ৰ’দে-বৰষুণে কিমান যে গান

 লোকনাথ গোস্বামী

(১৯)

মন দাপোণত-১১

(১)

                             

ভাড়া ঘৰ এটা সময়ত এৰিব লগা হ’ল 

    

ভাড়া ঘৰত থাকোতে এটা ঘটনা ঘটিছিল৷ ঘটনাটো মই
এতিয়াও পাহৰিব পৰা নাই৷ পৰিয়ালটোৰ বৃদ্ধা মাকগৰাকী সন্ধিয়া সময়ত ঢুকাল৷ ঘৰত
হুৱা-দুৱা লাগিল৷ সেইখিনি সময়তে মৰা মানুহৰ ঘৰত আমি কেনেকৈ ৰাতি কটাম বুলি তাৰ
পৰা লগে লগে ক
ৰবালৈ গুচি যোৱাৰ সিদ্ধান্ত ল’লোঁ আমি৷ মই কেউজনকে কলিবাৰীৰ তিলু
বাইদেউহঁতৰ ঘৰলৈকে লৈ গ’লোঁ৷ সিফালে বাইদেউহঁতৰ ঘৰতো হাহাকাৰ৷ বাইদেৱে কথাটো কবলৈ
অসুবিধা পাই সৰু ল’ৰাটোৰ হতুৱাই সোধালে ৰাতি থকাকৈ গৈছোঁ নেকি বুলি৷ মই হয় বুলি
কোৱাত বাইদেউহঁতৰ ঘৰত সকলোৰে চিন্তা বঢ়িল৷ তথাপি ৰাতিৰ সাজ খুৱাই কোনোমতে কেউজনৰে থকাৰ ব্যৱস্থা কৰি দিলে৷ পুৱাই আমি তাৰ পৰা বিদায় লৈ আকৌ ভাড়াঘৰ ওলালোঁহি৷ ভাড়াঘৰৰ
পৰিৱেশ একেবাৰে নিমাও মাও৷ আমি চুপে-চাপে আহি ঘৰ সোমালোঁহি যদিও মালিকৰ ঘৰৰ কোনো
মানুহে আমাক মাত এষাৰো দিয়া নাছিল৷ পাছত শ্ৰাদ্ধ-বিধিলৈকো নামাতিলে৷ পৰিয়ালটোৱে
আমাক বৰ বেয়া পালে৷ বিপদৰ সময়ত মানুহঘৰক সহায় কৰাতকৈ পলাই পত্ৰং দিয়া কথাটো তেওঁলোকে খুবেই বেয়া পালে৷ আমি কথাটো কিমান বেয়া হ
বগৈ পাৰে বুলি ভবাই নাছিলো৷ কথাটো মনত পৰিলে
আজিও মনটো গধুৰ হৈ পৰে৷
 

সেই ভাড়াঘৰ এৰাৰ পাছতো পৰিয়ালটোৰ সৈতে মোৰ
সম্পৰ্ক আছিল৷ ডাঙৰজন দাদাৰ ল’ৰাটোৰ মই টিউচন ল’বলগীয়া হৈছিল৷ মই তেতিয়া মোৰ গাঁৱৰ
ঘৰতে আছিলোঁ৷ গাঁৱৰ ঘৰৰ পৰা পুৱা আহি কেনেকৈ টিউচন কৰিবা বুলি সোধোঁতে
, টাউনত থাকি লম বুলি কৈছিলোঁ৷ সঁচা কথাটো কোৱা
নাছিলোঁ টিউচনটো নাপাম বুলি৷ বৰ অমায়িক আছিল ল’ৰাটো৷ পঢ়া-শুনাত মধ্যমীয়া আছিল৷
কিন্তু অংকত ভাল ফলাফল কৰিব নোৱাৰা দেখি পেহীয়েক(ছোৱালী বহুমুখি বিদ্যালয়ৰ
শিক্ষয়িত্ৰী) গৰাকীয়ে মোক টান কথা শুনাইছিল৷
 

