বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা


                                                             ৷৷
এঘাৰ৷৷

 

মেলাৰ দ্বিতীয়
দিনা দোকানখন অকলে চম্ভালাতো গণেশৰ বাবে টান হৈ পৰিল৷ তাৰ দোকানখনৰ ঠাইকণ ভাল৷ মন্দিৰৰ
পৰা ওলাই আহিয়েই পোনে পোনে পায়৷ সেৱা-সৎকাৰ কৰি আহি সকলোৱে চাহ একাপ খাব বিচাৰে৷
কোনোবা সময়ত গ্ৰাহকে এনেকুৱাকে বেঢ়ি ধৰে তাৰ কি কৰোঁ কি নকৰোঁ যেন লাগে৷ ডেনিছেই
প্ৰথমতে কথাটো উলিয়ালে– ‘মোৰ তিৰীটাক মাতি দেং৷ তাই ইগিলা কামত ভাল’৷

: হেই নাল্গে৷ আমিচুন ৰাতি ইয়াতে ঘুণ্টি মাৰি থাকং৷ তাই ক’ত থাক্ব?

: অলপ দূৰত গুস্তি আছে৷ তাহাৰ ফালৰে
গুস্তি৷ তাতে থাক্বা পাৰ্ব৷

গণেশে একো নক’লে৷
এই সময়ত তাক মানুহ লাগে৷ ডেনিছে গণেশৰ ম’বাইলৰ পৰাই ঘৰৰ কাষৰ মানুহ এজনীলৈ ফোন কৰি
ঘৈণীয়েকক মতাই অনালে৷ ককায়েকৰ ম’বাইললৈ ফোন নকৰিলে৷ গালি পাৰিব বুলি ভয় কৰিলে৷
কিছু সময়ৰ পাছতে মানুহগৰাকীৰ মবাইলৰ পৰাই ঘৈণীয়েকে ফোন কৰিলে৷

: অই কথা পাতেক৷ ত’ৰ তিৰীটা ফোন কৰ্ছে
পায়৷ –গণেশে ফোনটো ডেনিছলৈ আগবঢ়াই দিলে৷ ডেনিছে কথাবোৰ এনেকুৱাকে ক’লে যেন
ঘৈণীয়েকক আদেশহে দিছে৷ বোধহয় ঘৈণীয়েকৰ খং উঠিল৷ একে আষাৰে কৈ দিলে– ‘ধুৰ মুই নাযাং।’
নাহো বুলি কোৱাৰ লগে লগে ডেনিছৰো খং উঠি গ’ল৷ ফোনতে সিও গালি পাৰিলে৷ মুঠতে কামটো
নহ’ল৷ গণেশে মুখৰ ভিতৰতে ভোৰভোৰালে–তোক এনেয়ে মই অলৰ্গদ্ধ বুলি নকওঁ নহয়৷

গোটেই দিনটো
ডেনিছে কামৰ মাজতে ভোৰভোৰাই ভোৰভোৰাই ঘৈণীয়েকক গালি পাৰি থাকিল৷ গণেশৰ খংটো বেছিকৈ
উঠিলে ভেকাহি মাৰি দিয়ে– ‘হেই মনে মনে থাক৷ কাম কৰ।’ আবেলি গ্ৰাহকৰ ভিৰ বাঢ়িল৷
চচ্পেনটোত গৰম পানীখিনিত চাহপাত দি উতল অহালৈ চাই থকা গণেশে দেখিলে পলিথিনৰ বেগ
এটা হাতত লৈ ডেনিছৰ ঘৈণীয়েক আহি দোকানখনৰ কাষত আহি থিয় হৈছেহি৷ গণেশে কেৰাহিকৈ
ডেনিছৰ ফালে চালে৷ খঙত ডেনিছৰ মুখখন ফুলি আছে৷ সি ঘৈণীয়েকৰ ফালে নাচালেই৷ গণেশে
জোৰ কৰি ওলাই আহিব খোজা হাঁহিটো বন্ধ কৰিলে৷ ডেনিছৰ ঘৈণীয়েকক একো ক’বলগা নহ’লেই
,
নিজে
নিজে তাই কামত লাগি গ’ল৷

