মূল: ৰাস্কিন
বণ্ড

অনুবাদ: পংকজ
কুমাৰ নেওগ


 

মিক
প্ৰথমবাৰৰ বাবে লগ পাওঁতে মই এটা চোৰ আছিলোঁ। যদিও সেই সময়ত মই আছিলোঁ মাত্ৰ ১৫
বছৰীয়া, চুৰিবিদ্যাত মই আছিলো পাকৈত আৰু সিদ্ধহস্ত। মই ৰ
মিৰ ওচৰ
চা
পোঁতে তেওঁ কুস্তিখেল এখন মনোযোগেৰে চাই
আছিল। তেওঁ আছিল প্ৰায় ২৫ বছৰীয়া এজন যুৱক আৰু তেওঁক এজন দয়ালু, বন্ধুভাৱাপন্ন আৰু
চিধা-চাধা লোক যেন ভাব হৈছিল। অতি সহজে তেওঁৰ সৈতে বন্ধুত্ব কৰিব পাৰিম বুলি মোৰ বিশ্বাস
উপজিল। কোনো অচিনাকি লোকৰ সৈতে বন্ধুত্ব কৰিবলৈ তেওঁক ভালৰি লগোৱা কথা কোৱাৰ
বাহিৰে উত্তম উপায় নাই।

আপোনাক
এজন কুস্তিবিদৰ দৰেই লাগিছে
– মই ৰমিক
উদ্দেশ্যি ক
লোঁ। মই তেওঁৰ অপৰিচিত বুলি তেওঁ ধৰিব
নোৱাৰিলে।
হয়নে? তোমাকো
কিন্তু তেনেকুৱাই লাগিছে। তুমি কুস্তিবিদ নেকি
?’ মিৰ
প্ৰশ্নই মোক বাৰুকৈয়ে অপ্ৰস্তুত কৰিলে কিয়নো সেই সময়ত মই আছিলো ক্ষীণ-
মীন আৰু নিশকতীয়া। তথাপি উত্তৰ দিলোঁ– হয়,
মাজে মাজে কুস্তি কৰোঁ।

: তোমাৰ
নাম কি
?

: হৰি
সিং – মই মিছা মাতিলোঁ। পুলিচ আৰু মোক চাকৰিত মকৰল কৰা পূৰ্বৰ মালিকসকলৰ পৰা
বাচিবলৈ মই মাহে মাহে নাম সলনি কৰোঁ। এইখিনি কথা পাতি ৰ
মিয়ে
পুনৰ কুস্তিখেলখনত মনোনিৱেশ কৰিলে। দুয়োজন কুস্তিবিদকে চিঞৰি-বাখৰি তেওঁ উৎসাহ
যোগাই আছিল। এটা সময়ত দৰ্শকৰ ভিৰ কমাত তেওঁ সেই ঠাই ত্যাগ কৰিলে আৰু ময়ো
সন্তপৰ্ণে তেওঁৰ পিছ ল
লোঁ। মোক পুনৰ
দেখা পাই তেওঁ হাঁহি এটা মাৰি সুধিলে –
কি, কুস্তিখেলখন
কেনে লাগিল
?’ ময়ো এটা হাঁহিৰে তেওঁক এইবাৰ কলোঁ –
দৰাচলতে, মই কাম বিচাৰি ঘূৰি ফুৰিছো। আপুনি যদি কাম এটা
দিব পাৰে মই আপোনাৰ বাবে কাম কৰিব বিচাৰোঁ।

: মোৰ
সৈতে কাম কৰিবা
? তোমাক দৰমহা দিবলৈ মোৰ পইচা নাই। অন্ততঃ
কেই মাহমানলৈ নোৱাৰোঁ।

এক
মিনিটৰ বাবে মই তেওঁৰ কথাখিনি ভাবিলোঁ। সম্ভৱতঃ তেওঁক চিনি পোৱাত মোৰেই ভুল হ
ল।

: অন্ততঃ
মোক খুৱাব পাৰিব নিশ্চয়
? – মই সুধিলোঁ।

: তুমি
ৰান্ধিব জানানে
?

