ৰত্না ভৰালী তালুকদাৰ
(তৰুণ গল্পকাৰ জুৰি
বৰুৱাৰ হাতত)
লানি নিছিগা সপোন
আৰু সাধুকথাৰ আলি-মুলিতে কাজেক ৰংফাৰপিৰ বাস৷ সেয়েহে যেতিয়া সপোনতে ধুনীয়াকৈ পিনি-পে’কক পিন্ধি লংবুই পৰ্বতৰ
ওপৰেদি তেওঁৰ দেহলাওটো সৰগলৈ লৈ যাবলৈ বুঢ়ীমাই
আহিল, তেতিয়া দুৱাৰ-বাগৰি লংৰি নামৰ কাৰ্বি গোষ্ঠীয়ে বাস কৰা নিগাজী ঠাইখনৰ ইংলেপথাৰ চিংথং টকবি গাঁৱৰ কাজেক আইতাই ক’লে-
: কাজেক ৰংফাৰপিৰ
কাহিনীও বাৰুকৈ ধেমালি নহয়, আই! আপুনি মোৰ কাহিনী শুনিহে দেহলাওটো নিব, দেই!
বহুদিনৰ আগতেও সপোনতে
ধুনীয়াকৈ পিনি-পে’কক পিন্ধি লংবুই পৰ্বতৰ ওপৰেদি সৰগলৈ লৈ যাবলৈ বুঢ়ীআই আহিছিল৷ সেই সময়ত কাজেক ৰংফাৰপি দুজনীকৈ
এমা-ডিমা ছোৱালীৰ মাক৷ উত্তৰপাৰৰ চেঁচা নৈৰ
পাৰৰ আলুপোৰা চেণ্টাৰৰ নিলগৰ ৰিজাৰ্ভৰপৰা কাজেকৰ মতাজনে পৰিয়ালটোৰে উঠি আহি দক্ষিণপাৰৰ
বাগৰিৰ সিফালে মাহীয়েকৰ আশ্ৰয়তে দিহিংচ’ পৰ্বতৰ মূৰটোতে থিতাপি লৈছে মাত্ৰ৷ হাবিৰ খৰি
লুৰি বজাৰত বেচিহে দুই-এটকা পায়৷
সিফালে ভৈয়ামৰ ৰিজাৰ্ভৰপৰা
আহি পৰ্বতৰ নতুন মাটি দেখি কাজেকৰ মন উতলা৷ আৰাখেতিৰ সময়৷ নিয়ম কৰি হাবি ভাঙি গোষ্ঠীয়ে
পৰ্বতত জুই দিলে৷ মেঘৰপৰা এজাক-দুজাক বৰষুণ সৰিল৷ মাটি সাৰুৱা হ’ল৷ তাতেই সিঁচি দিলে
চুবককাথি ধানৰ কঠিয়া৷ সুগন্ধি চুবকজহাৰ কঠিয়াও সিঁচিলে৷ তামেৰ, জাংমেলেন, ক্ৰেমালু
নামৰ তিনিবিধকৈ কণীধানৰ কঠিয়া ছটিয়াই দিলে৷ আৰু পুতিলে হানছেৰং আৰু নেমপ’ৰ গুটি- ভৈয়ামত বেচিবলৈ নিওতে টেঙামৰা আৰু¸তিল বুলি ক’বগৈ৷ ৰঙালাও, ভেন্দি, লেচেৰা পাচলিৰ গুটি দিলে৷
এনেকৈ থেকেকৰ কঠিয়াও পুতিলে৷ তাহানিৰেপৰাই আৰাখেতিত কাৰ্বিগোষ্ঠীয়ে থেকেকৰ গুটি পোতে৷
ভৈয়ামৰ মানুহে তাকেই ৰহৰ দাইল বুলি কয়, ঝুমখেতিৰ
পাচলি বুলি মৰমতে কিনি লৈ যায়৷
একেডৰা মাটিতে এনেদৰে
ভিন ভিন পৰ্বতীয়া ধান আৰু শাক-পাচলিৰ খেতি কৰা দেখি কাজেকৰ চকু কপালত উঠিল৷ হাবিৰ কৌপাতেৰে মেৰিয়াই
কাকবাঁহৰ পাবত ভাতচুঙা সিজোৱাৰ দৰে তেওঁলোকে
কণীধানৰ গুটিবোৰ সিজাই খাব৷ লগত চেনি-গাখীৰ অকণ দিলেতো কথাই নাই! পৰ্বতৰ কাৰ্বিগোষ্ঠী খোৱাৰ বেলিকা আকৌ আৰাখেতিৰ
নেমপ’ বুলিলে উলাহতে মতলীয়া৷ কাকবাঁহৰ পাবত
কৌপাতেৰে মেৰিয়াই মাছ-গাহৰি-কুকুৰাৰ জুইত দিয়া চুঙা-আঞ্জাকণ উলিয়াই কেৰাহীত এমুঠি তিল ফুটাই গুৰা কৰি ছটিয়াই জাল অকণ
দিব৷ ভজা তিলৰ তেল আঞ্জাত বিৰিঙি উঠিব৷ ফুৰফুৰীয়া
গোন্ধ এটাৰে পৰ্বতৰ বতাহ মলমলাই নাযাব জানো! বছৰটো জুৰি হানছেৰঙৰ টেঙা পাত আৰু খৰালি
ৰঙা ৰঙা গুটিবোৰ নহ’লে চলিব নেকি! নহলেনো আঞ্জাৰ শুকান মাছৰ তিতা, জলকীয়াৰ জাল কেনেকৈ
কটা যাব৷
চকুৰ সন্মুখতে লহপহকৈ
বাঢ়ি আৰাখেতি সেউজীয়া হ’ল৷ পথাৰত চৰিবলৈ অহা কপৌ চৰাইবোৰ সেউজীয়াৰ তলত ঢাক খাই গ’ল৷ ওখ গছৰ ডালত বহিলহি পৰ্ঘুমা৷
বতাহতে শইচে হালে-জালে৷ বৰষুণ পৰিলেই গজি আহে বন৷ ঘনাই নিৰাব লাগে৷ এয়াই আৰাখেতিৰ নিয়ম৷
শইচ চপোৱাৰো আজেং বুলি সমূহীয়া নিয়ম এটা আছে৷ নিয়মমতে এজনে আনজনৰ পথাৰত গা খাটি শইচ চপোৱাত সহায় কৰি দিব৷ আৰাখেতিৰ সকলো শইচ ঘৰলৈ আনিবলৈ
নাপায়৷ বনৰ জীৱলৈ ভাগ এটা থৈহে আহিব লাগে৷
ভৈয়ামৰ মাইকী কাজেক
ৰংফাৰপিয়ে খেতিৰ তেনেহেন ৰূপ দেখি আৰাখেতিৰপৰা ওলাই অহাৰ নামেই নোলোৱা হ’ল৷ সিফালে
মতাজনৰ সকিয়নী- হাত মেলিলেই সৌখন কাজিৰঙা৷ চোপ লৈ থকা টেকী, বংক্ৰুই, হাতীৰ জাকলৈয়ো
ভয়! আৰাখেতিৰপৰা ওলাই নাহিলিনে!
কিন্তু মতাৰ হাক-
বচনলৈ তাইৰ গিয়ান নাই৷
এদিনাখন কিন্তু হাবিৰ
জন্তু নহয়, লাগিল নহয় আপদীয়া পৰ্বতীয়া কঁপনি জ্বৰটো কাজেকৰ গাত৷ জ্বৰৰ প্ৰতাপত কঁপি
কঁপি দেহলাও ওলাই যায়হে যায়! থাকি থাকি পাঁচ বছৰমান ভুগিলে৷ মাকে ভৈয়ামলৈ নমাই আনি দৰৱ-জাতি
কৰিলে, ক’লী গাইৰ মূতো খুৱালে৷ কিন্তু জ্বৰ ভাল হোৱাৰ নাম নলয়৷ একেবাৰে দেও-ভূত লম্ভাৰ
দৰে কথা৷
দুৱাৰ- বাগৰি লংৰি৷
পাহাৰ-ভৈয়ামৰ মানুহবোৰ লগ লগা৷ কাৰ্বি গোষ্ঠীৰো নানান ধৰণৰ ফৈদ৷ কোনোবা যদি কাৰ্বিৰ
তাহানিৰ পৰম্পৰাৰ প্ৰকৃতি উপাসক, কোনোবাটি আকৌ খ্ৰীষ্টান, কোনোবাটিয়ে হিন্দুধৰ্মকে
ল’লে৷ মিলা-মিলিতে চলি থাকে৷ বিপদে-আপদে ইফালৰ ধৰমৰ নিয়ম সিফালে সোমাই যায়৷ পৰ্বতীয়া
কঁপনি জ্বৰটো মানুহৰ গাত থাকেই! সিফালে চিকিৎসা বুলিবলৈ ডাক্তৰৰ দেখা-দেখি নাই৷ চৰকাৰী
বাট-পথ নাই৷ ভৈয়ামৰ ডাক্তৰে কিবা খোজকাঢ়ি পৰ্বতলৈ উঠিব নেকি! কিটোনো গৰজ! সেয়েহে বাগৰিৰ
ফালে হিন্দুৱে হওক, খ্ৰীষ্টানেই হওক, কাৰ্বিৰ নিজা ধৰম মনাসকলেই হওক বা অনা-কাৰ্বিসকলেই হওক – সকলোৱে এটা
কথা জানে, এনেকুৱা কঁপনি জ্বৰ দীঘলীয়াকৈ থাকিলে
ধুনীয়াকৈ পিনি-পে’কক পিন্ধি নিলগৰ সৌ বুঢ়ীমাই থানখনৰপৰা বুঢ়ী এগৰাকী সপোনতে সৰগৰপৰা নামি আহিব৷ কেতিয়াবা সপোনতে দেহলাওটো উলিয়াই নিব৷ বেমাৰীয়ে সপোনতে জয়দেউ-কাকুতি কৰিলে কেতিয়াবা ভাল হ’বলৈ আকউ বিধানো
দিব৷ বোলে, তহঁতে অমুকটো কুঁৱাৰপৰা তোলা পানী খাব৷ তমুকটো নিজৰাৰ পৰা তোলা পানী খাব৷
ভাল হ’ব৷ ভাল হ’ব৷
এনেকৈয়ে এদিনাখন
থানৰ বুঢ়ীমাইগৰাকী কাজেক ৰংফাৰপিৰ সপোনলৈও নামি আহিল৷ তেওঁ দেখোন কাজেকৰ দেহলাওটো
নিবলৈকে আহিল! কিন্তু সপোনতে কাজেকে এমা-ডিমা ছোৱালী দুটিৰ বধ-শপত দি দেহলাওটো লৈ নাযাবলৈ
জয়দেউ-কাকূতি কৰিবলৈ ধৰিলে৷ কথাটো টং কৰি বুঢ়ীমাইৰো
মন কুমলিল৷ তেওঁ বিধান দিলে,
: আই, তহঁতে যে কোৰ
মাৰি পানী খেতি কৰ সেই ৱ’তেৰাং লাংছ’ নামৰ নিজৰাটো- নিজৰাৰ তলিতে দুই ঠাইত মাটি খান্দিব৷