সেইখিনি সময়ত মই তেজপুৰ একাডেমীত শিক্ষকতাৰ
চাকৰিতো সোমাইছিলোঁ৷ ’গ্ৰেজুৱেট স্কেল’ত দৰ্মহা ভালেই আছিল আজিৰ তুলনাত৷ দৰ্মহা
পইচাৰ গোটেইখনি টাউনৰ নতুন ঘৰৰ কামত লগাবলগীয়া হৈছিল৷ গতিকে হাত খৰচৰ কাৰণেই সেই
ধৰণে টিউচন কৰিবলগীয়া হৈছিল৷ দ্বিতীয় টিউচনটো কৰিছিলোঁ পাৰ্ৱতী নগৰৰ দেবেন
বৰঠাকুৰৰ ঘৰত
, দুটা ল’ৰাক পঢ়াইছিলোঁ৷ দুটা টিউচনত
মুঠ ত্ৰিছ টকাকৈ ষাঠি টকা পাইছিলোঁ
, তাৰে মোৰ
হাত খৰচটো কোনোমতে উলিয়াইছিলোঁ৷
 

ভাড়াঘৰত থকাৰ সময়ত মোৰ দুটা অভিজ্ঞতা হৈছিল৷
তাত থাকোঁতেই তেখেতসকলৰ গ্ৰামোফোনত নিয়মীয়াকৈ নতুন নতুন গান শুনাৰ সুযোগ পাইছিলো৷
লতা মংগেস্কাৰৰ কণ্ঠত গীতাৰ শ্লোক তেতিয়াই পুৱা পুৱা নিয়মিত শুনিবলৈ পাইছিলোঁ৷
ভূপেনদা আৰু বিউতি শৰ্মা বৰুৱাৰ 
তুমি জোন নে সোণ নে শিখা’ ৰেকৰ্ডখনৰ গানকেইটা
শুনিছিলোঁ৷
 

 

 (২) 

জীৱনৰ প্ৰথম চাকৰিটো

বি এছ চি পৰীক্ষা দিয়াৰ পাছৰ সময়খিনিত আকৌ হাতখৰচ উলিয়াবৰ কাৰণে টিউচন কৰাৰ কথা ভাবিলোঁ৷ সেই সময়ত দৰং জিলাৰ(শোণিতপুৰ হোৱাৰ আগৰ
কথা)স্কুল সমুহৰ পৰিদৰ্শক আছিল প্ৰভাত দাস৷ প্ৰভাত দাসে মোক চিনি পাইছিল আৰু মৰমো
কৰিছিল ভাল গান গোৱা ল’ৰা বুলি৷ তেখেতৰ ল’ৰা দুটাক মাজে মাজে অংক চাই দিয়াৰ লগতে
ছোৱালীজনীকো মাজে মাজে দুই-এটা গান শিকাই দিবলগীয়া হৈছিল৷ তেখেতৰ অনুৰোধ ৰক্ষা
নকৰি নোৱাৰিলোঁ৷ তাৰ বাবে কোনো পইচা-পাতি লোৱা নাছিলোঁ অৱশ্যে৷
 

এদিন তেখেতে মোক টিউচনৰ শেষত ঘৰৰে
ব্যক্তিগত অফিচ ৰুমলৈ মতাই নিলে৷ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সুধিলে৷ মই
ছেপ্টেম্বৰ মানত দিব পাৰে বুলি ক’লো৷ তেতিয়া তেখেতে মোক পাছ কৰি কি কৰিম সুধিলে৷
চিধাই ক’লো চাকৰি পালে চাকৰি কৰিম বুলি৷ তেতিয়া তেখেতে মোক ক’লে যে উচ্চতৰ
মাধ্যমিক বিদ্যালয়বিলাকত ডেমনষ্ট্ৰেটৰ(
Demonstrator)ৰ চাকৰি কিছুমান ওলাব৷ তুমি  ইচ্ছা কৰিলে সেই চাকৰিত যোগদান কৰিব পাৰাঁ৷ তেখেতে মোক ক’লে ৰিজাল্ট
দিয়াৰ পাছতেই পাছ চাৰ্টিফিকেটখন মোক আনি দেখুৱাবা৷ তোমাৰ চাকৰি হৈ যাব৷
 
ময়ো ৰিজাল্টলৈ বাট চাই ৰ’লোঁ৷  এম এছ চি পঢ়াৰ কথা ভাবিবই পৰা নাছিলোঁ৷ ঘৰৰ মানুহবিলাকৰ এই লৈ কোনো কাণসাৰেই দেখা নাছিলোঁ৷ গতিকে কোনে মোক এম এছ চি পঢ়ুৱাব