গণেশে মন কৰিলে
ডেনিছৰ ঘৈণীয়েক অহাৰ পৰা গ্ৰাহক বাঢ়িছে৷ তাইৰ হাতৰ চাহকাপ ভাল হয়৷ গ্ৰাহকে মুখৰ
আগতে প্ৰশংসা কৰে৷ এইখন দোকানৰ চাহকাপ ভাল বুলি এক প্ৰকাৰ প্ৰচাৰেই হৈ গৈছে৷
সাংঘাতিক খৰকৈ কামবোৰ কৰে৷ চাহকাপ দিওঁতেও হাঁহি এটা মাৰি দিয়ে৷ গ্ৰাহকে ভাল পায়৷
গণেশে একো কৰিব লগা হোৱাই নাই৷ কেৱল পইচা লৈ আছে৷ গধূলি হোৱাৰ লগে লগে গণেশে
ডেনিছক ক’লে– ‘ইয়াৰ ৰাতি থাকা ঠাই থিক কৰ।’

: মানুগিৰিঘৰত যাই সুধ্বা লাগ্বো৷

: এটা কাম কৰ৷ একেবাৰে লুই যা৷ ৰাতি হ’লি
দিগদাৰ হ’ব৷ সোংকালে যা৷ কিবা দিগদাৰী পালি তুইও তাতে থাকিবি৷

ডেনিছৰ ঘৈণীয়েকৰ
যাবলৈ মন নাছিল
, গণেশে বহুত বুজালে, ইয়াত থাকিলে যে তাই কষ্ট পাব সেইটো জোৰ
দি কোৱাৰ পাছত তাই মান্তি হ’ল৷ দোকানৰ বস্তুবোৰ সামৰি-সুতৰি তাই ডেনিছৰ সৈতে গুচি
গ’ল৷ তাই গুচি যোৱাৰ পাছত গণেশৰ মনটো উৰুঙা উৰুঙা লাগিল৷ হঠাৎ যেন কিবা এটা হেৰাই
গ’ল৷ হঠাৎ যেন এন্ধাৰে তাক পুতি ধৰিলে৷ হঠাৎ যেন গছৰ পাতবোৰ ঠল্ঠল্কৈ সৰি পৰিল
আৰু পাতসৰা গছৰ ঠেঙুলিয়ে খামুচি ধৰিলে মেঘাচ্ছন্ন জোন৷ তাৰ আৰু কাম কৰিবলৈ মন
নগ’ল৷ গ্ৰাহক আহিলেও কৈ দিছে– ‘একো নাই৷ চব চেচ।’ সি জেপৰ টকাখিনি গি
ণ্টি কৰিলে৷ কালিতকৈ
বিক্ৰী দুগুণ৷ ডেনিছৰ ঘৈণীয়েকক কিবা এটা দিব লাগিব– সি মনতে ভাবিলে৷ কালি সিহঁত
তীৰ্থযাত্ৰীক থাকিবলৈ দিয়া ঘৰটোৰ বাৰান্দাতে শুইছিল৷ ভালকৈ টোপনি নাহিল৷ প্ৰথম
দিনাই কেইবাটাও চুৰিৰ ঘটনা ঘটিছে৷ গেছৰ চিলিণ্ডাৰটোৰ সৈতে দোকানৰ সামগ্ৰীবোৰ
বাৰান্দাখনতে থৈছে৷ জেপত টকা আছে৷ অন্য নহ’লেও গেছৰ চিলিণ্ডাৰ খুব চুৰি হয়৷ সেইবোৰ
চিন্তাতে তাৰ টোপনি নাহিল৷ ডেনিছে কিন্তু নাক বজাই শুই আছে৷ টোপনি নাহিবনো কিয়
?
চিন্তা
নাই
, সমস্যাৰ কাষেই নাচাপে৷ আকালো নাই, ভঁৰালো নাই৷
ডেনিছক দেখিলে গণেশৰ খঙো উঠে
, সহানুভূতিও জাগে৷ আলচিয়া হ’লেও সি সহজ সৰল৷ কোনোবা বিপদত পৰিলে সহায় কৰিবলৈ আগবাঢ়ি যোৱা মন এটা আছে৷

