বসন্তৰ কল্লোলত তোমাৰ আগমন

বিজয় শঙ্কৰ শৰ্মা

 

দলংখন

সদায় পাৰ হওঁ মই

 

অকোৱা-পকোৱা এটি দীঘল বাট

আৰু চুটি পদূলি

 

তুমি কাষত থাকাঁ

প্ৰতিটো পলতেই

বাজি থাকে

মাথো জীৱনৰ গান

ভাহি আহে

ডুখৰীয়া জীৱনৰ কলাজ ।

 

জীৱনত আহি আাহি

আমি লগ হোৱা কেঁকুৰিটোত

আজিও ফুলি আছে

এজোপা সুখৰ বকুল 

বিষাদৰ জোনাক আঁতৰাই

 

দলঙৰ সিপাৰে

তোমাৰ ঘৰ

বসন্তৰ কল্লোলত

তোমাৰ আগমন

 

মোৰ প্ৰতিটো কবিতাৰ আৱাহন

 

হাতত হাত থৈ আামি খোজ কাঢ়ি যাওঁ

কপৌফুলীয়া বাটটোৰেই

আজীৱন

 

ভ্ৰাম্যভাষ : ৭৮৯৬১-৮৯১৯৫