খিৰিকীৰে এখন সেউজীয়া পৃথিৱী

ড° ৰমেন ঠাকুৰীয়া

ৰাতি তেওঁ এটা অদ্ভুত সপোন দেখিছিল৷ তেওঁ
অফিচলৈ বুলি যাবলৈ সাজু হৈছে৷ ঘৰৰ কামৰ পৰা মূৰ দাঙিব নোৱৰা ঘৈণীয়েক জানকীয়ে তাৰ
মাজতো সুৰুঙা উলিয়াই তেওঁৰ হাতত তুলি দিছেহি অফিচলৈ নিয়া বেগটো৷ বৰুৱাই
ইফালে-সিফালে চাইছে৷ পূৰঠ হৈ আহিব ধৰা ৰ
দৰ বাহিৰে ওচৰত কোনো সক্ৰিয়
হৈ থকা নাই৷ কোনো নথকাৰ এই সুযোগতে বৰুৱাই জানকীৰ গালত টিপা মাৰি দিছে৷ লাজতে
ৰঙা-চিঙা পৰি গৈছে জানকী৷ পুৱাৰ ৰ
দখিনি যেন আহি থূপ খাইছেহি তাইৰ
দুগালত৷ তায়ো ইফালে-সিফালে চাই কোনোবাই দেখিছে নেকি তাৰ উমান লৈছে
, আৰু বৰুৱাক মৃদু ঢকা এটা দি
লাজ লাজকৈ ঘৰৰ ভিতৰলৈ সোমাই গৈছে৷ মুখত প্ৰসন্নতাৰ হাঁহি এটা গুঁজি লৈ দিনটোৰ
কৰ্মব্যস্ততাৰ বাবে ওলাই আহিছে জগন্নাথ বৰুৱা৷

তেনে সময়তে সাৰ পাই গ
তেওঁ৷ আৰু আগ বাঢ়িবলৈ সক্ষম নহ
ল তেওঁৰ সপোনটো৷ দিঠকত যি
কোনোকালেই সম্ভৱ নহ
ল তাক সপোনতে অনুভৱ কৰি বৰুৱাৰ মনটো অলপ সময়ৰ
বাবে হ
লেও অজান পুলকত বুৰ গল৷ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
বিয়পি পৰিল সপোনটোৰ সুখানুভূতি৷

বিছনাৰ পৰা নামি এটা দীঘল এঙামুৰি দি জগন্নাথ
বৰুৱা সেই নিৰ্দিষ্ট খিৰিকীখনৰ মুখলৈ আহিল৷ খিৰিকীৰ মুখলৈ আহিয়ে তেওঁ এবাৰ
ৱালঘড়ীটোলৈ চালে। নাই, এতিয়াও সময় হোৱা নাই৷ আজি তেওঁ সময়তকৈ আগতেই সাজু হোৱা যেন
লাগিল৷ তথাপি তেওঁ এক প্ৰত্যাশা ভৰা চাৱনিৰে চাই পঠিয়ালে৷

দুমহলীয়া বিল্ডিংটোৰ পূব ফালৰ খিৰিকীৰে তেওঁৰ
দৃষ্টি সেই নিৰ্দিষ্ট ঠাইটুকুৰাত বিয়পি পৰিল৷ য

এতিয়া কেৱল
 শূন্যতা
বিৰাজ কৰিছে৷
 শূন্য
ঠাইটুকুৰাত কেৱল
 পাৰ চৰাই কেইটামানে পুৱাৰ
কোমল ৰ
দ গাত লৈ শীতৰ আমেজ অনুভৱ কৰিছে৷ পাৰ চৰাইকেইটা থকা
ঠাইখিনিৰ পৰা কিছু দূৰত এটা শিলগুটিৰ দ
ম৷ বহু দিন ধৰি ব্যৱহাৰ
নকৰাৰ ফলত শিলগুটিৰ দ
মটোৰ মাজত ঠায়ে ঠায়ে ঘাঁহ কেইডালমান গজি উঠিছে৷
তাৰ বুকুতেই হালি-জালি নাচি আছে নিয়ৰৰ টোপাল কেইটামান৷ পুৱাৰ ৰ
দৰ
আন কেইটামান টুকুৰা আহি নিয়ৰৰ টুকুৰাকেইটাৰ স
তে কিবা এক অচিন সম্ভোগত
লিপ্ত হৈছে৷