: ও,
জানো – মই আকৌ মিছা মাতিলোঁ।

: ৰান্ধিব
জানিলে তোমাক খুওৱাত মোৰ আপত্তি নাই।

দিল্লী
মিষ্টান্ন ভাণ্ডাৰৰ ওপৰতলাত থকা তেওঁৰ কোঠাটোলৈ মোক তেওঁ লৈ গ

আৰু বেলকনিটো দেখুৱাই ক
লে – এইখিনি
ঠাইতে তুমি শুব পাৰিবা।
কিন্তু সেই নিশা
মই ৰন্ধা আহাৰখিনি নিশ্চয় অখাদ্য আছিল কাৰণ ৰ
মিয়ে
সেইখিনি বাটৰ কুকুৰ এটাক খাবলৈ দি মোক গুচি যাবলৈ আদেশ দিলে। ময়ো সহজে সেও মনা
ভকত নহয়। মানুহক ভোল নিয়াব পৰা মোৰ ভুৱনবিজয়ী হাঁহিটো মাৰি ময়ো তেওঁৰ ঘৰৰ সন্মুখৰ
বাটটোতে পায়চাৰি কৰি থাকিলোঁ। অৱশেষত মোৰ অৱস্থা দেখি বোধকৰো ৰ
মিৰ পুতৌ
জন্মিল। তেওঁ মোক মাতি নি ক
লে– বাৰু,
ময়েই তোমাক ৰন্ধা-বঢ়া কৰিবলৈ শিকাম।
তেওঁ মোক অকল
ৰন্ধা-বঢ়াই নহয়, মোৰ নামটো লিখিবলৈও শিকালে আৰু অতি সোনকালেই বাক্য কিছুমান লিখিব
পৰা হ
লোঁ আৰু হিচাপ-নিকাচো শিকিলোঁ। মই তেওঁৰ
প্ৰতি সদায় কৃতজ্ঞ হৈ ৰ
ম। মই জানিছিলো
যে লিখা-পঢ়াখিনি ভালকৈ শিকি ল
লে মই জীৱনত
যিকোনো কামেই কৰিব পাৰিম।

মিৰ
বাবে কাম কৰি মোৰ বৰ ভাল লাগিবলৈ ধৰিলে। মই ৰাতিপুৱা তেওঁক চাহ-জলপান যতনাই দি
দিনটোৰ বজাৰখিনি কৰিবলৈ যাওঁ। এইদৰে বজাৰ-সমাৰ কৰোঁতে ২-৩ টকামান প্ৰায়েই মোৰ লাভ
হয়। মই ভাবোঁ, এনেদৰে টকা মই আত্মসাৎ কৰাৰ কথা তেওঁ গম পাইছিল কিন্তু কেতিয়াও একো
কোৱা নাছিল। ৰ
মিয়ে চেগা-চোৰোকাকৈহে টকা উপাৰ্জন
কৰিছিল। কোনোবা সপ্তাহত তেওঁ টকা ধাৰ কৰি চলিছিল আৰু কোনোবা সপ্তাহত সেই টকা
পৰিশোধ কৰি পৰৱৰ্তী চেকখন কেতিয়া পাব সেই কথা ভাবি মূৰ ঘমাইছিল। চেক হাতলৈ অহাৰ দিনা
তেওঁ বাহিৰলৈ গৈ ধুম-ধামেৰে খোৱা-বোৱা আৰু স্ফূৰ্তি কৰিছিল। তেওঁ দিল্লী আৰু
মুম্বাইৰ আলোচনীবোৰৰ বাবে লিখিছিল। সঁচাকৈয়ে জীৱিকা উপাৰ্জনৰ কি যে বিচিত্ৰ উপায়! এদিন
গধূলি তেওঁক হাতত বেছ কিছু টকা লৈ ঘৰলৈ উভতি অহা দেখিলোঁ। সেইদিনা তেওঁ হেনো
কোনোবা প্ৰকাশকক নিজৰ কিতাপ এখন বিক্ৰী কৰিছিল। টকাখিনি এটা খামত ভৰাই ৰাতি শোওঁতে
তেওঁ শিতানৰ তুলিখনৰ তলতে থোৱা দেখা পালোঁ।

