নিৰৱচ্ছিন্নতা

.post-title{
text-align:left!important;
padding-left:10px;}

(মূল: Continuities, ৱাল্ট হুইটমেন)

অনুবাদ: উচ্চজিৎ দশগিৰি

কোনো
বাস্তৱ কেতিয়াও নেহেৰায়

অথবা
হেৰাব নোৱাৰে কোনো চিন্তা
,

নেহেৰায়
কোনো জন্ম-পৰিচয়
,

নেহেৰায়
শকতি
, নেহেৰায় জীৱন

মনে
ঢুকি পোৱা কোনো স্বৰূপো নেহেৰায়
,

নাইবা
নেহেৰায় এই বিশ্বৰ দৃশ্যমান একো সত্তা।

আকৃতিবোৰত
ভোল নাযাবা
,

নাইবা
ৰূপান্তৰণৰ জগতেৰে

বিভ্ৰান্ত
বলৈ নিদিবা তোমাৰ মন।

অনাবিল
সময় আছে

আৰু
আছে অনন্ত মহাকাশ
,

আছে
প্ৰকৃতিৰ অসীম কঠীয়াতলী।

এই
যে জৰ্জৰ
, বৃদ্ধ, শীতল শৰীৰ

আৰু
লাহে লাহে নিস্তেজ হৈ পৰা দুচকুৰ দীপ্তি
,

যেন
দপ্দপাই জ্বলি উঠা জুইৰ অৱশিষ্ট এঙাৰ
;

সকলো
এদিন পুনৰ হৈ উঠিব উদ্দীপ্ত।


পচিমৰ
আকাশত অস্তগামী আজিৰ সূৰুজে

অনেক
কাললৈ বাৰে বাৰে উদয় হৈ

প্ৰতিবাৰে
আনিব ঊষা
,

আনিব
ৰৌদ্ৰোজ্জ্বল দুপৰীয়া।

হিমচেঁচা
প্ৰতিবাৰ শীতৰ পাছত

অগোচৰে
আহি থাকে বসন্তৰ লহৰ
,

সবুজ
ঘাঁহ আৰু ফুল

তথা
গ্ৰীষ্মৰ ফল আৰু শইচৰ পোহৰ।
 

অনুবাদকৰ ঠিকনা:

মৰিছ নগৰ, দিল্লী বিশ্ববিদ্যালয়ৰ বাসগৃহ চৌহদ

নতুন দিল্লী, পিন: ১১০০০৭

ভ্ৰাম্যভাষ: ৯৮৯৯২২০৮৯৮


document.getElementById(“Anyayug-month”).innerHTML = ” জুন,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;