সুবলচন্দ্রৰ পুতেকৰ নাম সুশীলচন্দ্র। কিন্তু
মানুহ সদায় তেওঁৰ নামৰ নিচিনা নহয়। সেইবাবে সুবলচন্দ্র অলপ দুর্বল আছিল আৰু
সুশীলচন্দ্রও বৰ শান্ত নাছিল।
ল’ৰাটোৱে গোটেই গাঁৱৰ মানুহবোৰক অশান্তি দি
ফুৰিছিল, সেইবাবে দেউতাকে মাজে মাজে শাসন কৰিবলৈ দৌৰিছিল, কিন্তু দেউতাকৰ ভৰিত বাতবিষ
আছিল, আৰু
ল’ৰাটোৱে
হৰিণাৰ দৰে দৌৰিব পাৰিছিল, গতিকে কিল-ভুকুবিলাক সকলো
সময়তে ঠিক ঠাইত পৰা নাছিল। কিন্তু সুশীলচন্দ্র কিবাকৈ যদি ধৰা পৰিছিল সিদিনা আৰু
তাৰ ৰক্ষা নাছিল।
আজি শনিবাৰ বাবে স্কুল দুপুৰীয়া দুই বজাত ছুটী হোৱাৰ কথা, কিন্তু
আজি স্কুললৈ যাবলৈ সুশীলচন্দ্রৰ একেবাৰেই মন নাছিল। তাৰ বহুতো কাৰণ আছিল। প্রথম কথা, আজি
স্কুলত ভূগোলৰ পৰীক্ষা, দ্বিতীয়তে আজি
ওচৰৰ বসুহঁতৰ ঘৰত সন্ধিয়া আতচবাজী জ্বলোৱা হ’ব। ৰাতিপুৱাৰ পৰা তাত সেইবাবে ধুমধাম চলি
আছে। সুশীলৰ আজি গোটেই দিনটো তাতে থকাৰ মন।
কিবাকিবি ভাবি-চিন্তি অৱশেষত স্কুললৈ যোৱাৰ
সময়ত সি বিছনাত পৰি শুই থাকিলগৈ। দেউতা সুবলে গৈ তাক সুধিলে, ‘‘কি হ’ল,বিছনাত পৰি আছা যে। স্কুললৈ নাযাৱ নেকি?’’
সুশীলে ক’লে, ‘‘মোৰ পেটটো কামুৰি আছে, মই
আজি স্কুললৈ যাব নোৱাৰিম।’’
সুবলে তাৰ কথা মিছা বুলি বুজি পাইছিল। তেওঁ নিজকে মনে মনে কৈছিল, আজি ইয়াক ভালদৰে জব্দ কৰিব
লাগিব। এনেকৈ ভাবি সুবলে কলে, ‘‘তোৰ পেট কামুৰিছে? তেনেহ’লে বাৰু তই তালৈও যাব নোৱাৰিবি।
বসুহঁতৰ ঘৰত আতচবাজী চাবলৈ মই হৰিক অকলেই পঠাই দিম আৰু। আজি তোৰ বাবে লজেঞ্চ কিনি
থৈছিলোঁ, সেইবোৰো আজি তই খাব নালাগে। তই ইয়াতেই চুপ হৈ
শুই থাক, মই
অলপ দৰব তৈয়াৰ কৰি আনোগৈ।’’
এনেদৰে কৈ তাৰ ঘৰত শিকলি দি সুবলচন্দ্র বৰ বেছি
তিতা দৰব সাজু কৰিবলৈ গ’ল। সুশীল মহা বিপদত পৰিল। লজেঞ্চ সি যিমানেই ভাল পাইছিল, ঔষধ
সিমানেই বেয়া পাইছিল। সিফালে বসুহঁতৰ ঘৰলৈ যাবলৈ বুলি কালি ৰাতিৰ পৰা ছটফটাই আছিল, সেইফালেও বোধকৰোঁ আৰু আশা
নাই।
সুবলে যেতিয়া এটা ডাঙৰ বাটিত দৰব লৈ কোঠাটোত
সোমাল সুশীল তেতিয়া বিছনাৰ পৰা খৰধৰকৈ উঠি ক’লে, ‘‘মোৰ পেট কামোৰণি
একদম ভাল পাইছোঁ দেউতা, মই আজি স্কুললৈ যাম।’’