১৯৭৩ চনৰ ছেপ্তেম্বৰ মাহৰ সম্ভৱ প্ৰথম সপ্তাহত
পৰীক্ষাৰ ৰিজাল্ট ওলাল৷ ৰিজাল্ট ওলোৱাৰ পাছদিনাই কলেজৰ পৰা চাৰ্টিফিকেটখন উলিয়াই
একে কোবে স্কুল পৰিদৰ্শক প্ৰভাত দাসৰ অফিচ ওলালোগৈ৷ তেখেতে লগে লগে অফিচৰ কেৰাণী
জনক মাতি মোৰ চাকৰিৰ নিয়োগপত্ৰখন সাজু কৰিবলৈ নিৰ্দেশ দিলে৷ নিয়োগপত্ৰখন চাই
দেখিলোঁ তেজপুৰ একাডেমীত কেমিষ্ট্ৰীৰ ডেমনষ্ট্ৰেটৰ পদত নিয়োগ কৰিছে৷ প্ৰভাত দাসে
একাডেমীৰ ভাইচ প্ৰিঞ্চিপাল ভাৰত শৰ্মালৈ ফোন কৰি
  জনায়ো দিলে কথাটো৷ মই একেদিনাই অৰ্থাৎ ১৯৭৩ চনৰ
১১ ছেপ্টেম্বৰ তাৰিখে একাডেমী স্কুললৈ গৈ উপাধ্যক্ষ ভাৰত শৰ্মাৰ হাতত সেইখন দিলোঁ আৰু একেদিনাই মোক যোগদান কৰাৰ ব্যৱস্থা কৰিলে৷ তেতিয়া একাডেমীৰ প্ৰিঞ্চিপাল আছিল
লাম্বোধৰ ভূঞা৷
  জীৱনত পোণ-প্ৰথমবাৰৰ কাৰণে এক নতুন
অভিজ্ঞতাৰ স্বাদ
   লবলৈ 
পালোঁ৷  চাকৰিটো কেমিষ্ট্ৰীৰ ডেমনষ্ট্ৰেটৰৰ আছিল যদিও উপাধ্যক্ষ ভাৰত শৰ্মাই
অন্যান্য শিক্ষকসকলৰ দৰেই ক্লাছ কৰিব লাগিব বুলি জনালে৷
  কিয়নো ডেমনষ্ট্ৰেটৰৰ ক্লাছ  বিয়লিলৈহে হব৷ প্ৰেক্টিকেল ক্লাছবিলাক
পাছবেলালৈহে হয়৷ কিন্তু চাকৰিলৈ দহ বজাতে
  যাব লাগে৷ গতিকে দহ বজাৰপৰা মই কি কৰি থাকিম? কাজেই দহ বজাৰ পৰা উপস্থিত থকাটো বাধ্যতামূলক কৰি শ্ৰেণীশিক্ষক পাতি
দিলে৷ অংক
, অসমীয়া, ইংৰাজী, বুৰঞ্জী যিমানবিলাক বিষয় পাঠ্যপুঠিৰ
অন্তৰ্ভুক্ত আছিল
, এই আটাইবিলাক বিষয়েই চতুৰ্থ শ্ৰেণীৰ
পৰা দশমমানলৈ দিনৰ দিনটো পঢ়ুৱাবলগীয়া হৈছিল৷
 

