সাগৰ দেখিছা

 যশোৱন্ত
নিপুণ

 

‘সাগৰ দেখিছা?’  পলাশে চকীখনত
বহি সুধিছিল৷

‘দেখা নাই কেতিয়াও৷’ সোণালীয়ে উত্তৰ
দিছিল৷

‘ময়ো দেখা নাই। শুনিছোঁ
তথাপি, সাগৰ হেনো নীলা, নীলা, নীলা!’ কপিলে কৈছিল৷ অলপ ৰৈ আকৌ যোগ দিছিল, ‘আৰু
ইয়াৰ পৰা আধা ঘণ্টাৰ বাট।’ তাৰ কবিতাৰ শাৰীবোৰ ভালকৈ মনত নাছিল৷

তিনিওজনে হাঁহিছিল৷ সৰু
মেজখনত সোণালীয়ে চাহৰ কাপটো ৰাখিছিল৷ প্লেটত দুখনমান বিস্কুট৷ চাৰিওফালৰ ওখ ওখ
ঘৰবোৰৰ মাজত আকাশখন প্ৰায় অদৃশ্য হৈ গৈছিল৷ খিৰিকিৰে আকাশৰ সৰু নীলা আয়তাকাৰ খণ্ড
এটা কিবাকৈ দেখা গৈছিল৷
 

পলাশে চাহৰ কাপত চুমুক
দিছিল৷ প্লেটৰ পৰা বিস্কুট এখন তুলি লৈছিল৷ খিৰিকিৰে দেখা সৰু আকাশৰ খণ্ডটো পাৰ হৈ
বহু দূৰলৈ গুচি গৈছিল তাৰ দৃষ্টিয়ে৷

‘নীলা আকাশ, নীলিম সলিল
ৰাশি, বাধাহীন উৰ্মিমালা …’ পলাশে স্বগতোক্তি কৰাৰ দৰে কৈছিল৷
  

বিছনাখনৰ দুফালে বহি আছিল
সোণালী আৰু কপিল৷
  নিজৰ মাজতে দুয়োজন ব্যস্ত হৈ পৰিছিল৷

‘উৰ্মিমালা, উৰ্মিমালা,
আছে দূৰ দিগন্ত বিয়পি …! উৰ্মিমালা, দূৰ দিগন্তত উৰ্মিমালা! আছানে, আছানে
উৰ্মিমালা!’
 

‘কি কৈ আছা? উৰ্মিমালা?’ 
কপিলে হঠাতে মূৰ তুলি সুধিছিল৷
 

‘সাগৰত মজি আছে দাদাই৷
ইমান কবিতা কবিতা হৈ পৰিছে নহয়?’ সোণালীয়ে হাঁহি কৈছিল৷

পলাশে একো উত্তৰ দিব খোজা
নাছিল৷ কিন্তু ক’লে, ‘মই গদ্যময় মানুহ৷ কবিতা কোনো কালেই মনলৈ নাহিল৷’

‘সাগৰ দেখা নাই যদি চাই
আহোঁ ব’লা আজিয়েই৷’ অলপ সময় ৰৈ সি আকৌ কৈছিল৷

নাই৷ সিহঁতে নাযায়৷
সোণালীৰ চেক আপটো হৈ যাওক আগতে৷ তাৰ পাছতহে ভাবিব পৰা যাব৷

‘পাছত সময় পাবা জানো?’ সি
আকৌ কৈছিল৷

‘এইবাৰ নহ’লে পাছত যাম
আৰু কেতিয়াবা৷’ কপিলে উত্তৰ দিছিল৷

পলাশে সোণালীলৈ চাইছিল৷
তাইৰ যাবলৈ মন আছিল৷ কিন্তু তাই আহিছে অসুখ এটা দেখুৱাবলৈ৷ এইখন হাস্পটাললৈ কোনেও
সাধাৰণ অসুখ লৈ নাহে৷ শংকা এটা সিহঁতৰ মনত আছেই৷
 

হাজাৰ মাইল দূৰৰ পৰা
আহিছা, এতিয়া সাগৰ তোমাৰ পৰা ইমান ওচৰত, তথাপি নোচোৱাকৈ কিয় উভতি যাবা? আৰু পাছত
কিজানি উভতি আহিবলৈ তুমি সময়েই নাপাবা! পলাশে কথাখিনি ক’ব খুজিও নোকোৱাকৈয়ে থাকিল৷
উভতি আহিব খোজে সকলোৱে৷ কিন্তু সকলোৱে উভতি অহাৰ সময় নাপায়৷
 

খিৰিকিৰে সি আকৌ চাই
পঠিয়ালে৷ তাৰ দুচকুৱে আকাশৰ সৰু নীলা টুকুৰাটো পাৰ হৈ বহু দূৰলৈ গুচি গ’ল৷


… উৰ্মিলা, উৰ্মিলা,
উৰ্মিমালা, মালা, পৰী, পৰী! তুমি কি কৈছিলা মালা! যেতিয়া সাগৰ তোমাৰ ওচৰত, যেতিয়া
সাগৰ চোৱাৰ সময়, তেতিয়াই সাগৰ চাবা৷ কোনে জানে, কিজানি আমি আৰু ঘূৰি নাহোঁৱেই৷
কোনে জানে, কোন কেতিয়া ক’লৈ গুচি যায়! সকলোৱে আহোঁ বুলি ঘূৰি আহিব নোৱাৰে! ঘূৰি
আহিলেও সাগৰৰ মুখামুখি হোৱাৰ শক্তি নাথাকিবও পাৰে! কিমান সঁচা আছিল তোমাৰ কথাবোৰ!
সাগৰ আমি নেদেখিলোঁৱেই৷ কিন্তু এইবাৰ মই সাগৰ চাম৷ তোমাৰ কাৰণেই মই সাগৰৰ পাৰলৈ
যাম৷ বোধহয় মই বহুত আগতেই আহিব লাগিছিল৷ হ’লেও মই আহিছোঁ৷ আৰু সাগৰ তোমাৰ হ’ব৷
তুমি সাগৰৰ! …
 

‘কি ভাবি আছে?’  
সোণালীয়ে সুধিছিল৷ বোধহয় তাক নিজৰ মাজতেই তেনেকৈ এৰি দিবলৈ তাইৰ ভাল লগা নাছিল৷
নিজৰ সময় খৰচ কৰি পলাশ সিহঁতৰ ‘গাইড’ হৈ আহিছে৷ কাৰণ এইখন হাস্পটাললৈ সি আগতেও
দুবাৰমান আহিছে৷ তাৰ কিছু অভিজ্ঞতা আছে৷
 

‘উৰ্মিলা, উৰ্মিলা,
উৰ্মিমালা, পৰী, বহুত নাম …৷’ সি অস্ফুটভাৱে বিৰবিৰাইছিল৷

আকৌ হাঁহিছিল সোণালী আৰু
কপিলে৷ সিহঁতে সোধাৰ প্ৰয়োজন বোধ নকৰে একোৱেই
 ৷ উৰ্মিলাৰ কাৰণে কাৰো
ওচৰত অকণো সময় নাই, অকণো ঠাই নাই৷

পলাশ আকৌ তাৰ পৃথিৱীৰ
মাজলৈ ঘূৰি গ’ল৷ কিমান বছৰ পাৰ হৈ গ’ল? বাৰ বছৰ! খুব দীঘল সময়৷ সকলো কথাই পাহৰি
যাব পৰাকৈ এটা যুগ৷ সকলো পাহৰি যোৱা নাযায়৷ কিন্তু হেৰোৱা সকলোকে সহজভাৱে ল’বলৈ
বছৰবোৰে খুব ভালকৈ শিকাই দিব পাৰে৷ খালী হোৱা সকলো ঠাই আকৌ পুৰাই দিবলৈ পৃথিৱীখন
সদায় সাজু হৈয়ে থাকে৷
 

