ছোৱালী মানুহৰ ঘৰ

 নৱজিৎ চেলেং

 

দুশাৰী দীঘলীয়া
পাতাবাহাৰৰ মাজেৰে মণিমালাই দীঘলকৈ দূৰলৈ চালে। মণিমালাৰ দৃষ্টি পদূলি সাৰি মূল
ৰাস্তাৰ পৰাও কিছু আগুৱাই গ
ল।

সেইপাৰে এখন
আকাশ আছে। আধা টুকুৰা আধা টুকুৰা বৰফি আকাৰৰ ছাইৰঙী পাহাৰে নক্সা কটা আকাশ। মণিমালাৰ আজন্ম চিনাকি। তাৰ তলে তলে পথাৰ। কেতিয়াবা
সেউজীয়া। কেতিয়াবা পিংগল। মণিমালাৰ আশৈশৱ চিনাকী।

দুশাৰী চিচাফুলৰ
মাজেৰে সেয়া শীত আহিছে আবেলিৰ কুঁৱলী লৈ। কোনোবাই ক
ৰবাত  জ্বলোৱা যাগ এটাৰ ধোঁৱাই সীমা-জেউৰা নুগুণি উৰি অহাৰ দৰে ভাহি উঠিছে পাতল কুৱাবোৰ। ঠিক উকা কাগজত পোনকৈ টনা আঁচ
একোডালৰ দৰে। এডাল দুডালকৈ কেবাডালো। আগতে এনেকুৱা আঁচবোৰ কেৱল মুকলি পথাৰতহে
দেখিছিল মণিমালাহঁতে। সৰু হৈ থাকোঁতে। ডাঙৰ হোৱাৰ পাছতো। এতিয়া পিছে মণিমালা সৰু হৈ
থকা নাই। ডাঙৰো হৈ থকা নাই এতিয়া মণিমালা। এতিয়া মণিমালাৰ বয়স হৈছে। ডাঠ ৰং ভাল
নলগাৰ সমান বয়স। বেজীৰ পোকৰত বটীয়া ভৰা
ওঁতে শূন্যত আগ বাঢ়ি যোৱা হাতখন সামান্য কঁপি উঠাৰ সমান বয়স। ঠিক আনবোৰ
মানুহক সংসাৰৰ সমস্ত মায়া-মোহে ছাটি মাৰি ধৰাহি সমান বয়স।
 

এৰা। হয়তো। মণিমালাৰ
আগতকৈ মায়া-মোহ বাঢ়িল। বাৰীৰ চাৰিসীমাটোৰ বাবে পকা খূঁটা কেইযোৰমান সাজিবলৈ বৰমিস্ত্ৰীৰ পুতেক ৰতনক মতাই অনাৰ দিনাই কথাটো কেনেবাকৈ মণিমালাৰ নিজৰ মনলৈও আহিল।
হয়তো। তাইৰ মনলৈ দেখোন আজিকালি
 অকল এইবোৰ চিন্তাকে আহি থকা হৈছে। মাটি-বাৰী-সীমা, ধান-ভঁৰাল-পুখুৰী। স্কুলৰ পৰা উভতি আহি নাকে-কাণে কিবা এটা সুমুৱাই
থিতাদহে বাৰীলৈ ঢাপলি মেলে তাই। পুখুৰীৰ মাছকিটাকে ঘাপ মাৰি কাটি আনি কলপাত দুখিলা
খাবলৈ দিয়েগৈ, আদা-হালধিৰ খলকিটাত গাজ ওলাইছেনে নাই ওলোৱা চকু ফুৰায়গৈ। আন একো কৰিবলৈ নাপালে তাই বাঁহনিৰ পৰা আগতে কটা বাঁহৰ শুকান জেং এডালকে টানি আজুৰি আনি বগাই যোৱা কিবা পুলি এটাৰ কাষত গোজ মাৰি দিয়েগৈ। তাৰ পা
ত বেলিয়ে বেলিৰ সাধু
কয়
, মণিমালাই টিভি ছিৰিয়েলৰ সুখ-দুখত মজি থাকে। ভায়েক
বোৱাৰীয়েকে পাকঘৰত ইউটিউব চাই চাই ইটো-সিটো ৰন্ধালে-বঢ়ালে ৰাতি এপৰেই হয়। ঘৰৰ
মানুহে খোৱা ডাইনিংখনত ৰাতি এপৰত ভাত খাবলৈ বহোঁতে মণিমালাই নতুনকৈ কৰিব লগা
কামবোৰৰ “মাষ্টাৰ প্লেন” টোৰ কথা সকলোৰে জ্ঞাতাৰ্থে ঘোষণা কৰে-
পদূলিটো আৰু অলপ
ওখ কৰিবলৈ মাটি দুগাড়ীমান পেলাব লাগিব। পুৰ
ণি ছেনিটেৰীটো ৰিপিয়েৰিং কৰাতকৈ সিটো মূৰে ডাঙৰকৈ নতুন এটাই তৰা ভাল হব। আলু খেতিৰ মাটি হ কৰিবলৈ হাল-টেক্টৰ বন্দবস্ত
কৰিবৰ হ
…” ইত্যাদি ইত্যাদি।

