শব্দ অথবা তীখাৰ জুই – ৰূপান্তৰৰ চেতনাৰে ৰৌদ্ৰোজ্জ্বল ড০ ভক্ত প্ৰসাদ গৌতমৰ কবিতা

ৰুদ্ৰ
সিংহ মটক


The problem of art is
to make objective that which has been subjective—to make life in terms of one
man into an image  of life expressed in
terms of all men….
” (R. A. Scott James)

 

সূক্ষ্ম জীৱনবোধ আৰু সততে এক উদাৰ প্ৰগতিশীল সমাজদৃষ্টিৰ এগৰাকী
সংবেদনশীল কবি ড ভক্ত প্ৰসাদ গৌতম৷ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ অৱসৰী
অধ্যাপক ভক্ত প্ৰসাদৰ৷ অলপতে যোৱা  ৬ ফেব্ৰুৱাৰিত (২০২৫)
প্ৰকাশ পায় প্ৰথম কাব্যগ্ৰন্থ – “শব্দ অথবা তীখাৰ জুই”৷ উল্লেখযোগ্য যে  তথাকথিত বিশ্বায়নৰ ধামখুমীয়াত দাৰিদ্ৰ্য, অশিক্ষা,
অসমতাৰ দৰে এশ এটা সমস্যাৰ কুটিল গ্ৰাসত পতিত আমাৰ সমাজৰ মধ্যশ্ৰেণী আৰু তলমজলীয়া
কৃষক, শ্ৰমিক, বনুৱা শ্ৰেণীৰ লোকসকলৰ দুৰ্দশাগ্ৰস্ত নাজল-নাথল জীৱনৰ বিভিন্ন ছৱি-চিত্ৰকল্প,
প্ৰসঙ্গ-অনুসঙ্গ ভক্তৰ কবিতাৰ কেনভাছত সজীৱ আৰু স্পন্দনশীল ৰূপত প্ৰতিবিম্বিত হোৱা
পৰিলক্ষিত হয়৷ সবাতোকৈ আশাপ্ৰদ কথা এইটোৱেই যে তেওঁৰ বেছিভাগ কবিতাই তেওঁৰ সূক্ষ্ম
মনন, সংহত কল্পনা আৰু সমালোচনাত্মক সমাজদৃষ্টিৰ সাৰ্থক, শিল্পীত উপস্থাপন৷ ই ভক্তৰ
শিল্পবীক্ষা আৰু কাব্যকৃতিৰ সততে শলাগিবলগীয়া এক উজ্বল দিশ৷ এনে প্ৰমূল্যৰ অভাৱত ভাষা
সজীৱ, সুন্দৰ হ’লেও কবিতা বা সাহিত্য ৰক্তহীনতাত ভোগে৷ বুৰঞ্জীবিদ জে লঙ আৰু লিগুই
কাঝামিয়াঁই সাহিত্যৰ এই সত্যটিলৈ আঙুলিয়াইছে এনেদৰে– “Literature without a
critical angle of judgement falls through its very essence.”(History of English
Literature)
 

“ব’
হেৰাল চ’ৰ বুকুত” কবিতাটি ভক্ত প্ৰসাদ গৌতমৰ ভাষিক স্বাভিমানবোধ আৰু মানৱপ্ৰীতিৰ উজ্বল
চানেকি৷ সমাজদৰ্শী কবিয়ে বুজে এটা জাতি কিম্বা জনগোষ্ঠীৰ সংস্কৃতি, সভ্যতাৰ ধৰণী হ’ল
সেই জনগোষ্ঠীৰ প্ৰচলিত ভাষাটো৷ ভাষাৰ অকাল মৃত্যুয়ে এটা জাতিৰ বাবে –সৰুয়েই   হওক, ডাঙৰেই
হওক –যি কোনো মুহূৰ্তত মৃত্যুৰ কাল অমানিশা মাতি আনিব পাৰে৷ ২০১০ চনত আন্দামান দ্বীপপুঞ্জৰ
বুবা চ’ই শেষ নিশ্বাস ত্যাগ কৰাত ব’ ভাষাৰ অন্তিম ঘণ্টা বাজি উঠা সেই ট্ৰেজিক ঘটনাটোৱে
সংবেদনশীল কবি ভক্তৰ বুকুত যেন অপ্ৰত্যাশিত এক প্ৰচণ্ড আঘাত হানিছে৷ সেয়ে তেওঁৰ কাপত
হৃদয়স্পৰ্শী এই কবিতাৰ জন্ম৷ উল্লেখযোগ্য যে এনে এক জটিল সংকটৰ পটভূমিত ৰচিত এইটোৱেই
প্ৰথম অসমীয়া কবিতা৷ কলাগত দিশত উচ্চ মানৰ ৰসোত্তীৰ্ণ সৃষ্টিকৰ্ম নহ’লেও সততে সহজবোধ্য
কবিতাটোত‌ সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে এটা জনগোষ্ঠীৰ অনিশ্চিত ভৱিষ্যতক লৈ ভিতৰি ভিতৰি
অসম্ভৱ শংকিত, ব্যথিত কবি এজনৰ সূক্ষ্ম সমাজদৃষ্টি আৰু প্ৰসাৰিত মানৱায়তন–

