দুখে কেওড়া

মূল : ৰামকুমাৰ মুখোপাধ্যায়

অসমীয়া অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী

ক্ষুধা

স্ত্ৰীলিঙ্গ ১ বুভুক্ষা, ভোজনেচ্ছা৷ ‘ক্ষুধাকৰ, ক্ষুধাশান্তি৷ ক্ষুধয়া পীড্যমানঃ, মহাভাৰত৷ ২ (বাংলাত) বিষয়ভোগলালসা৷ ‘কৰ্ণপথে কৰ পান খণ্ডু ভবক্ষুধা’৷ – কাশীদাসী মহাভাৰত৷ ৩ তৃষ্ণা, আকাঙক্ষা৷ ‘কি মহৎ ক্ষুধাৰ আবেশ, পীড়ন কৰিছে তাৰে৷ কাহিনী, ৰবীন্দ্ৰনাথ ঠাকুৰ৷

– ক্ষুধা মানে ‘ভোক’৷ অৰ্থত কোনো খেলিমেলি নাইতবে ভোকত ভাতবোৰ বেলেগ বেলেগ দেখা পাব৷ পাকত পৰিলে আৰু
খুলিব নোৱাৰিব৷

– নহয় নহয়ভোকৰ শৰীৰত পাক
মাৰিবলৈ যাক কেলে’! সেয়া কৰিবলৈ গ’লে মূৰ ঘূৰাই পৰি যাব৷ বছ
তাৰ পাছত চকু দুটা ধুঁৱলি-কুঁৱলি৷ তবে ভোকৰ শৰীৰ এনেয়েই পকি
যাব৷ এসপ্তাহ উপবাস কৰিলে গণেশ বাবাৰ কলহীয়া পেটো ফুউচ্‌ হ’ব৷ তেতিয়া বাঘবোৰৰ গণেশ
হৈ যাব৷ পেটটো তেতিয়া একেবাৰে সমান৷

– বাঘআচল বাঘ নহয়হেসি থাকে বনত৷ এই বাঘ হ’লগৈ মানুহ৷ মই কেওড়াআপুনি মুখাৰ্জী আৰু সিহঁত হ’ল বাঘ৷

– নহয় নহয়বাঘ নহয়হে৷ সিহঁত
কুমাৰ৷ এয়া বেলেগ জাত৷ সিহঁত শিল্প-গাঁৱৰ মানুহ৷ ঢালাইৰ কাম কৰে৷ যি গঢ়িবলৈ ক’ব
সেয়াই গঢ়ি দিব৷ সিহঁতৰ গণেশৰ কলহীয়া পেট নাপাব৷ সিহঁতৰো চাউল নাই
দেৱতাৰো নাই৷

– সেয়া ঠিককিন্তু পেট
নাথাকিলে গণেশক চিনিব কেনেকৈ
চিনি পোৱাৰ
ব্যৱস্থা আছে৷ কলহীয়া পেট পেটৰ পৰা নামি আহি আঁঠুৰ ওপৰত শোৱে৷ দেখিলে ভাবিব
ছমহীয়া কেঁচুৱা৷ আচলতে পেট হৈছে ঢোল৷ গণেশ বাবাজীয়ে ঢোল
বজাইছে৷ বজাইছে বজাওক
আহক হেৰিহাড়িয়া খাওক৷ আপোনাৰ বাবে আজি গৰম পিঁয়াজী বনাইছোঁ৷
হাড়িয়াৰ লগত ভাল জমিব৷

– হয় হয় ভোক৷ মানুহৰ ভোক লাগে কিয় কওকচোনভাত-আঞ্জা নিতে খৰচ হৈছে৷ তাৰবাবেই ইমান খাটনিইমান দৌৰা-ঢপৰা৷ দেৱ-দেৱীসকলে খাইছে কিন্তু দৌৰা-ঢপৰা কৰা
নাই৷ য’তেই বহুৱাই দিয়া হয় তাতেই বহি থাকে৷ ভোগৰ গোন্ধ লৈ চব ওভতাই দিয়ে৷ হেৰি
মানুহো যদি এনে হ’লহেঁতেন?

