ৱিলিয়াম
বাটলাৰ য়েটছ : শ্ৰদ্ধাঞ্জলি
যোৱা
শতিকাটোৰ অন্যতম শ্ৰেষ্ঠ কবি বুলি গণ্য কৰা ৱিলিয়াম বাটলাৰ য়েটছ (১৮৬৫–১৯৩৯) আছিল
এজন আইৰিশ্ব কবি, নাট্যকাৰ আৰু ৰহস্যবাদী৷ ডাবলিনত জন্মগ্ৰহণ কৰা
তেখেত আইৰিশ্ব সাহিত্যৰ পুনৰুত্থানৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল আৰু
আয়াৰলেণ্ডৰ ৰাষ্ট্ৰীয় নাট্যশালা ‘এবি থিয়েটাৰ’ৰো সহ-প্ৰতিষ্ঠাপক আছিল৷ তেওঁৰ
সাহিত্যৰ মাজত ৰোমাণ্টিকতাবাদ, আধুনিকতাবাদ আৰু আইৰিশ্ব পৌৰাণিক কাহিনীৰ
সংশ্লেষণ ঘটাই প্ৰেম, প্ৰকৃতি, ৰাজনীতি আৰু
ৰহস্যময় বিষয়সমূহৰ সন্ধান কৰে৷
ডাবলিনৰ
ছেণ্ডিমাউণ্টত এটা প্ৰটেষ্টাণ্ট এংল’-আইৰিশ্ব পৰিয়ালত তেওঁৰ জন্ম৷ তেওঁৰ পিতৃ আছিল
এজন চিত্ৰকৰ, আৰু মাতৃ আছিল অভিজাত বণিক পৰিয়ালৰ সন্তান৷ তেওঁৰ
আৰম্ভণিৰ ফালৰ ৰচনাসমূহ প্ৰায়ে আইৰিশ্ব লোককথা আৰু ৰোমাণ্টিক আৱেশ আধাৰিত আছিল৷
লাহে লাহে তেওঁৰ কাব্যশৈলী আধুনিকতাবাদী হৈ উঠিছিল আৰু শেষৰ ফালৰ ৰচনাত তেওঁৰ
ব্যক্তিগত আৰু ৰাজনৈতিক জটিল চিন্তাৰ প্ৰতিফলন ঘটিছে য’ত তেওঁৰ ৰহস্যবাদ আৰু
অকল্টৰ প্ৰতি থকা আকৰ্ষণো অন্তৰ্ভুক্ত৷
তেওঁৰ
কবিতাসমূহৰ ভিতৰত The Second Coming, Sailing to Byzantium, Easter ১৯১৬,
Among School Children, Leda and the Swan
আৰু নাটকৰ ভিতৰত Cathleen
ni Houlihan, The Countess Cathleen আদি উল্লেখযোগ্য৷
তেওঁৰ
ৰচনাৰ বিষয়বস্তু ঘাইকৈ আইৰিছ জাতীয়তাবাদ, পৌৰাণিক কাহিনী, প্ৰেম (প্ৰায়ে
ম’ড গনৰ পৰা অনুপ্ৰাণিত), বয়স বৃদ্ধি, আৰু শিল্প আৰু
জীৱনৰ মাজৰ উত্তেজনা৷ আনহাতে য়েটছ অকল্ট (occult)-ৰ সৈতে গভীৰভাৱে
জড়িত আছিল, Hermetic Order of the Golden Dawn-অত যোগদান
কৰিছিল আৰু তেওঁৰ পত্নী জৰ্জি হাইড-লিছৰ সৈতে সাহিত্যৰ বিষয় তথা দৰ্শনৰো সন্ধান কৰিছিল৷ তেওঁৰ এটা
ৰাজনৈতিক জীৱনো আছিল৷ আইৰিছ ফ্ৰী ষ্টেটত চিনেটৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল৷
তেওঁৰ মতামত জটিল আছিল, পাছৰ বছৰবোৰত মাজে মাজে স্বৈৰাচাৰিতাৰ দিশলৈও
ঢাল খাইছিল৷ ১৯২৩ চনত কবিতাৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে৷ বঁটা
প্ৰদানকাৰীসকলে তেওঁৰ ৰচনাৰ বিষয়ে কৈছিল এনেকৈ, for his always inspired
poetry, which in a highly artistic form gives expression to the spirit of a
whole nation৷ য়েটছৰ কবিতাই আধুনিক কবিতাক সমৃদ্ধ কৰাৰ লগতে কিবতাত আইৰিশ্ব
