বিনাশত গজা শুভ্র বেলি

বিদিশা দত্ত

সেই ৰাতিটোৱে কেৱল বিনাশৰ
সাধু কৈছিল। আজন্ম চিনাকি চেনেহৰ ভূমিখণ্ড সেই ৰাতিটোৰ ভিতৰতে বধ্যভূমিত পৰিণত
হৈছিল। জুইৰ লেলিহান শিখাই আকাশ চুব খুজিছিল। অসহ্যকৰ গোন্ধ বিয়পিছিল সৰ্বত্ৰ।
পোৰা মঙহৰ গোন্ধ। কেঁচা তেজৰ গোন্ধ।
 

কি জন্তুৰ মঙহ! 

কি মানুহৰ তেজ! 

পুৰি ছাৰখাৰ হৈ গৈছিল
এফালৰ পৰা। ক
লা ধোঁৱাৰ ভয়াৱহতাই অমানিশাৰ অন্ধকাৰকো চেৰ
পেলাইছিল।
 

সেই সময়! 

সেই দুঃসহ সময় আজি অতীত।
তাক সোঁৱৰণিৰ আঁচলত বান্ধি ৰাখিবলৈ কোনেও ইচ্ছা নকৰে। কিন্তু
, সেই সময়ৰ সমাধিত যে কতজনৰ
জীৱনৰ এৰি অহা নজহা-নপমা কত ক্ষণ লুকাই আছে! তাক জানো কোনোবাই পাহৰিব পাৰে
? 

নোৱাৰে, গোপালেও নোৱাৰে” গ্ৰাহকক চাহ যোগান ধৰাত
ব্যস্ত পুত্রলৈ চাই ৰাধাবেনে কৈ উঠিল। তেওঁৰ দৃষ্টি অনুসৰণ কৰি ময়ো গোপাললৈ চালোঁ।
গ্ৰাহকৰ হাতত চাহকাপ দিওঁতে সি মূৰটো সামান্য হেলনীয়া কৰি ভদ্ৰতাসূচক হাঁহি এটা
মাৰে। মোৰ এনে লাগিল
, গোপালৰ চকুত বিয়পি থকা উদাস কৰুণ ভাবটো সেই
হাঁহিটোতে যেন জিলিকি উঠে।
 

ৰাধাবেন আৰু গোপালৰ লগত
মোৰ পৰিচয় ঘটাৰ এমাহ পাৰ হৈছে। তিনিটা মাহৰ বাবে মই ইয়াত
, আহমেদাবাদত আছোঁহি।
জী-জোঁৱাই ইয়াতে থাকে।

জোঁৱাই তিনিমাহৰ বাবে
কোম্পানিৰ কামত কানাডালৈ গৈছে। জীজনীয়ে ওচৰৰে স্কুল এখনত শিক্ষকতা কৰে। তাই অকলে
থাকিবলৈ বেয়া পাই মোক আৰু মাকক ইয়ালৈ মাতিলে। পিছে ভাদমহীয়া নামঘৰৰ কাৰ্যসূচী
এৰি মাকনো কেনেকৈ আহিব! অগত্যা ময়েই আহিবলগা হ
ল।
আঠ বজাৰ পৰা ডেৰ বজালৈ তাই স্কুলত থাকে। ঘৰত অকলে থাকি আমনি লাগিলে মই খোজ
কাঢ়িবলৈকে কলনিৰ বাহিৰলৈ ওলাই যাওঁ। আৱাসিক কলনিৰ পৰা অলপ আঁতৰত থকা চাহৰ দোকান
এখনত প্ৰায়ে চাহ খাওঁ। চাহদোকানী গোপাল আৰু মাক ৰাধাবেনৰ সৈতে তেনেকৈয়ে চিনাকি হ
লোঁ।
আগবেলা সাধাৰণতে দোকানত ভিৰ কম থাকে। কেশ্বিয়াৰ হিচাপে বহি থকা ৰাধাবেন সেই সময়ত
ব্যস্ত নাথাকে বাবে মোৰ লগত দুই-এষাৰ কথা পাতে।

