(আঠ)

 মাটি
একেডৰাই। এটা মৰিশালী পকাৰে সজোৱা 
আনটো  হেঙাৰ দি বেৰি থোৱা আছে।
হিমানীয়ে সপোনতো ভবা নাছিল বাপেক-পুতেকৰ মৰিশালী একেঠাইতে দেখি যাব বুলি। কল্পনাই
কৰা নাছিল মদেই পুতেকক মাৰিব বুলি। চাওঁতে চাওঁতে পোনা মৰা তিনিমাহেই হ
ল। এই তিনিমাহত হিমানী ঠাইখনলৈ কেইবাবাৰো আহিল।
পথাৰখনৰ ইফালে-সিফালে য
ত তʼত পকা খুঁটা। পানীৰ দৰত ৰোৱাতী পথাৰৰ মাটিবোৰ বিক্ৰী
কৰিছে মানুহবোৰে। পথাৰ আমাৰ
, বজাৰ আমাৰ বুলি শ্লোগান দিয়া নেতাবোৰৰ বাবেই
অসমীয়াৰ চোতাল-ঘৰ এফালৰ পৰা উদং হৈ আহিছে। বহিৰাগত মানুহে এফালৰ পৰা গ্ৰাস কৰি
আনিছে। চৰকাৰে বাংলাদেশী দুভাগ কৰি এভাগক বুকুৰ কুটুম বুলি চপাই লৈ আন এচামক
উচ্ছেদ কৰি চমক সৃষ্টি কৰাৰ পাছত শৰ্মাহঁতৰ বিৰুদ্ধে সৃষ্টি হোৱা ঢৌ আকৌ শাম
কাটিছে। মানুহবোৰক বুজাই দিছে যে এইখন চৰকাৰেহে অসম আৰু অসমীয়াক প্ৰকৃততে সুৰক্ষা
দিব। নীলৰ মনে কিন্তু সেই কথা সমূলি কোৱা নাই । চৰকাৰে যে নিৰ্বাচনৰ আগে আগে এক
আৱেগ সৃষ্টি কৰিব খুজি অসমীয়াক আকৌ এবাৰ নিগমে মাৰিব খুজিছে সেইকথা ভালদৰে বুজাৰ
সময়ত জৰিগুৰিৰ ডেকাবোৰক সঁকীয়াই দিছে। অসুস্থ দেহাৰেই বেলাটোৰ ভিতৰত দুই-
তিনিঘৰলৈ গৈ মদৰ দোকানখন বন্ধ কৰাৰ বাবেও ল
ৰা-ছোৱালীবোৰক জগাই তুলিব খুজিছে। পোনাৰ পথ
দূৰ্ঘটনাটোৰ পাছতে মিলিটেৰীৰ নেতৃত্বত জৰিগুৰিৰ কেইজনমান শৰ্মাৰ মদৰ দোকানখনৰ
বিৰুদ্ধে ওলাই আহিছিল যদিও একাংশই আকৌ বিৰোধিতা কৰিলে। সুৰভি বন্ধ হ
লে অঞ্চলৰ বহুকেইটা লৰা-ছোৱালী নিবনুৱা হব বুলি প্ৰচাৰ চলাই মিলিটেৰীক চকুৰ কুটা দাঁতৰ শালত পৰিণত কৰিলে শৰ্মাই। সেয়ে
নিঃসংগ হৈ পৰা মিলিটেৰী আজিকালি প্ৰায়ে ঘৰতে সোমাই থাকে।

অকলশৰীয়া হৈ পৰা হিমানীৰ কাষতো এতিয়া কোনো
নাই। ৰাতি-বিয়লি মাতলে-বোললে লগ এটা লাগে যদিও আজিকালি কাৰো সময় নাই।‌ পোনা মৰাৰ
পাছত অনুহঁতেই কিছুদিন চোৱা-চিতা কৰিলে যদিও এতিয়া ঘৰখন তেনেই উদং। দিনে-ৰাতিয়ে বান্দৰৰ
টিঘিলঘিলনি। বান্দৰ ভিতৰত মানুহ বাহিৰত। দিনক দিনে কপিকূলৰ উপদ্ৰৱ বাঢ়ি গৈছে ৷
ঘৰ-বাৰী তহিলং
,গছ-গছনি তহিলংফুলবোৰ তহিলংমুঠতে বাৰীত একো কৰি খাব নোৱাৰি এতিয়া ৷
সুবিধা পালেই ঘৰৰ ভিতৰ সোমাই এফালৰ পৰা ধ্বংস কৰি পেলাইছে। পঠা ছাগলীৰ সমান মলুৱা
বান্দৰমখাৰ দপদপনিত পুৰণা ঘৰবোৰৰ টিনপাতবোৰত এতিয়া ফুটাই ফুটা। বৰষুণ পৰি বহুতৰে
অৱস্থা এতিয়া কাহিল হৈ পৰিছে। আজি অ
ত ফুটা মাৰিছে, কাইলৈ তত ফুটা মাৰিছে। মানুহবোৰে ভাবিছিল চৰকাৰে
বান্দৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিব। মানুহবোৰ আকৌ স্বাৱলম্বী হ
ব। 