– হয় হয়যত নষ্টৰ গুৰিত
সেই ভাত ৰন্ধা চাউল৷ তিনিমূৰীয়া চৌকাটোৰ পেটৰ ভিতৰত দাউ দাউকৈ ভোক৷ আধা কেৰাহী শাক
তুলিলে
কমি কমি হয়গৈ এবাটি৷ ইয়াৰ
পাছত চৌকাটো হ’ল পেট৷ দিনে-ৰাতিয়ে চিপ্‌ পেলাই বহি আছে৷ পুঙা লৰিছে নে নাই দিলে
টানি৷ বাহু হ’লে বাহু
পুঠি হ’লে পুঠি৷
বাহু হ’লে বেচি দিলে
পুঠি হ’লে খালে৷
পুঠিৰ আঞ্জাও হ’ব
টেঙাও হ’ব৷ বাৰিষা পুঠিৰ
পেটত কণী থাকে৷ পুঠিৰ কণী…

– হয় হয়ভোক৷ ভোক আঁতৰিব
কিহেৰে
খুদ চাউলেৰে৷ খুদ চাউলত
বেছ বল৷ দামও সস্তা৷ আহিনত আহু ধান পকিল৷ কাতি মাহত ভাত খালে৷ আকৌ আঘোণ-পুহত পথাৰৰ
ধান পকিল৷ ভাতৰ অভাৱ নাই৷ ফাগুণ-চ’তলৈকে সুখেৰে গ’ল৷ বহাগৰ পৰা ভাদ মাহলৈকে হ’ল
টান মাহ৷ তেতিয়া খুদ খালে৷ খুদিৰামৰ নাম শুনিছেনে
?

– সেই খুদিৰাম নহয়হেআমাৰ গাঁৱৰ খুদিৰাম৷ পূব-চুবুৰীত ঘৰ৷ কাঠৰ মিলত কাম কৰিছিল৷ তাৰ পাছত কাঠ
মিলটো বন্ধ হৈ গ’ল৷ খুদিৰামে শণৰ পঘা পকাই বেচিছিল৷ কওকচোন
বাৰুতাৰে সংসাৰ চলেনেএদিনাখন খুদ বিচাৰিবলৈ ওলাই গৈ নিজে পকোৱা পঘাতে চিপ লৈ
মৰিল৷

– ঠিক কৈছেঅপমৃত্যু ভাল কথা
নহয়৷ অপমৃত্যুৰ পৰাই অপদেৱতা হয়৷ সিহঁতে তেতিয়া নাচি-বাগি ঘূৰি ফুৰে৷ যদি এইজনৰ
ঘৰত টেঙা দিয়া মাছৰ আঞ্জা খাইছে
, তেন্তে সিজনৰ ঘৰত
দৈৰ টেকেলি ভাঙিছে৷ মাছ-ভূত ৰাতিৰ পৰত ল’ৰা-ছোৱালীৰ পিছে পিছে ঘূৰে৷ গছ-ভূতে গছৰ
পৰা ঠেলি দিয়ে৷ বেল পাৰিবলৈ গৈ ভৰি ভাঙি ঘৰলৈ উভতিলে গো-ভূতে লঠিয়াই দিয়ে৷ সি
এনেকৈ লঠিয়ায় যে আৰু কোনোদিন শোৱা পাটী এৰি ঠিয় হ’ব নোৱাৰিব৷

– ঠিক কথাঅকল ভূতেই নহয়ভূতুনী আছে৷ তাহাঁতৰো খাওঁ খাওঁ ভাব৷ মাছ হ’লে মাছনহ’লে মানুহৰ হাড়-মাংস-তেজ৷ গোটেই মানুহটোক যিহেতু মুখত সুমুৱাব নোৱাৰেসেয়ে শুহি থাকিব৷ শুহি শুহি শেষ৷

– ভূতৰ শৰীৰৰ পৰা ভোকৰ শৰীৰ বেলেগ নেকি সুধিছেবৰ ভাল কথা সুধিছে৷ একেই কথাদুয়োটাতেই ক্ষয়৷ জোন-বেলিত যিদৰে গ্ৰহণ লাগে এইটোতো তেনে৷ ভোকতো ক্ষয়ভূত-ভূতনীতো ক্ষয়৷ ক্ষয়ৰ পৰা সাৰিব নোৱাৰিব৷

