অনুভৱ তুলসী

 

বাষষ্ঠিৰ মন গলেই
পেবলো পিকাচ
ৰ ছবিৰ একাধিক মুখ আৰু

চকুৰ গতিৰ স’তে চাব্বিছৰ বলুকা
ওলায়গৈ৷

তাৰপৰা চাকি জ্বলোৱা সন্ধিয়াৰ
সিপাৰলে চাই পঠিয়ায়৷

তাতচোন সেয়া আকাশ আৰু সাগৰৰ মাজত

লাহতী লাইটহাউছ নিৰ্মাণৰ যো-জা
চলিছে৷

আমখৰিৰ কেঁচা ধোঁৱাই উদিত ৰাতিৰ
বৰণ সলাই পেলাব যেন৷

বিষণ্ণ বলুকাৰ বেঞ্চত বহি
অবান্তৰে বাদাম চোবাই আছে৷

জানো জানো, ধোঁৱাই ৰামধেনুৰ গান নাগায়৷

দিন এটি পুৱা ফুলা ফুল বুলি কোন
পগলাই কয়
?

কাৰাবন্দীৰ উদ্দেশ্যে খুব বেছি
ধোঁৱাই এক বিমূৰ্ত নৃত্য কৰে৷

তেনে এক সময়তে নগৰীয়া হাবিত খঁৰা
শিয়ালৰ ফুলশয্যা৷

, তোৰ ভুক্‌ভুকনি
বন্ধ কৰ
, চিনি পোৱা নাই অমুকাক,

অমুকা অভিমন্যুৰ গুৰু আচাৰ্য
আদিবাসী দোৰোণ৷

দেখা নাই নেকি তই অমুকাৰ মননত
নতুন অস্ত্ৰৰ তন্ময়তা
?

ই দেখাতহে ধেকুৰা, ই বেটা কাঁহ-পিতলৰ ঘণ্টাৰ দূৰ সম্পৰ্কীয়৷

বাষষ্ঠিৰ এই এডলীয়া সূতাৰ সাঁকো
বানপানী প্ৰণেতাৰ সহ্য নহয়৷

চাব্বিছলৈ এতিয়াও ড্ৰেগনৰ ডেউকাই
নবন্ধোৱা বাট৷

বাষষ্ঠিৰপৰা চাব্বিছৰ খট্‌খটীৰ
অঁকোৱা-পকোৱাত কত পেখম৷

নাম সলাই সলাই বৈ যোৱা লুইতৰ
আগৰখন লুইত৷

বাষষ্ঠিৰ ভাস্কৰ্য চাব জনা চকুত
অদৃশ্য চাৰ্বাক৷

কণীৰ কুহুমত ৰৈ-ৰমলি চাব্বিছৰ
উত্তৰায়ণ৷