হঠাতে পাৰকেইটা উৰি গল৷
কঁপি উঠিল দ
মটোৰ ঘাঁহকেইডাল৷ জগন্নাথ বৰুৱা সচকিত হৈ উঠিল৷  পিছে‍  নহয়৷ তেওঁ প্ৰত্যক্ষ কৰিবলৈ ৰৈ থকা দৃশ্যটোৰ আগজাননী নহয়৷
চাইকেল এখন ঠেলি কোনোবা মানুহ এজন আহিছে৷ মানুহজনে কোনো মাত-বোল নকৰাকৈ চিধাই ঘৰৰ
ভিতৰলৈ
 সোমাই গৈছে৷ হয়তো কোনোবা আপোন
মানুহ৷

বেচ কিছু সময় ধৰি থিয় দি থকাত বৰুৱাৰ ভৰি দুটা কেঁকাই
উঠিল৷ খিৰিকীৰ মুখৰ পৰা পুনৰ তেওঁ বিছনালৈ
  আহিল৷ কিছু সতেজ হৈ লোৱা যাওক৷ বিছনাত তেওঁ
গাটো পোনাবলৈ ল
লে৷ বাৰুকৈয়ে ভাগৰুৱা হৈ পৰিছে তেওঁ৷
শাৰীৰিকভাৱে
  হলেও
মানসিকভাৱে৷ মানসিক যন্ত্ৰণাই তেওঁৰ বাৱন্ন বছৰীয়া দেহটোত সত্তৰ বছৰীয়া অসাৰতা আনি
দিছে৷ তীব্ৰ মানসিক চাপে এনেকৈ চেপি ধৰিছে যেন দেহত কেইবাটাও মৃত্যুমুখী ৰোগ লৈ
মৃত্যুৰ
  বাবে বাট চাই থকা লোকহে৷ অথচ
তেওঁৰ চিনাকি জীৱন কাকতি নামৰ লোকজনে সৌ সিদিনা তেষষ্ঠি বছৰ বয়সত নিজৰ দ্বিতীয়
বিবাহ সম্পন্ন কৰিলে৷ পুত্ৰ-বোৱাৰী
, নাতি-নাতিনীৰ ওচৰত দ্বিতীয় বিবাহ কৰিবলৈ লোৱা সিদ্ধান্তটোৱেই জানো
তেওঁৰ মজবুত মানসিকতাৰ পৰিচয়
 নিদিয়ে? নিজকে কিমান সতেজ আৰু শক্তিসম্পন্ন কৰি
ৰাখিলে বাৰু মানুহে এনে কিছুমান সিদ্ধান্ত ল
ব পাৰে? হয়তো নীতি-আদৰ্শ, ন্যায়-নিষ্ঠাত থকা মানুহৰহে
গঢ়ি উঠে এনে শক্তিশালী মানসিকতা৷ যাক অলপ-অচৰপ ধুমুহাই ভাঙি
 থানবান কৰিব নোৱাৰে, হাৰি হাৰিও যি জিকি যায় জীৱনৰ ৰণ৷

জগন্নাথ বৰুৱাৰ দেউতাক অংকৰ শিক্ষক আছিল৷
স্কুলত তেওঁ অংক শিকালে কোনো ছাত্ৰই নুবুজা বুলি ক

