লোকনাথ গোস্বামী
(১)
মই বেছেৰীয়া হাইস্কুলৰ
পৰা মেট্ৰিক পৰীক্ষা দিছিলোঁ ১৯৬৯ চনত ৷ তেতিয়া দ বেছেৰীয়া গাঁৱৰ পৰা চাইকেল মাৰি গৈছিলোঁ
পৰীক্ষা দিবলৈ৷ পৰীক্ষাকেন্দ্ৰ আছিল তেজপুৰ টাউনৰ মজলীয়া স্কুলত, চৰকাৰী হাইস্কুলৰ
সমুখতে ৷ পুৱাই এমুঠি খাই লগৰ সমনীয়াৰ সৈতে চাইকেল মাৰি টাউনলৈ যোৱাটোও এক ধৰণৰ ফুৰ্তিৰ কথাই আছিল সেই বয়সত ৷ মই যিখন বেঞ্চত বহি পৰীক্ষা দিছিলো, সেই একেখন বেঞ্চতে বহা পৰীক্ষাৰ্থীজনৰ
সৈতে চিনাকি হৈ গম পাইছিলোঁ যে তেওঁ আহিছিল ঢেকীয়াজুলি হাইস্কুলৰ পৰা, নাম ৰাজেন কলিতা ৷
সেইজন ৰাজেন কলিতা পৰৱৰ্তী সময়ত মোৰ এজন ভাল বন্ধু হৈ পৰিল ৷ তেওঁ বিশ্ববিদ্যালয়ত পঢ়ি
থাকোঁতেই লগ পাইছিল গোলাঘাটৰ ছোৱালী অৰূপা পটঙ্গীয়াক ৷ এই অৰূপা পটঙ্গীয়াই ৰাজেন কলিতাৰ
সৈতে বিয়া হৈ পাছলৈ অৰূপা পটঙ্গীয়া কলিতা হ’ল ৷ সেই সূত্ৰেই বৰ্তমান অসমৰ সাহিত্যজগতৰ
এগৰাকী বিশিষ্ট সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতা আমাৰো পৰম সুহৃদ হ’ল ৷
মেট্ৰিক পৰীক্ষা
দিয়া বছৰত ঘটা এটা বিশেষ ঘটনাৰ কথা ইয়াত উল্লেখ নকৰিলে স্মৃতিকথা আধাখনীয়া হ’ব ৷ পৰীক্ষা
দিয়াৰ পাছত এক প্ৰকাৰ উদঙীয়া গৰুৰ লেখিয়াকৈ যেনি তেনি ঘূৰি ফুৰিব পাৰিছিলোঁ ৷ চাইকেল
এখন পালেতো কথাই নাই ৷ দিনটোত ইবেলা যদি গাঁৱত থাকোঁ, সিবেলা টাউন পাওঁগৈ ৷ তেনেকৈ এদিন
ঘৰৰ ওচৰৰে চিনাকি মানুহ এজনৰ চাইকেল এখন লৈ
টাউনলৈ ঢাপলি মাৰিছিলোঁ ৷ টাউনলৈ গৈ দেখিলোঁ মানুহবিলাকে বাটে-পথে জুম বান্ধি-বান্ধি
কথা পাতি আছে ৷ কথা-বতৰাবিলাক দূৰৰ পৰা শুনি গম পালোঁ যে বিষ্ণু ৰাভা ঢুকাইছে ৷ লগে লগে কলিবাৰীলৈ
গুচি গ’লোঁ ৷ কলিবাৰী আকৌ মোৰ শৈশৱৰ ওমলা ঠাই ৷ মোৰ ডাঙৰজনী বাইদেউ (তিলু বাইদেউ) কলিবাৰীলৈ
বিয়া হৈছিল ৷ ভিনদেউৰ নাম আছিল হলধৰ ভাগৱতী ৷ বাইদেউ-ভিনদেউহঁতৰ ঘৰৰ ঠিক সমুখতে বিষ্ণু
ৰাভাৰ ঘৰ ৷ গতিকে বাইদেউহঁতৰ ঘৰলৈ পুৱা গধূলি যেতিয়াই যাওঁ, তেতিয়াই বিষ্ণু ৰাভাক সমূখৰ