ইফালে লেবৰেটৰীলৈ প্ৰেক্টিকেল ক্লাছ লবলৈ গৈ
দেখিলোঁ বহু কেইজন ছাত্ৰ মোৰ লগৰে৷
 দুই-তিনিবছৰৰ
মূৰত মেট্ৰিকটো পাছ কৰি আহি একাডেমীত উচ্চতৰ মাধ্যমিকৰ একাদশ-দ্বাদশ শ্ৰেণিত নাম
লগাইছেহি৷ সিহঁতে মোক ছাৰ বুলিবলৈ বেয়া পাইছিল৷ মোৰো সিহঁতক ছাত্ৰৰ দৰে ব্যৱহাৰ
কৰিবলৈ বেয়া লাগিছিল
, বিশেষকৈ নগেন শৰ্মাক৷ নগেন শৰ্মাৰ
সৈতে
 ছাত্ৰ সন্থাৰ আন্দোলনবিলাকত, বিশেষকৈ মাধ্যম আন্দোলন(১৯৭২)-ত আমি একেলগে জঁপিয়াই
পৰিছিলোঁ৷ তেতিয়া মই স্নাতক শ্ৰেণীৰ দ্বিতীয় বৰ্ষত আছিলোঁ৷ মাধ্যম আন্দোলন চলি
থাকোতে আগদিনা আমাক কোৱা হৈছিল যে পাছদিনা পুৱাৰ ভাগতে ওলাই তেজপুৰৰ পৰা
সুৰ-বাহিনী লৈ ঢেকীয়াজুলি হৈ পাৰিলে মঙ্গলদৈলৈকে যাবলগীয়া হ
ব পাৰে৷ তেতিয়া
সুৰ-বাহিনী বুলিলেই মোৰ লগতে ৰাণী দাস
, চয়নিকা
বৰা
, চেতনা তালুকদাৰ(পাছলৈ দাস), সৰুদাদা কুমুদ গোস্বামী, বেৰীদাদাহঁত প্ৰায়ে থাকে৷ নেতৃত্বত বৃন্দাৱন গোস্বামী, নগেন শৰ্মা৷ এদিন আমি সুৰ-বাহিনী লৈ গান
গাই গাই তেজপুৰৰ পৰা ঢেকীয়াজুলিৰ ফালে গ’লোঁ৷ এটা সময়ত গৈ গৈ খাৰুপেতীয়াৰ ওচৰ পাওঁ
পাওঁ হ’লোঁগৈ৷ তেনেতে ৰাস্তাত ৰৈ থকা কিছুমান মানুহে ক’লে
, আগলৈ নাযাব, কিবা
গণ্ডগোল লাগিছে৷ মৰা-মৰি হৈছে কাৰোবাৰ মাজত৷ মানুহবিলাকৰ কথা শুনি আমি তাৰ পৰা
উভতি আহিলোঁ৷ তেজপুৰ আহি পোৱাৰ পাছত খবৰ পালোঁ যে খাৰুপেটিয়াত দুটা ফৈদৰ মাজত কাজিয়াৰ
সৃষ্টি হয় আৰু স্থানীয় মোজাম্মিল হক নামৰ পোন্ধৰ বছৰীয়া ফুল কুমলীয়া ছাত্ৰ এজন
বেয়াকৈ আহত হয়৷ সেই ঘটনাটোৰ কাৰণে পাঁচ অক্টোবৰ তাৰিখটোৰ কথা মনত ৰৈ গ’ল৷ পাছদিনা
অৰ্থাৎ ছয় অক্টোবৰৰ দিনা 
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত মোজাম্মিল হকৰ  মৃত্যু হয় ৷ 