 

বুবা চ’ আৰু নাই৷

তেওঁৰ মৃত্যুৰ লগে লগে

পৃথিৱীৰ বুকুত স্তব্ধ হ’ল ব’ভাষাৰ

উশাহ নিশাহ

আন্দামান দ্বীপপুঞ্জৰ গভীৰ অৰণ্যত

প্ৰতিধ্বনিত নহ’ব এতিয়া

ব’ ভাষাৰ শব্দৰ ধ্বনি

কোনেও অনুভৱ কৰিব নোৱাৰিব

ব’ ভাষাৰ কাব্যিক সজীবতা

পখীৰ কাকলিতো প্ৰতিধ্বনিত নহ’ব

ব’ভাষাৰ শব্দৰ ঝঙ্কাৰ৷

 

একৈশ ফেব্ৰুৱাৰিৰ বিশেষ দিনটোত

মমতাময়ী মাতৃৰ মুখৰ প্ৰথম শব্দই

ব’জনগোষ্ঠীৰ সংবেদনশীল ব্যক্তিৰ বুকুত

আঘাত হানিব নোৱাৰে এতিয়া৷

বুকুত বেদনা লৈ অদৃষ্ট দিগন্তৰ পৰা

বুবা চ’ই

মাথো চিঞৰি চিঞৰি ক’ব –

  *                      *

বিশ্বায়ন হুঁচিয়াৰ

জীৱশ্ৰেষ্ঠক প্ৰতাৰণা নকৰিবা

বিলীন হোৱা

পৃথিৱীৰ আকাশ-বতাহ

মৰু-দ্বীপ

অথবা

পৰ্বতৰ দূৰ্গম প্ৰান্তত৷

নিঃশেষ নকৰিবা বিবেকক

আৰু নিঃশেষ নকৰিবা

মানুহৰ বুকুত বাজি উঠা

প্ৰাণৰ ভাষাবোৰক ৷

 

জীৱনৰ চিৰন্তন সত্য অথবা প্ৰগাঢ় উপলব্ধিক নিজস্ব জিজ্ঞাসা,
অভিজ্ঞতাৰ পোহৰত নান্দনিক শিল্পৰূপ দিয়াটোৱেই কবি‌ এজনৰ মূল উদ্দেশ্য৷ কবি ভক্ত প্ৰসাদ
গৌতমে অকপটে স্বীকাৰ কৰিছে যে এদিন তেওঁৰ কলমৰ কবিতাবোৰত নাছিল –“অন্যায়ৰ বিৰুদ্ধে
প্ৰতিক্ৰিয়াৰ শব্দ/ শোষণৰ বিৰুদ্ধে প্ৰতিবাদী ভাষা/অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিৰোধৰ জ্বালামুখী
বাক্য৷” কিন্তু বাম গণতান্ত্ৰিক লোকসকলৰ সান্নিধ্য লাভ কৰা কবিগৰাকীৰ বোধ, চিন্তা,
স্বপ্ন আৰু চেতনাত পৰিৱৰ্তন আহিবলৈ বেছি দিন নালাগিল৷ সেয়েহে কবিৰ কবিতাত অচিৰেই নিনাদিত
হ’ল এই নতুন সুৰ, নতুন উপলব্ধি৷–

 

মই গভীৰ টোপনিত আছিলো

সুখনিদ্ৰাত আছিলো

সপোন দেখি আছিলো ৷

হঠাৎ সাৰ পালোঁ বিষ্ণুৰাভাৰ কবিতাৰ

চিঞৰত৷

             (সিৰিপনিৰ
চাট)

