অচিন জগতত বাটলু

 

স্মৃতিৰেখা দেৱী


আজি মহাৰাজ
কেশৰীকে ধৰি সকলো প্ৰাণীৰে অতিকে মৰমৰ সেউজপুৰখন চালে চকুৰোৱাকৈ সজাই-পৰাই তোলা
হৈছে৷ যিফালেই চকু যায় সেইফালেই কেৱল ৰং
, আনন্দ আৰু উলাহ; অকল ফুল আৰু
ফুলৰ সাজোন-কাচোন৷ ৰাজ্যখনৰ প্ৰতিজন প্ৰাণীয়েই হাতে হাতে ফুল-পাত আৰু যি যেনেকৈ
পাৰে তেনেকৈয়ে কিবাকিবি খোৱাবস্তু লৈ অপেক্ষা কৰি আছে৷ আটাইৰে যেন উলাহে নধৰে
হিয়া৷

নহ’বনো কিয়!
ইমান দিনৰ মূৰত ৰাজ্যখনৰ প্ৰতিজন প্ৰাণীৰে বুকুৰ আমঠু বাটলুটো আজি নিজৰ ঘৰখনলৈ
উভতি আহিব…৷ কথাবোৰ ভাবি ভাবি মহাৰাজ কেশৰীৰ চকুহাল আনন্দতে সেমেকি উঠিল৷ অৱশ্যে
তেখেতৰ ওঁঠেদি মিহি হাঁহি এটাও বিৰিঙি উঠা মন কৰি মহাজ্ঞানী মন্ত্ৰী বৃকোদৰে কৈ
উঠিল–

মহাৰাজ,
সেউজপুৰলৈ
মাননীয় বাটলু মহাশয় উভতি অহাৰ খবৰটো নিশ্চিতভাৱে অতিকে আনন্দদায়ক৷ মই মন কৰিছোঁ
,
আটাইতকৈ
বেছি আনন্দ যেন আপোনাৰে হৈছে৷ আপুনি যেন আনন্দত তেনেই মজি গৈছে…৷’

এৰা
মন্ত্ৰীবৰ৷ তালৈ মোৰ অন্তৰত অকণমান সুকীয়া চেনেহ আছে৷ মই বুজাব নাজানো
, সি
প্ৰকৃততে মোৰ কি
? সেই যে সি প্ৰথম আহি সেউজপুৰ পাইছিলহি, সেই
দিনটো বাৰে বাৰে মনত পেলাওঁ মই৷ মোলৈকে ভয় কৰি মোৰে কেশৰৰ মাজত সোমাই লুকাই কাওবাও
কৰি থকা বাটলুটোলৈ সেই মুহূৰ্ততে মোৰ মৰম উপজিছিল বুজিছে! তাৰ পাছত যেতিয়া গম
পালোঁ যে ব্যাধৰ জালত পৰি অকালতে মৃত্যু বৰণ কৰিবলগীয়া অৱস্থাৰপৰা মোৰ উপৰিপুৰুষৰ
ত্ৰাণকৰ্তা মহান নিগনি তীক্ষ্ণদন্তৰ সি পৰিনাতি
, তেতিয়াৰপৰা সি
মোৰ বেছিকৈ আপোন হোৱাই নহয়
, শ্ৰদ্ধেয়ও হৈ উঠিল৷ আৰু মন কৰকচোন,
যোৱা
কেইটামান বছৰত ৰাজ্যখনৰ অলপখিনি সমস্যা সি বুদ্ধিৰ বলেৰেই সমাধান নকৰিছেনে
?
কেতিয়ানো
পায়হি জানো সি!’

মহাৰাজে চলচলীয়া
হোৱা চকুহাল লুকুৱাবলৈ বুলি তলমূৰ কৰিলে৷ মন্ত্ৰী বৃকোদৰে ক’লে–

মই
আপোনাৰ মনৰ অৱস্থা বাৰুকৈয়ে বুজি পাওঁ মহাৰাজ৷ আপোনাৰ নিচিনা সম্ভ্ৰান্ত অথচ ইমান
দয়ালু
, মৰমিয়াল নেতা এজন লাভ কৰাটো সেউজপুৰৰে সৌভাগ্য৷ আপোনাৰ সুশাসনৰ বাবে
আমি আটায়ে কৃতাৰ্থ হৈছোঁ৷’

