চ্যালুইনৰ পৰা লুইতলৈ

  চন্দ্ৰধৰ চমুৱা

অৱশ্যে ছ্যু-খান-ফাৰ লগত সদ্ভাৱ ৰক্ষাৰ প্ৰশ্নত ফ্রা-ত্রাই তাক বচালে।

মাও-লুঙৰ ৰাজধানী চেংচেত ছ্যু-কা-ফাই যি প্রতিজ্ঞা কৰিছিল তাৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে। মাও-লুঙৰ
ৰজা
 ছ্যু-খান-ফা আৰু সেনাপতি চাম্-লুঙ্-ফাই দিগ্বিজয়ৰ অভিযান
আৰম্ভ কৰিছে। এয়া ম
ঙ্-মিৎকুপ্-ক্লিন-নয়ৰ বাবে এটা খবৰ। আৰু তাৰ পাছত তেওঁলোকে এই ৰাজ্যবোৰ আক্ৰমণ কৰিছে
এয়া এক দুঃখবৰ। কথা হ
ল মঙ্-মিৎকুপ্-ক্লিন-নয় একালত বৃহৎ মাওলু ৰাজ্যৰ অধীন আছিল, এতিয়া সেয়া পুনৰ
মাও-লুঙৰ অধীন হ
ব লাগে। মাও-লুঙৰ নতুন ৰজা ছ্যু-খান্-ফাৰ যুক্তি তেওঁৰ পুলিন চাও তাই-পুঙৰ নাতি
হিচাপে আৰু পামেউপুঙৰ পুত্ৰ হিচাপে এই ৰাজ্য পুনৰ পাব লাগে।

ছ্যু-কাফা
এনে যুক্তিত স্তম্ভিত হৈছে। এই দাবী উঠিছে আজি ডেৰকুৰি বছৰৰ মূৰত! দেউতাকে
মিত্ৰতাৰ সূত্ৰে পোৱা এখন ৰাজ্য বলেৰে দখল কৰাৰ অভিযোগ উঠিছে ত্রিছটা বছৰ শান্তিৰে
থকাৰ পাছত! এয়া কোন শাস্ত্ৰৰ কথা
? এনে অসম্ভৱ দাবী ছ্যু-কা-ফাহঁতে কোনোপধ্যে মানি লব নোৱাৰে। কিন্তু পৃথিৱীত
ক্ষমতাশালীৰ ইচ্ছাই যে যুক্তি হয়
, শক্তিৰ ওচৰত যে সকলো নৈতিক বিচাৰ তল পৰে! এই
কথা প্ৰথমবাৰৰ বাবে সি উপলব্ধি কৰিলে।