 

আমি মাৰ্ক্সবাদী
দৰ্শনৰ ছাত্ৰসকলে জানো যে বিপ্লৱী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে পূঁজিবাদ,
সাম্ৰাজ্যবাদৰ কুফলবোৰ মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছিল বাবেই এনেদৰে মন্তব্য কৰিছিল–
“ধনতন্ত্ৰবাদ পৃথিৱীৰ বুৰঞ্জীত সংস্কৃতিৰ নামত দুষ্কৃতিৰ ছদ্মৰূপ৷ সমাজ বাস্তৱৰ সতে,
দেশৰ নাড়ী-নক্ষত্ৰৰ সৈতে গভীৰভাৱে পৰিচিত আমাৰ কবিয়েও এই সত্যৰ মৰ্ম নুবুজাকৈ থকা
নাই৷ সেয়ে তেওঁৰ কলমত সৃষ্টি হৈছে “মাজনী” শীৰ্ষক বলিষ্ঠ কবিতা৷ –

 

মাজনী

ধনতন্ত্ৰৰ অৱক্ষয়ী সংস্কৃতিৰ পোহৰত

মৰহিব ধৰা অজস্ৰ ফুলৰ পাপৰিৰ নাম ৷

 

আমাৰ চুবুৰীৰ দৰে দেশৰ হাজাৰ হাজাৰ চুবুৰীৰ

লাখ লাখ মাজনী ভাৰাক্ৰান্ত আজি একেই ৰোগত

ধনতান্ত্ৰিক দুষ্কৃতিৰ নিৰ্মম শিকলিৰে বন্ধা

নিস্প্ৰভ জীৱনৰ ছন্দহীন গতি ৷

তথাপিও থমকি ৰোৱা নাই চুবুৰীটোত

মাজনীৰ সংগ্ৰামী জীৱনৰ জীৱন গাথা

 

ব্যৰ্থতাই নতুন সৃষ্টিৰ অনন্য দৃষ্টিৰে

অনাগত দিনত নিষ্পাপ বালিকাৰ

জীৱন ৰঙীন কৰাৰ দুৰ্লভ আশা ৷

বৈষম্য জিনি ভৱিষ্যতৰ ক’লাদাগ বিহীন

উজ্বল চন্দ্ৰমাৰ স্নিগ্ধ পোহৰৰ প্ৰত্যাশা

সংগ্ৰাম জিনা উদিত সূৰ্যৰ আভা৷

                                        (মাজনী)

সাম্ৰাজ্যবাদী
শোষকচক্ৰ, স্বেচ্ছাচাৰী ফেছিষ্ট ঘাতকহঁতৰ কূটকৌশল ওফৰাই পেলাব নোৱাৰিলে তৃতীয় বিশ্বৰ
জনগণে কাহানিও অৰ্থনৈতিক স্বাধীনতা, শিক্ষাৰ অধিকাৰ, সামাজিক ন্যায়ৰ দৰে জীৱনৰ মৌলিক
অধিকাৰবোৰৰ লগতে বিশ্বশান্তিৰ মুখ দেখা নাপায়৷ সেয়ে দুৰ্গত বহুধাবিভক্ত জনগণক সমাজতান্ত্ৰিক
ভাৱাদৰ্শ আৰু সংগ্ৰামী চেতনাৰে সংগঠিত আৰু ঐক্যবদ্ধ কৰাটোৱেই কবি ভক্ত প্ৰসাদৰ অন্তৰতম
প্ৰয়াস৷ –

এমুঠি অন্নৰ সন্ধানত ৰাজপথত

 নঙঠা শিশুৰ কলৰৱ ৷

 জুই জুই খেলৰ হুমাগ্নিত

 নিৰীহ জনতাৰ শ্বাস
প্ৰশ্বাস৷

 