… উৰ্মিলা! মই দিয়া কিমান
নাম আছিল তোমাৰ! উৰ্মিমালা, মালা, পৰী! সেই নামেৰে কেৱল মই মাতিছিলোঁ তোমাক! তোমাৰ
এটা সৰু ঘৰ কেৱল মোৰ ওচৰত ৰৈ গ’ল৷ কোনেও তোমাক কাষত বহুৱাই ল’বলৈ, তোমাৰ স’তে এষাৰ
কথা পাতিবলৈ সময় এতিয়া নাপায়! খুব ব্যস্ত এই পৃথিৱী৷ কিন্তু মই তোমাক বিচাৰি যাব
খোজোঁ ক’ৰবালৈ, য’ত তোমাৰ আৰু এটা সৰু ঘৰ আছে, তোমাৰ কাৰণে য’ত অকণমান জিৰণিৰ ঠাই
এতিয়াও আছে, তোমাৰ কিবা অলপ চিন আছে য’ত এতিয়াও মচ খাই নোযোৱাকৈ আছে! কিন্তু কি
জানা মালা, তুমি যে গুচি গ’লা, সেইটো আৰু দুখৰ কথা হৈ থকা নাই মোৰ বাবেও৷ তোমাৰ
কথা ভাবিলে মই আগৰ দৰে আৰু কাতৰ হৈ নাহোঁ৷ গতিকে মই স্বাৰ্থপৰ নেকি মালা? আৰু
কিজানি লাহে লাহে ময়ো পাহৰি আহিছোঁ তোমাক, এই অনুভৱটোৱে মোক কেতিয়াবা খালী কৰি
নিব খোজে। সকলোৱে গুচি যায়, আৰু সকলোৱে বিস্মৃত হৈ যায়! তুমিও বোধহয় বিস্মৃত হৈ
যাবা! বৰ অসহ্য উৰ্মিলা, কাৰণ মোৰ পৃথিৱীখন বৰ সৰু৷ তাত বিস্মৃতিৰ আঘাতৰ তীব্ৰতা
খুব বেছিকৈ অনুভৱ কৰিব লাগিব মই৷ …
 

সোণালীয়ে খুব সৰুকৈ কাহ
এটা মাৰিলে৷ পলাশ উৎকৰ্ণ হৈ ৰ’ল৷ তাই আকৌ এবাৰ কাহিলে, আকৌ এবাৰ, আকৌ এবাৰ৷
 

‘কি, কি হৈছে তোমাৰ?’
পলাশে ব্যগ্ৰভাৱে সুধিলে৷

কপিল আৰু সোণালীয়ে তাৰ
ফালে অবাক হৈ চালে৷ পলাশৰ প্ৰতিক্ৰিয়াই সিহঁতক সামান্য বিমূঢ় কৰি তুলিছিল৷
 

‘তুমি ঠিকেই আছাতো৷
কাহিছাযে৷’ পলাশে উশাহটো এৰি দি সহজ সুৰ এটা আনিবলৈ চেষ্টা কৰি কৈছিল৷

সোণালীয়ে হাঁহিলে৷ ‘ঠিকেইতো
আছোঁ দাদা৷ বিস্কুট অকণমান ডিঙিত লগা যেন পালোঁ৷ বেলেগ একো নহয়৷’

পলাশে অপ্ৰতিভভাৱে
হাঁহিলে৷ ভয় খাব লগাৰ কোনো কাৰণ নাছিল৷
 

কিমান দিন পাৰ হৈ গ’ল?
তেৰ বছৰ? চৈধ্য বছৰ? উৰ্মিলাৰ কাহটো কমা নাছিল৷ ফাৰ্মাচীৰ পৰা সি ঔষধ আনি দিছিল৷
কিন্তু তাই মাজে মাজে কাহিছিল৷ তাৰ পাছত সি ডাক্তৰ এজনৰ ওচৰলৈ গৈছিল৷ কিন্তু সেই
ঔষধবোৰ খায়ো কাহটো কমিব খোজা নাছিল৷ আৰু এদিন তাই কাহোঁতে তেজ ওলাই আহিছিল৷
 

‘কি হৈছে, কি হৈছে মালা!’
সি আতংকিত হৈ পৰিছিল৷
 

‘একো হোৱা নাই৷ কিয়
চিন্তা কৰিছা৷ কাহ হৈছে, জানাই দেখোন৷’ উৰ্মিলাই তাক অভয় দিবলৈ চেষ্টা কৰিছিল৷ সি
আশ্বস্ত হৈছিল৷ তাৰ ভাগ্য ইমানো বেয়া হ’ব নোৱাৰে৷ তাৰ পৰীজনীৰ একোৱেই হ’ব নোৱাৰে৷
 

কিন্তু কাহটো কমি অহা
নাছিল৷ কাহোঁতে সঘনাই তেজ ওলাবলৈ ধৰিছিল৷ সৰু নগৰখনৰ এমূৰত থকা পৰীৰ মাকক সি মনে
মনে লগ ধৰি কথাটো কৈছিল৷ উৰ্মিলাৰ ডাঙৰ দাদা দুজনৰ বাবে পলাশৰ স’তে মালা সলনি কৰাৰ
দিনাই তাইৰ মৃত্যু হৈছিল৷ তাইৰ কাৰণে সিহঁতৰ ঘৰখনৰ দুৱাৰ চিৰদিনলৈ বন্ধ হৈ যোৱা
বুলি ঘোষণা কৰা হৈ গৈছিল৷ মাককো সাৱধানবাণী শুনাই থৈছিল সিহঁতে, ‘যদি তুমি সিহঁতক
এইখন ঘৰলৈ আহিবলৈ দিয়া, ভাবি ল’বা সেইদিনাই তোৰ এই দুটা পুতেৰো মৰিল৷’
 

তথাপি উৰ্মিলাৰ মাকে
কোনেও গম নোপোৱাকৈ আহিছিল পলাশৰ সৰু ঘৰটোলৈ৷ তেওঁ সৰু ভাৰাঘৰটোৰ দুয়োটা কোঠা, পাকঘৰটো,
বাথৰুম সকলোবোৰ ভালকৈ চাইছিল৷ মৰমৰ জীয়েকজনী কিমান কষ্টত তাত আছিল সেইটো অনুমান
কৰিবলৈ চেষ্টা কৰিছিল৷ তাইক সাৱটি ধৰি তেওঁ কান্দিছিল৷ উৰ্মিলায়ো কান্দিছিল৷
সেইদিনা পলাশৰ নিজকে এজন খলনায়কৰ দৰে ভাব হৈছিল৷ সেই বন্ধ হ’ব নোখোজা চকুপানীৰ
কাৰণে দায়ী যেন সিয়েই আছিল৷ মাক ঘূৰি যোৱাৰ পাছতো উৰ্মিলাই তাৰ লগত সেইদিনা বহু
দেৰিলৈকে কথা পতা নাছিল৷ তাৰ তাইৰ চকুলৈ চাবলৈও সেইদিনা বৰ ভয় লাগিছিল৷
 

তাৰ দুমাহমানৰ পাছত এদিন
উৰ্মিলাৰ বুকুৰ এক্সৰে
খন চাই অভিজ্ঞ ডাক্তৰজনে হতাশভাৱে মূৰ জোকাৰিছিল৷ 

‘কি হ’ল? কি হ’ল?’ ভয়ে
ভয়ে সি সুধিছিল৷

‘ইতিমধ্যেই বহুত বেছি হৈ
গৈছে৷ আমি কৰিব পৰাত আচলতে একো নাই৷’ ডাক্তৰজনে খুব সহজভাৱে উত্তৰ দিছিল৷

‘মানে এতিয়া কি আমি কৰিব
লাগিব?’ সেপ ঢুকি সি সুধিছিল৷ ডাক্তৰজনৰ মুখৰ পৰা ওলোৱা প্ৰত্যেকটো শব্দই যেন
মৃত্যুদণ্ডৰ আদেশ বহন কৰি তাক আঘাত কৰিবলৈ সাজু হৈ আছিল৷

ডাক্তৰজনে তাক বাহিৰৰ ভাল
হাস্পটাললৈ নি দেখুৱাবলৈ কৈছিল৷ চিকিৎসা বিজ্ঞানৰ বহুত অগ্ৰগতি হৈছে৷ কিবা উপায়
হয়তো ক’ৰবাত থাকিবও পাৰে৷
 

 কিন্তু পলাশৰ পকেটৰ জোৰ
খুব কম আছিল৷ লগে লগে নিওঁ বুলিলেও বাহিৰলৈ নি চিকিৎসা কৰাব পৰাৰ শক্তি তাৰ নাছিল৷

 ‘আকাশ আমাক অকণি আকাশ
দিয়া

মাটিৰ বুকুত উচুপে আমাৰ

মাটিৰ বুকুত উচুপে আমাৰ

আকাশপিয়াসী হিয়া ….’ 


