পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড


(দহ) 

 

ৰাতিপুৱাই
চাইকেলখন লৈ ওলাই গ
ল মিলিটেৰী। চাইকেল চলাবলৈও যেন গাত শকতি নাই। ভীষণ
অকলশৰীয়া অকলশৰীয়া লাগিছে। কাকো দেখুৱাই কান্দিব পৰা নাই অথচ দেহৰ ভিতৰত যেন
অসংখ্য মানুহে কান্দিছে। চিঞৰত সৰি পৰা যেন লাগিছে নষ্ট সময়।বাৰে বাৰে মনত পৰিছে
হিমানীজনীলৈ। মৰমৰ হিমানীয়ে খাব পাৰিছেনে
?  ৰাতি টোপনি গলনে,  দৰৱকেইটা সময়ত খুৱাইছেনে আদি কথাবোৰে বৰকৈ আমনি
কৰাৰ সময়ত গোটেই জৰিগুৰিখনে উচুপি থকাৰ দৰে লাগিছে। ফাগুনৰ ফেৰফেৰীয়া বতাহ
,
 ধূলিয়ৰি পৰিৱেশ। এখন অনামী চিলা উৰি থকাৰ দৰে
লাগিছে মনৰ আকাশত। গৈ গৈ সুৰভিৰ ওচৰ পালেগৈ। পথৰ কাষত চাইকেলখন থৈ সৰগীৰ চৌহদলৈ
সোমাই গ
ল। নিমাওমাও পৰিৱেশ। এদিন এইখন সৰগীৰ পৰাই জৰিগুড়িখনক আধুনিক
পৃথিৱীৰ সৈতে মিলাই দিয়াৰ বাবে শৰৎ শৰ্মাই এখন ৰঙীন পৃথিৱী গঢ়ি তুলিব খুজিছিল।
পিছে সেই পৃথিৱীত প্ৰথমে তেওঁৰেই ল
ৰাটো পিছল খাই কথমপি মৰাৰ পৰা বাচিছে।
সৰগীৰ ফালে চাই থাকোঁতে অদ্ভূত দৃশ্য এটা দেখিলে তেওঁ। কাষৰ মানুহ ঘৰৰ
ছোৱালীজনীয়ে পানীৰ বটল এসোপা গোটাই লৈছে। বটলবোৰ মাজে মাজে দুফাল কৰি বেঙেনাবোৰত
লগাই দিছে বান্দৰৰ উৎপাতত। দৃশ্যটো চাই চাই বৰ আমোদ পালে মিলিটেৰীয়ে।

বনৰ
বান্দৰজাকক লৈ মানুহৰ টোপনি হৰাৰ সময়ত ৰাজনৈতিক বান্দৰৰ জাকটোও মূৰৰ কামোৰণি হৈ
পৰিছে। মুখৰ যিহে খকখকনি। দলীয় টিকটৰ পৰা বঞ্চিত হৈ ইটো ডালৰ পৰা সিটো ডাললৈ জঁপিয়াবলৈ
আৰম্ভ কৰিলেই। কংগ্ৰেছতে যৌৱন জীৱন যাপন কৰা বুঢ়া কেইটামানে গেৰুৱা দললৈ জাঁপ
মৰাক লৈ এই কেইদিন হুলস্থুল লাগি আছে। গেৰুৱা বাহিনীৰ চৰ-ঘোচা খায়ো বৰা উপাধিৰ
এটাই জাঁপ মৰাৰ দৰেই গেৰুৱা বসন খুলি কেইবাটাও জাঁপ মাৰিছে কংগ্ৰেছলৈ। শৰৎ শৰ্মাই
টিকট পোৱাৰ পাছত দধী লেখাৰুৱে ভিতৰি যুঁজ দি আছে শৰ্মাৰ ভেটি খহাই ভৱিষ্যতে
ৰাজদণ্ড হাতত ল
ʼবলৈ। জাতি-মাটিৰ সপোন দেখুৱাই লোদোৰ-পোদোৰ হোৱা
অসমীয়াকেইটাক সমূলি বিশ্বাসত নোলোৱা হৈছে ৰাইজখনে। বাংলাদেশৰ পৰা অহাবোৰেই এতিয়া
সিহঁতৰ সাৰথি। আঞ্চলিক দলটোৰ এই লাওলোৱা অৱস্থাৰ কথা হিমানীয়ে গম পোৱা নাই।
মাত-কথা থকাৰ সময়তে মাথোঁ এষাৰ কথাই কৈছিল-
নল মৰি গজালি
ওলাওক।” সেই আধাৰেই জৰিগুৰিৰ পৰাই মিলিটেৰীয়ে যুঁজখন আৰম্ভ কৰাৰ কথা ভাবি
আছে যদিও হিমানীৰ অৱস্থাই মানুহটোক কোঙা কৰি ৰাখিছে। দধী লেখাৰুহঁতৰ দৰে
সুবিধাবাদীবোৰে যাতে সাধাৰণ মানুহক কিনিব নোৱাৰে তাৰ বাবে অকলেই সজাগ হৈছে
মিলিটেৰী। সোঁত যিফালে ব
ʼব দধীয়ে সেইফালে নাও মেলিব যদিও এইবাৰ
হাতৰ মুঠিত থকা সাংবাদিককেইজন বাটতে হেৰাই যোৱাত একেবাৰে নিঠৰুৱা হৈ পৰিল লেখাৰু
ছাৰ।

