সূৰ্যকণ্ঠ জুবিন গাৰ্গ : ব্যক্তিত্ব, প্ৰতিভা আৰু অসমীয়া সমাজ জীৱনত তেওঁৰ প্ৰাসংগিকতা

 উৎপল বৰকটকী



 জুবিন গাৰ্গ যোৱা শতিকাৰ শেষ দশক আৰু পৰৱৰ্তী অসমীয়া সমাজ জীৱনৰ এক এৰাব নোৱৰা নাম৷
১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলনৰ পৰিপেক্ষিত্বত এই সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ত
হোৱা হিংসা আৰু সামৰিক ক্ৰুৰতাত জৰ্জৰ অসমীয়া জাতিটোক বিশেষকৈ যুৱপ্ৰজন্মক জুবিন গাৰ্গে
নব্বৈ দশকত ‘অনামিকা’ এলবাম প্ৰকাশৰ জৰিয়তে নতুন চেতনা আৰু আশাৰ সঞ্চাৰ কৰি নতুন বাট
দেখুৱাবলৈ সক্ষম হৈছিল৷ ভৱিষ্যতক লৈ হতাশা আৰু নিৰাশাৰ ছাঁত ডুব যোৱা
  শংকিত যুৱ প্ৰজন্মৰ
মাজত ই আছিল সঞ্জীৱনীসদৃশ৷ পশ্চিমীয়া সংগীতৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৰম্পৰাগত সংগীতৰ
ধাৰাৰ বিপৰীতে গৈ জুবিন গাৰ্গে অসমীয়া সংগীত লৈ এক নৱবিপ্লৱ আনিবলৈ সক্ষম হৈছিল৷ তেওঁৰ
গানে বৃহত্তৰ অসমীয়া সমাজক নতুন চিন্তা আৰু চেতনাৰে উপলব্ধি কৰিবলৈ অনুপ্ৰাণিত কৰিছিল৷
বাস্তৱিক অৰ্থত জুবিন গাৰ্গৰ সম্পৰীক্ষা সফল হৈছিল৷ তেওঁৰ গানৰ সৰ্বব্যাপী সফলতাই আকাশ
স্পৰ্শ কৰি মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল৷
  

জুবিন গাৰ্গে গোৱা নাই কি? বৰগীত, বনগীত, জ্যোতি সংগীত, বিষ্ণু ৰাভাৰ গীত, ভূপেন্দ্র
সংগীত, প্রসঙ্গীয়া নাম, পুথি পাঠ, প্রায় সকলো ধাৰাৰ লোকগীত- টোকাৰী গীত, দিহানাম, দেহবিচাৰৰ
গীত, বিহু, বিয়ানাম, আইনাম, গোঁসানী নাম ইত্যাদি৷ জনপ্ৰিয়তাৰে আকাশ স্পৰ্শ কৰা জুবিনৰ
গানে অসমৰ গাঁও-ভূঁই, চহৰ-নগৰ সামৰি মানুহৰ ঘৰে ঘৰে বাজিবলৈ ধৰিলে৷ কোনোবাই সুখত জুবিনৰ
গান শুনিছে, কোনোবাই দুখত ম্ৰিয়মান হৈ শুনিছে, কোনোবাই বিচ্ছেদৰ অগনিত, আন কোনোবাই
মিলনত, কোনোবাই অপেক্ষাত, কোনোবাই নিৰাশাত, কোনোবাই ঈশ্বৰৰ আৰাধনাত….। মুঠৰ ওপৰত জুবিন গাৰ্গৰ
গান মানুহৰ নিত্য সংগী হৈ পৰিছিল৷ নিত্য সংগী হৈ আছে৷ নিত্য সংগী হৈ থাকিব৷ জুবিনৰ
গাৰ্গৰ অতুল্য কণ্ঠৰ সেয়া যাদু৷
 

জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পী নাছিল৷ এজন উদাৰ হৃদয়ৰ দায়বদ্ধ, মানুহক
ভালপোৱা, প্ৰকৃতিক ভালপোৱা নিৰ্ভীক নাগৰিক আছিল৷ শাসন আৰু শোষকৰ শিকলিত বন্দী হৈ নিজক
বিক্ৰী কৰি নিদিয়া; জাতিক, দেশক আপ্ৰাণ ভালপোৱা, কৰ্মোদ্যমী খাটি-খোৱা মানুহক প্ৰতিনিধিত্ব
কৰা শিল্পী আছিল৷ বৃহত্তৰ অসমীয়া জাতিৰ আপদে-বিপদে ৰাইজৰ কাষত থাকি, ৰাইজৰ বাবে মাত
মাতি, ৰাইজৰ মানুহ হৈ তেওঁ মৃত্যু পৰ্যন্ত নিজক ৰাইজৰ বাবে সমৰ্পিত কৰি ৰাখিলে৷ তেওঁ ৰোগাক্ৰান্ত
মানুহৰ কাষত ঠিয় দি, সমাজৰ নিছলা মানুহৰ কণ্ঠৰ সাহস হৈ আছিল৷ যাৰ বাবেই তেওঁৰ মৃত্যুৰ
বাতৰি শুনি শোকত কঁপি উঠিছিল অজস্ৰ মানুহ৷ অশ্ৰুবন্যাত ডুব গৈ আছিল এটা সমগ্ৰ জাতি৷
কাল মৃত্যুৰ সন্মুখত মানুহৰ সমস্ত প্ৰাৰ্থনাক আওকাণ কৰি তেওঁ গুচি গ’ল — মানুহৰ শিল্পী৷
নিয়তি নিৰ্মম, নিষ্ঠুৰ৷ তেওঁৰ অকাল মৃত্যু অসমৰ সমাজ জীৱনৰ বৃহৎ ক্ষতি৷ জাতিয়ে এজন
সাহসী যোদ্ধা হেৰুৱালে৷
  

তেওঁৰ প্ৰতিভা অতুল্য আৰু অনন্য আছিল৷ একে সময়তে এগৰাকী কণ্ঠশিল্পী, সংগীত
পৰিচালক, গীতিকাৰ, সুৰকাৰ, চলচ্ছিত্ৰ অভিনেতা, চলচ্ছিত্ৰ প্ৰযোজক, চলচ্ছিত্ৰ পৰিচালক,
চিত্ৰনাট্যকাৰ,বাদ্যযন্ত্ৰী, কবি আৰু সমাজকৰ্মী আছিল৷ অসমীয়া, হিন্দী, বঙালী, বড়ো,
হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, নেপালী, ভোজপুৰী, ওড়িয়া, তামিল, তেলুগু,
কন্নড়, ইংৰাজী আদিকে কৰি প্ৰায় চল্লিছটাৰো বেছি ভিন্ন ভাষাত তেওঁ‌ কণ্ঠদান কৰিছে৷
অসমীয়া চলচ্ছিত্ৰৰ অৱক্ষয় হোৱা স্থিতি ঘূৰাই আনিবলৈ তেওঁ অহৰহ প্ৰয়াস কৰিছিল৷ তেওঁ
পৰম্পৰাগত নিৰ্মাণ শৈলীৰ পৰিৱৰ্তে চলচ্ছিত্ৰলৈ নতুনত্ব অনাৰ প্ৰয়াস কৰিছিল৷
নতুন প্ৰয়োজন, নতুন প্ৰজন্মৰ চাহিদাৰ মূল্যক উপলব্ধি কৰিব পৰাটো আছিল তেওঁৰ চিন্তা-চেতনাৰ উৰ্বৰ
উপলব্ধিৰ প্ৰকাশ৷ মিছন চাইনা, কাঞ্চনজংঘা আদি চলচ্ছিত্ৰত সেই উপলব্ধিৰ মৰ্ম অনুধাৱন
কৰিব পাৰি৷
 

