মালৈ

.post-title{
text-align:left!important;
padding-left:10px;}

হৰেকৃষ্ণ ডেকা

 

১.

যাম
বুলিছিলি৷

এদিন
গলিগৈ
য়ে৷

কোনোবাই
কৈছিল
,

উভতি
নাচাবি
,

এই
সোঁত উভতি নবয়৷

সোঁৱৰণি
ব তিতা৷

সেই
যে জুহালৰ কাষত

পিঠা
ভাজিছিলি

কাষত
বহিছিলোঁ

কৰিছিলোঁ
আব্দাৰ৷

তা, ভাবিলে দেখোন

এতিয়াও

মনটো
হয় মিঠা!

 

 (২) 

তই
গোটেইখিনি চকুপানী টোকাৰ পাছতো

অকমান কৰবাত থাকেই দেখোন!

আচলৰ
আঁৰত মচিব খুজিলেও

নেদেখাকৈ
থাকে জানো
?

দূৰলৈ
যাবি
, ভালকৈ থাকিবি,

কথাষাৰ
এতিয়াও ৰিং হৈ বাজে৷

তই
দিয়েই থাকিলি
, একো নুখুজিলি,

ওভতাই
কিবা দিব লাগে বুলি

তেতিয়া
দেখোন নাভাবিলোঁৱেই৷

এতিয়া
কিবা মন গ’লেও

দিব
নোৱাৰোঁ

মনতে
সামৰোঁ৷

 

 (৩) 

কেঁচাখৰিৰ
ধোঁৱাই যেতিয়া

তোৰ
চকুত চকুপানী উলিয়াইছিল

সেইবোৰত
দুঃখ নাছিল
,

কিন্তু
কিমান মৰম আছিল

জুখি
চোৱাতো নাছিলোঁ৷

তোৰ
ভাগৰ পৰা অকমান হ’লেও

বেছিকৈ
দিওঁতে

তাতো
যে কিবা চেনেহেই আছিল

তনো
ভাবিছিলোঁ!

এতিয়া
জানো
, কেতিয়াবা মনে মনে তই

চকুপানী
টুকিছিলি
, দুঃখবোৰ মাথোন

লুকুৱাই
থৈছিলি৷

সেই
চকুপানীবোৰ সূতা হোৱা হ’লে

এখন
চেলেঙেই হ
লহেঁতেন কিজানি৷

মৰমতে
যে দুঃখো পোৱা যায়

তেতিয়া
যদি জানিলোহেঁতেন!

এতিয়া
বুজিছোঁ৷ বুজিলে কি হ
?

তইবা
ত আছ!

তোকনো
কেনেকৈ কওঁ!

 

 (৪) 

পিতা
যেতিয়া তোৰ ওচৰত বহিছিল

মোৰ
পিতাৰ ঠাইত বহিবলৈ মন গৈছিল৷

পিতা
লগৈ,

কিন্তু
খালী হৈ ৰ
ল ঠাই৷

তোৰ
উকা কপাললৈ চাই ভাবিছিলোঁ

আচলতে
পিতাৰ ঠাই কপালখনেই আছিল নেকি!

ইমান
সৰুতে আইতাই কোৱা কথাকে

সঁচা
বুলি ভাবিছিলোঁ
,

পিতা
হেনো আকাশলৈ গ
লগৈ৷

তৰাবোৰৰ
মাজত বিচাৰিছিলোঁ পিতাক
,

পোৱা
নাছিলোঁ৷

তেতিয়া
ৰাতিপুৱা বেলিটোলৈ চাই ভাবিছিলোঁ
,

বেলিটো
আনি তোৰ কপালত

এটা
ৰঙা ফোঁট যদি কৰিব পাৰিলোঁহেঁতেন
,

পিতা
বাৰু আহিলহেঁতেননে ঘূৰি
?

মনে
অঁকা ছবি সঁচা নহয়
,

পাছত
জানিছিলোঁ৷

তোৰ
উদি কপালত কি দুঃখ আছিল

তেতিয়া
বুজা নাছিলোঁ৷

তই
গুচি যোৱাৰ পাছত জানিছিলোঁ

তই
গ’লিগৈ আৰু ঘূৰি নাহিবলে

তেতিয়াহে
তোৰ লগতে

পিতাকো
হেৰুৱালোঁ৷

 

(৫) 

মা, তইতো বেলিটো নাছিলি

তথাপি
আমি ছটি ল
’-ছালিয়ে

গ্রহ
একোটিৰ দৰে তোৰ চাৰিওফালে

ঘূৰি
আছিলোঁ কিয়
?

তোৰ
সংসাৰখন দেখোন ঘূৰিছিল

পিতাৰ
চাৰিওফালে

আমাকো
লগতে লৈ৷

মই
মোৰ প্রথম পদ্য লিখি

চুচুক-চামাক্কৈ

আহিছিলোঁ
তোৰ ওচৰলৈকে

তই
মোৰ ফালে চাওঁতে

তোকে
দেখিছিলোঁ আটাইতকৈ ধুনীয়া৷

তই
সুধিছিলি
, ‘কি?’

আৰু
 লাগি শুনিছিলি মই আওৰোৱা৷

মাথোন
কৈছিলি
, ডাঙৰ মানু্হ হবি৷

পাছত
জানিছিলোঁ
, সকলো ল’-ছালিকে

সকলো
মাকে ডাঙৰ হ
বলৈ কয়৷

ডাঙৰ
হওঁতে বহুত কবিতা লিখিলোঁ
, মা৷

কিন্তু
তোকনো শুনালোঁহেতেন কেনেকৈ
 ?

সেইবোৰ
যে ভব্য-গব্য পোছাক পিন্ধা

ভাবনাৰ
একোটা একা-বেঁকা পাক আছিল!

তোক
নুশুনালোঁৱেই নহয়৷

তোৰ
যদি কিবা অভিমান আছিল

কোনোদিনে
নক’লি দেখোন!

এতিয়া
তোৰ কাৰণে সহজ পদ্য লিখিছোঁ
, মা৷

তই
জানো আহিব পাৰিবি
?

মই
যদি ডাঙৰকৈ মাতোঁ

শুনিবিনে?

document.getElementById(“Anyayug-month”).innerHTML = ” জুন,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২১”;