ঘৰত প্ৰায়েই দেখিবলৈ পাওঁ ৷ তেতিয়া কিন্তু বিষ্ণু ৰাভা সম্পৰ্কে তিমান জনা নাছিলোঁ, পাছলৈ
যিমান জানিছিলোঁ৷ বাইদেউহঁতৰ ঘৰত থাকোঁতে সঘনাই দেখিবলৈ পোৱা এটা দৃশ্যৰ কথা কেতিয়াও
পাহৰিব নোৱাৰোঁ ৷ ৰাতিপুৱা উঠি প্ৰায়ে দেখোঁ বিষ্ণু ৰাভা নামৰ মস্ত শকত-আৱত মানুহজন দুহাতে
দুটা বাল্টিং লৈ ভিনদেউহঁতৰ কুঁৱাৰ পৰা পানী নিবলৈ অহাৰ দৃশ্য ৷ বহুত দ কুঁৱা, হুইল
লগাই শিকলিৰে পানী তুলিব লাগে ৷ সেয়ে কোনোবাই পানী উঠালেই হুইলৰ কৰ্কশ শব্দ শুনিবলৈ
পোৱা যায় ৷ তেতিয়াই আমি গম পাওঁ বিষ্ণু ৰাভা পানী নিবলৈ অহা বুলি, কিন্তু সেইজন বিষ্ণু
ৰাভা যে ইমান ডাঙৰ আৰু বহুমুখী প্ৰতিভাসম্পন্ন মানুহ, পাছতহে অলপ অলপকৈ বুজিব পাৰিছিলোঁ ৷
সেইদিনা আগবাঢ়ি গৈ
কলিবাৰী পাই দেখিলোঁ বহুত মানুহ গোট-পিট খাইছে বিষ্ণু ৰাভাৰ ঘৰৰ সম্মুখত ৷ সৎকাৰৰ কাৰণে
মৰাভৰলীৰ পাৰলৈ নিয়াৰ যো-জা চলাইছে তাত উপস্থিত গুণমুগ্ধ মানুহ বিলাকে ৷ ময়ো বাইদেউহঁতৰ
ঘৰতে চাইকেলখন থৈ মানুহবোৰৰ পিছে পিছে গৈ মৰাভৰলীৰ পাৰ পালোঁগৈ ৷ ভ্ৰাম্যমান থিয়েটাৰৰ
অন্তিম-দৃশ্যৰ দৰে এজন সঁচা অৰ্থত ডাঙৰ মানুহৰ জীৱনাৱসানৰ অন্তিম-দৃশ্যৰ সাক্ষী হৈ
ৰ’লোঁ একো নজনাকৈয়ে, নভবা নিচিন্তাকৈয়ে৷ জীৱনত কোনো কালে পাহৰিব নোৱৰা এক অভূতপূৰ্ব অভিজ্ঞতা বুকুত
বান্ধি লৈ ঘৰলৈ ঘূৰি আহিলোঁ ৷
পাছত কবি হীৰেন ভট্টাচাৰ্যৰ
কবিতাৰ বুকুত মই স্বচক্ষে দেখা সেই বাস্তৱ দৃশ্যৰ এক কল্পচিত্ৰ দেখি তবধ মানিছিলোঁ ৷
গুৱাহাটীত থাকিয়েই কবিয়ে কবিতাৰ ভাষাৰেই আঁকিছিল সেই দৃশ্যপট, যি দৃশ্যপট মই সিদিনা
তেজপুৰত থাকি বাস্তৱত দেখিবলৈ সক্ষম হৈছিলোঁ ৷ কবিতাটোৰ কিয়দংশ তুলি ধৰা হ’ল-
চকুৰ পানীৰে ভৰি উঠে
মোৰ আইৰ দুচকু
এতিয়া কি সতে মই
ঘৰলে ওভতো
তোমাৰ সেই গৰ্বিত বুকু
ৰঙা কাপোৰেৰে ঢাকি থলো
সাগৰ স্পন্দিত দেহ
কান্ধত তুলি ল’লো
এতিয়া কি সতে
মই ঘৰলে ওভতো— (হীৰুদা)