ডেনিছ ঘূৰি অহালৈ
অপেক্ষা কৰি কৰি গণেশৰ আমনি লাগিল৷ নিশা বেছি হৈ আহিছে৷ শোৱাৰ জেগাকণ ঠিক কৰিব
লাগে৷ দোকানৰ বস্তুবোৰ তালৈ নিব লাগে৷ অকলে কামবোৰ কৰিব নোৱাৰি৷ এটা ৰখীয়া হৈ
নাথাকিলে মুহূৰ্ততে বস্তুবোৰ চুৰি হৈ যায়৷ বিৰক্তিৰে ইফালে সিফালে চাই থাকোঁতেই
দেখিলে
, ডেনিছ, পিছে পিছে ঘৈণীয়েকজনী খৰখোজে দোকানৰ ফালে আহি আছে৷

: কি হ’ল? – গনেশে আচৰিত হৈ সুধিলে৷

: এ তাত থাক্বা দিগদাৰ হ’ব বোলে৷ – ডেনিছৰ
উদ্বেগহীন উত্তৰ৷ গণেশ আচৰিত হৈ গ’ল– এই ৰাতিখন মানুহজনী ক’ত থাকিব
, অকণো
চিন্তা নকৰাকৈ সি ঘূৰি আহিছে৷ কিমান অলৰ্গদ্ধ এইটো৷ সি অলপ চিন্তা কৰিলে
, ইফালে
সিফালে চালে
, তাৰ পাছত মহিলা তীৰ্থযাত্ৰী থকাৰ ব্যৱস্থা কৰা ঘৰটোৰ ফালে দৌৰ
মাৰিলে৷ কেইবাগৰাকী মহিলা আৰু যুৱতীয়ে তাত স্বেচ্ছাসেৱকৰ কাম কৰি আছে৷ যথেষ্ট
উদ্বিগ্নতাৰে আৰু অসহয়তাৰে হাত যোৰ কৰি সি তাৰ সমস্যাটোৰ কথা ক’লে৷ প্ৰথমতে কৈছিল–
বাৰেন্দাতে ঘূণ্টি মাৰ্বা লাগ্বো৷ পাছত আন কেইজনীমানৰ লগত আলোচনা কৰি ক’লে– ‘হ’ব
আহিবা দি।’ হ’ব বুলি ক’বলৈ পালেহে
, গণেশ তাত নৰ’লেই৷ দৌৰি আহি দোকানখনৰ ওচৰ
পালেহি৷

: কিবা কুৰি চিট এখান ঠিক কুৰছুং৷ সোংকালে
বিছনাখান ললি ভাল৷ নোহালি পাছত বেলেগে ল’ব৷ চ..চ৷

গণেশৰ পিছে পিছে
ডেনিছৰ ঘৈণীয়েক তীৰ্থযাত্ৰীক থাকিবলৈ দিয়া ঘৰটোৰ ফালে খৰখোজে আগবাঢ়িল আৰু পোনে
পোনে অলপ আগতে লগ পোৱা স্বেচ্ছাসেৱকগৰাকীৰ কাষ পালেগৈ৷

: নামটা লিখেক৷ – ছোৱালীজনীয়ে ক’লে৷

অলপ আঁতৰত ছোৱালী
এজনীয়ে বহী এখনত নামবোৰ লিখি আছে৷ গণেশ টেবুলখনৰ কাষত থিয় হ’ল৷

: কি নাম? – নাম লিখি থকা ছোৱালীজনীয়ে সুধিলে৷ গণেশে ডেনিছৰ ঘৈণীয়েকৰ ফালে চালে৷
ছোৱালীজনীয়ে মুখত হাঁহি বিৰিঙাই ক’লে– ‘তোৰ তিৰীটাৰ নাম সুধা নাই৷ তোৰ হে নাম
সুধিছুং।’