দেউতাকে ক’লে, ‘‘নহয় নহয়, সেয়া
হ’ব নোৱাৰে, তই
দৰব খাই ইয়াতেই মনে মনে শুই থাক।’’ এনেকৈ তাক জোৰ কৰি দৰব খুৱাই ঘৰত তলা লগাই তেওঁ
বাহিৰলৈ ওলাই গ’ল।
সুশীলে বিছনাত পৰি গোটেই দিনটো কান্দি কান্দি ক’বলৈ ধৰিলে, ইস্, মই যদি কালিলৈ দেউতাৰ সমান
বয়সৰ হৈ যাওঁ, মই
যি ইচ্ছা তাকেই কৰিব পাৰিম, মোক
কোনেও ঘৰত বন্ধ কৰি ৰাখিব নোৱাৰিব।’’
দেউতাক সুবলচন্দ্ৰই বাহিৰত অকলে বহি বহি ভাবি
আছিল যে, মোৰ
মা-দেউতাই মোক বৰ বেছি আদৰ কৰিছিল বাবে মোৰ ভালদৰে পঢ়াশুনা নহ’ল। আকৌ যদি সেই ল’ৰালি কাল উভতি আহে তেনেহ’লে মই আৰু সময় নষ্ট নকৰি অকলে
মনপুতি পঢ়া–শুনা কৰিম।
সেই সময়ত ইচ্ছাপূৰণৰ দেৱী সুবলচন্দ্ৰৰ ঘৰৰ
সমুখেদি গৈ আছিল। তেওঁ দেউতাক আৰু ল’ৰাৰ কথা শুনি ভাবিলে, এবাৰ
ইহঁতৰ ইচ্ছা পূৰণ কৰি চোৱা যাওক। তেনেকৈ ভাবি তেওঁ দেউতাকৰ ওচৰলৈ গৈ ক’লে, ‘‘কাইলৈৰ
পৰা তোমাৰ ইচ্ছা পূর্ণ হ’ব। তুমি তোমাৰ ল’ৰাৰ বয়স পাই যাবা।’’ সেইদৰে ল’ৰাৰ ওচৰ চাপি তেওঁ ক’লে, ‘‘কাইলৈৰ পৰা তুমি তোমাৰ দেউতাৰাৰ বয়সৰ হ’বা।’’ কথাষাৰ শুনি দুয়োজনেই বৰ আনন্দিত হ’ল।
বুঢ়া সুবলচন্দ্রৰ ৰাতি ভাল টোপনি হোৱা নাছিল, ৰাতিপুৱাৰ ঠিক আগমুহূর্ততহে তেওঁৰ টোপনি আহিছিল। কিন্তু আজি
যেন তেওঁৰ কিবা এটা হৈছে। কাহিলি পুৱাতে তেওঁ টোপনিৰ পৰা উঠি বিছনাৰ পৰা জাঁপ মাৰি
নামিল। দেখিলে, তেওঁ খুব সৰু হৈ গৈছে, যিবোৰ দাঁত সৰি পৰিছিল
সেইবোৰ আকৌ নতুনকৈ গজিছে, মুখৰ
দাড়ি-গোঁফবোৰ কেনিবা গুচি গৈছে, গোঁফৰ চিন পর্যন্ত নাইকিয়া হৈ গৈছে। যোৱা ৰাতি
যিখন ধুতি আৰু চোলা পিন্ধি শুইছিল সেয়া আজি ৰাতিপুৱা ইমানই ঢিলা হৈ গৈছে যে হাতৰ
আস্তিন দুটা মাটি লৈ নামি আহিছে। চোলাটোৰ ডিঙিটো বুকুলৈ নামি আহিছে। ধুতিখন
এনেদৰে মাটিত চুঁচৰি আছে যে খোজ কঢ়াটোৱেই অসম্ভৱ হৈ পৰিছে।
সুশীলচন্দ্র আনদিনা ৰাতিপুৱা উঠি চাৰিওফালে
দৌৰাত্ম্য কৰি ফুৰিছিল। কিন্তু আজি তাৰ আৰু টোপনি নাভাগে, যেতিয়া দেউতাক সুবলচন্দ্রৰ
চিঞৰ-বাখৰত তাৰ টোপনি ভাগিল, তেতিয়াহে সি উঠিল। সি দেখিলে, পিন্ধা কাপোৰবোৰ তাৰ শৰীৰত