মন্ত্ৰী বৃকোদৰে
কথাখিনি শেষ কৰিছে কি নাইকৰা
, তেনেকুৱাতে মিচিক আৰু মিচিকি নামৰ
শহাহালৰ পোৱালি চিকচিকি আৰু ছটছটী শালিকীৰ পোৱালিহাল ব্যস্তভাৱে আহি পাই ফোঁপাবলৈ
ধৰিলে৷ চিকচিকিৰ দৌৰটো যেনেকৈ চাবলগীয়া আছিল
, শালিকাহালৰ উৰণো
বেছ হাঁহি উঠা হৈছিল৷ সিহঁতহাল ইমানেই কোবত উৰি আহিছিল যে আহি ৰওঁতে মহাৰাজৰ গাতে
উঠি দিয়াৰ নিচিনা হৈছিল৷ চিকচিকিয়ে ব্যস্তভাৱে ক’লে–

প্ৰণাম
মহাৰাজ
, আৰু অকণমান সময়ৰ পাছতেই বাটলু মহাশয় আহি পাবহি হেনো৷ আমি আপোনালোকক
খবৰটো দিবলৈ আহিলোঁ৷’

এইবাৰ
শালিকাহালে ওপৰাউপৰিকৈ ক’বলৈ ধৰিলে–

মহাৰাজ,
প্ৰণাম৷
আমি এতিয়া জুৰণিপাৰৰ হাবিলৈ যাওঁ৷ আপোনালোকো তালৈকে আহিবনে
? প্ৰণাম মহাৰাজ৷’

কথা যেন সিহঁতে
শেষ নকৰিবই! নতুনকৈ উৰিবলৈ শিকিছেতো
, খুব চখ হৈছে উৰাৰ৷ মহাৰাজে ভাবিবলৈ
আৰম্ভ কৰোঁতেই সিহঁতহাল ভুৰুংকৈ উৰা মাৰিলে৷ চিকচিকি তাতে থাকি গ’ল৷ মহাৰাজে ক’লে–

মন্ত্ৰীবৰ,
ব’লক৷
আমিও সেইফালেই যাওঁ৷ গ্ৰীনাৰ বাহনখন যিহেতু জুৰণিপাৰতে নামিবহি
, গতিকে
আমি বাটলুক তাতেই লগ কৰোঁগৈ ব’লক৷ আমাক তাতে লগ পালে তাৰো মনটো ভাল লাগিব৷’

ময়ো
যাওঁনে মহাৰাজ
?’ চিকচিকিয়ে সুধিলে৷ কেশৰীয়ে মন কৰিলে, ইমান
দূৰ দৌৰি অহাৰ ভাগৰত তাৰ অকণমাণি বুকুখনে ঘন ঘনকৈ উশাহ টানি আছে৷ তেওঁ ক’লে–

ব’ল
ব’ল৷ তয়ো ব’ল৷ পিছে ইমান দূৰ আমাৰ লগত খোজ কাঢ়ি যাবলৈ হ’লে তোৰ ফালে আধ্যাই পৰিব৷
সেই কাৰণে আহ৷ মোৰ ডিঙিতে উঠি লহি৷’ এইবুলি মহাৰাজে নিজৰ মূৰটো মাটিত লগাই দিলে৷
চিকচিকিয়ে ইতস্ততঃ ভাবেৰে মহাৰাজৰ ডিঙিতোতে উঠি ল’লেগৈ৷

***

 

বাটলু সেউজপুৰ
পালেহি৷

বাটলু
মহাশয়ৰ জয় হওক৷ স্বাগতম বাটলু মহাশয়৷’

চৌপাশে
ধ্বনি-প্ৰতিধ্বনি উঠিল আনন্দৰ কোলাহলৰ৷ ফুলে-পাতে
, গীতে নৃত্যই
সেউজপুৰ মুখৰিত হৈ উঠিল৷ দাঁতি-কাষৰৰ কেইবাখনো ৰাজ্যৰ কিছু সংখ্যক মুখিয়াল প্ৰজাও
আহিছে বাটলুৰ প্ৰত্যাৱৰ্তনৰ আনন্দৰ ভাগ ল’বলৈ৷ তদুপৰি গণু আৰু মলুৰ মানুহ বন্ধু
সেউজ নামৰ ল’ৰাজনো আহিছে দুজন লগৰীয়াৰ সৈতে৷ গণু আৰু মলুৰপৰা বাটলু আন এখন
পৃথিৱীলৈ যোৱা আৰু উভতি অহাৰ বিষয়ে শুনি তেওঁলোকে সম্ভৱ হ’লে গ্ৰীনাৰ প্ৰাণীসকলৰ
সৈতে কথা পাতিবলৈ আহিছে৷

