মহৌষধ স্বৰূপ

 অমৃত গোস্বামী

 

হালধীয়া ট্ৰেক্টৰেৰে
হাবি-জঙ্ঘল ভাঙি, অসমৰ মাজেৰে খনিজ তেল পৰিবাহী ঐতিহাসিক পাইপ লাইনডাল বহুৱাৰ কাম শেষ
কৰাৰ পাছৰ কথা এইবোৰ৷ 

দাৱনীবোৰে পথাৰৰ
ধান দাই শেষ কৰাৰ পাছত,  আমাৰো বছেৰেকীয়া পৰীক্ষা
শেষ হোৱাৰ লগে-লগে, মেজিঘৰ সাজিবৰ বাবে ধানৰ‌ নৰাবোৰ কটাকে আদি কৰি বিভিন্ন অজুহাত
একোটা উলিয়াই লৈ, আমিবোৰে পথাৰে পথাৰে ঘূৰি ফুৰাৰ সময় তেতিয়া৷‌ সেই সময়ত তেনেদৰে
পথাৰে পথাৰে ঘূৰি ফুৰোঁতে, কেতিয়াবা পথাৰ একোখনৰ মাজত একোডোখৰ অদ্ভূত ঠাই আমি দেখিবলৈ
পাওঁ৷ সেইডোখৰ ঠাইত সাধাৰণতে ধান দোৱাৰ পাছত নৰাবোৰ পথাৰৰ অন্যবোৰ ঠাইত থকা নৰাবোৰৰ
লেখিয়াকৈ জোঙা হৈ থিয় দি, বা পোনহৈ থকা আমি দেখিবলৈ নাপাওঁ৷ তাৰ পৰিৱৰ্তে সেইডোখৰ
ঠাইত নৰাবোৰ মাটিত বাগৰি থাকে, অৰ্থাৎ মাটিৰ লগত প্ৰায় মিলি থাকে৷‌ তদুপৰি দূৰৈৰপৰা‌
ঠাইটুকুৰাত‌ বগা বগা আজিকালিৰ ‘থাৰ্মকল‌’ একোচকলৰ দৰে, চকলা-চকল‌ বগা বগা বস্তু কিছুমানো
দেখিবলৈ পাওঁ৷ আকৌ ঠাইটুকুৰাত কলপাতৰ টুকুৰা
কেইখনমানো ৰ’দত লেৰেলি অ’ত ত’ত পৰি থাকে৷ কেতিয়াবা ওচৰতে তামোলৰ বাকলিও দুই-এটা সিঁচৰতি
হৈ পৰি থাকে৷‌ সেইবোৰ বহু দূৰৰ পৰা লক্ষ্য কৰি কম বয়সীয়া আমিবোৰ এক প্ৰকাৰ ৰোমাঞ্চিত
হৈ পৰোঁ৷ নৰাবোৰ চেপেটা লাগি মাটিত শুই থকা দেখিলে এনেহেন লাগে যেন সেই টুকুৰা ঠাইত
আগদিনা ৰাতি বনৰীয়া জীৱ-জন্তু কেইটামানেহে নিজৰ মাজতে যুঁজ-বাগৰ কৰিছিল৷ অন্যহাতে
আৰ-তাৰ মুখত সেই সময়ত সঘনাই শুনি থকা ভূতখেদা সকামৰ কথাও আমাৰ মনলৈ আহে৷ যেন কলপাতৰ
টুকুৰা কেইটা ভূতখেদা গুপুত সকামত ব্যৱহৃত কলপাতৰ টুকুৰাহে, আৰু তামোলৰ বাকলিবোৰ
যেন সকামৰ পাছত আন আনসকলে সকামত খোৱা-লোৱা হোৱাৰ পাছত, মুহুদি কৰা তামোলৰ বাকলিহে৷
পুৰোহিত আৰু ঠাইডোখৰৰ ক্ৰমান্বয়ে ওচৰলৈ গ’লে কিন্তু সকলো ভেদ ভাঙি, কথাবিলাক একেবাৰে
পৰিষ্কাৰ হৈ পৰে৷ তাত প্ৰকৃততে কোনো‌ জীৱ-জন্তুৱে যুঁজ-বাগৰ কৰা নাছিল! অথবা তাত কোনো
দেও-ভূত খেদাৰ সকাম-নিকামো অনুষ্ঠিত হোৱা নাছিল৷ তাত  সহজে অনুমান কৰিব পৰা বেলেগ ঘটনা এটাহে ঘটিছিল৷
 

তাত, আঘোণমহীয়া
পথাৰত ধানদোৱা দাৱনী কেইগৰাকীমানে পথাৰৰ মাজত নৰাৰ ওপৰত বহি হাঁহি-মাতি, স্ফূৰ্তি-তামাচা
কৰি বতৰৰ ফল ৰবাব টেঙাহে বখলিয়াই খাইছিল৷‌ সেই থাৰ্মকলৰ নিচিনাবোৰ তেখেতসকলে খোৱা
কেইবাটাও ৰবাব টেঙাৰ বাকলিবোৰহে৷‌ লেৰেলি যোৱা কলপাতকেইখিলা তেখেতসকলে টেঙা খাবলৈ ব্যৱহাৰ
কৰা কলপাত আৰু ৰবাবটেঙা খোৱাৰ পাছত তেওঁলোকে খোৱা তামোলৰ বাকলিহে তাত তেনেদৰে সিঁচৰতি
হৈ পৰি আছিল; দেও-ভূতৰ‌ পূজাৰ পাছত পুৰোহিতে খোৱা তামোল-পাণ অৱশ্যেই নহয়৷

আগতে আঘোণমহীয়া
ধান দাওঁতে দাৱনীসকলে প্ৰায়েই এনেদৰে পথাৰত, কামৰ মাজতে আঘোণমহীয়া ৰ’দত ৰবাব টেঙাৰ
জুতি লৈছিল৷‌

