ক্ষিপ্ৰকল্প গগৈ

 

প্ৰশান্ত ছাৰে স্কুলত খচ্খচকৈ কিবা লিখি দিয়া কাগজৰ টুকুৰাটো অমলে চিধাই আহি মাকৰ হাতত দিলেহি কেলেই? ছাৰৰ ৰঙা ৰঙা চকু দুটাই তেওঁ পিন্ধি থকা চশমাযোৰৰ ওপৰত বহিলৈ অমলৰ ফালে চাই তাক ধম্কিয়াই উঠা নাছিল জানো—“চিধাই গৈ মাৰক দিবিগৈ বাটত খোলা মেলা নকৰিবি!”… পিছৰ বাক্যটো লাগে বাবেই যেন অমলক লে প্ৰশান্ত ছাৰে আখৰৰ লগত কোনোমতে চিনাকি হোৱা অমলে বাক্য পঢ়িব পৰা হোৱাগৈ নাই ছাৰৰ ৰঙা ৰঙা চকু দুটা দেখিলেই অমলৰ গাত বিছাই ডকাৰ দৰে লাগে তেওঁৰ হাতৰ অঁকোৱাপকোৱা আখৰবোৰো একো
একোটা লোমশ বিছা যেনেই লাগে অমলৰ
সেইবোৰ খুলি চাবলৈ তাৰ গৰজ পৰিছে! ছাৰৰ সেইসোপা আখৰ চাবলৈ নাপালেই অমলে ভাল পায় কিতাপৰ , , , ’– তাক আঁটিছে!…

দিছেহি; চিধাই আহি কাগজৰ টুকুৰাটো অমলে মাককেই দিছেহি আৰুনো কাক দিব? ঘৰখনত কেৱল মাক আৰু সিহেকাগজৰ টুকুৰাটো পঢ়ি শেষ কৰালৈকে অমল মাকৰ ওচৰতেই ৰৈ থাকিল

       মা, ছাৰে কি লিখি দিছেনো তাত?”—অমল ভিতৰি ভিতৰি কিছু শংকিত হৈ উঠিছে; ছাৰে তাৰ বিষয়ে কিবা বেয়া ৰিপৰ্ট লিখি পঠিওৱা নাইতো! নিলিখিব যে কি মানে আছে!… মাকে কাগজৰ টুকুৰাটো পঢ়ি শেষ কৰি অমলৰ ফালে চালে; তাৰপাছত তাৰ সন্মুখত আঁঠু কাঢ়ি তাৰ সমান হৈ লে তাৰ মুখলৈ কিছুসময় চাই থাকি এইবাৰ মাকে তাক সাটি ধৰিলে

       ছাৰে কি লিখিছেনো?”—অমলে আকৌ এবাৰ সুধিলে

       অমলৰ চুলি আৰু পিঠি মোহাৰি দি মৰম কৰি কৰি মাকে লে— “মোৰ সোণ; ছাৰে কৈছে তুমি বোলে বহুত চোকা বুদ্ধিৰ ৰা! তুমি বহুত কথাই জানা! তোমাৰ মগজুটো বোলে সাংঘাটিক প্ৰখৰ! তোমাৰ দৰে প্ৰতিভাৱান ৰাক পঢ়ুৱাব পৰাকৈ বোলে সেইখন স্কুলত এজনো উপযুক্ত শিক্ষক নাই! সেয়ে তোমাক ঘৰতেই থাকি পঢ়াশুনা কৰিবলৈ কৈছে

ইমান সুখ! অমলৰ বাবে ইমান আনন্দৰ কথা! সি বাৰু কাণেৰে ঠিকেই শুনিছেনে? সি তাৰমানে মিছাতেই ছাৰৰ ৰঙা ৰঙা চকু দুটাক ভয় কৰি আছিল ইমান দিনে? তেওঁক ঘিণ কৰি আছিল অতদিনে? সেইজন ছাৰে অমলৰ কথা ইমান ভালকৈ ভাবে! অমলক ইমান ভালপায়! ছাৰৰ প্ৰতি কৃতজ্ঞতাত তাৰ কুমলীয়া মনটো ভৰি পৰিল স্কুললৈ যাবলৈ নাপালে সি ভালহে পায়স্কুলত নাম লগোৱা অমলৰ তিনিমাহ হৈছিলহে; ছাৰে বাৰু এই তিনিমাহতে তাৰ মনৰ কথা কেনেকৈ জানিলে! পৃথিৱীৰ সমস্ত আশ্চৰ্য আৰু অবিশ্বাসে এই মুহূৰ্তত অমলৰ চকুত থুপ বান্ধিলেহিমাকে তাক তেতিয়াও সাটি ধৰি আছিলমাকৰ দুগালেদি বৈ অহা গৰম চকুলো অমলৰ চোলাটোত পৰি চোলাৰ কাপোৰেদি সৰকি আহি তাৰ ছাল স্পৰ্শ কৰেহি মানে সেইখিনি চেঁচা হৈ তাক হিমশীতল অনুভূতি এটিৰে সজাগ কৰি দিয়াতহে অমলে গম পালে যে মাকে কান্দিছেনাকান্দিবনে? কোন মাকে নিজ সন্তানৰ এনে প্ৰশংসা শুনি নকন্দাকৈ থাকিব পাৰে? তাকো নিজ শিক্ষকে কৰা এনে প্ৰশংসা!…

স্কুলৰ ছাৰবাইদেউসকল, যাৰ নাম আৰু মুখ এইপৰ্যন্ত অমলে শুনিব আৰু চাব বিচৰা নাছিল; এতিয়া দেখোন বাৰে বাৰে
তেওঁলোকৰ কথাহে তাৰ মনত পৰিব ধৰিছে
তেওঁলোকক অমলে কমখন নগুৰনাগত্তি কৰা নাই! অথচ তেওঁলোকে তাক ইমান ভালপায়! সদায় প্ৰশ্ন সুধি সুধি সি তেওঁলোকক ব্যতিব্যস্ত কৰি তোলে… ‘মানুহে কিয় চৰাইৰ দৰে উৰিব নোৱাৰে’, ‘সাগৰৰ পানী কেতিয়াও নুশুকায় কিয়’, ‘পানীৰ পৰা তুলি অনা মাছ এটাক কিয় মাটিত জীয়াই ৰাখিব নোৱাৰি’, ‘ফুলবোৰ সদায় ফুলি নাথাকে কিয়’, ‘গছবোৰে আমাৰ দৰে কথা নাপাতে কিয়, খোজ কাঢ়িব নোৱাৰে কিয়’, ‘কুকুৰাই উমনি দিলে কণীৰ পৰা পোৱালি ওলায়, মানুহে উমনি দিলে কণীবোৰৰ পৰা পোৱালি ওলাব নে’… ইত্যাদি অনেক প্ৰশ্ন! তেওঁলোক কোনেও পিছে এইবোৰ প্ৰশ্নৰ সঠিক উত্তৰ অমলক দিব পৰা নাছিলসকলোৱে বিৰক্ত হৈ তাক খংহে কৰিছিলসি যে ব্যাকুল হৈ থাকে এইবোৰ কথা জানিবলৈসেইবাবেই হয়তো তেওঁলোকে মানি লৈছে যে তাৰ দৰে চোকা ৰা এটাক পঢ়ুৱাব পৰাকৈ সেইখন স্কুলত ভাল শিক্ষক নাইএয়া তাৰ বাবে কম গৌৰৱৰ কথা নে! আজি তাৰ কাষত দেউতাক থকা লে তেৱোঁ যে কিমান আনন্দ পালেহেঁতেন! দেউতাকৰ কথা মনত পৰি অমলৰ বুকুখন মোচৰ খাই উঠিব খুজিছেথাকক সেইবোৰ কথা; মিছাতেই সিহঁতৰ ভাল লাগি থকা মনবোৰ কিয়নো বেজাৰেৰে উপচাই লয়?…