পৰা নাছিল৷ অংকক তেওঁ
 এনে এক কলালৈ ৰূপান্তৰিত কৰি পেলাইছিল যে সেই কলাই হৈ‍
পৰিছিল তেওঁৰ জীৱন৷ সেই কলাৰ নিৰ্দেশতেই হৈছিল তেওঁৰ গতিপথ৷ খুব
 হিচাপী মানুহ আছিল দেউতাক৷ সকলো
কথাকে তেওঁ অংকৰ সূত্ৰৰে জুখি চাইছিল৷ সেই হিচা
পী মানুহজনৰ একমাত্ৰ সন্তান
আছিল বৰুৱা৷ দেউতাকক গাঁৱতে এৰি তেওঁ গুচি আহিছিল গুৱাহাটীলৈ৷ তেতিয়াৰ পৰাই মাজে
মাজে তেওঁৰ অংক ভুল হ
বলৈ আৰম্ভ কৰিছিল৷ গুৱাহাটীৰ ছোৱালী জানকীক
বিয়া পতাৰ পাছত
, ছোৱালী বৰ্ণালী আৰু লৰা
গৌতমৰ জন্ম হোৱাৰ পাছত সিহঁত ডাঙৰ-দীঘল হোৱাত তেওঁৰ অংক একেবাৰেই ভুল হৈ গৈছিল৷
গুৱাহাটীত মাটি লোৱা
, ঘৰ সজা, জানকীৰ বিলাসিতা, ৰা-ছোৱালীক
বাহিৰত ৰাখি পঢ়ুওৱা
 এই সকলোতে তেওঁ অংক ভুল কৰা বাবেই সম্ভৱ হৈছিল৷ আৰু আজি তাৰেই পৰিণতি
তেওঁৰ এই জীৱন৷ চাৰিওফালৰ পৰা অহা চেপা-খুন্দাত বিন্দুমাত্ৰ অস্তিত্বহে ৰৈছেগৈ
তেওঁৰ৷

আত্মমন্থন কৰি থাকোঁতেই দুৱাৰখনত শব্দ এটা হল৷
বৰুৱাই বিছনাৰ পৰাই দুৱাৰখনলৈ
  কেৰাহিকৈ চালে৷ কাম কৰা লৰা
ৰতন সোমাই আহি ক
লেখুড়া, কীলজন
আহিছে৷

ৰতনৰ মুখত উকীলৰ
নাম শুনাৰ লগে লগে বৰুৱাৰ তৎক্ষণাৎ ৱালঘড়ীটোলৈ চকু গ

আৰু বিৰক্তিত তেওঁৰ মুখখন কোঁচ খাই গ
ল৷ ই এতিয়াহে আহিব পাৰিলেনে? বৰুৱাই মুখৰ ভিতৰতে
ভোৰভোৰালে৷ ইফালে উ
কীলৰ লগত কথা পাতোঁতে যদি…? নাই৷ তেওঁক সোনকালে বিদায়
দিয়াটোৱেই ভাল হ
ব৷ ৰতনৰ পিছে পিছে বৰুৱাও তললৈ নামি গল৷

কীলজনে চাহৰ কাপত চুমুক দিবলৈ
লৈছিল৷ বৰুৱা গৈ তেওঁৰ কাষতে বহিল৷ আৰু ক
লেআকৌ
কি হ
? কালি  দেখোন…?” কালিও তেওঁ আহিছিল৷ কিছু টকাৰ লগতে দুখনমান
কাগজ আৰু দুটামান চহী কৰাই লৈ গৈছিল৷ আজি পুনৰবাৰ আহিবলগা হোৱাত তেওঁ যেন নিজেই
লজ্জিত হ
ল৷ তদুপৰি বৰুৱাৰ প্ৰশ্নটোৱে তেওঁক আৰু বেছি শলঠেকত
পেলাই দিলে৷ বৰুৱাৰ মুখলৈ নোচোৱাকৈয়ে তেওঁ কাগজ এখন আগবঢ়াই দিলে আৰু লাহেকৈ ক
লে আৰু
দুটামান চহী কৰিবলৈ বাকী থাকিল৷’’ ইফালে তীব্ৰ গতিত ঘড়ীটো ঘূৰিবলৈ আৰম্ভ কৰিছে৷
তেওঁ আৰু অলপো পলম কৰিব নোৱাৰে৷ আৰু অলপ
 দেৰি কৰিলেই যেন হেৰাই যাব
তেওঁৰ দিনটোৰ ইন্ধন৷ হাতৰ পৰা খহি পৰিব তেওঁৰ বাবে অত
 বছৰে অচিন হৈ থকা মহামূল্যৱা
জীৱনৰ এটা ক্ষণ৷

কীলজনক বিদায় দি বৰুৱা খৰধৰকৈ
নিজৰ কোঠালৈ আহিল৷ কোঠালৈ আহি ঘড়ীটোত চকু থৈহে তেওঁ দীঘলকৈ উশাহটো ল
লে৷
এতিয়াও সময় হোৱা নাই৷ হয়তো অন্তিম পৰ্যায়ৰ পিনে আগবাঢ়িছে তেওঁৰ আকাংক্ষিত
দৃশ্যটোৰ৷

