সুন্দৰবনৰ সংঘাত

পঙ্কজ প্ৰতিম বৰদলৈ

প্ৰকৃতিৰ বিস্ময় আৰু মানৱৰ সেই
প্ৰকৃতিৰ লগত সংঘাত আৰু সহযোগৰ কাহিনীয়েই হৈছে সভ্যতাৰো কাহিনী৷ বিশ্ববন্দিত লেখক গেব্ৰিয়েল
গাৰ্চিয়া মাৰ্কেজৰ বিখ্যাত উপন্যাস
ৱান হাণ্ড্ৰেড য়েৰ্ছ অৱ ছলিচিউডত এখন জলাশয়পূৰ্ণ ঠাইক মেকণ্ডনামৰ এখন চহৰলৈ
পৰিগণিত কৰাৰ আৰু তাৰ পাছৰ পৰিৱৰ্তিত সময়, গৃহযুদ্ধ আদি বহুদিশৰ কথা লিখিছে৷ মানৱে
সমূহীয়া প্ৰচেষ্টাৰে অসাধ্যও সাধন কৰিছে৷ জলাশয়পূৰ্ণ অস্বাস্থ্যকৰ
মেকণ্ডকো এখন চহৰলৈ
ৰূপান্তৰিত কৰিছে৷ বংগোপসাগৰৰ লগত সংযুক্ত, আমাৰ চুবুৰীয়া বৰ্তমানৰ পশ্চিমবংগৰ জলাহবনৰ
এনে এক স্থান হৈছে সুন্দৰবন৷ অবিভক্ত ভাৰতৰ পূৱ অংশৰ জলবায়ু আৰু জৈৱবৈচিত্ৰ্যৰ ভিন্নতাৰ
অতি গুৰুত্বপূৰ্ণ স্থান হৈছে সুন্দৰবন৷ বৰ্তমান সুন্দৰবনৰ এটা অংশ বাংলাদেশৰো অন্তৰ্ভুক্ত
 হৈ আছে৷ বংগোপসাগৰত গংগা, ব্ৰহ্মপুত্ৰ আৰু
মেঘনা নদীৰ সংগমত এই ব-দ্বীপৰ সৃষ্টি হৈছে৷ বিশ্বৰ বৃহৎ জলাহ গছৰ বননি এই সুন্দৰবনতে
আছে৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ এই সুন্দৰবনৰ প্ৰায় চল্লিছ শতাংশ ভাৰতৰ ভাগত পৰিছে৷

অটব্য অৰণ্য, ৰয়েল বেংগল টাইগাৰৰ
লগতে সুন্দৰবনৰ নৈসৰ্গিক সুন্দৰতা, স্বচ্ছ জলবায়ু আৰু জৈৱবৈচিত্ৰ্য এই সকলোবোৰ বৰ্তমানো
এক অপাৰ বিস্ময়৷ মৌৰ্য সকলৰ শাসনৰ সময়তে এই অঞ্চলত মানুহৰ বসতি আৰম্ভ হয় বুলি কোৱা
হয়৷ বাংলা লোকসাহিত্যৰ নায়ক চান্দ সদাগৰৰ কাহিনীও এই সুন্দৰবন অঞ্চলতেই প্ৰচলিত আছিল৷
সুন্দৰবনৰ জনজীৱনত লোকসাহিত্য আৰু লোকগীতৰ ব্যাপক পয়োভৰ আছে৷ মোগলৰ সময়ত এই অটব্য অৰণ্যত
জনসাধাৰণৰ বসতিৰ অনুমতি স্থানীয় ৰজাসকলে দিছিল৷ ১৭৫৭ চনত ব্ৰিটিছৰ অধীন হোৱাৰ পাছত
এক পদ্ধতিগতভাৱে সংৰক্ষণ আৰু মানৱ বসতিৰ অনুমতি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ সুন্দৰবন
ব-দ্বীপ, বহু সৰু-বৰ দ্বীপৰ সমষ্টি গোছাবা, সাগৰ, ঘোৰামাৰা আদি বৃহৎ দ্বীপ৷ যদিও ইয়াত
আন বহু সৰু সৰু দ্বীপও আছে৷ মৌচুনী, মায়াদ্বীপ, মৰিছঝাপি আদি বিখ্যাত দ্বীপ৷ সুন্দৰবনৰ
অৰণ্য আৰু জনজীৱন যেন এক ৰহস্যৰ সমাহাৰ৷ প্ৰকৃতি আৰু মানৱৰ নিৰন্তৰ সংঘাত আৰু সহযোগিতাৰ
উদাহৰণ সুন্দৰবন৷ যদিও ইউনোস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সন্মান সুন্দৰবনে লাভ কৰিছে,
তথাপি নিৰন্তৰ প্ৰকৃতি ধ্বংসযজ্ঞ চলিয়েই আছে৷ বৰ্ধিত জনসংখ্যা, ৰুগ্ন যোগাযোগ ব্যৱস্থা
আৰু জলবায়ু পৰিৱৰ্তন আৰু ব্যাপক ভূমিস্খলন আদিয়ে এই ব-দ্বীপলৈ ব্যাপক ভাবুকি কঢ়িয়াই
আনিছে৷