অমলে সপোন দেখে আকাশত চৰাইৰ দৰে উৰি ফুৰাৰঅথচমানুহে কিয় চৰাইৰ দৰে উৰিব নোৱাৰে’, সেই প্ৰশ্নৰ উত্তৰ স্কুলৰ ছাৰবাইদেউৰ ওচৰতেই নাই দেখোন! আটাইতকৈ দামী আৰু ধুনীয়া ধুনীয়া চোলাকাপোৰ পোৱা অমলহঁতৰ ওচৰৰ তিনিআলিটোৰ দোকানখনলৈ গৈ চেপেটা নাক আৰু দীঘল দাড়িৰ দোকানী খুড়াজনক সি সুধিছিল—“আপোনাৰ ওচৰত এনেকুৱা এযোৰ কাপোৰ আছে নেকি, যিযোৰ কাপোৰ পিন্ধিলে চৰাইৰ দৰে উৰি ফুৰিব পাৰি আকাশত?” তেওঁ গৰ্গৰাই উঠে—“তামাচা কৰিবলৈ আৰু মানুহ বিচাৰি নাপালি? আহ, দাঁতমুখ ভাঙি যোৱাকৈ চৰ এপাত শোধাই দিওঁ; নিজে নিজেই উৰি ফুৰিবি আকাশত!”… আই! ইমান কষ্ট খাই উৰিবলৈ লে উৰাৰ আনন্দখিনি থাকিব অমলৰ? আকাশত উৰাৰ বিকল্প উপায় বিচাৰি এইবাৰ সি ভুমুকিয়ায় দামী দামী জোতাচেণ্ডেল পোৱা, মুখখন বৰআইৰ দাগেৰে ভৰা বৰ্ত্তাজনৰ দোকানতবৰ্ত্তাই অমলৰ আগত আকাশত উৰিব পৰা পৰম আকাংক্ষিত ৰহস্যটোৰ ভেদ ভাঙি দিয়ে—“আকাশত উৰিবলৈ আকৌ জোতাচেণ্ডেল কিয় লাগে? চৰায়ে পোকপৰুৱা খায়; সেইগুণেহে উৰিব পাৰে আকৌ! তয়ো খাবি যা”… বাঃ, এয়াহে কথা! আকাশত উৰাৰ এই সহজ উপায়টোকে আজিলৈকে তাক কোনেও দিব পৰা নাছিলবৰ্ত্তাৰ বৰআয়ে খোৱা মুখখনত আঠা লাগি ধৰাকৈ অমলৰ চুমা এটা খাবলৈ মন সেইদিনা গোটেই আবেলিটো সি পোকপতঙ্গকে বিচাৰি ফুৰিলফৰিং, উঁইচিৰিঙা, হাতীপোক, বিছা, গুবৰুৱা, কেঁচু, কুমটি, মকৰা আৰু কত যে কি! ধৰি ধৰি সিহঁতক এটা টেমাত ভৰাই যথেষ্ট পৰিমাণে পোকপৰুৱা গোটাই লোৱাৰ পাছত সিহঁতক খাবলৈ লৈহে দেখোন বিক্চিনাত অমলৰ মুখেই মেল নোখোৱা ! ‘খা, খাদোকানী বৰ্ত্তাই কৈছে নহয়, এইবোৰ খায় গুণেহে চৰাইবোৰে উৰি ফুৰিব পাৰেতয়ো পাৰিবি, খা!’ অমলৰ মুখখনে যিমানেই মেল নোখোৱাৰ প্ৰতিজ্ঞাৰে দৃঢ় হৈ আহে, সিমানেই তাৰ ভিতৰৰ দুষ্ট মনটোৱে আকাশত উৰি ফুৰাৰ সপোন এটাৰে তাক প্ৰলোভিত কৰি আনিবলৈ ধৰেএটা সময়ত তাৰ বিক্চিনাই সেই প্ৰলোভনকো জয় কৰে, আৰু তাৰ হাত দুখনে পোকপতঙ্গৰে ভৰা টেমাটো বন্ধ কৰি একাষৰীয়াকৈ থৈ দিয়েঅমলে তাৰ দুষ্ট মনটোক প্ৰবোধ দিয়ে এইবুলি, ‘সদ্যহতে এই ঘিণলগা বস্তুবোৰ মই নাখাওঁচোনবেলেগ কাৰোবাক খুৱাই চামসি যদি উৰে, তেতিয়া মই অইন খাদ্য এৰি কেৱল এইবোৰকে খাবলৈ পিছে কাক খুৱাবনো? কোনেবা খাব এইবোৰ?… নীল! নীল! সেইযে আবেলি আবেলি তাৰ লগত খেলিবলৈ আহে নীলোৎপল, যাক অমলহঁতেনীলবুলি মাতে, তাকে খুৱাবদেখিশুনি এইবোৰ বস্তু সি নাখাব পাৰে; কিন্তু ঘোল তৈয়াৰ কৰি চিনিব নোৱৰা কৰি দিলেতো খাব! এইবাৰ অমল ব্যস্ত হৈ পৰিল সি গোটাই থোৱা সমস্ত কীটপতঙ্গবোৰ একেলগ কৰি পিচি, খুন্দি সিহঁতৰ ঘোল প্ৰস্তুত কৰাতখুন্দি থাকোঁতে তাৰ নাকত লগা অকটা গোন্ধ, তাৰ গাত ছিটিকি পৰা কীটপতঙ্গৰ পেটু, দেহৰস, বিষ্ঠা আদি একোলৈকে কেৰেপ নকৰি সি মাথোঁ তাৰ কাম কৰি মুঠতে আজি সি নীলক উৰোৱাইহে এৰিব!…