(২)
১৯৬৯ চনটো মোৰ কাৰণে
কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ আছিল ৷ প্ৰথম, বিষ্ণু ৰাভাৰ মৃত্যুবৰ্ষ ৷ দ্বিতীয়তে মোৰ
মেট্ৰিক পৰীক্ষা দিয়া আৰু লগতে তাৰ ফলাফল ঘোষণা ৷ ফলাফল বোলোঁতে তাৰো এক আমোদজনক কাহিনী
আছে ৷ মেট্ৰিকৰ ফলাফল (ৰিজাল্ট) তেতিয়া গুৱাহাটীৰ পৰা প্ৰথম টেলিফোন এক্সেঞ্জলৈ ৰাতিয়েই
পঠিওৱাৰ এটা প্ৰথা আছিল ৷ এক্সেঞ্জে পুৱাৰ ভাগত বাহিৰৰ বেৰত তালিকাখন মাৰি দিয়ে ৷ মানুহবোৰে সেই তালিকাখন চায়েই ফলাফল সংগ্ৰহ কৰে ৷ মাজুদাদা (মোহিনী গোস্বামী, বৰ্তমান প্ৰয়াত) পুৱাতেই গ’ল মোৰ ৰিজাল্ট আনিবলৈ ৷ দুপৰীয়ালৈকে তেওঁ ঘূৰি নহা দেখি ঘৰত সকলোৰে চিন্তা হ’ল ৷ এটা সময়ত
বিমৰ্ষ মনেৰে দাদা আহি ঘৰ ওলালহি ৷ মাজুদাদাৰ মুখখন দেখিয়েই চবে অনুমান কৰিছিল খবৰ ভাল
নহয় বুলি ৷ মাজুদাদাই বৰ দুখ মনেৰে জনালেহি যে এক্সচেঞ্জলৈ নাম (ৰোলনং) অহা নাই ভাইটিৰ ৷
চবেই মোৰ মুখলৈ চালে ৷ মই কিন্তু বেপৰোৱা হৈয়ে আছিলোঁ ৷ মোৰ দৃঢ় বিশ্বাস আছিল যে মই পাছ কৰিমেই ৷ সেয়ে পাছদিনালৈ অপেক্ষা কৰিলোঁ ‘আছাম ট্ৰিবিউন’খন অহালৈ ৷ আগদিনাৰ বাতৰি কাকতখন গুৱাহাটীৰ পৰা আহি পাছদিনা দুপৰীয়া বাৰমান বজাত তেজপুৰ পায়হি ৷
‘আছাম ট্ৰিবিউন’ত ফলাফল চাবলৈ পালেহে আশ্বস্ত
হ’ব পৰা যাব ৷ কাকতৰ এজেঞ্চি আছিল চহৰৰ মাজমজিয়াত ‘মেইন ৰোড’ত থকা ‘চক্ৰৱৰ্তী এজেঞ্চি’৷
মাজুদাদা পুৱাই গ’ল টাউনলৈ কাগজখন আনিবলৈ ৷ মোৰো কিবা এটা কাম আছিল টাউনত, কিছু পলমকৈ ময়ো
গ’লো ঘৰৰ পৰা ওলাই ৷ পৰীক্ষাৰ ফলাফলক লৈ ঘৰৰ মানুহখিনি যিমান উদ্গ্ৰীৱ আছিল, মোৰ যেন
কোনো ব্যগ্ৰতাই নাছিল সেই অনুপাতে ৷ গৈ থাকোঁতে মাজবাটতে মাজুদাদাৰ সৈতে হওক ভেটা-ভেটি ৷
দাদাৰ মুখত হাঁহি দেখি বুজিবলৈ বাকী নাছিল ৷ চাইকেলৰ পৰা নামি কাগজখনৰ পাত লুটিয়াই ৰিজাল্টৰ
তালিকাখনত চিন দি থোৱা ৰোল নম্বৰটো দেখুৱালে ৷ একেবাৰে প্ৰথম বিভাগতে ৰোল নম্বৰটো আছে ৷ তাৰ পাছত দাদা ঘৰলৈ ঘূৰি গ’ল আৰু মই টাউনৰ