এনেদৰে টান গৈছে যে ছিগি টুকুৰা–টুকুৰা হৈ যোৱাৰ অৱস্থা। শৰীৰটো বাঢ়ি গৈছে, কেঁচা-পকা
দাড়িৰে মুখখন ভৰি উঠিছে। মূৰত বহুত চুলি আছিল, হাত দি চালে তপামূৰা হৈ গৈছে।
আজি সুশীলচন্দ্রৰ বিছনা এৰিবলৈকে মন নগ’ল। বিছনাত পৰি পৰি ইচাটি-বিচাটি
কৰি থাকিল। শেষত সুবলচন্দ্রৰ উৎপাততহে বিৰক্ত হৈ আৰু খং কৰি উঠিবলৈ বাধ্য হ’ল।
দুয়োজনৰে মনৰ ইচ্ছা পূর্ণ হ’ল, কিন্তু
কিছুমান সমস্যাৰ সৃষ্টি হ’ল। আগতেই কোৱা হৈছে, সুশীলচন্দ্রই ভাবিছিল যে, সি যদি দেউতাকৰ সমান ডাঙৰ
আৰু স্বাধীন হয়, তেতিয়া
গছত উঠি, পুখুৰীত
জাঁপ দি, কেঁচা আম খাই, চৰাইৰ পোৱালি পাৰি, গোটেই দেশখন ঘূৰি ফুৰিব, যেতিয়া মন যাব ঘৰলৈ আহিব, যি ইচ্ছা তাকেই খাব, বাধা দিবলৈ কোনো নাথাকিব।
কিন্তু আচৰিত কথা, সিদিনা
ৰাতিপুৱা তাৰ মনত গছত উঠাৰ কোনো ইচ্ছাই নাজাগিল। পুখুৰীটোৰ ফালে চাই সি ভাবিলে
ইয়াত গা ধুলে তাৰ কপঁনি জ্বৰ হ’ব। চুপে চাপে সি মনে মনে পিৰালিত এখন দলিচা পাৰি বহি থাকিল আৰু
ভাবিবলৈ ধৰিলে।
এবাৰ ভাবিলে, খেল-ধেমালি একেবাৰে এৰি
দিয়াটো ঠিক নহ’ব, এবাৰ চেষ্টা কৰি চোৱা যাওক। এনেদৰে ভাবি সি
ওচৰতে থকা অমৰা গছ তাত উঠাৰ বহু চেষ্টা কৰিলে। কালি যিজোপা গছত সি কের্কেটুৱাৰ
নিচিনাকৈ অনায়াসে উঠি গৈছিল, আজি বুঢ়া শৰীৰ লৈ সেইজোপা গছত সি কোনোমতেই উঠিব
নোৱাৰিলে। তলৰ
এটা কেঁচা ডালত ধৰাৰ লগে লগে তাৰ শৰীৰৰ ভৰত ডাল ভাঙি সুশীলচন্দ্র ধপকৈ মাটিত পৰি গ’ল। সম্মুখৰ ৰাস্তাইদি গৈ থকা
মানুবোৰে এজন বুঢ়া মানুহক এনেদৰে গছত উঠিবলৈ চেষ্টা কৰিবলৈ গৈ পৰি যোৱা দেখি
হাঁহিবলৈ ধৰিলে। সুশীলচন্দ্রই লাজ পাই আকৌ পিৰালিতে আহি চুপ হৈ বহি থাকিল।
লগুৱাটোক মাতি সি ক’লে, ‘‘শুন, বজাৰৰ
পৰা এটকাৰ লজেঞ্চ কিনি আনি দে।’’
লজেঞ্চৰ প্রতি সুশীলচন্দ্রৰ আগৰ পৰাই লোভ আছিল।
স্কুলৰ কাষত সি সদায় দোকানত নানা ধৰণৰ লজেঞ্চ সজাই থোৱা দেখিছিল। পকেটৰ দুই-এটা
পইচা দি সি সদায় লজেঞ্চ কিনি খাইছিল। ভাবিছিল, যেতিয়া
দেউতাকৰ নিচিনা টকা হ’ব তেতিয়া সি যিমান মন যায় সিমান পকেট ভর্তি কৰি লজেঞ্চ কিনি খাব।
লগুৱাটোৱে এটকাৰ লজেঞ্চ আনি দিলে, তাৰে এটা সোলা মুখত দি