জোৰ পুৰি হাত পালেই অনিৰ্বাপিত হ’ব জুই

 দাউ দাউকৈ জ্বলি উঠাৰ
পৃৰ্বে

 জনতাৰ সমন্বিত শকতিৰে

 নিবাৰণ কৰিব লাগিব
এই অগনি ৷

 জাগিব লাগিব

জগাব লাগিব

কৃষক শ্ৰমিক

হালোৱা হজোৱা বনুৱাৰ

সংগ্ৰামী চেতনা ৷

          ‌‌      –জুই জুই খেলা

নেতা পালিনেতাহঁতে শাসন শোষণৰ ন্যস্ত স্বাৰ্থত ধৰ্মীয় সাম্প্ৰদায়িকতাৰ
উন্মাদনাৰে দেশৰ সাধাৰণ চহা কৃষক, শ্ৰমিকসকলক বহুধাবিভক্ত কৰাৰ কূটিল ষড়যন্ত্ৰৰ বিৰুদ্ধে
ভক্ত প্ৰসাদ গৌতম বেচ সজাগ৷ সেয়ে কবিৰ কাপত শ্ৰেণী চেতনা আৰু গণসজাগতাৰ প্ৰয়াস প্ৰকাশ
পাইছে এনেদৰে,–

 

আজিকালি

আইৰ দেশৰ বজাৰত

বেচা-কিনা হয় ধৰ্মৰ পোচাক

নানাৰঙী পোচাকত আইৰ বক্ষত

ধৰ্মীয় উন্মাদনাৰ পৈশাচিক আনন্দ

সময়ৰ গতিত

মানুহবোৰ শিলপৰা কপৌ হ’ল

বতাহৰ গতিও মন্হৰ

হিমচেঁচা শীতৰ সমীৰণ নবলে ইয়াত

নবলে

হিন্দুৰ মলয়া বতাহ

মুছলমানৰ শীতল সমীৰণ

খ্ৰীষ্টানৰ মৃদুমন্দ বায়ু ৷

এনেকৈ আৰু কিমান দিন ?

কিমান দিন ??

                 –ছন্দ
পতন

 

পুঁজিবাদী পিতৃতান্ত্ৰিক
সমাজত নাৰীয়ে কিদৰে অতীতৰ গৰিমা আৰু অধিকাৰসমূহ হেৰুৱাৰ লগতে পুৰুষৰ দাসত্ব স্বীকাৰ
কৰিবলৈ বাধ্য হ’ল তাৰ প্ৰকৃত স্বৰূপো অভিব্যক্ত হৈছে ভক্ত গৌতমৰ “নাৰী” শীৰ্ষক কবিতাটোত৷
তেওঁৰ দৃষ্টিত নাৰী জাতিৰ শৃঙ্খল ছিঙাৰ যি সংগ্ৰাম Clara Zetkin-ৰ ভাষাত সেয়া দৰাচলতে
সকলো ধৰণৰ সামাজিক ন্যায় প্ৰাপ্তিৰো দীৰ্ঘদিনীয়া সংগ্ৰাম৷ “The fight for women’s
rights is not just a strugglefor individual freedom, but a battle for social
justice”

    

অতীতত

তোমাৰ হাতত আছিল ৰাজদণ্ড

তুমিয়েই আছিলা

মহাৰাণী ভিক্টোৰিয়া

ক্লিওপেট্ৰা

চুলতানা ৰেজিয়া

ফুলেশ্বৰী কুঁৱৰী

জয়মতী, মুলাগাভৰু আৰু…৷

 

সামন্তীয় সমাজত

ধন পণ্যলৈ ৰূপান্তৰিত হোৱাত

শাৰীৰিক দুৰ্বলতাৰ সুযোগ লৈ

কাঢ়ি ল’লে অধিকাৰ

সজালে তোমাক দাসী

 

কবি হিচাপে ভক্তৰ
কল্পনা শক্তিৰ চমক(grandeur) মন কৰিব লগীয়া৷ তেওঁ চিত্ৰকলাৰ বিদ্যালয়খনকো মন্দিৰৰ
ৰূপত মহিমান্বিত কৰিছে৷ কবি অথবা শিল্পীয়ে যিহেতু মন-প্ৰাণ-হৃদয়েৰে চিৰ সুন্দৰৰ বন্দনাৰে
মানৱতাৰ শান্তি, কল্যাণ কামনা কৰে সেয়ে কলা-শিল্পৰ বিদ্যালয়খনিক মন্দিৰ বুলি অভিহিত
কৰাটো অপ্ৰাসঙ্গিক হ’ব নোৱাৰে৷ আনহাতে সুকুমাৰ কলাৰ চৰ্চা বা  সাৰ্থক সৃষ্টিৰ আনন্দও সৰগীয়–divine ৷ ৰূপ, বৰ্ণ
বা বাক –আবয়বিক বা আত্মিক ঐশ্বৰ্য  যিয়েইবা
নহওক –শিল্পী হৃদয়ৰ সুন্দৰতম সৃষ্টি কৰিব নোৱাৰাৰ যি যন্ত্ৰণাবোধ সি হয়তো সৰগীয়
অসন্তুষ্টিৰে নামান্তৰ ৷ উল্লেখ্য যে প্ৰথিতযশা ইংৰাজ কবি পি. বি. শ্বেলীয়ে তাকে
divine discontent বুলি কৈ গৈছে৷–

