰটোৰ নাম আছিল হাচিকো। মৰমতে তাক হাচি বুলিও মাতিছিল
ইজাবুৰোৱে।

ইজাবুৰোৰ
প্রতিদিনৰ ৰুটিন মোটামুটি একে ধৰণৰ আছিল। পুৱাবেলা হাচিকোক লগত লৈ শিবুয়া ষ্টেচনলৈ
আহে
, বিশ্ববিদ্যালয়লৈ যাবৰ বাবে ট্রেইনত উঠি হাচিক বিদায় দিয়ে। পাঠদান শেষ
কৰি বিয়লি ৩ বজাত তেওঁ আকৌ উভতি আহে শিবুয়া ষ্টেচনলৈ
,
হাচি তেওঁৰ জন্য অপেক্ষাত থাকে। ইয়াৰ পিছত দুয়োজন লগ হৈ খোজকাঢ়ি তাৰপৰা ঘৰলৈ
উভতে। হাচিৰ সৰু পৃথিৱীখনত এই সময়বোৰেই আছিল সকলোতকৈ মূল্যবান।

হাচিকোৱে জীৱনৰ
বাকী কালছোৱা এনেদৰেই হয়তো কটাই দিব পাৰিলেহেঁতেন
; কিন্তু সেয়া
আৰু হৈ নুঠিল। ১৯২৫ চনত ইজাবুৰোৱে যেতিয়া শ্ৰেণীকোঠাত বক্তৃতা দি আছিল
, সেই
অৱস্থাতেই তেওঁৰ হঠাৎ ষ্ট্ৰোক হয়। পৰৱৰ্তীত চিকিৎসালয়লৈ নিয়াৰ পিছত তাতেই তেওঁ
মৃত্যুবৰণ কৰে। ইফালে বিয়লি ৩ বজাত হাচিকোৱে পূৰ্বৰ উৎসাহেৰেই অপেক্ষা কৰি কৰি
থাকিল গৰাকীৰ বাবে। কিন্তু গৰাকী উভতি নাহিল।

বিশ্বস্ত হাচিকো
পিছদিনাও ঠিক ৩ বজাত শিবুয়া ষ্টেচনলৈ গৈ একে ঠাইতে বহি ৰ
ল গৰাকীৰ বাবে
আকুল অপেক্ষাত। তাৰ মনৰ ভাব হয়তো আছিল— ইজাবুৰো ইয়াতেই ট্রেইনৰপৰা নামি তাক
কোলাত তুলি ল
ব আৰু সি নেজ জোকাৰি জোকাৰি তেওঁক সম্ভাষণ
জনাব। কিন্তু প্রিয় গৰাকী আজিও নাহিল। হাচিয়ে আশা এৰি নিদিলে। পিছদিনাও হাচিক
পুনৰ একে ঠাইতে
, একে সময়তে বহাল তবিয়তে দেখা গল।
এইদৰেই দিনৰ পিছত দিন ধৰি সি ষ্টেচনলৈ আহি বহি থাকিবলৈ ধৰিলে। খুব কমদিনৰ ভিতৰতে
হাচিকোক আশ-পাশৰ সকলোৱেই চিনি পালে।

অধ্যাপক
ইজাবুৰোৰ ছাত্রসকলৰ কাণত গৈ এই ঘটনাটো পৰিলগৈ। এদিন তেওঁৰ এজন ছাত্র ট্রেইনত উঠি
শিবুয়া ষ্টেচনত হাচিকোক চাবলৈ আহিল। তাত কণমানি হাচিকোক দেখি তেওঁ অবাক হৈ পৰিল।
উভতি গৈ তেওঁ এখন দৈনিক কাকতত হাচিকোৰ এই প্রভুভক্ততাক লৈ এটা লেখা প্ৰকাশ কৰিলে।
হাচিকোৰ এই কথা সমগ্ৰ পৃথিৱীতে বিয়পি পৰিল। বিশ্বস্ততা আৰু বন্ধুবাৎসল্যৰ প্রতীক
হিচাবে সকলোৱেই হাচিৰ উদাহৰণ দিবলৈ লাগিল। বিভিন্ন দেশৰ লোক হাচিকোক এবাৰ চাবৰ
বাবে জাপানলৈ আহিবলৈ ধৰিলে।

সম্পূৰ্ণ ১০ বছৰ
ধৰি বতাহ-ধুমুহা
, বৰষুণ, , জাৰ-জহ
একোৱেই হাচিকোক ৰখাব নোৱাৰিলে। প্রতিদিনেই সি ষ্টেচনত হাজিৰ হয়হি। আনকি বার্ধক্য
আৰু আর্থ্রাইটিচকো সি পাত্তা নিদিলে। তাৰ মনত কেৱল এটাই আশা—
  কোনোবা
এদিন নিশ্চয় তাৰ গৰাকীক দেখিবলৈ পাব
, অন্ততঃ এবাৰৰ বাবে হলেও।
মাজে সময়ে দল বান্ধি এলেকাৰ লোক তাৰ লগত আহে
, কেতিয়াবা সেই
আগৰ দৰে অকলেই আহে সি।