চুহিবলৈ আৰম্ভ কৰিলে। কিন্তু বুঢ়া মুখত ল’ৰালি কালৰ লজেঞ্চ মুঠেই ভাল নালাগিল। এবাৰ
সি ভাবিলে, এইবিলাক মোৰ সৰু ল’ৰা দেউতাক খুৱাই দিব পাৰোঁ
দেখোন। কিন্তু তেতিয়াই তাৰ মনত ভাব হ’ল— নহয়, ইমান লজেঞ্চ খালে দেউতাৰ আকৌ পেটৰ বেমাৰ হ’ব।
কালিলৈ যিবোৰ ল’ৰাই সুশীলচন্দ্রৰ লগত কাবাডি
খেলিছিল আজি সিহঁত তাক বিচাৰি আহি বুঢ়া সুশীলচন্দ্রক দেখি গুচি গৈছে।
সুশীলে ভাবিছিল, দেউতাৰ নিচিনা স্বাধীন হ’লে তাৰ সকলো সমনীয়াৰ লগত গোটেই
দিন কেৱল কাবাডি খেলিয়েই কটাব। কিন্তু আজি সি ৰাখাল, গোপাল, অক্ষয়, নিবাৰণ, হৰিশ আৰু নন্দনক দেখি মনে
মনে বিৰক্ত হৈ উঠিল। সি ভাবিলে, মনে মনে বহি আছোঁ, এতিয়াই ল’ৰাকেইটা আহি অশান্তি কৰিবহি।
দেউতাক সুবলচন্দ্রই সদায় পিৰালিত দলিচা এখন
পাৰি তাতে বহি বহি ভাবিছিল, সৰু
হৈ থাকোঁতে দুষ্টামি কৰি বহু সময় নষ্ট কৰিলোঁ, ল’ৰালি কাল উভতি অহা হ’লে
দিনৰ দিনটো শান্ত হৈ, ঘৰৰ দুৱাৰ বন্ধ কৰি অকলে কিতাপ পঢ়ি পাঠ মুখস্থ
কৰিলোঁহেঁতেন৷ আনকি সন্ধিয়া পৰত আইতাৰ ওচৰত সাধুকথা শুনিবলৈও বন্ধ কৰি চাকি জ্বলাই ৰাতি
দহ-এঘাৰ বজালৈ পঢ়িলোঁহেঁতেন।
কিন্তু সঁচাকৈ যেতিয়া ল’ৰালি কাল উভতি আহিল, সুবলচন্দ্রই
কোনোমতেই স্কুলৰ ফালে যাবলৈ নিবিচাৰিলে। সুশীলে বিৰক্ত হৈ সুধিলে, ‘‘দেউতা স্কুললৈ নযোৱা?’’ সুবলচন্দ্রই
মূৰ খজুৱাই খজুৱাই তললৈ চাই লাহে লাহে ক’লে, ‘‘আজি মোৰ পেট
কামুৰিছে, মই স্কুললৈ যাব নোৱাৰিম।’’ সুশীলে খং কৰি ক’লে, ‘‘নোৱাৰিবাতো।
স্কুল যাবৰ সময়ত মোৰো এনেদৰে মাজে মাজে পেট কামোৰণি হৈছিল, মই
সেইবোৰ ভালদৰে বুজি পাওঁ।’’
সুশীলে যে এনেদৰে স্কুলৰ পৰা পলাইছিল সেয়া
সম্পূর্ণ সঁচা। গতিকে সুশীলক ফাঁকি দিয়া দেউতাকৰ বাবে কোনোমতেই সম্ভৱ নহয়। সুশীলে
জোৰ কৰি সৰু দেউতাকক স্কুললৈ পঠাইছিল। স্কুল ছুটীৰ পাছত সুবল ঘৰলৈ আহি দৌৰাদৌৰি কৰি
খেলাৰ বাবে অস্থিৰ হৈ উঠিছিল, কিন্তু ঠিক সেই সময়তে বুঢ়া সুশীলচন্দ্র চকুত
চশমা লগাই কৃতিবাসৰ ৰামায়ণ সুৰ লগাই পঢ়িছিল। সুবলৰ দৌৰাদৌৰিৰ বাবে তাৰ পঢ়াত
ব্যাঘাত জন্মিছিল। গতিকে সি সুবলক জোৰ কৰি ধৰি আনি ওচৰত বহাই ফলি এখন দি আঁক