– হয় হয়ভূত-ভূতুনী
আঁতৰেতোন৷ গয়াত পিণ্ড দিলেই আঁতৰি যায়৷ আকৌ নতুনকৈ জনম হ’ব৷ কিন্তু ভোকত ক্ষয় হ’লে
একোৱেই কৰিব নোৱাৰিব৷ জোৰকৈ বতাহ বলিলে হালি পৰিব৷ নহয়হে
আপুনি নপৰে৷ আপোনাৰ শৰীৰত যিমান মাংস তিমান হাড়৷ শৰীৰ হ’ল
এক আজৱ মেছিন৷ ইচ্ছা কৰিলেই যে কাৰোবাক এক কেজি দি দিব তেনে কোনো উপায় নাই৷ এটি
শৰীৰত অমাৱস্যা আৰু আনটিত পূৰ্ণিমা৷ খৰাং হ’লে দেখিব মানুহজন একেবাৰে ক’লা-ম’লা হৈ
পৰিছে৷

– খৰাঙক কেনেকৈ বাধা দিব পাৰি সেয়া সুধিছেক’ব নোৱাৰিম বুইছেতবে বিষয়টো বেজবোৰেহে ক’ব পাৰিব৷ সিহঁতে খৰাঙক দমাব পাৰে৷ ধৰকফেটী সাপে ভৰিত খুঁটিলে৷ তেন্তে ওপৰভাগত ৰচী বান্ধিব লাগিব৷
বছ
খৰাং বান্ধ খাই গ’ল আৰু ওপৰলৈ উঠিব নোৱাৰিব৷
তবে চবে খৰাঙক বান্ধিব নাজানে৷ অমূল্য বাগ্‌দিয়ে জানিছিল
বেচেৰা মৰিল৷ ক’লা-মলা হৈ মৰিল৷ পথাৰত পানী নাইকোনে বাৰু সাপখেলা চাব কওকচোন?

– উপায় আছে৷ গাখীৰ-ছানা-ক্ষীৰেৰে দেহা ঠিক হয়৷ মিঠাই দোকানৰ
অৱনীৰ পেটটো কলহীয়া৷ গাখীৰ-ঘিউৰ গোন্ধত শৰীৰ ফুলি যায়৷

– খাদ্যসকলোবোৰেই খাদ্যতবে পেটে সহিব পাৰিব লাগিব৷ পেটে ‘না’ বুলিলে বদহজম হ’ব৷
তেতিয়া গাখীৰ-ছানা-ক্ষীৰৰ কোনোটোৱেই পেটত ৰাখিব নোৱাৰিব৷ সকলো পানী হৈ যাব৷

– ভাতভাতৰ ওপৰত একো
বস্তু নাই৷ পাঁচদিন একেৰাহে গাখীৰ খাওকচোন
চাব আমুৱাইছে৷ একে কথাই খাটে সেই ছানা-ক্ষীৰ-ঘিঁউতো৷ কিন্তু ভাতত আমনি নাই৷
মাংস খাব দুদিন কিন্তু ভাত প্ৰতিদিন৷ পুৱা-গধূলি-দুপৰীয়া তিনি সাজতে খাব৷ কেৱল
নিজে খালে নহ’ব
ঘৈণীকো খুৱাব লাগিব৷ ভাতৰ পৰাই ভাতাৰ৷ ভাত যোগাৰ কৰিব নোৱাৰিলে
ঘৈণী পলাই যাব৷

– তিনিসাঁজ ভাত খাবলৈ জোৰে নে নাই সুধিছেনোজোৰে বুইছে৷ মিছা কথা ক’লে দেৱতাই শাও-পাত দিবতিনিসাঁজ ভাতৰ ভাগ্য লৈ আমিবোৰ অহা নাই৷ এবাৰ কেইজনমান
কোনোবা অফিচৰ পৰা আহিছিল৷ ক’লে দেশৰ মুৰব্বীয়ে বোলে ভাতৰ বেলেগ ব্যৱস্থা কৰিব৷
লিষ্ট বনাই আছে৷