নীল নুৰিলতাৰ বিপৰীতে সি পেটৰ বিষ, বমি আৰু ডায়েৰিয়াত পৰিহে থাকিলনীলৰ মাকদেউতাকে অমলৰ ওপৰত বৰষা প্ৰচণ্ড গালিশপনি আৰু তাৰ মাকৰ হাতৰ চৰভুকুকিলৰ প্ৰকোপত অমলে তাৰ জীউটোহে উৰি যোৱা যেন পালেঅমলৰ ভিতৰি ভিতৰি বহুত খং উঠিছিল মুখখন বৰআইৰ দাগেৰে ভৰা সেই দোকানী বৰ্ত্তাজনলৈ!… নীল কেইবাদিনলৈ স্কুললৈ যাব পৰাকৈ সুস্থ হৈ নুঠাৰ বাবে নীলৰ অসুস্থতাৰ কথাটো স্কুলৰ ছাৰবাইদেউসকলেও গম পালেসেয়ে অমলৰ ওপৰত কম কমকৈ লেও তেওঁলোকৰ গালিবোৰ বহুদিনলৈ বৰষি থাকিলনীল সেই তেতিয়াৰপৰা অমলৰ লগত আৰু খেলিবলৈ নহা ; স্কুলতেই যি লগ পোৱা হয় সিহঁতৰমাতবোল বন্ধ কৰি দিলে সি অমলৰ লগতমাতিবনো কিয়? তথাপি অমলে জানে, নীলৰ বৰকৈ মনত পৰিব তালৈআৰু ছাৰবাইদেউসকলেও জানো তাক পাহৰিব পাৰিব? তাৰ দৰে চোকা মগজুৰ প্ৰতিভাশালী ৰা এটাক, যাক পঢ়ুৱাব পৰাকৈ উপযুক্ত শিক্ষক স্কুলখনতেই নাই, যি কথা তেওঁলোকে নিজেই স্বীকাৰ কৰিছে, সেই ৰাটোক জানো তেওঁলোকে কোনোবাদিনা পাহৰিব পাৰিব? নোৱাৰে; কেতিয়াও নোৱাৰে!

পাছদিনাৰ পৰা ঘৰতে মাকে নিজেই অমলক পঢ়ুৱাবলৈ লে, অতি মৰমেৰেমৰম নকৰিব নে? তাৰ দৰে তীক্ষ্ণ বুদ্ধিসম্পন্ন, চোকা মগজুৰ ৰা এটাক মৰম নকৰি কাক কৰিব? অমলৰ মাকে বিয়াৰ আগতে ব্যক্তিগত স্কুল এখনত শিক্ষকতা কৰিছিল; গতিকে কিতাপ যোগাৰ কৰি দিয়াৰ পৰা তাক পঢ়ুওৱালৈকে মাকৰ কোনোধৰণৰ কষ্ট বা সমস্যা হোৱা নাছিলমাকৰ যদি কিবা কষ্ট হৈছিল, সেয়া কেৱল অমলৰ দুষ্টামিখিনিৰ বাবেহে হৈছিলএবাৰ সি এবাহ কুকুৰাৰ কণী পোৱালী উলিয়াবলৈ বুলি কণীবোৰৰ ওপৰত বহি উমনি দিছিলপিছে সকলোবোৰ কণী ভাগি তাৰ শ্ৰোণীদেশ কণীৰ বিজলেৰে জেপজেপীয়া হোৱাৰ পিছতো অমলে একান্তমনে উমনি দিয়া কামটোতে ৰত আছিলকাণ উনাই আছিল অমলে কেতিয়া সি বহি থকা উমনিটোৰ পৰা নতুনকৈ জগা কুকুৰা পোৱালিবোৰৰচিক্চিক্‌’ মাত শুনিবলৈ পাব! পিছে তাৰ পৰিৱৰ্তে সি শুনিবলৈ পালে তাৰ মাকৰ মাতহে! মাকে তাক বিচাৰি অহাৰ মাতবহুবেলিৰ পৰাই বিচাৰি ফুৰা মাকে অৱশেষত গৈ তাক কুকুৰাৰ গঁড়ালটোৰ পৰা উলিয়াই আনিছিলতাৰ এনে দৈনন্দিন দুষ্টামিবোৰতো মাকে তাক অলপো খংৰাগ নকৰাকৈ মৰমেৰে সি জানিব খোজা কথাবোৰৰ উত্তৰবোৰ দি বুজাইবঢ়াই কিতাপৰ জ্ঞানবোৰ যিমান পাৰে এফালৰ পৰা অমলক দি গৈছিলকাৰণ মাকে জানিছিল যে শিশুৰ স্বভাৱসুলভ অনুসন্ধিৎসু মনে বহুত কথা জানিব বিচাৰেসিহঁতে সোধা প্ৰশ্নবোৰত বিৰক্ত হোৱাটো উচিত কথা নহয়ৰাতি শোৱাপাটীত মাকে কোৱা ৰামায়ণ, মহাভাৰত, পুৰাণ, উপনিষদৰ সাধুবোৰ শুনি শুনি অমল টোপনি গৈছিলমাক সাৰে থাকে বহু দেৰিলৈ; ৰাটোক মানুহ কৰাৰ জীয়া সপোন এটা চকুত বান্ধি লৈ

অমলে খুব সোনকালেই আখৰ, আখৰৰ জোঁটনি, সংখ্যা আদিবোৰ ভালকৈ শিকি নিজে লিখিব আৰু পঢ়িব পৰা তাৰ কিতাপ পঢ়াৰ ধাউতি বঢ়াবলৈ মাকে এটা বুধি কৰিলেমাকে তাক একোখনকৈ কিতাপ দিব, সেয়া লাগিলে পাঠ্যপুথিৰ কিতাপেই হওক বা বাহিৰা কিতাপেই হওক, আৰু সেইখন পঢ়ি শেষ কৰাৰ পাছত কিতাপখনত থকা কথাবোৰ ঠিকমতে মাকক পাৰিলে, বা কিতাপখনৰ পৰা মাকে সোধা প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিলে পুৰস্কাৰ হিচাপে অমলক মাকে কিছু টকা দিবকথামতেই কামমাকে অমলৰ হাতত তুলি দিয়া প্ৰথমখন কিতাপ সি খৰচি মাৰি পঢ়ি শেষ কৰিলে, আৰু কিতাপখনৰ ভিতৰত থকা কথাবোৰ মাকৰ আগত কৈ সি মাকৰ পৰা পুৰস্কাৰ হিচাপে লাভ কৰিলে বিছ টকাসেয়াই আছিল অমলৰ জীৱনৰ প্ৰথম উপাৰ্জনমাকৰ পৰা পোৱা এনে পুৰস্কাৰত উৎসাহিত হৈ অমলে পঢ়ি যাবলৈ ধৰিলে ইখনৰ পাছত সিখন কিতাপতাৰ মাজতে খুব মনোযোগেৰে অমলে পঢ়ি শেষ কৰিছিল তাৰ পাঠ্যপুথিৰ কিতাপবোৰোভালকৈ পঢ়িলেহে উপাৰ্জন ভাল ! অমলৰ মনত অনবৰতে খুন্দিয়াই থকা বহুবোৰ প্ৰশ্নৰ উত্তৰ সি তাৰ পাঠ্যপুথি আৰু বাহিৰা কিতাপত বিচাৰি পাই অভিভূত হৈ পৰিছিলকিতাপেই হৈ পৰিছিল তাৰ বন্ধুস্বৰূপপাঠ্যপুথিৰ নুবুজা পাঠবোৰ মাকে অতি যত্নেৰে অমলক পঢ়ুৱাই দিছিলঅমলে এনেদৰে কেৱল মাকৰ প্ৰচেষ্টাতেই স্কুলীয়া শিক্ষাতকৈ অধিক উন্নত মানৰ শিক্ষা ঘৰতে থাকিয়েই লাভ কৰিছিল

