বিনন্দীয়া অষ্ট্ৰিয়া

অংগনা চৌধুৰী
 ৪ অক্টোবৰ ২০১৯
গধূলি আমি ভাৰতৰ পৰা অহা সৰ্বমুঠ ৪২ জনীয়া দলটোৱে ইটা
লিৰ ৰোমত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে অৱতৰণ কৰিছিলোঁহি৷ তাৰ পৰা এছ.’.টি.চি. (SOTC-ৰ ট্যুৰ মেনেজাৰ পূজা সিঙৰ সাহায্যত ইটালিৰ মুখ্য স্থানসমূহ দৰ্শন কৰি তিনিৰাতি সেই দেশৰ
বেলেগ বেলেগ ঠাইত কটাই আমি আগবাঢ়িছিলোঁ অষ্ট্ৰিয়া অভিমুখে৷ এই যাত্ৰাটো আছিল অতিকে
মোহনীয়৷ আ
ল্প্‌ছ পৰ্বতৰ বৰফেৰে ঢকা শিখৰ, দাঁতি কাষৰীয়া ধুনীয়া গাঁওবোৰ, পুৰণি ঘৰ আৰু গীৰ্জাসমূহ চাই চাই গৈ
হেঁপাহ নপলায়৷
গাঁওবোৰত বহুত আঙুৰৰ খেতি আৰু মাজে মাজে ৱাইনৰ
ফেক্ট
ৰি দেখি গৈছিলোঁ৷ ৱাইন উৎপাদনে তেওঁলোকৰ
অৰ্থনৈতিক দিশটোত গুৰুত্বপূৰ্ণ ভূমিকা দখল কৰি আছে৷ শাৰী শাৰী গছবোৰ আৰু ঘৰৰ
বাৰাণ্ডাত কাঠৰ বাকচৰ পৰা সমুখলৈ ওলমি থকা লতাজাতীয় ফুলবোৰ যেন ছবিতহে আঁকি থোৱা
হৈছে এনে লাগি যায়৷
আমাৰ ক’চ্চ্‌খন (প্ৰকাণ্ড বাচখন) প্ৰতি আঢ়ৈঘণ্টাৰ মূৰে মূৰে একো একোটা পেট্ৰ
পাম্পত ৰখোৱা হৈছিল য
ত সুন্দৰ, চাফচিকুণ টয়লেটৰ উপৰি ৰেষ্টুৰেণ্ট একোখনো
আছিল৷ তাত প্ৰতি আঢ়ৈ ঘণ্টাৰ মূৰে মূৰে ড্ৰাইভাৰে আধা ঘণ্টা জিৰণি লোৱাটো নিয়ম৷ তাৰ
হিচাপ ৰাখি থাকে ড্ৰাইভাৰৰ
ছিটৰ ওচৰত লগাই থোৱা টেকমিটাৰ নামে এক যন্ত্ৰই৷ যদি টেকমিটাৰ চেক কৰোঁতে
নিয়ম পালন কৰা নাই বুলি ট্ৰেফিক পুলিচে গম পায়
, তেন্তে জৰিমণা ভৰাৰ উপৰি এবছৰলৈ লাইচেঞ্চ কেন্‌চেলো কৰি দিব পাৰে৷ সেয়ে
ড্ৰাইভাৰসকলে সেই নিয়ম পালন কৰি চলে৷ জিৰণি লৈ লৈ চলোৱাৰ ফলত দুৰ্ঘটনাও হ্ৰাস পায়৷
ৰ পৰা কলৈ
গাড়ীবোৰ কিমান স্পীডত যাব সেয়াও বাটৰ দাঁতিত লিখা থাকে৷ সেয়ে ৰাষ্টা খালী থাকিল
বুলিয়েই বা ড্ৰাইভাৰৰ মন গ
ল বুলিয়েই যেনেকৈতেনেকৈ যি‍কোনো
স্পীডত গাড়ী চলাই নিব নোৱাৰে লগতে অ
ভাৰটেকো কৰা
বাৰণ৷ বৃহৎ বৃহৎ টানেলবোৰৰ দ্বাৰত গাড়ীৰ ভিতৰৰ তাপমাত্ৰা জোখা
ছেঞ্চৰ লগোৱা থাকে,
যাতে টানেলৰ ভিতৰত কেতিয়াও বিষ্ফোৰণ নঘটে৷ কাৰণ ঠাণ্ডা ঠাই বাবে
ক’চ্চ্‌বোৰত হিটাৰ লগাই থোৱা হয়৷