তাৰপৰাই কাকবাঁহৰ চুঙাত ঠিলা মাৰি পানী দুচুঙা উঠাই আনিব৷ দিনটোৰ
ভিতৰতে দুচুঙা পানী খাব৷ কঁপনি জ্বৰটো তেতিয়া গাৰ পৰা নাইকিয়া হ’ব৷ জ্বৰ নাইকিয়া হ’লেই
আকউ দীঘলীয়াকৈ জীৱন এটা পাব, দেই৷ নাতি-পুতিৰ মুখো দেখিবলৈ আছে৷ তাৰ পাছতহে মই আকৌ এবাৰ
নিবলৈ আহিম৷ সেইদিনা কিন্তু যাবগৈ লাগিব৷ সেইদিনা মোক এনেকৈ জয়দেউ-কাকূতি নকৰিব৷ কৰিলেও
শুনিবলৈ নাই৷ – এইবুলি বুঢ়ীমাই সপোনতে নাইকিয়া হ’ল৷
এনেকৈ কাকবাঁহৰ চুঙাত
ৱ’তৰোং লাংছ’ৰ পানী খোৱাৰ কত যুগ পাৰ হৈ গ’ল! কাজেক ৰংফাৰপিৰ এমা-ডিমা ছোৱালী দুটি পঢ়ি-শুনি খুটি খাব
পৰা হ’ল৷ নাতি-পুতিও পালে৷ কিবা বোলে, সসাগৰা
সংসাৰ ভোগ কৰিলে৷ তাৰো অত বছৰৰ পাছত ধুনীয়াকৈ পিনি-পে’কক পিন্ধি আজি বুঢ়ীমাই সপোনতে সৰগৰপৰা নামি আহিছে৷
দোভাগ নিশা৷ সৌজোপা
আইতাৰ মৰমৰ গন্ধসৰৈ৷ নিয়াৰিকৈ ৰখা আইতাৰ বাৰী৷ কৰৈ, উৰিয়াম, পমা, বনচোম, বন-থেৰেজু,
ডিমৰুকে ধৰি তৰহে তৰহে সুকাঠী-আওকাঠী বিৰিখেৰে উপচি থকা৷ নিশাচৰী চৰাইবোৰ তালৈকে উৰি
আহে৷ ডালত পৰি জুৰি বহে৷ আজি তাৰেই কোনোবা এটি বিৰিখৰ ডালত পৰি নিয়তি ফেঁচাজনীয়ে বিনাইছে- “নিউ নিউ৷” সিফালে আকাশত জোনবায়ো মৰা৷
কাজেক আইতাই বুজিলে,
আজি আৰু ৰইখা নাই৷ বুঢ়ীমায়ে দেহলাও নিবই৷ আইতাই সসাগৰা সংসাৰৰপৰা বিদায় ল’বলৈ সাজু
হ’ল৷ অৱশ্যে যোৱাৰ আগেয়ে তেওঁ নিজৰ কাহিনীটোকে শুনিবলৈ সপোনতে বুঢ়ীমাইক খাটনি ধৰিলে৷
: ক ক৷ নিশাৰ
ভিতৰতে ক’বি দেই৷ পুহৰি নিশা তোৰ দেহলাওটো লৈ আমি যাবগৈ লাগিব৷ ভেলটোহে বিছনাত থাকিব৷”
– বুঢ়ীমায়ে ক’লে৷
: হ’ব বাৰু৷ কওঁ, শুনক৷
কাজেক ইংতিপিয়ে
সাধুকথাটো কবলৈ ধৰিলে৷
* * * * *
ইংলেপথাৰ চিংথং টকবি
গাঁৱৰ প্ৰৌঢ়া কাজেক ৰংফাৰপিয়ে ভাবে, গাঁওখনত তেওঁৰ দেহলাওটো লংবুই পৰ্বতৰপৰা নামি অহা জিৰ্ জিৰ্ বতাহজাকৰ
দৰেহে বাঢ়িল৷ তাহানিতে গাওঁবুঢ়া হেমাই টক্বিয়ে সীমা বান্ধি দিয়া সৌটো লাং-ইক্পি
নিজৰা৷ পুঠিমাছৰ লেখীয়া কণমানি নোনেমাছৰ জাক আৰু কাকবাঁহৰ চুঙাত সুমুৱাই, জুইত পুৰি
উলিয়াই আনি তাতেই কেৰাহীত ফুটাই গুৰা কৰা তিল
এটেপা ছটিয়াই দিলেই ৰঙা হৈ উঠা মিঠা সোৱাদৰ এধানি এধানি মিছামাছেৰে ভৰি থকা নিজৰাটোৰ দৰে তেওঁৰ দেহলাওটো বাঢ়ি নাহিল৷ বাৰিষা
নাচনী লাংছ’ৰ দৰে হৈ উঠা লাং-ইক্ পি কাতিমাহতে
হাড়ে-ছালে লগা বেমাৰীৰ দৰে শুকাই টেটেৰা পৰে৷ চাক্চন পোকে যেতিয়া গছৰ ডালত ৰিঁ ৰিঁ কৈ কান্দে, বিহুৱতী পখীৰ সুহুৰি আৰু
বাৰী-নাচনী পখীৰ কিচিৰ-মিচিৰ শুনি মন উতলা
হয় -তাৰেই ঠেও ধৰি বৈ থকা নিজৰাৰ পানীৰ জিৰিক্ জিৰিক্ সুৰ এটিও মিহিকৈ বাজি থাকে৷
নহয় নহয়৷ তাতেও নহয়৷
আকউ, পৰ্বতৰ গাতেই লাগি থকা নামনিৰ পথাৰখনৰ কাতিমহীয়া গাখীৰতী ধানৰ থোকত ওলমি ৰ’দৰ পোহৰত মণিৰ দৰে জিলিকি
থকা নিয়ৰৰ কণাবোৰৰ সতেও কাজেক আইৰ দেহলাওটো
বাঢ়ি অহা নাই৷ পথাৰখনৰপৰা পেটৰ নাড়ীলৈকে সোমাই অহা গোন্ধটোৰ স’তেও বাঢ়ি অহা নাই৷ তেওঁৰ দেহলাওটো লংবুই
পৰ্বতেৰে বৈ থকা বতাহৰ স’তেই বাঢ়ি আহিল৷
কাৰ্বি পৰম্পৰা মানি
হেমাই টক্বি গাঁওবুঢ়াই এদিন নতুন গিয়াতি হিচাপে মাটি-বাৰী দি সৌ বাগৰি অঞ্চলৰ ৰাজআলিৰ সিপাৰে থকা পাঁচ কিলোমিটাৰ দূৰৈৰ
দিহিংচ’ নৈৰ মূৰৰ পৰ্বতীয়া গাঁওখনৰপৰা তেওঁৰ মতাজনক ঘৰৰ বস্তু-বেহানিৰে খোজকাঢ়ি আদৰি
আনিলেগৈ৷ গঞাৰ সতে ভোজ-ভাত খাই গিয়াতি বুলি আঁকোৱালি ল’লে৷ বোলে, এইফালে কাৰ্বি আংলঙৰ
সীমাৰ ভিতৰতে বহক৷ আপুনি আখৰ চিনা আণ্ডাৰ-মেট্ৰিক মানুহ৷ কথা-বতৰাও সাধু৷ সজাই-পৰাই
ক’বও জানে৷ মানুহজনো সভা শুৱনি৷ আমাৰে সুবিধা হ’ব৷ কাৰ্বি আংলং প্ৰশাসনৰ চাকৰি এটাও
পাই যাবহে পাৰে!
সেইদিনাই গাঁওবুঢ়াই
লংবুই পৰ্বতৰ এচোৱাৰ লগতে লাগি থকা ভৈয়ামৰ বস্তি মাটি দি লাং-ইক্পি নিজৰাটোকে সীমা
বুলি ধৰি দিলে৷ এয়াই কাৰ্বিগোষ্ঠীয়ে গাঁৱৰ বাহিৰত থকা গিয়াতিক নিজৰ বুলি আঁকোৱালি লোৱাৰ
পৰম্পৰা৷ কাকবাঁহৰ কামিৰে পূৰণ চিন দি মাটিৰ দাগ দেখুৱাই গাঁওবুঢ়াই মাটি ভগাই দিব৷
গাওঁবুঢ়াৰ কথাই নিয়ম৷ নিয়মটো পৰ্বতৰ শিলবোৰৰ দৰে, নিকপ্কপীয়া৷ কোনেও কামি উভালিবলৈ
নাযায়৷ ভৈয়ামৰ দৰে পৰ্বতত মাটিৰ দাগ-পট্টা নাই৷ সাতে-পাঁচে গাঁওবুঢ়াই কাকবাঁহৰ কামিৰে
পূৰণ চিন দিওঁতে মুঠতে বাইছ বিঘা মাটি পৰিয়ালে পালে৷ এনেকৈয়ে কাজেক আইৰ মতাজন ইংলেপথাৰ
চিংথং টকবি গাৱঁৰ ভিতৰুৱাল হ’ল৷ যিদিনা ভোজ-ভাত খাই গাৱঁৰ পৰিয়ালৰ এজন হ’ল- সেইদিনাই
নিশা গাঁওবুঢ়া হেমাই টক্বিয়ে দুয়োকে সৰগৰপৰা এখন হাতেৰে কাৰ্বি মানুহলৈ সৌভাগ্যৰ
প্ৰতীক কিন্দু আৰু আনখন হাতেৰে আৰাখেতি কৰিবলৈ ধানৰ শইচ কঢ়িয়াই অনা কাজিৰ ৰংহাংপিৰ
সাধুটোও বিৱৰি ক’লে৷
: কিবা বোলে, আমাৰ
এইছোৱাৰে দুৱাৰ-বাগৰি লংৰি এলেকাৰ প্ৰতাপী মুখিয়াল হক ৰংহাঙৰ জীয়ৰি কাজিৰ ৰংহাংপি আচৰিত
গুণৰ আধিকাৰী আছিল, বুজিছেনে! লংৰি মানে মনত ৰাখিব আকউ৷ লংৰি হৈছে কাৰ্বি মানুহৰ সৰু
সৰু ফৈদবোৰে লগ হৈ বাস কৰা পৰম্পৰাৰ এটা ডাঙৰ এলেকা৷ এই হিচাপে বাগৰিৰপৰা পূবৰ দেইথৰলৈকে
হৈছে আমাৰ সাতামপুৰুষৰ দুৱাৰ- বাগৰি লংৰি৷ তাৰেই মুখিয়াল আছিল হক ৰংহাং৷ আমাৰ কাজিৰ
আইদেউৰ আচৰিত গুণবোৰ দেখি সৰগৰ দেৱতাসকলে তেওঁক আকাশলৈ লৈ গ’ল৷ তাৰ পাছত এদিন নিজৰ মাক-দেউতাক,
ককাই-ভাই বিচাৰি কাজিৰ ৰংহাংপি সৰগৰপৰা নামিল৷ তেতিয়া দেৱতাসকলে তেওঁক কাৰ্বি মানুহে
দুখত নপৰিবলৈ বুলি মাটি চহাবলৈ এখন হাতত কিন্দু পোৱালি এটা আৰু আনখন হাতত পৰ্বতৰ ওপৰত
আৰাখেতি কৰিবলৈ ধানৰ শইচ দি পঠালে, দেই! তঁহতে সৌ কাজিৰঙা চৰকাৰী হস্পিতালখন দেখিছেনে?
