মূলঃ
সুবোধ সৰকাৰ

অসমীয়া
অনুবাদঃ কুমুদ ঘোষ

 

তুমি
আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী

তুমি
আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷

ৰাষ্ট্ৰীয়
সংগীতৰ দৰে থিয় হৈ আছা৷

জুবিন,
তোমাক কোনোৱে মাৰিব নোৱাৰিলে৷

তুমি
অমৰত্ব নামৰ চোতাল এখনত বহি গাইছা ফাগুন৷

 

তুমি
আজি মায়াবিনী এখন অসম৷

 

পানীৰ
তলত তুমি ভয়ঙ্কৰ চেষ্টা চলাই গৈছিলা

অলপমান
উশাহ ল’ব বিচাৰিছিলা৷

কোনোৱে
উশাহ নিদিয়ে‍

নিদিয়ে
বিশ্বাস৷

পানীৰ
পৰা তোমাৰ নিথৰ, নিৰ্বাক, নিৰীহ, নিৰ্ভীক

পানীৰে
তিতা শৰীৰ যেতিয়া এই পৃথিৱীলৈ আহিল

তেতিয়া
সমগ্ৰ অসমত ধুমুহা বলিল

সেই ধুমুহা
ধুমুহা নহয়, কান্দোন৷

সিঁচৰতি
হৈ পৰিল সেই কান্দোন

মেঘালয়ৰ
পৰা অৰুণাচল৷

আগৰতলাৰ
পৰা ইম্ফল৷

লামডিঙৰ
পৰা নগালেণ্ড৷

সাতভনী
বুলি যাক কওঁ

সেই সাতভনীৰ
চকুত চকুলো৷

চকুলো
নে গলিব ধৰা জুই?

 

জুবিন,
তোমাৰ মৃত্যু এক বিৰাট ৰহস্য৷

 

তুমি
কৈছিলা

মোৰ
কোনো ধর্ম নাই৷

মোৰ
কোনো জাতি নাই৷

মই কাঞ্চনজঙ্ঘা৷

গলিৰ
ভিতৰৰ পদপথৰ শিশুসকলৰ হাতত, দেৱশিশুসকলৰ হাতত

সোণ
দি দি তুমি‍

পাহাৰৰ
টিঙলৈ‍ উঠি

লাভার্চ
পয়ণ্টত উঠি হৈ পৰিছিলা ৰডডেনড্ৰন৷

 

তোমাৰ
সেই গান আজি জনগণমন৷

 

জুবিন,
তোমাৰ মৃত্যু হ’বই নোৱাৰে৷

 

হ’ব নোৱাৰে
দুটা কাৰণত, এক তোমাৰ গান

দুই তোমাৰ
সাৱট৷

আৱেগে
সাৱটি ধৰা চুলি‍

সিবোৰেই
আছিল তোমাৰ অমৃত সন্তান৷

 

তোমাৰ
শৰীৰে কৈছে এটা তাৰিখ৷

তোমাৰ
মৃত্যু হৈছে৷

নহয়,
তোমাৰ মৃত্যু নাই৷

যি গান
তুমি গাইছিলা, সেই গানত কোনো

মৃত্যুৰ
তাৰিখ লিপিৱদ্ধ নাই৷

সেই গান
কেৱল গান নহয় যেন এক ভাৰত কান্দোন৷

 

জুবিন,
তোমাৰ কোনো মৃত্যু হোৱা নাই৷

মৃত্যুৰ
প্ৰমাণ-পত্ৰত কোনো চহী নাই

সাহস
নহ’ল কাৰো

তোমাৰ
প্ৰমাণ-পত্ৰ হাতত লৈ বহি আছে এজন

তেওঁকেই
আমি অমৰত্ব বুলি কওঁ৷

 

বাটে‍-পথে,
খালে‍-বিলে, ৰেলগাড়ীত উৰাজাহাজত

গাঁৱে‍-ভূঞে,
বিপ্লৱৰ হাবি‍-বননিত

কেবিনেটত,
কলতলত

মই কেতিয়াও
কোনো গায়কৰ বাবে‍

এখন ভাৰতবর্ষক
কন্দা দেখা নাছিলোঁ৷

 

গায়ক নাছিলা তুমি, তুমি আছিলা কাঞ্চনজঙ্ঘা৷  

কাঞ্চনজঙ্ঘা
কেতিয়াও নমৰে৷

——–