কপিলৰ ম’বাইলৰ পৰা বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গানটো ভাহি আহিছিল৷
 

পলাশ বৰ্তমানলৈ ঘূৰি আহিল৷
সি থিয় হৈছিল৷ সোণালীয়ে প্ৰশ্নবোধক দৃষ্টিৰে তালৈ চালে৷ ‘ক’ৰবালৈ যাবা নেকি?’
কপিলে সুধিলে৷

‘সাগৰ চাবলৈ যাম কিজানি৷’
হাঁহি এটাৰে ৰুমটোৰ বতাহখিনি পাতল কৰি সি ওলাই আহিল৷ কপিলক আৰু সোণালীক এই সময়ত
অকলে এৰি দিয়াৰ প্ৰয়োজন আছে৷ সোণালীৰ অৱস্থাটো ইতিমধ্যে সৰুসুৰা হাস্পটালৰ আয়ত্বৰ
বাহিৰলৈ গুচি গৈছে৷ সিহঁত মানসিকভাৱেও প্ৰস্তুত হ’ব লাগিব৷

সৰু কোঠাটোৰ বিছনাখনত
নিজকে সি এৰি দিলে৷ অভ্যাসবশতঃ কোঠাটোৰ বেৰকেইখনেৰে তাৰ চকু দুটা বগাই গ’ল৷ ইয়াত
এখন কেলেণ্ডাৰ নাই৷ তাৰ নিজৰ ঘৰটোত প্ৰত্যেক বছৰেই এখন নতুন কেলেণ্ডাৰ ওলমি ৰয়৷
কেলেণ্ডাৰত সি কেইটামান চিন দি‌ থয়৷ তাৰে তিনিটা চিন উৰ্মিলাৰ বাবে৷ উৰ্মিলাই
পৃথিৱীলৈ অহাৰ, তাৰ জীৱনলৈ অহাৰ আৰু গুচি যোৱাৰ তাৰিখত সি চিন দি থয়৷ সেই দিনকেইটা
তাৰ বিশেষ দিন৷ কেলেণ্ডাৰৰ সেই চিনবোৰে পাহৰিব খুজিলেও তাক মনত পেলায় দিয়ে – সেই
গুচি যোৱাসকলো তাৰ লগে লগেই এদিন আহি আছিল৷ উৰ্মিলা তাৰ জীৱনলৈ আহিছিল, তাৰ জীৱনটো
ভৰাই ৰাখিছিল আৰু যেতিয়া গুচি গ’ল তাক একেবাৰে শূন্য ৰিক্ত কৰি থৈ গৈছিল৷ তাই নহা
হ’লে কিজানি আজি সি সিমান শূন্য হৈ নপৰিলেহেঁতেন৷


… কিজানি তোমাৰ দাদাহঁতৰ
কথাই ঠিক আছিল, উৰ্মিমালা৷ বোধহয় মোৰ জীৱনলৈ আহি তুমি নিজেই নিজকে শেষ কৰি দিছিলা৷
অইন কোনোবাই হয়তো তোমাক ধৰি ৰাখিব পাৰিলেহেঁতেন আৰু বহুদিন৷ মই কেৱল তুমি জহি-খহি
যোৱাটো চাই থাকিব পাৰিলোঁ৷ মই অসম্ভৱ দুৰ্বল আছিলোঁ, হয়তো মোৰ কোনো লক্ষ্যই নাছিল
জীৱনত, হয়তো মই সময়ত ভাল ডাক্তৰৰ ওচৰলৈ লৈ গ’লে তুমি আজিও মোৰ ওচৰতেই থাকিলাহেঁতেন৷
কিন্তু তেতিয়াও কি পালাহেঁতেন পৃথিৱীত তুমি? মোৰতো তোমাক দিবলৈ একোৱেই নাছিল৷ সৰু
ভাৰাঘৰটোত কিমান কষ্টত আছিলা তুমি৷ কিন্তু তুমি এদিনো আপত্তি কৰা নাছিলা৷ তুমি
তোমাৰ সৰুকালৰ ঘৰখনলৈ যাবলৈ মনে মনে কিমান ইচ্ছা কৰিছিলা৷ কিন্তু কি ভাবি কি জেদত
তুমি ঘূৰি নগ’লা এদিনো৷ আৰু কি জানা মালা, মই জানো মই অপদাৰ্থ, অযোগ্য৷ কিন্তু মই
ইমানেই দোষী আছিলোঁনে যে তোমাৰ এজন দাদায়ো শেহৰ সময়তো তোমাক চাবলৈ এবাৰ আহিব
নোৱাৰিলে৷ কিয় মালা, কিয়? …

পলাশ বিছনাৰ পৰা উঠিল৷
সৰু মেজ এখনত থোৱা ব্ৰীফকেছটো সি লাহেকৈ খুলিলে৷ কাপোৰবোৰৰ মাজত বগা প্লাষ্টিকেৰে
মেৰিওৱা এটা বৰ সৰু পেকেট সি উলিয়াই লৈ সেইটোলৈ সি বহু সময় চাই ৰ’ল৷

… বাৰ বছৰ! হিচাপ কৰিলে
বহুত দিন৷ আৰু বাৰটা বছৰ তুমি এনেকৈ থাকিলা৷ চোৱা, ইমানেই অযোগ্য মই, তোমাৰ শেষ
চিনটোক বিদায় দিবলৈও সময় উলিয়াব পৰা নাছিলোঁ মালা! …

সি আকৌ পেকেটটো কাপোৰবোৰৰ
মাজত থৈ ব্ৰীফকেছটো বন্ধ কৰি বিছনাত বহি পৰিল৷

উৰ্মিলা গুচি যোৱাৰ পাছত
সি প্ৰায়ে সন্ধিয়া কোনেও গম নোপোৱাকৈ শাহুৱেকৰ ওচৰলৈ গৈছিল৷ উৰ্মিলাৰ কথাৰে
শাহুৱেকৰ বুকুত খুন্দ খাই আছিল৷ তাইৰ কিমান কথা সি শুনিবলৈ বিচাৰিছিল৷ শাহুৱেকে
উৰ্মিলাৰ কথাবোৰ কৈ কৈ কোনোদিনে ভাগৰি পৰা নাছিল আৰু সি সেই কথাবোৰ শুনি গৈছিল৷
সিহঁত দুজনে তাইক নিজৰ মাজতে বহুৱাই লৈছিল৷ তাই যেন তেতিয়াও সিহঁতৰ মাজতেই ৰৈ আছিল
 
অন্ততঃ দুয়োজনৰে মাজত তাইৰ ঘৰ এখন সদায়েই আছিল আৰু দুয়োজনে লগ লাগিলেই সেই ঘৰখন
তাইৰ উপস্থিতিৰে ব্যস্ত হৈ পৰিছিল৷

… জানা মালা, তুমি যোৱাৰ
পাছত মই দাদাহঁতৰ ওচৰলৈও মই গৈছিলোঁ, কিন্তু মই একো বিচৰা নাছিলোঁ
 
তেওঁলোকৰ পৰা৷ বিচাৰিছিলোঁ মাত্ৰ তোমাক৷ কিজানি তেওঁলোকৰ বুকুতো তোমাৰ ঘৰ এখন
তেতিয়াও আছিল৷ মই সেই ঘৰখন বিচাৰি গৈছিলোঁ৷ আশা কৰিছিলোঁ কিজানি তেওঁলোকৰো তোমাৰ
বহু কথাই মোক ক’বলৈ আছে আৰু সেই কথাবোৰ কৈ কৈ কেতিয়াও তেওঁলোক ভাগৰি নপৰিব৷ কিন্তু
মই বৰ নিৰাশ হৈ উভতি আহিছিলোঁ৷ তোমাক বহু আগতেই তেওঁলোকে কিজানি পাহৰি পেলাইছিল৷
যি গুচি যায় তাক গুচি যাবলৈ দিবই লাগে মালা? ইমান প্ৰেকটিল মইতো হ’ব নোৱাৰোঁ,
কিন্তু তেওঁলোকে বোধহয় পাৰিছিল৷ হয়তো তেওঁলোকেই শুদ্ধ আছিল৷ হয়তো সেইটোৱেই নিয়ম৷
হয়তো পাহৰি যোৱাটোৱেই নিয়ম৷ …

ব্ৰীফকেছটোৰ পৰা খুব
ভালকৈ ইস্ত্ৰী কৰা কাপোৰ এযোৰ উলিয়াই সি লাহে লাহে পিন্ধিলে৷

… তুমি প্ৰায়ে কৈছিলা
মালা, মই পৰিপাটিকৈ কাপোৰ পিন্ধিবলৈও নাজানো, এটা জধলা প্ৰাণী মই৷ এতিয়া চোৱা, মই
তুমি যেনেকৈ বিচাৰিছিলা তেনেকৈয়ে ফিটফাট হৈ থাকোঁ, সদায়৷ আৰু এই চোৱা, এই পাতল
নীলা চোলাটো, কিমান ধুনীয়াকৈ ৰাখিছোঁ, নহয়নে? …

ব্ৰীফকেছটোৰ পৰা সৰু
আৰ্চী এখন উলিয়াই ল’লে সি৷ সেইখনত সি নিজৰ মুখখনলৈ কিছুসময় চাই ৰ’ল৷ মূৰতো লাহে
লাহে ফণিয়ালে৷ তাৰ কোনো খৰধৰ নাছিল৷

… আধাতকৈও বেছি চুলি পকি
গৈছে, পৰী৷ মই কিন্তু ৰং লগাই থাকোঁ৷ পকা মূৰটোৰে মোক তোমাৰ কিজানি ভাল
নালাগিলহেঁতেন, সেই কাৰণেই, বুজিছা৷ তুমি থকা হ’লে এতিয়া তোমাক কেনেকুৱা
লাগিলহেঁতেন, পৰী! তোমাৰ এখন ফটোও মোৰ লগত নাই৷ তুমি প্ৰায়ে কৈছিলা – আমি একপি ফটো
উঠিম৷ মই ভাবিছিলোঁ ফটো কিয় লাগে, আমি দেখোন কাষে কাষে আছোঁৱেই৷ মইতো শেহলৈকে
একেলগে গৈ থাকিম বুলি ভাবিছিলোঁ৷ কিজানি সেই কাৰণেই তোমাৰ সেই সৰু কথাবোৰত মই
কেতিয়াও গুৰুত্বই নিদিলোঁ, পৰী!
 

