অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী


সেউজীয়া সেউজপুৰখন হঠাতে বহুৰঙী হৈ উঠিল৷ খুব
কম সময়তে 
ৰং-বিৰঙৰ ডাঙৰ ডাঙৰ কলপাততকৈও বহুত ডাঙৰ বস্তু কিছুমান, তামোল গছৰ ঢকুৱাৰ
দৰে তাতকৈও ডাঙৰ 
ডাঙৰ বস্তু কিছুমানৰ সহায়ত অচিন গ্ৰহৰ অতিথিকেইজনে মানুহ থকা ঘৰৰ
নিচিনা ঘৰ কিছুমান সাজি উলিয়ালে৷ সেই ঘৰবোৰৰ ভিতৰলৈ সেউজপুৰবাসীয়ে কাহানিও
নেদেখা-নুশুনা ধৰণৰ বস্তু কিছুমান আনি সুমুউৱা হ’ল৷

সেউজপুৰৰ প্ৰায়সকল বাসিন্দাই অচিন গ্ৰহৰপৰা অহা অতিথিসকলৰ কাম-কাজবোৰ চাই থাকিল৷ কোনো কোনোৱে ইটো-সিটো সুধিলেও তেওঁলোকক৷ তেওঁলোকেও
বেছ মৰমেৰেই উত্তৰ দিলে৷ সেউজপুৰবাসী আচৰিত হ’ল তেতিয়া
, যেতিয়া তেওঁলোকে অচিন অতিথিসকলৰ মুখত সেউজপুৰৰ
ভাষাটোকে শুনিবলৈ পালে৷

ঘোটোং আৰু পোটোকা নামৰ চোৰাংচোৱা গাহৰি দুজনে
অচিন অতিথিসকলৰ কাম-কাজবোৰ লক্ষ্য কৰি কৰি নিজৰ মাজতে কোৱাকুই কৰি আছিল৷

‘দেখিছানে, ইমান অমায়িক এই অচিন
অতিথিসকল! কিন্তু তেওঁলোককনো অচিন বুলিবা কেনেকৈ
? তেওঁলোকে দেখোন আমাৰ ভাষাতে কথা কৈছে!’– ঘোটোঙে
ক’লে৷

হয়৷ তাৰমানে
তেওঁলোকে বহুত দিনৰ আগৰপৰাই আমাৰ কথা-বতৰা
, আচাৰ-আচৰণ এইবোৰ শিকি থৈছে৷ ই কিন্তু সন্দেহজনক
দেই  বান্ধৈ! মই কৈ দিলোঁ৷’ –পোটোকাই উত্তৰ
দিলে৷

ঘোটোঙে ক’লে, ‘মই কিন্তু তেনেকৈ নাভাবোঁ বান্ধৈ৷ বিশেষকৈ
বাটলু মহাশয়ে তেওঁলোকৰ জগতখনলৈ গৈ
, তাতে থাকি তেওঁলোকক ভালকৈ বুজি-বাজি আমাক কোৱা নাছিল জানো?’

সেইটো অৱশ্যে হয়৷
কিন্তু তেখেতক যদি সেই অচিন গ্ৰহৰ কোনোবাই ভয়-ভাবুকি দি তেনেকৈ ক’বলৈ বাধ্য কৰিছে
?’

তোমাৰ সন্দেহ
নিশ্চিতভাৱে এজন চোৰাংচোৱাৰ সন্দেহ৷ কিন্তু তোমাৰ সন্দেহ যাতে মিছা হয়
, তাকে কামনা
কৰোঁ৷’ – ঘোটোঙে ক’লে৷

ময়ো আশা কৰোঁ
বান্ধৈ
, মোৰ সন্দেহ যেন
অমূলক হয়৷’

দুয়োজনে কথা পাতি পাতি আঁতৰি গ’লগৈ৷

সেউজপুৰীয়াসকলে লক্ষ্য কৰিছে যে অচিন অতিথিসকলৰ
কোনোজনেই এক মুহূৰ্তৰ কাৰণেও এনেয়ে ৰৈ নাথাকে৷ সকলো সময়তে তেওঁলোকে লগত অনা
যন্ত্ৰ-পাতিবোৰৰ সৈতে কিবাকিবি এটা নহয় এটা কাম কৰিয়েই থাকে৷