এইখিনি দেখিলে
আনহে নালাগে মণিমালাৰ নিজৰো এনে লাগে যেন তাইৰ মোহটো বাঢ়িছে দিনক দিনে। দিনক দিনে
মায়াৰ জাল এখনৰ আঠা আঠা আৱেশটোত বাৰে বাৰে লাগি লাগি ধৰে দেখোন তাই। মাক থকা হ
লে,
তাইৰ এই ৰূপ দেখা হলে খাটাং কলেহেঁতেন- “গোটেইজনী বৰ পেহীয়েৰাই হলি। ইমানটো আকল
ভাল নহয় অ
ণি। দেহাটোলৈ চাবি। ছোৱালী
মানুহৰ ইমানটো ডাঁহ ভাল নহয়। ঘৰেই নাই অ
ছোৱালী মানুহৰ।
নিজৰ ক্ষেত্ৰতে পা
লোঁ নহয়। দেহাটোহে অকল।” অনুচ্চ স্বৰত কলেহেঁতেন- “তাকোনো কৰ নিজৰ। কত চকুৱে ফালিচিৰি নেফানেফ কৰে। কত ঋতুৱে খেদি-কুৰি লৈ যায় অচিন
বাটেৰে। কত ৰাতিয়ে মেলি দিয়ে অটব্য অৰণ্যৰ
মচোৱা-গোম!”

পিছে এতিয়া আৰু মণিমালাৰ
একোলৈকে ভ্ৰূক্ষেপ নাই। তাই আৰু এতিয়া তেতিয়াৰ ছোৱালীজনী হৈ থকা নাই। সৰু অথবা
ডাঙৰ। পূৰ্ণবয়স্ক মানুহ এতিয়া তাই। লুকাই চুৰকৈ মাৰি পঠোৱা শেলবোৰৰ আগত ফিট হৈ
থিয় দিব পাৰে এতিয়া। বদনাম-ৰটনাবোৰক ছালৰ সিপাৰৰ পৰাই খেদি পঠিয়াব পাৰে। তাইৰ দেহত
আৰু যৌৱন নাই। আছে আজি ইটো কালি সিটো বেমাৰহে। মইশ্ব
ৰাইজাৰৰ
গোন্ধ কম ভলিনীৰ গোন্ধ বেছি এতিয়া তাইৰ দেহত। কিনো কৰে, বেমাৰে লগ দিয়াৰ বয়সে

