আকৌ আহিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ

অৰুণ কুমাৰ দাস


  ২০২০ বৰ্ষটো টুৱেণ্টি-টুৱেণ্টি ক্ৰিকেটৰ
বাবে গুৰুত্বপূৰ্ণ৷ কিয়নো এই বছৰটোত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ
 (আই চি চি) টি-২০ বিশ্বকাপৰ আয়োজনৰ
ব্যৱস্থা হ’ল৷ ইতিমধ্যে অষ্ট্ৰেলিয়াত সম্পন্ন হ’ল মহিলাৰ ২০-২০ অ’ভাৰৰ বিশ্বকাপ৷
আনহাতে অক্টোবৰ মাহত অষ্ট্ৰেলিয়াতেৌ পুৰুষৰ টি-২০ বিশ্বকাপ হোৱাৰ কথা৷
স্বাভাৱিকতেই এই বছৰটোৰ আৰম্ভণিৰে পৰাই প্ৰতিখন ক্ৰিকেট খেলা দেশে দ্বিপাক্ষিক
ছিৰিজত গুৰুত্ব দিছে ২০-২০ অ’ভাৰৰ মেচক৷ ভাৰতীয় দলৰ নিউজিলেণ্ড ভ্ৰমণত তিনিখন
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ
 (৫০-৫০ অ’ভাৰৰ) আৰু দুখন টেষ্টৰ বিপৰীতে পাঁচখন
টি-২০ মেচৰ ব্যৱস্থা ৰখা হৈছিল৷ সেইদৰে ইংলেণ্ডৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণতো টি-২০
মেচক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হ’ল৷ অনাগত দিনবোৰত যিমানবোৰ দ্বিপাক্ষিক ছিৰিজ
হ’ব
, প্ৰতিটোতে
নিশ্চিতভাৱে টি-২০ মেচ অধিক হাৰত ৰখা হ’ব৷ আগন্তুক টি ২০ বিশ্বকাপৰ পৰিপ্ৰক্ষিতত
এইবাৰৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ
 (আই পি এল) আকৰ্ষণ আৰু গুৰুত্ব অধিক বৃদ্ধি
পাইছে৷ সম্প্ৰতি ক
ৰনা ভাইৰাছে সমগ্ৰ বিশ্বক শংকিত কৰি তোলাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ আই পি এলক
লৈও প্ৰশ্ন নুঠা নহয়৷ তথাপি আশা কৰা হৈছে যে সুকলমে এইবাৰৰ প্ৰতিযোগিতা সম্পন্ন
হ’ব৷ আই পি এলৰ জনপ্ৰিয়তা আজি আকাশলঙ্ঘী৷ আই চি চিয়েও এই প্ৰতিযোগিতাক গুৰুত্ব দি
এপ্ৰিল আৰু মে’
 মাহ পৰ্যন্ত আন দ্বিপাক্ষিক ছিৰিজ ব্যৱস্থা নৰখা হ’ল৷ ২০০৮ বৰ্ষত শুভাৰম্ভ
হোৱা আই পি এলৰ জনপ্ৰিয়তাই নিয়মিত ক্ৰিকেট নেখেলা দেশকো আজি স্পৰ্শ কৰিছে৷ কানাডা
, য়ুনাইটেড আৰব এমিৰেটছ (য়ু এ ই)-ৰ দৰে দেশতো সম্প্ৰতি অনুষ্ঠিত হয়
২০-২০ অ’ভাৰৰ প্ৰিমিয়াৰ লীগ৷ অষ্ট্ৰেলিয়াৰ বিগ বেছ
, কেৰেবিয়ান প্ৰিমিয়াৰ লীগ, বাংলাদেশ প্ৰিমিয়াৰ লীগ, পাকিস্তান প্ৰিমিয়াৰ লীগৰ দৰে টুৰ্নামেণ্টবোৰৰো জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি
পাইছে৷ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ক্ৰিকেট বিশ্বৰ বহু সংখ্যক খেলুৱৈক
তেওঁলোকৰ খেলুৱৈ জীৱনৰ অন্তিম বেলাতো দুপইচা আৰ্জনৰ সুযোগ আনি দিছে বিভিন্ন দেশত
হোৱা ২০-২০ অ’ভাৰৰ প্ৰিমিয়াৰ লীগবোৰে৷