: গণেশ, গণেশ ৰাভা৷– গণেশৰ
মাতটো কঁপি কঁপি ওলাল৷ ছোৱালীজনীয়ে আকৌ ক’লে– ‘নামটা সুধাতে যে তিৰীটাৰ মুখৰ ফালে
চাইছা
, নিজৰ তিৰীটাৰ নামো নাজানা নেকি? গণেশ ইমান
অপ্ৰস্তুত হ’ল যে চৌপাশ সি অন্ধকাৰ দেখিলে৷ মনৰ কঁপনিটো দেহলৈকে বিয়পি গ’ল৷ কাৰো
মুখলৈ সি চাব নোৱৰা হ’ল৷ ধোঁৱাময়তাৰ মাজেত সি দেখিলে ডেনিছৰ ঘৈণীয়েক ছোৱালীজনীৰ
কাষলৈ আহিছে৷

: ললিতা৷ –তাই লাহেকৈ ক’লে৷ ছোৱালীজনীয়ে
উপাধিটো নুসুধিলে৷ বহীখনত লিখি দিলে– ললিতা ৰাভা৷

: ঘৰ?

: ধুপধৰা৷

: বিছ টাকা দি৷ এই কাগজখান ল৷ ভিতৰত
গিলিয়ে বিছিনা দিব৷

ললিতাই গণেশৰ ফালে
চালে৷ ললিতাৰ মুখলৈ নোচোৱাকৈয়ে সি টকা বিছটা উলিয়াই দিলে৷ দেহৰ কঁপনিটো লৈয়েই সি
ঘৰটোৰ পৰা ওলাই আহিল৷ ওলাই আহোঁতে তাৰ এনেকুৱা লাগিল যেন বতাহত ওপঙি ওপঙিহে সি
বাহিৰৰ মাটিত ভৰি দিছেহি৷ বাহিৰত থিয় হৈহে সি অলপ স্বাভাৱিক হ’ল৷

: বস্তুগিলা লৈ যাং চ৷ নোহালি পাছত ঘুণ্টি
মাৰ্বা ঠাই নাপাবি৷ –দোকানৰ ওচৰত ৰৈ ডেনিছলৈ নোচোৱাকৈয়ে ক’লে৷ দুয়োটাই ধৰাধৰিকৈ
দোকানৰ সামগ্ৰীবোৰ দাঙি কেঁকো-জেঁকোকৈ ঘৰটোৰ বাৰান্দা পালেগৈ৷ কালি যি ঠাইত সিহঁত
দুটা শুইছিল
, সেই ঠাইখিনি এতিয়া খালি নাই৷ বাৰান্দাখনত মানুহেই মানুহ৷ কোনোবা শুই
আছে
, কোনোবা বহি আছে৷ অসহায় হৈ সি বাৰান্দাখনলৈকে চাই থাকিল৷ নিশাটো ক’ত
কটাব আজি
? হঠাৎ তাৰ মনলৈ এটা ভাৱ আহিল– ইমানবোৰ মানুহ, কি বিচাৰি আহে
ইয়ালৈ
? সি বাৰু ব্যৱসায় কৰিবলৈ আহিছে, বাৰান্দাত পৰি থকা
এই বয়সিয়াল মানুহবোৰ ইমান কষ্ট কৰি কি বিচাৰি আহিছে
? ভগৱানক পাবলৈ?
পাপ
খণ্ডন কৰিবলৈ
? নে মানুহ চাবলৈ? মানুহক চাবলৈকে শাৰীৰিক কষ্টকো নেওচি
দূৰ-দূৰণিৰ পৰা আহিবনে
? পুতলা থিয়েটাৰ কৰি ঘূৰি ফুৰোঁতে মানুহ এজনে কোৱা কথা এষাৰ তাৰ আজিও
মনত আছে৷ ‘লক্ষিন্দৰ বেউলা’ পালাখন চোৱাৰ পাছত মানুহজনে সন্মুখত থিয় হৈ থকা
কেইজনমানক কৈ আছিল– ‘ইগিলা চব মায়া বুজি পাইছা
? চব মায়া৷ ইখান
মায়াৰ সাগৰ’৷ মায়াৰ সাগৰখনলৈ গণেশে অসহায় হৈ চাই থাকিল৷ মনতে ভাবিলে
, কাইলৈ
গুছি যাবগৈ৷ দিনটো ইমান কষ্ট কৰি ৰাতি শুবলৈতো পাব লাগে৷ দেহাটোক কষ্ট দি টকা ঘটিব
নোৱাৰি৷ ইমান লোভ কৰা বেয়া৷ লোভেই পাপ
, পাপেই মৃত্যু৷

