হাইকুৰ দৰে কেইটামান কবিতা

পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ

 

           (১)

নিজানৰ নৈ;

বালিচন্দা সাবটি ৰৈ আছে

নিয়ৰ উৰালৈ৷

 

            (২)

এবাৰো নাচালা

শেৱালিজোপাত ওৰেনিশা তিতি থাকিল

হেমন্তৰ বিষাদ৷

 

            (৩)

বগা চাদৰখন 

তোমাৰ গাত দিওঁতেই শুকাল

চকুপানীৰ বাট৷

 

             (৪)

বাৰিষাৰ জোন;

উজানৰ পানীত নাচি ফুৰিছে

প্ৰতিমাৰ সপোন৷

 

             (৫)

মেঘবোৰৰ হৈ-চৈ;

সৰাপাতত সেমেকি উঠিছে

শীতৰ নৈ৷

 

             (৬)

ভৰা নদীৰ ঘাট;

বতাহজাকে সুহুৰিয়ালে বাজে

বাঁহীটোৰ মাত৷

 

              (৭)

গাভৰু জোনবাই;

গাত ৰং সানি গুচি গ’ল

জাৰৰ দিনৰ মাত৷

 

             (৮)

পানীমেটেকা;

ওপঙি আছে জীৱন আৰু

পিতাৰ মৃত সপোন৷

 

 

(বিশেষ দ্ৰষ্টব্য : জাপানী কাব্যপৰম্পৰাৰ হাইকুৰ দৰে কেইটামান অসীময়া কবিতা৷ একোটা হাইকু তিনিশাৰীত সোতৰটা “syllable”-ত ৫ + ৭ + ৫
এই পদ্ধতিৰে বান্ধ খাই থাকে৷ সময়ে কিছু সলনি কৰিছে জাপানীসকলৰ নিয়ম৷ ইংৰাজীত
লিখিবলৈ ভাল পাইছিলোঁ যদিও অসমীয়াত কঠোৰ নীতিৰে সোতৰটা
syllable-অত বান্ধিবলৈ লওঁতে আকৰ্ষণ হেৰোৱাৰ উপক্ৰম হল৷ সেয়ে
syllable-অৰ বান্ধোন কিঞ্চিৎ
 শিথিল কৰিলোঁ৷ দুই-এটাত হাইকুৰ syllable-অৰ বান্ধোন আছে, কিছুমানত
সামান্য ইফাল-সিফাল হৈছে৷ সেয়ে এই কবিতাকেইটা হাইকুৰ দৰেহে, আক্ষৰিক অৰ্থত হাইকু
নহয়৷)

                         

  ভ্ৰাম্যভাষ – ৭০০২১৭১৮১২

rajkumar.partha@gmail.com

 

document.getElementById(“Anyayug-month”).innerHTML = ” নৱেম্বৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;