তেনেকৈ কথা পাতোঁতেই
মানুহজনীয়ে এদিন সেই দুৰ্বিসহ দিনবোৰৰ ভয়ানক স্মৃতিৰ পৃষ্ঠা মুকলি কৰিছিল। ক
লা
ধোঁৱাই আকাশ-বতাহ ছানি ধৰা সময়বোৰৰ স্মৃতিয়ে মানুহজনীৰ মুখখন এঙেৰুৱা কৰি
তুলিছিল। এঙেৰুৱা মুখখনৰ চকুহালত ৰামপুৰা নামৰ গাঁও এখনৰ ছবি তিৰ্বিৰ্ কৰি
উঠিছিল। সেই তিৰ্বিৰণিত মই দেখা পাইছিলোঁ গোপালৰ শৈশৱ। ভনীয়েক গুড়িয়াৰ সৈতে
গোপালে পুৱা চোতালত খেলি থকাৰ পৰতে মাকজনীয়ে ভজা মুড়ি
, জলা চানাচুৰ, পাপৰ, মচলা মিহলাই মুমৰা তৈয়াৰ
কৰিছিল। মুমৰাৰ সৰু সৰু পেকেট তৈয়াৰ কৰি ডাঙৰ বেগ এটাত ভৰাইছিল
 আন এটা বেগত চেনি, চাহপাত, তেজপাত, আদা, ইলাচি আৰু গোপালৰ দেউতাকৰ বাবে
দুপৰীয়াৰ আহাৰৰ টিফিন সাজু কৰিছিল। ভোলাভাইৰ গোশালাৰ পৰা গাখীৰ আনি দেউতাকে ঘৰৰ
সন্মুখত ৰৈ চাইকেলৰ পৰা ননমাকৈয়ে টিলিঙা বজাইছিল। লগে লগে গোপালে কেঁকো-জেকোকৈ
বেগকেইটা ভিতৰৰ পৰা লৈ আহিছিল।
 

গাঁৱৰ পৰা চাৰি কিল’মিটাৰ
দূৰৈত বজাৰ বহা চুবুৰিতে এখন ঠেলাগাড়ীৰ ওপৰত পাতি লোৱা দেউতাকৰ চাহৰ দোকানখন
আছিল। গোপালৰ দেউতাকৰ হাতৰ চাহৰ নাম আছিল সেই চুবুৰিত। নিয়মীয়া গ্ৰাহক বহুত
আছিল।

বজাৰ বহা চুবুৰিটো গৈ
নৌপাওঁতেই ৰাস্তাটোৰ কেঁকুৰি এটাইদি দুখোজমান সোমাই গৈয়ে গোপালৰ স্কুলখন। গোপালৰ
পঢ়াৰ প্ৰতি বৰ ধাউতি। দেউতাকে প্ৰায়ে কয়
ভালকৈ পঢ়। পঢ়ি মানুহ হ
লাগিব। মোৰ দৰে চাহদোকানী হৈ ৰৈ নাযাবি।”

খুন্দনাত আদা নে ইলাচী
কিবা এটা খুন্দি থকা গোপাললৈ চাই ৰাধাবেনে শাৰীৰ আঁচলেৰে চকু দুটা মচিলে।

দেউতাক ৰাতি ঘৰ সোমাৱাৰ
পৰত গোপালে স্কুলৰ পাঠ আওৰাই থাকে। তাকে শুনি দেউতাকে পদূলিতে খন্তেকৰ বাবে থমকি
ৰয়। অচিনাকি পাঠ্যপুথিৰ শব্দবোৰ ল
ৰাটোৰ মুখত শুনি মানুহজনে
মহাসুখ অনুভৱ কৰে।