প্রশ্ন হৈছে এতিয়া সি কি কৰে? সি যে প্রতিজ্ঞা তাৰ
বান্ধোনত বান্ধ খাই আছে! এতিয়া সেই বান্ধোন ছিঙি দিয়েনে বশ্যতা স্বীকাৰ কৰে
? অন্যায়ে মানুহৰ মনত নানা
ক্ষোভৰ সৃষ্টি কৰে
, সেই ক্ষোভে বহু কথা পুনর্বিৱেচনা কৰাৰ অৱকাশ
আনে। মাত্র কিছু দিনৰ আগতে
 ছ্যু-খা-ফাই
মাও-লুঙৰ সিংহাসন আৰোহণ কৰা উপলক্ষে সি শুভেচ্ছাবাণী পঠাইছিল য’ত সি সদ্ভাৱ ৰক্ষাৰ
কথা উচ্ছ্বাসেৰে দোহাৰিছিল। তাৰ কৈশোৰ আৰু প্রথম যৌৱনত জন্ম হোৱা সেই উচ্ছ্বাসৰ
বচনকে
 পৈণত
বয়সত আজি কিয় আওৰাইছিল সি
? এই প্রশ্ন মনলৈ বাৰে বাৰে আহিছে। বাস্তৱত ভিত্তিহীন, কৈশোৰ-যৌৱনৰ এনেবোৰ ভাবাৱেগৰ সাৰশূন্যতাৰ
বাবে আৰু তাকেই পৈণত বয়সত দোহৰাৰ বাবে সি লজ্জা অনুভৱ কৰিলে। আৰু সি যেন সেই
প্রতিজ্ঞাৰ সম্পূর্ণ বিপৰীতধর্মী পত্র এখন লিখি তাৰ শিশুসুলভ উচ্ছ্বাসক আজি
প্রায়চিত্ত নকৰিলে নহয় এনে এক ভাবত সি আৰম্ভ কৰিব খুজিছে এখন
 চিঠি। সি এইবাৰ ছ্যু-খান্-ফা আৰু চাম্-লুঙ্-ফাক এটা কথা চিঠিৰে সুধিব
খুজিছে৷ এটা কথা
 যিটো সি জনাৰ পাছত আজিলৈকো
তো ব্যক্ত কৰা নাই,
অথচ মাও-
লুঙৰ
বহু লোকে মুখৰুচিৰ বাবেই হওক বা গভীৰ চিন্তাৰেই হওক হয় গোপনে আলোচনা কৰে। গোপন
সূত্ৰইদিয়ে সি মানুহৰ আলোচনাবোৰ আৰু অতি সুকৌশলে সেই গোপনীয়তা ৰক্ষা কৰি আছে।
আলোচনাৰ
 মূল বিষয় হৈছে এটা ডাঙৰ প্রশ্ন: ছ্যু-খান্-ফা আৰু চাম্-লুঙ-ফা আচলতে ৰজা পামেউপুঙৰ সন্তান হয়নে? সিহঁতৰ মাক নাং-নাম্-আপৰ একালৰ প্রেমিক ব্লক্-খাম্-দেঙক অস্থায়ী ৰজা পতাৰ ৰহস্য কি? যি সন্তানৰ পিতৃ-পৰিচয়েই
কুহেলিকাৰ মাজ
ত, সেই সন্তানে ইমান
ব্যাকুলতাৰে পৈতৃক উত্তৰাধিকাৰ দাবী কৰাটো শোভা পায়নে
?

চীনা তুলাপাতত সি এই আৱেগ সানি চিঠিখন লিখিলে
আৰু বুকুৰ তলেদি চাপকনৰ ভিতৰফালে ভৰাই থ
লে। তাৰ নিদ্রাবিহীন ৰাতিৰ
চিন্তাৰ ফচল এই চিঠি।

মনতে ভাবিছে চিঠিখনে হয়তো তাৰ এপাওদেৱেক আৰু
আজি

চেংচেৰ ৰাজমাও নাম-আপক জ্বলাই মাৰিব
,
আৰু তাক চৰম অকৃতজ্ঞ বুলি
গালি দি অভিশাপ দিব। সেয়ে হ’লেও উপায় নাই
,
মানুহৰ মনত যেতিয়া ক্ষোভ
আৰু বিষৰ জুই জ্বলে, সেই জুয়ে কাক ক
ত জ্বলাই মাৰে কোনে ক
পাৰে
? হয়, মৰমৰ এনাজৰি বৰ আলসুৱা, কিন্তু
সময় যে বৰ নিষ্ঠুৰ!…

পুৱাৰ বেলিটো এচপৰা ডাৱৰৰ মাজৰ পৰা ওলাই
আহিছে। না
ম্কিউৰ ফালৰ পৰা অহা এছাটি শীতল বতাহে গাৰ কাপোৰ-কানিবোৰ লৰাই
ল। আগ বসন্তৰ ফেৰ্ফেৰীয়া শীতল বতাহ। ভাল নালাগিলেও অব্যাহতি পোৱাৰ অন্য উপায় নাই; হয়
ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব
, নহয় গাৰ কাপোৰ কানি
মূৰে-গায়ে ঢাকি ল
ব লাগিব।

