এডৰা সোণালী ধান হৈ poem-niru-dutta-2024

 নিৰু দত্ত

 

মোৰ দেউতাৰ ঘামৰ

সোণালী মুকুতা আঘোণ

কুঁৱলীৰ সীপাৰে

শাওণৰ বুকুত লেটি লোৱা

আইৰ কুশলী  হাতৰ বাখৰ ।

 

উদং পথাৰখন বুকুত লৈ

দৌৰি ফুৰে এজাক ল’ৰালি

ৰবাবৰ ফুটবল গুৰিয়াই তহিলং

দদাইৰ কঠিয়াতলি ।

 

হুৰাই অনা ল’ৰালিয়ে 

আখৰত চকু থৈ

সন্ধিয়া বৰশী বায়

আইৰ আখল মলমলাই

টোকণি পুখুৰী চবিয়াই

ধৰি অনা পুঠি-দৰিকণা

বাৰীৰ ন-শাকৰ সানমিহলি।

 

গোঁসাই  ঐ,  নৰাই কটা কলাফুলৰ

অম্ল-মধুৰ বিষত মিঠাতেলৰ পৰশ!

নৰা-পেঁপাৰ ৰাগ মাৰ যায়

 চেঁচোৰৰ শিপাত 

 

শ্বেয়াৰ মাৰ্কেটৰ সূচ্যাংকৰ দৰে

কেৰিয়াৰ নামৰ বাহনত  উঠাৰে পৰা

ছেট জিপিটিয়ে খৰকৈ আঙুলি চলায়

ধাৰ কৰা মগজুত

চিন্তাৰ পাক সলাই সলাই

মৰণা এটাই ধান সৰায় ।

 

এডৰা সোণালী ধান হৈ

আঘোণ আহে দুচকুলৈ

মৌসৰা সপোনতো  চকু মুদো

কিজানি ভাগি আহে অবাধ্য সাগৰ।

           ***

সৰুপথাৰ-৭৮৫৬০১

গোলাঘাট