একেবোৰ কথাকে ভাবি ভাবি বাৰন্দাৰ আৰামী চকীখনতে
বহি আছে হিমানী আইতা।  এই বয়সত কথাবোৰ
ভাবিবহে পাৰি হাতে-কামে কৰিব নোৱাৰি। সেয়ে চটফটাই আছে  হিমানী। ইফালে অসমৰ চাৰিওফালে আৰম্ভ হৈছে
অচিনাকি মানুহখেদা আন্দোলন। জাতীয়তাবাদী দল-সংগঠনসমূহে মিঞা বিচাৰি বিভিন্ন ঠাইত
হুংকাৰ দিছে। সুযোগ বুজি চৰকাৰে নিতৌ উচ্ছেদ চলাইছে
বেদখলমুক্ত কৰিছে যদিও মিলিটেৰীহঁত সমূলি ভোল
যোৱা নাই। নিৰ্বাচন আহিলেই অসমীয়া নেতাৰ জাতিপ্ৰেম উথলি উঠে। অনাহুত অতিথিক অসমৰ
পৰা বিতাৰণৰ কথা ওলায় কিন্তু শেষত সকলো পানী হিলৈত পৰিণত হয়।

কথাবোৰ ভাবি ভাবি বহাৰ পৰা উঠিব খোজোঁতেই লাখুটিত ভৰ দি দি পদূলিৰে নীল সোমাই আহিল। নিজৰ ঘৰত টিভি নাই বাবে
নীল মাজে মাজে ওলাই আহে মনটো ভাল লাগক বুলি। নীলক দেখি হিমানী আগবাঢ়ি গ
ল –

আহাঁ আহাঁ…।

আহিছোঁৱেই এবাৰ চাই যাম বুলি।কথাষাৰ কৈয়ে নীলই ভাইমনদাহঁতৰ ঘৰৰ ফালে চাই
গধুৰ নিশ্বাস এৰি সোমাই আহিল।

ইমানখন বাট খোজ কাঢ়িয়েই আহিলানে?”
হিমানীয়ে সুধিলে।

মনৰ জোৰতে আহি আহি এইখিনি পালোহি। ইমান ডাঙৰ ঘটনা
হৈ গ
ল খবৰ এটা লব নোৱাৰি মনটো বেয়া লাগি আছিল।নীল বাৰন্দাৰ বেঞ্চখনতে বহিল।

কিনো খবৰ লʼবা, ভাইগত যি আছিল সেয়েই হল।হিমানী উচুপি উঠিল। নীলই কথা সলোৱাৰ ছলেৰে
চৰকাৰে চলোৱা উচ্ছেদৰ প্ৰসংগ উলিয়াই ক
লে, ”এই কেইদিন টিভি
চাবলৈকে ইঘৰ-সিঘৰলৈ অহা-যোৱা কৰি আছোঁ।”

কিবা দিছে নেকি?”

চৰকাৰে বেদখল উচ্ছেদ কৰিছে নহয়, মিঞাবোৰক খেদিছে। এতিয়াহে ছহিদৰ আত্মাই শান্তি
পাইছে। মোৰো বিদেশী বঙালক এফালৰ পৰা কচু কটা দিবৰ মন গৈছে। কিন্তু…
!”
নীল ৰৈ গল। প্লেঞ্জাৰ চিটৰ অস্ত্ৰপাত হাতত লৈ এফালৰ
পৰা যেন অসমৰ শত্ৰুবোৰক কাটি যাব এনে এটা ভাবত ৰৈ যোৱা নীলৰ ফালে চাই হিমানীয়ে ক
লে, “ষোল মেʼত দেখোন অসমৰ পৰা সকলো বিদেশী যাব লাগিব বুলি
স্বয়ং প্ৰধান মন্ত্ৰীয়েই কৈছিল।

কৈছিল…!”

ল জানো?”