প্লাষ্টিকৰ সৰু পেকেটটো
সি আকৌ উলিয়াই ল’লে৷ চোলাৰ মোনাত থৈ সি আলফুলে হাত এখনেৰে হেঁচি ধৰি থাকিল বহু সময়৷
তাৰ চকু দুটা লাহে লাহে মুদ খাই আহিল৷

 শাহুৱেক গুচি যোৱাৰ পাছত
সি আৰু বেছি শূন্য হৈ গৈছিল৷ শাহুৱেকৰ বুকুত উৰ্মিলাৰ কিবা অলপ সদায় জীয়াই আছিল৷
চিতাৰ জুইয়ে শাহুৱেকৰ লগতে উৰ্মিলা আৰু তাইৰ সৰু ঘৰ এখনক যেন আকৌ এবাৰ সাৱটি
লৈছিল৷

… তাৰ পাছত সেই সৰু
নগৰখনত আৰু মোৰ বাবে একো বাকী নাথাকিল মালা! ট্ৰেন্সফাৰৰ অৰ্ডাৰটো পাই ভালেই
পাইছিলোঁ৷ কিন্তু সৰু ভাৰাঘৰটো এৰোঁতে বৰ কষ্ট হৈছিল৷ তোমাৰ হাত দুখনে, তোমাৰ
স্মৃতিয়ে সেই ঘৰটো পবিত্ৰ কৰি পেলাইছিল৷ তথাপি মই তোমাক এৰি থৈ এদিন তাৰ পৰা পলাই
আহিছিলোঁ! বহুতো নৰক পাৰ হৈ আহিছিলোঁ৷ কিন্তু কেতিয়াবা সৰগখন নামি আহিছিল৷ তুমি আছিলা
কাৰণেই সেই সৰগ সৰগ আছিল, মালা! কাৰণ সেই সৰগ আমাৰ আছিল৷ তুমি যোৱাৰ পাছত তাত আৰু
একোৱেই নাথাকিল৷ সৰগ নাথাকিল৷ নৰকো নাথাকিল৷ যদি কিবা ৰৈ গৈছিল সেয়া আছিল মাত্ৰ
খালী ঠাই, শূন্যতাই জিনি লৈ যোৱা খালী ঠাই! …
 

পলাশ গেষ্ট হাউচৰ গেটলৈকে
গ’ল৷ চাৰিওফালৰ আকাশ চুব খোজা অট্টালিকাবোৰৰ মাজত বেৰবোৰ ক’লা হৈ যাব ধৰা চৰকাৰী
পুৰণি গেষ্টহাউচটো একেবাৰে মিলা নাছিল৷ কেয়াৰটেকাৰ এজনে দুজনমান মানুহৰ লগত গেটৰ
কাষতে বহি কিবা ৰসাল আলোচনা কৰি আছিল৷ সেই দুজনো বোধহয় কোনোবা ৰোগীৰ লগতেই আহিছে৷
পলাশে ৰুমটোৰ চাবিপাত কেয়াৰটেকাৰজনৰ হাতত দিলে৷

‘ক’লৈ যাব?’
কেয়াৰটেকাৰজনে সুধিছিল৷

পলাশে উত্তৰ দেখা দিছিল৷

‘সাগৰ কেতিয়াও দেখা নাই
নেকি?’ মানুহজনে ডাঙৰকৈ হাঁহি এটা মাৰি সুধিলে৷ তেওঁ কেইবাৰ সাগৰ দেখিছে হিচাপ নাই৷
সেই কথাটোও তেওঁ ক’লে৷

পলাশে মূৰ দুপিয়ালে৷

‘চাব লাগে, সাগৰ চাব লাগে৷
বৰ ধুনীয়া সাগৰ৷’ কেয়াৰটেকাৰজনে সাগৰ চোৱাৰ অভিজ্ঞতাৰে গধুৰ সুৰত কৈছিল৷ লগত মেল
মাৰি থকা এজনেও পাছদিনা সপৰিয়ালে সাগৰ চাবলৈ যোৱাৰ পৰিকল্পনাৰ কথা ক’লে৷

 অট’ এখন লৈ পলাশ সাগৰমুখী
হ’ল৷
 

সি আকৌ বহু বছৰ আগলৈ ঘূৰি
গ’ল।

‘সাগৰ দেখিছা?’ উৰ্মিলাই
সুধিছিল৷ ষ্টেচনৰ পৰা অট’ এখন লৈ সিহঁত সৰু ল’জ এটালৈ বুলি গৈ আছিল৷

‘দেখা নাই কেতিয়াও৷’
পলাশে উত্তৰ দিছিল৷

‘ময়ো দেখা নাই, শুনিছোঁ
তথাপি…’ তাই কৈছিল৷

‘নীলিম সলিল ৰাশি বাধাহীন
উৰ্মিমালা আছে দূৰ দিগন্ত বিয়পি৷’ সি তাই কোৱাৰ মাজতে কৈছিল৷

তাই হাঁহিছিল, খিলখিলাই
হাঁহিছিল৷ পলাশৰ বুকুত কিহবাই আঘাত কৰিছিল৷ তাই যেন একো জনাই নাছিল৷ কিবা এটা বেয়া
সম্ভাৱনাৰ কথা যেন তাই ভাবিবই পৰা নাছিল৷

‘মোক সাগৰ দেখুৱাবা তুমি?’
তাই হাঁহি বন্ধ নকৰাকৈয়ে সুধিছিল৷

‘দেখুৱাম বুলিয়েতো
ভাবিছোঁ৷ কিন্তু সময় পাম জানো৷ সেইটোৱে মোৰ চিন্তা৷’ হাঁহি এটাৰে উত্তৰ দিছিল যদিও
সি বহুত চিন্তা কৰিছিল৷ ধাৰ-ঋণ কৰি সিহঁত কিবাকৈ আহিছিল৷ বহুত হিচাপত চলিব লাগিব
বুলি তায়ো জানিছিল৷

ৰাস্তাটোৰ দুয়োকাষে থকা
ডাঙৰ ডাঙৰ ঘৰ আৰু ধুনীয়া ওখ ওখ হোটেলবোৰলৈ সিহঁতে চাই চাই গৈছিল৷
 
সেই হোটেলবোৰ সিহঁতৰ দৰে হিচাপত চলা মানুহৰ বাবে নহয়, কিন্তু অবাক হৈ চাওঁতেওনো কি
আহে যায়? অভিযোগশূন্য হাঁহিৰে উৰ্মিলা উজলি আছিল৷ তাইৰ ওজৰ-আপত্তি এনেয়েও খুব কমেই
আছিল৷ পলাশৰ অৱস্থাটোৰ লগত চলিবলৈ মিলাই চলিবলৈ প্ৰস্তুত হৈয়ে এদিন তাৰ লগত জীৱনটো
কটাবলৈ নিজৰ ঘৰখন এৰি তাই গুচি আহিছিল৷

সিহঁতৰ লজখনত কিন্তু
সিহঁতৰ দৰে মানুহেৰেই ভৰি আছিল৷ তাত প্ৰাচুৰ্যৰ চিকমিকনি নাছিল, আছিল জীৱনত যুঁজি
যুঁজি ভাগৰি পৰা বহুতো মানুহ৷ বেছি ভাগেই বেমাৰীৰ লগত আহিছিল, নিজৰ ঠাইৰ ডাক্তৰ বা
হাস্পটালৰ ক্ষমতাৰ বাহিৰলৈ গুচি যোৱা বেমাৰী৷ পৃথিৱীখনত দুদিন অধিক ৰৈ যাবলৈ
সকলোৰে কিমান হেঁপাহ থাকে৷ জীৱনে যিমানেই দুখ নিদিয়ক কিয়, যন্ত্ৰণা নিদিয়ক কিয়,
পৃথিৱীখন সহজতে এৰি যাবলৈ খুব কমেই বিচাৰে৷ শেষ পৰ্যন্ত খামুচি ধৰি থাকিব বিচাৰে
জীৱনটো৷ কাৰণ গুচি যোৱাটো ইমান সহজ নহয়৷ কত সূতাৰে বান্ধি থোৱা থাকে এই জীৱন, সেই
সূতাবোৰৰ মায়া আছে, সেই সূতাবোৰ ছিগি পেলোৱাৰ দুখ আছে৷

সন্ধিয়া সৰু ৰুমটোৰ
বিছনাত বাগৰি উৰ্মিলাই কৈছিল, ‘কাইলৈ আমি সাগৰ চাবলৈ যাম নহয়?’