ৰাতিৰ আহাৰ খোৱাৰ পাছত লৰা-ছোৱালীহালে
সাধুকথা শুনাৰ আশাত দেউতাকৰ কাষত বহি লয়। সাধুকথানো আৰু কি! নিজৰ শৈশৱৰ বিভিন্ন
কথাকে সজাই-পৰাই তেওঁ দুয়োটাকে কৈ যায়।

কচ্ছৰ ৰাণ অঞ্চলত নিমখ
সংগ্রহ কৰাই আছিল মানুহজনৰ দেউতাকৰ জীৱিকা। সাগৰৰ পাৰত নিমখ সংগ্রহৰ কামত জড়িত
প্ৰায় সকলো শ্ৰমিকেই চকুৰ অসুখত ভুগিবলগা হয়। নিমখৰ শুভ্ৰতাই অহৰহ প্ৰতিবিম্বিত
কৰা পোহৰে শ্ৰমিকসকলৰ চকুত চিৰকলীয়া আন্ধাৰ সানি দিয়ে। তেওঁৰ দেউতাকেও অকালতে
দৃষ্টিশক্তি হেৰুৱাবলগা হৈছিল। টিবিয়েও লগ লৈছিল। পঢ়াৰ প্ৰতি আগ্ৰহ থকা সত্ত্বেও
আঠ বছৰতে তেওঁ স্কুল এৰিবলগা হৈছিল। উপকূলীয় বস্তিতে এদিন দেউতাকৰ মৃত্যু হৈছিল।

বস্তিৰ মানুহখিনিয়েই চিতা
সাজি দিছিল। দুজনমানে কিছু দূৰৈত এটা গাঁত খান্দিছিল।
 

চিতাৰ জুয়ে পুৰি ছাই কৰিব
নোৱৰা দেউতাকৰ ভৰি দুখন তেওঁ আথে-বেথে তুলি আনি গাঁতটোত থৈ নিমখ ঢালি দিছিল।
মানুহখিনিয়েও এমুঠি এমুঠিকৈ নিমখ দি শ্ৰদ্ধাৰে গাঁতটো পুতিছিল। নিমখ উৎপাদনত
জড়িত কৰ্মীৰ জীৱনৰ এয়া অবিশ্বাস্য অথচ অৱধাৰিত কাৰুণ্য। অহৰহ নিমখৰ সৈতে খেলা
কৰি থকা ভৰিহালৰ ছালখনে এনে এটা টান
, লিকটিয়া ৰূপ লয় যে চিতাৰ জুয়েও নাশ কৰিব
নোৱৰা ভৰিহাল শেষত নিমখতে জাহ যায়গৈ।

লোণেৰে আবৃত সেই উপকূলীয়
জীৱনৰ পৰা তেওঁ এদিন গুচি আহিছিল।
 

দেউতাকৰ কথাবোৰ শুনি
এসময়ত দুয়োটা টোপনি যায়।

গোপালক লৈ তেওঁ বহু সপোন দেখিছিল। কিন্তু কি হব!
সেই এটা ভয় লগা ৰাতিয়ে আমাৰ সৰ্বস্ব কাঢ়ি নিলে”
থাল এখনত টিফিনৰ পৰা খিচিৰি
আৰু আচাৰ উলিয়াই ৰাধাবেনে গোপালক দি আহি ক
লে।
এই সময়ত দোকানত মোৰ বাদে অন্য গ্ৰাহক নাই।

ৰাধাবেনে সম্ভৱ সেই
শ্বাসৰুদ্ধকৰ কাহিনী কাৰোবাৰ আগত ক
বলৈ পাই নিজৰ জঠৰতা ভংগ
কৰিছে। মোৰ সন্মুখত মেলি দিয়া সেই ভয়াৱহ সময়ৰ দলিলত মই ইতিমধ্যে নিমজ্জিত হৈ
পৰিছোঁ।