নীতিনিয়মসমূহ
দেখি
শুনি বে
ভাল লাগিল৷ অকল যে পুলিচে ধৰাৰ ভয়ত তেওঁলোকে সেইবোৰ মানি চলিছে তেনে নহয়
; কথাবতৰা, হাৱভাৱৰ পৰা ধৰিব
পাৰি যে নিজ দেশ আৰু দেশবাসীৰ প্ৰতি তেওঁলোক যথেষ্ট সচেতন৷ তদুপৰি পৰিষ্কাৰ
পৰিচ্ছন্নতা, পুৰণি ঘৰ, বয়বস্তু
আদিৰ মূল্য বুজি সযতনে ৰখাৰ মানসিকতা
, সময়ৰ সদ্‌ব্যৱহাৰ এনে কেইবাটাও দিশত তেওঁলোকৰ পৰা আমাৰ দেশে হয়তো শিকিবলগীয়া বহু কথা আছে৷

সৌন্দৰ্যত চহকী ঠাই অষ্ট্ৰিয়াৰ ইনচ্‌ব্ৰুকত
যেতিয়া আমি নামিলোঁ তেতিয়া ফেৰফেৰীয়া চেঁচা বতাহ এজাকে আমাক আদৰণি জনালে৷ আমাক
ইনচ্‌ব্ৰুকৰ আ
ল্‌ষ্টাত (Altstadt) বুলি অল্ড টাউন
এখনলৈ লৈ যোৱাৰ কথা৷ তাৰ আগতে পুৰণি ভাৰতীয় ভাস্কর্যৰে সজ্জিত পাঞ্জাৱী
ৰেষ্টুৰেণ্ট এখনত আমি দুপৰীয়াৰ আহাৰ খাই ল
লোঁ৷
তাৰ পাছত আমি এখন চিকুণকৈ ৰখা ধুনীয়া পাৰ্কৰ মাজেৰে খোজকাঢ়ি খোজকাঢ়ি অ
ল্ড টাউনলৈ আগবাঢ়িলোঁ৷ বহু টুৰিষ্টে ঘোঁৰাবাগীত উঠিও টাউনখন ফুৰে৷ ৮০০ বছৰ পুৰণি এই অল্ড টাউনৰ বেছিভাগ স্থাপত্যই হল গথিক(Gothic) আৰু বৰক (Baroque) শৈলীৰ৷ চালে চকু ৰোৱা এই কেইবামহলীয়া ঘৰবোৰো এতিয়াও
ব্যৱহাৰৰ উপযোগীকৈ ৰখা কথাটো কিন্তু শলাগিবলগীয়া৷ তদুপৰি চৌদিশে ৰমক্‌
জমক্‌কৈ ফুলি থকা ফুলবোৰে সোণত সুৱগা চৰাইছিল৷ অল্ড টাউনৰ মাজেৰে কল্‌কল্‌কৈ বৈ গৈছিল ইন্‌ ৰিভাৰ (Inn river)৷ আমি নৈখনৰ ওচৰ গৈ পাওঁতে তাৰ ওপৰত সৃষ্টি হৈছিল
ৰামধেনুৰ৷ পাছফালে ৰামধেনুক লৈ ফট
উঠিবলৈ
সকলোৰে উৎসাহ চাবলগীয়া আছিল৷ ইন্‌ নৈৰ ওপৰত থকা দলঙখন আছিল ফুলৰ থোপাৰে সজোৱা দূৰে
দূৰে আছিল নানাৰঙী ঘৰবোৰ
, তাৰ পাছফালে আছিল আল্প্‌ছ পৰ্বতমালা, ডাৱৰবোৰ কপাহৰ দৰে তললৈ নামি আহি চাপৰ চাপৰ চূড়াবোৰত লাগি আছিল আৰু এনে
হেন ছবিৰ দৰে সৌন্দৰ্য দেখি আমিবোৰে ৰ
লাগিছিলোঁ৷
নৈৰ দাঁতিবোৰ বহলকৈ পকা কৰা আৰু তাতে বহি চৌপাশৰ পৰিৱেশ উপভোগ কৰিবলৈ কাঠৰ বেঞ্চৰ
ব্যৱস্থা কৰা আছিল৷ ওচৰে
পাঁজৰে আছে কেফে, টেল, দোকানপোহাৰ৷ এটাই বস্তু নাই, সেয়া হৈছে হুলস্থূল, চিঞৰবাখৰ৷ ইমানবোৰ টুৰিষ্ট ঘূৰি আছিল, কোনোৱে পেৰেম্বুলেটৰত পানীকেঁচুৱা লৈ, কোনোৱে হুইল চেয়াৰত সংগীক লৈ, কিন্তু কতো কোনো কথাতে