মাৰিবলৈ দিছিল। আঁকবিলাক এনে দীঘল আছিল যে সেইবোৰ কৰোঁতে কেইবাঘণ্টা পাৰ হৈ গৈছিল।
সন্ধিয়া বুঢ়া সুশীলৰ ঘৰত কেইজনমান বুঢ়া মানুহ মিলি দবা খেলিছিল। সেই সময়ত সুবলক
নিয়ন্ত্রণত ৰাখিবলৈ এজন শিক্ষক নিয়োগ কৰা হৈছিল। শিক্ষকজনে ৰাতি দহ বজালৈ
সুবলচন্দ্রক পঢ়াইছিল৷
খোৱা-বোৱাৰ দিশত সুশীল বৰ কঠোৰ আছিল। কিয়নো তাৰ
দেউতাক সুবল যেতিয়া বুঢ়া আছিল তেতিয়া তেওঁৰ খোৱা ভালদৰে হজম হোৱা নাছিল। অলপ
বেছিকৈ খালেই অজীৰ্ণ হৈছিল। সেয়া সুশীলৰ ভালদৰে মনত আছে, সেইবাবে সি বাপেকক কোনোমতেই
বেছিকৈ খাবলৈ দিয়া নাছিল। কিন্তু হঠাৎ বয়স কমি যোৱাৰ বাবে তেওঁৰ ভোক ইমান বাঢ়ি গ’ল যে শিলগুটি খালে সেয়াও যেন
হজম হৈ যাব। সুশীলে তেওঁক খাবলৈ যিমানেই কমকৈ দিয়ে সিমানই তেওঁ অস্থিৰ হৈ উঠিল।
শেষত ৰুগীয়া হৈ খীণাই তেওঁৰ হাড় ওলাই পঢ়িল। সুশীলে ভাবিলে যে দেউতাকৰ কিবা ডাঙৰ
অসুখ হৈছে, গতিকে তেওঁক কেৱল নানান ঔষধ খুৱাবলৈ ধৰিলে।
বুঢ়া সুশীলৰ নানা সমস্যাৰ সৃষ্টি হল। সি তাৰ
আগৰ অভ্যাস মতে কৰিবলৈ যোৱা একোৱেই সহ্য নহয় তাৰ। আগতে সি গাঁৱৰ ক’ৰবাত ভাওনা হোৱাৰ খবৰ পালে ঘৰৰ
পৰা পলাই গৈ কোনো বাধা নিষেধ নামানি ভাওনা চাবলৈ গৈছিল। এতিয়া সুশীল তেনে কৰিবলৈ
গৈ পানীলগা-কাহ হৈ তিনি সপ্তাহৰ বাবে শয্যাশায়ী হৈ বিছনাত পৰি থাকিল। গোটেই জীৱন
সি পুখুৰীত গা ধুই আহিছে, আজিও তেনে কৰিবলৈ গৈ হাত-ভৰি ফুলি হাড়ৰ
গাঁঠিয়ে গাঁঠিয়ে বিষ হ’ল। ছমাহ চিকিৎসা ল’বলগীয়া হ’ল।
তাৰ পাছৰ পৰা দুদিনৰ মূৰে মূৰে সি গৰম পানীৰে গা ধুবলৈ ধৰিলে আৰু সুবলকো কোনোমতেই
পুখুৰীত গা ধুবলৈ নিদিয়া হ’ল। আগৰ অভ্যাস মতে, বিছনাৰ
পৰা জঁপিয়াই নামিবলৈ গ’লে তাৰ শৰীৰৰ হাড়বোৰ জিনজিনাই উঠে। মুখত তামোলখন সুমুৱাবলৈ গৈ দেখে যে
দাঁত নাই, তামোল চোবোৱা অসম্ভৱ। পাহৰি গৈ চুলি ফণিয়াবলৈ গৈ দেখে যে গোটেই মূৰটো
তপা হৈ গৈছে। কেতিয়াবা সি পাহৰি যায় যে সি তাৰ দেউতাকৰ বয়সীয়া বুঢ়া হৈছে আৰু তাকে
পাহৰি গৈ আগৰ অভ্যাস মতে গাঁৱৰ আন্দুপেহীৰ পানীৰ কলহলৈ ফৰ্মুটি মাৰে— বুঢ়া মানুহে সৰু ল’ৰাৰ নিচিনাকৈ কৰা এনে দুষ্টালি