কেনেকৈ যে সলনি হৈ যায় জীৱনৰ অৰ্থ! কেতিয়াবা ভাবিছিলনে তেওঁ এনে
এটা পৰ্যায়ত ভৰি থ
ব লাগিবগৈ বুলি৷ টকা-পইচা, সা-সম্পত্তি, মান-সন্মান, প্ৰাচুৰ্যৰে‍
উপচি আছিল তেওঁৰ চৌদিশ৷ অভাৱ নাছিল কোনো সাদৰ-সম্ভাষণৰ৷ এই সকলোতে‍ মজি থাকোঁতে
জীৱনৰ প্ৰকৃত ৰং আৰু ৰূপ তেওঁৰ বাবে অচিনাকি হৈ পৰিছিল৷ সুখ-আশা
, সম্ভোগ, সন্তোষ সকলো তেওঁ টকা-পইচাৰ
জৰিয়তেই আহৰণ কৰি ল
বলৈ যত্ন কৰিছিল৷ কিন্তু তাৰ মাজত কৃত্ৰিমতাৰ ফেঁটীসাপ এডালে যে অহৰহ তেওঁক দংশন কৰিবলৈ সুৰুঙা বিচাৰি ফুৰিছিল, তাক তেওঁ ধৰিবই
পৰা নাছিল৷ কাৰণ অন্ধ হৈ গৈছিল তেওঁ৷ দুৰ্নীতিৰ বোকাপানীত লুতুৰি-পুতুৰি হৈ উঠিও
নিজকে নিয়ন্ত্ৰণ কৰিব নোৱৰাটো
 অন্ধতাৰ বাহিৰে আৰুনো কি! আত্মম্ভৰীও হৈ উঠিছিল তেওঁ৷
সময় আৰু সমাজৰ গতিক নিজৰ হাতৰ মুঠিত ৰাখিছোঁ বুলি প্ৰবল গৰ্বিত হৈ আছিল তেওঁ৷

চশ্‌মাযোৰ খুলি লৈ  আকৌ এবাৰ বৰুৱাই চকুহাল
মোহাৰি ল
লে৷ ঘড়ীৰ কাটাৰ ফালে চকু যোৱাৰ লগে লগে খিৰিকীখনৰ ফালে যেন
কিবা এক শক্তিয়ে তেওঁক আকৰ্ষণ কৰিবলৈ ধৰিলে৷ মানসিক যন্ত্ৰণাই জঠৰ কৰি তোলা তেওঁৰ
দেহ-মনত হঠাতে এক স
ঞ্জীৱনী সুধা বিয়পি পৰিল৷ যি সঞ্জীৱনীয়ে
আকৌ শিকাই থৈ গ
ল জীৱন যাপনৰ মন্ত্ৰ৷

বৰুৱা সাজু হৈ গল৷
খিৰিকীৰ গ্ৰীলত এক বিশেষ ভংগিমাৰে আঁউজি লৈ তেওঁ দৃষ্টি নিক্ষেপ কৰিলে সেই বিশেষ ঘৰটোৰ
বাৰণ্ডাখনলৈ যিখন বাৰাণ্ডা এতিয়া আধা ৰ
দ আৰু আধা ছাঁই আগুৰি আছে৷
বাৰাণ্ডাত মেলি থোৱা মানুহগৰাকীৰ তিতা কাপোৰখিনিত বতাহ লাগি কিবা এটা নাচৰ মুদ্ৰাৰ
সৃষ্টি হৈছে৷

আৰু সৌৱা মানুহজন ওলাই আহিছে৷ এখন ৰঙীয়াল মুখ৷
তেওঁৰ পিছে পিছে হাতত তামোলৰ বটা লৈ মানুহগৰাকী৷ যেন এটা সেন্দূৰীয়া বেলিহে!
মানুহগৰাকী ওলাই অহাৰ লগে লগে বাৰাণ্ডাখন সেন্দূৰেৰে ভৰি পৰিছে৷ মাগুৰবৰণীয়া
মানুহজন হঠাতে সেন্দূৰবৰণীয়া হৈ পৰিছে৷ আঃ
! কি মনোৰম! কি মনোৰম!