জুবিন গাৰ্গৰ এই বৰ্ণিল যাত্ৰা, অসাধাৰণ প্ৰতিভা তেওঁৰ অসামান্য কষ্টৰ ফচল৷
তেওঁৰ সফলতা সম্পৰ্কত কবি হীৰেন ভট্টাচাৰ্যই কৈছিল— “জুবিন সঁচাই আচৰিত৷ ইমান কম বয়সতে, ইমান সোনকালে
জনপ্ৰিয়তা লাভ কৰা দেখি আচৰিত হওঁ৷ জুবিন কোনো ৰেডিঅ’ৰ শিল্পী নহয়৷ দূৰদৰ্শনৰ শিল্পী
নহয় বা তেনে ধৰণৰ কোনো বেকগ্ৰাউণ্ডো নাই৷ জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে
নিঃসন্দেহে৷” কবি হীৰেন ভট্টাচাৰ্যৰ কথাষাৰৰ আঁত ধৰি ক’ব পাৰি যে পৰম্পৰাগত ধাৰাৰ বিপৰীতে গৈ কিবা এটা
কৰাৰ ব্যাপক ঈপ্সা, কৰ্মোদ্যম, কষ্ট আৰু সাহসেই জুবিন গাৰ্গ আজিৰ জুবিন গাৰ্গ হোৱাৰ
মূল কাৰণ৷ ঈগলৰ দৰে আকাশৰ উচ্চতাত উৰাৰ হেঁপাহ, ইউকেলিপ্তাছৰ দৰে ওখ হোৱাৰ স্বপ্ন সাবটি
তেওঁ আকাশ চুবলৈ সক্ষম হৈছিল৷
 

তেওঁৰ ব্যক্তিত্ব এজন শিল্পীতকৈও উৰ্ধ্বত এজন মানুহ হিচাপে যিয়ে মানুহৰ
দুখত ম্ৰিয়মান হ’ব পাৰে, মানুহৰ সৈ’তে মানুহৰ যাত্ৰাত চামিল হ’ব পাৰে৷ মানুহৰ মাজত
থাকি , সদায় মানুহৰ হৈ কাম কৰি, আকাশ চুয়ো মাটিৰ সৈ’তে সম্পৰ্ক বৰ্তাই ৰাখিছিল৷ মানুহৰ
পৰা বিচ্ছিন্ন হৈ তেওঁ আকাশ ধিয়াই যোৱা নাছিল৷ সেই বাবেই তেওঁ অনন্য৷ শিল্পীতকৈও উৰ্ধ্বত তেওঁৰ বিশাল ব্যক্তিত্ব৷ তেওঁৰ কৰ্মজীৱনৰ পৰাই সেইয়া প্ৰত্যক্ষ কৰিব পাৰি৷ মানুহৰ মাজত
থাকি মানুহৰ শিল্পী হোৱাটো বৰ সহজ নাছিল৷ সেইয়া জুবিন গাৰ্গে কৰি দেখুৱালে৷ জ্যোতিপ্ৰসাদ
আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ বাটেৰে যাবলৈ জুবিন গাৰ্গ সক্ষম হ’ল৷
  

জুবিন গাৰ্গৰ অকাল মৃত্যুৱে সমগ্ৰ অসমীয়া জাতিসত্তাক জোকাৰি গৈছে৷ জাতিৰ
গৰ্ভ এক বিশাল শূন্যতাই উদং কৰিছে৷ অসমীয়া ভাষাৰ অৱক্ষয়ী স্থিতিয়ে চিন্তাক্লিষ্ট কৰি
ৰখা অসমীয়া জাতিক জুবিন গাৰ্গৰ দেহাৱসানে ঘনঘোৰ আন্ধাৰৰ মাজলৈ ঠেলি দিছে৷ জুবিন গাৰ্গৰ
গান অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি সুৰক্ষাৰ সাহ হৈ আছিল৷ এতিয়া জাতিয়ে সেই সাহস হেৰুৱালে
  