ডা-ডাঙৰীয়াসকলৰ লগত হোলোং ঘৰত বা
কাৰে
ঙৰ বৰচৰাত ৰাজ্যৰ পৰিস্থিতি কথা আলোচনা কৰা যায়।
আনহতে বিশ্বাসী সহধর্মিণীৰ লগ
তো তেনে আলোচনা অবিধেয়
নহয়। তাৰ বাবে তেওঁৰ উপযুক্ত জ্ঞান
বুদ্ধিৰ দৰকাৰ। কিন্তু
ব্যক্তিগত সুখ-দুখৰ কথা ডা
ঙৰীয়া-বিষয়াৰ পৰিৱর্তে
পত্নীৰ লগত পতাটোহে বিধেয়। সি ইতিমধ্যে অন্য দুগৰাকী
কো
বিয়া কৰাইছে। তেওঁলোক হৈছে এগৰাকী নাং-চে
ন্-চুম্ফা, চমুকৈ মতা নাম চেন্-চুম, আৰু
আনগৰাকী য়ি-লো-
ৱেং-চুম, চমুকৈ
য়ি-লো। তিনিগৰাকী ৰাণী সি বংশপৰম্পৰা ৰক্ষা কৰিয়ে গ্রহণ কৰিছে। এয়া হয়তো
মিতিৰৰ সূত্ৰে ৰাজশক্তি কেন্দ্রীভূত কৰাৰ এক ৰাজকীয় কৌশল। বহুপত্নী গ্ৰহণ কৰাটো
ৰজাৰ পক্ষে দূষণীয় নহয়
, কাৰণ ৰজা হৈছে ৰাজ্যৰ
সবাতোকৈ ক্ষমতাৱন্ত লোক
, পুৰোহিতেও ৰজাৰ বহুবিবাহৰ
মান্যতা দিয়ে
, তাই শাস্ত্ৰটো
কোৱা হৈছে
 তেজস্বীজনে কৰা সম্ভোগত
দোষ নাই। ৰাণীৰ বেলিকা বহুপতি
 গ্ৰহণৰ
কথা
টো
কোনোবাই ৰগৰ কৰি সুধিলে ম
লুং বা চাংবুনে কয়ৰাণী ৰজাৰ অধীনহে। ছ্যু-কা-ফা দ্বিতীয়া পত্নী চেন্চুমক আৰু তৃতীয়া পত্নী
য়ি-লোক চ
ক্লং পাতি গ্ৰহণ কৰা নাই, সংগ্রহহে কৰিছে; অৱশ্যে পাল্কীত তুলি আনি সম্ভ্ৰমেৰে
কাৰেং সুমুৱাইছেহি। চকলং
 জীৱনত এবাৰেই হ
লাগে। যৌৱনৰ ভালপোৱাৰে আৰু চ
ক্লঙেৰে নিজৰ কৰি লোৱা আই-মেই তাৰ দ্বিতীয়া পত্নী গ্ৰহণৰ সময়ত
কিছু মানসিক আঘাত পাইছিল। কিন্তু
 দিন যোৱাৰ লগে লগে তেওঁ সহজ
হৈ পৰিল
, আৰু যেতিয়া তৃতীয়াগৰাকী সতিনী য়ি-লো ঘৰলৈ আহিল তেতিয়া তেওঁৰ মনৰ ঈর্ষা-অসূয়া একেবাৰে গলি যোৱাৰ দৰে হ; সেইবোৰ যেন তিনিগৰাকী ৰাজমহিষীৰ
মাজত সমানে ভাগ হৈ গ
ল। দুখ অকলে ভোগ কৰিবলৈ বৰ কঠিন। ভগাই ল’লেতো
সেয়া সুখত পৰিণত হয়। আৰু আই-মেৰ দুখ বুলিবলৈনো কি আছে
পৰম্পৰাৰ
মাজত তেওঁ সোমাই পৰিছে মাত্র।

জ্যেষ্ঠা পত্নীক যোগ্য মর্যাদা দিবলৈ সি
কাহানিও পাহৰা নাই। আন দুগৰাকীক নোকোৱা মনৰ কথা সি এইগৰাকী ৰাণীক কয়।