যে এইটো।
 

যোৱা দুদিন ধৰি
আকৌ আৰম্ভ হোৱা কঁকালৰ বিষটোৰ বাবে হাত দুখনেৰে কঁকালটোত পিছফালৰ পৰা ভেজাটো দি মণিমালাই
দীঘলকৈ দূৰলৈ চালে। দুশাৰী পাতবাহাৰৰ মাজেৰে আহিব লগা কোনোবা আগ
ন্তুকৰ ঠাইত মণিমালাৰ থৰ কমা দুভৰিৰ মাজেৰে কেতিয়াবাই নামি আহিল নাৰিত্ব
হেৰুওৱাৰ ঋতু। আঘোণৰ পথাৰলৈ বুলি ধোঁৱাচাঙৰ পৰা নমাই অনা ৰবাব টেঙাটোৰ দৰে এই
সোপোকা দেহত কত বেজীৰ খোঁচ পৰিল আৰু অনাগত দিনতেইবা কতটা পৰিব তাৰে চিন্তাইহে মণিমালাক
আগুৰি থাকে আজিকালি। মণিমালাৰ বিছনাৰ হেডবক্সত এতিয়া আৰু কোনো গৰম সপোন নাই। দেশৰ
মানে টেবলেটৰ ফাইল আছে। থাইৰয়ডৰ। ভিটামিন বি কমপ্লেক্সৰ। ইউৰিক এচিডৰ
। সেইটো হেডবক্সতে বিয়াৰ প্ৰথমকেইদিনত সৰু কাপোৰৰ
বেগ এটাত লাজে-ভয়ে “মালা-ডি”-ৰ ফইল এটা ভৰাই ৰাখিছিল মণিমালাই। নামনিৰ ফালে পৰা
তাইৰ জেঠায়েকৰ জীয়েক
, তাইৰ কান সমনীয়া ৰুণুমীয়ে বলবস্তিৰে দি
পঠিয়াইছিল- “থৈ দিবি কোনেও নেদেখাকে। দৰকাৰ হ
ব।” মণিমালাতকৈ
দুবছৰ আগতেই বিয়াত সোমাইছিল ৰুণুমী। কোলাত লোদোৰ-পোদোৰ কেঁচুৱা এটা লৈ মণিমালাৰ
বিয়া খাবলৈ আহিছিল ৰুণুমী। আছুতীয়া কোঠাটোত বহি দুয়োজনীয়ে কথা পা
তোঁতে তাইক দিয়া টেবলেটৰ ফাইলটোলৈ চাই চাই ৰুণুমীয়ে কৈ গৈছিল-” মতা মানুহবোৰে সেইবোৰ একো বুজি নাপায়। অলপ দিনলৈ এইটো খাই থাকিবি। দেখিছই নহয়
ফূৰ্তি কৰি তোৰ বিয়াখন খাবলেও নেপালোঁ। তেতিয়া সেইবোৰ একো নাজানো নহয়। কওঁতাও
নাছিল কোনো।
হোঁ ল। দৰকাৰ হবই।”

 ৰুণুমীয়ে কোৱা “দৰকাৰ”টোহে
নপৰিল মণিমালাৰ। বেগৰ বস্তু বেগতেই থাকিল। মানুহটোৱে নুচুলেই মণিমালাক। যিকিদিন
একেলগে শুলে কাটি হৈয়ে শুলে মানুহটো। সাৰে থকা মণিমালাই কেৱল নাকৰ শব্দহে শুনিলে।
এমাহ দুমাহকৈ ছমাহ। এৰাতি দুৰাতিকৈ বহু ৰাতি। পুৱা শোৱাপাটীৰ পৰা নামি দুয়ো
মুখামুখি হ
লে মণিমালাৰ চকুত লাজ ভাবৰ পৰিৱৰ্তে লাগি থাকিল আশংকাৰ
আঁচোৰ। মানুহটোৰ চাৱনিবোৰ অসহায়তাৰে ভৰা।
শীতৰ গোমা পুৱা এটাৰ দৰে। দেখাত ভীষণ ঠাণ্ডা পেলাব যেন লগা যদিও পাতলীয়া
, অহেতুক গৰম এটাহে লৈ ফুৰা ধৰণৰ।

মণিমালাই
বাথৰুমৰ আইনাত নিজক ভালকৈ চায়। চক খায়- টোপনি যোৱা মানুহৰ চকুও এনেকৈ ৰঙা পৰেনে! ক