– নাই নাইতাৰ পাছত আৰু
একোৱেই নহ’ল৷ পাছত শুনিলোঁ লিষ্টত বোলে নাম বহুত বেছি হৈছে৷ নাম বেছি হ’লে ভাতৰ
দিহা কেনেকৈ কৰিব কওকচোন
এবাৰ দুৰ্গাপূজাত
ক’লে কাপোৰ বিলাব৷ ভৰিত চাৰিটাকৈ বিহফোঁহা
তথাপি গ’লোঁ৷ এৰাকেইখনমান বিলায়েই
ক’লে বোলে কাপোৰ আৰু নাই৷ পাছত শুনিলোঁ
বিষয়া-আমোলাবোৰৰ লগুৱা-লিক্‌চৌৱে পালে৷ যিবোৰৰ কপালত আছিল সেইবোৰেই পালে৷
এতিয়া দুখে কেওড়াৰ নামৰ ভাত কোনেনো খাইছে কেনেকৈ কওঁ কওকচোন
যাৰ চাউল তেওঁক নিদিলে কিনো কৰিব?

– যুঁজবৰ ভাল কথা কৈছে৷
যুঁজ নকৰিলে একোৱেই নাপাব৷ পুৰুলিয়াৰ ম’হযুঁজ পৰৱত যিখন যুঁজ হয় সেয়া নাচালে
আপোনাৰ বিশ্বাস নহ’ব৷ আৰু তাত কিযে বাজনা৷ দেখিলে আপোনাৰো তেজ টগবগ কৰি উঠিব৷ লওক
পেটুৰ ভাজি আহিল৷ পেটুৰ ভাজিৰে হাড়িয়া খাবলৈ বৰ মজা বুইছে৷

– দুখীয়াবোৰক কম দামত চাউল আৰু ঘেঁহু দিছে বুলি কৈছেহয়শুনিছোঁ৷ ৰেচন
দোকানৰ যোগেনে হাড়িয়া খাবলৈ আহোঁতে কৈছিল৷ তবে সেইবোৰ আমাৰ ঘৰলৈ অহা নাই৷ সেই মাল
দোকানত বিক্ৰী হৈছে৷ টিভিত কৈছে কথাষাৰ বোলে মন্ত্ৰীৰ কাণত পৰিছে৷ মন্ত্ৰী খঙত
অগ্নিশৰ্মা৷ কৈছে
দলাদলিৰ কাৰণে হেনো অতদিন
একো কৰিব পৰা নাই
এতিয়া আৰু চুপ নাথাকিব৷
হেস্তনেস্ত কৰিহে এৰিব৷ সেয়া টেঙৰালি নেকি ক’ব পৰা নাই৷

– চাউলৰ সমস্যা কিদৰে আঁতৰাব পৰা যায় সুধিছেহেৰি গোটেই ঘটনাটো হৈছে এটা খেল৷ পাশা গুটিৰ চাল এনেকৈ দিলে
যে যুধিষ্ঠিৰৰ মাটি-বাৰী
ঘৰ-দুৱাৰ সকলো
গ’ল৷ ঘৈণী পৰ্যন্ত গ’ল৷ খেলটো খেলিলে কোনে
শকুনিয়ে৷ সেই গুটি বাগৰি বাগৰি কুৰুক্ষেত্ৰ৷ যুদ্ধ লাগিল৷ কৌৰৱ বংশ ধ্বংস৷ তাৰ
পাছত পাণ্ডৱহঁতৰ স্বৰ্গবাস৷ গৈ থাকোঁতে বাটত এটাৰ পাছত এটাকৈ খহিছে৷ শেহত স্বৰ্গৰ
দুৱাৰডলিত মাথোন যুধিষ্ঠিৰ আৰু তেওঁৰ কুকুৰটো৷ কুকুৰটোনো কোন
ধৰ্ম৷ তাতো যমে এটা চাল খেলিলে৷ ক’লে…