তাৰ পিছফালেই দলনিখন দেখিব৷ তাতেই কাজিৰ ৰংহাংপিয়ে গা-ধুবলৈ গৈ পানী-ধেমালি কৰিছিল৷
এনেহে দলনি! অথাই সাগৰ যেন, ইপাৰ-সিপাৰ নমনি৷ কিবা বোলে, দেও লগা ৷ অথাউনি৷ খৰালি তাতেই
ধাৰ থকা এৰালি ঘাঁহ গজি উঠে৷ কাঁচিখন হাতত লৈ এৰালি ঘাঁহৰ শিপাবোৰ কাটি বৰ-চালনীত তুলি
জোকাৰি দিলে দেখিব শিপাত লাগি থকা জাক জাক কাৱৈ-গৰৈ-টোৰা-শিঙি মাছ৷ থলথলাই সৰিব৷ দেও-মনিচে
সতকাই ভৰি দিবলৈ সাহ নকৰা দলনিত আমাৰ কাজিৰ ৰংহাংপিয়ে বাৰিষা-খৰালি উমলি থাকে৷ এনেকৈয়ে
কাজিৰ ৰংহাংপিৰপৰাই দলনিখনৰ নামটো গৈ গৈ মানুহৰ
মুখতে কাজিৰঙা দলনি হ’ল৷ পাছলৈ দেখোন চৰকাৰীভাৱে সিয়েই গেম চেংচুৱেৰী আৰু কাজিৰঙা অভয়াৰণ্য
হ’লগৈ৷ তাৰ পাছত ৰাষ্ট্ৰীয় উদ্যান নামটো পালে৷ কথাটো টং কৰিব দেই, গিয়াতি৷ হৰলাঙৰ জাঁই
উঠা ৰাগী লগাই কথাটো উৰুৱাই নিদিব৷ হক ৰংহাঙৰ
জীয়ৰি কাজিৰ ৰংহাংপিৰপৰাই কাজিৰঙা৷ ইটোহে আচল কথা৷ আনে সুকীয়া সাধুকথাৰ বিৱৰণী দিলে
বুলিয়ে গোষ্ঠীৰ মানুহে তাত কাণ দিবলৈ নাই৷ যেতিয়া পিতাকৰ দুৱাৰ-বাগৰি লংৰিখন মজবুত
কৰি কাজিৰ ৰংহাংপি সৰগলৈ উভতি গ’ল, তেতিয়া কিন্দু পোৱালিটো, মানে কাৰ্বি মানুহলৈ এটা
খড়্গ থকা জন্তুটো, লগতে অনা শইচবোৰ মৰততে এৰি থৈ গ’ল৷ সেয়েহে আমাৰ মানুহে কিন্দু,
মানে গঁড় হত্যা নকৰে দেই৷ দেৱতাই উপহাৰ দিয়া হিচাপত আমি গঁড় মাৰিব নাপায়৷ গঁড় আহি
পথাৰৰ ধানত কামোৰ মাৰিলে আমাৰ আয় বাঢ়িব বুলিহে বিশ্বাস৷ আৰু তহঁতে ভাত ৰান্ধিবলৈ চাউল
জোখা আনচ’হ’, মানে সৰু দোণটোত কেনেবাকৈ কিন্দুৰ ছাল এডোখৰ, চুলি এডালমান, নখ এটুকুৰা
বা আন কিবা এটা অংগৰ চিন এটা কাকবাঁহৰ তমালেৰে বান্ধি ল’ব দেই! তেতিয়াহে পৰিয়ালৰ আয়
বাঢ়িব, আয়ুস বাঢ়িব, সংসাৰ সুখেৰে ভৰি পৰিব৷ এইটো নিয়ম আমাৰ দুৱাৰ- বাগৰি লংৰিৰ কাৰ্বিগোষ্ঠীয়ে
মানি চলে৷”
নিজৰাৰ পানীৰ দৰে
ফটফটীয়া, উৎকৃষ্ট হৰলাংপি জোনবায়ে নাচি থকা আকাশৰ তলত গাঁওবুঢ়াই এই সাধুটো কৈছিল৷ মন দি শুনিছিল
কাজেক আৰু তেওঁৰ মতাজনে৷ তেতিয়া অৱশ্যে পৃথক ৰাজ্য বিচৰাই হওক, বা স্বায়ত্ত শাসিত ৰাজ্য
বিচৰাই হওক – দলে দলে উগ্ৰপন্থী গোটবোৰ নাছিল৷ গঁড় হত্যা কৰা চোৰাং চিকাৰীৰ কাহিনীবোৰ
বাগৰি এলেকাৰ দিহিংচ’ৰ কাষৰপৰা লংবুই পৰ্বতলৈকে বিয়পি আছিল, কিন্তু কাৰ্বিগোষ্ঠীৰ মানুহৰ
নাম চিকাৰীৰ দলত নাছিল৷ তেতিয়া কথাবোৰ সুকীয়াহে আছিল৷ দলনি-পিতনিত কেতিয়াবা ডেকেৰুৱা
গঁড় একোটাই আন এটালৈ ফেপেৰি পাতি ধৰে৷ যৌৱনৰ তেজৰ বলত দুটা উতনুৱা গঁড়ৰ মাজত থৈয়া-নথৈয়া
যুঁজ হয়৷ কেতিয়াবা যুঁজত তাৰেই এটা মৰে৷ তেতিয়াই ফৰেষ্টৰ মানুহে লংবুই, ৰামতি, কূট,
হিম- এনে লেখ-জোখ নোহোৱা পৰ্বতত বাস কৰা কাৰ্বিগোষ্ঠীলৈ বতৰা পঠিয়ায়- ‘আপোনাসৱ আহক৷
ভাগৰ বস্তু লৈ যাওকহি৷’ তেহে কাৰ্বিগোষ্ঠীৰ মানুহে সন্মানেৰে মৃতকৰ চকুৰ পতাত ফুল-পাত
দি সেৱা জনাই এধানি বিনাই লব৷ অৱশেষত বস্তুভাগৰ কটা-ছিঙা কৰা হ’ব৷ ছাল, চুলি, নখ আদি সযতনে সংগ্ৰহ কৰি থয়৷ আৰু তাৰ গাৰ মঙহ! মৰাৰ লগে
লগে কাটিলে মঙহ অৱশ্যে নৰম৷ অলপ দেৰি হ’লেই এঠালেটীয়া হৈ পৰিব৷ কাটি এৰুৱাই আনিবলৈ
টান৷ ছালডোখৰেই আঢ়ৈ ইঞ্চিমান ডাঠ ৷ মঙহ সিজালে বোকাৰ দৰে ভুৰভুৰীয়াহে উঠে৷ সোৱাদটো
মিঠা অৱশ্যে৷
বিদেশী খেদা আন্দোলনখনৰ
সময়লৈকে এনেকুৱাই চলিছিল৷ পিছে আন্দোলন শেষ হ’ল কি ন’হল, হাতে হাতে বন্দুক লৈ জাকে জাকে উগ্ৰপন্থীবোৰহে
ওলাল৷ ইটোহে বোলে স্বাধীন অসম, সিটোহে বোলে
কাৰ্বিৰ নিজাকৈ স্বায়ত্ত-শাসিত ৰাজ্য৷ কাৰ্বি হেমপ্ৰেক! জধে-মধে মানুহ অপহৰণ কৰি উগ্ৰপন্থীয়ে ধন দাবী দিবলৈ
ধৰিলে৷ আনহে নালাগে স্বজাতিৰ উগ্ৰপন্থীয়ে পৰ্বতৰপৰা নামি সৌ
তলামৰা চ’কলৈকে আহি বেপাৰ কৰি থকা বিহাৰী
মানুহ গুলীয়াই মাৰিলেহি৷ তেতিয়াহে কথাবোৰ ওলট -পালট হ’ল৷ দপ-
দপাই সেনাৰ অভিযান চলিল৷ গাঁৱে-গাঁৱে, ঘৰে-ঘৰে সোমাই সেনাই টহল দিবলৈ
ধৰিলে৷ কাৰ্বি গোষ্ঠীয়ে এইবাৰ চকুৰ আগতে
নোহোৱা-নোপজা ঘটনা দেখিলে৷ মুখৰ মাত
হেৰাল৷ সেনাৰ হাতত পৰি জেল খটাৰ ভয়তে লখিমীৰ
চিন বুলি সযতনে সাঁচি
থোৱা থোৱা গঁড়ৰ ছাল, চুলি, নখ, আনচ’হ’,-আটাইবোৰ নি জুইত
পুৰি পেলালেগৈ৷
কাৰ্বিগোষ্ঠীৰ ঘৰৰপৰা
চিৰকাললৈ লখিমীৰ চিন হেৰাই গ’ল৷
লাহে লাহে কাজিৰ ৰংহাংপিৰ হাবিখন কাৰ্বিগোষ্ঠীৰ মনৰপৰা দূৰলৈ
গৈ থাকিল৷ গোষ্ঠীৰ আখৰ চিনি নোপোৱা মানুহে বুজি নোপোৱা ঢেৰ নিয়ম ওলাল৷ চিনাকী হাবিখন
অচিনাকী হৈ বাঢ়ি যাবলৈ ধৰিলে৷ নজনা- নুশুনা ঢেৰ কথা
ওলাল৷ কিবা বোলে হাবিৰ নতুন সংযোজন৷ ইফালেও সংযোজন, সিফালেও সংযোজন৷ ব্ৰাঘ্য
প্ৰকল্প৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ৷ পৰ্যটন ক্ষেত্ৰ৷ মুখত ফুটাবলৈকে টান৷ নিয়মৰ প্ৰতাপত হাবিৰ ফালে চাবলৈও গোষ্ঠীৰ ভয় লগা হ’ল৷
জানোচা অপৰাধ হয়!
জেল খাটিবহে
লাগে!
ৰাজআলিৰ আনটো পাৰত থকা গোষ্ঠীৰ মাটি হাবিৰ ভিতৰ সোমাল৷ মানুহবোৰ চাপি-চুপি ৰাজআলিৰ ইটো পাৰে উঠি আহিবলৈ ধৰিলে৷ সৌ চন্দ্ৰসিং ৰংপি গাঁওখনো তাহানি কঁহৰাৰ মিহিমুখতে নাছিল জানো! পাছতহে বাক্ৰিং ইংতি গাৱঁৰ
কাষলৈ উঠি আহিল! আজি-কালি কিবা নিয়ম
ওলালেই দেখিলেই গোষ্ঠীৰ গাঁওবোৰ, আৰাখেতিৰ পৰ্বতবোৰ নতুন সংযোজনত সুমুৱাই লয় বুলি মানুহৰ দেহলাও কঁপি উঠা হ’ল৷ ব্ৰাঘ্য প্ৰকল্পটোত
ৰাজআলিৰ এইটো পাৰৰ ৰংতাৰা
গাঁৱৰ আৰাখেতিৰ মাটিও সোমাইহে লাগে!
এটা চেঁপি থোৱা ভয়, নহয়জানো! মুখৰ মাত- কথা
মুখতে হেৰায়৷ ৰংতাৰাৰ আৰাখেতিত আকৌ এটা দুটা টেকি
বা বংক্ৰুই ওলাবই৷ গাহৰি নাপালে
কুকুৰ এটাকে নিব৷ হাতীয়েও খেতি খায়৷ আমাৰ এই ইংলেপথাৰৰপৰা ৰংতাৰালৈ চাৰিঘণ্টাৰ খোজকঢ়াৰ বাট৷ উঠা- নমা৷
লুংলুঙীয়া৷ পৰঘুমা, হাইঠা, পৰ্বতৰ মইনা,
পাকৈঢৰা, ৰজা- ধনেশ পখীবোৰ চাই চাই, সুগৰি পহুৰ মাত শুনি শুনি গৈ থাকিব লাগে৷ হাতীও ওলাব৷ পৰ্বতৰ ওপৰৰপৰা কাজিৰঙাৰ হাবিখনো লুইতৰ বালিৰে সতে দেখি৷ সেইহেন ৰংতাৰাৰ আৰাখেতিৰ মাটি বোলে ব্ৰাঘ্য প্ৰকল্পই সামৰি লব! গোষ্ঠীৰ গাঁও, আৰাখেতিৰ পৰ্বতৰ আলৈ-আঠানি কৰিব৷ পেটতে
হাত-ভৰি নুলুকায় জানো!
ভূতৰ ওপৰতে দানহৰ দৰে
ওলালহি আকউ গোষ্ঠীৰ বাহিৰা মানুহৰ প্ৰতাপ৷ জোলোঙা
টকাৰে উভৈনদী৷ বোলে, পৰ্যটন উদ্যোগ কৰিব৷ পোনতে ৰাজআলিৰ
কাষৰ ফুটুকানি, গেজেপনিবোৰ দখল কৰিলে৷ সোণবৰিয়াল, জেতুলিপকা, লাটুমণি লতাৰ সৰু হাবিবোৰ নাইকীয়া হ’লনে নাই! মেদেলুৱা, কণীবিহৰ দৰে বন- দৰৱৰ
পুলিবোৰেই ক’তেবা হেৰাল! আলিৰ সিপাৰে মাটিৰ আকাল পৰাত এইপাৰৰ গোষ্ঠীৰ
মানুহৰ মাটি লবলৈ ধৰিলে৷
সমবায় পৰ্যটন হিচাপেও
গোষ্ঠীৰ বাহিৰৰ মানুহে সুবিধা উলিয়ালে, দেই ৷ তাতে বাকৰিং ইংতি গাঁৱৰ মাটিও লাহেকৈ সুমুৱাই ল’লে৷ লোভ দেখুৱাই কম দামতে গোষ্ঠীৰ মানুহৰ মাটি লবলৈ
ধৰিলে৷ কিবা বোলে লীজতহে লয় ! কাৰ্বি
আংলঙৰ মাটি, কৰ-খাজনাৰো লেঠা নাই৷ সেইদেখিহে দুৱাৰ- বাগৰি
লংৰিত বাস কৰি অহা কাৰ্বি গোষ্ঠীৰ
মানুহ টোকোনা হ’বলৈ ধৰিলে ৷ টকাৰ লোভ
দেখুৱাই পৰ্বতৰ জীয়া জীয়া শিলবোৰ টানি লৈ গ’ল,
আই! পাথৰ ভঙা মেচিনত সুমুৱাই
নগৰলৈ চালান দিলে৷ পূবৰ ফালে পৰ্বতবোৰ
টকলা হৈ পৰিল নে নাই! নিজৰাবোৰ শুকাই
গ’ল নে নাই! কাজিৰ ৰংহাংপিৰ দিনৰে বাঁহনিবোৰৰ কি গতি হ’ল! টকা
ঘটিলে গোষ্ঠীৰ বাহিৰৰ মহলদাৰে৷ গোষ্ঠীয়ে চুবলৈ পালে এখুদমান কমিচন৷ হাতী- পাথৰত
বনভোজৰ থলী উলিয়াই নৈখন তেনেই লেতেৰা কৰিলে৷ মদে-ভাতে চব তাতে
ওলায়, আই! চিঞৰ- বাখৰনো কিমান শুনিবা! কিবা বোলে, পৰ্যটক আহিলে কেতিয়াবা আমাৰ গোষ্ঠীৰ
গাঁওবোৰলৈ ফুৰাবলৈ লৈ আহে৷ বাহিৰৰ
মানুহবোৰে বনৰ জীৱ চোৱাৰ লেখিয়াকৈহে আমালৈ চাব৷
লাজৰ কথা নহয় জানো!