ডেনিয়েল হে্মিল্টন নামৰ ব্ৰিটিছ
ব্যৱসায়ী ব্যক্তিজনে এই সুন্দৰবনৰ গোছাবা ব-দ্বীপত চৰকাৰৰ পৰা মাটি কিনি এখন এক প্ৰকাৰৰ
জমিদাৰী স্থাপন কৰিছিল৷ তেওঁ বহু মানুহক আহি তাত বসবাস কৰাৰ সুবিধা দিয়াৰ লগতে তেওঁলোকক
বিভিন্ন সা-সুবিধা দিয়াৰো চেষ্টা কৰিছিল৷ হেমিল্টন চাহাব ব্যৱসায়ী আছিল যদিও মানৱদৰদী
ব্যক্তি আছিল৷ বিশেষতঃ চিকিৎসালয়, বিদ্যালয় আদিৰ লগতে সেই অৰণ্যনগৰীত জীৱন যাপনৰ বাবে
সকলোৰে সহযোগিতাৰে তেওঁ সমবায় অৰ্থাৎ ক
পাৰেটিভ ’চাইটি
আৰম্ভ কৰিছিল৷ সমবায় ভিত্তিত কৃষি, বিপণন আদি দিশত হেমিল্টন চাহাবে কাম কৰিছিল৷  গোছাবাত তেওঁ নিজৰ দ্বাৰা স্বীকৃত এটকীয়া মুদ্ৰাও
প্ৰচলন কৰিছিল৷ যি সময়ত ভাৰতৰ সমবায় ব্যৱস্থাক লৈ মহাত্মা গান্ধী, বল্লভ ভাই পেটেল আদি
নেতাই ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ হেমিল্টন চাহাবে ইয়াক প্ৰায়োগিকভাৱে ব্যৱহাৰ
কৰি দেখুৱাইছিল৷ তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মহাত্মা গান্ধীৰ সমসাময়িক আছিল আৰু দুয়োজনকে
গোছাবালৈ নিমন্ত্ৰণ জনাইছিল৷ ৰবীন্দ্ৰনাথ ঠাকুৰে এই নিমন্ত্ৰণ ৰক্ষা কৰি ১৯৩২ চনত  গোছাবা ভ্ৰমণ কৰিছিল৷ মহাত্মা গান্ধীয়ে নিজে আহিব
নোৱাৰিলে যদিও তেওঁৰ সচিব মহাদেৱ দেশাইক এই কাৰ্যৰ বাবে পঠাইছিল৷ ১৯৩৫ চনত তেওঁ  এসপ্তাহ ধৰি গোছাবাত থাকি তাৰ প্ৰতিবেদন
হৰিজনআলোচনীত প্ৰকাশ
কৰিছিল, য
ত তেওঁ ১০,০০০-ৰ অধিক লোকৰ বসতি তথা বিদ্যালয়,
হস্পিটেল আদিৰে সুৰক্ষিত গোছাবাৰ বিষয়ে লিখিছিল৷ সমবায় ব্যৱস্থাৰ সফলতাৰ কথাও তেওঁ
উল্লেখ কৰিছিল৷ সেই সময়ত গান্ধীজীয়ে গাঁও উন্নয়ণ আৰু স্ৱ-নিৰ্ভৰশীলতাৰ ওপৰত চিন্তা-চৰ্চা
আৰু কৰ্ম কৰাৰ প্ৰয়াস কৰিছিল, য
ত এই উদাহৰণে তেওঁক
সহায় কৰিছিল৷