তাকেহে; নগল নহয়।” নীলৰ মনটো সেমেকি গল। প্ৰধান মন্ত্ৰীৰ কথা শুনি সেই সময়ত নীলহঁতে ভাবিছিল অসম বাংলাদেশীমুক্ত হব। অসমীয়া মানুহৰ ভাষা-সংস্কৃতি সুৰক্ষিত হব। পিছে একো নহল। প্ৰধান মন্ত্ৰীৰ ষোল মে অসমীয়াৰ বাবে
এপ্ৰিল ফুলতহে পৰিণত হ
ল। সেয়ে
হিমানীয়ে ক
লে-

এতিয়াও নাযায়। আজি জৰিগুৰিৰ পৰা উঠাই খেদিছে
কাইলৈ আকৌ ক
ৰবাত বহিবগৈ।
চৰকাৰে ভয়-ভাবুকিৰে বিদেশী খেদিলে নহ
ব নহয়, নীতিগতভাৱে খেদাব লাগিব। তেহে কিবা এটা হব।”

সেইটো বাৰু হয়।” নীলই তলমূৰ কৰিলে।

১৬ৰ মে’ মাহৰ পাছত সকলো
বাংলাদেশীয়ে টালি-টোপোলা বান্ধি পলাব লাগিব । ক
ʼলৈ পলাব লাগিব? ʼৰ পৰা আহিছিল তালৈ । মানে চুবুৰীয়া দেশ বাংলাদেশলৈ । ফলাফল কি হল ? কেইজনক খেদিলে ? অসমলৈ বিদেশী অনাৰ আইনহে আছে খেদাৰ আইন নাই।

বিদেশীক ক্ষতিপূৰণ দি চৰকাৰ বচাও অভিযান চলোৱাৰ নামত  শৰ্মাহঁতে তৰা ৰণখন যে ভুৱা সেই কথা হিমানীয়ে
ডাঙৰ ডাঙৰকৈ কোৱাত নীলই মাথোঁ শলাগি থাকিল। তাৰ মাজতে হিমানীয়ে আকৌ ক
লে-

আমাৰ দুই সেনাপতিয়ে দেখোন হাতী পাৰ্টীতো অসমৰ
একমাত্ৰ আঞ্চলিক দল বুলি দাবী কৰিয়েই আছে।”

সেইটো এতিয়া দল হৈ থকা নাই। ক্লাব হʼলগৈ। সেই দুটাক চাবলৈ মন নোযোৱা হল। বিদেশী খেদাৰ আন্দোলন কৰি এতিয়া আকৌ
বিদেশী-বহিৰাগতক আদৰি অনা দলটোৰ লগ হৈ গাদী ৰখীয়া হৈ আছে।” নীলই ক্ষোভেৰে ক
লে। ৰুগ্ন দেহত অসম আন্দোলনৰ তেজ এসোঁতা বৈ যাব
বিচৰা সময়তে হিমানীয়ে চাহ বনাবৰ বাবে ভিতৰ সোমাই যাব খুজি সুধিলে
, “চেনী খোৱানে?”

 চব খাওঁ মই। এনেয়েও
বেছিদিন জীয়াই নাথাকোঁ আৰু
সেয়ে যি পাওঁ
তাকে খাওঁ এতিয়া।”

হিমানী ভিতৰ সোমাই গল। নীলই আকাশ-পাতাল গমি পদূলিৰ ফালে চাই থাকিল।
কেনেকৈ যে ভৰা ঘৰখন উদং হৈ গ
ল। ইমান অকলশৰে
হিমানী কেনেকৈ থাকে
? ক্ষণিকতে
একাকিত্বৰ যন্ত্ৰণাই আৱৰি ধৰা যেন লাগিল। অহেতুক ভয় এটাই গ্ৰাস কৰি অনাৰ সময়ত
পুতেকৰ কৰুণ মুখখন মনলৈ আনিলে। আজিকালি মৃগাংক প্ৰায়ে ঘৰলৈ নাহে। কেতিয়াবা নীলই
ভোকতে বিছনাত সেপ ঢুকি থাকে। আপোচবিহীন মনটোৰ বাবেই মৃগাংক এতিয়া আছুৰ মজিয়াত
এলাগী। পঁয়ষষ্ঠি বছৰীয়া আছু নেতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এলাগী হ
ʼল মৃগাংক। নীলই কথাবোৰ শুনিছে কিন্তু সুধিব
নোৱাৰে।