: এংকোৱে ৰাতিটা কাটাবা লাগ্বো৷– ডেনিছৰ
ফালে চাই গণেশে বিৰক্তিৰে ক’লে৷ ডেনিছে খুঁটাটোৰ ওচৰতে দোকানৰ সামগ্ৰী চিজিল কৰাত
লাগিল৷ গনেশে আচৰিত হৈ ডেনিছলৈ চাই থাকিল৷ কোনো প্ৰতিক্ৰিয়া নাই মানুহটোৰ৷ নাই
কোনো অভিযোগ
, নাই কোনো আক্ষেপ৷ নিশাটো শুবলৈ নাপাব, তাতো তাৰ কোনো
অসন্তুষ্টি নাই৷ হাঁহেৰেও ৰাজী
, মাহেৰেও ৰাজী৷

: মুই হোটেলৰ পাৰা খাবাৰ বাবে কিবা লৈ
আনোং ৰ৷ – কৈয়েই গণেশ আঁতৰি গ’ল৷ নিশা ন বাজি গ’ল
, ভিৰ এতিয়াও আছেই৷
কিছুমান সোমাইছে
, কিছুমান ওলাইছে৷ হোটেলকেইখনত ভিৰ৷ কিছুমান দোকানীয়ে দোকান সামৰিবলৈ
লৈছে৷ দূৰৈৰ পৰা ডাঙৰ ডাঙৰ দোকানবোৰৰ মানুহবোৰ দোকানতে শোৱে৷ দোকানৰ কাষতে
ৰান্ধি-বাঢ়ি খায়৷ সকলো ব্যৱস্থা কৰি আনে৷ গণেশৰ এইবাৰ প্ৰথম অভিজ্ঞতা৷ পদে পদে
অসুবিধা পাইছে৷

হোটেল এখনৰ পৰা
তিনি প্লেট ৰুটি-ভাজি লৈ সি যেতিয়া তীৰ্থযাত্ৰী থকা ঘৰটোৰ বাৰান্দাখন পালেগৈ
,
অবাক
বিস্ময়ত দেখিলে ডেনিছে দোকানৰ সামগ্ৰবোৰ এটা চুকত সযতনে থৈ তাৰ কাপোৰখন বিছনা
চাদৰৰ দৰে ধুনীয়াকৈ পকাত পাৰি থৈছে৷

: ইখিনিতে যে এক ঘৰ মানু আছিল, আমাৰ
ফালৰে… কথা পাতি ভালে লাগ্ছিল৷ আমি থাকা ঠাই নাপোৱা গম পাই ইহাৰ ইয়াতে দুইজন
থাক্বা দিল৷ আমাৰে চিনাকি দোকান আছে
, তাতে
খাই লৈ ঘূন্তি মাৰি থাকিম৷ মুই ভালে পালুং৷ তাহা যোৱাৰ পাছতে ঘূণ্টি মাৰছুং এ৷

ডেনিছলৈ মৰম লাগি
গ’ল গণেশৰ৷ সহজ-সৰল মানুহবোৰে এনেদৰে আনৰ পৰাও সহায় পায়৷ ৰুটি-ভাজিৰ পেকেট এটা
ডেনিছক দি ক’লে– ‘তাক দি আহিবি যা৷ ভিতৰত সুমাই নাযাবি৷ আপি মানু থাকা ঘৰ৷ কাক্বা
মাতিবি৷