– হয়ভাতৰ চাউল৷ সেই
একেই হ’ল৷ চাউলৰ পৰা ভাত
মুড়িচাউল ভজা৷ ঘৰত চাউল নাথাকিলে নবাবী চাল কোনোৱে সহ্য নকৰে৷
গোবিন্দ চৌধুৰীৰ দৰে চালবাজ লোক এজনো নাই৷ সত্তৰৰ ওপৰত বয়স কিন্তু চালাকিত তেওঁৰ
স’তে নোৱাৰিব৷ হুবহু একেবাৰে গোপাল বহুৱা৷ সকলোৱে দেখিলে তেওঁ পুখুৰী খন্দাইছে
কাণত পৰিল টকাটো অফিচৰ৷ হেৰিগভীৰ পানীৰ মাছ বুইছেনে৷ দৈৰ টেকেলিত জোপ লৈ বহি থাকে৷ নুঠে জালতনুঠে চিপত৷

– হয়চাউল দৰকাৰ৷ তবে
শুদা চাউলেৰে নহ’ব৷ ভাতেৰে পেট ভৰিব
মন নভৰে৷ আঞ্জা
দৰকাৰ৷ দুৰ্গা গোসাঁনীৰ পূজাত সেয়ে চাল-কোমোৰা বলি দিয়ে৷ লাউ আৰু চাল-কোমোৰাৰ লগত
মাছৰ মূৰ দিলে আঞ্জাখন তেহে পাগল উঠে৷ ছাগলীৰ নাড়ী-ভূড়ি দিলে আৰু ভাল৷ সৰু সৰু
মিছামাছ দিলেও আঞ্জাখনে আৰু ভালকৈ পাগ লয়৷ সেয়া খুৱাইছিল খোকন কমাৰে তাৰ ঘৈণীয়েকৰ
স্বাদভক্ষণত৷ সিহঁতৰ ডোবাত যিমান শামুক সিমানেই মিছামাছ৷ মিছামাছবোৰ একো একোটা খুদ
জলকীয়াৰ নিচিনা৷ চাল-কোমোৰাৰ স’তে মিহলাই ৰান্ধিলে কি যে তাৰ সোৱাদ৷ ভাবিলোঁ
খোকন কমাৰৰ ঘৈণীয়েকৰ লগতে স্বাদভক্ষণ হ’ল৷

– অ’স্বাদভক্ষণ নহয়সাদভক্ষণ৷

– ‘দ’ নহয়, ‘ধ’সাধভক্ষণ*

– কোনৰামপ্ৰসাদকি কৈছিল তেওঁ?

– ‘আমাৰ সাধ** না মিটিল?’ জানো হেএয়া ৰামপ্ৰসাদী
গীত৷

– সেয়া সাধহেৰিআপুনি আৰু নাটানিবসকলো খেলিমেলি কৰি পেলালে৷ খোকন কমাৰৰ ঘৈণীয়েকৰ স’তে ৰামপ্ৰসাদক মিলাই
পেলাইছে৷ পোঁৱাতীয়ে পাঁচবিধ আঞ্জা খাব
সেয়া সাধ হ’ব কেনেকৈসাধ কোনোবাই খাব
পাৰেনে
ইয়াৰ পাছত ক’বসাধ আৰু সাধনা একে মালসেইটিও ভক্ষণ কৰিব৷

– কিতাপত লিখা আছে বুলি কৈছেকোনখন কিতাপত?

– অভিধানত? ‘অভি’-ত গণ্ডগোল৷
অভিমন্যুক চাৰিওফালৰ পৰা ঘেৰি মাৰি পেলালে৷ বচ্‌
মাকৰ কোলা উদং কৰি গুচি গ’ল৷ কুৰুহঁতৰ বংশটো বদ্‌ৰ বংশ৷