মানুহৰ বাবে কাম কৰা, মানুহক ভালপোৱা এইজন মহান শিল্পীসত্তা জীৱিতকালত
মানুহৰ আদৰ, মৰম বুটলিবলৈ যদিও সক্ষম হৈছিল তথাপি শাসকৰ বিৰুদ্ধে গৈ মানুহৰ কল্যাণৰ বাবে
কাম কৰাৰ অপৰাধত তেওঁ উপযুক্ত 
চৰকাৰী স্বীকৃতি লাভ নকৰিলে৷ নিৰ্ভীকতা আৰু স্পষ্টবাদিতাই আছিল তেওঁৰ  অপৰাধ৷ তথাপি তেওঁ কেতিয়াও মৃত্যু পৰ্যন্ত নিজৰ আদৰ্শ ত্যাগ নকৰিলে৷ শাসনৰ শিকলিয়ে
তেওঁ ভীতিগ্ৰস্ত কৰিব নোৱাৰিলে৷ এয়া তেওঁৰ মহান সত্তা আছিল৷ তেওঁৰ মৃত্যুৰ পাছত অগনিত
মানুহৰ অশ্ৰুৱে তেওঁৰ ব্যক্তিত্বৰ উচ্চতাক প্ৰমাণিত কৰিলে৷ পৃথিৱীৰ প্ৰতিজন মহান সত্তাৰ
মহান হোৱাৰ অন্যতম কাৰণ নিৰ্ভীকতা৷ সেয়া গান্ধীয়ে হওক কিম্বা সুভাষ চন্দ্ৰ বসু৷ সেয়া
নেলচন মেণ্ডেলাই হওক কিম্বা মাৰ্টিন লুঠাৰ কিং৷ তেওঁলোকৰ নিৰ্ভীকতাই তেওঁলোকক মহান কৰি
ৰাখিলে৷ জুবিন গাৰ্গকো নিৰ্ভীক কণ্ঠ, নিৰ্ভীক সত্তাৰ বাবে আজীৱন আদৰ আৰু সন্মানৰ পাত্ৰ
হৈ জীয়াই থাকিব৷
  

পৰিশেষত ক’ব পাৰি যে জুবিন গাৰ্গক এটা লেখাৰ দ্বাৰা তেওঁৰ বিশাল ব্যক্তিত্ব,
প্ৰতিভা আৰু অসমীয়া সমাজ জীৱনত প্ৰাসংগিকতাক মূল্যায়ন কৰিব নোৱাৰি৷ তেওঁৰ সত্তাৰ গভীৰত
গৈ তেওঁক সূক্ষ্ম অৰ্ন্তদৃষ্টিৰে মূল্যায়ন কৰাতোঁও বৰ সহজ কথা নহয়৷ তেওঁৰ অকাল মৃত্যুত
শোকাহত৷ এক উপযুক্ত আয়ুস নোপোৱাৰ দুখে মনত এই শোক অধিক কৰি তুলিছে৷ নিৰ্মম নিয়তিৰ সন্মুখত
আমি কি কৰিব পাৰোঁ ! তথাপি আমাৰ প্ৰাৰ্থনা তেওঁৰ কাষত সদায় থাকিব৷ তেওঁৰ গান মানুহৰ
বুকুৱে বুকুৱে জীয়াই থাকিব৷ যেতিয়ালৈ জীয়াই থাকিব অসমীয়া জাতি৷ তেওঁৰ জাতিৰ প্ৰতি অসামান্য
অৱদানৰ বাবে সমগ্ৰ জাতি চিৰদিন কৃতজ্ঞ হৈ ৰ’ব৷
 

 ***

যোগাযোগ : borkatakiutpal@gmail.com