তাইৰ চকু দুটা কিবা
আগ্ৰহত, কিবা হেঁপাহত উজলি উঠিছিল৷ পলাশৰ বুকুলৈকে ভেদি গৈছিল তাইৰ চাৱনিটোৱে৷ তাৰ
ক’বলৈ মন গৈছিল – মোক এৰি নাযাবা পৰী, মোক কেতিয়াও এৰি নাযাবা৷ মুখ ফুটাই কৈছিল, ‘আগতে
অসুখটো দেখুৱাই লওঁ৷ তাৰ পাছত সময় পালে যাম আৰু৷’

‘সময় এতিয়া নাপালে কেতিয়া
পাম? মোৰ যে চাবলৈ ইমান মন আছে৷ এতিয়া সাগৰ ইমান ওচৰত, আৰু যেতিয়া সাগৰ চোৱাৰ সময়
তেতিয়াই সাগৰ চাব লাগে৷ কোনে জানে …’

‘সময় পালে চামেই৷ এইবাৰ
নহ’লে পাছৰ বাৰ চাম৷’

তাই হাঁহিছিল, ‘কিজানি
আমি আৰু কেতিয়াও নাহোঁৱেই ঘূৰি৷’

সি তাইৰ ফালে চাইছিল৷
হাঁহিছিল যদিও তাইৰ চকু দুটা খুব উদাস উদাস লাগিছিল৷

তাই লাহে লাহে সেই
হাঁহিটো মুখত লৈয়ে আৰু কিবাকিবি কৈছিল৷ ‘… আৰু যদি ঘূৰি আহিলোঁও, সাগৰ চাবলৈ
কিজানি দেহাটোৱে নাথাকিব৷’

‘কিয় তেনেকৈ কৈছা?’ সি
সঁচাকৈয়ে বৰ আঘাত পাইছিল৷

তাই তাৰ মুখলৈ
কেইমুহূৰ্তমান চাই ৰৈছিল৷ তাইৰ হাঁহিটোৱে চকুৰ উদাসীনতাখিনি মচি পেলাইছিল৷

‘তুমি আকৌ চিন্তা কৰিছা
নেকি? একো নহয় দিয়া মোৰ৷’

সি আশ্বস্ত হৈছিল৷ সিও
ভাবিছিল – তাইৰ একোৱেই হ’ব নোৱাৰে; ইমান দুৰ্ভগীয়াওতো সি নহয়৷

… তুমি কিন্তু সকলো বুজি
পাইছিলা পৰী, মাত্ৰ মোক ফাঁকি দিছিলা৷ তাৰ পাছতো তুমি যে হাঁহিব পাৰিছিলা! মোক
ফাঁকি দিবলৈকে তেনেকৈ হাঁহিছিলা নহয়? কিন্তু ময়োতো কৰিব পৰাত একোৱেই নাছিল৷
 

হস্পিটালখনত দুই ধৰণৰ
ৰোগী ভৰ্তি হয়৷ টকা থকাসকলে অধিক খৰচৰ চিট ল’ব পাৰে৷ তেওঁলোকৰ চিকিৎসা খৰ গতিত চলে৷
বাকীসকলৰ সময় অলপ বেছি লয়৷ সি কম খৰচৰ চিট লৈছিল৷ তেনে ধৰণৰ মানুহেই অধিক৷ তথাপি
চিকিৎসা, পৰীক্ষা-নীৰিক্ষাবোৰ ঠিকে-ঠাকে আগ বাঢ়িছিল৷ বেডত তাইক অকলে এৰি বাহিৰলৈ
যাব লগা হ’লেই তাইৰ ভয় লাগিছিল৷ ডাক্তৰে আহি কিবা সুধিলে কিবা সুধিলে তাই কি ক’ব,
বুজি নাপায় যদি? কাষৰ বেডৰ বেমাৰীবোৰৰ লগত অহা মানুহবোৰো অচিনাকি৷ সিহঁতে যদি কিবা
কৰে, কি হ’ব? কিন্তু সি হাঁহি এটাৰে তাইক অভয় দি ওলাই যায়৷
 

এদিন ডাক্তৰ এজনে তাক
দূৰলৈ মাতি নি কৈছিল – ‘আমি আপোনাক মিছা আশা নিদিওঁ৷ পৰাখিনি আমি কৰিছোঁ৷ কিন্তু
আমি অসহায়৷’

ডাক্তৰজনে কথাবোৰ তাক
বুজাই কৈছিল৷

আৰু কিমান দিন? 
সি সুধিছিল৷ ডাক্তৰজনে কৈছিল, ‘এবছৰ, দুবছৰ, তিনি বছৰ৷ একো খাটাংকৈ ক’ব পৰা নাযায়৷’

… ডাক্তৰে কিয় মোক
বাহিৰলৈ মাতি নিছিল, মোক কি কৈছিল তুমি কেতিয়াও সোধা নাছিলা কিয়? তুমি সকলো
জানিছিলাই নেকি? তুমি ইমান কথা মোক সুধি আছিলা, অথচ এই কথাটো এদিনো সোধা নাছিলা৷
তুমি মোক এৰি যাবলৈকে সাজু হৈ আহিছিলা নেকি মালা? …

আৰু এদিন হস্পিটালৰ পৰা
সিহঁত ওলাই আহিছিল৷ পাছদিনাই সিহঁতে ট্ৰেইনৰ টিকট কৰিছিল৷ সাগৰ চাবলৈ যাবলৈ সিহঁতৰ
সময় কম হৈছিল৷ মালাই দুখ কৰা নাছিল৷

… সন্ধিয়া আমি তোমাৰ
কাৰণে শাড়ী এখন কিনিবলৈ গৈছিলোঁ৷ সেই ৰাস্তাটোত কিমান কাপোৰৰ দোকান আছিল, মনত
পৰেনে মালা? গৈয়ে আছোঁ, গৈয়ে আছোঁ – দোকানৰ পিছত দোকান৷ আৰু পঞ্চাছখন মহিলাৰ
কাপোৰৰ দোকানৰ পাছতহে এখন ক’ৰবাত আমাৰ মানে পুৰুষৰ কাপোৰ দোকান৷ কিছুমান দোকানৰ
সজাই থোৱা শাড়ীবোৰত দামবোৰ লিখি থোৱা আছিল৷ কিছুমান আমাৰ সাধ্যৰ বাহিৰৰ আছিল৷
কিন্তু য’ত আমি শাড়ী এখন কিনিব পাৰিলোঁহেঁতেন, তাতো তুমি সোমাব খোজা নাছিলা৷ শেহত
তুমি কৈছিলা, ‘ব’লা, তোমাৰ কাৰণেই এটা চাৰ্ট কিনোঁ৷’ আমি এখন দোকানত সোমাইছিলোঁ৷
তুমি দোকানখনলৈ মোক জোৰকৈ টানি লৈ গৈছিলা৷ তুমি বাচি বাচি এটা পাতল নীলা চোলা মোক
ল’বলৈ কৈছিলা৷ সেই চোলাটোৱেই মই আজি পিন্ধি আহিছোঁ, চোৱা মালা৷ এইটো মোৰ বৰ মৰমৰ৷
মোৰ সকলোবোৰ পুৰণি কাপোৰেই বৰ মৰমৰ৷ কাৰণ তোমাৰ হাতৰ পৰশ কিজানি এতিয়াও সেইবোৰত
লাগি আছে৷ তোমাৰ কিবা অকণমান সেইবোৰত কিজানি এতিয়াও ৰৈ আছে মালা৷ …