সুন্দৰবন বহু উপন্যাস আৰু কাহিনীৰ
উৎস৷ ছালমান ৰুশ্বদীৰ
মিডনাইট চিলড্ৰেন  কিছু অংশৰ পৰা ধৰি অমিতাভ
ঘোষৰ বহু সমাদৃত
টাইড কাণ্ট্ৰিলৈকে
সুন্দৰবন সকলোতে৷ অমিতাভ ঘোষৰ
টাইড কাণ্ট্ৰিত সুন্দৰবন যেন এটা কেন্দ্ৰীয় চৰিত্ৰ৷ সুন্দৰবনৰ মাজেৰেই যেন উপন্যাসখনৰ
কাহিনীভাগ আগ বাঢ়িছিল৷ ঘোষৰ উপন্যাসৰ পাতে পাতে
বনবিবি’ ‘দক্ষিণাৰায়’ ‘দুখীআদি কত যে লোককাহিনীত
সুন্দৰবনৰ জনজীৱনত সমাহিত হৈ আছে৷ সুন্দৰবনৰ সফলতাও নিশ্চয় ইয়াতেই যে, ইয়াৰ অৰণ্য,
জীৱন, বৈচিত্ৰ্যতেই যেন এক নিশব্দ কৌতূহল লুকাই আছে৷