সেউজপুৰৰ শিশু আৰু চেমনীয়াবোৰ আকৌ উলাহৰ মাদুলি
হৈ উঠিল৷ সিহঁতক অচিন অতিথিসকলে কিবাকিবি দেখুৱাবলৈ মাজে মাজে তেওঁলোকৰ ঘৰবোৰলৈ
মাতি নিবলৈ ধৰিলে৷ গণু
, মিলিকি, মলু, পিলু, জিকি, মিকি, পিতু আদি যিবোৰ শিশু আৰু কিশোৰ সেই ঠাইত থাকে
সিহঁতে অচিন অতিথিসকলৰপৰা ভালেমান নতুন নতুন চমৎকাৰী কথা জানিবলৈ সক্ষম হ’ল৷
সিহঁতে অচিন অতিথিসকলে দিয়া কাহানিও খাই নোপোৱা ধৰণৰ কিছুমান খোৱাবস্তু খাবলৈও পালে৷

মুঠতে অচিন অতিথিসকলৰ উপস্থিতিয়ে সেউজপুৰখনক
আগতকৈ যেন অধিক আনন্দময় কৰি তুলিছে৷

কথাবোৰ ভাবি ভাবি মহাৰাজ কেশৰীয়ে বহাৰপৰা উঠি
এঙামুৰি এটা দি এনেয়ে অকণমান খোজ কাঢ়িবলৈ বুলি আগ বাঢ়িল৷

প্ৰণাম,মহাৰাজ৷ কোনোবা
ফালে ওলাইছে নেকি
? মই আক’ আপোনাৰ দৰ্শন লওঁ বুলিয়ে আহিছিলোঁ৷’–
তিনিআলিটোতে হঠাৎ মুখামুখি হোৱা মহামন্ত্ৰী বৃকোদৰৰ কথা শুনি মহাৰাজ থমকি ৰ’ল আৰু
ক’লে–

কিবা বিশেষ সকাম
আছিল নেকি
, মহামন্ত্ৰী মহোদয়?’

নাই নাই মহাৰাজ৷
তেনে একো বিশেষ কথা নাই৷ ব’লক
, আপোনাৰ লগতে কিছু খোজকে কাঢ়োঁ৷’ – সম্ভ্‌ৰমে
কৈ উঠিল বৃকোদৰে৷

ব’লক তেনেহ’লে৷’

এইবুলি মহাৰাজ এখোজ-দুখোজকৈ আগ বাঢ়িল৷ পিছে
পিছে মহামন্ত্ৰী বৃকোদৰ৷ কওঁ-নকওঁকৈ এইবাৰ বৃকোদৰে ক
বলৈ  আৰম্ভ কৰিলে–

কথা এটা মন
কৰিছেনে মহাৰাজ
? এই অচিন গ্ৰহৰ অতিথিসকলৰ আগমনে আমাৰ ৰাজ্যখনৰ ৰূপেই সলনি কৰি পেলাইছে৷ আমাৰ
অতিকে উৎপতীয়া সৰুমখা যে
, যিমখাক বগলী পণ্ডিত আৰু আমাৰ গণেশেও পাঠশালালৈ
মাতি মাতিও আনিব নোৱাৰে
, মুঠতে চম্ভালিবই নোৱাৰে, সিহঁতেও এই
কেইদিন অচিন অতিথিসকলে লগত অনা যন্ত্ৰ-পাতিবোৰ চাই চাই বহুতো নতুন নতুন কথা শিকিবলৈ
সক্ষম হৈছে৷ সিহঁতেও হেনো আজিকালি জগতৰ বিষয়ে
, গছ-গছনিৰ বিষয়ে, মাটি আৰু পানীৰ বিষয়ে বিভিন্ন নতুন কথা
চিন্তা কৰিবলৈ আৰম্ভ কৰিছে৷ মোৰ ঘোটোং আৰু পোটোকাই জনোৱা খবৰৰ আধাৰতহে আপোনাক অৱগত
কৰিছোঁ৷ মন কৰিছেনে, আমাৰ উঠি অহা চামটোৰ মনত নতুনৰ প্ৰতি থকা আকৰ্ষণ
? এইটো মহাৰাজ, এইটো বাৰু আমাৰ
কাৰণে বৰ ভাল কথা হোৱা নাইনে
?’