***

যোৱা বছৰ এনেকুৱা
দিনত বজাৰৰ পৰা ৰবাব টেঙা দুটা কিনি, খোজকাঢ়ি
ঘৰলৈ আহি থকা বন্ধু ঠাকুৰে বাটত লগ পাই, কথা প্ৰসঙ্গত মোক কৈছিল :

“ৰবাব টেঙা মাজে-মধ্যে
খাব দেই, গোস্বামী৷‌ ই স্বাস্থ্যৰ বাবে বৰ উপকাৰী৷ খাবলৈও বৰ ভালে লাগে নহয়! আমাৰ
ঘৰত বছৰৰ এইকেইটা দিনত বেছ খোৱা হয়, ৰবাব টেঙা৷ ঘৰৰ সকলোৱেই খায়৷”

ৰবাব টেঙা আগতে মোৰো
বৰকৈ নহ’লেও, অলপ-অচৰপ খোৱা হৈছিল৷ আমাৰ পুৰণি ঘৰৰ প্ৰায় ঢাপে-ঢাপে লগা ইলা বাইদেউহঁতৰ
ঘৰত, বতৰত ৰবাব টেঙা খুব খাইছিল৷ ইলা বাইদেউৰ ভায়েক পুতু আকৌ মোৰ কান-সমনীয়া৷ সেই সূত্ৰে
আঘোণ-পুহমহীয়া  স্কুলৰ পৰীক্ষা হৈ যোৱাৰ পাছত,
দুপৰীয়া দুপৰীয়া তেওঁলোকৰ ঘৰলৈ মোৰ সঘনাই অহা-যোৱা৷‌ ফুটিয়াই লোৱা ৰবাব টেঙাৰ লগত
নিমখ-জলকীয়া-ধনীয়াপাত‌ মিহলাই লৈ, অকণমান মিঠাতেল সানি কলপাতত দিয়া, তেওঁলোকৰ ঘৰৰ
সেই মিঠা-টেঙা-ৰসাল ৰবাব টেঙাৰ ভাগ তেতিয়া ময়ো প্ৰায়েই  পাইছিলোঁ৷

এই নতুন ঠাইখনলৈ অহাৰ পাছৰ‌ে পৰা ৰবাব টেঙা খোৱাটো মোৰ যদিও প্ৰায় বাদেই পৰিছিল, যোৱাবছৰ ঠাকুৰে কোৱাৰ পাছৰ পৰা
মই আকৌ ৰবাব টেঙা খাবলৈ আৰম্ভ কৰিলোঁ৷‌ যোৱাটো বছৰত সমুদায় মোৰ চাৰিদিন খোৱা হ’ল৷‌ কাতি সোমাইছেহে,
আঘোণ অৰ্থাৎ বছৰৰ আচল ৰবাব টেঙা খোৱাৰ সময় বা মাহ এইবছৰ এতিয়াও আৰম্ভ হোৱাই নাই৷‌ মই
কিন্তু ইতিমধ্যে খোৱা আৰম্ভ কৰিলোঁৱেই৷‌ স্বাস্থ্যৰ বাবে ইমান উপকাৰী, তদুপৰি খাবলৈও
ইমান সোৱাদ লগা, গতিকে এই বছৰত মই ৰবাব টেঙা কেইবাদিনো খাম বুলি মনতে পাঙি থৈছোঁ৷‌

অ’ কথা এটা মই ক’বলৈ
পাহৰিছোঁৱেই৷ ঠাকুৰে স্বাস্থ্যৰ বাবে বৰ উপকাৰী বুলি  সেইদিনা মোক কোৱাৰ পাছত, হাজৰিকা দাদাক মই সেই বিষয়ে
সোধোঁতে, তেওঁ কৈছিল :

“আপুনি এতিয়াও বৰ
কেঁচা হৈ আছেহে
! ৰবাবটেঙা যে স্বাস্থ্যৰ বাবে মহৌষধ‌ আপুনি‌ এতিয়াও সেই কথাটোকে  নাজানে নে?”

হাজৰিকা দাদাৰ কথাত
সেমেনা-সেমেনি কৰি থাকিলোঁ যদিও ঘৰলৈ আহি, পাছত মই ইণ্টাৰনেটত ৰবাব টেঙাৰ উপকাৰিতাৰ‌
বিষয়ে অকণমান পঢ়ি ল’লোঁ৷

ইণ্টাৰনেটত পঢ়িহে  নিশ্চিত হ’লোঁ৷ হয় দেই,  ৰবাব টেঙা দেখোন বৰ ভাল বস্তু৷ বৰ ভাল ফল এইবিধ৷‌  আমাৰ ইয়াত প্ৰচুৰ পৰিমাণে পোৱা এই ফলবিধ আজিকালিৰ
মানুহৰ মুখত প্ৰায়েই শুনিবলৈ পোৱা,  বাৰটামান
ব্যাধিৰ ‘প্ৰতিৰোধক ঔষধ’ৰ নিচিনা৷ এক প্ৰকাৰ মহৌষধ!

সৰুতে প্ৰথম বল খেলিবলৈ  অভ্যাস কৰোঁতে, আমি গুৰিয়াই লথিয়াই এই মহৌষধ স্বৰূপ
ফলবিধৰ কম এগাল নষ্ট কৰিছিলোনে৷ তাকে ভাবি এতিয়া কিবা মোৰ প্ৰায়শ্চিত্ত হ’ম যেনহে
লাগিছে!!

 

ঠিকনা :

ছাৰ্ভে,  গুৱাহাটী -৭৮১০২৮

ফোন নং : ৯৪৩৫০ ১৪৪৫৫