কথাবোৰ
ভাবি ভাবি সুৰভিৰ ফালে সোমাই যোৱাৰ সময়তে বান্দৰৰ জাক এটাই খেদি আহিল মিলিটেৰীক। তেওঁ
বাঁহ এডাল আঁজুৰি আনি খেদা এটা মাৰিবলৈ  চেষ্টা কৰিলে যদিও নোৱাৰিলে। বান্দৰ এটাই তেওঁক
আঁচুৰি তেজ উলিয়াই দিলে। বান্দৰজাকৰ পৰা ৰক্ষা পাবলৈ যিমানে চেষ্টা কৰিছে
চাৰিওফালৰ পৰা আগুৰিহে ধৰিছে। হাতৰ ম
বাইল কৰবাত ছিটিকি
পৰিল গৈ। ম
ʼবাইলটো লৈ মলুৱা এটা গছত উঠিলগৈ। খক খককৈ
মলুৱা-মালৰীবোৰে ঘেৰি ধৰিছে মিলিটেৰীক। টিনৰ ওপৰৰ পৰাও জাক এটাই খকখকাই আছে।
বেঙনাবাৰীত থকা ছোৱালীজনী ভয়তে পেঁপুৱা লাগিছে। বান্দৰে তাইকো বাকুহি থৈছে। সেয়ে
ঔচ ঔচকৈ কুকুৰকেইটাকে মাতিলে তাই। আলিৰ পৰা ল
ৰা এটাই মবাইলত
ভিডিঅ
কৰি আছে গোটেই দৃশ্যটো। মিলিটেৰীয়ে “খালে ঐ,  কোন আছ ঐ” কৈ চিঞৰিছে যদিও ভিডিঅকৰি
থকা ল
ৰাটোৰ কোনো প্ৰতিক্ৰিয়া নাই। তাৰ মনলৈ এনেকুৱা ভাব এটাহে আহিছে
মিলিটেৰীক যাতে গোটেই বান্দৰ মখাই ঘেৰি ধৰে। এফালৰ পৰা কামুৰি-বাকুহি শৰীৰটো
ক্ষত-বিক্ষত কৰি তোলে। যাতে  ভিডিঅ
টোৱে
লাইক
,  কমেন্ট পায়,  বেছিকৈ শ্বেয়াৰ হয়।

অৱশ্যে
তেনে হ
বলৈ নৌপাওঁতেই বান্দৰমখা আঁতৰি গল। লগে লগে মটৰ
চাইকেল লৈ ল
ৰাটোও আঁতৰি গল। মিলিটেৰীৰ
ভৰিৰ পৰা ধাৰাসাৰে তেজ ওলাইছে। তেওঁ গেন্ধেলি বন এসোপা মোহাৰি ভৰিখনত লগাই ল
লে।
গছৰ ওপৰত বান্দৰৰ হাতত ম
ʼবাইলটোৱে ৰিং কৰাতহে মবাইল
আহি থলক কৈ তল পালেহি। বাৰ শ টকীয়া ম
বাইল থান-বান হোৱাৰ দৰেই হল।
মিলিটেৰীয়ে আলিৰ কাষতে পৰি থাকোঁতেই ম
ʼবাইলটো বাজি উঠিল। ধৰোঁ-নধৰোঁকৈ আছিল
যদিও শেষত তেওঁ সেহাই সেহাই ফোনটো ৰিচিভ কৰিলে।

“হেল্ল‘..!”