আই! ৰাজআলিৰ এইটো পাৰে আমাৰ এই
লংবুই পৰ্বত অলেখ নিজৰাৰ ঘৰ- অলেখ লাংছ’৷ শিলৰ কুৰুং৷ কুৰুঙত লতামেকুৰীৰ চোং৷ ফুটুকা- ফুটুকী টেকীৰ চোং৷ ভৈয়ামত নাহৰফুটুকী বুলি কয়৷ সোণ গুঁই, অজগৰৰ ঘৰ৷ অপায়দেৱতাৰ
সতে ঠিয় শিলত খোজকাঢ়ে
দেও লগা বনছাগলী৷ ভাইগৰ বলতহে
কাচিৎ দেখা দিব৷ উৰিয়াম
গছত হাতোঁৰা ঘঁহাই নখত ধাৰ দিবলৈ অহা হালধি
ৰঙৰ আঁচবোৰেৰে দেওলগা বংক্ৰুই যেতিয়া ঘূৰিব আৰু আচোঁৰৰ
চিনে চিনে ওলাই আহিব উ×ৰিয়াম
গছৰ ৰঙা ৰঙা ৰস– গাওঁবাসী তেতিয়া সাৱধান হ’ব৷ এৰালৰ গৰn- ছাগলী
বাৰান্দালৈ উঠাবৰ হ’ল৷ কেংহইদু, মানে হলৌ বান্দৰৰ পৰিয়ালো দেখিব৷ দেখিবলৈ একে বাৰে আৰলেং, মানে
মানুহৰ লেখীয়া৷ ওখ গছত চিঞৰি-বাখৰি
এনে হাল্লা কৰি দিব
যেন ডাঙৰ এজাক সোমাইছেহি৷ আকউ, কাষলৈ গ’লে দেখিবা ওখ ওখ গছবোৰৰ ডালত
মুঠেই দুটা বা তিনিটা৷
হিঃ হিঃ৷ কেংহইদু জাকত নাথকে, পৰিয়াল হিচাপত থাকে৷ ফুৰিবলৈ
লৈ নিজৰ জেগা সীমা মাৰি লয়৷ আমাৰ এই লংবুই
পৰ্বতৰ কেংহইদু পৰিয়ালটো আপুনি সৌ
হাতী-পাথৰৰ কহঁৰা দলংখন পাৰ হৈ যোৱা নেদেখিব৷ তাতেই সীমা৷
সৌ পিছল কুৰুংটোৰ লতামেকুৰী বাঘৰ চোংটোত এমা-ডিমা পোৱালিকেইটাৰ কুঁউ কুঁউ মাত শুনিছে
নেকি, আই ! মাকজনীৰ কুহুমীয়া ওহাৰখনৰ
গাখীৰতী গন্ধটো পাইছে নেকি! মনা- নমনাকৈ
ময়ো দূৰণিতে চাই আহিলোঁগৈ৷
কাঠনিৰ পখীবোৰৰ কথানো কি কম! লংবুই, ৰাম’তি ,হিমা, কূট, ৰংতাৰা– এই ভাগে ভাগে পৰ্বতবোৰৰ
ভিতৰুৱাল হাবিত পাকৈঢৰা, ৰজাধনেশ, চিল কুৰুৱা, খোপাডাঙৰী, মৌখাপ, পাহাৰী শেন, বাকুহি,
পাতিকুকুহা, ডাবহীকুকুহা, শিলকতৰা, ৰূপহী, কোকলোঙা- সৰু- বৰ কত যে পখী!
ৰংচঙীয়া পাখিকে চাব, নে অমাতৰ মাতকে
শুনিব! আমাৰ কঁহৰা নদীখনৰ পৰিয়ালটোত থকা
নৈ-নিজৰাবোৰৰ এলেকাত চন্দ্ৰসিং ৰংপি গাঁও, বাক্ৰিং
ইংতি গাঁও, হেমাই লেক্থে গাঁও, ফুমেন ইংতি
গাঁও, ৰংতাৰা গাঁও, ইংলেপথাৰ
চিংথং টকবি গাঁও- এইবোৰ গাঁৱৰ গোষ্ঠী
এইবোৰতে মচগুল৷ তিতালাওৰ টোকোৰাৰে
আৰাখেতিৰ ধানৰ জাঁই উঠা হৰলাং এটুপি খাই সুখী বুলিবহে পাৰি৷ আই! আমাৰ ধৰ্ম- উপাসনাৰ পৱিত্ৰ জাম্বলি-আথনত
থকা ৱ’জাৰু, মানে ভীমৰাজ পখীৰ সাধুটো
শুনিব নেকি!
: বৰ ৰস লগাকৈ
কৈছে দেই! শুনিবলৈ লোভেই লাগিছে৷ বাৰু, চমুৱাই কওক৷ সিফালে বেলি হ’ব৷
ৱ’জাৰু, মনে ভীমৰাজ পখী হৈছে
চৰাইৰ ৰজা৷ তাৰ আগতে আকৌ শগুণহে
ৰজা আছিল৷ সেই দিনত শগুণে মৰাশ নাখায়৷
সময়ত শগুণ বুঢ়া হ’ল৷
চিকাৰ ধৰিব নোৱাৰে৷ তেতিয়া ৰজা হিচাপত একোটা চৰাই নিজে গৈ আহাৰ হ’ব
লাগে আদেশ দিলে৷ বোলে, চৰাই বুলি চিনাকি দিলেহে খাব৷ ন’হলে
নাখায়৷ কথা শুনি ভয়তে পখীবোৰে মেল চপালে৷ কি বুদ্ধি কৰিব পৰা যায়! তেওঁবিলাকে ভীমৰাজ পখীৰ কাষলৈ গ’লগৈ৷ ভীমৰাজ পখীয়ে বুধি দিলে- বোলে
আপোনাসৱে যেতিয়া আহাৰ হৈ ৰজাৰ কাষলৈ যাব, তেতিয়া ৰজাই ‘কোন আহিছ’ বুলি সুধিলে
‘চৰাই’ বুলি নক’ব৷ নিজৰ নামটোেহ কব৷ আমাৰ কাৰ্বিৰ
মতে আকৌ ৱ’, মানে চৰাই৷ এই হিচােপ চৰাইবোৰৰ
নামো ৱ’জাৰু, ৱ’দুদু,
ৱ’তেৰাং- এনেকৈ দিয়ে৷ এতিয়া
চৰাইবোৰে ৱ’- বুলি নোকোৱাকৈ নিজৰ নিজৰ নামটো এনেকৈ
কবলৈ ধৰিলে- দুদু, তেৰাং৷ শগুণ ৰজাই ভাবিলে- এইবোৰ পখী নহয়, কিবা বেলেগ জীৱ! এনেকৈয়ে চিনাকি দিওঁতে দিওঁতে সাঁজ লাগিবৰ হ’ল৷ বুঢ়া ৰজাই ভোকত থাকিব নোৱৰি মৰি থকা গৰু এটা দেখি
তাৰ ওপৰতে পৰি খাবলৈ ধৰিলে৷
ভোকত মৰাশ খাই ৰজা দুখতে
ভাগি পৰিল৷ তেতিয়া পখীবোৰে বুজিলে, ৰজাৰ আৰু কাম নাই৷ কাক নো ৰজা পাতিব তাকে লৈ পখীবোৰে মেল চপালে৷
মেলত ধনেশ পখী ৰজা হ’বলৈ আগবাঢ়ি আহিল? বোলে মোৰ গা-গাৰি ডাঙৰ, দেখিবলৈও কেনে ধুনীয়া! মইহে ৰজা হ’বলৈ
পাওঁ৷ পখীবোৰে ক’লে- “তই অলপ হাল্লা
কৰি দিবচোন৷” ধনেশ পখীয়ে তেতিয়া নিজৰ মাতটো মাতিবলৈ
ধৰিলে৷ মাত শুনি সকলো চৰায়ে ভয়ত পলাই গ’ল৷ তেতিয়া পখীবোৰে বুজিলে, ধনেশ পখীৰো কাম নাই৷ সকলোৱে মিলি বুধিয়ক ৱ’জাৰু, মানে ভীমৰাজকে ৰজা পাতিলে৷ লগতে এদল সৈন্য-সামন্তও দিলে৷ এই
হিচাপত আপুনি দেখিব আজিও
ভীমৰাজ পখী য’লৈকে যায়, আন
কিছুমান পখীও সৈন্য- সামন্ত
হিচাপত লগে লগে যায়৷
কিবা বোলে, চিকিঅ’ৰিটি! হিঃ হিঃ৷ ভীমৰাজ পখীয়ে ভালকৈ নেতৃত্ব দিলে, দেই৷ তেওঁ মাতটো সলাই
সলাই, ভেশচন ধৰি নিজকো ৰইখা কৰিব,
আন পখীকো ৰইখা কৰিব৷ আপুনি হাবিৰ ভিতৰত ভীমৰাজ পখীয়ে এনেকৈ মাত সলাই সলাই ৰজাৰ দৰে ঘূৰি ফুৰা দেখিছেনে? এনেকৈয়ে
মাতটো সলাই দি বিপদৰ
আগজাননীও দিব৷ আমাৰ কাৰ্বি
উপাসনাৰ কাঠেৰে সজোৱা পবিত্ৰ জাম্বলি-আথনত দেখিব একেবাৰে ওপৰত ভীমৰাজ
পখী- তলৰ চাৰিটা ডালত আন কেইটামান পখী আছে৷
জাম্বলি আথনে আকউ গোষ্ঠীৰ মূল পাঁচটা ফৈদকো বুজায়৷
: সাধুকথাটো সঁচাকৈয়ে ধুনীয়া৷
হয় হয়৷ মনলৈ
আহিছে যেতিয়া এই চেগতে ডৰিক
পখী আৰু পৰ্বতীয়া মইনা পখীৰ সাধুটোও চমুতে শুনক৷ কাৰ্বিগোষ্ঠীত মানুহ মৰিলে
বিনাব লাগে বুলি নিয়ম এটা আছে৷ এনেকৈ এদিন ধনী গাঁওবুঢ়াৰ ছোৱালীজনী ঢুকাল৷ তেতিয়া গাওঁবুঢ়াৰ ঘৈণীয়েকে ঘোষণা
দিলে- “আমাৰ আইটিৰ হৈ কোনোবাই ধুনীয়াকৈ কান্দক৷ মই তেতিয়া মোৰ সোণৰ গহণাখিনি উপহাৰ দিম৷” তেতিয়া ভৈয়ামৰ ডৰিক চৰাই আহি ওৰে ৰাতি কান্দিবলৈ ধৰিলে৷ কান্দি কান্দি চকু ৰঙা পৰি গ’ল৷ পিছে পুৱতি নিশা টোপনিয়ে চকু হেঁচা মাৰি ধৰিলে৷ হেন সময়তে সুবিধা বুজি পৰ্বতৰ মইনা আহি ওলাওক৷ ডৰিকে কলমটিওৱা
দেখি মইনাই পাৰে মানে বিনাই দেখুৱালে৷ বুঢ়ীয়ে
শুই উঠিয়েই বিনাই থকা পৰ্বতৰ মইনাক নিজৰ সোণৰ আ-অলংকাৰবোৰ গলতে পিন্ধাই দিলে৷ সেইদেখিহে পৰ্বতীয়া
মইনা চৰাইৰ গলত আজিও সোণবৰণীয়া হাৰ৷ সিফালে ডৰিক চৰাইৰ কষ্ট
অথলে গ’ল৷ কান্দি কান্দি চকু ৰঙা কৰি পেলালে৷ আজিও ডৰিক পখীৰ চকু ৰঙা নহয় জানো! আমাৰ কাৰ্বিগোষ্ঠীয়ে চৰাই, গছ, পৰ্বত, নৈ-নিজৰা সংসাৰৰ
সকলোকে সাধুকথা দি থৈছে৷
নাচি থকা লাংছ’,
মানে নিজৰাবোৰৰ কথা শুনিবলৈ মন নাযাব জানো,
আই! সৌ যে কেতিয়াও শুকাই নোযোৱা লাংকিৰি নামৰ এটি নাচনী
লাংছ’ ৰংতাৰা গাৱঁৰ আৰাখেতিৰপৰা নামি আহিছে, সিফালৰপৰা
আহিছে কহঁৰাছ’ নামৰ নিজৰাটি৷ কহঁৰাছ’ই বাটে বাটে সৰু-ডাঙৰ লাংছ’বোৰেৰে লগ হৈ কহঁৰাপি
নাম ল’লে৷ আমাৰ কাৰ্বিত ভাষাটোত