দিশত ৰাওনা হ’লোঁ৷
সন্ধিয়া গাঁৱৰ মানুহবিলাক এজন দুজনকৈ আহিছে মোৰ পৰীক্ষাৰ খবৰ ল’বলৈ ৷ তেনেই সাধাৰণ মানুহ৷ আঠুৰ মূৰলৈ একোডোখৰ
চুৰিয়া, গাত চোলা প্ৰায়ে নেথাকেই৷ গামোচাখন কিন্তু হাতে হাতে থাকে ৷ দেউতাই চোতালতে মানুহবিলাকক
বহুৱাই কথাৰ মহলা মাৰে ৷ চোতালত গোট খোৱা মানুহখিনিয়ে মোক মূৰে-গায়ে হাত ফুৰাই আশীৰ্বাদ
দিয়ে- ‘আগলৈ আৰু ভাল কৰিবি দেই বাপু, তই গাঁৱৰ নাম ৰাখিব লাগিব কিন্তু৷’ সেই মানুহখিনিৰে বহুতে বোলে এটা সময়ত ‘টি ভি’ত মোৰ গান শুনি কৈছিল ‘আমি জানিছিলোঁ, গাোসাঁই
পোৱালিয়ে গাঁৱৰ নাম ৰাখিব ৷’ কথাবিলাক মনত পৰিলে আজিও মনটো গধূৰ হৈ পৰে ৷ তেতিয়াৰ দিনত
এতিয়াৰ দৰে ছাত্ৰ সন্থা বা তেনে কোনো অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱা সভা পাতি পৰীক্ষাত পাছ কৰা ল’ৰা-ছোৱালীক
সম্ৱৰ্ধনা জনোৱাৰ প্ৰথা প্ৰচলন হোৱা নাছিল৷
(৩)
মেট্ৰিক পাছ কৰাৰ পাছত কলেজৰ কথা আহিল৷ দৰং
কলেজতেই যে পঢ়াটো হ’ব, সেইটো খাটাং আছিল ৷ কিন্তু কলা শাখাত নে বিজ্ঞানৰ
শাখাত নাম লগাম, সেইটোহে ভাবিবলগীয়া হ’ল ৷ পঢ়া-শুনাত ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীয়ে
বিজ্ঞান পঢ়াটো ভাল বুলি এটা ধাৰণা মানুহৰ মনত শিপাই আছিল সেইখিনি সময়ত ৷ বিজ্ঞান পঢ়িলে
ডাক্তৰ, অভিযন্তা হ’ব পাৰি, চাকৰিৰ সমস্যা নাথাকে, পইচা-পাতিও হয়, লগতে ৷ সেয়া নহলে স্কুলত
বিজ্ঞানৰ শিক্ষক পদত চাকৰি পোৱাটো সহজ হয় ৷ ভাবিবলগীয়া কথা আছিল সেই সময়ত ৷ মোৰ লগৰে
দিলীপ নাথে এদিন ভেকুলী এটা ধৰি আনি কাটি দেখুৱাই কৈছিল বিজ্ঞান ল’লে, বিশেষকৈ
Biology ল’লে এইবিলাক কাম কৰিব লাগিব ৷ ডাক্তৰ হবলৈ হ’লে বায়’লজি আৰু ইঞ্জিনিয়াৰ হ’বলৈ
হ’লে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু অংক ল’বই লাগিব ৷ বিশেষ চিন্তা-ভাবনা কৰা মানুহো