ডেনিছ ঘূৰি অহাৰ
পাছত সিহঁত দুটায়ো ৰুটি খাই ল’লে৷ খোৱাৰ পাছত কাপোৰ এখন পাৰি ডেনিছ শুলেই৷ আগৰাতি
ডেনিছ শোৱে
, পাছৰাতি সি শোৱে৷ বেৰখনত আউজি বাৰান্দাত থকা মানুহবোৰলৈ চাই আছে গণেশে৷
প্ৰায়বোৰ মানুহৰ বয়স পঞ্চাছ-ষাঠিৰ ওপৰত৷ দেখিলেই ধৰিব পাৰি কষ্ট কৰি কৰি জীৱন পাৰ
কৰা মানুহ এইবোৰ৷ তেওঁলোকে বিশ্বাস কৰে কোনো অদৃশ্য শক্তিয়ে তেওঁলোকৰ ভাষাত ভগৱানে
তেওঁলোকৰ জীৱন নিয়ন্ত্ৰণ কৰি থাকে৷ সেই শক্তিৰ কৃপা লাভ কৰিবলৈকে ৰুগীয়া দেহাৰেও
তেওঁলোক ইয়ালৈ দৌৰি আহিছে৷ কি পাইছে
, কি নাইপোৱা, হয়তো এই
মানুহবোৰেও নাজানে৷ কিন্তু কিবা এটা মায়াত
, কিবা এটা মোহত এই
মানুহবোৰ দৌৰি আহে৷ আহি যি কষ্ট পায়
, সেই কষ্টাকো উপেক্ষা কৰে৷ মানুহবোৰলৈ চাই
চাই গণেশে কথাবোৰ ভাবি আছে৷ আৰু এটা কথাই তাক আমনি কৰি আছে৷ অথনি ডেনিছৰ ঘৈণীয়েকক
ছোৱালীজনীয়ে যে তাৰ ঘৈণীয়েক বুলি ভাবিছিল
, সেই কথাটোৱে৷ কথাটো ভাবিলে কোনোবা সময়ত
তাৰ ভালো লাগে
, কোনোবা সময়ত এক অপৰাধবোধে তাক মেৰিয়াই ধৰে৷ পাছনিশা ডেনিছক জগাই
বস্তুবোৰ পহৰা দি থাকিবলৈ কৈ সি শুই পৰিল৷ বহু সময়লৈকে তাৰ টোপনি নাহিল৷ শেষ ৰাতিলৈ
কেতিয়া টোপনি আহিল সি গম নাপালে
, যেতিয়া সাৰ পালে, চাৰিওফালে বিশৃংখল
কোলাহল৷ সন্মুখত ললিতা
, ডেনিছৰ ঘৈণীয়েক৷ সি আচৰিত হৈ ইফালে-সিফালে চালে৷

: ডেনিছ গা ধুবা গিছে৷– ললিতাই ক’লে৷
ললিতাৰ ওচৰত গণেশ অলপ অপ্ৰস্তুত হ’ল৷ ‘তাত থাক্বা ভাল৷ গা ধুবা ভাল সুবিধা আছে।’ –
ললিতাই সহজভাৱে ক’লে৷ গণেশে আঁৰ চকুৰে তাইলৈ চালে৷ সদ্যস্নাতা ললিতাই তাৰ মনটো
জোকাৰি থৈ গ’ল৷

: ‘ডেনিছ আহিলি হোটেলতে হৈ খাই আহিবি।’ –
কৈয়েই গণেশে জেপৰ পৰা গোটেই টকাখিনি উলিয়াই ললিতাৰ ফালে আগবঢ়াই দিলে৷ ললিতাই
আচৰিত হৈ চালে৷ ‘গা ধুবা যাম মুই
, ইতিয়া তুইয়ে থুই দি।’

: গা ধুই আহাৰ পাছত একেলগে খাম৷ তোক এৰি
খাবাৰ মন নাই–টকাখিনি লৈ ললিতাই লাজ লাজ কৰি ক’লে৷ গণেশ অপ্ৰস্তুত হৈ পৰিল৷ তাৰ
এনেকুৱা লাগিল চাৰিওফালৰ মানুহবোৰে যেন সিহঁতৰ ফালেই উৎসুকতাৰে চাই আছে৷ গামোচাখন
লৈ সি আঁতৰি গুচি গ’ল৷ গা ধুই যেতিয়া ঘূৰি আহিল
, সি দেখিলে ডেনিছে
দোকান দিয়া ঠাইখনলৈ বস্তুবোৰ কঢ়িয়াই আছে৷

: ইমান কষ্ট কুৰি দোকান দিবা মন যোৱা নাই৷
মোৰ লগতে তুমাৰো কষ্ট হৈছে৷ – ললিতাৰ কাষত ৰৈ সি ক’লে৷