হেতা
ওপৰা বা কোলাহল নাই৷
ল্ড
টাউনখন এৰি আহিবৰে মন যোৱা নাছিল৷ কিন্তু তাৰ পৰা আমি
শ্ব’ভ্‌স্কি ক্ৰিষ্টেল ৱৰ্ল্ড (Swarovski Crystal World)-লৈ যোৱাৰ কথা৷
১৮৯৫ চনত শ্ব’ভ্‌স্কি ক্ৰিষ্টেল ৱৰ্ল্ড স্থাপিত হৈছিল৷
ইয়াৰ প্ৰৱেশদ্বাৰত থকা গছ
লতিকাৰে তৈয়াৰী মানুহৰ মুখৰ প্ৰতিকৃতি, যাৰ মুখেৰে অহৰহ জলপ্ৰপাত বৈ থাকে, তাৰ সমুখত ৰৈ আমি প্ৰত্যেকেই ফটউঠিলোঁ৷ ভিতৰলৈ গৈতো একেবাৰে অবাক হোৱাৰ পাল৷
ক্ৰিষ্টেলেৰে কি কি যে বনোৱা নাই
! জীৱজন্তুৰ
পৰা আৰম্ভ কৰি বুৰঞ্জীমূলক কীৰ্তিচিহ্নলৈকে
, খ্ৰীষ্ট্‌মাছ ট্ৰীৰ পৰা নানান আৰ্কিটেক্‌শ্বাৰেল
ষ্ট্ৰাকশ্বাৰলৈকে৷ থৰ লাগি আমি কেৱল চাবহে পাৰিছোঁ৷ বহুত
কোঠাৰ ভিতৰত এটা কোঠা মোৰ আটাইতকৈ ভাল লাগিল, যিটো
অকল লাখ লাখ ক্ৰিষ্টেলেৰেই তৈয়াৰী য’ত সোমালে প্ৰত্যেকটো টুকুৰাত নিজকে দেখা পোৱা
যায়৷ একেবাৰে শেষৰ হলঘৰটোত ক্ৰিষ্টেলেৰে তৈয়াৰী নানা দামৰ, নানা ডিজাইনৰ আ-অলংকাৰ,
শ্ব’-পিচ আদি আছে কিনি নিব পৰাকৈ৷ লগতে আছে এখন কেফে৷ আমাৰ ট্যুৰ মানেজাৰে হাঁহি
হাঁহি ক’লে যে পত্নীসকলে অলংকাৰ পছন্দ কৰোঁতে বহুত সময় লয়তো, সেয়ে পতিসকল ব’ৰ
নহ’বলৈ ইয়াতে কেফেখনৰ ব্যৱস্থা কৰা হৈছে৷ অৱশ্যে তাতে পুৰুষসকলৰ বাবেও ধুনীয়া
ধুনীয়া ব্ৰেচলেট, আঙঠি, নেকপিচ আদি দেখা পালোঁ৷ মই শ্বৰ’ভ্‌স্কিত অহাৰ চিন হিচাপে
কাণত পিন্ধা টপ এযোৰ আৰু লকেট এটা কিনিলোঁ৷ তাত ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ কোঠাত
ক্ৰিষ্টেলৰ পৰা কেনেকৈ বস্তুবোৰ তৈয়াৰ কৰা হয়, সেয়া স্ক্ৰীনত দেখুৱাই থকা হয়৷
আগ্ৰহীসকলে তাতে বহি চাবও পাৰে৷
তাৰ পৰা ওলাই আহোঁতে বাহিৰত আন্ধাৰ হৈছিল
আৰু শীতৰ তীব্ৰতা বাঢ়ি আহিছিল৷ বেগৰ পৰা মই জেকেটটো উলিয়াই পিন্ধি ল’লোঁ৷ কাৰণ এনে
হিমচেঁচা বতাহৰ সৈতে আমি অভ্যস্ত নহয়, শৰীৰে মোকাবিলা কৰিব নোৱাৰিবও পাৰে৷
পাহাৰীয়া একা-বেঁকা পথেৰে আমাৰ ক’চ্চ্‌খন