এইজন ছাত্ৰনেতা নগেন শৰ্মাক একাদশ শ্ৰেণীৰ ছাত্ৰ
হিচাপে পোৱাৰ লগতে আৰু দুজনমানক পাইছিলোঁ যদিও নামবিলাক এতিয়া মনত নাই৷ এবাৰ তেনে
এজন ছাত্ৰই মোক স্কুলৰ বাৰান্দাত নাম ধৰি মতা শুনি উপাধ্যক্ষ ভাৰত শৰ্মা নিজৰ ৰূমৰ
পৰা ওলাই গৈ ল’ৰাজনক ভালেই ধমক দিছিলহি আহি৷ স্কুলৰ মাষ্টৰ হৈ কিছুমান সমস্যাতো
পৰিছিলোঁ৷ মোৰ তেতিয়া পিন্ধা-উৰাত চখ আছিল৷ এদিন স্কুললৈ কৰবাৰ পৰা বাহিৰে বাহিৰে
আহি সোমাবলগীয়া হৈছিল৷ তেতিয়া গাঁৱৰ ঘৰৰ পৰা চাইকেল মাৰি অহা-যোৱা কৰোঁ৷ কাপোৰ
সলোৱাৰো উপায় নাছিল৷ বে’ল-ব’টম পেণ্ট আৰু ডগ্-কলাৰৰ চাৰ্ট পিন্ধিয়েই স্কুলত
সোমালোঁগৈ৷ প্ৰথমে স্কুলৰ এগৰাকী জ্যেষ্ঠ শিক্ষক বাণেশ্বৰ নাথ ছাৰে কথাটো উলিয়ালে৷ তেওঁ মোক ভালদৰে জানিছিল আৰু মৰমো কৰিছিল৷
  তেখেতে তেনে ধৰণৰ পোছাক পিন্ধি স্কুললৈ অহাটো ভাল হোৱা নাই বুলি কৈছিল৷  তেনে কৰিলে ছাত্ৰসকলে আসৈ পাব বুলিও
কৈছিল৷ কথাটো উপাধ্যক্ষ ভাৰত শৰ্মায়ো মন কৰিছিল৷ তেখেতে অৱশ্যে কমন-ৰূমত একো নকৈ
তেখেতৰ ৰূমলৈ
  মাতি পঠিয়ালে৷ ৰূমলৈ যোৱাৰ পাছত
চিধা-চিধি সুধিলে
, তুমি এইবিলাক কি পিন্ধি আহিছা ?
তুমি এতিয়া স্কুল-কলেজীয়া ছাত্ৰ হৈ থকা নাই নহয়-’তুমি
এতিয়া এজন সন্মানীয় শিক্ষক৷ গতিকে নিজৰ সন্মানটো নিজেই ৰাখিবলৈ চাবা৷’ মই একো
নকৈ গুচি আহিলোঁ তেখেতৰ ৰূমৰ পৰা৷ আহোঁতে ভাবিলোঁ
, সঁচাকৈয়ে শিক্ষক হোৱাটো ধেমালি কথা নহয়৷ 

এবাৰ মেট্ৰিক পৰীক্ষাত নিৰীক্ষক হ’বলগীয়া হৈছিল৷ 
আমাৰ একাডেমী স্কুলত কেন্দ্ৰ আছিল মেট্ৰিক
পৰীক্ষাৰ৷ গতিকে নীৰিক্ষক হোৱাটো বাধ্যতামূলকেই আছিল বুলি ক
ব পাৰি৷ ল’ৰা-ছোৱালী
আমাৰ স্কুলৰ লগতে বাহিৰৰ স্কুলৰো আছিল৷
  ল’ৰাবিলাকৰ কিছুমান যথেষ্ট ডাঙৰ আছিল৷ ধাৰণা হয় মোতকৈও বয়সত কোনো
কোনোজন ডাঙৰহে আছিল৷ সাবধানতাৰ লগতে নীৰৱতা অবলম্বন কৰি চলিছিলোঁ
, যাতে পৰীক্ষাৰ্থীয়ে কথা পাতিবলৈ সুবিধা নাপায় ৷
তাৰ মাজতে এটা ল’ৰাই ছেগ বুজি নকল উলিয়াই লেখি আছিল৷ দেখি প্ৰথমে তাক সঁকীয়নি
দিলোঁ
, বেলেগ একো নকৰিলোঁ৷  তেতিয়াও কথা নুশুনা দেখি বহীখন কাঢ়ি আনি ৰূমৰ পৰা
উলিয়াই দিলোঁ৷ নহ
লে অইন পৰীক্ষাৰ্থীয়ে ছল পাব৷ ল’ৰাটো আমাৰ স্কুলৰে আছিল৷ ৰূমৰ
পৰা উলিয়াই দিওঁতে সি মোলৈ কেৰাহিকৈ খঙেৰে চাই গ’ল
, যেন কিবা এটা ইঙ্গিতহে দি গ’ল৷ মই আকৌ নিজৰ কৰ্তব্যত মনোনিৱেশ কৰিলোঁ৷ পৰীক্ষা হৈ যোৱাৰ পাছত বহীবিলাক ভিতৰত জমা দি কমন ৰূমলৈ গ’লোঁ চাহ খাবলৈ৷
চাহ-তাহ খাই পূৰ্বৰ দৰে চাইকেলখন উলিয়াই আনোৱাৰ হলৰ ফালে গ’লোঁ কিবা কামত৷ তেতিয়ালৈ
অলপ অলপ সন্ধিয়া নামি আহিছিললৈ
তেনেতে
ল’ৰা দুটা মোৰ ফালে আগবাঢ়ি আহিল৷ দেখিলোঁ মোক মাৰিবলৈ যেন উদ্যত হৈছে৷
 