পৰিচয়কো আন্তৰ্জাতিক পৰিসৰত তুলি ধৰিছিল৷ তেওঁৰ প্ৰাঞ্জল চিত্ৰকল্প আৰু ছান্দিল
প্ৰকাশভঙ্গী অতিশয় প্ৰভাৱশালী৷ য়েটছৰ কাব্যিক দৰ্শন হৈছে আইৰিশ্ব পৌৰাণিক কাহিনী,
ৰহস্যবাদ,
ৰোমাণ্টিকতাবাদ,
আধুনিকতাবাদ
আৰু মানৱতাবাদৰ এক জটিল ৰসায়ন৷ কবিতাৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী তেওঁৰ কেৰিয়াৰৰ লগে
লগে বিকশিত হৈছিল, ব্যক্তিগত অভিজ্ঞতা, সাংস্কৃতিক
জাতীয়তাবাদ আৰু দাৰ্শনিক অন্বেষণৰ প্ৰতিফলন ঘটাইছিল৷ তলত তেওঁৰ কাব্য দৰ্শনৰ মূল
উপাদানসমূহৰ সংক্ষিপ্ত আভাস দিয়া হ’ল :
য়েটছৰ
মতে কবিতাই বস্তুগত আৰু আধ্যাত্মিক জগতখনৰ মাজত সেতুবন্ধন কৰিব লাগে৷ হাৰ্মেটিক
অৰ্ডাৰ অৱ দ্য গোল্ডেন ডনৰ সৈতে জড়িত হোৱা আৰু অকল্টৰ অধ্যয়নৰ দ্বাৰা প্ৰভাৱিত হৈ
তেওঁ কবিতাক ৰহস্যময় সত্য আৰু সাৰ্বজনীন প্ৰতীকসমূহৰ সন্ধানৰ মাধ্যম হিচাপে
দেখিছিল৷
“Sailing to
Byzantium”-অৰ দৰে কবিতাত তেওঁ ক্ষণস্থায়ী ভৌতিক জগতখনক শিল্পৰ এক চিৰন্তন,
আধ্যাত্মিক
ক্ষেত্ৰৰ সৈতে তুলনা কৰিছে, কাব্যিক সৃষ্টিৰ জৰিয়তে অতিক্ৰম
বিচাৰিছে৷ তেওঁৰ
“য়ুনিটি অৱ বিয়িং”ৰ ধাৰণাটোৱে (ব্লেক আৰু আইৰিশ্ব ৰহস্যবাদৰ পৰা অনুপ্ৰাণিত) শৰীৰ,
মন
আৰু আত্মাৰ মাজৰ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যিটো তেওঁ নিজৰ
ৰচনাত ধৰি ৰাখিব বিচাৰিছিল৷
য়েটছে
আইৰিশ্ব পৌৰাণিক কাহিনী আৰু লোককথাৰ পৰা বহুখিনি আঁকিছিল, ইয়াক সামূহিক
প্ৰজ্ঞা আৰু সাংস্কৃতিক পৰিচয়ৰ ভঁৰাল হিচাপে লয়৷ দ্য ৱাণ্ডাৰিংছ অৱ অইচিনৰ দৰে
ৰচনাসমূহে চেলটিক কিংবদন্তিৰ প্ৰতি তেওঁৰ আৰম্ভণিৰ ৰোমাণ্টিক আকৰ্ষণক
প্ৰতিফলিত কৰে৷
তেওঁ
ব্যক্তিগত প্ৰতীকৰ এক শৃঙ্খলা গঢ়ি তুলিছিল, বিশেষকৈ A
Vision-অত, যি অনুশীলন আছিল তেওঁৰ The Second
Coming-অৰ দৰে কবিতাৰ আধাৰ৷ তেওঁৰ কবিতাত বাৰে বাৰে ওখ স্তম্ভ, গোলাপ, ৰাজহাঁহৰ
দৰে প্ৰতীক পোৱা যায়, যিয়ে প্ৰজ্ঞা, সৌন্দৰ্য,
আৰু
আধ্যাত্মিকতাৰ দৰে কালজয়ী ধাৰণাৰ দ্যোতনা সৃষ্টি কৰে৷
আইৰিশ্ব
সাহিত্যৰ পুনৰুত্থানৰ নেতৃস্থানীয় লেখক হিচাপে য়েটছে কবিতাক আয়াৰলেণ্ডৰ মিথ আৰু
ইতিহাসকআইৰিশ্ব জাতীয় পৰিচয় গঢ়ি তোলাৰ এক
মাধ্যম হিচাপে গ্ৰহণ কৰিছিল৷ তেওঁ স্থানীয় লোককথাক বহল দাৰ্শনিক তত্ত্বৰ সৈতে
মিহলাই সাৰ্বজনীন বিষয়বস্তুৰ সৈতে জড়িত কৰি এক সুকীয়া আইৰিশ্ব সাহিত্য সৃষ্টি
কৰাৰ লক্ষ্য লৈছিল৷
য়েটছে
মানুহৰ অস্তিত্বৰ বিশৃংখলতাক শৃঙ্খলাবদ্ধ কৰাৰ এক উপায় হিচাপে কবিতাক গ্ৰহণ কৰিছল৷ তেওঁ শিল্পীৰ আদৰ্শগত দৃষ্টিভংগী