আগবাঢ়িল আল্প্‌ছ পৰ্বতৰ পাদদেশত থকা ‘এলপেনকনিং’ হোটেললৈ৷ এই হ’টেলখন নিজেই যেন এক
পৰ্যটনক্ষেত্ৰ৷ কাঠেৰে নিৰ্মিত বিশাল বাংলো, ফুলেৰে সুশোভিত বাগিচা, বহু ঠাই জুৰি
আৱৰি থকা বেকয়াৰ্ড৷ তদুপৰি প্ৰতিটো কোঠা বেড্‌ৰুম, ডাইনিং স্পেচ, ড্ৰেছিং কৰ্ণাৰ,
ড্ৰয়িংৰুমেৰে আটকধুনীয়াকৈ সুসজ্জিত৷ মোৰ আটাইতকৈ প্ৰিয় ঠাইটি আছিল কোঠাত সংলগ্ন
আৰামী চকী থকা বেলকনিখন, য’ৰ পৰা বৰফেৰে আৱৰা আল্প্‌ছৰ শৃংগ চাই হাতত কফি একাপ লৈ
সকলো চিন্তা বাদ দি বহি থাকিব পাৰি৷ এই অঞ্চল টিৰ’ল নামে ঠাইৰ অন্তৰ্গত৷ যিহেতু
শৰৎকাল চলি আছিল, গছৰ পাতবোৰ হালধীয়া, কমলা আৰু ৰঙা ৰঙলৈ পৰিৱৰ্তিত হৈ যোৱাৰ অপৰূপ
দৃশ্য উপভোগ কৰাৰ মোৰ সৌভাগ্য হৈছিল৷ তাত তেওঁলোকে ইয়াক  ‘ফল ছি‍জন’ (Fall Season) বুলিছিল৷ ৰাতি হ’টেলত
আধা য়ুৰোপীয়ান আধা ভাৰতীয় ধৰণৰ খাদ্য খাই কপাহ-কোমল বিছনাত পৰা মাত্ৰকে টোপনি
গ’লোঁ৷ পাছদিনা পুৱতি নিশাতে সাৰ পালোঁ৷ ভাবিলোঁ সূৰ্যোদয় হোৱাৰ ফট’ তোলাৰ এয়ে
সুৱৰ্ণ সুযোগ৷ লগতে ৰ’দ ওলোৱাৰ লগে লগে চৌহদটোৰো ফট’ তুলিব লাগিব৷ যিহেতু
ব্ৰেকফাষ্ট্‌ কৰি উঠি খু্উব সোনকালেই আমি জাৰ্মানিলৈ গমন কৰিম, সেয়ে পিনৰ নুশুই
কানি-কাপোৰ সামৰাত লাগিলোঁ৷
 
তললৈ নামি আহোঁ মানে সূৰ্যোদয় হৈ গৈছিল৷
বয়-বস্তুবোৰ ৰি‍চেপ্‌শ্বনত থৈ কেমেৰাটো হাতত ল’লোঁ৷ উদ্দেশ্য, ব্ৰেকফাষ্ট কৰাৰ
আগতেই চৌহদটোৰ ফট’ তুলিম ঘূৰি ঘূৰি৷ পিছে চৌহদটো ঘূৰাটোতো পাছৰ কথা, কাচৰ দৰজাৰ
বাহিৰত এক মিনিটমান ৰৈয়ে ঠাণ্ডাত থাকিব নোৱাৰি মই ভিতৰলৈ দৌৰ মাৰিলোঁ৷ মোলৈ চাই
হাঁহি মৰা ৰি‍চেপ্‌শ্বনিষ্টগৰাকীক সুধিলোঁ যে বাহিৰত ঠাণ্ডা কিমান৷ তাই আৰু অলপ
বহলকৈ হাঁহি ক’লে যে মাইনাছ ৱান৷ ভিতৰত হিটাৰৰ উমত বহি বাহিৰৰ ঠাণ্ডাৰ বিষয়ে একো
আন্দাজেই কৰিব নোৱাৰি৷ ব্ৰেকফাষ্ট কৰাৰ পাছত টিৰ’লিৰ ‘এলপেনকনিং’-ক বিদায় দিয়াৰ
সময় সমাগত হ’ল৷
বিনন্দীয়া অষ্ট্ৰিয়াৰ অপৰূপ সৌন্দৰ্যক
মুগ্ধতাৰে চাই চাই আমি আগবাঢ়ি গৈ থাকিলোঁ জাৰ্মানিলৈ বুলি৷ খুউব কম সময়তে অষ্ট্ৰিয়াই
মোৰ মনত নিগাজীকৈ ঠাই এডোখৰ দখল কৰি লৈছিল আৰু ই চিৰস্থায়ী৷