ল’ৰাটো দেখিয়েই চিনি পালোঁ আমাৰ স্কুলৰে ছাত্ৰ,
নামটো  শ্যামসুন্দৰ, যাক
পৰীক্ষাত নকল কৰাৰ কাৰণে দিনত পৰীক্ষা হলৰ পৰা উলিয়াই দিছিলোঁ৷ মোৰ আৰু বুজিবলৈ
বাকী নাথাকিল৷ মনলৈ সাহস আহি গ’ল৷ চাইকেলখন মাজবাটতে থিয় কৰি থৈ তাৰ ওচৰলৈ
আগবাঢ়ি গ’লোঁ৷ মই কিবা কোৱাৰ আগেয়েই সি ভয় খাই মুখেৰে অশ্লীল শব্দ দুটামান উচ্চাৰণ
কৰি তৎক্ষণাত তাৰ পৰা আঁতৰি গ’ল৷ মানুহ কিছুমানে দৃশ্যটো চাই থকা দেখিছিলোঁ যদিও
তেওঁবিলাকে একো কোৱা নুশুনিলোঁ৷ পাছত সেই
  ল’ৰাজন তেজপুৰ ছাত্ৰ সন্থাৰ এজন ডাঙৰ নেতা হৈছিল৷  মোৰ সৈতে অৱশ্যে পাছত অন্য কামৰ প্ৰসংগত
দেখা-দেখি
, কথা-বাৰ্তাও হৈছিল৷ ভাল ব্যৱহাৰো
কৰিছিল আৰু ময়ো পূৰ্বৰ কথাবিলাক মনত ধৰি ৰখা নাছিলোঁ।

 

(৩)

মোৰ
প্ৰিয় ছাত্ৰ ভূপেন ডেকাৰ অকাল মৃত্যু

তেজপুৰ একাডেমীত চাকৰি কৰি থকা সময়ত তাৰ যিসকল
ছাত্ৰক লগত লৈ সাংস্কৃতিক অনুষ্ঠান আদি কৰিছিলোঁ
, তেওঁলোকৰ ভিতৰত অন্যতম আছিল ভূপেন ডেকা৷ প্ৰমথ দাসভূপেন ডেকা আৰু দুজনমান আছিল নাটকৰ ক্ষেত্ৰত
আগৰণুৱা৷ তেওঁলোকে তেতিয়াৰ পৰাই ভাল অভিনয় কৰিছিল৷ মোৰ সৈতে তেজপুৰ একাডেমীৰ আন
এজন শিক্ষক আছিল জিতেন বৈশ্য
, মোতকৈ
বয়সত ডাঙৰ আছিল তেখেত৷ এইগৰাকী শিক্ষকৰ সৈতে মই এবাৰ ভূপেন ডেকাহঁতক
 