 

পৃথিৱীৰ শ্ৰেষ্ঠ সুখ হয়তো ইয়াতেই আছে

এই মন্দিৰত

ইয়াৰ সঙ্গসুখত

ইয়াৰ অপূৰ্ব সুন্দৰ পৰিবেশত

ব্ৰাচৰ আচোঁৰবোৰত

ৰঙা নীলা হালধীয়া সেউজীয়া আৰু যে কত

অসীমিত যাদুকৰী শিল্পৰ গণিতীয় সূত্ৰত৷

                                                 
(ৰমণীয় মন্দিৰ)

 শব্দ অথবা তীখাৰ জুই  পুথিখনৰ প্ৰকাশক নতুন সাহিত্য পৰিষদ, অবিভক্ত শোণিতপুৰ
জিলা, আৰু প্ৰচ্ছদশিল্পী হ’ল ধৰণীধৰ দাস৷ পুথিখনত কবিৰ ২০১০-২০২৪ কালছোৱাত ৰচিত ভিন্ন
স্বাদৰ মুঠ বাৱন্নটা কবিতা সন্নিৱিষ্ট হৈছে৷ ইয়াত অন্তৰ্ভুক্ত সকলোবোৰ কবিতাকে উচ্চ
মানদণ্ডৰ নিটোল সৃষ্টি বোলা টান৷ শৰশয্যাত ভীষ্ম, ছন্দপতন, নাৰী, বন্ধ-স্তব্ধ এক যাত্ৰা,
–এনেবোৰ কবিতাত কবিয়ে ভাৱৰ ঐক্য বা অখণ্ডতা(unity of thought) ধৰি ৰাখিব পৰা নাই৷
এই কবিতাসমূহত অন্তৰ্লীন ছন্দৰ উদ্ভাস বহু পৰিমাণে ম্লান বুলিয়ে ক’ব লাগিব৷ শব্দৰ
শিল্পীত ব্যৱহাৰত বহু সময়ত কবি ভক্ত সচেতন৷ তেওঁ অৱগত যে ভাষাৰ শিল্পৰূপ সুন্দৰ, স্পন্দনশীল
নহ’লে কবিতাই পাঠকৰ সমাদৰ হেৰুৱাব৷ আমাৰ দৃষ্টিত ভাষাৰ কালিকা আয়ত্ব কৰাৰ নীৰৱ যুঁজখনত
কবি ভক্ত গৌতমে আৰু বহু বেছি আত্মোৎসৰ্গ কৰিব লাগিব৷ এই সন্দৰ্ভত অসমীয়া আধুনিক কবিতাৰ
পুৰোধা নলিনীধৰ ভট্টাচাৰ্যদেৱৰ এটা তাৎপৰ্যপূৰ্ণ উক্তি অসমীয়া কবিতাৰ দ পথাৰত নামিব
খোজা কবিসকলে পাহৰিলে নচলিব৷ –“এটা সৌন্দৰ্য মণ্ডিত ভাষাৰ শিখৰ বিচৰাই হয়তো কবিৰ কাম৷”

 

শব্দৰ ভঁৰাল চহকী নহ’লে, আবেগিক ভাৱোচ্ছ্বাসৰ পৰিৱৰ্তে প্ৰয়োজন
অনুপাতে সংহত আৰু মননশীল হ’ব নোৱাৰিলে,
কবি এজন শক্তিশালী এক আধুনিক
শব্দ-প্ৰযুক্তিৰ গৰাকী  হোৱাটো নিতান্তই কঠিন৷
ভাষিক স্বাভিমানবোধ থকা আমাৰ প্ৰবুদ্ধ কবিসকলে আৰু এটা কথা গুৰুত্ব সহকাৰে ল’ব লাগিব৷
কবিতাত ব্যৱহাৰ কৰা প্ৰাচীন অথবা প্ৰচলিত শব্দৰ নতুন অৰ্থব্যঞ্জনা নতুন সম্ভাৱনা উন্মোচনৰ
লগতে মাতৃভাষাৰ ঐশ্বৰ্যশালী ৰূপ এটাৰ উন্মেষণ, আৱিষ্কাৰো তেওঁৰ স্বপ্ন, সাধনা আৰু জীৱনৰ
ব্ৰত  হ’ব লাগিব৷