বনবিবিলোককথাৰ
এক দেৱী৷ সুন্দৰবনৰ অধিবাসীসকলক এই
বনবিবিয়ে সকলো বিপদৰ পৰা ৰক্ষা কৰে৷ প্ৰকৃততে সুন্দৰবন জীৱন সংগ্ৰামৰ
কঠোৰ ৰণভূমি৷ ইয়াৰ জনতাই জীয়াই থাকিবৰ বাবে প্ৰকৃতি, জীৱ-জন্তু, মাটি, স্বাস্থ্য আদি
প্ৰায় সকলোৰে লগত নিয়মিত সংঘাতত লিপ্ত হ
ব লগা হয়৷ মূলতঃ
বাঘ আৰু মানুহৰ সংঘাত ইয়াত অতি সহজ আৰু সৰল৷ অমিতাভ ঘোষৰ
হাংগ্ৰী
টাইড
ত জীৱন্তে এটা বাঘক জ্বলাই দিয়াৰ এটা হৃদয়স্পৰ্শী
ঘটনাৰ বিৱৰণ দিয়া হৈছে৷ ইয়াত মানুহৰ হিংস্ৰতাতকৈয়ো নিজৰ ক্ষোভ, খং আৰু জীৱনৰ অনিশ্চয়তাৰ
বেদনাক অতি ৰুক্ষ আৰু বৰ্বৰ ৰূপত প্ৰকাশ কৰিছিল৷ এনে সংঘাতৰ পৰা পৰিত্ৰাণৰ উপায়
বনবিবিবনবিবিৰ পূজাই যেন
সকলোকে নিৰাপদে ৰাখিব৷ এয়া জনবিশ্বাস সুন্দৰবনৰ ঘৰে ঘৰে৷ সুন্দৰবনৰ জনবিশ্বাসত আৰু
এটা প্ৰথা আছে৷ বাঘৰ আক্ৰমণত স্বামীৰ মৃত্যু হ
লে
বিধৱা পত্নীয়ে মৌ খোৱা বন্ধ কৰে৷ কাৰণ ই
ৰক্ত
মৌ
৷ এনে মৌ অৰণ্যৰ পৰা আনিবলৈ গৈয়ে সুন্দৰবনৰ বহুতো নাৰীৰ কপাল উকা
হৈছে৷ সাৱিত্ৰীৰ মাতৃয়ে বহুবছৰৰ আগতেই মৌ খোৱা বন্ধ কৰিছিল৷ এতিয়া সাৱিত্ৰীৰ স্বামী
শম্ভু মণ্ডলৰ মাছ ধৰিবলৈ গৈ বাঘৰ আক্ৰমণত মৃত্যু হোৱাৰ পাছত সাৱিত্ৰীয়ে সিদ্ধান্ত ল
বপৰা নাই মাছ এৰিবনে
নেৰে! সুন্দৰী ঘোষৰো একেই কাহিনী জীৱনৰ সকলো ৰং হেৰাই যোৱাৰ পাছত সুন্দৰী ঘোষে মাছ,
মৌ সকলো ত্যাগ কৰিলে৷ সেই একেটা বাঘৰ আক্ৰমণতে শম্ভু মণ্ডলৰ লগতে ৰাধা ঘোষৰো প্ৰাণ
গৈছিল৷ ৫ বছৰলৈকে এই দুই বিধৱাই চৰকাৰৰ মৃতকে পোৱা সাহায্যৰ পৰা বঞ্চিত আছিল৷ কলিকতা
উচ্চ ন্যায়ালয়ৰ এক আদেশ মৰ্মে কিছুদিন আগতে তেওঁলোকে ৫ লাখ টকাৰ সাহায্য লাভ কৰে৷ শম্ভু
আৰু ৰাধাই সুন্দৰবনৰ প্ৰতিবন্ধিত অঞ্চল ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মাছ ধৰিছিল বুলি
ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিয়া নাছিল৷ পাছত এই কথা আদালতৰ মজিয়াত
ভুল প্ৰমাণিত হয় আৰু পৰিয়ালে ক্ষতিপূৰণ লাভ কৰে৷ দক্ষিণ আৰু উত্তৰ ২৪ পৰগণাৰ দুখন
জিলাৰ অধীনত প্ৰায় ২৯ টা ব্লকত ভাৰতৰ ফালে থকা সুন্দৰবনখন আছে৷ অতি দৰিদ্ৰ এই অ
ঞ্চলত ব্যাপক ভূমি খহনীয়া, অৰ্থনৈতিক অনগ্ৰসৰতা আদিয়ে বহু মানুহক ৰাজ্যখনৰ মূল চহৰ
বা দেশৰ অন্য ঠাইলৈ যাবলৈ বাধ্য কৰি আহিছে৷ থকাসকলেও প্ৰতিদিনে কঠোৰ সংগ্ৰাম কৰিব লগা
হয়৷ জীৱিকাৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰশীল হ
ব লগা হয়৷ সুন্দৰবনৰ
দ্বীপবোৰত বাঘ মানুহৰ সংঘাত অতি সহজ৷ মাছ ধৰা, মৌ অনা আদি অৰণ্যৰ বস্তুৰ বাবে নিজৰ
জীৱনকো তুচ্ছজ্ঞান কৰি ইয়াৰ অধিবাসীসকলে এনে কামত লিপ্ত হ
বলগা
হয়৷ লাহিৰপুৰ ব্লকত সাৱিত্ৰী আৰু সুন্দৰীৰ এই পৰিস্থিতি এনে এক দুৰ্ঘটনাৰ দ্বাৰাই সৃষ্টি
হৈছিল৷ সুন্দৰবনত বাঘৰ আক্ৰমণত নিহত হোৱা লোকৰ ন্যায়ৰ বাবে
সুন্দৰবন ব্যাঘ্ৰ বিধৱা সমিতিনামৰ
এক সংস্থা আছে৷ সাৱিত্ৰী আৰু সুন্দৰীৰ আইনী যুঁজখনৰ সহযোগিতা এই সমিতিখনেই কৰিছিল৷
এই দিশটোত
দক্ষিণ বংগ মৎসজীৱি ফৰামনামৰ আন এটা
সংগঠনেও সহায় কৰে৷ চৰকাৰী তথ্যমতে ভাৰতৰ সীমাৰ অন্তৰ্গত সুন্দৰবনত বাঘৰ সংখ্যা বৃদ্ধি
পাইছে আৰু ২০২২ চনত ১০১ এটা বাঘ থকাৰ জৰীপ সম্ভৱ হৈছিল৷ একেসময়তে প্ৰায় ১০ বছৰত বাঘৰ
আক্ৰমণত প্ৰায় ৫০০ ৰ ওপৰ লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ ৰ ওপৰ লোক আহত হৈছে৷ গতিকে এই
সংঘাত কিমান গুৰুতৰ আৰু জটিল এই তথ্যই দেখুৱাই দিয়ে৷