নোৱৰাকৈয়ে পুৱাই পিন্ধা কপালৰ সেন্দূৰত মণিমালাই আঁকি লয় প্ৰশ্নৰ থোপা একোটা।
প্ৰশ্নবোধকৰ বৃত্ত একোটা। আৰু বাট চাই থাকে। শোৱাপাটীত বাট চাই থাকে খাদ্যৰ গোন্ধ
পাই লদা ভাঙি কেৰমেচা-কেৰমেচিকৈ আগ বাঢ়ি আহিব লগা অজগৰটোলৈ। যেন এই বগুৱা বাই আহিব, এই
মেৰিয়াই ধৰিবহি। আৰু এই
। নামনিৰ ফালৰ ফোনটো বাজি থাকে। সিপাৰে
মণিমালাৰ জেঠায়েকৰ জীয়েক ৰুণুমী ৰৈ থাকে। ৰৈ থাকে মাইকী মানুহৰ অশ্লীল ইংগিত ভৰা
খিলিখিলনি এটা। নিমাওমাও বেৰ-মজিয়াত খুন্দা খাই ছিটিকি প
ৰোঁ
ৰোঁকৈ। এইপাৰে মণিমালা ৰৈ যায়। হাতৰ ফোন হাততে লৈ ৰৈ থাকে মণিমালা।
মণিমালাই জানে- ৰুণুমীয়ে কি সুধিব। কি ক
ব। নাজানে মাত্ৰ তাই নিজেনো কি কব তাইক। কি কব লাগিব। কবলৈ
বহুত কিবাকিবি থাকিলে অলপ কৈয়ে বুজাই দিবলৈ ভাল। কিন্তু একোৱেই যদি নাথাকে কিবা
এটা কোৱাটোও যে টান।

মণিমালাই পুৱাৰ
চোতাল সাৰে। নিয়ৰত তিতা চোতাল। শাৰী শাৰীকৈ ওলোটা-
ভোটা অৰ্ধবৃত্ত আঁকে। মণিমালাই শহুৰৰ ঘৰৰ সকলোলৈকে চচপেনত পুৱাৰ চাহ তোলে। ধোঁৱাৰ কুণ্ডলী আঁকে। মণিমালাই মূঢ়াত বহি পাচলি কুটোঁতে অকস্মাৎ হাতৰ আঙুলি কাটে। তেজৰ টোপালেৰে মাটিৰ মজিয়াত খিচখিচিয়া ফুল
আঁকে
। সন্ধিয়া মানুহটো কৰবাৰ পৰা
ঘপহকৈ আহি সোমালেহি মণিমালাই লৰালৰিকৈ
গেছৰ ষ্ট
ভ জ্বলায়। গিলাচেৰে জুখি জুখি সাতটা মানুহলৈ চচপেনত সন্ধিয়াৰ চাহ তোলে। জাৰৰ দিনৰ পানী উতলিবলৈ লগা সময়কণৰ সুযোগ লৈ মানুহটো ঘপহকৈ ওলাই যায়। মণিমালাই নেদেখে।
কাণত পৰেহি- “বৌতি মোৰ উভতি আ
হোঁতে দেৰি হব।” ৰাতি এপৰত মণিমালাৰ চিন্তিত দুচকুক টোপনিয়ে গিলি থয়। চকু মেলি
কেতিয়াবা তাইৰ কাষতে পৰি থকা মানুহ এটাক দেখে। কেতিয়াবা নেদেখে। মণিমালাই ৰুণুমীৰ
ফোন
নুঠায়। বাৰীত শাক তুলিবলৈ সোমাওঁতে
মাক বা ভ
নীয়েকলৈ ফোনটো লগায়। নাই, ম বুলি ভাবি থকা একো কথাই দেখোন কব নোৱাৰে মণিমালাই।
মাকক অথবা ভ
নীয়েককো। “চব ঠিকে আছে” বুলিয়েই ফোনটো সামৰে
সদায়। অথচ একোৱেই ভাল নাথাকে। একোৱেই মানে বৈৱাহিক জীৱনত যিবিলাক থাকে তাৰে একো
নাথাকে ক
ব লগাকৈ মণিমালাৰ। আৱেগ, আৱেশ
একোৱেই।