 সোঁহাতখনেৰে
মুখখন মোহাৰি নীল বহাৰ পৰা উঠি ভিতৰ সোমাই গ
ল। ৰত্ন ছাৰৰ দিনতে বনোৱা পুৰণি পনিয়লি ঘৰটোত
প্ৰথমবাৰৰ বাবে সোমোৱা যেন লাগিছে। চুকে-কোণে মকৰা জাল
, বেৰৰ কাঠবোৰত ঘুণে ধৰিছে, মাটিবোৰ খহি পৰিছেওপৰৰ ইকৰাৰ বৰচাংখন ভাগিব ধৰিছে …! ৰত্ন ছাৰ
কংগ্ৰেছী হোৱা বাবেই নীলহঁতৰ বাবে ঘৰখন এক প্ৰকাৰ ঘৃণাৰে আৱৰি আছিল। সেই ঘৃণা যেন
আজিও বিয়পি আছে বেৰবোৰত।

চাহৰ প্লেটখন লৈ হিমানী আইতা ওলাই আহিল। স্থিৰ
নেত্ৰেৰে নীলই বেৰত ওলমি থকা ৰত্ন ছাৰৰ ফটোখনলৈ চাই আছে।

 চাহ আনিছোঁ।”
হিমানীয়ে ক
লে।

…।নীল চকীখনতে বহিল। হিমানীয়ে চাহৰ প্লেটখন টেবুলতে থʼলে।

মিলিটেৰীৰ খবৰ পাইছানে?” নীলই সোধোঁ-নোসোধোঁকৈ সুধিলে।

 আগতে চাহ খাই
লোৱাঁ।”

তুমি নোখোৱাঁ।”

মই আনোগৈ। তুমি খোৱাঁচোন বাৰু।”

হিমানী আকৌ ভিতৰ সোমাই গল। নীলই আকৌ
ৰত্নছাৰৰ ফটোখনলৈ চালে। আন্দোলনৰ সময়ত কমখন লটিঘটি কৰিলেনে মানুহটোক। এক প্ৰকাৰ
সামাজিকভাৱে বৰ্জন কৰাৰ দৰেই হৈছিল। বিপুল বোলাটোৱে ৰত্ন ছাৰৰ ডিঙি কাটিবলৈ বিচাৰি
জৰিগুৰি গৰম কৰি তুলিছিল। সেই বিপুল এতিয়া কংগ্ৰেছী। পুতেকটো বিয়াগোম
ঠিকাদাৰ…।

চাহ আনিবলৈ গৈ হিমানী ভিতৰৰ পৰা ওলাই নহাত নীলই
এবাৰ ভিতৰলৈ চালে। সোমাই যাবলৈও বেয়া পাইছে। চাহৰ কাপটো হাতত লৈ নীল ৰৈ আছে। নাই
হিমানী ওলাই অহা নাই। একোবত লাখুটি ডালত ভৰ দি নীলই
হিমানীহিমানীকৈ মাতি ভিতৰ
পালেগৈ। গৈ দেখিলে হিমানীয়ে পিছফালে বান্দৰ খেদি আছে।

                                                                 ০০০

 আজিকালি সুৰিভত আবেলিৰে পৰা গ্ৰাহকৰ ভিৰ হয়।
চাই থাকোঁতেই ঠাইখন এক ব্যৱসায়িক কেন্দ্ৰলৈ পৰিণত হোৱাত এখন-দুখনকৈ কেইবাখনো
দোকান হ
ল। শৰ্মাহঁতৰ
দলৰে গোপাল বোলা ল
ৰাটোৰ
মানুহগৰাকীয়ে প্ৰথমে পকৰীৰ দোকান এখন খুলিছিল যদিও কি কাৰণত জানো তাইৰ দোকানখন
বন্ধ হ
ল। তাৰ পাছতে
থিতাপি ল
ʼলেহি  হিন্দীভাষী চানাৱালা এটাই। চাবলৈ গলে তাৰেই ব্যৱসায় আটাইতকৈ ভাল। দৈনিক হাজাৰ-বাৰশ টকা বিক্ৰী হয় তাৰ। কাৰ যোগেদি অলপতে সি বোলে ভাৰতীয় নাগৰিকত্বও
পাইছে। ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ দিনা শৰ্মাই বোলে সকলোকে কৈছিল
, ‘আমাৰ চৰকাৰে হিন্দু সুৰক্ষাৰ বাবে কাম কৰি আছে।
এচাম অসমীয়াই ইয়াৰ বিৰোধিতা কৰিলেও আমি দেশৰ আত্মাৰ বাবে কাম কৰিছোঁ
, সনাতনী হিন্দুৰ বাবে আমি কাম কৰি যাম।
শৰ্মাৰ সুৰতে সুৰ মিলাই
দধি লেখাৰুৱে হেনো মদৰ গিলাছত হিন্দুত্ব বাকি দি
কাৰ সপক্ষে যিহে উকালতি কৰিলে উপস্থিত দুই-একে নাকেই কোঁচাইছিল। তাৰ পাছৰ পৰা
চানাৱালাটোৰ মাত-কথাই সুকীয়া হৈ পৰিল। চৰকাৰে হিন্দু বাংলাদেশীক সুৰক্ষা দিয়া
কথাটো সেই কেইদিনত জৰিগুৰিত বৰকৈ আলোচনা
হৈছিল যদিও এতিয়া সকলো নিমাত। 

