তুমি মোৰ চহৰখনৰ নিচিনা

 

উৰ্মি জুলী শ‌ইকীয়া 

তুমি, 

মোৰ চহৰখনৰ নিচিনা 

ভগা-ছিগা

অমীমাংসিত

বিতৰ্কৰে ভৰা

এটা যন্ত্ৰণা শেষ নহয়

আৰু এটা যন্ত্ৰণা লগ হয়

যানজঁটৰ দৰে ক্ষোভ, অভিযোগবোৰে

খুন্দা মাৰি গুচি যায় 

টানি থাকে 

চহৰখনৰ অৰ্থহীন ৰাস্তাবোৰৰ দৰে

এবাৰ ইফালে 

এবাৰ সিফালে বিৰক্তিয়ে

তুমি মোৰ চহৰখনৰ নিচিনা 

এটুকুৰা ভগা-ছিগা দুখ

ঘৃণনীয় নহয়

যি ম‌ই সাঁচি ৰাখিছোঁ 

মনে মনে…

***

ঠিকনা : 

হেঙেৰাবাৰী অৰুনোদই পথ 

গুৱাহাটী-৩৬, কামৰূপ, অসম 

ফোন : ৭৫৭৭৮২২৯২