অমলৰ দেউতাকে কেৰাণীৰ চাকৰিটো কৰা ভেঞ্চাৰ স্কুলখন চৰকাৰী বলৈ নৌপাওঁতেই কাহানিও উভতি নহাৰ বাট এটাৰে মানুহজন গুচি গৈছিলপৈতৃক সম্পত্তি হিচাপে পোৱা সাত বিঘা মাটিত তেওঁ মাধৱ নামৰ লগুৱা এটা ৰাখি খেতি কৰিছিলমাধৱ অমলৰ মাকৰ দূৰ সম্পৰ্কীয় ভায়েক; এই সংসাৰত তাৰ কেওকিছু নাইকিয়ামাধৱ আৰু অমলৰ দেউতাকৰ সন্মিলিত অহোপুৰুষাৰ্থত পথাৰৰ নদনবদন শইচেৰে তেওঁলোকৰ ঘৰৰ ভঁৰাল ভৰিছিলকোৱা হয়—‘মূৰৰ ঘাম মাটিত পৰিলে বোলে সি সোণলৈ ৰূপান্তৰিত হয়কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়কে ধৰ্ম বুলি বিশ্বাস কৰা সহনশীল মানুহজনক এদিন খেতিৰ পৰা উভতাৰ পথত মাতাল চালকৰ কক্ষচ্যুত ট্ৰাকে পিছফালৰ পৰা খুন্দিয়াইছিলঅমলৰ মাকে গোটেইখন আন্ধাৰ আন্ধাৰ দেখিছিলঅমলকে বুকুত সাবটি তেওঁ সেই কালধুমুহাৰ মাজতো থিয় দিয়াৰ সাহস গোটাইছিলবুকুত এবোজা শূন্যতা দি পাৰ হৈ গৈছিল সময়বোৰদেউতাকৰ সেই চাকৰিটো অমলৰ মাকে পাবৰ যোগ্য আছিল; আৱেদননিৱেদনো কৰিছিলকিন্তুওপৰতটকাসিকি দিমেনেজকৰি আন এজনে লে দেউতাকৰ সেই কেৰাণীৰ চাকৰিটোঅমলৰ মাকে ঘৰ চলাবলৈ আজিকালি হাঁহকুকুৰা আৰু ছাগলী পোহেমাধৱেও নতুনকৈ তাৰ পৰিয়ালটি বঢ়াইছেগতিকে অমলৰ মাকে একমাত্ৰ মানৱীয়তাৰ খাটিৰতে মাধৱৰ পৰা এতিয়া আগৰ তিনিভাগৰ দুভাগৰ ঠাইত দুভাগৰ এভাগ ফচল ৰাখেঅমলে খেতিৰ দুইএখন বনত মাধৱক সহায় কৰি দি স্ফূৰ্তি পায়কিন্তু খেতিপথাৰ কিছু দূৰত বাবে অমলে ইচ্ছা কৰিলেও তালৈ সদায় যাব নোৱাৰে

ঘৰ চলাবলৈ মাকে কৰা কষ্টখিনি অমলে নিতৌ দেখি আহিছেসিও মনে মনে ভাবে যে মাকক কিবা প্ৰকাৰে ঘৰ চলোৱাত সি সহায় কৰি দিব পাৰে নেকি! অমলে সেয়ে টকা উপাৰ্জনৰ বাবে ব্যৱসায় কৰিম বুলি এদিন মাকক শুনাই দিলে তাৰ কথা শুনি মাক হতচকিত হৈ পৰিল নহবনো কিয়? ‘ভঁৰাল নাই যদিও আকালো নাইধৰণৰ সিহঁতৰ ঘৰখন চলাবলৈ
এই কম বয়সতে অমলে ব্যৱসায় কৰিব লাগিব
, তেনে পৰিস্থিতিও এইপৰ্যন্ত আহি পৰা নাই কিন্তু মাকৰ কষ্ট কিছু লাঘৱ কৰিবলৈ, আৰু দিনটোত সি এনেই থকা সময়খিনিৰ সদ্ব্যৱহাৰ কৰিবলৈকে যে অমলে এনে কৰিবলৈ
মন মেলিছে
, সেই কথা মাকক বুজাই দিলেদিনৰ দিনটো ঘৰত থাকিলে বেয়া চিন্তা আৰু হতাশাই অমলৰ কুমলীয়া মনটোক আগুৰি ধৰে বুলি ভয় কৰিয়ে মাকে অমলৰ সেই সিদ্ধান্তত মান্তি হৈছিল; কিন্তু কেইটামান চৰ্ততসি বেছি দূৰলৈ যাব নোৱাৰিব, এই কামত সি অত্যাধিক সময় খৰচ কৰিব নোৱাৰিব, পুৱা আৰু গধূলি সি মনপূতি কিতাপ পঢ়িব লাগিব আৰু এই কামত সি বাটেঘাটে যথেষ্ট সাৱধান হৈ নিজক বচাই চলিব লাগিবঅমল মান্তি হৈছিলতাৰ মাধৱ মামাকে খেতিত উৎপাদন কৰা সতেজ আৰু পূৰঠ শাকপাছলি আৰু ফলমূলবোৰৰ লগতে সিহঁতৰ ঘৰৰ হাঁহকুকুৰাই পৰা কণীবোৰো অমলে ঘৰে ঘৰে বেচিবলৈ ললে নতুনকৈ অমলহঁতৰ ঠাইখনত
গঢ় লৈ উঠা সৰু
ৰে ষ্টেশ্যনটোত সি বাতৰিকাকত, বাদাম, চকলেট, মৰ্টন আদিবোৰ বেচিবলৈ আৰম্ভ কৰিলেঅমল দহবাৰ বছৰীয়া এটি সৰু ৰা বাবেই নেকি, তাৰ পৰা বাতৰিকাকত, ফলমূল আৰু শাকপাছলি কিনিবলৈ মানুহবোৰ আগ্ৰহী হৈ উঠা যেনেই লাগিছিলএই সৰু বেপাৰ দুটিত অমলে সন্তোষজনকভাৱে লাভ কৰি কিছু টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল, আৰু সেই উপাৰ্জনৰে মাকক ঘৰ চলোৱাত সি সহায় কৰিছিলপুৱা বাতৰিকাকত আৰু আবেলি শাকপাছলি, কণী বেচি উঠাৰ পাছত দিনটোৰ বাকী গোটেই সময়খিনি অমলে কেৱল তাৰ অধ্যয়নৰ কামতে ব্যস্ত থকা হ নতুন নতুন কিতাপ পঢ়া, নতুন নতুন কথা জনা, পাঠ্যপুথিৰ কথাবোৰ খৰচি মাৰি পঢ়ি সেইবোৰ বুজি লোৱা
আদি কামবিলাকত অমলৰ অনুসন্ধিৎসু মনটোৱে অপাৰ আনন্দ পাইছিল
ওপৰৰ শ্ৰেণীলৈ উঠা স্কুলীয়া
ৰাছোৱালীৰ পৰা সিহঁতৰ পূৰ্বৰ পাঠ্যপুথিবোৰ
মূল্য ভৰি হ
লেও অমলৰ মাকে অমলৰ বাবে যোগাৰ কৰি আনিছিলকেতিয়াবা তেওঁ বজাৰৰ পৰা আন কিতাপৰ লগতে স্কুলীয়া পাঠ্যপুথিবোৰো যোগাৰ কৰিবলগাত পৰিছিলঅমলৰ স্কুল নোযোৱাক লৈ, তাৰ স্বভাৱচৰিত্ৰক লৈ সিহঁতৰ ঘৰৰ ওচৰৰ মানুহবোৰে বুবু বাবা কৰিছিল, কিবাকিবি কথা উলিয়াইছিলঅমলে সেইবোৰলৈ সমূলি ভ্ৰূক্ষেপ কৰা নাছিলকোনো কোনোৱে তাকপাগলঅভিধাৰে বিভূষিত কৰাও অমলৰ শুনা যেন লাগেঅমলে ভাবে, ‘তেওঁলোকৰ কামেই হৈছে সেইটো! তেওঁলোকৰ কাম তেওঁলোকে কৰি থাকক, আৰু মই মোৰ কাম কৰি থাকোঁচোনছাৰে কোৱা মোৰ এই তীক্ষ্ণ মগজুটোক এনেয়ে পেলাই নোৱাৰোঁ নহয়!’…