মিৰ ঘৰত
কাম কৰা মোৰ প্ৰায় এমাহ হৈছিল আৰু এই সময়ছোৱাত বজাৰ-সমাৰ কৰোঁতে অলপ পইচা বচোৱাৰ
বাহিৰে আন একো কৰিব পৰা নাছিলোঁ। ইচ্ছা কৰাহ
লে বহু কামেই কৰিব পাৰিলোহেঁতেন। ঘৰটোৰ
বাহিৰে-ভিতৰে ইচ্ছামতে ঘূৰি ফুৰিব পাৰোঁ আৰু ৰ
মিয়ে
মোক অন্তৰেৰে বিশ্বাস কৰে। সেই কাৰণে তেওঁৰ ঘৰত চুৰি-ডকাইতি কৰা মোৰ বাবে হৈ
পৰিছিল অসম্ভৱ। এজন লুভীয়া মানুহক ডকাইতি কৰিবলৈ মোৰ বাবে সহজ কিন্তু এজন সাধাৰণ সৎ
মানুহক তেনে কৰিবলৈ অসুবিধা। হয়তো তেওঁৰ কিবা চুৰি হ
লেও
সেই বিষয়ে তেওঁ একো মূৰেই নঘমাব। এইবাৰ মই বাৰে বাৰে ভাবিবলৈ ধৰি
লোঁ – মোৰ কিবা এটা কৰাৰ সময় আহিছে। মই যদি টকাখিনি নলওঁ
তেওঁ বন্ধু-বান্ধৱৰ সৈতে সেইখিনি অবাবত খৰচ কৰিব। তদুপৰি তেওঁ মোক দৰমহাও নিদিয়ে। ৰ
মি শুই আছিল। জোনটোৰ পোহৰ বাৰা
ণ্ডাৰ পৰা গৈ তেওঁৰ বিছনাত পৰিছিল। গাৰ পৰা কম্বলখন আঁতৰাই মই
মজিয়াতে বহি কথাবোৰ ভাবিবলৈ ধৰিলোঁ। মই যদি ৰ
মিৰ
টকাখিনি এতিয়া চুৰি কৰিব পাৰোঁ, অনায়াসে লক্ষ্ণৌ
লৈ
যাবলগীয়া ১০
:৩০ বজাৰ ট্ৰেইনখন ধৰিব পাৰিম। মজিয়াৰ পৰা উঠি হাতত সাৰে, ভৰিত
সাৰে মই তেওঁৰ বিছনাৰ ফালে আগবাঢ়িলোঁ। ৰ
মি আছিল ঘোৰ
টোপনিত। নিশ্চিন্তমনে শুই আছিল। মই তুলিখনৰ তলেদি হাত এখন সুমুৱাই টকাৰ পেকেটটো
খেপিয়াবলৈ ধৰি
লোঁ আৰু এপাকত পেকেটটো পাই সাৱধানে
টানি উলিয়া
লোঁ। ৰমিয়ে
টোপনিতে কিবা এষাৰ কথা কৈ সেই সময়ত বাগৰ সলাইছিল। ভয়তে যিমান পাৰি সোনকালে তেওঁৰ
কোঠাৰ পৰা ওলাই আহি
লোঁ