গ্ৰীনাৰপৰা অহা
বাহনখনৰ দুৱাৰ খোল খোৱাৰ পূৰ্বেই বাহনখনৰপৰা মাত এষাৰ ওলাল–

শ্ৰদ্ধেয়
মহাৰাজ প্ৰমুখ্যে সেউজপুৰৰ ৰাইজ৷ আপোনালোকৰ মৰমৰ বাটলু মহাশয়ে আমাৰ মৰমৰ জগত
গ্ৰীনাত গছপুলি ৰোপণ কৰা আৰু সেইবোৰক ডাঙৰ-দীঘল কৰাৰ বেলিকা আমাক অনেক সহায় কৰি
এতিয়া আপোনালোকৰ মাজলৈ উভতি আহিছে৷ আমি আপোনালোক আটাইকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷’

লাহে লাহে
বাহনখনৰ দুৱাৰ খোল খালে৷ উৎসুক হৈ থকা আটায়ে দুৱাৰৰ ফালে চাই থাকিল যদিও অকণমানি
বাটলুটো সেইপিনে নামি অহা কোনেও নেদেখিলে৷ কিন্তু বাটলু বাহনখনৰ দুৱাৰেদি নামি
অহাৰ দৃশ্যটো বাহনখনৰে ঘূৰণীয়া অংশ এটাত ছবি হৈ ডাঙৰকৈ ওলোৱা আটায়ে মন কৰিলে৷ 

বাহনখনৰ
দুৱাৰ মুখৰপৰা বাটলু জাঁপ মাৰি সেউজপুৰৰ মাটিলৈ নামিল৷ নামিয়েই সি মাটিখিনি
শুঙিবলৈ ধৰিলে৷ তাৰ পাছৰ অকণমাণি হাতোৰা এখনেৰে এচিকুট মাটি লৈ নিজৰ মূৰত সানি
ল’লে৷ দৃশ্যটো দেখি আটাইৰে চকু চলচলীয়া হৈ উঠিল৷

বাটলু!’
মহাৰাজ কেশৰীয়ে কেৱল এই শব্দটোহে উচ্চাৰণ কৰিবলৈ সক্ষম হ’ল৷ কিবা এটা ভাবে যেন
তেওঁৰ ডিঙিত সোপা মাৰি ধৰিলেহি৷

মহাৰাজ!’
বুলি বাটলু দৌৰি আহি কেশৰীৰ নখৰ আগটোতে সেৱা কৰিলেহি৷

আহ
বোপাই৷ মোৰ নাকৰ ওপৰলৈ উঠি আহ৷’

বাটলুৱে ইপিনে
সিপিনে কিবা এটা চাই ব্যস্ত হৈ থাকিল৷ এবাৰ হঠাতে সি মন কৰিলে যে গছপাত এখিলাৰ আঁৰ
হৈ বাটলুৱনীয়ে আগ্ৰহেৰে তাৰ ফালে চাই আছে৷ লাহে লাহে তাই লাজ লাজকৈ তাৰ ফালে আগ
বাঢ়ি আহিল৷ তেনেতে খপকৈ তাইক মলুৱাই দাঙি নি বাটলুৰ একেবাৰে সম্মুখতে নমাই
দিলেগৈ৷ তাই লাজতে মৰোঁ যেন হৈ বুকুৰ আপোনজনলৈ চাই সুধিলে–

আহিলা?
ভালে
আছানে
? বাটত কিবা অসুবিধা হৈছিল নেকি?’

অপ্ৰস্তুত হৈ
হঠাতে সুধি পেলোৱা প্ৰশ্নকেইটা শুনি আটায়ে গিৰ্জনি পাৰি হাঁহি উঠিল৷ আগতকৈও লাজ
পাই তাই সাউতকৈ দেৰি গৈ সৰাপাত এখিলাৰ আঁৰত লুকাইহে ৰক্ষা পৰিল৷ মহাৰাজে ক’লে–

হেৰ’
ঘৰ পাই মুকলিকৈ কথা পাতিবিগৈ৷ এতিয়া আহচোন বাটলু৷ মোৰ নাকৰ আগত উঠি লহি৷’

বাটলু মহাৰাজৰ
ঠেঙেদি  বগাই  নাকৰ ওপৰলৈ উঠিল৷ এনেতে গণু-মলুৰ মানুহ বন্ধু
সেউজে বাটলুলৈ চাই প্ৰশ্ন কৰিলে–