অবশেষত ১৯৩৫ চনৰ
এক শীতল সন্ধ্যাত হাচিকো মৃত্যুৰ কোলাত ঢলি পৰিল প্রাকৃতিকভাৱেই। তাৰ মৃতদেহ চহৰৰ
লোকে ৰাস্তাত আৱিষ্কাৰ কৰিল। সকলোৱেই গভীৰ আলিঙ্গনেৰে তাক বুকুলৈ তুলি ল
লে।
তাৰ শেষকৃত্য সম্পন্ন কৰা হ
ল ইজাবুৰোৰ কবৰৰ কাষতেই। ১০ বছৰ পিছত
প্রিয় গৰাকীৰ সঙ্গ পাই হাচিকোৰ কেনে লাগিছিল
, সেয়া জনাৰ উপায়
আৰু কাৰোৰেই নাছিল।

হাচিকোৱে সমস্ত
বিশ্বৰ মানুহৰ হৃদয়ত ঠাই পাইছিল্ তাৰ মৃত্যুত কান্দিছিল হাজাৰ হাজাৰ মানুহ। তাৰ
স্মৰণত চহৰবাসীয়ে এটা ব্রোঞ্জৰ মূর্তি নিৰ্মাণ কৰিলে ঠিক সেই ঠাইকণত
,
সি গৰাকীৰ বাবে প্রতিদিন অপেক্ষা কৰিছিল। তদুপৰি হাচিকোক লৈ নিৰ্মাণ কৰা হৈছিল এখন
চিনেমাও। নাম দিয়া হ
ল— ‘হাচিকো : এ ডগ’ছ টেল’; যিখনে
অনেক জনপ্রিয়তাও অর্জন কৰে।

হাচিকোৰ সঁচা
কাহিনীটো শুনি নিৰৱ হৈ পৰিল ডেনিকা। তাইৰ চকুলো বাগৰি আহিল। ষ্টেপানৰ কোলাৰপৰা
বুকুৰ মাজলৈ আনি হাচিকোক মৰমেৰে সামৰি লৈ ক
লে— “আমাৰ
হাচিকো মাইনা সদায় থাকিব মোৰ লগত।”

: থাকিব,
থাকিব।
আমাৰ হাচিকো বৰ ধুনীয়া।— ষ্টেপানে ডেনিকাক প্ৰবোধ দিলে।

: হাচিকোক
আৰু মলেঁয়াৰ সতে চিনাকি কৰি দিব লাগিছিল।— মাৰ্ক
ই কলে।

: ঠিকেইটো।
ডেনিকা— ব
লা মলেঁয়াৰ ওচৰলৈ।

মলেঁয়াই
মাছকেইটা খোৱাৰ পিছত ৰ
দ পুৱাই আছিল। তাইৰ ওচৰ পালেগৈ ষ্টেপান,
ডেনিকা
আৰু মাৰ্ক
। মলেঁয়াক দেখাৰ লগে লগে তাৰ সৰু মাতটোৰে ভুকিবলৈ ধৰিলে হাচিকোৱে।
সি আগেয়ে নেদেখা প্ৰাণী এটা দেখিছে। সেয়ে ভয়ো খাইছে কৌতূহলো বাঢ়িছে। সেয়ে
ভুকিছে। হাচিকোৰ ভুক্ ভুকনি শুনি মলেঁয়াই ইফালে সিফালে চালে। ষ্টেপানে ডেনিকাক ক
লে—
“হাচিকোক তললৈ নমাই দিয়াঁচোন।”

ডেনিকাই হাচিকোক
তললৈ নমাই দিয়াৰ লগে লগে সি তাইৰ ভৰিহালৰ মাজত সোমাই লৈ মলেঁয়াৰ ফালে চাই
ভুকিবলৈ ধৰিলে। মলেঁয়াও আচৰিত হ
ল— তাইক কোনোবা আহি ঘৰতে দম দিয়া
দেখি। খঙো উঠিল তাইৰ। সেয়ে ঠোঁটখন কোঁচাই হাচিকোক আক্ৰমণ কৰিবলৈ উদ্যত হ
ল।
তাইৰ প্ৰতিক্ৰিয়া দেখি ষ্টেপানে লগে লগে তাইক ধৰিলে আৰু হাচিকোক পুনৰ কোলাত ল
বলৈ
লে ডেনিকাক।

: আজি
প্ৰথম আহিছে বাবে ই তেনেকুৱা কৰিছে। লাহে লাহে বন্ধু হৈ যাব দুয়ো।— ষ্টেপানে ক
লে।