– কিতাপৰ কথাটো ঠিক বুলি কৈছেসাক্ষৰতাৰ মাষ্টৰণীজনীয়ে ‘কিতাপ’, ‘কিতাপ’ বুলি
চিঞৰি পগলা কৰিহে এৰিছিল৷ কিতাপ ভাল বস্তু কিন্তু কথাবোৰ বেঁকা৷ ‘মাটি’ক ‘ভূমি’
বোলে
, ‘আবাদ’ক ‘কৃষি’৷ ‘দান’ক বোলে অনুদান৷ পঞ্চায়তলৈ
গৈ শুনিলোঁ ডাঙৰজনী ঘৈণীৰ নাম ‘অনুৰাধা’৷ তেওঁ ক’লে মই বোলে অনুন্নত সম্প্ৰদায়ৰ৷
মনে মনে ভাবিলোঁ ‘ৰাধা’ যদি অনুৰাধা হয় তবে দুখে কেওড়াও অনুন্নত৷ হেৰি
আজিকালি বৰকৈ ‘অনু’ চলিছে৷ পঞ্চায়তৰ মুৰব্বীৰ ঘৰত সোমাবলৈ
অনুমতি লাগে৷ তাহানি চাউল-ঘেঁহু নাপালে দুই-এষাৰ শুনাই আহিব পাৰিছিল
এতিয়া অবাইচ মাত মাতিবলৈ অনুমতি দৰকাৰ৷ ভিতৰলৈ সোমাবলৈ
নিদিলেনো অনুৰাগৰ কথাটো ক’ব কাক
?

– বেছচাউলৰ কথা হওক৷
কওক কি কথা৷

– বাৰুকথা হ’লকেনেকৈ কম দামত গোটেই বছৰ চাউল যোগান দিব পৰা যায়৷ ‘যোগান’
বোলোতে যোগেনৰ কথা মনত পৰি গ’ল৷ তাৰ ঘৈণীয়েকে টকা পাব বুলিয়েই পেট ফলাই বাঁজী হৈ
আহিল৷ ফলা পেটেৰে চৌধুৰীহঁতৰ ধান মেলি দিছিল৷ পেট ফুলি মৰিল৷

– হয়চাউল৷ ধানৰ পৰা
চাউল হয়৷ আমাৰ চুবুৰীৰ কাষৰ পৰাই ধাননি পথাৰখন এঢলীয়া হৈ সৌ খাললৈকে গৈছে৷ ধানৰ
কোনো অভাৱ নাই৷ তেনেহ’লে অভাৱ কিহৰ
চাউলৰ৷ ধানৰ পৰা
চাউল হ’লেই গণ্ডগোল৷ যতক্ষণ পোঁৱাতী
কেঁচুৱাটি নিজৰ৷
যি মাত্ৰকে ফুল খহিল
নিজৰ ৰূপ সেই
মাত্ৰই দেখুৱালে৷ গৰু-পোৱালী যি মুহূৰ্ততে চাৰি ভৰিত থিয় হ’ল
তাৰ দৌৰ দেখে কোনে৷ তবে উপায় আছে৷ ডিঙিত ডাকু ওলমাই দিলে
আৰু দৌৰিব নোৱাৰিব৷

– এৰাচাউলৰ সমস্যানো
কিদৰে আঁতৰাব
হেৰিধান খেতিৰ মাটি সকলোকে ভাগ কৰি দিয়ক৷ নিজৰ নিজৰ মাটি নিজে
নিজে চহাওক৷

– এৰাযিসকলে চাকৰি
কৰে! চাকৰি কৰাৰ দৰকাৰ নাই৷ চাকৰি কৰিলেও গোলমাল৷ আমাৰ গাঁৱৰ পঞ্চুৰ পুতেকে চাউলৰ
গুদামত কাম কৰে
চৰকাৰী চাকৰি৷ পঞ্চুৰ
ল’ৰাটোৱে চহৰত তিনি মহলীয়া দালান সাজিলে৷ মানুহে কয় বোলে খেতি কৰাতকৈ চাউলৰ গুদামত
কাম কৰাই বেছি লাভ৷ এতিয়া যদি সকলোৱে কয় খেতি নকৰি চাউলৰ গুদামতে কাম কৰোঁ বুলি
তেনেহ’লে চাউল আহিব ক’ৰপৰা?