 

অসমীয়া লোক-সাহিত্যৰ সমল কিম্বা ভাৰতীয় মহাকাব্যৰ জনপ্ৰিয়
আখ্যান অথবা কোনো মহাকাব্যিক চৰিত্ৰৰ আদৰ্শৰ আধাৰত ৰচিত কবিতা এই সংকলনটিত পোৱা নগ’ল৷
আনহাতে আন্তৰ্জাতিক পটভূমিৰ সৈতে সাঙোৰ খাই থকা ছিৰিয়াছ বিষয়বস্তুৰ প্ৰতি ডেকা কবিজনৰ
বিশেষ আকৰ্ষণ নথকাটোৱে তেওঁৰ তৰাং বিশ্ববোধৰ দিশটোকেই হয়তো উদঙাই দিছে৷ কিন্তু কবি
ভক্ত গৌতমৰ প্ৰতিভাৰ এনে দুই এটা দুৰ্বল দিশৰ পৰা আঁতৰিও তেওঁৰ কবিত্বৰ আন কিছু বিৰল,
সদৰ্থক দিশৰ ওপৰত আমি এটা কথা উল্লেখ কৰাটো বাঞ্ছনীয় হ’ব৷ বিষয়বস্তুৰ বৈচিত্ৰ আৰু
উৰ্বৰ কল্পনাশক্তিৰ ক্ষেত্ৰত এইজন কবি অসম্ভৱ চহকী৷ উদাহৰণ স্বৰূপে ব’ ভাষা আৰু চিত্ৰকলা
বিদ্যালয়ক বিষয় হিচাপে লৈ প্ৰথমবাৰৰ বাবে কবিতা ৰচনা কৰা ড ভক্ত প্ৰসাদ
গৌতমৰ নাম অসমীয়া কাব্য সাহিত্যৰ বুৰঞ্জীত উজ্জ্বল ৰূপত খোদিত হৈ ৰ’ব৷

 

বহুমাত্ৰিক অন্তৰ্দৃষ্টিসম্পন্ন তেওঁৰ কলমৰ ভৱিষ্যতৰ সৃষ্টিক
লৈ আমি খুবেই আশাবাদী৷ মানুহ আৰু মানৱতাৰ কন্ঠস্বৰ কবিতাৰ ওপৰত গভীৰভাৱে বিশ্বাসী প্ৰগতিশীল
শিল্পবীক্ষাৰ কবি ভক্ত প্ৰসাদ গৌতম৷ বিগত প্ৰায় তিনি দশক নতুন সাহিত্য নতুন কবিতাৰ
আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত, কেবাখনো উচ্চমানৰ গ্ৰন্থ প্ৰণেতা, সংস্কৃতি-সভ্যতাৰ
ৰূপান্তৰৰ শক্তিত গভীৰভাৱে বিশ্বাসী ভক্ত গৌতম সমাজ জীৱনৰো এজন নিষ্ঠাৱান সংগঠক৷ আমি
আশান্বিত যে ঐকান্তিক নিষ্ঠা আৰু সাধনাৰে কাব্যচৰ্চাত‌ লাগি থাকিলে ভক্ত গৌতমৰ দীপ্ত
কল্পদৃষ্টি, ধমনীৰ উষ্ণ ৰক্তস্ৰোতৰ উত্তাপত ধাতৱ শব্দবোৰ গলি গলি পাগত উঠা ইস্পাতৰ
দৰেই বলিষ্ঠ, ৰূপান্তৰক্ষম কবিতাৰ সৃষ্টি হ’ব; আৰু ৰৌদ্ৰোজ্বল সেই পেশীবহুল সৃষ্টিৰাজি
হ’ব অসমীয়া সাহিত্যৰ ভঁৰাললৈ বহুমূলীয়া অৱদান৷

 

                                       ০০০

 

ঠিকনা

অম্বিকাগিৰি নগৰ

হাউছ নম্বৰ  তিনি, ত্ৰিবেণী
পথ,

গুৱাহাটী -৭৮১০২৪

ফোন -৭০০২৩০৩৮৮২