নিশাচৰ চৰাই ফেঁচাৰ বিষয়ে কিছু কথা

 Brown Hawk Owl / Brown Boobook বা দুখী ফেঁচা

ৰূপজ্যোতি হাজৰিকা


        আমাৰ দেশত বহু প্ৰকাৰৰ ফেঁচা দেখিবলৈ পোৱা যায়৷ ফেঁচা এক প্ৰকাৰৰ নিশাচৰ
চৰাই৷ দিনৰ ভাগত ইহঁত গছৰ ডাল বা গছৰ ধোন্দত জিৰণী লৈ থাকে৷ এই চৰাই বিধ ৰাতিৰ পৰা
সূৰ্যaদয়ৰ সময়লৈকে সক্ৰিয় হৈ থাকে৷ জানিব পৰা মতে অন্য চৰাই উৰিলে এক প্ৰকাৰৰ
শব্দৰ সৃষ্ট হয় কিন্তু ফেঁচাৰ পাখীৰ গঠন বিন্যাসৰ বাবে ইহঁত উৰিলে কোনো শব্দৰ
সৃষ্টি নহয়৷ সেই বাবে ইহঁ
তে অতি সহজে নিশা চিকাৰ কৰিবলৈ
সুবিধা হয়৷

        জানিব পৰা মতে ফেঁচাই গ্ৰহণ কৰা খাদ্যৰ কিছু অংশ বমি কৰি উলিয়াই দিয়ে৷
সেই উলিয়াই দিয়া অংশবোৰক পেলেট বুলি কোৱা হয়৷ সেই পেলেটৰ বিশ্লেষণ কৰি ফেঁচাৰ
খাদ্যৰ সম্পৰ্কে তথ্য লাভ কৰিব পৰা যায়৷

        ফেঁচাৰ বাৰ মাহত তেৰটা মাত
বুলি কোৱা হয়৷ বিভিন্ন সময়ত ইহঁতে বিভিন্ন মাত মতা শুনা যায়৷ আমাৰ সমাজত ফেঁচাৰ
মাতৰ লগত কিছুমান বিশ্বাস (অন্ধবিশ্বাস
?) জড়িত হৈ আছে,
যেনে – নিঁউ নিঁউ বুলি মাত দিয়া শুনিলে মানুহ মৰাৰ ইংগিত বা অঘটন
ঘটিব পাৰে বুলি বিশ্বাস কৰা দেখা যায়৷ ঠিক তেনেদৰে উৰুলf দিলে বিয়া বা ভাল খবৰৰ
ইংগিত বহন কৰে বুলি বিশ্বাস কৰা যায়৷

        আমাৰ অসমত পোৱা কেইবিধমান ফেঁচা হল- ফুটুকী ফেঁচা
(
Spotted Owlet ), লক্ষ্মী ফেঁচা (Barn Owl), মুগা ফেঁচা (Oriental Bay Owl), কাণ চুটি ফেঁচা (Short-Eared
Owl), পাহাৰী নিউ ফেঁচা (Mountain Scops Owl), কাল ফেঁচা / নিউ ফেঁচা (Collared Scops Owl),
সৰু ফেঁচা ( Collared Owl), বহুৰূপী ফেঁচা (Scops Owl), চেকচেকী ফেঁচা (Asian
Barred Owlet), দুধকুশী হুদু (Spot-bellied Eagle Owl), হুদুম (Dusky Eagle Owl), মাছুৱা হুদু (Brown
Fish Owl), বৰ মাছুৱা হুদু (Tawny Fish Owl), কাঠ
হুদু (
Brown Wood Owl), বৰ হুদু (Eurasian Eagle
Owl), দুখী ফেঁচা (Brown Hawk Owl).

        হুদু নামৰ এই ফেঁচাবিধক বৰ বেছিকৈ দেখা পোৱা নাযায়৷ হুদুৰ লগত এটা অন্ধবিশ্বাস জড়িত হৈ থকাৰ কথা আইতাহঁতৰ পৰা শুনিবলৈ পাইছিলোX৷ যদি হুদু চৰাই কোনো লোকৰ
ঘৰ বা বা
ৰীত পৰে তেতিয়া সেই লোকৰ বেয়া দিন সমাগত বুলি ধৰা
হয়৷ লগতে সেই বা
ৰী-ঘৰ ভাঙি নতুনকৈ বাৰী
পাতিব লগা হয়৷ সেই বা
ৰীক হুদুপৰা বাৰী
বুলি কয়৷ এইবোৰ এক প্ৰকাৰৰ অন্ধবিশ্বাস৷

        এই নিyন্ধত উল্লেখ কৰা ফেঁচাবিধ হ দুখী ফেঁচা৷ ইংৰাজী নাম Brown Hawk Owl বা Brown
Boobook বুলি কোৱা হয়৷ এই ফেঁচাবিধৰ সন্ধান কৰি পাইছিলোঁ নিমাতীঘাটৰ
সমীপৰ অঞ্চলত৷ নিশাচৰ স্বভাৱৰ বাবে ইহঁত দিনৰ ভাগত কমকৈহে চকুত পৰে৷ দিনৰ ভাগত
ফেঁচাবিধ কম সক্ৰিয় হোৱাৰ বিপৰীতে ৰাতি ইহঁত অধিক সক্ৰিয় হৈ পৰে৷ ইহঁতৰ বৰণ খয়েৰী
হোৱাৰ লগতে মাজে মাজে বগা দাগ দেখা পোৱা যায়৷ চকুৰ মণি হালধীয়া হয়৷ অন্য ফেঁচাৰ
দৰেই সিহঁতৰ খাদ্যাভাস একেই হয়৷

        গভীৰ নিশা
মৃদু শব্দৰে উউক… উউক কৈ মাতে৷ মাতটো বৰ দুখত মতা যেন লাগে বাবে ইয়াৰ স্থানীয়
নাম দুখী ফেঁচা৷ স্থানীয় নামবোৰ ঠাই লৈ সলনি হোৱাও দেখা যায়৷


ঠিকনা :

বাহনা, যোৰহাট

ফোন নং – ৭০০২২৫১১৫