আকৌ লাংছ’ মানে নিজৰা, লাংপি
মানেহে নদী৷ এনেকৈ কঁহৰাপি আৰু লাংকিৰি, দুয়ো আহি ফুমেন ইংতি গাঁও পালেহি৷ লাংকৰি
নৈখন নাতিদূৰৈতে ৰেংৰেং আলংপ্ৰু নামৰ ঠাইত থাওকতে
মাটিৰ তলত হেৰাই গ’ল৷ নৈখন তাতে নাইকিয়া
হ’লেই! ওপৰত দলঙৰ দৰে খোজকাঢ়ি
পাৰ হৈ যাব পৰা
শিলবোৰহে থাকিল৷ শিলৰ তলৰ পাতালত নৈৰ বৈ যোৱা
পানীৰ হৰ্ হৰ্ শব্দ৷ আকউ, য’তেই পাতাল ভেদি লাংকিৰি
নৈ ওলাল, তাতেই কঁহৰাপি নৈক লগ পালে নহয়! ইয়াৰপৰাই দুয়ো একেলগে
ববলৈ ধৰিলে৷ গোষ্ঠীয়ে জানিবা
তাহানি সেইটো কিন্দু লাংছ’হে বুলিছিল দেই! হাবিৰ গঁড় আহি
তাতেই উমলি থাকিবলৈ ভাল পাইছিল
বাবে৷ নাতিদূৰৈতে সৌটো আকউ কিনো! জি লাংছ’- নিমখীয়া
পানীৰ নিজৰা৷ বনৰ পহু, গঁড়, হাতী, বাঘে তাতেই
নিমখীয়া পানী খায়, পাৰৰ নিমখীয়া মাটি চিকুটিবলৈও আহে ৷ ৰাজআলিৰ সিটো
পাৰৰপৰাও আহে৷ তাৰ উপৰি বাৰীয়ে বাৰীয়ে ভাগত পৰা
অলেখ লাংছ’ গৈ গৈ কঁহৰা নৈতে
পৰিছেগৈ৷ বাটতে লগ পোৱা
তৰ লাংছ’ আৰু লাংকামছং লাংছ’ৰ কথা কবলৈ পাহৰিছোঁৱেই৷
সৌটো কহঁৰাপিৰ মাজতে অকণমানি
পৰ্বত, দেখিছেনে? সি যেনিবা অকলশৰীয়া এটি দ্বীপ- নামটো হেমেপু আংলং৷ বৰলা পৰ্বত৷ হিঃ হিঃ ৷
এয়াই আমাৰ দুৱাৰ-
বাগৰি লংৰিৰ মাজতে থকা কহঁৰা নৈৰ পৰিয়াল৷ অবৱাহিকা বুলিহে কয় হ বলা! আমাৰ কঁহৰা
নৈৰ আমি কাৰ্বি-সন্তান, কাৰ্বিৰ জনম-জন্মান্তৰৰ বাস৷ জীৱনৰ আয়ুস৷
ৰংতাৰা গাঁৱৰ পৰ্বতৰ
সিটো পাৰৰ শিলবোৰতে ডিফলু নৈৰ ক্ষীণ
সুঁতিটোৰ জনম- সেয়াই ডিফলুমুখ৷ ডিফলুমুখৰ পৰ্বতত ভোট জলকীয়া আৰু কমলাটেঙাই বাস কৰে৷ বতৰৰ
সময়ত পুঁৱতি নিশাৰপৰাই
শাৰী পাতি খোজকাঢ়ি কান্ধত ভাৰ বান্ধি, ন’হলেবা
পিঠিৰ হোৰাত বুকি পকা পকা ভোট জলকীয়া, কমলা টেঙা লৈ লুংলুঙীয়া পৰ্বতীয়া বাটেৰে ডিফলুৰপৰা
কঁহৰাৰ বজাৰলৈ আহি থাকিব লানি লানি কাৰ্বিগোষ্ঠীৰ মানুহ৷ আৰাখেতিৰ পাচলিও আহিব৷ তেহে ভৈয়ামৰ মানুহে তৎ পাব! চৰকাৰী বাট নাই ৷ ডিফলুমুখৰপৰা
সৌ পূৱৰ দেইথৰলৈকে ডিফলু নৈ-নিজৰাৰ পৰিয়াল৷
ৱ’তেৰাং লাংছ’কে ধৰি বাগৰিৰফালে পচিমৰ পৰিয়ালটো
দিহিংছ’ নৈৰ৷
আই, নথকাৰ ভিতৰত
কাৰ্বিগোষ্ঠীৰ মৰমৰ পৰ্বতীয়া আৰাখেতিৰ বাবে
লংবুই পৰ্বতৰ এইছোৱাত সাৰুৱা
মাটিহে নাই৷ সেইদেখি আপুনি আৰাখেতিৰ মিঠা ধানৰ শইচ এইছোৱাত নাপাব৷ পানীখেতিৰ চক্চুবক, মণিৰ দৰে থোপা-থুপিকৈ
লগা চক্লাহাৰ দৰে ধানৰ শইচো নাপাব৷
পাবলৈ টান হ’ল৷ চক্লাহা সিজালে ভাতৰ ৰংটো লাৰ
ৰংটোৰ দৰে তেজৰঙা হয়৷ সেইদেখিহে চক্লাহা৷
লংবুই পৰ্বতৰ গা বনৰীয়া হানথু, মেহেক, চচটৰ কুমলীয়া পাতেৰে ভৰি থকা৷ হানচাংবিৰ পাতো উপচি থাকে৷ কেৰাহিত ভাজিবলৈ কাকবাঁহ আৰু তৰাৰ গঁজালিও
পাব৷ এইবোৰেই আমাৰ শাক-পাচলি৷ লংবুই পৰ্বত জীয়া শিল,
কুৰুং, কাকবাঁহ আৰু নাচনী নিজৰাৰ
ঘৰ৷ মাছবোৰ আকউ বৰ টেঙৰ! সেইদেখি
লতাবিহ দি পৰ্বতীয়া
লাংচ’ত কিছু বেলি মাছবোৰ
ঠৰঙা কৰি লব লাগে,
তেহে ধৰিব পাৰি৷ বাৰিষা সৰু নিজৰাবোৰেই
পাৰ উপচি লাংছ’ৰ ৰূপ ল ব৷ সেই
নিজৰাৰ পানীৰে ভৈয়ামত
গোষ্ঠীয়ে পানীখেতি কৰিব৷ আই! বছেৰেকীয়া পূজাভাগ, মানে ৰেকৰংকেৰৰ
দিনা আমাৰ লংবুই পৰ্বতৰ
দেৱতাই বলি নাখায়৷ তেওঁ বগা কুকুৰা, বগা পাৰ, বগা হাঁহৰ দৰে বগা বস্তুহে
উছৰ্গা লব৷ কিন্তু বধিবলৈ নাপায়৷ হাবিত এৰি দিব লাগিব৷ ৰেকৰংকেৰৰ দিনাই কাৰ্বিগোষ্ঠীয়ে গাঁৱৰ
ভাগত পৰা নৈ-নিজৰা-পৰ্বত -গছ, এই সকলোলৈকে
পূজা এভাগ দিব৷ ভাগে ভাগে বলি দিব৷
মঙলো চাব৷ যাতে, নজনাকৈ হোৱা সকলো দোষ নাইকীয়া
কৰি দিয়ে৷ বাহিৰা মানুহে আমাৰ হাবিলৈ
লোভৰ চকুৰে চালেও দেৱতাই যাতে দোষ মৰিষণ কৰে৷
: আই হেৰেই, অলপ
লৰালৰি কৰক৷ পাতনিতে নিশাটো
বাগৰিব এতিয়া! পিছে, শুনিবলৈ বৰ শুৱলা হৈছে৷ গুৰিৰপৰাই কওকচোন৷ – সপোনৰ বুঢ়ীমায়ে ক’লে৷
সাধুবোৰ অলপ বখানিব লাগিব, আই! দেহলাওটো ওলাই যোৱাৰ বেলাত সাধুবোৰো ইয়াতেই থৈ যাম৷ আকউ লগ পামহি জানো! আমাৰ আকউ ল’ৰা-ছোৱালী, নাতি-পুতিৰ হাতত সাধুকথাবোৰ কৈ কৈ দি থৈ যোৱাৰ নিয়ম এটা আছে৷ তেনেহ’লে শুনক– বঙাইগাঁও জিলাৰ বিষ্ণুপুৰৰ দাওৰইবাৰী গাঁৱতে আমাৰ আজোককাক বাস৷ ক বলৈ হ’লে আমি হ’লো মূলতে বড়োগোষ্ঠীৰ মানুহ৷ খাজনা দিব নোৱাৰাৰ দোষত ককাদেউতাৰ
মাটি হেৰাল৷ তেওঁ শহুৰেকৰ
ঘৰত জোঁৱাই চাপিল৷ তেতিয়া শহুৰেকে থাকিবলৈ মাটি-বাৰী দিলে৷ কিন্তু কাগজ নিদিলে৷ সেইদেখি তেওঁ শোণিতপুৰ জিলাৰ চেঁচা নৈৰ পাৰত আলুপোৰা চেণ্টাৰৰ ভিতৰলৈকে গৈ ৰিজাৰ্ভৰ মাটি ভাঙিলেগৈ৷
এনেকৈ তিনিজনকৈ পুতেকক
আনি তাতেই বহিল৷ অলেখ জাতিৰ মানুহ তাত৷ বড়ো, কাৰ্বি, নেপালী, মাজুলীৰ ফালে পানীয়ে
ভঙা অসমীয়া গাঁওবোৰৰ মানুহ! ৰিজাৰ্ভৰ মাটি
খুলি সকলোৱে নিজা নিজা গাঁও পাতিলে৷ মই হলোঁ ককাদেউতাৰ বৰপুতেকৰ ছোৱালী৷ আমাৰ তিনিজন
ভাই. চাৰিজনী ভনী৷ এজন ভাই বোবা৷ আমি তাতেই
অসমীয়া লিপিৰে লিখা বড়ো মাধ্যমত এল পি পঢ়িলোঁ৷
হাইস্কুললৈ যাওঁতেহে শোণিতপুৰ আৰু লখিমপুৰ জিলাক দুভাগ কৰা
চেঁচা নৈখন পাৰ হৈ দূৰৈৰ স্কুলত অসমীয়া মাধ্যমত পঢ়িবলৈ লগা হ’ল৷ ন কিলোমিটাৰমান খোজকঢ়াৰ বাট৷ মাজতে চেঁচা নৈ৷ তৰাং বুকু৷ খোজকাঢ়িয়েই পাৰ হ’ব লাগে৷ লিপিটো
একেই আছিল বাবে অসমীয়া
মাধ্যমতো দিগদাৰ নহ’ল
পিছে৷ নৈৰ বহল বুকু পাৰ হওঁতে অৰুণাচলৰ পৰ্বতৰপৰা কেতিয়াবা বৰষুণৰ পানীৰ ঢল নামিলেহে
লেঠা৷ নৈৰ কোবাল সোঁত৷
খুপি খুপি যেনে-তেনে কৰি বালিত ভৰি গুজি
গুজি পাৰ হওঁ৷ কাঁকাললৈকে
পানী উঠি ব৷ ইউনিফৰ্মৰ স্কাৰ্ট
ভিজি যাব৷ পাৰত উঠি গৈ থাকোঁতে গাৰ কাপোৰ গাতে শুকাব৷ পিছে হাইস্কুলৰ তিনি শ্ৰেণীতে পঢ়া
সামৰিবলগীয়া হ’ল৷ বোবা ভাইটোক ককাই-ভায়ে মাটি-বাৰী নিদিব বুলি অনুমান এটা কৰি
আমাৰ বোপায়ে ৰিজাৰ্ভৰ আৰু ভিতৰলৈ গৈ নতুনকৈ মাটি ভাঙিলেগৈ৷
ৰিজাৰ্ভৰ মাটি ভঙাও একোটা কাহিনী, আই! হাবিৰ জন্তু-
জানোৱাৰৰ ভয় নেওচি বিয়াগোম গছবোৰ বাগৰাই মাটি খোলা জানো সহজ কথা! গছ
বাগৰাই ফৰেষ্টৰ মানুহকে
কম টকাত বেচি দিব লাগিব৷
ট্ৰেক্টৰ লগাই টানি নিব৷ কিবা বোলে, ফৰেষ্টৰ মানুহে
চোৰং কাৰবাৰীয়ে লগা-ভগা৷
হাবিদেৱতাৰ জগৰ লাগিলে
কুঠাৰৰ ঘাপটো ভৰিতে নপৰিব
জানো! চেঁচুকৰ ভেঁকুৰে খৰ-খজুৱতি হৈ গাৰ ছালত বাহ নাসাজিব