শিক্ষা ইয়াকে কয়, মহামন্ত্ৰী মহোদয়৷ শিক্ষা হৈছে জগতখনৰ বিষয়ে নতুন ধৰণেৰে নতুনকৈ চিন্তা কৰিবলৈ
শিকোৱাটো৷ আমাৰ বগলী পণ্ডিতে শিকোৱা আওপুৰণি কথাবোৰৰ প্ৰতি বাৰু আজিৰ দিনৰ শিশুহঁত কিয়
আকৰ্ষিত হ’ব
? আমাৰ শিশুবোৰ নতুন জ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতিহে আগ্ৰহী৷ ইহঁতে যে কিবা নতুন
বিষয় শিকিছে
, বিশেষকৈ নিজাকৈ চিন্তা কৰিবলৈ শিকিছে, এইটো কথাই সঁচাকৈয়ে মোক আনন্দ দিছে৷ বাৰু এতিয়া
ব’লকচোন
,অতিথিসকলে গছপুলি
ৰোৱা ঠাইখনলৈ যাওঁ৷’

মহাৰাজ কেশৰী বেছ খৰধৰকৈ আগ বাঢ়িল৷ বৃকোদৰেও
খোজৰ গতি বঢ়াই দিলে৷

সেউজপুৰ ৰাজ্যৰ এটা বৃহৎ অংশ গ্ৰীনাৰপৰা অহা
অতিথিসকলে পৰীক্ষামূলকভাৱে গছপুলি ৰোপণৰ বাবে বাছি লৈছে৷ মহাৰাজ কেশৰীয়েও আনন্দ
মনেৰে তেওঁলোকক সেই ঠাইত গছপুলি ৰুবলৈ অনুমতি প্ৰদান কৰিছে৷

অতিথিসকলে অঞ্চলটো তিনি ভাগত ভাগ কৰি লৈছে৷
প্ৰথম ভাগত তেওঁলোকে গ্ৰীনাৰপৰা অনা মাটিত পুলি ৰুইছে৷ দ্বিতীয় ভাগত সেউজপুৰ আৰু
গ্ৰীনা– দুয়ো ঠাইৰে মাটি সমান অনুপাতত মিহলাই লৈছে আৰু তৃতীয়টো ভাগত অকল সেউজপুৰৰ বিশুদ্ধ মাটিত
গ্ৰীনাত অৱশিষ্ট হিচাপে ৰৈ যোৱা গছৰ সঁচ ৰুইছে৷ জৈৱিক আৰু ৰাসায়নিক কিবাকিবি বস্তুও
হেনো মাটিত মিহলোৱা হৈছে
, যিবোৰ কথা কোনো সেউজপুৰীয়াই একো বুজিকে পোৱা নাই৷

এটা বিষয় অৱশ্য়ে আটায়ে বুজি পাইছে, অচিন জগতখনৰৰা
অনা মাটিবোৰ প্ৰায় ক’লা আৰু বৰ শুকান৷ তেনেকুৱা মাটিত ৰোৱা গছপুলিবোৰ যেন অলপ
নিশকতীয়া হৈছে!

কৃত্ৰিমভাৱে ৰ’দৰ তাপ আৰু পোহৰ নিয়ন্ত্ৰণ কৰাৰ আৰু সময়ে সময়ে
পুলিবোৰত নিৰ্দিষ্ট পৰিমাণে পানী দিয়াৰ ব্যৱস্থাও কৰিছে অতিথিসকলে৷

অতিথিসকলৰ দুজনমানে অনবৰতে পুলিবোৰত কিবাকিবি যন্ত্ৰ-পাতি
লগাই লগাই কিবাকিবি পৰীক্ষা কৰিয়েই আছে৷ সদায়ে৷

আকৌ দুজনমানে পিঠিত ডাঙৰ ডাঙৰ কিবা পিন্ধি লৈ
পুলিবোৰত পানীৰ সৈতে কিবা ঔষধ মিহলাই সেইবোৰ ছটিয়াই আছে৷ তিনিওটা অংশত বেলেগ বেলেগ
হিচাপত হেনো৷

গছৰ পুলিতো ঔষধ দিব
লাগে! ই কেনে কথা
?’ – মহাৰাজ কেশৰীয়ে সুধিলে৷

ময়ো বুজি পোৱা
নাই
, মহাৰাজ৷ অৱশ্যে
অনুমান কৰিব পাৰিছোঁ৷ কাৰণ অতিথিসকলে জনোৱা মতে তেখেতলোকৰ জগতখনো এসময়ত আমাৰ নিচিনা সেউজীয়াই আছিল৷ কিবা
অজ্ঞাত কাৰণত সকলো গছ-বন হেনো জ্বলি গ’ল
, আনকি মাটিও৷ এতিয়া আকৌ সেউজীয়া হোৱাৰ আকাংক্ষাৰে
তেখেতলোকে অশেষ যত্ন কৰি চাইছে নিজৰ জগতখন আকৌ আগৰ নিচিনা কৰিব পাৰি নেকি
? ভাবি চাওকচোন
মহাৰাজ
, আমাৰ সেউজপুৰত
অকণো সেউজীয়া নাই…!’