– সকলোৱে খেতি কৰিলে কেনেকৈ হ’ব বুলি সুধিছেকিয় নহ’বযি ৰান্ধে তেওঁ
খোপাও বান্ধে৷ অ’ বিপিন মাষ্টৰে ল’ৰাও পঢ়ুৱাইছে
খেতিও কৰিছে৷ কৰিম বুলিলে সকলো কৰিব পাৰি৷ তবে ক’ব পাৰে বামুণবোৰে কৰিব কিতেওঁলোকেতো নাঙলৰ মুঠি ধৰিলে নচলিব৷ পাৱাৰ টিলাৰ চলাব৷

– ডাক্টৰপুলিচপঞ্চায়তৰ মুৰব্বীসকল ব্যস্ত মানুহ বুলি কৈছেতাতেনো কিডাক্টৰসকল পুৱা
খেতিলৈ ওলাই গ’ল
দুপৰীয়া গা-পাই ধুই
খোৱা-বোৱা কৰি উঠি ৰোগী চালে৷ হাল-কোৰ বাই উঠি পুলিচ গ’ল চোৰ ধৰিবলৈ
মুৰব্বীসকল পঞ্চায়তৰ চকীত বহিল৷

– নহয় নহয়সময়ৰ কোনো অভাৱ
নহ’ব৷ সময় বেছি হ’লেই গণ্ডগোল৷ ইজনৰ পাছত সিজন লাগিব৷ কাম নাই বুলিয়েই ডাক্টৰে
পিলৰ পাছত পিল দিছে
অথচ ৰোগ আঁতৰা
নাই৷ পুলিচে তেতিয়া হাড়িয়াৰ বিচাৰ-খোঁচাৰ কৰিবলৈ দুখেক কেৱল দৌৰায়েই নেৰিব৷
পঞ্চায়তৰ মুৰব্বীসকলো অনুমতি দিবলৈ আৰু বহি নাথাকিব৷ চহালোক কম বাবেই ধান ঘেঁহু
কমকৈ হৈছে৷ তাৰ বাবেইতো ইমান নাটনি৷ চাউল বেচা-কিনাত দাম চৰি গৈয়েই আছে৷ কিয়নো
দালালৰ খৰচ আছে
বাট-খৰচ আছে। এইবোৰ
সাত-পাঁচ মিলি মাখিয়েই হাতী হৈ পৰিছে৷ পঞ্চুৰ পুতেক ধন ঘটি ঘটি ফুলি গ’ল৷ কাঠিৰ
নিচিনা সেই ল’ৰাটো এতিয়া ফুলোঁতে ফুলোঁতে দুই কুইণ্টল৷

– নহয়পঞ্চুৰ পুতেক
ৰুগীয়া হওক বুলি ক’মনো কিয় বাৰু
লোকৰ ল’ৰা সুখত
থাকক৷ তবে আপোনাৰ-মোৰ ল’ৰাবোৰোতো ল’ৰাই৷ সিহঁতবোৰ ৰুগীয়া হৈ পৰিলে দুঃখ নহ’বনে
?

– মই খাদ্য মন্ত্ৰী হোৱা হ’লে কি কৰিলোহেঁতেন সুধিছেহেৰিকথাষাৰ কিন্তু
ধেমালিহে হ’ল৷ ইমানবোৰ মানুহ থাকোঁতে মোকনো খাদ্যমন্ত্ৰী পাতিব কিয়
এবাৰেই পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী হ’বলৈ কৈছিলআৰু দুনাই অহা নাই৷

– খাদ্যমন্ত্ৰীৰ ওচৰলৈ গ’লে কি ক’ম সুধিছেক’ম বিষ্ণু দেৱতাৰ দৰে আমাৰো নিত্য সেৱাৰ ব্যৱস্থা কৰক৷
আপোনালোক দেশৰ মা-বাপ
ল’ৰাহঁতক
তাজ্যপুত্ৰ কৰিলে হ’বনে
?

 

***

*গৰ্ভৱতীৰ
ইচ্ছানুযায়ী খাদ্য খুওৱাৰ অনুষ্ঠানবিশেষ৷

**কামনা, অভিলাষ৷ ‘আমাৰ সাধ না মিটিল?’- এটি ৰামপ্ৰসাদী গীত৷