: কষ্ট নুকুৰলি কায়ও একো নাপায়৷ আমাৰ এটাক
দেখা পাইছা না
, খালি দাদাৰ গালিয়ে খাই থাকে৷– ললিতাৰ মাতটো দৃঢ়৷ গণেশে কিবা এটা
ক’বলৈও সাহস নকৰিলে
, তাইৰ মুখলৈ চাবলৈও সাহস নকৰিলে৷ কিন্তু কিবা এটা ভাল লাগিল তাৰ৷

দোকান আৰম্ভ কৰাৰ
আগতেই তিনিওটাই খাই ল’লে৷ দোকান খোলাৰ লগে লগেই গ্ৰাহকৰ ভিৰ আৰম্ভ হ’ল৷ সকলোৰে
একেটাই কথা– চাহকাপ বৰ ভাল৷ খাবলৈ বিস্কুটৰ উপৰি নিজে তৈয়াৰ কৰা কিবা ৰাখিব লাগে৷
ললিতাই হাঁহে৷ কয়– আহাবাৰ৷

: আহাবাৰ বা জীয়াই থাকং না নাথাকং?

: থাক্বি থাক্বি৷ নাথাকিলি কেংকা হ’ব?
আহাবাৰ
ৰুটি-ভাজি খুৱাম৷ চবে আহিবা লাগ্বো৷ নাহিলি কেংকা হ’ব
?   ললিতাই হাঁহি হাঁহি কয়৷ মানুহবোৰে ভাল পায়৷ সন্তুষ্ট হয়৷ গণেশে
মন্ত্ৰমুগ্ধ হৈ ললিতালৈ চাই থাকে৷ ঘৰখনত দেখা ললিতা আৰু এতিয়া তাৰ সন্মুখৰ
ললিতাজনী সম্পূৰ্ণ বেলেগ৷ ঘৰত দেখা ললিতাজনীয়ে হাঁহিব নাজানিছিল৷ নে নোৱাৰিছিল
?
গণেশৰ
এনেকুৱা লাগিছিল
, শুকান কাঠ এডালৰ দৰে নিৰস এই মানুহজনী৷ এসোপা যন্ত্ৰণা, এসোপা
হাহাকাৰ
, এসোপা আক্ষেপ লৈ মানুহজনী জীয়াই আছে৷ এনেকুৱা লাগিছিল এসোপা খং,
এসোপা
অভিমান লৈ মানুহজনী জীয়াই আছে৷ সেই মানুহজনীয়েই এতিয়া যেন মনৰ হেঁপাহত ডেউকা মেলি
উৰিছে৷ বুকুৰ ভিতৰৰ অন্তৰতম প্ৰদেশৰ পৰা ওলাই আহিছে এটা নিৰ্মল হাঁহি৷ গণেশে বুজি
পালে প্ৰতিগৰাকী নাৰীয়েই অকণমান সন্মান বিচাৰে৷ এটা নিজা পৰিচয় বিচাৰে৷ অকণমান
স্বাধীনতা বিচাৰে৷ অপমানিত হৈ জীয়াই থকাটোক তেওঁলোকে অভিশাপ বুলি ভাবে৷ ডেনিছলৈ
তাৰ খং উঠিল৷ এইখিনি দিব নোৱাৰই যদি বিয়া পাতিছিলি কিয়
? গণেশ দোকানখনৰ পৰা
আঁতৰি আহিল৷ আঁতৰৰ পৰাই সি চাই আছে– ললিতাই হাঁহি হাঁহি গ্ৰাহকক চাহ-বিস্কুট দিছে
,
পইচা
লৈছে
, পইচা ঘূৰাই দিছে৷ তৃপ্ত হৈ গ্ৰাহকজন আঁতৰি গৈছে৷ তাৰ মাকলৈ মনত পৰিল৷
তাৰ মাকো এনেকুৱাই আছিল৷ সম্পূৰ্ণৰূপে কামটোৰ মাজত সোমাই গৈছিল৷ নিজে কষ্ট কৰি আনক
সুখত ৰাখিব পাৰিছিল৷ গণেশৰ ভাল লাগিল৷ আজিলৈকে সি কাকো একো দিব নোৱাৰিলেও ললিতাক
ডেউকা মেলি উৰিবলৈ সুবিধা দিছে৷ অলপ সময়ৰ বাবে হ’লেও চেপি ধৰি থকা খং
, অভিমান,
হাহাকাৰ,
আক্ষেপসোপা
আঁতৰাই পঠিয়াবলৈ সুবিধা দিছে৷ কাৰোবাৰ সুখৰ কাৰণে কিবা এটা যে কৰিব পাৰিছে
,
সেইটো
ভাবিয়েই গণেশৰ ভাল লাগিল৷