অট’খন নগৰৰ মেইন ৰাস্তাটো
এৰি অইন এটা পথেৰে সোমাই গ’ল৷ কিছুসময় পাছতেই আকাশৰ দৰে নীলা দিগন্ত চুই থকা বিশাল
সাগৰখন দেখা গ’ল৷ পলাশ বৰ্তমানলৈ ঘূৰি আহিল আৰু পিছ মুহূৰ্ততেই আকৌ বহু বছৰ আগলৈ
গুচি গ’ল৷ সি চিঞৰি উঠিছিল, অট’চালক জনে আচৰিত হৈ এবাৰ ঘূৰি চাইছিল৷ পলাশে
ভ্ৰুক্ষেপ কৰা নাছিল৷

‘সেয়া চোৱা, সেইখনেই
সাগৰ, তোমাৰ সাগৰ৷ চোৱা কিমান নীলা৷ নীলাতো তোমাৰ প্ৰিয় ৰং৷ আৰু চোৱা সেইফালে
সকলোবোৰেই নীলা৷’

অট’খন এঠাইত ৰৈছিল অলপ
পাছতে৷ সাগৰৰ পাৰে পাৰে দেখালৈকে মানুহ৷ সি ভবাৰ দৰে নিৰিবিলি ঠাই সেয়া মুঠেই
নাছিল৷
  ‘বহুত মানুহ আহিছে আজি৷’ ভাৰাটো দি সি অট’চালকজনলৈ চাই কৈছিল৷

‘আজি কমহে দেখিছে চাহাব!
শনি-ৰবিবাৰে আৰু বেছি হয়৷’ অট’খন পিছুৱাই ঘূৰাই ল’বলৈ সাজু হোৱা ড্ৰাইভাৰজনে উত্তৰ
দিছিল৷

সি লাহে লাহে আগুৱাই
গৈছিল পাৰলৈ, পানীৰ খুব কাষলৈ৷ ধীৰ গতিৰ এজাক বতাহ বলিছিল৷ গৰ্জন কৰি ডাঙৰ ঢৌবোৰ
পাৰত আচাৰ খাই পৰিছিল৷ কিছুমানে পানীত নামি গা ধুই আছিল৷ তাৰ ভয় লাগিছিল৷ ডাঙৰ ঢৌ
এটাই যদি সেই মানুহবোৰক উটুৱাই লৈ যায়? সাগৰৰ লগত যুঁজিব কোনে পাৰে৷ তথাপি সি কিছু
দূৰলৈকে আগুৱাই গৈ থাকিল৷
 ঢৌবোৰে মাজে মাজে তাৰ আঁঠুৰ ওপৰলৈকে চুই গৈছিল৷

… এয়াই তোমাৰ সাগৰ, মালা!
নদীৰ পৰা পানীবোৰ সাগৰলৈ বাগৰি আহে৷ সকলো সাগৰৰে সংযোগ আছে ইখনৰ লগত সিখনৰ৷ কিজানি
এই বিশ্ব এনেদৰেই সংযোজিত হৈ আছে৷ হয়তো একোৰেই মৃত্যু নহয়৷ মাত্ৰ সকলোৰে ৰূপ সলনি
হয়৷ হয়তো তুমি এতিয়াও মোৰ কাষতেই আছা এই সাগৰৰ পাৰত৷ তুমি ইয়াতে ৰৈ গ’লেও হয়তো মই
তোমাৰ কাষলৈকে এদিন ঘূৰি আহিম৷ গতিকে বিদায়ৰ কোনো কথাইতো নাই মালা! …

সি বহু সময় তেনেকৈয়ে ৰৈ
থাকিল৷ তাৰ পাছত পানীৰ পৰা অলপ দূৰলৈ গুচি আহিল৷

কাষতেই এহাল কম বয়সীয়া
দম্পতীয়ে আকাশত উৰি থকা চিলা এখনলৈ চাই চাই হাঁহিত ফাটি পৰিছিল৷ ম’বাইলেৰে ডেকা
ল’ৰাটোৱে বিভিন্ন প’জত বিভিন্ন কোণৰ পৰা ফটো লৈছিল৷ পলাশে সিহঁতলৈ আৰু চাৰিওফালে
চাইছিল৷ ইমান মানুহ, ইমান আনন্দ, ইমান হাঁহি৷ সকলোৰে বুকুৰ গভীৰত কিছুমান খালী হৈ
যোৱা ঠাই থাকেই৷ তথাপি দুখবোৰ ক’ত থৈ আহে মানুহবোৰে? হয়তো দুখবোৰ পাহৰি এনেকৈয়ে
মাজে মাজে হাঁহিব পাৰিব লাগে৷ কিন্তু অকলশৰীয়া মানুহ এজনে জানো হাঁহিব পাৰে?

ল’ৰাটো পলাশৰ কাষলৈ
আহিছিল৷ ‘আমাৰ ফটো একপি ল’ব পাৰিবনে?’ সি হিন্দীত সুধিছিল৷

পলাশে মূৰ দুপিয়াইছিল৷
তাৰ দামী ম’বাইলটোৰে কেনেকৈ ভাল ফটো ল’ব পাৰি সি অলপ সময়তে পলাশক বুজাই দিলে৷
 

‘চাবচোন এই মেঘবোৰ যাতে
আমাৰ আমাৰ গাতে লাগি থকা যেন দেখি৷’

আকাশত বহুতো মেঘ জমা হৈ
পৰা সি লক্ষ্যই কৰা নাছিল৷ অহাৰ সময়ত ক’তো এটুকুৰাও মেঘ নাছিল৷ পলাশে অলপ দূৰলৈ
গৈ, বালিত বহি ম’বাইলটোৰে কেইবাৰমান ক্লিক কৰিছিল৷

‘সেই যে মন্দিৰটো, সেইটো
আমাৰ মাজত অহাকৈ ফটো মাৰকচোন এইবাৰ৷’

সাগৰৰ মাজত এটা মন্দিৰ৷
মন্দিৰৰ ওপৰত অতীত কালৰ ঋষি এজনৰ ওখ দণ্ডায়মান এটা মূৰ্তি৷ সি আকৌ ক্লিক কৰিলে
কেইবাবাৰো৷ ঋষিজনৰ একাষে দুয়োজনক ৰাখি, তাৰ পাছত দুয়োকাষে ৰাখিও সি ফটো মাৰিব লগা
হ’ল৷

‘আপুনিও উঠিব নেকি ফটো?’,
ডেকাজনে সুধিলে, ‘মই লৈ দিব পাৰোঁ৷’

পলাশে ধন্যবাদ জনাই
নালাগে বুলি কৈ হাঁহি মূৰ জোকাৰিলে৷ ফটো উঠি সি কি কৰিব এতিয়া? কাক দেখুৱাব তাৰ
ফটোবোৰ? তাৰ এতিয়া কোন আছে ফটো চাবলৈ?

… সিহঁতলৈ চোৱা মালা,
কিমান সুখী সিহঁত৷ মই তোমাক এনে সময় কেতিয়াও দিবই নোৱাৰিলোঁ৷ তোমাকো যদি এদিন
সাগৰৰ পাৰলৈ, কোনোবা নদীৰ ঘাটলৈ এনেদৰে এদিন লৈ আহিব পাৰিলোঁহেঁতেন, কিমান ভাল
হ’লহেঁতেন! কিজানি এনেকৈয়ে একপি-দুকপি ফটো আমিও উঠিব পাৰিলোঁহেঁতেন৷ সেই ফটোবোৰে
আজি বহুত কথা কৈ থাকিব পাৰিলহেঁতেন৷ অন্ততঃ মোৰ নিঃসংগ সময়বোৰ তেনেকৈয়ে ভৰি
পৰিলহেঁতেন৷ আগতে এই কথাবোৰ বৰ সৰু সৰু যেন লাগিছিল৷ কিন্তু সৰু সৰু কথাবোৰেই
কিজানি জীৱনৰ ধুনীয়া স্মৃতি হৈ ৰৈ যায়৷ সেইটো বুজিবই নোৱাৰিলোঁ মই৷ আৰু সময় খুব
বেগেৰে পাৰ হৈ গ’ল৷ …