ৰঙাপাৰাত নাটক কৰাবলৈ লৈ গৈছিলোঁ৷ ৰঙাপাৰাত
একাংকিকা নাটকৰ প্ৰতিযোগিতা আছিল৷ সেয়াই আছিল ভূপেন ডেকাক মোৰ
  সৈতে মোৰ শেষ  লগ পোৱা৷ তাৰ পাছত মই অন্য এক চাকৰি সূত্ৰে তেজপুৰৰ পৰা নামৰূপলৈ
বিদায় মাগিছিলোঁ৷ নামৰূপত থকা সময়তে অসম আন্দোলন বুলি খ্যাত হোৱা বিদেশী নাগৰিক বিতাড়ন আন্দোলনৰ সূত্ৰপাত ঘটিছিল৷ সেই আন্দোলনৰ
সময়তে এক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ বুকুত ভূপেন ডেকাই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল৷
সেয়াও এক মৰ্মন্তুদ কাহিনী৷ আন্দোলনৰ ভৰপক সময়তে সম্ভৱ ১৯৮১ চনমানত জামুগুৰিৰ
সমীপৰ জীয়াভৰলীৰ পাৰৰ চৰাঞ্চলত বসবাস কৰা 
অবৈধ বাংলাদেশী’ খেদিবলৈ যাওঁতে একাংশ
আন্দোলনকাৰীক চৰাঞ্চলৰ কোনো দুৰ্বৃত্তই আক্ৰমণ কৰাৰ এটা খবৰে তেজপুৰ চহৰত যথেষ্ট
উত্তেজনাৰ সৃষ্টি কৰিছিল৷ ভূপেন ডেকা তেতিয়া তেজপুৰৰ এগৰাকী আগশাৰীৰ ছাত্ৰ নেতা
আন্দোলনৰো নেতা৷ সেই উত্তেজনামূলক খবৰটো তেজপুৰ
চহৰত বিয়পি পৰাৰ পাছত আন্দোলনকাৰীৰ একাংশই ছাত্ৰনেতা ভূপেন ডেকাক প্ৰৰোচিত কৰিলে
যিমান পাৰে তিমান সোনকালে চৰ অঞ্চললৈ গৈ আক্ৰান্ত মানুহখিনিক বচোৱাৰ ব্যৱস্থা
কৰিবৰ বাবে৷ ভূপেন ডেকায়ো নিজৰ আৱেগ থমাব নোৱাৰি সেই মানুহখিনিৰ উচটনিত পতিয়ন গৈ
নিশাৰ এন্ধাৰত শুনিবলৈ পৱা মতে সম্ভৱ তাৰে চৰকাৰী হস্পিতালৰ এম্বুলেঞ্চ এখন যোগাৰ
কৰি তাতে আত্মৰক্ষাৰ বাবে কিছু হাতিয়াৰ লগত লৈ আৰু কেইজনমান সহযোগীৰ সৈতে
জামুগুৰিৰ সেই চৰ অঞ্চললৈ গুচি গ’ল৷ তেওঁ কিজানি সেইখিনিতে কিছু ভুল কৰিছিল। আচলতে ছাত্ৰনেতা হিচাপে নিজে আইন হাতত তুলি লোৱাতকৈ
প্ৰশাসনক জনাব লাগিছিল কিবা ব্যৱস্থা কৰিবৰ বাবে৷
  কিন্তু তাকে নকৰি নিজেই চৰ অঞ্চললৈ যোৱাত তাতে হয়তো কোনো দুৰ্বৃত্তই আন্ধাৰৰ সুযোগ লৈ ভূপেন ডেকাক হত্যা কৰিলে৷ ভূপেন ডেকা আৰু ঘূৰি নাহিল৷ তেনেকৈয়ে
অসম আন্দোলনৰ হিংসাত্মক লেলিহান জুইত ছাত্ৰনেতা ভূপেন ডেকাৰ দৰে প্ৰচুৰ
সম্ভাৱনাপূৰ্ণ ছাত্ৰনেতা এজন কাললৈ হেৰাই গ’ল৷ দীৰ্ঘদিনৰ বিৰতিৰ পাছত দৰং কলেজৰ
মহাৰজত জয়ন্তী অনুষ্ঠানলৈ যাওঁতে কলেজ চৌহদত ভূপেন ডেকাৰ এটা প্ৰতিমূৰ্তি দেখা
পাইছিলোঁ৷
 

 সেই সময়ছোৱাত  মই  নামৰূপত আছিলোঁ৷ এতিয়াৰ দৰে সুচল যোগাযোগ
ব্যৱস্থা তেতিয়া নাছিল৷ তেজপুৰৰ পৰা সেই সময়ত প্ৰকাশ পোৱা মহাজাতি নামৰ
সাপ্তাহিক কাকত এখন কিবা প্ৰকাৰে মোৰ হাতত পৰিছিল৷
  পূৰ্ণ নাৰায়ণ সিংহৰ দ্বৰা সম্পাদিত মহাজাতি কাকতৰ পৰা মোটামুটিকৈ
জানিব পাৰিছিলোঁ যে ভূপেন ডেকা পৰিস্থিতিৰ ধামখুমীয়াত পৰি আওমৰণে মৰিবলগীয়া হৈছিল৷ তেজপুৰৰ জনা-শুনা মানুহখিনিক লগ পালে এতিয়াও তেনেকৈয়ে কয়৷ ভূপেন ডেকাৰ সেই
মৃত্যু আচলতে আত্মঘাতী মৃত্যু আছিল৷ মই লগে লগেই নামৰূপৰ পৰা মহাজাতি কাকতলৈ ডাকযোগে ছাত্ৰজনৰ বিষয়ে যিখিনি জানিছিলো তাকে সুঁৱৰি চমু লেখা এটা পঠিয়াই দিছিলোঁ৷ সেই লেখাটো সেই সময়ত মহাজাতিত কিবা কাৰণত প্ৰকাশ নাপালে যদিও
পাছৰ বছৰত ভূপেন ডেকাৰ এবছৰীয়া স্মৃতিচাৰণ
অনুষ্ঠানৰ সময়ত মহাজাতিয়ে সেই লেখাটো প্ৰকাশ কৰিছিল৷ সেই সময়ৰ মহাজাতি কাকতখন
নৰেন দাদাই একান্ত মোৰেই তাগিদাত
  কিনি আনি
মোলৈ প্ৰায় নিয়মীয়াকৈ ডাকত পঠিয়াই দিছিল৷
 