২০১১ চনৰ তথ্যমতে প্ৰায় ৪৫ লাখৰ
জনসংখ্যা থকা সুন্দৰবনত ব্যাপক ভূ-খহনীয়া হৈছে৷ জলবায়ুৰ ভাৰসাম্যহীনতা, চাইক্ল
ন আদিৰ কাৰণে ইয়াৰ জনজীৱন আৰু প্ৰকৃতিৰ ব্যাপক ধ্বংস আৰম্ভ হৈছে৷
সুন্দৰবনৰ মৌচুনী দ্বীপ এটা ডুবি থকা দ্বীপ হিচাপে পৰিগণিত হৈছে৷ কিন্তু ইয়াৰ নৈসৰ্গিক
সৌন্দৰ্যৰ বাবে ই এক পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু যথেষ্ট পৰ্যটক আহিবলৈ
লৈছে৷ ই এক অৰ্থনৈতিক সম্ভাৱনাৰ বাট মুকলি কৰিছে যদিও একে সময়তে জলবায়ু, খহনীয়া আদি
দিশলৈ অশনি সংকেতহে কঢ়িয়াই আনিছে৷ ভূ-ভাৰসাম্যহীনতাৰ কৱলত পৰি এই দ্বীপটো ক্ৰমাগতভাৱে
ধ্বংসৰ দিশে আগবাঢ়িছে৷

সুন্দৰবনক কেন্দ্ৰ কৰি যথেষ্ট ৰাজনীতি হৈছে৷
হৈ আছে ব্যাপক দূৰ্নীতি৷ ইয়াৰ পৰিণাম সাধাৰণ ৰাইজে ভোগ কৰিব লগা হৈছে৷ ১৯৭৯ চনত সুন্দৰবনৰ
মৰিছঝাপি দ্বীপত হোৱা গণহত্যা এই অঞ্চলৰ ৰাজনীতিৰ ক
লা
ইতিহাসৰ অন্যতম৷ ভাৰত বিভাজনৰ পাছত বহু বাংলা ভাষী লোকে ছত্তীশগড়, ওড়িষা, মধ্যপ্ৰদেশৰ
শুকান অঞ্চল ত্যাগ কৰি সুন্দৰবনৰ মৰিছঝাপি দ্বীপত থাকিবলৈ লৈছিল আৰু ইয়াৰ প্ৰতিৰোধ
কৰিবৰ বাবে চৰকাৰী বাহিনীৰ গুলীচালনাত বহু 
শ লোকৰ মৃত্যু হৈছিল৷ যদিও চৰকাৰী তথ্যত এই সংখ্যা দহজনতকৈও কম কৰা হৈছিল৷

২০২৪ তো সুন্দৰবনৰ এটা সৰু দ্বীপ
ছান্দেশখালিক লৈ ব্যাপক ৰাজনীতি হৈছিল৷ ২৪ পৰাগনাৰ বছিৰহাট মহকুমাৰ এই অঞ্চলত এজন স্থানীয়
তৃণমূল কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে মাটি দখল, নাৰী নিৰ্যাতন আদিৰে উত্তাল হৈ পৰিছিল৷ এই
আন্দোলনৰ মূল প্ৰতিচ্ছবি ৰেখা পাত্ৰই ভাৰতীয় জনতা পাৰ্টীৰ টিকেটেৰে লোকসভাৰ নিৰ্বাচন
খেলি পৰাজয় বৰণ কৰিছিল৷ অবৈধভাৱে মাটি দখলৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদ ৰাজনীতিৰ ধামখুমীয়াত
আন দিশে গতি ল
লে৷

সুন্দৰবনত এনে বহু অকথিত কাহিনী
আছে৷ সাৱিত্ৰী আৰু সুন্দৰীহঁতৰ দৰে বাঘৰ আক্ৰমণত নিহত স্বামীৰ অভাগিনী বিধৱাৰ লগতে
আন বহুজন সুন্দৰবনৰ কঠোৰ জীৱনচৰ্যাত অভ্যস্ত হৈ গৈছে৷ হয়তো এই গ্ৰহণযোগ্যতাই তেওঁলোকৰ
জীৱন সংগ্ৰামৰ আধাৰ আৰু তিষ্ঠি থকাৰ মন্ত্ৰ৷


ঠিকনা :

উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী

ভ্ৰাম্যভাষ – ৮৮০০৯৪৮৮০৮

নতুন দিল্লী