আৰু বাস্তৱৰ অসম্পূৰ্ণতাৰ মাজৰ সংঘাতৰ উৎস সন্ধান কৰিছিল৷ তেওঁৰ দৰ্শনে শিল্পকলাক
অমৰত্বৰ এক বিকল্প হিচাপে গ্ৰহণ কৰিছিল, ফলস্বৰূপে তেওঁৰ একাধিক কবিতাত শিল্প এক পৱিত্ৰ, চিৰন্তন সম্পদত
পৰিণত হৈছে৷
কবি
জীৱনৰ আৰম্ভণিতে য়েটছৰ কাব্যদৰ্শনৰ আধাৰ আছিল ৰোমাণ্টিকতা, য’ত ব্যক্তিগত
আৱেগ, ইন্দ্ৰিয়গোচৰ নৈসৰ্গিক প্ৰকৃতি আৰু কল্পনাই গুৰুত্ব লাভ কৰিছিল৷ তেওঁ
অতীতৰ আদৰ্শগত দৃষ্টিভংগীৰ জৰিয়তে বস্তুগত
আধুনিকতাৰ পৰা পলায়ন কৰিব বিচাৰিছিল৷
কিন্তু
সময়ৰ লগে লগে তেওঁ আধুনিকতাবাদীৰ স্পষ্টতা আৰু জটিলতাক আহৰণ কৰিছিল, অধিক
পৰিশীলিত, মিতভাষী শৈলী গ্ৰহণ কৰিছিল৷ তেওঁৰ পাছৰ ৰচনাসমূহেও বাৰ্ধক্য, মৃত্যু
আৰু সমাজৰ উত্তাল পৰিস্থিতিৰ সন্মুখীন হৈছে তীব্ৰ বাস্তৱবাদী বৌদ্ধিক কাঠিন্যৰে৷
য়েটছ
আছিল সেউজ প্ৰেমিক৷ ম’ড গনৰ সৈতে তেওঁৰ প্ৰেমকাহিনী আজিও কিম্বদন্তীৰ দৰে৷ ম’ড গনৰ
প্ৰতি অকৃত্ৰিম প্ৰেমে তেওঁৰ কাব্য দৰ্শনক গভীৰভাৱে গঢ় দিছিল৷ তেওঁৰ একাধিক
কবিতাত ম’ড গন মানসিক সৌন্দৰ্য আৰু আয়াৰলেণ্ডৰ প্ৰতীক হৈ ধৰা দিছে৷ তেওঁৰ প্ৰেমৰ
দৰ্শনে ব্যক্তিগত আকাংক্ষাক সাৰ্বজনীন আৰ্কিটাইপৰ সৈতে সম্পৰ্কিত কৰিছিল, পাৰ্থিৱ
আবেগক আধ্যাত্মিক আকাংক্ষাৰ সৈতে মিলাই দিছিল৷ তেওঁ কবিতাক ব্যক্তিগত আৰু ঐতিহাসিক
আখ্যানৰ মিশ্ৰণেৰে মহাজাগতিক
পৰিৱৰ্তনসমূহক (সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি)
ধৰি ৰখাৰ এক উপায় হিচাপে দেখিছিল৷
তেওঁৰ
মতে কবি এজন দ্ৰষ্টা যিয়ে ছন্দ, চিত্ৰকল্প
আৰু গাঁথনিৰ জৰিয়তে অভিজ্ঞতাক ক্ৰমবদ্ধ কৰি বিশৃংখলতাৰ মাজতো অৰ্থ সৃষ্টি কৰিবলৈ
সক্ষম হয়৷
সামগ্ৰিকভাৱে
য়েটছৰ কাব্য দৰ্শন হৈছে ৰহস্যবাদ, জাতীয়তাবাদ আৰু কলাত্মক অনুশাসনৰ জটিল
মিশ্ৰণ৷ তেওঁ কবিতাক এক পৱিত্ৰ কাৰ্য ৰূপে অনুভৱ কৰিছিল যাৰ লক্ষ্য ব্যক্তিগত
অৰ্থৰ সন্ধান আৰু সাংস্কৃতিক আৰু আধ্যাত্মিক সত্য সংৰক্ষণৰ সামূহিক প্ৰচেষ্টা
দুয়োটা৷ তেওঁৰ ৰচনাই মানৱাত্মা আৰু মহাবিশ্বত ইয়াৰ স্থান অন্বেষণ কৰিবলৈ মিথ,
প্ৰতীক
আৰু ইতিহাসৰ ব্যৱহাৰ কৰি লৌকিক আৰু চিৰন্তনৰ মাজৰ উত্তেজনাক প্ৰদীপ্ত কৰে৷
অহা
তেৰ জুনত কবি য়েটছৰ বয়স হ’ব এশ¸ ষাঠি বছৰ৷ তেওঁৰ কবিতা কিন্তু আজিও
নবীন– সেউজীয়া পাতটোত ওলমি থকা স্বচ্ছ, মুকুতামণি যেন নিয়ৰৰ টোপালটোৰ দৰে৷ কবি
যেটছৰ প্ৰতি আমি সকৃতজ্ঞ শ্ৰদ্ধা তৰ্পণ কৰিছোঁ৷