 (৫)

   
          

তেজপুৰ একাডেমী আৰু স্কুল
টুৰ্ণামেন্ট

তেজপুৰ একাডেমীত চাকৰি কৰি থকাৰ সময়ত জিলাভিত্তিক
স্কুল টুৰ্নামেণট অনুষ্ঠিত হৈছিল তেজপুৰত৷ সেই সময়ত স্কুল পৰিদৰ্শকৰ অফিচত অডিটৰ
হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জনপ্ৰিয় অভিনেতা বাদল দাসে৷ স্কুলসমুহৰ পৰদৰ্শক
প্ৰভাত দাসে সেই উপলক্ষ্যে আহ্বান কৰা এখন সভাত সেই স্কুল টুৰ্ণামেণ্ট পৰিচালনাৰ ভাৰ
বাদল দাসৰ ওপৰত ন্যস্ত কৰাৰ লগতে মোক সহযোগী হিচাপে ৰাখিছিল৷ বহু কেইখন স্কুলৰ
ছাত্ৰ-ছাত্ৰীয়ে অংশ লৈছিল৷ সন্ধিয়া সন্ধিয়া জিলা পুথিভঁৰালত গীত-নৃত্যৰ
প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হৈছিল৷ বাদলদাই বাহিৰৰখিনি চম্ভালিছিল আৰু মই
প্ৰতিযোগিতাবিলাক চম্ভলাৰ দায়িত্ব লৈছিলোঁ৷ সেই টুৰ্ণামেণটৰ সময়তে মঞ্চ তথা
বোলছবিৰ এগৰাকী জনপ্ৰিয় অভিনেতা বাদলদাৰ লগতে বাদলদাৰ পৰিয়ালটোৰ সৈতে মোৰ এক
ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল
, যি
সম্পৰ্ক বাদলদাৰ মৃত্যুৰ পাছতো আজি পৰ্যন্ত অক্ষুণ্ণ আছে৷

 সেই
স্কুল টুৰ্ণামেণ্টত ভাগ ল
বলৈ বিন্দুকুৰি হাইস্কুলৰ পৰা পংকজ বৰদলৈ, বেছেৰীয়া হাইস্কুলৰ পৰা ভণ্টী ৰেণুকে ধৰি বহু
প্ৰতিবান প্ৰতিযোগী আহিছিল৷ প্ৰয়াত ভাতৃপ্ৰতীম পংকজ বৰদলৈৰ প্ৰতিভাৰ পৰিচয় তেতিয়াই
আমি পাইছিলোঁ৷ পাছলৈ এই স্কুল টুৰ্ণামেণ্টবিলাক অনুষ্ঠিত নকৰা হ’ল৷ ইয়াৰ দ্বাৰা
কিন্তু প্ৰভূত ক্ষতি হোৱা বুলি মই আজিও ভাবোঁ৷ এনে অনুষ্ঠানবিলাকৰ দ্বাৰা
স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মানসিক চিন্তাৰ পথাৰখন যথেষ্ট বহল হৈছিল বুলি নিঃসন্দেহে ক

পাৰি৷ কেৱল স্কুলীয়া পাঠ্যক্ৰমৰ মাজতে ছাত্ৰ-ছাত্ৰীক আবদ্ধ কৰি ৰখাৰ যান্ত্ৰিক
ব্যৱস্থাটো কিন্তু মুঠেও ভাল কথা নহয়৷

(ক্ৰমশঃ)