গছবোৰ নহ’লে এৰি যাম চহৰখন

                       

                                        উজ্জ্বল
স্মৰণ দত্ত
 

 

গছবোৰ  নহ’লে এৰি  যাম 

তোমাৰ  চহৰখন  এদিন

 

মাটিৰ  বুকুতে এধানি গছ

শিপাই  থাকে

জিৰাওঁ  ছাঁত 

 

মানুহ  বাঢ়িলে  গছ নাথাকে

গছে  এই  কথা  জানে

আধুনিক চহৰখন দেওলগা

মোটত  মোট  সলায়

 

নিজানৰ নিজান ৰাতি

গছবোৰে ইনাই বিনায় 

শুনি  থাকো  মই

পক্ষী সাক্ষীৰ সাক্ষী ৷

 

গছবোৰ ধৰাৰ আঁত

বুজাবোৰে  নুবুজে

শুনাবোৰে  নুশুনে ৷

 

কঙাল চহৰখনৰ  কঙাল
মন

নোজোৰাক নোজোৰে 

গছ নোহোৱা চহৰখন

অচিনৰ অচিন মোৰ

 

অচিন  চহৰখন 

যাম গৈ এদিন এৰি ৷