বহুদিন ধৰি বাতৰিকাকত বিক্ৰী কৰা কামটোৰ সৈতে জড়িত থকাৰ সুবাদতে স্থানীয় ছপাশাল এটাৰ লগত অমলৰ সুসম্পৰ্ক গঢ়ি উঠিছিলছপাশালটোত কাম কৰা ভালেকেইজন
লোকক অমলে চিনি পোৱাৰ
উপৰিও ছপা সম্পৰ্কত দুইচাৰিটা কাৰিকৰী কথা তেওঁলোকৰ পৰা সুধিপুছি জানি লৈছিলকেতিয়াবা বিক্ৰী নোহোৱাকৈ ৰৈ যোৱা বাতৰিকাকতবোৰ ছপাশালত ঘূৰাই দিবলৈ গৈ অমলে তেওঁলোকক সেইবোৰ কথা সুধিছিলসেই সম্পৰ্কৰ মাজেদিয়েই অমলে গম পাইছিল যে তেওঁলোকে কিছু পুৰণি, মেৰামতিৰ যোগ্য ছপাযন্ত্ৰ এটা বিক্ৰী কৰিবঅমলে তাৰ ব্যৱসায় বৃদ্ধি কৰি অধিক লাভ কৰাৰ কথা মনে মনে ভাবিয়েই
আছিল
নিজাকৈ এখন বাতৰিকাকত ছপা কৰি বিক্ৰী কৰিলে কেনে হয়! ভবামতেই কাম ছপাযন্ত্ৰটো কম মূল্যত অমলে তেওঁলোকৰ পৰা কিনি লেনিজেই লাগিভাগি তাৰ মেৰামতি কৰি অমলে নিজৰ ঘৰৰ কোঠা এটাৰ পৰাই বাতৰিকাকত ছপা কৰাৰ কাম আৰম্ভ কৰি দিলেঅমলে নিজেই বাতৰি সংগ্ৰহ কৰে, তাৰ সম্পাদনা কৰে, লিখে, ছপায় আৰু নিজে বেচেওসেইবোৰ কৰি উঠি বাকী সময়খিনিত অমলে মনপূতি নিজৰ অধ্যয়নৰ কামত লাগি যায়অমলে শোৱে কম, কাম কৰে বেছিসেই বাতৰিকাকতখনে কম সময়ৰ ভিতৰতে অমলহঁতৰ আশপাশৰ অঞ্চলটোত খলকনিৰ সৃষ্টি কৰিছিলমাত্ৰ পোন্ধৰ বছৰীয়া ৰা এটাৰ তেনে কৰ্মদক্ষতা আৰু কষ্ট স্বীকাৰ কৰিব পৰা ক্ষমতা দেখি বহুজনে অমলক সাহস দিছিল, অনুপ্ৰেৰণা দিছিলকিছু লোকে পিছে তেতিয়াও অমলকপাগল’, ‘চেৰা বলিয়াবুলি তাচ্ছিল্য কৰিবলৈ এৰা নাছিলসেইবোৰ একোলৈকে অমলে ভ্ৰূক্ষেপ কৰা নাছিলঅমলে বিশ্বাস কৰে, ‘সাফল্যৰ নিৰান্নবৈ শতাংশই হৈছে কঠোৰ পৰিশ্ৰম, মাত্ৰ এক শতাংশহে আনৰ প্ৰেৰণাইয়াত আনৰ তাচ্ছিল্য, উপলুঙা, তিৰস্কাৰবোৰৰ বাবে ঠাই ?