শীত অহা বাটেৰে
গুচি যায়। বগৰী ফুলাৰ গোন্ধটোৰ দৰে কিবা এটা থাকি যায় মণিমালাৰ আশে-পাশে। বিৰক্তি
দিয়ে মণিমালাক। মণিমালাই না বতাহক গালি দিব পাৰে, না নিজৰে নাকৰ বাট বন্ধ কৰিব
পাৰে। শীতৰ শেষ কুঁৱলিলৈ চাই চাই মণিমালাই ভাবে- সিদ্ধান্ত এটা লোৱাটো খুবেই জৰুৰী
তাইৰ বাবে। বাৰে বাৰে ভাবে। ভাবি থাকে।

                                     ০০০০০ 

তেতিয়া বসন্তকাল আছিল। ইতিমধ্যেই দুই এজাক বৰষুণো পৰিছিল। ভিজা মাটিয়ে সামৰি লৈছিল
ধুলিবোৰ। কোনোবা ৰাতি ধাৰাসাৰ বৰষুণত বাহ ভাগি সৰি পৰা কণমান চৰাই পোৱা
লি এটাক মণিমালাই বুটলি আনি আপডাল কৰিছিল। চাউল খুৱাইছিল। পানী খুৱাইছিল।
সেয়াই আছিল আৰম্ভণি। মণিমালাৰ জীৱনৰ আন এটা পৰ্বৰ পাতনি। সিদ্ধান্ত এটা যে ল
ব লাগে, সেই কথাটোৱে মণিমালাক কীট এটাৰ দৰে
কামুৰিবলৈ লৈছিল- থহৰ থহৰ। গেথেলা মৰা বিষ এটাৰ অন্তহীন অহা-যোৱাই মণিমালাক বাৰ
বাৰ নিজৰ সন্মুখীন কৰাইছিল। কত দিন হল তাইৰ নিজে
দোমোজাৰ ফেৰেঙনি এটাত ওলমি থকা। য
ত ৰৈ আছে তত খোপনি নাই। যলৈ যাব পাৰে তাত আকৌ ডালেই নাই।
দুয়োফালে সমানেই অনিশ্চয়তা। বিকল্পৰ সকলো বাট বন্ধ। অলপ ধোঁৱা ধোঁৱা ভাবৰ মাজত চকু
মোহাৰি মণিমালাই যি দেখিছিল
, সেয়া যুদ্ধৰ বাহিৰে আন একো নহয়।
সেই যুদ্ধই জীৱন দিব নে ল
ব সেই কথাও নিশ্চিত নাছিল। আছিল
মাত্ৰ সকলো অনিশ্চয়তা নেওচি বুকুত অকণ অকণকৈ গোট খোৱা অলপ সাহস। সম্বলৰ দৰে।
সঞ্চয়ৰ দৰে। আৰু সেই সাহসৰ দলং পাৰ হৈ বসন্তৰ কোনোবা এটা পুৱা মণিমালাই হাতৰ বাঢ়নী
বাটত পেলাই ঘৰ সোমাইছিলহি। মাকৰ ঘৰ।

 

০০০০০ 

সেয়া এটা যুগ
যেন আগৰ কথা। বহু বাৰিষাৰ বৰষুণে ধুই নিয়া। বহু খৰালিৰ ৰ
দে
শুকুৱাই দিয়া। বহু ঋতুৱে পাত পিন্ধোৱা আৰু বহু ঋতুৱে পাত খহোৱা এজোপা গছৰ দৰেই এই
পৰ্ব মণিমালাৰ। ক
ৰ্ট-কাছাৰীলৈ আহ-যা
কৰি ডিভোৰ্চী নাম লোৱাৰ পৰা চাকৰি এটা যোগাৰ কৰি স্বাৱলম্বী হোৱালৈকে এখন মহাভাৰত।
চুটি-দীঘল পৰ্ব আৰু পৰ্ব।
 