তামোলৰ বটাৰ পৰা তামোলখন লৈ তেওঁ মানুহগৰাকীৰ
চকুত চকু থৈছে৷ সেন্দূৰীয়া বেলিটো লাজতে কমাৰশালৰ লোহা এটুকুৰাৰ দৰে টিক্‌টিকীয়া
ৰঙা হৈ পৰিছে৷ আৰু সেই ছে‍গতে মানুহজনে তেওঁৰ কপালত টপক্‌কৈ চুমা এটা আঁকি দিছে৷

বৰুৱাই খন্তেকৰ বাবে চকুহাল জপাই দিলে৷ যেন
অনুধাৱন কৰিবলৈহে যত্ন কৰিলে মনে মনে৷ যেন দৃশ্যটো
 আত্মসাৎ কৰিবলৈ চেষ্টা চলালে যিয়ে তেওঁৰ দিনটোৰ বাবে
ইন্ধনৰ কাম কৰিব৷

চকুহাল মেলি বৰুৱাই পুনৰ তলৰ বাৰাণ্ডাখনলৈ
চালে৷
 শূন্য
বাৰাণ্ডা
, শূন্য চোতাল৷ কিন্তু কিছু পৰৰ আগতে হৈ যোৱা ৰঙৰ উৎসৱ এটিৰ
অৱশিষ্ট চিন কিছুমান এতিয়াও ঠায়ে ঠায়ে পৰি ৰৈছে৷
 শূন্য
চোতালখনৰ ঠায়ে ঠায়ে বাজি আছে মানুহগৰাকীৰ মিচিকীয়া হাঁহিটো৷

খিৰিকীৰ ওচৰৰ পৰা বৰুৱা বিছনালৈ আহিল৷ বিছনাত
পৰাৰ লগে লগে তেওঁক বহু কথাই আহি আগুৰি ধৰিলে৷ যিটো পৰিয়ালৰ বাবে বৰুৱাই সৰ্বস্ব
ত্যাগ কৰিলে
, যাৰ কাৰণে তেওঁৰ জীৱন বদনামী হৈ গল,
সেই পৰিয়ালটোৰ আজি কোনোৱেই তেওঁৰ কাষত নাই৷ নানান অজুহাত লৈ সকলোৱে অৱস্থান
কৰিছেগৈ নিৰাপদ দূৰত্বত৷ অথচ এদিন সকলোৱে তেওঁৰ বাবে জীৱন পৰ্যন্ত দিবলৈ সাজু
আছিল৷ ছেঃ
 ! কিয় কৰিছিল তেওঁ এনে কাম…? ধিক্কাৰ আহিছিল তেওঁৰ৷ আৰু
সেই ধিক্কাৰ এনে এটা পৰ্যায় পাইছিলগৈ যে তেওঁ আত্মহত্যা পৰ্যন্ত কৰিবলৈ আগবাঢ়িছিল
চাকৰিৰ পৰা নিলম্বিত হোৱাৰ দুদিন পাছতেই৷ তেনে পৰতেই তেওঁৰ চকুত পৰিছিল সেই
দৃশ্যটো৷ যিটো দৃশ্য দেখি তেওঁ অবাক হৈ গৈছিল৷ ই কি…
? এই প্ৰশ্নৰ উত্তৰ বিচাৰোঁতেই
হাতৰ পৰা সৰি পৰিছিল
 শ্লিপিং টেবলেটৰ পেকেটটো৷ সলনি
হৈ গৈছিল সকলো গতিপথ৷

সলনি হৈ গৈছে৷ সলনি হৈ গৈছে তেওঁৰ জীৱনৰ পট৷…
আজিকালি তেওঁ সপোন দেখে খিৰিকীখনেৰে প্ৰায়ে সেই সপোনটো সোমাই আহি তেওঁৰ বিছনাৰ
কাষত ৰয়৷ কেতিয়াবা শিতানত বহি লৈ আগবঢ়াই দিয়ে পানী এগিলাচ আৰু খাবৰ সময় হোৱা
টেবলেট এটা৷

বৰুৱা বুৰ যায় সেই সপোনত৷ শ্লিপিং
টেবলেট নহ
লে টোপনি নহা মানুহজনে আজিকালি যেতিয়াই তেতিয়াই শুব পাৰে৷
এতিয়াও তেওঁৰ চকুত তন্দ্ৰাৰ মায়াৱী আৱেশ৷