অমলক এবাৰ দেখা কৰি তাৰ লগত দুইএষাৰ কথা পতাৰ লগতে তাৰ ছপাশালটো চোৱাৰ হেঁপাহেৰে দৈনিক বহু মানুহ তাৰ ওচৰলৈ আহিছিলতেনেদৰেই এদিন অমলৰ ওচৰলৈ আহিছিল প্ৰশান্ত শৰ্মাসেই প্ৰশান্ত ছাৰ; যিয়ে অমলৰ দৰে প্ৰতিভাৱান ৰা এটাক পঢ়ুৱাব পৰাকৈ তেওঁলোকৰ স্কুলত এজনো উপযুক্ত শিক্ষক নাই বুলি নিজ মুখে স্বীকাৰ কৰি অমলক নিজৰ ঘৰতেই ৰাখি পঢ়াশুনা কৰাবলৈ কৈ অমলৰ মাকলৈ
চিঠি লিখিছিল
অমলৰ মনৰ পেৰাটোত থকা প্ৰশান্ত ছাৰৰ ছবিখন ধূসৰ হৈ আহিছিল যদিও ছাৰৰ সৈতে হোৱা তাৰ এই আকস্মিক সাক্ষাতে সোঁৱৰণীৰ ছাৰজনক পুনৰ চিনাকি ৰূপত তাৰ সন্মুখলৈ তুলি আনিলেকোনো কথা পাতিবলৈ নৌ পাওঁতেই অমলৰ মাকে প্ৰশান্ত ছাৰক চাহ দিবৰ বাবে মিঠাই অনোৱাবলৈ বুলি অমলক দোকানলৈ পঠিয়াই দিলে

আপুনি ইয়ালৈ কিয় আহিছে? কাগজেপত্ৰই এইকেইদিন তাৰ বিষয়ে ওলাই থকা কথাবোৰ পঢ়ি তাক হাকুটিয়াবলৈ আহিছে যদি মই আগতেই আপোনাক সাৱধান কৰি দিছোঁতাক আপোন বোলাবলৈ চেষ্টা নকৰিব!”—অমলৰ মাকে খঙেৰে লে প্ৰশান্ত ছাৰক

মই জানো আপুনি মোক বেয়া পাই আছেমোৰ ওপৰত থকা আপোনাৰ এই খং স্বাভাৱিকঅনুগ্ৰহ কৰি মোক মাফ কৰি আপোনাৰ ৰাটোক আকৌ এবাৰ আমাৰ স্কুলত দিয়কতাৰ দায়িত্ব এইবাৰ আমি আমি তাক খুব নাম কৰাই মেট্ৰিক পৰীক্ষাটো পাছ কৰাই দিম”—প্ৰশান্ত ছাৰে লে

আপোনাক আকৌ এবাৰ মোৰ ৰাটোৰ দায়িত্ব নিদিওঁ মিষ্টাৰ শৰ্মাআপুনি সেই অধিকাৰ হেৰুৱাই পেলাইছেসি কি কৰে, কি নকৰে, তাক লৈ আপুনি মূৰ ঘমোৱাৰ কোনো দৰকাৰ নাই! এতিয়াই গুচি যাওক ইয়াৰ পৰাকোনোদিন মোৰ ৰাৰ সন্মুখলৈ নাহিব!”

কিন্তু মিছেছ চলিহা …”— কিবা এটা খোজে প্ৰশান্ত শৰ্মাই, কিন্তু আধৰুৱা হৈ ৰয়

মোৰ চকুৰ আগৰ পৰা এতিয়াই আঁতৰি যাওকভৱিষ্যতলৈ কেতিয়াও মোৰ ৰাক লগ কৰিবলৈ চেষ্টা নকৰিবঅন্যথা মই আদালতৰ কাষ চাপিবলৈ বাধ্য প্ৰমাণ হিচাপে আপোনাৰ স্কুলৰ ছীলমোহৰ থকা চিঠিখন মোৰ ওচৰত আছেই! এজন সুস্থ ৰাক অসুস্থ সজাই তাৰ শৈক্ষিক জীৱনটোৰ লগতে তাৰ ভৱিষ্যতৰ গোটেই জীৱনটো ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অপৰাধত মই আপোনাৰ স্কুল বন্ধ কৰি দিয়াব পাৰোঁ!”

কিন্তু সেয়াটো মিছা নাছিল আমি যি দেখিছিলোঁ …”—পুনৰ আধৰুৱা

মোৰ ধৈৰ্যৰ পৰীক্ষা নল মিষ্টাৰ প্ৰশান্ত শৰ্মা! ভালে ভালে ইয়াৰ পৰা গুচি যাওককি সঁচা, কি মিছা, সেয়া মোৰ ৰাই আপোনাক এদিন প্ৰমাণ কৰি দেখুৱাব”—ধামকৈ দুৱাৰখন বন্ধ কৰি ভিতৰলৈ গুচি আহে অমলৰ মাককিছু সময় বহি থাকি শৰ্মাই সেমেনাসেমেনি কৰি বিলাসী গাড়ীত উঠি পিছলৈ ঘূৰি চাই চাই গুচি যায় অমলহঁতৰ দীঘল পদূলিটোৱেদি

মিঠাই আনি পাই অমলে নেদেখেহি প্ৰশান্ত ছাৰকসোধে সি মাকক, ছাৰৰ কথা

ছাৰৰ চাহ খোৱাৰ সময় ? তোক শুভেচ্ছা জনাবলৈ আহিছিলতেওঁ জানে তই বহুত আগলৈ যাবিতই বহুত উন্নতি কৰিবিতোক আশীৰ্বাদ দি গৈছে”— মাকৰ দুবাহুৰ মাজত এটা সৰু ৰাৰ দৰে সোমাই পৰে অমল

অমলৰ দেউতাকে চাকৰি কৰা স্কুলখনতে নৱম শ্ৰেণীৰ বাধ্যতামূলক ৰ্ডৰ ৰেজিষ্ট্ৰেচনটো এদিন অমলে মাধৱৰ লগত গৈ কৰি থৈ আহিলতেহে সি মেট্ৰিক পৰীক্ষাটো দিব পাৰিব! ছপাশালৰ কামবোৰ অমলে মাধৱকো শিকাই দিলে যাতে মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সি হাতত অধিক সময় পায়অমলহঁতৰ মাটিত মাধৱে গঢ়ি তোলা ফাৰ্মখন চোৱাচিতাৰ বাবে মাধৱে তিনিটা ৰাক সংস্থাপন দি ৰাখিছেসিহঁতৰ সন্মিলিত প্ৰচেষ্টাত শাকপাছলিৰ বেপাৰ, বাতৰিকাকত ছপা আৰু বিক্ৰী আদি কামবোৰ দোপতদোপে আগুৱাই গ অমলৰ আঠ পৃষ্ঠাৰ বাতৰিকাকতখন এতিয়া
দহ পৃষ্ঠাৰ হ
নতুনকৈ যোগ দিয়া মাজৰ পৃষ্ঠাটোত অমলে সি পঢ়া বাহিৰা কিতাপৰ ভাল
লগা কিছুমান তথ্য
, মহান লোকৰ জীৱনী, প্ৰেৰণাদায়ক কাহিনী কিছুমান লিখে সেইবাবেই হবলা, তাৰ বাতৰিকাকতৰ বিক্ৰী আগতকৈ বাঢ়িছেতাৰ মাজতে এদিন অমলে খুব নাম কৰি মেট্ৰিক পাছ কৰিলেনিয়মীয়াকৈ স্কুললৈ যোৱা আৰু মহঙা টিউচন লোৱা বহু ৰাছোৱালীক পিছ পেলাই ফলাফলত অমল বহু আগত থাকিলঈৰ্ষা আৰু আশ্বৰ্যত বহুতৰে চকু থৰ আনে ভবাৰ দৰে অমলে কোনো নামীদামী কলেজৰ বিজ্ঞান শাখাত পঢ়িবলৈ নগৈ সেই একেখন স্কুলতে সি হায়াৰচেকেণ্ডাৰীৰ কলা শাখাত নামটো লিখালেসেই আগৰ দৰেই সিঘৰতে পঢ়েঅমলে ইতিমধ্যেই সেই কম বয়সতে এগৰাকী সফল উদ্যোগী হিচাপে খ্যাতি লাভ কৰিছিলজীৱনত কাহানিও হাৰ মানিব নোখোজা অমলে পিছে সিমানতে ৰৈ যাব খোজা নাছিলএপাট কাঁড়ৰ দৰে আগবাঢ়িছিল সময়বোৰসেই কাঁড়ে ভেদিব তাৰ লক্ষ্য এইবাৰ অমলে নিৰ্ধাৰণ কৰি পেলাইছিলমাকে পূৰ্বৰ দৰেই প্ৰতিটো খোজতে তাক তদাৰক কৰি, তাৰ পথ প্ৰদৰ্শক হৈ থাকি বুজাই দিছিল সেই লক্ষ্যত উপনীত পৰাৰ সকলোখিনি খুঁটিনাতিহায়াৰচেকেণ্ডাৰীতো চমক লগা ফলাফল দেখুৱাই অমলে এইবাৰ ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়খনৰ স্নাতক শাখাত নাম লগালেকাৰণ, সি যিটো সপোন দেখিছে, তাক সাকাৰ ৰূপ দিবলৈ স্নাতক ডিগ্ৰী এটা বাধ্যতামূলকসি ঘৰতে থাকি পঢ়িব; মাকেও তাকেই বিচাৰেমাকে তাক উৎসাহ দিয়ে—‘তই পাৰিবিতই পাৰিবই লাগিবছাৰে কৈছে নহয়, তোৰ মগজুটো বোলে সাংঘাটিক চোকা!’…