ভগৱান আছে নে? কোনেও নাজানে। কিন্তু সৰ্বশক্তিমান
এটা ধনাত্মক সত্তাক সকলোৱে উপাস্য ৰূপে মানি লৈছে। হয়তো সেয়াই ভগৱান। ভগৱানক
উপাসনা কৰাৰ পদ্ধতি সকলোৰে বাবে ভিন্ন। এই ভিন্নতাৰ নামেই ধৰ্ম। পৃথিৱীৰ কোনো
ধৰ্মই হিংস্রতাক ধাৰণ নকৰে
, পালন নকৰে। তেন্তে ধৰ্মৰ নামত হিংস্ৰতা, উন্মাদনা কিয়? গোধৰা অঞ্চলৰ ধৰ্মোন্মাদ
কিছু লোকে
 সবৰমতী
এক্সপ্ৰেছ
’-ৰ দুটা দবাত জুই লগাই দিছিল। তাৰে এটা দবাত আছিল হিন্দু
তীৰ্থযাত্ৰীৰ দল এটা। সেই ঘটনাৰ ফিৰিঙতি বহু দূৰলৈকে উফৰিছিল।
 

সেইদিনা গোপালৰ দেউতাক
দোকানলৈ যোৱা নাছিল। তমোময় জ্বৰত মানুহজন লেবেজান হৈ বিছনাতে আছিল।

ৰাতি গভীৰ হবলৈ
ধৰা সময়। হঠাৎ আঁতৰৰ পৰা ভাহি অহা চিঞৰ-বাখৰত চুবুৰিটোৰ মানুহখিনিৰ টোপনি ভাগিল।
মানুহখিনি বাহিৰলৈ ওলাই আহি দেখিলে
, হাতত চিক্চিকীয়া দা-কটাৰী, জোঁৰ লৈ জয়
শ্ৰীৰাম
 ধ্বনিৰে মূৰত গেৰুৱা কাপোৰ বন্ধা এদল মানুহ পাৰ হৈ গৈছে। দলটো যোৱাৰ পাছত
মানুহখিনিয়ে নিজৰ মাজতে গুণা-গঁঠা কৰি থাকোঁতেই চুবুৰিৰ দুটামান ঘৰ ভমক্কৈ জ্বলি
উঠিল। হুৱা-দুৱা লাগি পৰিল মানুহখিনিৰ মাজত। তেতিয়াও পৰিয়ালৰ বহুতে ভিতৰত শুই
নিঃপালি দি আছে। সেইখিনিক জগাই বাহিৰলৈ আনে মানে ঘৰবোৰ এফালৰ পৰা জ্বলি আহিছে।
গোপালে ভনীয়েকক জগাই চোতাললৈ ওলাই যাবলৈ ক
লে। সি মাকৰ লগ লাগি
দেউতাকক বিছনাৰ পৰা তুলিবলৈ চেষ্টা কৰিলে। হঠাতে সমস্বৰে ওফৰি আহিল কিছুমান চিঞৰ

 
জ্বলাই দে… শেষ কৰি দে… নিপাত যা তহঁত… 

লগে লগে থপ্কৈ কিবা এটা
সিহঁতৰ ঘৰৰ চালতে পৰিলহি। ক্ৰমান্বয়ে বিয়পি পৰা পেট্র
লৰ
গোন্ধৰ সৈতে জুইৰ শিখাই ঘৰটো আগুৰি ধৰিলে। দেউতাক তেতিয়াও থৰ হ

পৰা নাই। ইফালে গুড়িয়া বাহিৰত। গোপালে এক মু
হূর্তও পলম নকৰি বাহিৰলৈ
ওলাই আহিল। কিন্তু গুড়িয়া
? গুড়িয়া ক? 

ঘৰত জুই লগা দেখিয়ে হয়তো
ভয়তে তাই ৰাস্তাইদি দৌৰ মাৰিছিল। টুপি পিন্ধা মানুহৰ জুম বাহিৰত। তাৰে এটাই
আঙুলিয়াই দিলে
 ধৰ
ধৰ! মাৰ!”

