ভোলা আৰু পূজা

স্বপ্নালী কলিতা

ভোলাই কিনিলে নতুন চোলাটো

ৰংটো হেনো ৰঙা ,

ভায়েকে বোলে, পেণ্ট এটা নললি

হৈয়ে আছ তই বেঙা!

পূজা বুলি আমি যোৱা দুবছৰে

একোকে লোৱা নাই হোৱা,

এইবাৰ লাগিব বেলুনচকৰি

জেলেপীও হব খোৱা

দেৱীৰ ওচৰৰ
আৰতি চাই চাই

বুন্দিয়াভূজিয়া খাম,

জয়ঢোলো এবাৰ বজাবলৈ মন

দিয়ে নেকি খুজি চাম

গোসাঁনী উটাব দশমীৰ পুৱা

উঠি কাণিমুনি পৰত,

পা ধুই পূজালৈ যাম

নকবি তই হলে ঘৰত

কথা শুনি ভোলাই ভায়েকক বোলে-

এইবোৰ বেয়া কাম জান!

মাদেউতাই কৰা কষ্ট বুজিবি

মোৰ কথা যদি মান

পূজা বুলিয়ে যে নতুন বস্তু

কিনিব লাগিব আমি,

এনে কথা নাই জাননে ভাইটি

কথাটো ভাবি চাবি

তথাপি বাৰু পূজা বুলি তোক

কিনি দিব কিবাকিবি,

যিখিনি দিয়ে মন খুলি হাঁহি

বুকুত সামৰি লবি

পঢ়িবিশুনিবি ভালবোৰ
শিকিবি

ঈশ্বৰে কৰিব সহায়,

এতিয়া বলচোন চাওঁ পূজা ঘৰত

গোসাঁনী আহিলনে
নাই

            __         

ঠিকনা :

ডাক আৰু গাঁওবৰটিং নাওশলীয়া

জিলাগোলাঘাট৭৮৫৬২৬, অসম

ফোন নং : ৯১০১৮৪০৭৫৭

email: swapnalikalita0603@gmail.com