আলিবাটলৈ
আহি মই প্ৰাণটাকি দৌৰিবলৈ ধৰি
লোঁ। টকাৰ পেকেটটো
পিন্ধি টকা কামিজটোৰ ভিতৰৰ পকেট এটাত আছিল। ৰ
মিৰ
ঘৰৰ পৰা বেছ আঁতৰ গৈ পোৱাত দৌৰ বন্ধ কৰি সাধাৰণভাৱে খোজ কাঢ়িবলৈ ধৰি
লোঁ। পকেটৰ পৰা টকাখিনি উলিয়াই এবাৰ হিচাপ কৰি চালোঁ –
৫০টকীয়া নোটেৰে মুঠ সাতশ টকা আছিল। মোৰ বাবে বহুত টকা, দুসপ্তাহমান ৰাজপুত্ৰৰ দৰে
থাকিব পাৰিম। ষ্টেছনত উপস্থিত হৈ পোনছাটেই প্লেটফৰ্মলৈ দৌৰি
লোঁ। মোৰ বাবে টিকটৰ বাবে টিকট-অফিচলৈ যোৱা আছিল অমূলক কাৰণ
তেতিয়ালৈকে কোনোদিনে টিকট কাটি পোৱা নাছি
লোঁ। লক্ষ্ণৌ এক্সপ্ৰেছখনে প্লেটফৰ্ম এৰি ধীৰ গতিৰে যাত্ৰা আৰম্ভ কৰিছিল।
অনায়াসে মই কোনোবা এটা ডবাত জাঁপ মাৰি উঠিব পাৰি
লোহেঁতেন
কিন্তু কিবাবোৰ কথা ভাবি সেই সময়ত মই দ্বিধাগ্ৰস্ত হৈ পৰি
লোঁ আৰু ট্ৰেইনখনেও তেতিয়ালৈকে পূৰ্ণগতি লাভ কৰিছিল। ট্ৰেইনখন
যোৱাৰ পাছত প্লেটফৰ্মত মই তেনেই অকলশৰীয়া হৈ পৰি
লোঁ
ৰাতিটো ক
ত কটাম তাকে চিন্তা কৰিবলৈ ধৰিলোঁ। মোৰ কোনো বন্ধু-বান্ধৱ নাছিল আৰু ওচৰৰ সৰু হোটেলবোৰৰ
কোনোবা এখনত থাকিবলৈ গৈ হোটেলৰ মালিকৰ সন্দেহ সৃষ্টি কৰিবলৈকো ইচ্ছা নাছিল। মই
সদায় ভাবিছিলো যে বন্ধুবৰ্গ থাকিলে সিহঁত সহায় হোৱাতকৈ বিপদৰহে উৎস। মোৰ দৰাচলতে
এজনেই বন্ধু আছিল আৰু তেওঁকো আজি ডকাইতি কৰি
লোঁ
ষ্টেছনৰ পৰা ওলাই গৈ মই বজাৰখনৰ মাজেৰে লাহে লাহে আগবাঢ়ি
লোঁ

মোৰ
অভিজ্ঞতাৰ পৰা মই ক
ব পাৰোঁ যে বস্তু চুৰি হোৱাৰ পাছত মানুহৰ
মুখত বিভিন্ন অভিব্যক্তি দেখা যায়। সাধাৰণতে লোভী মানুহক আতঙ্কিত, চহকী ব্যক্তিক
খঙাল আৰু দুখীয়া মানুহক ভীত হোৱা দেখা যায়। কিন্তু মই জানোঁ যে ৰ
মিয়ে
যেতিয়া তেওঁৰ সৈতে ঘটা চুৰিৰ কথা গম পাব তেওঁৰ মুখত আতঙ্ক, খং বা ভয় কোনো এটা দেখা
নাযায় কিন্তু তেওঁ নিশ্চয় কষ্ট লভিব। এই কষ্ট টকা হেৰুওৱাৰ বাবে নহয় তেওঁৰ সৈতে
হোৱা বিশ্বাসঘাতকতাৰ বাবে। নিশা লাহে লাহে ঠাণ্ডা পৰি আহিছিল। উত্তৰ ভাৰতত ন
ৱেম্বৰৰ ৰাতিবোৰ যথেষ্ট ঠাণ্ডা হ
পাৰে। তাতে অকস্মাতে বৰষুণ এজাক আহিলত ঠেৰেঙা লগা জাৰ পৰিল। মই ঘণ্টাঘৰৰ ওচৰত থকা
শ্বে
ড এটাত আশ্ৰয় ললোঁ।
মোৰ ওচৰে-পাজৰে কেইবাটাও ভিক্ষাৰীয়ে গাত কাপোৰ লৈ শুই আছিল। ঘণ্টাঘৰৰ ঘড়ীটোৱে
নিশা বাৰবজাৰ সঙ্কেত দিলে। পকেটত থকা নোটকেইখন এবাৰ চুই চালোঁ – গোটেইবোৰ ভিজিছে।
এইবোৰ ৰ
মিৰ টকা। ৰাতিপুৱা হয়তো তেওঁ মোক চিনেমা
চাবলৈ পাঁচটকামান দিলেহেঁতেন কিন্তু এতিয়া গোটেইখিনি টকাই মোৰ। এতিয়া ৰন্ধা-বঢ়া
কৰিব নালাগে, বজাৰলৈ যাব নালাগে বা বাক্য লিখিবলৈ শিকিব নালাগে!