দেখি মানুহে তাক মাৰিবলৈ খেদি যায়, সিও লাজ পাই মুখ লুকুৱাব
বিচাৰে।
সুবলচন্দ্রয়ো কেতিয়াবা কেতিয়াবা পাহৰি যায় যে
আজিকালি তেওঁ বয়স কমি ল’ৰালি কাললৈ উভতি গৈছে। নিজকে আগৰ নিচিনা বুঢ়া মানুহ বুলি
ভাবি বুঢ়া মানুহবোৰৰ তাছ খেলত গৈ বহি বুঢ়া মানুহৰ নিচিনাকৈ কথা পাতে, তেওঁৰ কথা শুনি সকলোৱে তেওঁক
খেদি যায়। কাণত ধৰি তেওঁক বিদায় দিয়ে। কেতিয়াবা পাহৰি গৈ তেওঁ মাষ্টৰকো কৈ পেলায়, ‘‘দিয়াচোন, চুৰট
এডাল দিয়া, খাই
লওঁ। মাষ্টৰে তেওঁক বেঞ্চৰ ওপৰত থিয় কৰাই ৰাখে। কেতিয়াবা নাপিতক কয়গৈ, ‘‘বেজা, এইকেইদিন
মোৰ
চুলি কাটিবলৈ অহা নাই কেলেই? নাপিতে ভাবে, লৰাটোৱে ধেমালি কৰিবলৈ
শিকিছে। সি উত্তৰ দিছিল, ‘‘আৰু দহ বছৰৰ পাছত আহিম দেই।’’ কেতিয়াবা আকো পূর্বৰ অভ্যাস
অনুসৰি তেওঁ পুতেকক মাৰিবলৈ যায়। সুশীলে তেতিয়া খং কৰি কয়, ‘‘পঢ়াশুনা শিকি তোমাৰ এনে
বুদ্ধি হৈছে? সৰু ল’ৰা হৈ বুঢ়া মানুহৰ গাত হাত তুলিবলৈ আহিছা।’’ লগে
লগে চাৰিওফালৰ পৰা মানুহ দৌৰি আহি তাক মাৰিবলৈ আৰম্ভ কৰে৷
তেতিয়া সুবলে মনে মনে প্রার্থনা কৰিব ধৰিলে, ‘‘মই মোৰ ল’ৰা সুশীলৰ নিচিনা বুঢ়া আৰু স্বাধীন হ’লেহে ৰক্ষা
পৰিম।’’
সুশীলেও সদায় হাতযোৰ কৰি ক’বলৈ ধৰিলে, ‘‘হে, দেৱতা, দেউতাৰ নিচিনা মোক সৰু কৰি দিয়া, মনৰ
সুখত খেল-ধেমালি কৰিম। দেউতাই যেনেকৈ দুষ্টামি কৰিবলৈ ধৰিছে মই আৰু তেওঁক চম্ভালিব
পৰা নাই। সদায় অস্থিৰ হৈ থাকিবলগীয়া হৈছে।’’
তেতিয়া ইচ্ছাপূৰণৰ দেৱী দুয়োৰে সমুখলৈ আহি ক’লে, ‘‘কিয়
তোমালোকৰ চখ পূৰণ হৈছে নে?’’
দুয়োজনেই ইচ্ছাদেৱীক সেৱা কৰি ক’লে, ‘‘আমাৰ
চখ পূৰণ হৈছে। এতিয়া আমি যেনে আছিলোঁ তেনে কৰি তোলক।’’
ইচ্ছাৰ দেৱীয়ে তেতিয়া ক’লে, ‘‘বাৰু
তেনেহ’লে, কাইলৈৰ পৰা তেনেকুৱাই হ’ব।’’
পাছদিনা ৰাতিপুৱা সুবল পূর্বৰ নিচিনা বুঢ়া হৈ
আৰু সুশীল ল’ৰা হৈ সাৰ পালে। দুয়োজনেই এনে অনুভৱ কৰিলে যেন সপোনৰ পৰাহে জাগি
উঠিছে। সুবলে গম্ভীৰ কণ্ঠৰে ক’লে, ‘‘সুশীল ব্যাকৰণ মুখস্থ কৰা নাই যে?’’
সুশীলে মূৰ খজুৱাই খজুৱাই ক’লে, ‘‘দেউতা, মোৰ
কিতাপখন হেৰাই থাকিল।’’
——-