নাই!’

গৰজি উঠিল মহাৰাজ কেশৰী– ‘সেউজীয়া হ’বই লাগিব। আমাৰ অতিথিসকলৰ জগতখনো সেউজীয়া হব লাগিব৷ তাৰ কাৰণে সেউজপুৰে যদি অকণমানো অৰিহণা যোগাব পাৰে, যোগাব৷’

বৃকোদৰে মহাৰাজৰ চকুৰ কোণত দুটোপাল চকুপানী
দেখা পালে৷

ইতিমধ্যে কাম কৰি থকাৰ মাজতে অচিন জগতৰ
অতিথিসকলে মন কৰিলে যে তেওঁলোকৰ ঠাইত সেউজপুৰৰ মহাৰাজ আহি উপস্থিত হৈছেহি৷

নিজৰ কামত আউল নলগোৱাকৈ তেওঁলোকে আটায়ে ভাগে
ভাগে আহি মহাৰাজক অভিবাদন জনাই গ’ল –

প্ৰণাম মহাৰাজ৷
আশা কৰোঁ
, আমি সৃষ্টি কৰা
অসুবিধাৰ বাবে আপুনি আমাক সেউজপুৰৰ সকলো ৰাইজৰে হৈ 
ক্ষমা কৰিব৷’

প্ৰণাম মহাৰাজ৷
আশা কৰোঁ
, আমি সৃষ্টি কৰা
অসুবিধাৰ বাবে আপুনি আমাক সেউজপুৰৰ সকলো বাসিন্দাৰ হৈ 
ক্ষমা কৰিব৷’

প্ৰণাম মহাৰাজ৷ আমি আন্তৰিকতাৰে আশা কৰোঁ, আমি সৃষ্টি কৰা
অসুবিধাৰ বাবে আপুনি আমাক সেউজপুৰ ৰাইজৰ হৈ 
ক্ষমা কৰি দিব৷’

একেবাৰে শেষত অহা অতিথি দুজনক মহাৰাজ কেশৰীয়ে
ক’লে–

অনগ্ৰহ কৰি
আপোনালোকৰ নেতাজনে মোৰ সৈতে এষাৰ কথা পাতিবহিনে
? মোৰ কোনো লৰালৰি নাই৷ তেখেতৰ সুবিধা মতে আহিলেই
হ’ব৷’

আপুনি তেনেকৈ কিয় কৈছে মহাৰাজ? আপুনি আমাৰ সৰ্বেসৰ্বা৷ আপুনি আনৰ ওচৰত কিয় সৰু
হ’ব
?’– বৃকোদৰে সুধিলে৷
মহাৰাজে উত্তৰ দিলে–

মহামন্ত্ৰী
মহোদয়৷ জগতখন অনেক আগ বাঢ়িছে
, জানেনে? আজিৰ পৃথিৱীত আমি কোনোবা এজনে প্ৰজাসকলৰ ওপৰত
ৰজা বোলাই থাকিলে এতিয়া নচলে আৰু৷’

কিন্তু মহাৰাজ, আমিহে আপোনাক
আমাৰ ৰজা বুলি ভাবোঁ। আপুনিতো কাহানিও নিজকে আমাৰ ৰজা বুলি দাবী কৰা নাই৷’

ৰজা আৰু মন্ত্ৰীয়ে কথা পাতি থাকোঁতেই অচিন জগতৰ
অতিথিসকলৰ এজন সশব্যস্ত হৈ মহাৰাজ কেশৰীৰ সম্মুখলৈ আহি হাত যোৰ কৰি ক’লেহি–

প্ৰণাম, মহাৰাজ৷
আপোনালোকৰ ইয়াৰ বায়ু
, পানী, মাটি, তাপ আদি সকলোখিনি জীৱৰ কাৰণে, মানে প্ৰাণী আৰু
উদ্ভিদৰ কাৰণে অতিকে স্বাস্থ্যকৰ৷ ইমান সুন্দৰ এখন জগতত বাস কৰিবলৈ পোৱা আপোনালোক
আটায়ে সঁচাকৈ অতি সৌভাগ্যৱান৷ আমাৰ জগতখন
, গ্ৰীনাৰ দৰে আপোনালোকৰ জগতলৈ কাহানিও একো
অথন্তৰ নাহক৷ ধুনীয়া সেউজপুৰখন সদায়ে ধুনীয়া হৈ থাকক৷’

(আগলৈ)