সেই সময়ে এতিয়া
আৰু মণিমালাক নুচুৱে। চুবলৈ নিদিয়ে হয়তো মণিমালাই স্বেচ্ছাৰে। সেই সময়ৰ সকলো আঁচোৰ
এই সময়ৰ আ
বুৰ আৰু আশ্বাসেৰে ঢাকি থয় মণিমালাই। ঘৰে আকোঁৱালি লোৱা, সম্পৰ্কই আশ্বস্ত কৰা মণিমালাৰ কতো নালাগে যে এয়া এক আশ্ৰয়হে মাত্ৰ। আশ্ৰমৰ দৰে ইয়াত কোনো বিধি-বাধা নাই।
এখন ঘৰৰ ভিতৰতেই দুখনকৈ সংসাৰ আৰম্ভ হোৱাত মণিমালাৰ অৱদান অপৰিসীম। দুটাকৈ ভায়েকৰ
বিয়া পাতিছে মণিমালাই বাহুবলেৰে। মৰমিয়াল দুজনীকে ভাই বোৱাৰীয়ে আঁকোৱাল মাৰি ধৰিছেহি মণিমালাৰ
আন এটি পৰ্ব। প্ৰাতঃস্মৰণীয় নহ
লেও অন্য এক উকমুকনিৰে মুখৰিত
আন এটা পৰ্ব। মণিমালাৰ ওপৰতে ঘৰৰ সকলো ভাৰ-ভৰসা। হেলাৰঙে নেওচিব পৰা কষ্টৰ বাবে
উৎসাহিত কৰা অধিকাৰ পাইছে মণিমালাই এই ঘৰত। কোনো উচ-
নী
নোহোৱাকৈ মণিমালাৰ নিৰ্দেশতে চলি আছে এই ঘৰখনৰ প্ৰাত্যহিক ৰু
টিন।
পুৰাতন অভিধা। আৰু কি লাগে মণিমালাক
? এটা জীৱনৰ বাবে?
জীৱন এটাৰ অন্তিম পৰ্বৰ বাবে?
 

হয়তো মণিমালাই
আৰু একোৱেই আশা কৰা নাছিল। দুহাত মেলি জীৱনৰ পৰা আৰু কিবা বিচাৰিব পৰাকৈ মণিমালাৰ
হাত সংকুচিত। জীৱনৰ যি পৰ্বত মণিমালাই ভৰি থৈছেহি তাৰ পৰা যিকোনো মানুহেই বাট চাই
থাকিব পাৰে কেৱল এক সুখময় মৃত্যুলৈহে, প্ৰাপ্তি-অপ্ৰাপ্তিৰ তুলাচনীত ভাৰাক্ৰান্ত
জীৱনলৈ মুঠেও নহয়। এখন ঘৰ সৰু সৰু দুখন ঘৰ হৈ যোৱাৰ পাছতো মণিমালাৰ স্থিতি
দুয়োখনতে সমানেই উপলব্ধ। সমানেই আদৰ। সমানেই যত্ন। একেই অধিকাৰ। ঘৰৰ অধিকাৰ।
অধিকাৰ থকা ঘৰ। কোনো দৃশ্য-অদৃশ্য কাঁটাতাঁৰ নোহোৱা দুখন ঘৰৰ মাজৰ ন
মেনচ্ লেণ্ডতো মণিমালাৰেই অধিকাৰ। একক। আনকি দুয়োখন
ঘৰৰ আলহীৰ মাজতো মণিমালা এক প্ৰৱাহৰ দৰে। ইটো মূৰক সিটো মূৰৰ স
তে সংযোগ কৰা প্ৰৱাহৰ দৰে। মণিমালাই অন্ততঃ তেনেকৈয়ে ভাবে। বেলেগকৈ ভবাৰ সুযোগ মণিমালাক কোনেও দিয়া নাই।
সেই সুবিধা মণিমালাই কাহানিও পোৱা নাই।