ওচৰতে দোকানী এজনে ফলৰ ৰস
বেচি আছিল৷ পলাশে গোল নেমুৰ চৰ্বত এগিলাচ কিনিলে৷ অলপ দূৰৰ প্ৰকাণ্ড শিল এচটাত বহি
লৈ সাগৰৰ ঢৌবোৰলৈ চাই গিলাচত চুমুক দিলে৷ এটা শীতলতা তাৰ বুকুলৈকে লাহে লাহে বিয়পি
পৰিল৷ দুটা সাগৰীয় চৰাই তাৰ কাষেৰেই সশব্দে ডেউকা কোবাই সাগৰৰ মাজলৈ উৰি গ’ল৷ চৰাই
দুটালৈ সি চাই থাকিল৷ ক’ৰবাত বিন্দুৰ দৰে সিহঁত এটা সময়ত মিলি গ’ল৷ এনেদৰেই সিও
যদি মালাৰ লগতে একেলগে হেৰাই যাব পাৰিলেহেঁতেন! তাৰ চকু দুটা জাপ খাই আহিছিল৷ লাহে
চাৰিওফালৰ হাই-উৰুমিবোৰ অস্পষ্ট হৈ আহিল৷ কেৱল সাগৰৰ গৰ্জনবোৰ তাৰ কাণত বাজি থাকিল৷

… কোনে জানো কৈছিল মালা,
চৰ্বত তোমাৰ অসুখৰ কাৰণে ভাল৷ সেই কেইদিন আমি দুয়ো খুব চৰ্বত খাইছিলোঁ৷ পুৱাই মই
দুগিলাচ চৰ্বত কৰিছিলোঁ, এগিলাচ তোমাৰ বাবে, এগিলাচ মোৰ বাবে৷ চৰ্বত, ঔষধ,
ৰাতিপুৱা খোজ কঢ়া, ব্যায়াম
  – এই সকলোবোৰেও তোমাৰ অসুখটোক বাধা দিব পৰা নাছিল৷ আমি আকৌ
হাস্পটালখনলৈ আহিছিলোঁ৷ এইবাৰ ডাক্তৰে কৈছিল, শেষ অৱস্থা৷ তেওঁলোক খুবেই অসহায়৷
তেওঁলোক বোধহয় এনে অসহায় অৱস্থাৰ মুখামুখি হৈ হৈ অভ্যস্ত হৈ পৰিছিল আৰু সেই কাৰণে
বিব্ৰত হোৱা নাছিল৷ পৃথিৱীৰ কোণে কোণে এই খেলখনতো চলিয়েই থাকে সদায়৷ কিন্তু মোৰ
পৃথিৱীখন বৰ সৰু আছিল, এটা ধুমুহাই তাক বিধ্বস্ত কৰিবলৈ সাজু হৈছিল৷ মোৰ কৰিব পৰাত
একোৱেই নাছিল৷ মই তোমাক কেবাবাৰো কৈছিলোঁ,
  ‘ব’লা, সাগৰ চাবলৈ যাওঁ৷’
কিন্তু তুমি বাৰে বাৰে মূৰ জোকাৰিছিলা, তোমাৰ শৰীৰত শক্তিয়েই নাছিল৷ সেইটো জানিও
তোমাক বাৰে বাৰে সুধিছিলোঁ; কাৰণ মোৰ নিজকে দোষী দোষী লাগিছিল৷ যেতিয়া তোমাৰ শৰীৰ
ভাগি যোৱা নাছিল, তেতিয়াও এদিন মোৰ কাৰণেই খুব ওচৰলৈ আহিও তোমাৰ
 
সাগৰখন নোচোৱাকৈয়ে তুমি উভতি গৈছিলা৷ …

বহু সময় তেনেকৈয়ে পাৰ হৈ
গৈছিল৷ তেনেতে তাৰ ফোনটো বাজি উঠিল৷ কপিলৰ ফোন৷

‘কেতিয়া ঘূৰিবা?’ কপিলে
সুধিছিল৷

‘যামেই আৰু৷ দেৰি নহয়৷’
সি টোপনিত থকা মানুহৰ দৰে লাহে লাহে কৈছিল৷

‘চাবা কিন্তু, কাইলৈ
পুৱাই আমাৰ এপইণ্টমেণ্ট৷’ কপিলে মনত পেলাই দিছিল৷ তাৰ নিজৰ ওপৰত বিশ্বাস বৰ কম৷
হাস্পটালত আন এজন লগত থকাটো সি বিচাৰে৷ কিজানি তাকো এটা মানসিক অৱলম্বনৰ প্ৰয়োজন
এই সময়ত৷

পলাশে তাক চিন্তা কৰিবলৈ
হাক দি ফোনটো ৰাখিছিল৷

উৰ্মিলাৰ লগত হাস্পটালত
দ্বিতীয়বাৰ আহোঁতেও তাৰ লগত আৰু কোনো নাছিল৷ কোনোবা লগত থকা হ’লে তাৰ খুব সহায়
হ’লহেঁতেন৷ যেতিয়া উশাহ লওঁতে কষ্ট পাই তাই নিশা বেডত বহি পৰিছিল, সি অসহায়ভাৱে
চাই ৰৈছিল, মনে মনে ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল৷ সি বিচাৰিছিল কোনোবা তাৰ কাষতে আহি
বহক আৰু তাৰ দৰেই আঁঠু কাঢ়ি লৈ তাৰ লগতে প্ৰাৰ্থনা কৰক উৰ্মিলাৰ বাবে৷ দাদাকহঁতে
দুবাৰমান ফোনত খবৰ লৈছিল৷ কথা ক’লে কষ্ট হয় কাৰণে উৰ্মিলাই ফোন ধৰিব খোজা নাছিল৷
খুব অভিমানী আছিল তাই৷ দাদাকহঁতৰ কোনো কথাই তাই মুখলৈ অনা নাছিল৷ তাইৰ অতীতটোক যেন
যোৱাৰ আগতেই মচি পেলোৱাৰ অনুশীলন আৰম্ভ কৰি দিছিল৷

পলাশে বহাৰ পৰা উঠি চোলাৰ
জেপখন খামুচি ধৰি অলপ সময় থিয় হৈ ৰ’ল৷ তাৰ পাছত খৰ খোজেৰে সি আকৌ পানীৰ কাষলৈ গ’ল৷
আকৌ ঢৌবোৰে তাৰ আঁঠুলৈকে তিয়াই থাকিল৷ প্লাষ্টিকৰ সৰু পেকেটটো দুয়োখন হাতৰ মাজত লৈ
তেনেকৈয়ে ৰৈ থাকিল বহু সময়৷ ‘আৰু অলপ সময়, আৰু মাত্ৰ অলপ সময় মালা৷’ পেকেটটো জেপত
থৈ সি আকৌ পানীৰ পৰা আঁতৰি আহিল৷
 

ঊদ্দ্যেশ্যবিহীনৰ দৰে সি
পাৰে পাৰে ঘূৰি থাকিল৷ বহু দূৰলৈ সি আগবাঢ়ি গ’ল য’ত সাগৰৰ ঢৌ আৰু চৰাইবোৰৰ বাদে আন
কোনোৱেই নাছিল৷ আকৌ সি মানুহবোৰৰ মাজলৈ ঘূৰি আহিল৷ এঠাইত এজনী সৰু ছোৱালী আৰু তাইৰ
সৰু ভায়েকে বালিঘৰ সাজি আছিল৷ দুৰ্গৰ দৰে এটা ঘৰ, তাৰ চাৰিওফালে দেৱাল আৰু এফালে
অলপ খোলা ঠাই, সেইখন দুৰ্গলৈ প্ৰবেশ কৰা গেট৷ সিহঁতৰ কাষতে অলপ সময় সি ৰৈ গ’ল৷
কিছু দূৰৰ পৰা গোলাপী শাড়ী পিন্ধা লাহী শৰীৰৰ মানুহ এগৰাকীয়ে ল’ৰাটো আৰু
ছোৱালীজনীলৈ মাজে মাজে চাইছিল৷ তাইৰ কাষত হাফপেণ্ট পিন্ধা ওখকৈ মানুহ এজন৷ বোধহয়
সিহঁত ল’ৰা-ছোৱালীহালৰ মাক-দেউতাক৷ উৰ্মিলাক সি মানুহজনীৰ ঠাইত কল্পনা কৰি চকু
দুটা মুদি দিলে৷ সেই মানুহজন সিও হ’ব পাৰিলেহেঁতেন
 ৷ সিহঁতৰো এনেকুৱা সৰু
ল’ৰা-ছোৱালী এহালেৰে যদি সৰু এটা পৰিয়াল হ’লহেঁতেন, সাগৰৰ পাৰলৈ সিহঁতকো সি লৈ
আহিলেহেঁতেন!