এফালে সোণালী সূর্যোদয় আৰু আনফালে পুৱাৰ
বিৰক্তিকৰ ফে
ৰ্ফেৰীয়া বতাহ৷ কাৰেঙৰ পূবৰ
অলিন্দত সি বহি আছে। লিগিৰী এজনীয়ে চ
তাল সাৰি অঁতাই
তালৰ কাষত ৰাতি ধুমুহাই সেৱাই থৈ যোৱা ফুলজোপা পোনাই খুঁটি
এটাত বান্ধি আছিল। তাইৰ কামটো শেষ হোৱাৰ পাছত সি ডাঙৰ ৰাণীক মতাই আ
নিবিৰ
কাৰণে পাঁচিলে। ৰাণী আহিল আৰু ওচৰতে পী
ৰাখনত বহিল। আন এজনী
লিগিৰীয়ে আগত তামোলৰ বটাটো দি থৈ গ
লহি। তামোল খাই খাই
ৰাণীয়ে সুধিলে
কিয়নো
মাতিলে বঙহৰ দেউ
?” সি শামুক চূণ লগোৱা পাণ
এখনেৰে তামোল এখন মুখত ভৰাই পাগুলি ল
লে। তাৰ পাছত আৰম্ভ কৰিলে
মাও-লুঙৰ ৰজাৰ অভিযানৰ কথা। মেকং
, মেনাম, চ্যালুইন, নাকিউ, চিন্দুইন উপত্যকাৰ সকলো ৰাজ্য মাও-লুঙৰ অধীন কৰাৰ বাবে ছ্যু-খান্-ফাহঁতৰ পৰিকল্পনাৰ কথা। সাৰুৱা উপত্যকাৰ কৃষি জীৱনৰ লগত সম্পর্কিত
গীত-মাত-নৃত্যৰ সংস্কৃতি আৰু উৎসৱৰ প্রাণ-চাঞ্চল্যৰে পৰিপূৰ্ণ পাহোৱাল ডেকাবোৰ দলে
দলে সৈনিক হৈ আজি মাও-লুঙৰ ন লক্ষ সেনাবাহিনীৰে
 ছ্যু-খান্-ফাৰ বিশাল শক্তিৰ অংশীদাৰ হৈছে। এসময়ত সি নিজে
কি কল্পনা কৰিছিল আৰু আজি বাস্তৱত কি ঘটিছে! কি যে বিসঙ্গতি।

এই বর্ণনাৰ পাছত মাও-লুঙত তাৰ জীৱনৰ অতিবাহিত
ওঠৰটা বছৰৰ বিষয়ে কিছু ক
লে আৰু শেষত চাপ্কনৰ তলৰ পৰা উলিয়াই সেই চিঠিখন গাই শুনালে। ৰাণী আই-মে-চাও-লোই তামোল পাগুলি
পাগুলি খন্তেক চিন্তা কৰি ৰ
ল।

কেইটামান নীৰৱ মুহূৰ্ত
পাৰ হ
ল। তাৰ পাছত তেওঁ মাত লগালে: বঙহৰ
দেউ
, এই চিঠি কেতিয়াকৈ পঠাব?”

সি ৰাণীৰ মুখলৈ চালে। এই বিষয়ে এওঁ কিবা
নতুন কথা ক
ব খুজিছে নেকি?

কিয় সুধিলা?” সি প্রশ্ন কৰিলে।

মই
এটা কথা ভাবিছোঁ।

কি
ভাবিছা
 ?”

ভাবিছোঁ, চিঠিখন দুদিনমান ৰাখি দিলে
কেনে হয়
?”

কিয়?”

বঙহৰ
দেউৰ খং মাৰ গ
লে হয়তো…।

তাৰ মানে?” সি তীক্ষ্ণভাৱে ৰাণীৰ মুখলৈ চালে।
ৰাণীৰ মুখ গহীন
, সুস্থিৰ।

তাৰ
মানেনো অন্য কি আৰু
, কথাটো আকৌ চিন্তা কৰক।
মানে এই চিঠিখন পোৱাৰ পাছত
ছ্যু-খান্-ফা ৰজাই হাৰ মানি যাব বুলি বঙহৰ দেৱে ভাবে নেকি?”