তিনি-চাৰিটা মানুহ দৌৰি গৈ
তাইক জপটিয়াই ধৰি দাউদাউকৈ জ্বলি থকা ঘৰ এটালৈ দলিয়াই দিলে। কেইটামানে বিকটভাৱে
চিঞৰি গোপালৰ ফালে দৌৰি আহিল। সেইবোৰ মানুহ হৈ থকা নাছিল তেতিয়ালৈ। জুইৰ পোহৰত
ৰঙা হৈ উঠা সিহঁতৰ মুখত একোটা ৰক্তপিপাসু দানৱ জিলিকি উঠিছে। কিবা চিন্তা কৰাৰ
শক্তি গোপালে হেৰুৱাই পেলালে। প্ৰাণ টাকি দৌৰ দিলে সি।

দৌৰিছে… সি কেৱল দৌৰিছে। 

কেয়োফালে কেৱল জুই, ধোঁৱা আৰু চিৎকাৰ। 

কেৱল আৰ্তৰাৱ আৰু হাহাকাৰ। 

হঠাৎ কিবা এটাত উজুতি খাই
গোপাল হামখুৰি খাই পৰি গ
ল। লাহে লাহে তাৰ সন্মুখৰ সকলো দৃশ্য
ধূঁৱলিকুঁৱলী হৈ আহিল।
 

গোপালে যেতিয়া চকু মেলে, ৰাতিটো শেষ হবলৈ
ধৰিছে। চৌপাশৰ জুইবোৰ উমি উমি জ্বলি আছে। কাঠ-বাঁহ পোৰাৰ গোন্ধ
, মঙহ পোৰাৰ গোন্ধ মিহলি হৈ
এক উৎকট গোন্ধে বায়ুমণ্ডলত বাহৰ পাতিছে। ভয়ানক হাই-উৰুমিবোৰ এতিয়া নাই। অ
ৰ-ত
পৰা কেঁকনি-গেঁথনি কিছুমানহে বগুৱা বাই আহিছে। গোপালে লাহেকৈ মূৰটো দাঙি
সোঁৱে-বাঁৱে চালে। এইখনতো সিহঁতৰ স্কুল আছিল! আৰু এইটো… এইটো স্কুলৰ চৌহদৰ
বাপুজীৰ প্ৰতিমূৰ্তিটো। সি সোঁ হাতৰ পিঠিৰে চকু দুটা মোহাৰি চালে। ক

সিহঁতৰ সেই স্কুলঘৰ! সকলো জ্বলি ছাৰখাৰ হৈ গৈছে। তাক লৈ দেউতাকে দেখা সপোনবোৰো
পুৰি নিঃশেষ হৈছে।
 

আঃ!

দেউতাক! মাক! গুড়িয়া! 


আছে তিনিও!
 

গোপাল ধৰ্মৰাই উঠি বহিল।
তাৰ ওচৰে-পাঁজৰে কেইবাটাও পোৰা
, আধাপোৰা মৃতদেহ। সেইবোৰৰ ওপৰেদিয়েই সি ঘৰৰ
দিশে দৌৰ মাৰিলে।
 

কিন্তু ঘৰ ক? সকলোফালে কেৱল ধোঁৱাময়
ছাইৰ স্তূপ। হঠাৎ বিজুলী চমকৰ দৰে তাৰ চকুত এটা দৃশ্যই নাচি উঠিল। কেইটামান মানুহে
ছোৱালী এজনীক জপটিয়াই ধৰি প্ৰকাণ্ড জুই একুৰালৈ দলিয়াই দিছে।
 

মূৰটো আচন্দ্ৰাই কৰি আহিল
তাৰ। দুহাতে মূৰটো খামুচি ধৰি সি চিঞৰি কান্দিবলৈ ধৰিলে। নিজৰ ঘৰৰ
, আপোন মানুহৰ অস্তিত্ব
বিচাৰি আৰু কিছুমানে অ
ত-তত বহি কান্দি আছিল সেই
ঠাইখণ্ডত।
 