‘তুমি আৰু সাগৰলৈ? সময়
জানো হ’লহেঁতেন তোমাৰ?’ উৰ্মিলাই বিদ্ৰূপেৰে সুধিছিল৷

‘কিন্তু চোৱা, আজি মই
সাগৰলৈ আহিছোঁ৷ তোমাৰ কাৰণেইতো তোমাৰ সাগৰলৈ আহিছোঁ মই৷’ পলাশে আশা কৰিছিল তাই
কথাবোৰ বুজি পাব, তাই তাক ক্ষমা কৰি দিব৷

খিল খিলকৈ বিদ্ৰূপৰ
হাঁহিত উৰ্মিলা ফাটি পৰিছিল৷ সেই হাঁহি যেন বন্ধ নহ’বই৷

 কাণত হাত দি সি আকৌ ঘূৰি
আহি প্ৰকাণ্ড শিলছটাত বহি পৰিল৷ বেলিটো ৰঙা হৈ আহিছিল৷ দূৰৰ মেঘবোৰ ছাই আৰু আৰু
কমলা বৰণীয়া হৈ পৰিছিল৷ মানুহবোৰৰ পিছৰ ফালটো আন্ধাৰ আৰু বেলিৰ ফালে মুখ কৰা ফাল
হেঙুলীয়া হৈ জিলিকি উঠিছিল৷ গুণ গুণনিৰ দৰে কথাৰ টুকুৰাবোৰ ভাহি আহিছিল৷ বতাহজাকৰ
বেগ অলপ বাঢ়ি অহা কাৰণেই নেকি ঢৌবোৰ আৰু ডাঙৰ হৈছিল আৰু ওখ হৈছিল৷ ছাঁৰ দৰে মানুহ
কিছুমানে সেই হেঙুলীয়া ঢৌবোৰৰ মাজতে থিয় হৈ ৰৈ আছিল৷ দিগন্তৰে চৰাইৰ জাকবোৰ ঘৰমুৱা
হৈছিল৷ আশে-পাশে পাৰত বহুতো চৰাই তেতিয়াও ৰৈ আছিল৷ সিহঁতৰ কিজানি ওভতাৰ সময় হোৱা
নাছিল৷
 

পলাশে প্লাষ্টিকৰ পেকেটটো
আকৌ জেপৰ পৰা উলিয়াই ল’লে৷ সেইটো সি লাহে লাহে খুলি ল’লে৷ ভিতৰত বগা কাগজৰ আৰু এটা
সৰু পেকেট৷ সেইটোও খুলি ল’লে৷ ক’লা হৈ যোৱা অস্থিৰ সৰু টুকুৰা এটা৷ ‘উৰ্মিলা,
উৰ্মিলা৷’ সি লাহে লাহে উচ্চাৰণ কৰিছিল৷ সাগৰৰ গৰ্জনৰ শব্দত তাৰ কথাখিনি মিলি
গৈছিল৷

‘উৰ্মিলা, উৰ্মিলা, বাৰ
বছৰ পাৰ হৈ গ’ল উৰ্মিলা, মালা, পৰী!’ ভৰি আহিব খোজা চকুযোৰ সি মুদি ধৰিছিল৷
 

দপ দপকৈ এখন চিতা
জ্বলিছিল৷ চিতাই পুৰি নিছিল তাৰ এখন পৃথিৱী৷ সেই জুইৰ কাষতে ৰৈ সি চাই আছিল৷ সেই
পৃথিৱীখনৰ সকলো ৰং হেৰাই ছাইৰ দৰে ক’লা হৈ আহিছিল৷ চকুপানী ওলোৱা নাছিল তাৰ৷ বুকুত
খুব এটা শূন্যতাও অনুভৱ কৰা নাছিল সি৷ এজাক ধুমুহাত সি যেন ভাবলেশহীনভাৱে নিজকে
এৰি দিছিল৷ কোনে কেতিয়া জুইৰ মাজৰ পৰা আনি অস্থিৰ টুকুৰাটো কাগজ এখনত মেৰিয়াই
বান্ধি তাৰ হাতত তুলি দিছিল আজি আৰু তাৰ মনত নপৰে৷ নদীত, নহ’লে সাগৰত বিসৰ্জন দিব
লাগে সেই অস্থি – কোনোবাই তাক কৈছিল৷ সেই জুইকুৰা জ্বলি থাকোঁতেই সিহঁত ঘূৰি
আহিছিল তাৰ পৰা৷
 

কেনেকৈ হঠাতে তেজ-মঙহৰ
শৰীৰ এটা নিৰ্মমভাৱে ছাই হৈ যায়৷ হঠাতে ইমান সহজে কেনেকৈ মানুহবোৰ হেৰাই যায়৷ সি
উভতি এৰি অহা জ্বলি থকা চিতাখনলৈ বাৰে বাৰে চাইছিল৷ কিন্তু তেনেকৈ ঘূৰি চাব নাপায়;
যি গুচি গ’ল, তাক যাবলৈ দিয়া – কোনোবাই তাক কৈছিল৷

হাই-উৰুমিবোৰ লাহে লাহে কমিছিল৷
দুহাতৰ মুঠিত প্লাষ্টিকৰ সৰু পেকেটটো লৈ সি তেনেকৈয়ে বহি ৰ’ল বহু সময়৷
 

দূৰত গাৰ্ড কেইজনমানে
তেতিয়াও ৰৈ থকা মানুহবোৰক উভতিবলৈ হাত দাঙি দাঙি দেখুৱাই আছিল৷ সি আকৌ থিয় হৈছিল৷
খৰ খোজেৰে পানীৰ ওচৰলৈ সি আকৌ গৈছিল৷ আকৌ ঢৌবোৰে তাৰ দুভৰি তিয়াই গৈছিল৷ ক’লা হৈ
যোৱা অস্থিৰ টুকুৰা এটা সোঁহাতৰ তলুৱাত লৈ সি কেইমুহূৰ্তমান চাই ৰৈছিল৷ চকু দুটা
তাৰ ভৰি আহিব খুজিছিল এই মুহূৰ্তত৷ ইমান বছৰে তাৰ সেই চকুপানীবোৰ ক’ত লুকাই আছিল?
 

‘মালা, মালা! এয়াই সাগৰ৷
এয়াই তোমাৰ সাগৰ মালা৷’ তাৰ ডিঙিটো কিহবাই সোপা মাৰি ধৰিছিল৷ সি টুকুৰাটো ঢৌবোৰৰ
মাজলৈ যিমান পাৰে দূৰলৈ দলিয়াই দিছিল৷

চিৰকালৰ নিৰ্বিকাৰ
নিৰুদ্বেগ এই সাগৰৰ কোনো দুখ নাই, কোন শোক নাই৷ সকলোকে ই সামৰি লয় অকুণ্ঠভাৱে৷
 

‘এই সাগৰখন তোমাৰ, আৰু
তুমি সাগৰৰ মালা৷’
 

সি সাগৰৰ অনন্ত ঢৌবোৰলৈ,
দূৰৰ কজলা আকাশখনলৈ চাই ৰ’ল আৰু কিছু সময়৷
 

‘কিজানি ময়ো এদিন এই
সাগৰলৈকে ঘূৰি আহিম মালা, তোমাৰ কাষলৈ, তোমাৰেই এই সাগৰলৈ৷’ তাৰ কথাবোৰ সাগৰৰ
গৰ্জনবোৰৰ মাজত হেৰাই গৈছিল৷

অট’ এখনত উঠি লৈ সি আকৌ
ঘূৰি চাইছিল সাগৰখনলৈ৷ কজলা আকাশৰ বিপৰীতে ছাঁৰ দৰে লাহী শৰীৰৰ মানুহ এগৰাকী সাগৰৰ
পাৰত ৰৈ আছিল৷ বতাহত তাইৰ শাড়ীৰ আচলখন ঢৌ খেলাই আছিল৷

‘উৰ্মিলা! অহ্ উৰ্মিলা!’ 

 ‘সাগৰ দেখিছা?’ বতাহত উৰি
অহা উৰ্মিলাৰ চিনাকি মাতটো তাৰ কাণত স্পষ্টকৈ বাজি উঠিছিল৷

‘সাগৰ দেখিছা?’ তাই যেন
বাৰে বাৰে তাক ৰিঙিয়াই সুধিছিল৷
 

‘মালা, মালা, উৰ্মিলা,
উৰ্মিলা, পৰী, মোৰ পৰী!’ সি দুহাতেৰে মুখখন ঢাকি ধৰিছিল৷

কৃত্ৰিম পোহৰে প্লাবিত
কৰা সদাব্যস্ত মহানগৰখনৰ এটা অতি ব্যস্ত পথেৰে অট’খন আগুৱাই গৈছিল৷
 

   

 

ঠিকনা :

সানভি সংকলপম

নাগোণ্ডানাহালি

বাঙ্গালোৰ
          ম’বাইল ৮৭৬২২২৬৩৪৮