মই
বাৰু কথা এষাৰ সুধিব পাৰোনে
?’ বাটলুৱে মূৰ দুপিয়াই সঁহাৰি জনালে৷

আপুনি
এটা বৃহৎ অভিযানৰপৰা উভতি আহিছে৷ বৰ্তমান আমাৰ পৃথিৱীৰ মানুহ বিভিন্ন গ্ৰহলৈ গৈছে
,
গৈ
সেইবোৰ গ্ৰহৰ বিষয়ে বুজিবলৈ যত্ন কৰিছে, সেইবোৰত নানান পৰীক্ষা-নিৰীক্ষাও
চলাইছেগৈ৷ কিন্তু আপুনি যিটো গ্ৰহলৈ গৈছিল সেইটো গ্ৰহৰ বিষয়ে মানুহে আজিলৈকে শুনাই
নাই৷ গ্ৰীনা নামৰ সেইটো গ্ৰহত যে পানী আছে
, গছ-গছনিও আছে,
আমাৰ
নিচিনা প্ৰাণীও আছে এই কথাবোৰ আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কথা৷ আপুনি তালৈ যোৱাৰ
কাৰণেহে আমি এইবোৰ খবৰ পাইছোঁ৷ আমাৰ বিজ্ঞানীসকলে এইবোৰ খবৰ পালে নিশ্চয় তেওঁলোকে
গ্ৰীনাৰ লোকসকলৰ সৈতে একেলগে নানান ভাল কাম কৰিবলৈ সক্ষম হ’ব৷ এতিয়া মই জানিব
খুজিছোঁ
, আপুনি আমাক গ্ৰীনাৰ লোকসকলৰ সৈতে পৰিচয় কৰাই দিবনে? তেওঁলোকৰ
সৈতে আমি যে একেলগে দুইখন পৃথিৱীৰ মঙ্গলৰ কাৰণে কাম কৰিব পাৰোঁ সেই কথাটো
গ্ৰীনাবাসীসকলক জনাবনে
?’

নিশ্চয়৷
গ্ৰীনাবাসীসকল অতি মুকলি মনৰ৷ তেওঁলোক চিন্তা-চৰ্চাত আগ বঢ়াও৷ তেওঁলোকে নি(য় আমাৰ
পৃথিৱীৰ মানুহৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব৷’ এইবুলি বাটলুৱে
গ্ৰীনাৰ বাহনখনৰ ফালে ঘূৰি চাই চিঞৰিলে
, ‘ছিংকা, হিং! শুনিছা?’

বাহনখনৰ পৰা আগৰ
দৰেই মাত ওলাল–

হয়,
আমি
শুনিছোঁ৷ আমি নিশ্চয়কৈ আমাৰ নেতা ইপ্পিক এই প্ৰস্তাৱটো দিমগৈ৷ আপোনালোকক আমি জনাওঁ
যে আপোনালোকৰ সৈতে সহযোগিতাৰে সকলোৰে কল্যাণৰ কাৰণে কাম কৰিবলৈ আমি সদায়ে আগ্ৰহী৷
তথাপি যিহেতু আমাৰ এটা ব্যৱস্থা আছে
, সেয়ে আমাৰ নেতাৰ অনুমোদন নোহোৱাকৈ আমি
এই মুহূৰ্তত একো সিদ্ধান্ত আপোনালোকক জনাব নোৱাৰোঁ৷’

ধন্যবাদ
আপোনালোকক৷’ বাটলুৱে ক’লে
, ‘আমি হৈছোঁ চাৰিঠেঙীয়া প্ৰাণী৷
আপোনালোকৰ দৰে শাৰীৰিক যোগ্যতা আমাৰ পৃথিৱীৰ কেৱল মানুহৰহে আছে৷ গতিকে মানুহৰ সৈতে
একেলগ হৈ কাম কৰিলে নিশ্চয় ভৱিষ্যতৰ দিনত আমাৰ দুয়োখন জগতৰ কাৰণে বহুতো ভাল কাম
হ’ব৷ আৰু আপোনালোকৰ সৈতে কাম কৰিব পাৰিলে আমাৰ পৃথিৱীৰ মানুহসকলেও নিশ্চয় বহুত ভাল
কাম কৰিবলৈ সক্ষম হ’ব৷’