   আই পি এলে ক্ৰিকেটক বাণিজ্যিকীকৰণত যিদৰে
প্ৰভূত বৰঙণি যোগাইছে
, সেইদৰে খেলুৱৈসকলকো উপকৃত
কৰিছে৷ আটাইতকৈ গুৰুত্বপূৰ্ণ
, ভাৰতকে ধৰি বিভিন্ন দেশৰ প্ৰতিভাৱান ক্ৰিকেটাৰসকলকো এখন উপযুক্ত মঞ্চ দিছে৷
এইবাৰৰ প্ৰতিযোগিতাখন হ’ব ত্ৰয়োদশ সংস্কৰণ৷ ১৩ টা বছৰৰ পূৰ্বে এক প্ৰকাৰৰ বাধ্যত
পৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব
ৰ্ড (বি চি চি আই)-এ আৰম্ভ কৰা আই পি এল যে এদিন
ফুলে-ফলে নদন-বদন হৈ উঠিব
, সেয়া হয়তো কল্পনাও কৰা নাছিল তদানীন্তন কৰ্মকৰ্তাসকলে৷ বি চি চি আইৰ সৈতে
বাণিজ্যিক বিবাদত লিপ্ত হৈ আগশাৰীৰ টেলিভিছন চেনেল জি টিভিৰ
 (ZEE TV) মালিক গোষ্ঠীয়ে আৰম্ভ কৰিছিল আই
চি এল
, অৰ্থাৎ
ইণ্ডিয়ান ক্ৰিকেট লীগ৷ প্ৰচুৰ অৰ্থৰ ব্যৱস্থা থকা আই চি এলে আকৰ্ষিত কৰিলে বিভিন্ন
দেশৰ ক্ৰিকেটাৰৰ লগতে আমাৰ দেশৰো বহু নবীন-প্ৰৱীণ খেলুৱৈক৷ প্ৰথম বছৰতে আই চি এলৰ
জনপ্ৰিয়তাত প্ৰমাদ গণিলে বি চি চি আয়ে৷ আই চি এলত ভাগ লোৱা আমাৰ দেশত
ক্ৰিকেটাৰসকলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হ’ল৷ বিপৰীতে বি চি চি আয়ে আৰম্ভ
কৰিলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০০৮ বৰ্ষত৷ ইয়াৰ পৰৱৰ্তী পৰ্যায় আজি ইতিহাস৷