: তেতিয়া
দুয়ো মিলি খেলিব ন!— ডেনিকাই উৎসাহেৰে ক
লে।

: নিশ্চয়
খেলিব। … এতিয়া ভিতৰলৈ যাওঁ ব
লা। হাচিকোক আমাৰ ঘৰৰ ভিতৰখন দেখুৱাই
আনো।

: লক।

ষ্টেপান আৰু
ডেনিকা ভিতৰলৈ সোমাই গ
ল। মাৰ্কবাহিৰতে ৰল।
ষ্টেপানে এৰি যোৱা বাতৰিকাকতখনত মনোনিবেশ কৰিলে সি। খেলপৃষ্ঠাটোত চকু ফুৰাই
থাকোঁতেই সি হো-হোৱাই চৰাই দুটামান উৰি অহাৰ শব্দ শুনিলে। লগে লগে মলেঁয়াৰ চিঞৰ।
সি মূৰ তুলি চালে। দেখা পালে চোতালৰ ওপৰেদি উৰি গৈছে হোৱাইট ষ্টৰ্ক দুটা। সিহঁতক
দেখিয়েই মলেঁয়াই চিঞৰিছে। তাই হয়তো ভাবিছে— ক্লেপেটাঁ উভতি আহিছে!

উৰি যোৱা
চৰাইহালৰ ফালে কিছুপৰ চাই ৰ
ল মাৰ্কই। সি ভাবিলে—
ক্লেপেটাঁও এনেদৰে উৰি অহা হ
লে! সি ভবাৰ দৰে মলেঁয়াইতো সদায় ভাবি
আছে! কিন্তু অলপতে চৰাইহাল পাৰ হৈ যোৱাৰ পিছত মলেঁয়াৰ আচৰণ বেলেগ হৈছে কিছু। তাই
হঠাৎ চঞ্চল হৈ উঠিছে। ইফালে সিফালে খৰখেদাকৈ অহা-যোৱা কৰিব ধৰিছে। যেন কিবা এটা হ
ব!

ষ্টেপান আৰু
ডেনিকা তেতিয়াও বাহিৰলৈ অহা নাই। মাৰ্ক
ই কিছুপৰ মলেঁয়াৰ আচৰণ নিৰীক্ষণ কৰি
পুনৰ বাতৰিকাকতত চকু ফুৰাবলৈ আৰম্ভ কৰিলে। দুই-তিনি মিনিটমানৰ পিছত পুনৰ কেইবাটাও
চৰাই উৰি অহাৰ শব্দ শুনিবলৈ পালে মাৰ্ক
ই। লগে লগে আৰম্ভ হ
মলেঁয়াৰ চিঞৰ।

উৰি অহা
চৰাইকেইটা চক্ৰাকাৰে ষ্টেপানৰ চোতালৰ ওপৰত উৰিবলৈ ধৰিলে। তলত মলেঁয়াৰ চিঞৰৰ
প্ৰকোপ বাঢ়িল। মাৰ্ক
বহাৰপৰা থিয় দি উৰি থকা চৰাইকেইটালৈ চোৱাত
লাগিল। এটা
,  দুটা…
চাৰিটা চৰাই। তাৰমানে ক্লেপেটাঁহত উভতি আহিছে!মলেঁয়াৰ চিঞৰ শুনি ষ্টেপানো বাহিৰ
ওলাই আহিল। আহিয়েই চোতালৰ ওপৰত চক্ৰাকাৰে ঘূৰি থকা চৰাইকেইটা দেখি তেওঁৰ দুচকু
উজ্জ্বল হৈ উঠিল।

ঘূৰি ঘূৰি
চৰাইকেইটা ষ্টেপানৰ ঘৰৰ মূধচত পৰিল। তলত মলেঁয়াৰ চিঞৰ দুগুণ চৰিল। তাই যেন ভগা
ডেউকাখনেৰেই উৰি যাব! লগে লগে মাৰ্ক
ই চিঞৰিলে— “সৌটো ক্লেপেটাঁ। মই
ভালকৈ চিনি পাইছোঁ।”

ঘৰৰ মূধচত দুই
মিনিটমান থিয় দি থকাৰ পিছত ক্লেপেটাঁ নামি আহিল দৌৰা দৌৰি কৰি থকা মলেঁয়াৰ
ওচৰলৈ। দুয়োটাই ঠোঁটত ঠোঁট লগাই কিবা কথা পাতিলে! আনন্দ প্ৰকাশ কৰিলে। ষ্টেপানে
সেমেকা দুচকুৰে চাই ৰ
ল আঠ মাহৰ বিচ্ছেদৰ পিছত পুনৰ মিলনৰ সেই অপূৰ্ব
মধুৰ দৃশ্য। মূক হৈ পৰিল তেওঁ আনন্দত। মৌন হৈ ৰ
ল মাৰ্ক
আৰু
ডেনিকা।

(আগলৈ)