ভাস্কৰ জে নাথ

আগৰ
দৰেই হ’ৰ্ডিংবোৰ
ইলেক্ট্ৰিক
খুঁটাবোৰ

ইমান
শালিকী : মাতি আছে ইলেক্ট্ৰিক তাঁৰত বহি
ইমান
কাউৰী : কা কা কৰি

তেনেকৈয়ে
’ৰ্ট-কাছাৰী
নিয়ম মতেই 

নিয়ম
মতেই বৰষুণ পৰিছে

পৰিছে
বতাহ
বলিছে
ধূলি
উৰিছে

দূৰত
দুটা কুকুৰ দেখিছোঁ
 
এটাই
ভুকিছে
আনটোৱে
প্ৰস্ৰাৱ কৰিছে
 
ইয়াত
ভাল সলনি বুলিনো কি হৈছে
?