আশাবাদী সমীকৰণ

 অঞ্জুমণি ভৰালী


এখন “নাম্মা য়াত্ৰি” অট’লৈ অপেক্ষা
এডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়া
একাপ ফিল্টাৰ কফি… গৰম
*
যিমান দূৰলৈ চাব পাৰি
গোটেই বাটতো লানি পাতি থকা গাড়ীবোৰ
ৰৈ থকাৰ বিচিত্ৰতা… বিভিন্নতা
মোৰ পদাৰ্থবিজ্ঞানৰ অংকবোৰলৈ মনত পৰিছে
KE =
 ½mv²
আৰু ফ্ৰিকচন
আমি যে ইয়াত ৰৈ থাকিও গৈ আছোঁ আচলতে
হিচাপ কৰাঁচোন স্থিতি শক্তি …গতি শক্তি
এবাৰ তোমাৰ
এবাৰ মোৰ
এবাৰ আমাৰ
সমীকৰণবোৰ সহজ আৰু জীৱনতো
সহজ যেন লগাটো নাই !
*
মনত আছেনে পঢ়িছিলোঁ “পলায়ন বেগ”
কিমান বেগেৰে গুচি গলে আমি
আকৰ্ষণৰপৰা মুক্ত হৈ পৰিম !
মানুহৰ আকৰ্ষণ
পৃথিৱীৰ… মধ্যাকৰ্ষণ
*
সকলোৰে কেন্দ্ৰবিন্দু থাকে
প্ৰায় সকলোৰে
তুমি কি ভাবাঁ…
*
কফি কাপ শেষ হ’ল
অ’টখন যে আহিব পাৰিব
তাৰ আশাও প্ৰায় নোহোৱা হ’ল
*
শুনা, এইবাৰ মোক লগ পাবলৈ
এই অনিশ্চিত বাটেৰে নাহিবা
সুনিশ্চিত হৈ আহিবা..
আৰু লগপোৱাৰ পাছত
মোৰ ডায়েৰিত… তোমাৰ কলমেৰে
আমি কেন্দ্ৰবিন্দু আৰু কক্ষপথৰ
এটা নতুন সমীকৰণ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম
আশাবাদী …


**

 

ঠিকনা : বাংগালোৰ

ফোন : ৯৮৮৬৬৫৪২৭৮