জানো! গাঁৰ, ফোঁহা উঠি তেজ-পূঁজ ওলাব৷ ফোঁহাৰ গেলা ঘাঁৰ কেচেমা-কেচেম গন্ধ ওলাব৷ কাষলৈ যাব
নোৱাৰি৷ দৰৱ-জাতিও নাই৷ কেতিয়াবা আকউ উচ্ছেদো হ’ব৷ তেতিয়া অলপদিনলৈ
পিলিং-পালাং কৰিয়ে থাকিব লাগে৷ পাছত ফৰেষ্টৰ মানুহে পইচা-পাতি লৈ আকউ তাতেই বহিবলৈ
দিব৷
তেও বুলি মাটিৰ
মোহ! নতুনকৈ খোলা মাটিৰ এটা গন্ধ থাকে, আই! মোহ জাগে৷ হাবিতলীয়া গোষ্ঠীক অৰণ্যলৈ টানি নিয়ে৷
যি নহওক,
পঢ়িবলৈ মন থাকিলেও স্কুল বাদ পৰিল৷
এনেকৈয়ে মই টুবুকী জাৰণিৰ
কাৰ্বি গাঁও এখনৰ মেট্ৰিক পৰীক্ষা দিয়া
মোৰ কাৰ্বিগোষ্ঠীৰ মতাজনলৈকে চাপি দিলোঁ৷ মতাজনে ক’লে- ‘ইয়াত আমাৰ ভাইগ’
নাই৷ দক্ষিণপাৰৰ বাগৰিৰ ফালে থকা মাহীজনীৰ তালৈকে যাওঁ, ব’ল৷ এইখিনি বিদ্যাৰে কাৰ্বি-আংলঙত চাকৰি এটাও
জুটি যাব পাৰে৷’ এনেকৈয়ে
শিলঘাটত জাহাজত উঠি লুইতখন পাৰ হৈ এইপাৰ পালোঁহি৷ বাগৰিলৈ আহিয়ে কাৰ্বি নামটো ললোঁ৷
অন্জালিৰপৰা কাজেক হ’লোঁ৷ মতাজনৰ মাহীয়েকৰ ফালৰ উপাধিটোও ল’লোঁ৷ দখনাখন এৰি থৈ পিনি-পে’কক পিন্ধিলোঁ৷ ভৈয়ামৰ মাইকী বুলি
পৰ্বতত মৰমটো বেছিকৈহে পালোঁ৷
মতাজন আছিল দৰ্খাস্ত লিখা, সভা-সমিতিত কথা কোৱাত পাকৈত৷ কাম-বনতো কাজী৷ মানুহক দৰ্খাস্ত-পাতি লিখি দিলেও দুটকা আয় হয়৷ এনেকৈয়ে
তেওঁ কাৰ্বিগোষ্ঠীৰ আঞ্চলিক ৰাজনীতি আৰু সমাজনীতিত সোমাই পৰিল৷ তেতিয়াই ইংলেপথাৰ
চিংথং টকবি গাঁৱৰ গাঁওবুঢ়াই ইয়ালৈকে মাতি আনি বহিবলৈ দিলে৷ ইয়াতে ঝাৰুৰ বেপাৰ কৰা, পৰ্বতৰ ডালচেনি, বনচোম গছৰ ছালৰ বেপাৰ কৰা আৰু জাগীৰোডৰ কাগজ মিললৈ কাকবাঁহৰ চালান দিয়া ভৈয়ামৰ মহলদাৰবোৰৰ মহৰী হৈ কামত সোমাল৷ হাতলৈ দুটকা আহিল৷
কমিচনো পাওঁ, নিজে ঝাৰু কাটি হাজিৰা এটাও
পাওঁ৷ সৌ হাতীখুলি চাহবাগানতো বাঁহৰ চাপ্লাই হয়৷ চাহবাগানত দেখি দেখি গাঁওবুঢ়াই দিয়া মাটিতেই
ছয়বিঘা মাটিত চাহগছৰ পুলি ৰুলোঁ৷
পৰ্বতৰ গাৰ এঢলীয়া মাটি৷ চাহগছবোৰ লহ-পহাই বাঢ়িল৷ বাগানতে পাতৰ চাপ্লাই
হয়, এজেণ্ট আহি লৈ যায়৷ আমাৰ কাৰ্বিগোষ্ঠীৰ নিজা পৰম্পৰাৰ উৰালত খুন্দা চাহপাত
আৰু এটি কলি এটি
পাতৰে কৰা চাহো শিকি পেলালোঁ৷
: এটি কলি, এটি পাতৰ
চাহ! এইটো বা কি! লোকে দেখোন
চাহপাত ছিঙাৰ নিয়মটো এটি কলি, দুটি পাত বুলিহে কোৱা শুনোঁ৷
আই৷ এটি কলি, দুটি
পাত- কাৰখানাত চাহপাত বনাবলৈ এইখিনি ছিঙি ল’ব লাগে৷
পাচে মই এটি কলি, এটি পাতৰ চাহো শিকি
পেলালোঁ৷ কেনেকৈ শুনক৷ চাহ বাগানখন কৰাৰ পিছতে
মতাজনে ৰাজনীতিত বেছিকৈ লাগিবলৈ
ধৰিলে৷ সৰু-সুৰাকৈ ঠিকাও পালে৷ এইফালে
মই ঘৰ- দুৱাৰ চম্ভালি ল’লোঁ৷ ছোৱালী দুজনী
হাইস্কুল পালেগৈ৷ ঘৰখনলৈ টিভি এটা আহিল৷ এদিন
তাতেই দেখিলোঁ- চীনদেশৰ ফালে এটি কলি এটি পাতেৰে এবিধ চাহপাত বনায়৷ বহুত দাম পায়৷ কিবা বোলে, গ্ৰীণ টি৷ তাকে দেখি ময়ো শিকিলোঁ৷ সপ্তাহত এবাৰকৈ এটি ক লি
এটি পাতহে ছিঙিব লাগে৷
তাকে লেৰেলাই উতলা পানীত পাঁচ চেকেণ্ড
সিজাই ছাঁতে বতাহত শুকুৱাই পেলাব লাগে৷ তে তিয়া পাতটো ক’লা ৰঙৰ হ’ব, কলিটো বগা ৰঙৰ হ’ব৷ বগা ৰঙৰ ক’লি থকা চাহপাতৰ
বজাৰত বহুত দাম৷ এক কেজি বেচিলে ঘৰতে কেইহাজাৰমান
পাওঁ৷ পিছে, সপ্তাহত এপোৱাহে কৰিব পাৰিব৷ বেছি নহয়৷ তাকো বাৰিষা
কালত ৷ সিফালে তেনে বাগিছাত দৰৱ মাৰিবও
নোৱাৰিব৷ জৈৱিকভাৱে কৰিব লাগিব৷ আমাৰ কাৰ্বি গোষ্ঠীয়েও লং লেংপুম মানে, উৰালত খুন্দা তক্পেক্ নামৰ চাহ এবিধ নাখায় জানো! সেইবিধ চাহ খাবলৈও
সোৱাদ, আকউ দৰৱৰ কামো কৰে৷
আই! আমাৰ মতাজনৰ ৰাজনৈতিক
দলটো আছিল কাৰ্বিসকলৰ সুকীয়া ৰাজ্য দাবীৰ
আঞ্চলিক দল৷ উঠাই দিলে নহয়
নিৰ্বাচনত৷ ডাঙৰ ডাঙৰ সভা হ’ল৷ সদৰ ডিফুৰপৰা নেতা আহিল৷ নেতাবোৰে ঢেৰ কথা ক’লে৷ বোলে, তেঁওলোকে
ৰ্গোষ্ঠীৰ মানুহৰ দুখ নাইকীয়া কৰিব৷ ধনী-দুখীয়া সকলোৱে সমান হ’ব৷ সকলোৰে হাতলৈ টকা-পইচা আহিব৷ আমাৰ ল’ৰা-ছোৱালীবোৰে পঢ়িবলৈ গাঁৱতে স্কুল পাব৷
তাকে দেখি মানুহবোৰে ভোট দি সকলোকে
জিকাই দিলে৷ আমাৰ মতাজনো জিকি গ’ল৷ পিছে, জিকি উঠি দলৰ নেতাই কি
কৰিলে? একেবাৰতে ফোৰোহনিহে
দিলে- বোলে, মোক ইয়াতে দুশ বিঘা মাটি
উলিয়াই দিয়ক৷ অনা- কাৰ্বিৰ সমানে সমানে আমাৰ
বেপাৰ কৰিবলৈ হ’ল৷ কি ক’ম আই! আমাৰ মতাজনে নিৰ্বাচনত জিকিলে৷ সৰু-
সুৰা ঠিকা-ঠুকলি কৰিলে৷ ময়ো চাহপাত বেচা, ঝাৰু কটাত হাত উজান দিলোঁ৷ তেও বুলি জীৱনত
তিনি ইঞ্চি ইটাৰ দেৱালৰ দুটা কোঠাৰ সৰু পকীঘৰ এটাহে সাজিবলৈ পাৰিলোঁ৷ অৱশ্যে মটৰ চাইকেল এখনো কিনিবলৈ পাৰিছিলোঁ, দেই৷ কিন্তু কাৰ্বি গোষ্ঠীৰ দুখৰ অন্ত পেলাব বুলি কোৱা নেতাসকল দেখোন নিজেহে শ শ পৰ্বতৰ গৰাকী হ’ল৷ ডিফুৰপৰা আহি ইয়াতো পৰ্বত ল’লেহি৷ গোষ্ঠীৰ সামূহীয়া
মাটি নিজৰ কৰি ল’লে৷ নোহোৱা-নোপজা কথা ন’হলজানো? ৰিজৰ্ট খুলিলে৷ ৰবৰ গছৰ খেতিৰে পৰ্বতৰ ছবিখনেই সলাই দিলে
নহয়৷ ৰবৰৰ গছত চৰাই পৰিব জানো? ডালত বহি অমাতৰ মাত মাতিব জানো? পৰম্পৰাৰ
আৰাখেতিৰ মাটি ব্যৱসায় কৰিবলৈ নেতাৰ হাতত এৰি দিব লগা হ’ল৷ সিফালে
গোষ্ঠীৰ দুখৰ অন্ত পৰিল নে?
লীজত গুচি যোৱা মাটিবোৰ ওভতাই পালেনে?
আন কথা বাদেই দিয়ক- বাট-পথ এটাকে সাজি দিলেনে?
গোষ্ঠীৰ বাহিৰৰ মানুহক যেনিবা গালিহে পাৰিব, নিজৰ
গিয়াতিক কি ক’ব?
আমাৰ মতাজনেহে অলপ টকা
পাই এইছোৱাৰ কাৰ্বি আংলং
আৰু গোলাঘাট জিলাক দুভাগ কৰা বাটটো মাটি পেলাই মিহি কৰি দিলে৷ দুটামান কালভাৰ্টো সাজি দিলে৷
পিচে, এইবোৰতে উগ্ৰপন্থীৰ দলৰ চকু নপৰিল জানো! এইবাৰ কিবা নতুন উগ্ৰপন্থী ওলাল৷ ধন দাবীৰ
চমন আহি গ’ল ৷ দাবী কৰা ধন নিদিয়া দেখি তলামৰাত মণিৰাম লেক্থে বোলা এজনক গুলীয়াই দিলেনে নাই! আমাৰ মতাজনকো মাতি পঠিয়ালে৷ মানুহজনৰ মুখ কাতিমাহতে
শুকাই যোৱা লাং ইকপি নিজৰাটোৰ দৰে টেটেৰা পৰিল৷
মই বোলো, ময়ো ওলাওঁ৷ সুধি আহোঁগৈ
কিনো জগৰ লাগিল বুলি ৷ মৰিলেও দুইজনে
মৰিম৷ তেতিয়া আমাৰ ডাঙৰ ছোৱালীয়ে হোষ্টেলত
থাকি বোকাখাত কলেজত পঢ়িবলৈ
সোমাইছে৷ সৰুজনীক গাওঁ সমন্ধীয়া এজনৰ তাতেই থৈ আমি দুয়োজনেই যাবলৈ ওলালোঁ৷ এনেকৈয়ে মতাজনৰ কিডনেপ্
হোৱাৰ কাহিনী এটাও ওলাই গ’ল নহয়!
: অ’ আই! কিডনেপ্
হোৱাৰ কাহিনীও ওলাল নেকি! আচৰিত মানিছোঁ দেই!