দহটা দিন কেনেকৈ
পাৰ হ’ল গণেশে গমেই নাপালে৷ এই দহটা দিন সপোনতে উটি-ভাহি থকা যেন লাগিল তাৰ৷ এই দহ
দিনত বিক্ৰীৰ বাবদ পোৱা টকাখিনি ললিতাকে ল’বলৈ দিছে সি– ‘তোৰ হাততে থাকক দে৷ মোৰ
হাতত থাক্লি হাৰায়ও যাবা পাৰে।’ গণেশে দেখিছিল সি তেনেকৈ কোৱাৰ পাছতে এক আচৰিত
গৰিমাৰে লালিতাৰ মুখখন জিলিকি উঠিছে৷ হেৰোৱা আত্মবিশ্বাস ঘূৰাই পাই তাই পুনৰ যেন
জী উঠিছে৷ এই দহটা দিনৰ ভিতৰতে ললিতা তাৰ ওচৰত বহুখিনি সহজ হৈ পৰিল৷ দুয়োটাৰ মাজত
বিশ্বাসৰ এডাল নেদেখা সাঁকো গঢ় লৈ উঠিল৷

মেলা শেষ হোৱাৰ
দিনা দোকানৰ সামগ্ৰীবোৰ সামৰি থকাৰ সময়ত গণেশৰ মন দুখেৰে ভৰি পৰিল৷ এটা সপোন যেন
হঠাতে ভাগি গ’ল৷ বস্তুবোৰ সামৰি থাকোঁতে ললিতাই তাক ক’লে– ‘দুধকুমাৰ পূজাটাও
ডাঙাৰে হয়৷ বিছি দিন নাই আৰো৷ তাতো হোটেল দিবা পাৰং।’ ঘপহকৈ সপোনটোৱে যেন আকৌ সাৰ
পাই উঠিল৷ তাৰ মনত পৰিল সৰুতে মাকে তাক দূধকোঁৱৰ দেৱালয়খনৰ কথা কৈছিল৷ মাকে
দূধকোঁৱৰ দেৱালয় থকা পাহাৰটোৰ কথা কৈছিল৷ হাজোৰ বাদশ্বাহৰ কন্যা শ্বাহজাদীৰ কথা
কৈছিল৷ বাদশ্বাহৰ ৰাজসভাৰ ব্ৰাহ্মণ কুমাৰজনৰ কথা কৈছিল৷ বহু বছৰৰ আগতে  গছ-গছনিৰে ভৰা জনশূন্য সেই পাহাৰটোতে এজন
মুছলমান পীৰে আশ্ৰম পাতি আছিল৷ সেই সময়ত হাজো অঞ্চলত ৰাজত্ব কৰিছিল এজন বাদশ্বাহে৷
বাদশ্বাহৰ এগৰাকী ধুনীয়া কন্যা আছিল৷ নাম শ্বাহজাদী৷ পূৰ্ণযৌৱনা শ্বাহজাদীয়ে ভাল
পাইছিল এজন ব্ৰাহ্মণ কুমাৰ৷ সেই ব্ৰাহ্মণ কুমাৰজন আছিল বাদশ্বাহৰ ৰাজসভাৰ দেৱান৷
ব্ৰাহ্মণ কুমাৰৰ ৰূপ-সৌন্দৰ্য দেখি বাদশ্বাহৰ কন্যা শ্বাহজাদীয়ে পাহৰি গ’ল যে
দুয়োজনৰে ধৰ্ম বেলেগ৷ ব্ৰাহ্মণ কুমাৰেও শ্বাহজাদীৰ প্ৰতি তীব্ৰভাