ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী


(১৩)


(মন
দাপোণত-৭)

(১)

কলেজত সেইবাৰ
এবছৰীয়া প্ৰাক-বিশ্ববিদ্যালয়ৰ দেওনা যেনিবা কোনোমতে পাৰ হ’লো৷ ভবামতে ফলাফল নহ’ল৷
এবছৰত হয়তো ছমাহমানহে ক্লাছ হ’ল৷ ক’বলৈ গ’লে পাত্তাই নাপালোঁ কেনি কেনেকৈ বছৰটো
পাৰ হৈ গ’ল৷ বৰ খং উঠিল আমাৰ হাইস্কুলীয়া শিক্ষা পদ্ধতিটোৰ ওপৰত৷ বিজ্ঞান ঐচ্ছিক
, কিন্তু
সংস্কৃত বাধ্যতামূলক
, কি আজব কথা! তাতে বুৰঞ্জী পঢ়িব লাগিছিল
ইংলেণ্ডৰ৷ সেয়ে কলেজলৈ গৈ বিজ্ঞান শাখাত নাম লগাই প্ৰথম বছৰটোত বৰ বেয়াকৈ উজুটি
খাবলগীয়া হৈছিল৷

প্ৰাক-বিশ্ববিদ্যালয়ৰ
দেওনা পাৰ হোৱাৰ পিছত একেখন কলেজতে স্নাতক শ্ৰেণীৰ বিজ্ঞান শাখাতে নাম লগালো৷
ৰাসায়ন বিষয়টো মোৰ ভাল লাগিছিল আৰু প্ৰাক-বিশ্ববিদ্যালয়ৰ পৰীক্ষাত নম্বৰ ভালেই
পাইছিলো কাৰণে সেই বিষয়তে অনাৰ্ছ লোৱাৰ সিদ্ধান্ত ল’লো৷ এদি অনাৰ্ছৰ ক্লাছ কৰিবলৈ
যাওঁতে সুৰেন গোস্বামী (আমাৰ সম্পৰ্কীয়
,বিহগুৰিৰ নৰেন গোস্বামীৰ নৱৰত্নৰ
এজন)ছাৰে ক’লে- ’তুমি এইটো  বিষয়ত অনাৰ্ছ
লৈছা যেতিয়া ভালকৈ পঢ়িব লাগিব৷ গান-বাজনা কিন্তু কমাব লাগিব৷ দুয়োটা একেলগে নহব
নহয়।
 ছাৰৰ কথা শুনি চিন্তা লাগিল,  গান-বাজনাতো  কমাব নোৱাৰি৷ ভাবিলো অনাৰ্ছেই বাদ দিয়া যাওক৷
তাৰ পাছত আকৌ ভাবিলোঁ
, অনাৰ্ছ কিয় এৰিম?  দুয়োটাই চম্ভালিব লাগিব৷ এনেকৈয়ে দুয়োটা একেলগে
চলাই গ’লোঁ৷

কলেজত পঢ়াৰ
সময়ছোৱাতে আকৌ তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতেও যোগসূত্ৰ ৰাখিব লগীয়া হৈছিল৷
যিহেতু গান গোৱা
,  অভিনয়
আদি কৰাটো মোৰ চখ আছিল
, সেই বিলাকৰ চৰ্চা অব্যাহত ৰখাটোও দৰ্কাৰ আছিল৷
ইফালে ওপজা গাঁওখনকো এৰিব নোৱাৰো৷ গাঁওখনৰ মানুহখিনি তেতিয়ালৈকে আজিৰ দৰে চহৰমুখি
হোৱা নাছিল৷ বিহুৱে
, পূজাই ডেকা ল’ৰা-লুৰিবিলাক গোট-পিত খাই লক্ষ্মীপূজা,
কালী
পূজাত প্ৰতি বছৰে গাঁৱৰ ৰংগমঞ্চত নাটক মঞ্চস্থ কৰে৷ সিফালে আকৌ বহাগ বিহু আহিলেই
খেলা-ধূলাৰ পৰা বিচিত্ৰনুষ্ঠানলৈ সকলো হয় গাঁওখনত৷ সেই সময়ত  আমাৰ ঘৰখন এনেবিলাক কামৰ বাবে প্ৰাণকেন্দ্ৰ
স্বৰূপ হৈ পৰিছিল৷ গতিকে কলেজলৈ গ’লেও
,  টাউনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লেও,
গাঁওখন
এৰিব পৰা নাছিলোঁ৷

কেৱল সিমানেই
নহয়
, বেছেৰীয়া অঞ্চলটোত আমাৰ ঘৰখনকে ধৰি কেইটামান পৰিয়াল সাংস্কৃতিক
ক্ষেত্ৰখনত যথেষ্ট  আগবঢ়া আছিল ৷ আমাৰ দ
বেছেৰীয়া(দ গাঁও)ত দাসীৰাম বৰাৰ পৰিয়াল
,বদন শইকীয়াহঁতৰ পৰিয়ালটোকে মুখ্য কৰি
অন্যান্য পৰিয়াল তথা ব্যক্তি সাংস্কৃতিক ক্ষেত্ৰখনত ভালেই আগবঢ়া আছিল ৷ দাসীৰাম
বৰাৰ বৰপুত্ৰ ডিমচাঁদ বৰা(পুতুদা)ই মোক কোলাত বহুৱাই  সৰুতেই গান শিকাইছিল ৷ এইজন দাদাই মোক প্ৰথম
জ্যোতিপ্ৰসাদৰ গীত ’সেউজী সেউজী সেউজী অ’ ’কোলাত বহুৱাই শিকোৱাৰ লগতে চাইকেলৰ আগত
বহুৱাই ওচৰ-পাজৰৰ গাঁৱত গোৱাবলৈ লৈ ফুৰোৱা কথাটো কাহানিও পাহৰিব নোৱাৰো ৷ আনকি ঘৰৰ
দাদাহঁতেও সেইটো কৰিব পৰা নাছিল ৷ পুতুদাই সৰুতেই শিকোৱা জ্যোতিপ্ৰসাদৰ সেই গীতটো
গাই খুব কম সময় ভিতৰতে মই চৌধ-চুবুৰীত জনপ্ৰিয় হৈ পৰিছিলো আৰু মানুহৰ পৰা অশেষ মৰম
বুটলিবলৈ সক্ষম হৈছিলো ৷

 

                              (২)

সেই নিৰ্দিষ্ট
গানটোৰ এটা কাহিনী আজিও পাহৰা নাই৷ তেতিয়া হাইস্কুলত সম্ভৱ পঞ্চম শ্ৰেণীত পঢ়ি আছোঁ৷
স্কুলৰ যজ্ঞেশ্বৰ মহন্ত ছাৰে এদিন ক্লাচৰ পিছত কমন ৰূমলৈ মাতি নি মোক ক’লে
,
তুমি
এদিন মোৰ লগত পিঠাখোৱালৈ যাব লাগিব৷ পিঠাখোৱাত এটা ৰাজহুৱা মঞ্চ মুকলি কৰা হব অহা
অমুক তাৰিখে৷ তুমি মোৰ লগত যাব লাগিব জ্যোতিসংগীত পৰিৱেশন কৰিবৰ বাবে৷  তুমি গাই থকা সেই জ্যোতিসংগীতটো গাব লাগিব৷ গৰম
চুৱেটাৰ পিন্ধি আহিবা
, ঠাণ্ডা আছে নহয়,  তাতে চাইকেলত যাব লাগিব৷ কাইলৈ আমি স্কুলৰ পৰা
বাহিৰে বাহিৰে যাব লাগিব৷

ছাৰৰ কথা যেতিয়া
নোৱাৰো বোলাৰ প্ৰশ্নই নাই৷ ঘৰত আহি কথাটো দাদাহঁতক ক’লোঁ৷

কোনেও আপত্তি
নকৰিলে৷ নৰেনদাই বজাৰৰ পৰা সেউজীয়া হাফ চুৱেটাৰ এটা আনি দিলে পাছদিনা পিন্ধি যাবৰ
কাৰণে৷ পাছদিনা স্কুল ছুটিৰ পাছত ছাৰৰ লগত চাইকেলৰ আগত বহি বেছেৰীয়াৰ পৰা
পিঠাখোৱালৈ বুলি ৰাওনা হ’লোঁ৷

সন্ধিয়া সময়ত
পিঠাখোৱা পালোগৈ৷ গৈ গম পালো স্বাধীনতা সংগ্ৰামী চন্দ্ৰনাথ শৰ্মাৰ স্মৃতিত এটা
ৰাজহুৱা প্ৰেক্ষাগৃহ সিদিনা দিনৰ ভাগত উদ্বোধন কৰা হৈছে৷ তদুপলক্ষে সন্ধিয়ালৈ  আয়োজন কৰা হৈছে সাংস্কৃতিক অনুষ্ঠানলৈ মোৰ
নিমন্ত্ৰণ৷ মোৰ কণ্ঠৰ এটি জ্যোতিসংগীতেৰে মঞ্চ মুকলি কৰাৰ আয়োজন
,শুনি
মনটো উগুল-থুগুল লাগি গ’ল ৷ তাৰ পাছত ’জেৰেঙাৰ সতী’ নাটকখন মঞ্চস্থ কৰা হব ৷ কোনে
হাৰমনিয়াম বজাব
, কোনে তবলা বজাব একো জনা নাছিলো৷ যা নহওক,
যথা
সময়ত গানৰ অনুষ্ঠানটো হৈ গ’ল৷ তাৰ পিছত নাটক আৰম্ভ৷

   ’জেৰেঙাৰ সতী’ নাটকখন সেই সময়ত বৰ
জনপ্ৰিয় নাটক আছিল৷ অনুষ্ঠান চাবলৈ বহুত মানুহ আহিছিল৷ নতুন প্ৰেক্ষাগৃহটোৰ ভিতৰে
বাহিৰে দৰ্শক ঠাঁহ
খাই পৰিছিল৷ নাটকখনৰ এটা দৃশ্য আজিও
পাহৰিব পৰা নাই৷ জয়মতীক জেৰেঙা পথাৰত এজোপা গছত বান্ধি শাস্তি দিয়াৰ সকৰুণ
দৃশ্য  চলি  আছে৷ তেনেতে ভেশচন ধৰি কোনেও ধৰিব নোৱাৰাকৈ গদাপাণি
আহিছে (অভিনেতা বসন্ত বৰদলৈ
, ডিপোতা) নিজৰ ঘৈণীয়েকৰ দূৰাৱস্থা চাবলৈ৷
কিছু দূৰৰ পৰা ক্ষন্তেক চাই ৰ’ব নোৱাৰি মুখৰ ভিতৰতে ক’লে- ’ কেনেকৈ মাইকী মানুজনীক
ঘেচ্ ঘেচ্কৈ মাৰি আছে চাচোন৷’ তাৰ পিছত জয়মতীক উদ্যেশি ক’লে- ’হেৰ’ মানুহজনী
,
গিৰিয়েৰৰ
কথা কৈনো নিদিয় কিয়
? গিৰিয়েৰৰ কথা কৈ দিলেই দেখোন তই সাৰি যাৱ
৷   এনেকৈনো মাৰখন খাই থাকিব লাগেনে
?’

জয়মতীয়ে নিজৰ
গিৰিয়েকক চিনি পালে ৷ চিনি পায়ো চিনি নোপোৱাৰ ভাও ধৰি  সেহাই সেহাই ক’লে- ’ক’ৰ নো  মানুহ এইবোৰ
? মোৰ যিয়েই হওক,
তেওঁক
নো কিয় লাগে ৷ ভালে ভালে ইয়াৰ পৰা গুচি যাওক ৷’

ঠিক সেই
মুহূৰ্ত্তটোতে  মোক আগতেই বিনয়
বৰুৱাদা(চন্দ্ৰস্মৃতি হাইস্কুলৰ শিক্ষক)ই শিকাই থোৱা মতেই গানটো গাবলৈ আৰম্ভ কৰিলো
ভিতৰৰ পৰা-           

            কৈয়ে দে, কৈয়ে দে

                ক’তে গডাপাণি

             চমতাত চিৰাচিৰ গা জয়েমতীৰ

             চমতাত চিৰাচিৰ গাত–

এই গানটো
ভ্ৰাম্যমান থিয়েটাৰ ’নটৰাজ’ য়ে মঞ্চস্থ কৰা ’জেৰেঙাৰ সতী’ৰ গান আছিল ৷ তেতিয়া
নটৰাজৰ কণ্ঠশিল্পী আছিল ৰাজকৃষ্ণ বাঢ়ৈ ৷ এই গানটো গায়েই ৰাজকৃষ্ণ বাঢ়ৈ তেতিয়া
সাংঘাতিক জনপ্ৰিয় হৈ পৰিছিল ৷ আমাৰ গাঁৱতো ’জেৰেঙাৰ সতী’ নাটকখন সৰুতেই চোৱা মনত
আছে ৷  তেতিয়াই সেই গানটো শুনি শুনি গাবলৈ
লৈছিলো ৷

সিদিনাখন
পিঠাখোৱাত অনুষ্ঠান হৈ যোৱাৰ পিছত অইন এটা মনত ৰৈ যোৱা ঘটনা ঘটিল ৷ অনুষ্ঠান শেষ
হোওঁতে নিশা দহমান বাজিছিল ৷ মোৰ বৰ ভোকো লাগিছিল ৷  কিন্তু কাকো কবও নোৱাৰো কথাটো ৷ ইফালে
অনুষ্ঠানৰ উদ্যোক্তাসকলৰ লগতে যজ্ঞেশ্বৰ মহন্তছাৰৰো চিন্তা হৈছিল মোৰ খোৱা-বোৱাৰ
কথাটো লৈ ৷ প্ৰশ্ন হৈছিল গোসাইৰ ল’ৰাক শূদিৰৰ ঘৰত ভাত খুৱায় কেনেকৈ
? সেই
অঞ্চলত তেনেকৈ ওচৰে-পাজৰে ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকো নাছিল
, অথবা হোটেলো
নাছিল ৷ সেয়া সম্ভৱ ’প্ৰবাসে নিয়মং নাস্তি’ বুলি মোৰ লগত বেছেৰীয়া হাইস্কুলত
একেলগে পঢ়া মীৰাহঁতৰ ঘৰলৈ লৈ গ’ল তাৰে এজনে ৷ তাতে মজিয়াত পীৰা পাৰি কাঁহৰ
কাঁহী-বাতিত সুন্দৰকৈ সজাই পৰাই ভাত খাবলৈ দিলে ৷ ময়ো পৰম তৃপ্তিৰে ভোকৰ ভাত সাজ
খালো ৷ খাই উঠি পুনৰ ছাৰৰ চাইকেলত উঠি নিশা এপৰত দ বেছেৰীয়াৰ নিজৰ ঘৰখনত সোমালোহি
৷ 

পাছদিনা মাহঁতে
ৰাতি ভাত খোৱাৰ কথা সোধোঁতে ৰাইজৰ লগতে খালো বুলি কৈ থলোঁ ৷                                                                                                                                                                                                                                       (আগলৈ)