ৰূপান্তৰ

 বন্দনা কৌশিক বৰদলৈ



তিনিপতীয়া  চাহপাতৰ
কোমল পাতখিলাক যদি আৰম্ভণি হিচাপে ধৰোঁ


তেন্তে মই নিজেই মোক ড্ৰায়াৰত শুকুৱাই

পেকেজিং কৰি আপোনালোকৰ মাজলৈ এৰিছোঁ

ইমান সাৱধানতাৰে স্তৰসমূহ পাৰ হৈছোঁ যে, মই নিজেই পাহৰি
পেলালোঁ ৰূপান্তৰৰ কোনটো পৰ্যায়ত মই আচলতে মই আছিলোঁ




মেটাম’ৰফছিছ মই পঢ়িছোঁ

আৰু কাফকাক সুধিছোঁ

স্থিতি আৰু একাকিত্বৰ ধাৰণাক  অতিক্ৰমিও স্বীকাৰ কৰিব নোৱাৰিনে ৰূপান্তৰক   পুনৰ




কথাবোৰ ভাবি ভাবিয়েই মনত পেলাইছোঁ

মইতো চাগৈ এদিন তোমাৰ লগত প্ৰেমৰ কথা পাতিছিলোঁ
আন এদিন হয়তো, দেশৰ



মোৰ ছাল, চুলি আৰু মই কৈ থকা কথাবোৰক তুমি গতিৰ বিপৰীত
বুলি ভাবি থকাৰ সময়ত


মই  চিঞৰি চিঞৰি
কৈছোঁ


ভুল, ভুল

কালি যিগৰাকীক  তুমি
চুই চাইছিলা


যি তোমাক চুইছিল

তেওঁলোকৰ দুয়োজনেই আজি ইয়াত নাই৷


          ***              


ঠিকনা :

আমোলাপট্টী

শিৱসাগৰ