ঠিক
আছে৷ গ্ৰীনাবাসীৰ সেতে একেলগে কাম কৰিবলৈ পৃথিৱীৰ মানুহ জাতিটো আগ বাঢ়ি অহাটো
নিশ্চিতভাৱে আমাৰ কাৰণে আনন্দৰ বিষয়৷ আমি নিশ্চিতভাৱে যোগাযোগ কৰিম৷ এতিয়া আমি
উভতি যাব লাগিব৷ এইবাৰ আমাক সেউজপুৰত নামিবলৈ অনুমতি দিয়া নাই বাবে মহাৰাজক
ইয়াৰপৰাই প্ৰণাম জনাইছোঁ৷ আপোনালোক সকলোকে সম্ভাষণ জনাইছোঁ৷ এতিয়া বিদায়৷’

কথাখিনি শেষ
হোৱাৰ লগে লগে হোহোৱনি শব্দ এটা কৰি বাহনখন আকাশলৈ উঠি গ’ল আৰু চকুৰ আগৰপৰা নোহোৱা
হ’ল৷

মহাৰাজৰ নাকৰ
ওপৰত উঠি বাটলুৱে আকাশলৈ চাই কাৰোবাক উদ্দেশ্যি তাৰ অকণমানি হাতোৰাখনেৰে বিদায়
সম্ভাষণ জনালে৷

কথাবোৰ
শুনিবলৈ খুব ভাল হৈছে বাৰু৷ কিন্তু আমিনো কি কৰিম
? সেইখন জগতৰ লোক
আৰু এইখন পৃথিৱীৰ লোক একেলগ হৈ কি কৰিব লাগিবনো
?’ ইমান পৰে মনে
মনে থকা সেনাপতি হিতৰামৰ প্ৰশ্নটো শুনি আটায়ে তালৈ চালে৷

কি
কৰিম ময়ো নাজানো৷ আমি তেওঁলোকৰ লগতো কথা পাতিম
, আমাৰ
বিজ্ঞানীসকলৰ লগতো পাতিম৷ তাৰ পাছতহে ঠিক হ’ব কি কৰিব লাগিব
, কি
কৰিব নালাগিব৷’ সেউজ নামৰ সৰু ল’ৰাটোৰ কথা শুনি মহাৰাজে ক’লে–

ঠিকেই
কৈছা বোপাই৷ সেউজপুৰ
, আমাৰ মানুহৰ সমাজখন আৰু গ্ৰীনাৰ লোকসকল– আটায়ে
মিলিজুলি সকলোৰে ভাল হোৱাকৈ কিবাকিবি কৰি যাম৷ মই কথা দিছোঁ
, এই
কাৰ্যত সেউজপুৰ ৰাজ্যই সম্পূৰ্ণ সহযোগ কৰিব৷ পিছে এতিয়া আৰু এনে কথা নাপাতোঁ৷
বেচেৰা বাটলুটো ভাগৰে-জুগৰে আহিছে৷ গতিকে তাক আমি ঘৰলৈ যাবলৈ অনুমতি দিয়া উচিত৷
দুদিনমান সি ঘৰতে জিৰণি লওক৷ আপোনাসকলো এতিয়া ঘৰাঘৰি যাওকগৈ৷’

মোৰ
জিৰণি বাৰু হ’ব
, মহাৰাজ৷ দুই-এদিনৰ ভিতৰতে গ্ৰীনাৰ লোকসকলৰ সৈতে
আমি এখন অনলাইন মিটিং কৰিম৷ সেউজ
, তোমালোকো আহিবা৷ তেতিয়াই আমি
প্ৰাৰম্ভিকভাৱে কথাবোৰ পাতিম৷’

বাটলুৰ কথাবোৰ
যেন নতুন! কি ক’ব খুজিছে সি
? স্বয়ং মহাৰাজেও একোকে বুজি নাপালে৷
বাটলুৱে পিছে কৈ গ’ল–

পৃথিৱীৰ
প্ৰাণীসমাজ
, মানৱ সমাজ আৰু উন্নত প্ৰযুক্তিসম্পন্ন
গ্ৰীনাবাসীৰ সহযোগত ভৱিষ্যতৰ দিনবাৰত সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ উন্নতি হোৱাকৈ আমি
বহুতো কাম কৰিব লাগিব৷ সমিলমিলেৰে আমি কাম কৰি যাম৷ এতিয়া বিদায়হে৷ সকলোকে
শুভৰাত্ৰি জনাইছোঁ৷’

(সমাপ্ত)