নাছিল ঘৰখনত, কিয়নো আমাৰ ঘৰত কোনো বিজ্ঞানৰ ছাত্ৰ বা ছাত্ৰী নাছিল ৷ ডাক্তৰ নাইবা ইঞ্জিনিয়াৰ
হ’ব লাগিলে গোটেইকেইটা বিষয়েই পঢ়িব লাগিব ৷ আগ-পিছ নুগুণি দৰং কলেজত এবছৰীয়া পি ইউ (Pre
University) শ্ৰেণীত বিজ্ঞান শখাতs নাম লগালোঁ আৰু আটাইকেইটা বিষয়েই ল’লোঁ- পদাৰ্থ
বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু জীৱবিজ্ঞান (উদ্ভিদ আৰু প্ৰাণীবিদ্যা একেলগে )৷ তেতিয়া
পি ইউ শ্ৰেণী এবছৰীয়া আছিল ৷ ইংৰাজী আৰু অসমীয়া বিষয়দুটা লগত আছিলেই ৷
(৪)
আমি পঢ়াৰ সময়ত হাইস্কুলত
বিজ্ঞান বিষয়টো বাধ্যতামূলক নাছিল, ঐচ্ছিক বিষয়হে আছিল ৷ মই পঢ়ি থাকোঁতে ছাৰ-বাইদেউসকলে সংস্কৃত বিষয়টোতহে গুৰুত্ব দিয়া দেখিছিলোঁ, কিন্তু কিয় দিছিল সেইটো মুঠেও বুজি পোৱা
নাছিলোঁ ৷ তথাপি বিজ্ঞান বিষয়টো ঐচ্ছিক বিষয় হ’লেও লৈছিলোঁ একমাত্ৰ পৰীক্ষাৰ ফলাফলৰ সময়ত
মুঠ নম্বৰ বঢ়াবৰ কাৰণেই, কিয়নো ৩০-অৰ অতিৰিক্ত নম্বৰ মেট্ৰিকৰ মুঠ নম্বৰৰ সৈতে যোগ হৈ
ফলাফলত অলপ হ’লেও সহায় কৰে ৷ কলেজলৈ গৈ ‘পি ইউ’ ক্লাছত যথেষ্ট অসুবিধাৰ সম্মূখীন হ’বলগীয়া
হৈছিল ৷ বিষয়বিলাক একেবাৰে নতুন আৰু জটিল আছিল মোৰ বাবে ৷ অংক, বিজ্ঞানৰ ন ন সংজ্ঞাবিলাক
আয়ত্ত কৰোঁতে বহুত সময় লাগিছিল ৷ যিহেতু তাৰ তুলনাত হাইস্কুলত আয়ত্ত কৰা যৎসামান্য বিজ্ঞান
শিক্ষাৰ জ্ঞান সেই সময়ত কোনো কামতেই অহা নাছিল ৷ গাঁৱৰ পৰা চাইকেল মাৰি যাব লাগে ৰাতিপুৱাই ৷ মায়ে যি
পাইছিল তাকে ৰান্ধি-বাঢ়ি আনকেইটা ল’ৰা-ছোৱালীৰ সৈতে খুৱাই-বুৱাই পঠিয়াই দি আজৰি হৈ
ঘৰৰ কামত লাগি গৈছিল ৷ কলেজত বিজ্ঞানৰ বিষয়কেইটাৰ উপৰি অসমীয়া, ইংৰাজী দুয়োটা বিষয় বাধ্যতামূলক
আছিল ৷ দহ বজাৰ পৰা ‘থিয়’ৰি’ ক্লাছ কৰি পাছৰ বেলালৈ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ-বিজ্ঞান (প্ৰাণী
আৰু উদ্ভিদ)-ৰ ‘প্ৰেক্টিকেল’ ক্লাছ কৰিবলগীয়া হৈছিল ৷ ‘প্ৰেক্টিকেল’ ক্লাছ কৰোঁতে