                                        ০০০০০ 

সিদিনা মণিমালাৰ
পুৰ
ণি বন্ধু ৰজত আহিছিল। সপৰিয়ালে। এটা যুগ যেন সময়ৰ বিৰতিত লগ পোৱা বন্ধু ৰজতলৈ
মণিমালা একে দৰেই ৰৈ আছিল। অহাৰ পাছত মণিমালাৰ ভূমিকাও একেই আছিল। নিজ হাতেৰে
ৰান্ধি-বাঢ়ি
খুওৱাৰ পৰা ধৰি মৰমৰ উপহাৰ এটা হাতত গুজি
দিয়ালৈকে। সেই একেজনী মণিমালা। মাজৰ এটা পৰ্বই মণিমালাক ভাঙিব পৰা নাই বুলি ৰজত
আশ্বস্ত হ
ব পৰাকৈ একেজনী মণিমালা। ৰজতে যি ভাবি আহিছিল তাতোকৈ
বহুত বেলেগভাৱে একেজনীয়েই হৈ থকা মণিমালা। বয়সৰ আঁচোৰটোৰ বাহিৰে ক
তো একো সলনি হোৱা নাই। নতুনকৈ মাত্ৰ সংযোগ হৈছে- ইখন ঘৰৰ পৰা সিখন ঘৰলৈ
লৈ যোৱাৰ বাটটো। “ডাঙৰটোৰ এইখন
, সৰুটোৰ সেইখন” বুলি মণিমালাই
দাঙি ধৰা পৰিচয় পৰ্বটো। বাকীবোৰ চব একে। এতিয়াও দুয়োখন ঘৰতেই মুখ্য ভাও মণিমালাৰ।
তো অকণো হেৰফেৰ নাই।
 

তথাপি, যোৱাৰ পৰত দুয়োটা ঘৰৰ উমৈহতীয়া চোতালখনত ৰজতৰ হাতত গামোচাখন গুজি দিওঁতে
তাৰ দুচকুত লাগি থকা দুটোপাল পানী মণিমালাই
দেখিছিল। কুঁৱলি আৰু গধুলিৰ বিভ্ৰম যেন পোহৰতো মণিমালাই স্পষ্টকৈ দেখিছিল এই সৰোঁ
 এই পৰোঁকৈ ওলমি থকা দুটোপাল পানী। পানীৰ কোনো ভাষা
নথকাৰ পাছতো মণিমালাই ঠিকেই তৰ্জমা কৰিব পাৰিছিল আন বহুতৰ চকুত দেখি অহা সেই একেটা
ভাষা। সেই একেটাই প্ৰশ্ন। শব্দহীন অথচ অৰ্থপূৰ্ণ। ভাসমান অথচ অদৃষ্ট। মণিমালাই
বুজে সেই পনীয়া ভাষাৰ বৰ্ণ
, শব্দ আৰু বাক্য। সেই আখৰহীন
উচ্চাৰণ। জগত আৰু জীৱনে পানীৰ দৰে হ
বলৈ শিকোৱা প্ৰতিজনী
ছোৱালীয়ে সেই পানীৰ ভাষা সহজেই বুজে। তাৰ পাছতো তাহাঁতে মূৰ তুলি কোনো উত্তৰ
নিদিয়ে। উত্তৰ দিবলৈ গ
লেই সাগৰ এখন পাৰ হৈ যাব লাগে বাবে
ছোৱালীবোৰ মাত্ৰ মনে মনে থাকে। আৰু আগৰাতি নিদানৰ নামত তিয়াই থোৱা চিৰতা পাতৰ পানী
গিলাচৰ দৰেই প্ৰতি পুৱা ঘোঁট-ঘোঁটকৈ পি থয় এটা পানীত তিতা উত্তৰ। অথবা সেই
তুঁহজুইৰ দৰে প্ৰশ্ন।

 এয়া কোনো নতুন
প্ৰশ্ন নহয়। ই পানীৰ দৰেই আদিম। পানীৰ প্ৰয়োজনৰ দৰেই পুৰাতন। আৰু পানীৰ দৰেই ঢৌ
তুলি-ঢৌ সামৰি
, যুগৰ পাছত যুগ বৈ আছে সেই আকাৰ-আয়তনহীন প্ৰশ্নটো- … আৰু
তোমাৰ ঘৰ কোনখন
?


ফোন : ৯১০১৫৯৪৯৩৬

              

                                            

 

document.getElementById(“Anyayug-month”).innerHTML = ” অক্টোবৰ,”;
document.getElementById(“Anyayug-year”).innerHTML = ” ২০২২”;