কেতিয়াও নাভাবো। সি
উত্তৰ দিলে।

তেনেহলে
চিঠিখন পঠাই খংটো জৰাৰ বাহিৰে কাৰনো কামত আহিব
?
তাতকৈ… মানে… ৰাণীয়ে
কিছু ঘেঁহালে
, তেওঁ ৰজাৰ খং-আৱেগৰ
দিশটোও লক্ষ্য নকৰাকৈ থকা নাই।

এৰা! কাৰ কামত আহিব? সি
চিঠিখন লিখাৰ পাছত এই কথাটোকে চিন্তা কৰি আছিল। শেষত অন্তর্দ্বন্দ্বৰ অৱসান ঘটাই
ৰাণীয়ে যেন আচল কথাটোকে কৈ দিলে। তেওঁ আৰু হয়তো ক’লেহেঁতেন যে সেইটো কৰাতকৈ
পাৰিলে যুদ্ধ কৰক
, নহলে
বলে নোৱৰা শিলক পৰি নমস্কাৰ কৰক। হয়তো তেওঁ ভাবিছিল বিনা বাধাই শ
ত্ৰুক দেশৰ মাটিত সোমাবলৈ দিয়াটোও সমীচীন নহব। ককাই-ভাই নিজৰ কথাহে, দেশৰ
লগত ইয়াৰ সম্পর্ক নাই। হয়তো এই কথাটোকে সিও বাৰে বাৰে ভাবি আছে।
ছ্যুখান্-ফা আৰু চাম্-লুঙ্-ফাৰ লগত তাৰ তেজৰ সম্পর্ক থাকিবও পাৰে, নাথাকিবও পাৰে, কিন্তু সিহঁত যেতিয়া দেশৰ
শত্ৰু হৈ আহিছে
, সিহঁতক শত্রু হিচাপেই গণ্য কৰিব লাগিব।
প্ৰতিৰক্ষাৰ বাবে যুদ্ধ কৰা মানে সদ্ভাৱ বিনষ্ট কৰা নহয়। হাৰিলেও সদ্ভাৱ ঘূৰি
আহিব পাৰে
, কিন্তু সেই চিঠিখনৰ কথাবোৰ যদি সি নিজে ব্যক্ত কৰে তেন্তে কোনো দিনে ককাই-ভাইৰ
মাজত সু-সম্পর্ক গঢ়ি নুঠিব। দ্বিতীয়তে
 যাৰ অভিভাৱকত্বত সি জীৱনৰ
বুনিয়াদ গঢ়িবলৈ প্ৰয়াস কৰিছিল সেইজন অতি আদৰৰ অতি শ্ৰদ্ধাৰ নিচাওদেৱেক পামেউ
পুঙ আৰু তেওঁৰ পত্নী আৰু তাৰ এপাওদেৱেক নাম-আপ বদনাম ৰটা বুলি
জগতত তাৰ দুর্নাম ৰ
ব। সত্য হ’লেও অনিষ্টকৰ কথা সি কিয় ক? তাৰ পুথাৱেক তাই-পুঙ্, নিচাৱেক পামেউপুঙ্ আৰু সলমতি এনায়েকৰ কথা মনত পৰি
তাৰ মনটোৱে দুখ আৰু অতীতপ্ৰীতিৰ দোমোজাত খন্তেক হাহাকাৰ কৰি উঠিল। খং-উত্তেজনাক
প্রশ্রয় দিয়াৰ বাবে নিজৰ মনক সি ধিক্কা
ৰো দিলে। ঙে
যে মানুহৰ কিমান দূৰলৈ নৈতিক স্খলন ঘটাব পাৰে! সি লগতে নাৰীৰ বিচাৰ-বুদ্ধিৰ শলাগ ল’লে।
এই গুণ বাৰু বংশগত নেকি
? ব পাৰে। জ্ঞানী আৰু বিৱেচক
থাও-মু
ঙ্ ডাঙৰীয়াসকলৰ কন্যাক ৰজাই পত্নীৰূপে গ্রহণ
কৰা পৰম্পৰাৰ অন্যতম দিশটো এতিয়াহে যেন সি ৰাণী আই-মে-চাও-লোৰ মাজেদি উপলব্ধি
কৰিব পাৰিলে।

বৰচৰাৰ ফালে সি অকলে সোমাই গল।
অনেক চিন্তাৰ মূৰত সি স্থিৰ কৰিলে
,
দেউতাক চাং-ন্যেউৰ উপদেশ
সা
ৰোগত কৰি তিনিও ভাই-ককাই একগোট হৈ শত্ৰুৰ বিৰুদ্ধে থিয় দিব।

ককায়েক ছ্যু-জৎ-ফা আৰু নয়-ছান্-ফাৰ ওচৰলৈ সকলো কথা জনাই সি কটকী প্ৰেৰণ কৰিলে।