মূল : ব্যেৰ্নষ্টেইৰনূহ ব্যেৰ্নছান (Bjørnstjerne Bjørnson), নৰৱে’, সাহিত্যৰ ন’বেল বঁটা-১৯০৩
অনুবাদ : ড°ৰঞ্জিত দত্ত
গ্ৰীষ্মৰ এটি দিনত
ঘৰটো মই পাৰ হৈ গৈছিলোঁ,
পুৱাৰ সুৰুযৰ ৰঙীণ আভা
ঘৰটোৰ ওপৰতে পৰিছিল।
খিৰকীৰ ফালে তেজৰঙা হৈ
মোৰ আত্মাটো জ্বলিছিল,
বৰষায়ো মোক
লগ পাইছিল তাতেই।
বন্দিত্বই মোৰ
তেজাল হাত দুখন
কাৰাৰুদ্ধ কৰিলে,
মোৰ কোমল ওঁঠ দুটি
নাচি উঠিল,
হাঁহিবোৰ তেতিয়া
চকুৰ পানীৰ টোপাল হৈ
চকুৰ পতাতে দাগ বহি ৰ’ল,
দৃষ্টি শেষ নোহোৱালৈকে
চাই থাকিলোঁ মই অতীতলৈ,
সকলো যেন এতিয়া নতুন
আৰু মোৰ নিচেই কাষত,
পাহৰি যোৱা সকলোবোৰ
অতি উমাল আৰু আপোন,
স্মৃতিবোৰে যেতিয়া বিচৰণ কৰে
তেতিয়াই মই ভাবোঁ অকলে অকলে,
বসন্তৰ আগমনৰ পৰাই
সকলো প্ৰেম যেন
সপোনৰ মিঠা সুৰভি হৈ
অগা-ডেৱা কৰি জাগ্ৰত কৰে
মোৰ আত্মাক,
তেতিয়াৰ সময় আছিল বিনন্দীয়া
অথচ আজিও সেই একেই,
তেতিয়াও আছিল বেদনাসিক্ত
আজিও একেই বেদনাক্লিষ্ট।
সূৰুযৰ বিচ্ছুৰিত ৰশ্মিবোৰ
ঘাঁহনিডৰাত ছিটিকি পৰিছে,
হাঁহি আৰু কান্দোনৰ মাজতেই
বিচৰণ মোৰ আত্মাৰ।
সিহঁত যেতিয়া সাৰে থাকে
তেতিয়াই সীমাৰ পৰিধি ভাগে।
নিস্তেজ হৈ অহা শক্তিবোৰ
যেতিয়া উঠলি উঠে
তেতিয়াই আত্মা
জাতিষ্কাৰ হৈ উঠে
এটি কবিতাৰ ফল-ফুল হৈ।