মৃগাংকই কিন্তু কথাটো আজিও হজম কৰিব পৰা নাই।
চানাৱালাটোলৈ কেৰাহিকৈ চাই সুৰভিৰ পৰা ওলাই আহিল মৃগাংক।  পোনে পোনে ঘৰলৈ যোৱাৰ কথা ভাবিও ৰৈ গ
ল কিছু সময়। কʼলৈ যাব ? কাক ক, কোনে শুনিব এই
জীৱনৰ বিষময় কথাবোৰ। বগা- ক
ʼলা কাপোৰ সাজত
ইচ্ছা কৰিয়েই ক
লা দাগ লগোৱাৰ
পাছত আজিকালি মৃগাংকৰ কোনো কাম নাই। মৃগাংকহঁতৰ আগৰ চাম ছাত্ৰ নেতা এতিয়া বিভিন্ন
ৰাজনৈতিক দলৰ নেতা-পালিনেতা হৈ সৰু-সুৰা ঠিকা-ঠুকুলি কৰাত ব্যস্ত। যিবোৰে আদৰ্শৰ
সৈতে আপোচ কৰিব নোৱাৰিলে সেইবোৰৰ কোনো অস্তিত্ব নাই। বয়স ভাটি দিয়াৰ বাবে বিয়া
বাৰু নহ
ল। কেৱল বাপেকৰ
বাবেই মৃগাংক এতিয়া অচল টকাত পৰিণত হোৱাৰ দৰে। ৰোৱাতী পথাৰত যিকণ মাটি আছিল তাকে
বন্ধকী দি দেউতাকক গুৱাহাটীত চিকিৎসা কৰাই অনাৰ পাছত এক প্ৰকাৰ সিহঁতৰ এতিয়া ঘৰৰ
ভেঁটিটোহে আছেগৈ। ইচ্ছা কৰা হ
লে শৰৎ শৰ্মাৰ
অনুগ্ৰহত চিকিৎসাৰ বাবে ধন কেইটামান পালেহেঁতেন যদিও  স্বাভিমানে নাকত ধৰা নীল সৰু হ
ব নুখুজিলে শৰৎ শৰ্মাৰ ওচৰত।

মৃগাংক গৈ আছে। নিচাই তাক পথভ্ৰষ্ট কৰিব পৰা
নাই। তমোময় আন্ধাৰৰ মাজেদি গৈ গৈ সি মিলিটেৰীৰ ঘৰৰ ওচৰ পালেগৈ। কোনো কথা নাভাবি
সি মিলিটেৰীৰ দুৱাৰ মুখত থিয় হৈ
বৰদেউতাবুলি মাত দিলে।

 কোন?’ মিলিটেৰীয়ে চাকিৰ পোহৰত ছবি আঁকি থকাৰ পৰাই
মাত দিলে।

মই বৰদেউতা, নীলৰ পুতেক।

 মিলিটেৰী চাকিটো লৈ ওলাই আহিল। যোৱা এসপ্তাহে
জৰিগুৰিৰ বৃহৎ অঞ্চল এটা অন্ধকাৰত বুৰ গৈ আছে। ট্ৰেঞ্চফৰ্মাৰটো বিজুতি ঘটাৰ পাছত
আজিলৈকে ভাল নোহোৱাত মানুহবোৰৰ ভীষণ অশান্তি হৈছে।

 দুৱাৰখন খুলি মিলিটেৰীয়ে সুধিলে, ‘নিশাখন ওলালিহি যে?”

এফালে গৈছিলোঁ বৰদেউতা।

মৃগাংকৰ মুখৰ পৰা ভেলেককৈ মদৰ গোন্ধটো গৈ
মিলিটেৰীৰ নাকত
 লাগিল। 

(আগলৈ)