মাধৱহঁতৰ ফাৰ্মখনলৈ নতুন নতুন মেছিন আহিল, নতুন নতুন প্ৰযুক্তি আহিল, সিহঁতৰ কষ্ট কমিল, উৎপাদন বাঢ়িল, বাতৰিকাকতখনৰ পৃষ্ঠা বাঢ়িল, ছপাশালৰ কৰ্মচাৰী বাঢ়িল, অমলৰ জনপ্ৰিয়তা বাঢ়িল, চকু চৰহাসোপাৰ ঈৰ্ষা বাঢ়িল, অমলৰ সপোন সাকাৰ কৰাৰ তাড়না বাঢ়িল, অমলৰ মাকৰ চিন্তা কমিল, … এনে বহুবোৰ বঢ়াটুটাৰ মাজেৰেই অমলে এদিন স্নাতক ডিগ্ৰী লাভ কৰিলেএতিয়া অমলৰ সমুখত কেৱল এটাই সপোন; নিজকে এজন প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তোলাৰ সপোনসেয়াই সি তাৰ মাকক দিব পৰা আটাইতকৈ ডাঙৰ উপহাৰদিনেৰাতিয়ে অমলে সেই সপোনক বাস্তৱায়িত কৰিবলৈ উঠি পৰি লাগিল

প্ৰথম চেষ্টাত সি ব্যৰ্থ সেই ব্যৰ্থতাত সি উপলব্ধি কৰিলে তাৰ দূৰ্বলতাখিনিতাৰ সেই দূৰ্বলতাক অতিক্ৰমী, পূৰ্বৰ ভুলৰ পৰা শিক্ষা লৈ অমলে অধিক শক্তিৰে পুনৰ যুদ্ধলৈ সাজু কৰিলে নিজকপূৰ্বতকৈ বিস্তৃত আৰু কৌশলী সমৰসজ্জা তথা চতুৰ ৰণনীতিৰেএইবাৰ অমল সফল ফলাফলত শীৰ্ষস্থানৰ কীৰ্তিমানসকলৰ ভিতৰতে জিলিকি আছিল অমলৰ নামটোওঅম্লান চলিহাসঁচাকৈয়ে কাহানিও ম্লান পৰিব নোখোজা এক তগ্বগীয়া শক্তিৰ প্ৰতীক এই অম্লান চলিহা; আমাৰ অমলমাকে সেইদিনা তেওঁলোকৰ ঘৰ ভৰি পৰা, অমলক শুভেচ্ছা জনাবলৈ অহা অগণন মানুহক চাহমিঠাই খুৱাই আনন্দত নোৱৰা হৈ পৰিছিলসপোন সপোন যেন লগা এক ভাল লগা শূণ্যতাত তেওঁৰ নিজকে উৰি ফুৰা যেন লাগিছিলএয়া যে সাকাৰ সপোনক অনুভৱ কৰাৰ সময়; এয়া যে উদ্যাপনৰ সময়

অমলে বিচৰাধৰণেই তাৰ আটাইতকৈ ভাল লগা শিক্ষা বিভাগটোতে সি নিযুক্তি পালেবিভাগটোৰ কাম তদাৰক কৰোঁতে অমলৰ সন্মুখলৈ আহিছিল বহুকেইটা সন্দেহজনক কেলেংকাৰীৰ লগতেবিশেষধৰণৰ এটা কেলেংকাৰী, যাৰ অন্তৰালত এজন চিনাকি মানুহ, নামপ্ৰশান্ত শৰ্মাঅমলৰ মনত সন্দেহ হৈছিল, এই ভাল মানুহজনে এনেকুৱা কাম কৰিব পাৰে জানো? এয়া আন কাৰোবাৰ ষড়যন্ত্ৰ নহয়তো? সেইদিনা অমলে তাৰ মাকৰ লগত কথাটো আলোচনা কৰিছিলমাকে কৈছিল, ‘তইনো প্ৰশান্ত শৰ্মাক কিমান দিন লগ পাইছ? তেওঁ ভাল মানুহেই নে বেয়া মানুহেই, তই জানো জান? সকলো মানুহৰে দুটা ৰূপ থাকে; এটা বাহিৰত মানুহক দেখুৱাবলৈ, আৰু এটা ভিতৰৰ ৰূপভিতৰৰ মানুহটোহে আচল, বুজিলি? তই তোৰ কাম কৰি যাতদন্তৰ নিৰ্দেশ দেকোন দোষী, কোন নিৰ্দোষী তদন্তত ওলাব নহয়

পাছদিনা হাতত পেটুৱা খাম এটা লৈ প্ৰশান্ত শৰ্মা হাজিৰ লহি অমলৰ অফিচত, অমলৰ টেবুলৰ সন্মুখতঅমলৰ আগত দাঁত চেলাবলৈ আহিছিল শৰ্মাই; কৈছিল—“তুমি দেখোন ঘৰৰে ৰাতাতে তুমি মোৰ একালৰ ছাত্ৰওএই তদন্তচদন্তবোৰ বাদ দিয়াএতিয়া এইখিনি ৰাখাচোন; পাছত লাগিলে আৰু দিম! তোমাক যিমান লাগে সিমান দিম!”