 

সময় গৈ আছে। মই
হাতঘড়ীটোলৈ চালোঁ। জীজনী স্কুলৰ পৰা আহিবলৈ কিছু দেৰি বাকী আছে। মই ইতিহাসৰ পাতৰ
এচমকা ক
লা দাগ যেন নিচেই ওচৰতে দেখি আছোঁ। তেনেতে দোকানলৈ তজ্বজীয়া
ৰা এটা সোমাই আহিল। আহিয়েই ‘মা’ বুলি ৰাধাবেনক সাবটি ধৰিলে। গোপালেও চাহৰ খোলা
এৰি হাঁহিমুখে আগুৱাই আহিল। এইবাৰ সি “অ
 ভাই” বুলি গোপালক গবা মাৰি ধৰিলে। ৰাধাবেনে
মোলৈ চাই ক
লে
মোৰ সৰু ল
ৰা। ফিৰোজ।”

মই কথাটো ঠিক ধৰিবই
নোৱাৰিলোঁ। তথাপি লাহেকৈ মূৰ দুপিয়া
লোঁ। মোৰ মনৰ ভাব বুজিব
পাৰিয়েই হ
বলা, ৰাধাবেনে কৈ উঠিল “ফিৰোজক মই ৰিলিফ কেম্পত
পাইছিলোঁ। সেই ভয়ানক দাংগা কেইবাদিনো ধৰি চলিছিল। আমি পাছত শুনিছিলোঁ
, এখন খোলা গাড়ীত হেনো
গোধৰাৰ পোৰা মৃতদেহবোৰ উঠাই আনি গোটেই আহমেদাবাদ ঘূৰাইছিল। মানুহবোৰক বেছি
উত্তেজিত কৰি তুলিছিল। ঘৰ জ্বলিছিল। নিজৰ মানুহ শেষ হৈ গৈছিল। সেই ৰাতি
, জ্বৰত অজ্ঞান হৈ থকা
মানুহটোক বিছনাৰ পৰা উঠাব নোৱাৰি মই জুইৰ মাজেৰেই দৌৰ মাৰিছিলোঁ। বেলেগ একো ভবাৰ
শক্তিয়েই নাছিল সেই সময়ত। জীয়াই থকাৰ ইচ্ছা নোহোৱা হৈছিল মোৰ। তথাপি চৰকাৰে
দিয়া ৰিলিফ কেম্পত সোমাই আছিলোঁগৈ। মাক-দেউতাকক হেৰুৱাই অনাথ হৈ ফুৰা ফিৰোজক
বুকুত সামৰি লৈছি
লোঁ। পাছত গম পাইছিলোঁ, আমাৰ চিনাকি এহাল মানুহৰে
সন্তান আছিল সি। এদিন হঠাৎ গোপালক পাই গৈছি
লোঁ। মোৰ জীৱনটোকে যেন ঘূৰাই
পাইছি
লোঁ। গুড়িয়া আৰু দেউতাকক…”। 

ৰাধাবেনৰ ডিঙিত যেন কিবা
এটাই হেঁচা মাৰি ধৰিলে। তেওঁ মৌন হৈ ৰ
ল। 

মোৰ চকুৰ আগত ভাহি উঠিল
মলিয়ন মুখৰ ল
ৰা এটাৰ ছবি। ৰিলিফ কেম্পত আতুৰ হৈ চিনাকি
মুখৰ সন্ধান কৰি ফুৰিছে। কোনোবাই হয়তো কৈছে
“তোৰ মাৰক তাতে দেখা যেন কৰিছিলোঁ। যা চাই আহগৈ।”