হয় আই৷ উগ্ৰপন্থীৰ দলটোৰ লিডাৰৰপৰা প্ৰথমে হাতী-পাথৰলৈ যোৱাৰ নিৰ্দেশ
আহিল৷ গ’লোঁ তালৈকে৷ তাৰ পাছতে ক’লে- “ইয়াতে নহয়৷ চন্দ্ৰসিং
ৰংপি গাৱঁৰ এল পি স্কুলৰ ফিল্ডলৈ ব’লক৷ নবৌ, আপুনি ঘৰলৈ উভতি যাওক৷” মই কিন্তু উভতি নাহিলোঁ৷ লগে লগে গ’লো৷ ফিল্ডতে স্কুলত কাম কৰা অসমীয়া মানুহৰ শিক্ষক এজন ৰৈ আছিল৷ তেওঁৰপৰা মটৰ চাইকেলখন লৈ মতাজনক তুলি লৈ যাবলৈ ধৰিলে৷ মোক ক’লে- “আমি আহিলোঁ৷
আপুনি উভতি যাওক৷” মইনো ক’ত উভতি যাওঁ৷ মৰিলেও
মৰিম বুলিহে আহিছোঁ৷ সেয়ে মটৰ
চাইকেলৰ পিছে পিছে দৌৰিবলৈ ধৰিলোঁ৷ পৰ্বতৰ গাৰ ওখোৰা-মোখোৰ বাট৷ মটৰচাইকেল আগুৱাব
নোৱাৰে৷ মই কোবাুকবিকৈ খোজকাঢ়িয়ে
লগ লাগোঁ৷ এনেকৈ গৈ গৈ থাংলাং পাৰ
হ’লোঁ৷ ফাংচ’ গাওঁ পালোঁগৈ৷ তাতেই নিশা হ’ল৷ মটৰ চাইকোলো গৈ পালে৷ ময়ো
গৈ পালোঁ৷ তাৰেই এঘৰত সোমাল৷
ছটা ডেকা ল’ৰা৷ হাতত বন্দুক৷ ঘৰৰ গৰাকীক আদেশ দিলে,
: আলহীক চাহ বনাই দিবি, যা৷
যেনিবা তাৰহে ঘৰ! ভয়তে ঘৰৰ গৰাকীয়ে
আমাক চাহ দিলে৷ তেতিয়া আকৌ ক’লে,
: আজি ৰাতি ঘৰৰ মুৰ্গী মাৰি আলহীক খুৱাবি ৷
ঘৰৰ গৰাকীয়ে কাওবাও
কৰি ক’লে,
: ঘৰত মুৰ্গী নাই
, চাৰ৷ চুবুৰীয়াৰ মুৰ্গীহে চৰিবলৈ আহিছে৷
:এহ! সকলোৱে এনেকৈ
কয়৷ চুবুৰীয়াৰ মুৰ্গী বুলি মিছা মাতে৷
মুৰ্গী মাৰি জোল ৰান্ধি আলহীক খাবলৈ দিবি, যা৷
ভয়তে গৰাকীয়ে মুৰ্গী
মাৰি আমাক খাবলৈ দিলেনে নাই! নিশা আমাক ৰখিবলৈ বুলি সিহঁতে তাতেই ৰৈ দিলে৷ ওচৰতে কেম্প আছিল হবলা৷ তাৰেপৰাই টিভি আনিলে৷ ফিলিম্ আনিলে৷ জেনেৰেটৰ লগাই গোটেই নিশা
ফিলিম্ চাই পাৰ কৰি দিলে৷ ঘৰৰ গৰাকী, আমাৰ
মতাজন, মোৰ- কাৰো টোপনি নাহিল, আই৷ পিচদিনা আকৌ মোক ক’লে- “আপুনি লগে লগে নাহিব৷ ইয়াতে থাকক৷” মতাজনক ক’লে- “আপুনি ব’লক৷” ইয়াৰপৰা মটৰ চাইকেল
চলিব নোৱাৰে৷ খোজকাঢ়ি সিহঁতজাক আগে আগে গ’ল৷ ময়ো পিচে পিচে
যাবলৈ ধৰিলোঁ৷ গাঁওবোৰ চিনি নোপোৱা হৈ আহিল৷
আৰাখেতিৰ শইচ কটাৰ
সময়৷ পথাৰত জাকে জাকে মানুহ৷ আমাৰ আগে-পিছে বন্দুক লৈ উগ্ৰপন্থীৰ দল৷ পিছতহে গম পালোঁ,
পথাৰৰ মানুহে হেনো ভাবিছিল- এয়া উগ্ৰপন্থীৰ দলৰ নেতা৷
উগ্ৰপন্থীৰ ৰজা- ৰাণী আহিছে৷ দল বান্ধি আহিছে৷ মূৰ তুলি দেখিলোঁ
এজোপা পাখি-উৰহী গছত লমা-লমে উৰহি লাগিছে৷ গছজোপাকে বাটৰ চিন হিচাপে মনত ৰাখিলোঁ৷ মাজে
মাজে ৱায়াৰলেছ চেট এটা লৈ এটাই দলৰ নেতাৰ স’তে কথা পাতে- “চাৰ! মাইকীজনী নেৰে৷ লগে লগে আহিছে৷” এটা সময়ত বোলে আদেশ আহিল–“আহিবলৈ দিয়ক৷” গৈ গৈ যেনিবা যেনে- তেনে
সিহঁতৰ কেম্প পালোঁগৈ ৷ বাঁহৰ পাইপ লগাই নিজৰাৰপৰা পানী বোৱাই আনিছে৷ তাতেই ভৰি- হাত ধুলোঁ৷ আমাক এঠাাইত বহিবলৈ
দিলে৷ বন্দুক লোৱা দলটো আঁতৰি গ’ল৷ নেতাজন ওলাই আহিল৷ হাতত এটা চুটি বন্দুক৷
লগত এক ডজনমান চিকিঅ’ৰিটি৷ হাতত এ কে চিৰিজৰ ৰাইফল৷ লিডাৰে মতাজনক হেণ্ডচেক কৰিলে- “চাব্বাচ! মতাৰ লগে লগে
আহিলে যে, সেইবাবে ধন্যবাদ৷” মোলৈ
চাই ক’লে- “নবৌ, ইমান কষ্ট
কৰি কেলেই আহিলে?” এইবাৰহে মই মুখ
খুলিলোঁ- “ ছাৰ, জানিবলৈ আহিলোঁ, মোৰ মতাজনৰ
বা কি জগৰ হ’ল? আপোনালোকৰ বা কিনো
জগৰ লগালে? মই নিজেই
জানি ল’ব লাগিব, ছাৰ৷ মণিৰাম লেক্থেৰ দৰে মোৰ মতাজনক মাৰি দিলেও মই তেওঁৰ জগৰটো আপোনাৰপৰাই
জানি লব লাগিব৷ আনৰপৰা জানিলে শান্তি
নাপাম৷ সেইদেখিহে লগে লগে আহিলোঁ৷” তেতিয়াহে নেতাই ক’লে- “বিশ্বনাথ চাৰিআলিৰ আপোনালোকৰ আলহী এজন আমাৰ দলৰ সদস্য৷
সিদিনা দলৰপৰা ওলাই চাৰেণ্ডাৰ কৰিলে ৷ এতিয়া আপুনি হয় তাক
ধৰি আনি দিয়ক, নহ’লে সংগঠনত পাঁচ লাখ টকা দিয়ক৷”
পাঁচ লাখ টকাৰ কথা
শুনিয়েই মোৰ মতাজন বাগৰি পৰাৰ দৰে
ন’হলজানো! মইহে ধৈৰ্য ধৰিলোঁ৷
ছোৱালী দুজনীৰ মুখ দুখন মনলৈ আহিল৷ নেতাজনৰ
হাতে-ভৰিয়ে ধৰিলোঁ৷ সংঠনৰপৰা ওলাই আৰ্মিৰ কেম্পত থকা ল’ৰা কেনেকৈ ধৰি আনিম? সিফালে জনমটো গলেও পাঁচলাখ টকানো ক’ৰপৰা পাম? আমাৰ কন্দা-কটা
দেখি একলাখ টকাত মান্তি
হ’লগৈ৷ মোক থাংলঙত থৈ আহিবলৈ নিৰ্দেশ
দিলে৷ মতাজনক ৰাখি থ’লে৷ তেহে উভতি আহি
মই টকা বিচৰাত নামি পৰিলোঁ৷ গিয়াতি
চপালোঁ৷ চাহপাত নিয়া এজেণ্টজনৰপৰা আগতীয়াকৈ
টকা ল’লোঁ৷ বহুতে ধাৰ দিলে৷ কিছুমানে পাঁচ-দহহাজাৰ দি সহায়ো কৰিলে৷ এনেকৈ এক লাখ গোটালোঁ৷ জনমত দেখি নোপোৱা টকা৷
দিয়াৰ সময়ত গাঁওবুঢ়া- গাঁওবুঢ়ানীয়ে সাক্ষী হ’বলৈ মান্তি
হ’ল৷ টকাখিনি দেখিয়ে গাওঁবুঢ়ানী
থৰ লাগিল৷ চকু ডাঙৰ কৰি
সুধিলে- “আও! ইমানবোৰ নতুন নতুন পইচা! কেনেকে লোকক দিব?” মই বোলো- “টকা ডাঙৰ নহয়, মানুহজনহে ডাঙৰ৷ টকা দিবই লাগিব৷” এই ঘটনাৰ পাছত আৰু এবাৰ তেনেকৈ
এবাকচ টকা দেখিছিলোঁ, আই/ এই কাৰ্বি পৰ্বতৰ বহু ঠাই
বড়োগোষ্ঠীৰ মানহৰো বাস৷ নিৰ্বাচনত
আকৌ আমাৰ মানুহজনৰ দলে সেই মানুহবোৰৰ ভোট নাপায়৷
তাৰ পাছত এবাৰ দলৰ নেতাই মোক সেই ঠাইবোৰলৈ লৈ গ’ল৷ ক’লে- “নবৌ, এইফালে আহক৷ অলপ সহায় কৰি দিয়ক৷” তেতিয়া দখনা পিন্ধি বড়ো গোষ্ঠীৰ গাঁওবোৰত
সোমাই মই মানুহক
বুজাবলৈ ধৰিলোঁ৷ সেইবাৰ দলে সেই ঠাইবোৰত বহুত ভোট পালে, আৰু নিৰ্বাচনত জিকিল৷ তেতিয়াহে মোক গুৱাহাটীলৈ মাতি নি
গামোচা পিন্ধাই আদৰি নললে জানো! উপহাৰ হিচাপে নিশা হোটেললৈ আহি এক বাকচ টকাও
দিছিল৷ কিন্তু মই সেই টকা নললোঁ, আই৷ ওপৰতে পোৱা টকা ল’বলৈ মনে
ন’কলে৷ ক’লো- “পাৰিলে মানুহজনক
চাকৰি এটাকে দিয়ক৷” যি নহওক- সেইদিনা এনেকৈ গাঁওবুঢ়া-
গাঁওবুঢ়ানীক সক্ষী কৰি টকাটো দিয়াতহে উগ্ৰপন্থীয়ে মানুহজনক এৰি
দিলে৷ পুৰা চৌব্বিছ দিন ৰাখি থ’লে নহয়৷ সেই ধাৰ মাৰিবলৈ আমাৰ বৰ কষ্ট হ’ল৷ বহু দিন লাগিল৷
এই ঘটনাৰ পাছৰেপৰা মানুহজন মুজুৰা পৰি গ’ল৷ এফালে ৰাজনীতিত নিজৰ গিয়াতি মানুহৰ খোৱা-কামোৰা, আনফালে লীজৰ দলিলৰ নামত গোষ্ঠীবোৰ
মানুহৰ মাটি ওলাই যোৱাৰ বেদনা৷ দলিলবোৰ চাই চাই দেখিছিল গোষ্ঠীৰ হাতৰপৰা আশী-নব্বৈ বছৰলৈকে মাটিবোৰ ওলাই গৈছে৷ পোৱাৰ নামত প্ৰতিবছৰে বিঘাই প্ৰতি এহেজাৰ টকা পায়৷ এয়া অন্যায় ন’হল জানো! অনিয়ম হ’লনে নাই! ক্ষমতা পাই
দলৰ নেতায়ো মানুহৰ কথা পাহৰি গ’ল৷ গাড়ী-মটৰ, টকা-পইচা, মাটি-বাৰীতে মতলীয়া হ’ল৷ মোৰ মানুহজনক
ৰাজনীতিয়ে আমুৱালে৷ গাটোত বেমাৰেও থিতাপি
ল’লে৷
এনেকৈয়ে এদিন বেমাৰী
গাৰেই চৰকাৰী কামত মটৰ চাইকেল লৈ বোকাখাতলৈ যাবগৈ লগীয়া হ’ল৷ নিশা তাতেই থাকিল৷ পিচদিনা আবেলি উভতি আহিবলৈ ওলাল৷ যিসকলে লগতে লৈ গৈছিল সিহঁত অলপ
পিচ পৰিল৷ মানুহজনে ৰাজআলিৰে অকলে আহি থাকোঁতে শিল টনা ট্ৰাকৰ খূন্দাত উফৰি পৰিল৷ থিতাতেই
হেৰাই গ’ল, আই৷ কোনোৱে ক’লে এইটো দূৰ্ঘটনা, কোনোৱে ক’লে ছল কৰিহে মাৰিলে৷ লগতে লৈ যোৱা মানুহক সন্ধিয়াখন অকলে আহিবলৈ কিয় দিলে- এইটোতে সন্দেহৰ থল নাথাকিল নে? গোষ্ঠীৰ মানুহৰ মাটি ৰক্ষাৰ হকে মাত মতাৰ বাবে
কোনোবাই এনে কাণ্ড সংঘটিত
কৰালে নেকি৷ জানিবলৈ উপায় নাথাকিল৷ চকুৱে ধোঁৱা-কোৱা দেখিলোঁ৷ কি হ’ব! ছোৱালী দুজনীৰ মুখলৈ চাই দুখ কৰিবলৈও পাহৰি থাকিলোঁ৷ এজনী কলেজ পাইছে,আনজনী হাইস্কুলত
৷ পঢ়া-শুনাতো ভাল৷
পিছেআই! ভাল মানুহৰ শতৰু থাকিলেও সহায় কৰোঁতাৰো অভাৱ নাই
৷ মানুহজন হেৰাল বুলি খবৰ কৰিবলৈ
অহা মানুহেই হাতত টকা-সিকা এগাল তুলি দিলে৷ ষাঠি হেজাৰৰ ওপৰত টকা উঠি আহিল৷ মৰা সকাম শেষ হোৱাৰ পিছতো হাতত
টকা থাকি গ’ল৷ মূখ্যমন্ত্ৰীৰ পূঁজিৰপৰা পঞ্চাশ হাজাৰ টকা পালোঁ৷ পঢ়া খৰছৰ বহুখিনি জোৰা মৰিল৷ গোষ্ঠীৰ
বাহিৰৰো অনেকে সহায় কৰি দিলে৷ ডেকা উপাধিৰ এজনে ক’লেহি- “নবৌ, এইটো এম এ চি টি কে’চ হ’ব৷ মটৰ দুৰ্ঘটনাৰ