’, তাৰমানে আপুনি দোষী হয়! পিছে মই কোনটো কোণৰ পৰানো আপোনাৰ ঘৰৰ ৰা লোঁ? বেছি আপোন বলৈ চেষ্টা নকৰিব, বুজিছে? নহলে মানুহে আপোনালৈ পেলোৱা থুৰ চিটিকনি মোৰ গাতো পৰিব! ঘৰৰপৰৰ কি কথা আছে? অপৰাধ কৰিলে শাস্তি পাবই লাগিব!”

এইটো ৰাখাচোনকথাবোৰ আকৌ এবাৰ ভাবি চোৱাতুমি মোৰ ৰাৰ নিচিনা”—মুখ শুকাইছিল শৰ্মাৰ

খবৰদাৰ, মোৰ দেউতা হোৱাৰ দুঃসাহস নকৰিব! আপুনি ভালে ভালে ইয়াৰ পৰা যাওকএই দিয়ালোৱা অপৰাধৰ ধাৰা ওপৰঞ্চিকৈ আপোনাৰ ওপৰত লগাব নালাগে যদি মোৰ চকুৰ আগৰ পৰা এতিয়াই আঁতৰ হওকযাওক বুলি কৈছোঁ নহয়!”—গৰজি উঠে অমলসেপ ঢুকে শৰ্মাইশেনটো হৈ অফিচলৈ সোমোৱা শৰ্মা এইবাৰ ফেঁচাটো হৈ উভতেভাবিছিল চাগে, সৰুৰে পৰা অভাৱত ডাঙৰ হোৱা মাউৰা ৰা; টকাৰ বাণ্ডিল দেখিলে তেল পৰা মজিয়াত মানুহ পিছলাৰ দৰে পিছলিব!…

তদন্তত শৰ্মা দোষী প্ৰমাণিত হৈছিলশৰ্মাৰ একাডেমীখনৰ ভাল ৰিজাল্টৰ বাবে কাউন্সিলৰ মানুহৰ লগত থকা গোপন বুজাবুজিৰ দোষত শৰ্মা আৰু তেওঁৰ পল্টনক কাৰাদণ্ডৰ শাস্তি বিহা হৈছিলকথাটো জানি অমলৰ মাক সেইদিনা আনন্দত উৎফুল্লিত হৈ পৰিছিলতেওঁৰ ৰা যে ভৱিষ্যতে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া এজন সৎ আৰু দক্ষ বিষয়া , সেই বিশ্বাসেৰে তেওঁক আশ্বস্ত হৈ পৰা দেখা গৈছিল

অমলৰ বিয়াৰ বছৰটোতেই অমলৰ মাকে কাহানিও উভতি নহাৰ বাটটোৰে দেউতাকৰ কাষলৈ গুচি গৈছিলঅমলে হিয়াঢাকুৰি কান্দিলেযিজোপা বৃক্ষৰ ফল, ছাঁ আৰু আশ্ৰয়ে অমলক মানুহ কৰিলে, যাৰ তত্ত্বাৱধান আৰু উপদেশত অমল আজি এইটো পৰ্যায়ত উপনীত লহি, সেইগৰাকী দেৱীস্বৰূপা মহীৰূহৰ প্ৰস্থানত অমল বলিয়াৰ দৰে অমলৰ নৱবিবাহিতা পত্নীয়ে অমলক সান্ত্বনা দিলেমাতৃশোকত এটা সৰু ৰাৰ দৰে হৈ পৰা অমলক তেৱেঁই নিচুকালে

মাকৰ শ্ৰাদ্ধৰ কাজকৰ্মাদি কৰি উঠাৰ পাছত অমল এদিন ঘৰতেই আছিলমাকৰ কোঠাৰ আলমাৰিটো খুলি তেওঁৰ বস্তুবোৰ চাই থাকোঁতে আলমাৰিটোৰ এটা খাপত অমলে এখন চিঠি পালেচিঠিখন দেখিয়ে আজিৰ পৰা পঁচিছ বছৰ আগলৈ ঘূৰি যোৱা তাৰ মনটোৱে মুহূৰ্ততে চিনাক্ত কৰিলেএইখন প্ৰশান্ত ছাৰে দিয়া চিঠি! সৌ তাহানিতে এদিন স্কুলত প্ৰশান্ত ছাৰে খচ্খচকৈ কিবা লিখি তাৰ হাতত মাকলৈ দি পঠিওৱা কাগজৰ টুকুৰাটো এইটোৱেই! চিঠিখন মেলি লৈ অমলে পঢ়ি চালে, ‘শ্ৰীযুতা চলিহা, আপোনাক জনাবলৈ পাই আমি
দুঃখিত যে
, আপোনাৰ লৰা অম্লান চলিহাৰ মানসিক বিকৃতি আছে সি এটা পাগলতকৈ কোনো গুণেই কম নহয়অনুগ্ৰহ কৰি তাক আমাৰ স্কুললৈ আৰু নপঠাব আপোনাৰ লৰাক আপুনিয়ে চম্ভালক ইতি, প্ৰশান্ত শৰ্মা, অধ্যক্ষ’… চিঠিখন পঢ়ি উঠি অমলে
চকুৰ পানীৰে বাট নেদেখা হ
বহু সময় ধৰি একে জেগাতেই বহি সি কান্দি থাকিল হেৰাই যোৱা মাকলৈ আকৌ এবাৰ বৰকৈ মনত পৰিছিল তাৰ কিছুবেলিৰ পাছত সি তাৰ
পৰা উঠি নিজৰ টেবুললৈ আহিল
ডায়েৰীখন উলিয়াই লৈ অমলে তাত লিখিলে, ‘অম্লান চলিহা প্ৰকৃততে
এজন মানসিক বিকৃতি থকা মন্দবুদ্ধিৰ ছাত্ৰ আছিল
কিন্তু তেওঁৰ মাকে স্নেহময়
উমেৰে তেওঁক এজন দক্ষ প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তুলিলে

 

(বিঃদ্ৰঃমহান বিজ্ঞানী টমাছ
আলভা এডিচনৰ জীৱনত ঘটা সত্য ঘটনা এটিৰদ্বাৰা অনুপ্ৰাণিত হৈ গল্পটো লিখিবলৈ চেষ্টা কৰা
)

 

 

 ঠিকনা :

গাঁওকাৱৈমাৰী, ডাক:কলাকটা (মাছখোৱা
হৈ
),

জিলা:ধেমাজি, পিন:৭৮৭০৫৮,

         ফোন:৯৮৬৪২১৮৯৩০, ৮৬৩৮৮১৩১০৯