   আই পি এলৰ মূল চমক হ’ল খেলুৱৈৰ নীলাম৷
খেলুৱৈ নীলামৰ এই অভিনৱ পন্থাই প্ৰতিযোগিতাখনৰ আকৰ্ষণ বহু গুণে বৃদ্ধি কৰিলে৷
বিশেষকৈ প্ৰতিবাৰৰ নীলামত দুজনমান ক্ৰিকেটাৰক লৈ ফ্ৰেন্সাইজি দলবোৰৰ মাজত যি ধৰণৰ
প্ৰতিদ্বন্দ্বিতা চলে
, সেয়া হয়গৈ অতিশয় আকৰ্ষণীয়৷
তদুপৰি সংশ্লিষ্ট ক্ৰিকেটাৰজনে মূৰকত লাভ কৰে অভাৱনীয় দৰ৷ ২০২০ চনৰ অৰ্থাৎ ত্ৰয়োদশ
সংস্কৰণৰ নীলামতো এনে ঘটনাই ঘটিল৷ টীম ইণ্ডিয়াৰ প্ৰাক্তন লেগ স্পীনাৰ পীয়ুষ চাৱলা৷
নিজৰ সোণালী দিনবোৰ কাহানিবাই পাৰ কৰিলে৷ ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত হোৱা নীলামত ৬
কোটি ৭৫ লাখ টকাৰ অভাৱনীয় দৰত বিক্ৰী হ’ল চাৱলা৷ তেওঁক কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা
আঁজুৰি নিলে মহেন্দ্ৰ সিং ধোনিৰ ফ্ৰেন্সাইজি চেন্নাই ছুপাৰ কিংছে৷ এইবাৰ নীলামত
অভাৱনীয়ভাৱে লাভৱান হ’ল ৱেষ্ট্ ইণ্ডিজৰ বেট্‌ছমেন শ্বিমৰন হেটমেয়াৰ আৰু লগতে ফাষ্ট
বলাৰ শ্বেলডন কট্ৰেল৷ হেটমেয়াৰৰ নিৰ্ধাৰিত মূল্য
 (বেছ প্ৰাইছ্‌) অাছিল ৫০ লাখ টকা৷
মূৰকত দেখা গ’ল তেওঁক লৈ চলিল তিনিটা ফ্ৰেন্সাইজিৰ তীব্ৰ টনা-আঁজোৰা৷ অৱশেষত
দিল্লী কেপিটেল্‌ছে ৭ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰিলে হেটমেয়াৰক৷ অনুৰূপ ধৰণে কট্ৰেলৰ
নিৰ্ধাৰিত মূল্যও আছিল ৫০ লাখ টকা৷ একাধিক ফ্ৰেন্সাইজিৰ মাজত চলা তীব্ৰ
প্ৰতিদ্বন্দ্বিতাৰ অন্তত ৮ কোটি ৫০ লাখ টকাৰ অভাৱনীয় দৰত কিংছ ইলেভেন
 পাঞ্জাবে ক্ৰয় কৰিলে কট্ৰেলক৷
জানুৱাৰি মাহত দক্ষিণ আফ্ৰিকাত সম্পন্ন হোৱা আই চি চিৰ ১৯ বছৰৰ অনূৰ্ধ্ব ক্ৰিকেট
বিশ্বকাপত ৰানাৰ্ছ আপ হৈছিল ভাৰতীয় দল৷ সেই দলটোৰ তিনিজন সদস্য অধিনায়ক প্ৰিয়ম
গৰ্গ
, অপেনিং বেটছমেন যশস্বী জয়ছোৱাল
আৰু লেগ স্পীনাৰ ৰবি বিষ্ণইৰ কপাল ফুলিল এইবাৰৰ নীলামত৷ মুহূৰ্তৰ ভিতৰতে তিনিও হৈ
পৰিল কোটিপতি৷ মুম্বাইত পথৰ কাষত পিতৃৰ সৈতে পানীপুৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা
প্ৰতিভাৱান বেটছ্‌মেন যশস্বীক দুই কোটি ৪০ লাখ টকাত ক্ৰয় কৰিলে ৰাজস্থান ৰয়েলছে৷
অথচ তেওঁৰ
 বেছ প্ৰাইছ’ আছিল ২০ লাখ টকা৷ ২০ লাখ টকাৰ বেছ প্ৰাইছ’ নিৰ্ধাৰণ হোৱা ৰবি বিষ্ণইক দুই
কোটি টকাত ক্ৰয় কৰিলে কিংছ ইলেভেন পাঞ্জাবে৷ আনহাতে প্ৰিয়ম গৰ্গক এক কোটি ৯০ লাখ
টকাত ক্ৰয় কৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে৷ তেওঁৰো মূল্য নিৰ্ধাৰণ হৈছিল ২০ লাখ
টকাত৷ এই অভাৱনীয় মূল্যই প্ৰমাণ কৰিলে তিনিওজন প্ৰতিভাৱান ক্ৰিকেটাৰক লৈ
ফ্ৰেন্সাইজিৰ মাজত কি ধৰণৰ প্ৰতিদ্বন্দ্বিতা চলিছিল৷ আমাৰ দেশৰ
 হৈ আন এক প্ৰতিভা বিৰাট সিঙকো
তেওঁৰ বেছ প্ৰাইছ ২০ লাখ টকাৰ বিপৰীতে নীলামত এক কোটি ৯০ লাখ টকাত ক্ৰয় কৰিছিল
হায়দৰাবাদে৷ বৰুণ চক্ৰৱৰ্তী নামৰ স্পীনাৰজন ক্ৰিকেটপ্ৰেমীৰ বাবে মুঠেও পৰিচিত নাম
নহয়৷ আই পি এলৰ দ্বাদশ সংস্কৰণৰ বাবে হোৱা নীলামত কিংছ ইলেভেন পঞ্জাৱে ৮ কোটি ৪০
লাখ টকাত অভাৱনীয় দৰত তেওঁক ক্ৰয় কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ এইবাৰৰ নীলামত
বৰুণৰ
 বেছ প্ৰাইছ’ আছিল মাত্ৰ ৩০ লাখ টকা৷
তৎসত্ত্বেও মূৰকত তেওঁক ৪ কোটি টকাত ক্ৰয় কৰি কলকাতা নাইট ৰাইডাৰ্ছে চমক দিলে৷ এই ধৰণৰ
আই পি এলত আটাইতকৈ দামী ক্ৰিকেটাৰ তিনিজন হ’ল অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰ পেট
কামিন্স(১৫ কোটি ৫০ লাখ টকা)
, অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেল (১০ কোটি ৭৫ লাখ টকা) আৰু দক্ষিণ আফ্ৰিকাৰ ফাষ্টবলাৰ
ক্ৰিছ মৰিছ(১০ কোটি টকা)৷ কামিন্স আৰু মেক্সৱেলৰ প্ৰাৰম্ভিক মূল্য আছিল দুই কোটি
টকা আৰু মৰিছৰ এক কোটি ৫০ লাখ টকা৷ অষ্ট্ৰেলিয়াৰ জাতীয় দলত নিয়মীয়াকৈ খেলাৰ সুযোগ
নাপালেও নাথন কুল্টাৰ নাইলৰ কপাল ফুলালে এইবাৰৰ আই পি এলে৷ তেওঁক ৮ কোটি টকাত দলত
ল’লে মুম্বাই ইণ্ডিয়ান্‌ছে৷ ইংলেণ্ডক প্ৰথমবাৰৰ বাবে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচৰ
বিশ্বকাপ আনি দিয়া অধিনায়ক ইয়ন মৰ্গানক ৫ কোটি ২৫ লাখ টকাত দলত ল’লে কলকাতা নাইট
ৰাইডাৰ্ছে৷ ২০১৭ চনৰ পৰা অৱশ্যে আই পি এলত খেলা নাছিল বাওঁহতীয়া বেটছ্‌মেন
মৰ্গানে৷