কেতিয়াবা গধূলি সাত-আঠ বাজেগৈ ৷ হাতত পইচা থাকিলে ওচৰৰ দোকানত চাহ-চিংৰা বা তেনেকুৱা কিবা এটা
খাওঁ ৷ পইচা নেথাকিলে তাকো খোৱা নহয় ৷ তেনেকৈয়ে সন্ধিয়া আহি আহি ঘৰ সোমাওঁহি ৷ মায়ে কলেজৰ
পৰা অহালৈ বাট চাই থাকে ৷ ভাগৰি-জুগৰি ঘৰ আহি পোৱাৰ পাছত মায়ে খোৱাৰ ব্যৱস্থা কৰে ৷ খাই-বৈ
বিছনাত পৰিবলগীয়া হয় ৷ পঢ়া-শুনা কৰাৰ কোনো অৱকাশ নেথাকে আৰু ৷
পুৱা সোনকালে উঠি
পঢ়া-টেবুলত বহোঁ ৷ লেবৰেটৰিত ভেকুলী, পইতাচোৰা, গৰৈ মাছ, কেঁচু আদি কাটিব লাগে আৰু
ঘৰত আহি সিবিলাকৰ ড্ৰ’য়িং আঁকিব লাগে ৷ পদাৰ্থবিজ্ঞানৰ সূত্ৰবিলাকৰ ব্যৱহাৰিক পৰীক্ষা,
ৰসায়ন বিজ্ঞানৰ ভিন ভিন ৰসায়নিক প্ৰক্ৰিয়া, মিশ্ৰণৰ ব্যৱহাৰিক পৰীক্ষা-নিৰীক্ষাৰো দ্ৰয়িং
প্ৰস্তুত কৰিব লাগে ৷ কেউটা বিষয়ৰ ‘থিয়’ৰি’ পঢ়াৰ
কথাটো আছেই ৷ তাৰ লগতে অংক, ইংৰাজী আৰু অসমীয়া বিষয়বিলাকো আছিলেই ৷ মুঠতে কলেজলৈ যোৱাৰ আগতে
সকলোবোৰ সামৰি অন্ত কৰা সম্ভৱ মুঠেও নহয় ৷ তাতে আকৌ ঘৰৰ কামবিলাকো থাকে ৷ দাদাহঁতো ভাগে ভাগে নিজৰ নিজৰ কামে-কাজে ওলাই যায় ৷ গোহালিৰ গৰু হয় পথাৰলৈ
উলিয়াই দিব লাগে, নহয় এৰাল দিব লাগে, সেইটো কাম প্ৰায়ে ময়েই কৰিব লাগে, ঘৰখনৰ সৰু বুলি ৷ পুৱা-গধূলি
অলহী-দুলহী আহিলে আলপৈচান ধৰিবও লাগে ৷ সিফালে মাক চৌকাত জ্বলাবৰ বাবে লাগনি-খৰিৰ যোগান
ধৰিবও লাগে ৷ কেতিয়াবা ভঁৰালৰ ধান পুৱাৰ ভাগতে মাক উলিয়াই দিয়াৰ কামটোও ময়ে কৰিব লাগে ৷
গাঁৱৰ প্ৰায় সিটো মূৰত থকা দোকানৰ পৰা মিঠাতেল, কেৰাচিন তেল, চাহপাত, চেনি, চাবোন,
নিমখ আদি নিত্যব্যৱহাৰ্য সামগ্ৰীও আনি থৈ যাব লাগে ৷ এই সকলোখনি কৰি গা-পা ধুই নাকে-কাণে
এমুঠি গুজি চাইকেলখন লৈ লৰালৰিকৈ ওলাওঁ, চাইকেলৰ আগত বাস্কেট এটা লগাই লৈছিলোঁ কিবা-কিবি
বস্তু নিবৰ ববে ৷ মই কিতাপ-পত্ৰৰ লগতে বায়’লজি ক্লাছৰ প্ৰেক্টিকেলত ব্যৱহাৰ কৰিবৰ বাস্কেটত
‘ডিছেক্টিং বক্স’ (Dissecting Box)-টো নিতৌ লৈ
যাবলগীয়া হৈছিল৷
(আগলৈ)