“বৰদেউতা,
বান্দৰে
কামুৰিলে নেকি
?  ত আছে আপুনি?”
 মৃগাংকই সুধিলে।

“তুমি
কেনেকৈ গম পালা
?” মিলিটেৰীয়ে তেজ ওলোৱা ঠাইবোৰলৈ চাই সেহাই
সেহাই ক
লে।

“আপুনি
ত আছে এতিয়া?”

“সৰগীৰ
ওচৰতে পৰি আছোঁ।

“মই
গৈ আছোঁ বৰদেউতা।

কিছু
সময়ৰ পাছতে মৃগাংক আৰু অম্লান আহি সেইখিনিত ওলালহি।

০০০

 

সময়
বোঁৱতী নদীৰ দৰে। বোঁৱতী নদীৰ একেখিনি পানীকে দুবাৰ চুব নোৱৰাৰ দৰে মৰাৰ পাছতো আকৌ
মানুহ জী উঠিব নোৱাৰে। মাজৰাতি জৰিগুৰিৰ কণকলতাই শেষ নিশ্বাস ত্যাগ কৰিলে। কাষত
মাথোঁ জীয়েক আৰু ওচৰা-চবুৰীয়া কেইজনমানহে আছিল। ডাৱৰীয়া বতৰ যদিও মাজৰাতিও যি
যেনেকৈ খবৰ পাইছিল সকলো দৌৰি আহিছিল। মৃগাংক-অম্লানহঁতে ঘৰে ঘৰে গৈ মানুহবোৰক খবৰ
দিছিল। আছুৰ ল
ৰাবোৰ শ্মশানথলিলৈ দৌৰি আহিছিল। মিলিটেৰী
খোজকাঢ়িয়েই শ্মশান থলী ওলাইছিলহি। শ্মশানথলিৰ পৰা বাহিৰে বাহিৰে ঘৰ পালেগৈ যদিও
সমুলি টোপনি নহাত অলপ আগতে বিছনাৰ পৰা উঠি আহিল মিলিটেৰী। দুচুকত জিলিকি আছে
হিমানীৰ চিতাগ্নি। দপদপাই জ্বলিছিল। পানী হিলৈৰ দৰে ঢমহ ঢমহকৈ বাঁহ ফুটিছিল। যেন
অসম আন্দোলনৰ জুইকুৰাহে জ্বলিছিল হিমানী আইতাৰ নিথৰ দেহাটো সাবটি। সকলোৱে মাথোন এষাৰ
কথাই কৈছিল
এইখন হিমানীৰ আইতাৰ চিতা নহয়, অসমীয়াৰ তেজেৰে
গঢ়া দলটোৰ চিতাহে।

পদূলিমুখতে
ৰৈ আছে মিলিটেৰী। ঘৰৰ ওপৰত বান্দৰমখাই ঢমঢমাই আছে। হিমানীৰ মৰিশালিটো বান্দৰে
বখলিয়াই পেলোৱাৰ আশংকা কৰি এখোজ-দুখোজকৈ শ্মশান থলীলৈকে ওলাই গ

মিলিটেৰী। সুদূৰত দেখিলে আন এজাক বান্দৰে নিৰ্বাচনী শ্লোগান দি দি ৰাজপথেৰে গৈ
আছে। সমদলটোৰ ফালে একেথৰে চাই থাকিল মিলিটেৰীয়ে।

 ‘জয় আই অসমবুলি চিঞৰি
চিঞৰি আগবঢ়া হিতাধিকাৰীবোৰৰ চিঞৰটো পানী হিলৈৰ দৰে ফুটিবলৈ আৰম্ভ কৰিছে। জৰিগুৰিৰ
আকাশে-বতাহে। মৌন সময়ৰ আকাশ ধিয়াই উৰি যোৱা সেই শব্দই বোবা কৰি পেলাইছে
মিলিটেৰীক। বিপৰীতমুখী বতাহ ফালি আগবাঢ়িল মিলিটেৰী।

 

সমাপ্ত