   এই লেখাৰ প্ৰাৰম্ভতে পীয়ুষ চাৱলাৰ
উদাহৰণেৰে উল্লেখ কৰিছোঁ কেনেকৈ একোজন খেলুৱৈলৈ আই পি এলত অভাৱনীয় দৰ পায়৷ ২০১৯
বৰ্ষৰ আই পি এলত ১১ কোটি ৫০ লাখ টকাত অবিশ্বাস্য মূল্যত বিক্ৰী হৈছিল বাওঁহতীয়া ফাষ্টবলাৰ
জয়দেৱ উনাদকাট৷ এইবাৰ কিন্তু তেওঁ তিনি কোটি টকাহে পালে৷ সদ্য সমাপ্ত ৰঞ্জি ট্ৰফী
প্ৰতিযোগিতাত সৰ্বাধিক ৱিকেট দখল কৰি উনাদকাটে নিজৰ উপযোগিতা পুনৰবাৰ প্ৰমাণ
কৰিলে৷


   আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত
পৰিচিত নাম ভাৰতৰ চেতেশ্বৰ পূজাৰা
, হনুমা বিহাৰী, নিউজিলেণ্ডৰ মাৰ্টিন গুপ্টিল, টিম ছাউদী আৰু কলিন ডে গ্ৰাণ্ডহোম, ৱেষ্ট ইণ্ডিজৰ শ্বাই হোপ আৰু কাৰ্লোছ ব্ৰেথ্‌ৱেইট, দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ এণ্ডিল ফেহলুকৱায়’, বাংলাদেশৰ মুছফিকুৰ ৰহিম৷ এওঁলোকৰ দুৰ্ভাগ্য কোনো এটা ফ্ৰেন্সাইজিয়ে আগ্ৰহ
নেদেখুৱালে৷ যশপ্ৰীত বুমৰা
, হাৰ্দিক পাণ্ডিয়া, ক্ৰুনাল পাণ্ডিয়া, দীপক চাহাৰ, ৰাহুল চাহাৰ, ৱাশ্বিংটন সুন্দৰ, শ্ৰেয়াস আয়াৰ, নৱদীপ ছাইনি, খলিল আহমেদৰ দৰে আজিৰ টীম
ইণ্ডিয়াৰ খেলুৱৈসকলে প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাইছিল আই পি এলৰ মঞ্চত৷ ত্ৰয়োদশ
সংস্কৰণেও নিশ্চয় ভাগ্যৰ দুৱাৰ খুলিব কাৰোবাৰ বাবে৷ আসন্ন টি ২০ বিশ্বকাপৰ দলত
স্থান লাভৰ বাবে এইসকলে যে প্ৰাণপ্ৰণে যুঁজিব সেয়া নিশ্চিত৷
 



ভ্ৰাম্যভাষ:৮৬৩৮৯২৫৪৬৯