ৰাটো
ঢপলিয়াই আহিছে। মাকজনীক দেখি সি ক
ব নোৱৰা হৈ পৰিছে।
মাকজনীয়েও হেৰোৱা মাণিক ঘূৰাই পাইছে। মাকে সৰু ল
ৰা
এটাক আগবঢ়াই দি কৈছে
“ইয়াক চিনি পাইছ নে? মদিনাপাৰাৰ হামিদ চাচা যে, তেওঁৰে লৰা
ফিৰোজ। আমাৰ লগতে থাকক দে সি।”

গোপালৰ চকু দুটা মুহূৰ্তৰ
বাবে দপ্কৈ জ্বলি উঠিল। গুড়িয়াক দলিয়াই দিয়া দৃশ্যটো মনলৈ আহিল। গোপালে তাৰ
মুখলৈ চালে। সি ফেঁকুৰি উঠিল। হঠাৎ যেন ল
ৰাটোৰ চেহেৰাটো সলনি হৈ গল।
এইখন দেখোন গুড়িয়াৰ মুখ। সকলো হেৰুৱাই ফেঁকুৰি থকা কণমানি গুড়িয়া। গোপালে তাক
সাব
টি ধৰিলে। 

চৰকাৰে দিয়া ক্ষতিপূৰণৰ
পইচাৰে ৰাধাবেনে গাড়োদিয়া অঞ্চলত ঘৰ এটা সাজিলে
, জীৱিকাৰ উপায়স্বৰূপে এই
চাহৰ দোকানখন আৰম্ভ কৰিলে। দেউতাকে গোপালক লৈ দেখা সপোনবোৰ পাছলৈ গোপালে ফিৰোজক লৈ
দেখিবলৈ আৰম্ভ কৰিলে।
 

সেই ফিৰোজ এতিয়া জামনগৰ আই
টি আইৰ ছাত্র। পৰীক্ষা শেষ কৰি হ’ষ্টেলৰ পৰা ঘৰলৈ আহিছে। মোৰ যাবৰ সময় হ
ল।
ৰাধাবেনক মাত লগা
লোঁ। গোপালেও সদাপৰিচিত
হাঁহিটো মাৰি ক
লে আকৌ
আহিব”।

দোকানৰ বাহিৰলৈ আহি মই
দীঘলকৈ উশাহ এটা টানি
লোঁ। ইতিহাসৰ এখন অবাঞ্ছিত
ৰক্তক্ষয়ী যুদ্ধৰ জীয়া ছবি চাই যেন মই ওলাই আহিছোঁ। ওৰেটো জীৱন অহিংস নীতিৰ
বন্দনা কৰা গান্ধীজীৰ দেশৰ আকাশ
বতাহ আজি শান্ত-সমাহিত।
সেই হিংস্রতা
, বৰ্বৰতাৰ স্খলিত কাহিনীক মষিমূৰ কৰি সকলোতে
আজি গোপাল
, ফিৰোজ, ৰাধাবেনহঁতে গোৱা  মানৱীয়তাৰ জয়গান
গুঞ্জৰিত হৈছে। সকলো ধৰ্মৰ উদাৰতাক আঁকোৱালি লোৱা এই ভাৰতভূমিৰে সন্তান মই।
 

এই সুখানুভূতিয়ে মোক বাৰে
বাৰে ৰাধাবেনৰ সেই কথাকেইটালৈ মনত পেলাই দিছে
“জানেনে ভাইচাহাব, গুড়িয়াক ধৰিবলৈ, মাৰিবলৈ নিৰ্দেশ দিয়া
মানুহজনৰ মুখখন গোপালে জুইৰ ৰঙা পোহৰত দেখা পাইছিল।
 সেয়া হেনো হামিদভাই আছিল। আপোনাক কৈছোঁ ভাইচাহাব, এই কথা আমি ফিৰোজক
কেতিয়াও জানিবলৈ নিদিওঁ।”

লেখিকাৰ ঠিকনা :

অইল হাউছিং কলনি, দুলীয়াজান
পিন: ৭৮৬৬০২
জিলা: ডিব্ৰুগড়
ভ্ৰাম্যভাষ: ৭৫৭৮৮১৯৭৫৭