পঢ়া-শুনাৰ
কথা নিজৰ চৌৰ্যকাণ্ডৰ উত্তেজনাত মই পাহৰিয়েই গৈছি
লোঁ। মই
কিন্ত সদায় বুজিছি
লোঁ যে পঢ়া-শুনা
ভালকৈ শিকিলে এদিন নিজে টকা-পইচা ঘটিব পাৰিম। টকা-পইচা চুৰি কৰি এজন চোৰ হোৱা
তেনেই সাধাৰণ কথা
, কিন্তু এজন
চতুৰ, জ্ঞানী আৰু সন্মানীয় ব্যক্তি হ
ব পৰাটোহে মোৰ
লক্ষ্য হোৱা উচিত। মই নিজকে নিজে ক
লোঁ – ভালকৈ
লিখা-পঢ়াখিনি আয়ত্ত কৰিবলৈ মই ৰ
মিৰ ওচৰলৈ উভতি
যাবই লাগিব।
এক প্ৰকাৰ
নাৰ্ভাছ হৈ মই লৰালৰিকৈ ৰ
মিৰ ঘৰলৈ বাট
বুলি
লোঁ। কিবা এটা বস্তু চুৰি কৰা সহজ কিন্তু গৰাকীয়ে
গম নোপোৱাকৈ তেওঁক ওভতোৱা কঠিন। মই মনে মনে ৰ
মিৰ
কোঠাৰ দুৱাৰখন খুলি মেঘাচ্ছন্ন জোনটোৰ পোহৰত দুৱাৰখনৰ সন্মুখতে কিছু সময় ৰ
লোঁ।
মি তেতিয়াও আছিল গভীৰ নিদ্ৰাত। মই এখুজি দুখুজিকৈ আগবাঢ়ি
বিছনাৰ শিতান পাই টকাৰ পেকেটটো উলিয়াই ল
লোঁ। মোৰ হাতত ৰমিৰ
নিশ্বাসৰ গৰম বতাহখিনি লাগিছিল। কিছু সময় লৰ-চৰ নকৰাকৈ একেখিনি ঠাইতে থিয় হৈ তুলিৰ
কাষটো আঙুলিৰে বিচাৰি পালোঁ আৰু টকাৰ পেকেটটো তুলিৰ তললৈ লাহেকৈ ঠেলি পঠিয়া
লোঁ

পিছদিনা
ৰাতিপুৱা সাৰ পাই দেখোঁ ৰ
মিয়ে পাকঘৰত চাহ
বনাবলৈ যো-জা কৰিছে। তেওঁ মোলৈ হাত এখন আগবঢ়াই দিলে। আঙুলি দুটাৰ মাজত এখন
পঞ্চাশটকীয়া নোট আছিল। মোৰ বুকুখন ধক্ কৈ উঠিল।

: মই
কালি অলপ পইচা পালোঁ, এতিয়াৰ পৰা তোমাক নিয়মীয়াকৈ দৰমহা দিব পাৰিম।

কথাষাৰ
শুনি মনটো উৎফুল্লিত হৈ উঠিল কিন্তু তেওঁৰ হাতৰ পৰা নোটখন লওঁতে গম পালোঁ যে
যোৱানিশা বৰষুণত ভিজা বাবে নোটখন তেতিয়াও সেমেকি আছিল। ইয়াৰ অৰ্থ হ
ল মই
যোৱানিশা যি কৰিছি
লোঁ তেওঁ নিশ্চয়
সকলোবোৰ গম পাইছে। কিন্তু তেওঁৰ মুখখনত বা ওঁঠত এই কথাবোৰৰ কোনো প্ৰতিক্ৰিয়া দেখা
নগ
ল।

: আজি
আমি সম্পূৰ্ণ বাক্য লিখিবলৈ শিকিম ।– ৰ
মিয়ে কলে।

মই ৰমিৰ
মুখলৈ চাই এটা উজ্জ্বল হাঁহি মাৰি
লোঁ। এইবাৰ
হাঁহিটো হৃদয়ৰ পৰা স্বয়ং ওলাই আহিছিল।

***

 

 

ঠিকনা :

মাস্কাট,
চুলতানেট অৱ ওমান।

ভ্ৰাম্যভাষ
+
৯৬৮-৯৯৬৭-২৭৮১।