কে’চ৷ আপুনি লাগক৷
বহুত টকা পাব৷ সেই টকাৰে ছোৱালী দুজনী মানুহ কৰিব পাৰিব৷ দুখ
কৰাৰ সময় নাই৷ আপুনি লাগক৷ মই বিনা
পইচাৰ উকীল ধৰি দিম৷ ককাইদেৱে জীয়াই থাকোঁতে বহুতক সহায় কৰি গৈছে৷
আপুনি অকলশৰীয়া নহয়৷” তেওঁ সঁচাকৈয়ে উকীলো ধৰি দিলে৷ এনেকৈয়ে যুঁজ এখন দিলোঁ৷ উকীলক ঢেৰ কাগজ-পত্ৰ লাগে৷ কাগজ-পত্ৰ আনিবলৈ সদৰ বুলি ডিফুলৈ
যাব লাগে৷ তালৈকেও তাঁত- বাটি কৰিলোঁ৷ উকীলেও নিজাকৈ বহুত চেষ্টা কৰিলে৷ আমাৰ মতা-মাইকীহালৰ বয়স কমাই দিলে৷ ছোৱালী দুজনীৰ পঢ়া-শুনাৰ কথা লিখিলে৷ ফলচ কে’ছটো টনকিয়াল হ’ল৷ সময়ত ভালেখিনি টকা পালোঁ৷ ছোৱালীৰ পঢ়া-শুনা ভালকৈয়ে হ’ল৷ উকীলে আকউ কে’ছৰ টকা লোৱাৰ নামেই ন’ললে৷ সিফালে চৰকাৰকো
কৰ দিবলগীয়া ন’হল৷
: সজ কথা৷ তেনেহ’লে কাহিনী শেষ৷ এতিয়া
ব’লক৷
শেষ হ’বলৈ অলপ বাকী আছে,
আই৷ কাহিনী এটা ৰৈ গৈছে৷ সিও এটা ক’বলগীয়া কাহিনী৷ সময়ত মই
আকউ মতা এজন ললোঁ
নহয়! এম এ চি টি কে’ছটোৰ কামত অফিচে অফিচে ঘূৰিবলগীয়া হ’ল৷ কাগজ-পত্ৰ গোটাবলৈ সদৰ বুলি ডিফুলৈ যাবলগীয়া হ’ল৷ তালৈ গ’লে এদিনতে উভতি অহাৰ
উপায় নাই৷ ৰাতি খপিব লাগে৷ মানুহে তাতেই ঢেৰ কাহিনী উলিয়াই দিলে নহয়৷ বোলে, তাই লোকৰ মতাৰ পিছে পিছে বাইকত ঘূৰিছে চোৱাঁ! এনেই ঘূৰিবলৈ পাইছে নেকি! কিবা ভিতৰুৱা কথাহে আছে, দেই! টকা পাম বুলি জানিও
বহুতে হিংসা কৰিবলৈ ধৰিলে৷ বিধবাৰ জীৱন সহজ নহয়, আই! মতাজন থাকিলে কোনেও একো নকয়৷ নাথাকিলেই সাহস পায়৷ কয় বোলে, “নবৌ, আপুনি এতিয়াও
ধুনীয়া হৈ আছে৷ নতুন মতামানুহ ল’ব লাগে
নহয়৷ মতামানুহ ল’বলৈ মন নাই নেকি!” ছোৱালী দুজনীৰ মুখলৈহে চাই সকলো অপমান সহি থাকোঁ৷
টকাখিনি পোৱাৰ পাছতে ভয় বেছিহে হ’ল৷ ঘৰত মতামানুহ বুলিবলৈও কোনো নাই৷ তেতিয়া গিয়াতিৰ মানুহেই ক’লে, “মতামানুহ এজন লওক৷ সাহস এটা হ’ব৷ গোষ্ঠীত এনে নিয়ম আছে৷” সেইদেখি আকউ এজন মতামানুহ ললোঁ৷ দেওৰ সমন্ধীয় বুলিবহে পাৰি৷
মানুহজনৰো ল’ৰা-লুৰিৰ বিয়া হৈ গৈছে৷ মাইকীজনীও ঢুকাল৷ এনেকৈয়ে ভাটীবেলাত তেওঁৰ সতেই আকউ জীৱনটো আৰম্ভ কৰিলোঁ৷ লগৰীয়া বুলিবহে পাৰি৷ ডাঙৰ ছোৱালীয়ে
বাহিৰত পঢ়ি আহিলগৈ৷ উভতি আহি ঘৰৰ মাটিতে পৰ্যটনৰ সুবিধা কৰি হ’মষ্টে’ খুলিলে৷ আমাৰ নিজৰাটো, শিলবোৰ, কুৰুং, লংবুই পৰ্বত- এই সকলোবোৰেই যেন তেনে এটি কামৰ বাবেহে তাইলৈ বাট চাই আছিল! জীয়ৰীয়ে মহলদাৰে বিচাৰি আহোঁতেও জীয়া জীয়া শিলবোৰ
বেচিবলৈ নিদিলে, দেই! গছ কটাতো বাদেই, নতুনকৈ বাঁহগছ ৰুই শিলবোৰৰ ভেটি
মজবুত কৰিহে দিলে৷ ফলত কি হ’ল! লাং-ইক্পি নিজৰাটোও নতুনকৈ ঠেও ধৰি উঠিল নে নাই! কবলৈ নতুন সাধুকথা এটা ওলাল নে
নাই! পৰ্যটনৰ বতৰটো খৰালিহে আৰম্ভ হয়৷
তেতিয়া চাহপুলিবোৰ নাবাঢ়ে৷ আপডাল কৰিবলগীয়া
নহয়৷ তাতেই তাই ওখকৈ চাং
পাতি তম্বু টানি পৰ্যটকৰ
ৰখাৰ ব্যৱস্থা কৰে৷ পৰ্বতত
বগাবলৈও লৈ যায়৷ আমাৰ লতামেকুৰী বাঘৰ পৰিয়ালটো, কুৰুংবোৰ, দেও লগা বনছাগলীবোৰ দেখুৱাই আনেগৈ৷ এইটো ইক’ টুৰিজম্ বুলিহে
কয় হ’বলা! কলেজত পঢ়া ল’ৰা-ছোৱালীবোৰ আহে৷
গৱেষণা কৰাসকল আহে৷ মোকো বহুত কথা
সোধে৷
আমাৰ কাৰ্বি গোষ্ঠীত
বুঢ়া মানুহে নাতি-পুতিক আমাৰ নৈ-নিজৰা-পৰ্বত-চৰাই- গছ- বন-জীৱবোৰৰ সাধুবোৰ দি থৈ যোৱাৰ নিয়ম এটা আছে৷ এই হিচাপত আমাৰ ছোৱালীয়েও এই সাধুবোৰ
জানে৷ পৰ্যটকেও সাধু শুনি তাতেই ভোল যায়৷ সৰুজনী চাকৰিত সোমাল৷ সুখে-দুখে ঘৰ-বাৰী টনকিয়াল
হ’ল৷ ছোৱালীৰ বিয়া-
বাৰু হ’ল৷ নাতি- পুতিও পালোঁ৷ লাং-ইক্পি নিজৰাটো বাৰিষা কিমানবাৰ উপচি পৰিল আৰু কাতিমহীয়া¸ শুকাই টেটেৰা পৰিল, তাৰ জানো হিচাপ থাকিল! আৰুনো কি লাগিছে! সময় বুজি বুঢ়াকালত লগৰীয়া হোৱা সিজন মতামানুহেও বিদায় মাগিলে৷ অৱশ্যে মই অকলশৰীয়া
ন:হলোঁ, আই ৷ নাতি-পুতি, চাহৰ বাগিচা, এটি
কলি এটি পাতৰ চাহৰ কাহিনী- এইবোৰতে দিন-কাল পাৰ হৈ গৈ থাকিল৷ বহুতকে এনে চাহপাতৰ প্ৰশিক্ষণো দিলোঁ৷
সিফালে মাটি খাবলৈ
অহা দলবোৰো সলনি হৈ গৈ থাকিল৷ ৰাজনীতিত এচাম মানুহ পুৰণি হ’ল৷ নতুনকৈ এচাম আহিল৷ সকলোকে তাহানিকালত কাজিৰ ৰংহাংপিয়ে
সজাই থৈ যোৱা ঠাইখনৰ মাটি খাবলৈ
লােগ৷ আমাৰ পৰা ধন দাবী কৰা উগ্ৰপন্থী নেতাই এদিন চুক্তি কৰি ক্ষমতাত বহিল৷ আগৰ নেতাৰ দৰে সিহঁতে ফোৰোহানি মাৰি মাটি
দিবলৈ নকয়৷ আৰাখেতিৰ মাটি চিধাই কাঢ়িহে লয়৷ দে বুলিলে দিবই লাগিব৷ চুক্তি কৰিলে কি হ’ব, হাতত যে বন্দুক! আদা-হালধিৰ দামী খেতি দখল কৰি লৈ গ’ল৷ সিহঁতে পৰ্বতত অত্যাচাৰ কৰাৰ কোবতে জি-লাংছ’ৰ নিমখীয়া
পানীৰ উঁহটো শুকাই ন’গল জানো! এতিয়া আৰু তালৈ পানী খাবলৈ, নিমখীয়া মাটি চিকুটিবলৈ বনৰ জীৱবোৰ নাহে৷
অৱশ্যে এটা কথা ভাল হ’ল৷ গোষ্ঠীৰ মানুহে বুজি পালে, ল’ৰা-ছোৱালীবোৰে পঢ়া- শুনা
কৰিব লাগিব৷ নিজৰ সাধুকথাবোৰ, চৰাই-গছ-হাবি-নৈ-নিজৰাৰ
সাধুকথাবোৰ জানি ল’ব লাগিব৷ ঠাইখন, প্ৰকৃতি আৰু গোষ্ঠীৰ সতে এইবোৰৰ সম্পৰ্কবোৰ জানিব লাগিব৷ এইটোহে
ভাল কথা হৈছে, দেই৷ আমিহে নজনাতে কণা-মুণাকৈ কৰিছিলোঁ৷ সিহঁতে পঢ়ি-শুনি বুজি লৈ কৰিছে৷ মানুহে আগলৈহে চাব লাগে, নহয় জানো আই! জীৱনত এইটোকে
শিকিলোঁ বুলি ধৰি ল’ব৷ তেনেহ’লে আই! কাহিনীটো
ইমানতে শেষ হ’ল¸৷ ভুলেই হওক, ভালেই
হওক- মানুহৰ জীৱন এটা পালোঁ৷ কিবা
দোষ থাকি গ’ল নেকি! ব’লক আই৷ হাতখন দিয়ক৷ বেলি উঠিবৰ হ’ল৷
এনেকৈয়ে পুঁৱতি নিশা কাজেক
আইৰ দেহলাওটো বুঢ়ীমাইৰ স’তে যাবলৈ ধৰিলে-লংবুই পৰ্বতখনৰ ওপৰেদি, জিৰ জিৰ বতাহৰ সতে, লাং ইক্পি নিজৰাৰ জিৰিক্-জিৰিক্ মাতটোৰ সতে, লতামেকুৰী বাঘৰ পৰিয়ালটোৰ মাকজনীৰ কুহুমীয়া ওহাৰখনৰ গাখীৰতী গন্ধটোৰ সতে৷ লাহেকৈ বেলিটো ওলাই আহিবৰ হ’ল৷ পথাৰখনত নিয়ৰৰ টোপালবোৰে মুকুতাৰ দৰে জিলিকি
উঠিল৷ দিনৰ পোহৰত সংসাৰ চঞ্চল হৈ উঠিল৷ কাজেক আইতাৰ বাগিছাত পাত তুলিবলৈ নিয়োগ কৰা মাইকীমানুহ কেইজনীও আহি ওলালহি৷ মাথোন আইৰ নিথৰ দেহাটোহে দেৰিলৈকে বিছনাত পৰি থাকিল৷
বহু বেলিলৈ
বিছনাৰপৰা নুঠা দেখি গা বেয়া লগা
বুলি জীয়েকে মাত লগালেহি,
: আই আই৷
তাৰ পাছত বাগিছাৰ পাত তুলিবলৈ অহা মানুহকেইজনীলৈ চাই লংবুই পৰ্বতটো ভেদি যোৱাকৈ তাই চিঞৰি উঠিল,
: আই হেৰেই! আই হেৰেই! কোন ক’ত আছাহঁক! আয়ে দেখোন আমাক এৰি গুচি
গ’ল৷
বহু বেলিলৈ কান্দিলে
তাই৷ কান্দি কান্দি ডঁৰিক চৰাইটোৰ দৰে চকুৰ
গুৰি দুটা ৰঙা পৰি উঠিল৷ তাৰ পাছতহে সাধুকথাটোৰ
দৰেই তাইৰ কাপোৰ-কানি মলিয়ন হ’বলৈ ধৰিলে৷
***
বিশেষ কৃতজ্ঞতা : উত্তৰ-পূব ভাৰতৰ প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰা জয়ন্ত কুমাৰ শৰ্মা, বন্যপ্ৰাণী জীৱবিদ ডঃ ফিৰোজ আহমেদ, কাৰ্বি আৰু অসমীয়া ভাষাৰ সাহিত্যিক হাং মিজি হান্সে, কঁহৰা অঞ্চলৰ বাপুৰাম ইংতি, মইনা ক্ৰামচাপি, মীনা টকবিপি, চাৰলংজন তেৰণ, বাকৰিং ইংতি গাঁৱৰ গাঁওবাসী, হেমাই লেক্থে গাঁৱৰ গাঁওবাসী, ফুমেন ইংতি গাঁৱৰ গাঁওবাসী, ৰংতাৰা গাঁৱৰ গাঁওবাসী, প্ৰকৃতি সংগঠন আৰণ্যকৰ কাজিৰঙাৰ কাৰ্যালয়ৰ সমূহ কাৰ্য-কৰ্তা৷
টোকা : বাগৰি এলেকাৰপৰা দেইথৰ এলেকালৈকে কাৰ্বি লোকসকলে পৰম্পৰাগৰভাৱে বসবাস কৰি অহা পৰম্পৰাগত দুৱাৰ-বাগৰি লংৰি এলেকাৰ গোষ্ঠীজীৱনৰ অভিজ্ঞতা, তেওঁলোকে দিয়া লোককথাসমূহৰ ভিত্তিতেই গল্পটোৰ জুমুঠি নিৰ্মাণ কৰা হৈছে৷ কাৰ্বিসকলে পৰ্বতত মাটিত জুই দি ঠাই সলাই সলাই কৰা খেতিক আৰাখেতি বুলি কয়৷ হৰলাং চাউলৰপৰা তৈয়াৰ কৰা তেওঁলোকৰ পৰম্পৰাগত পানীয়৷)
গল্পকাৰৰ ফোন : ৯৪৩৫১০৫৪১৪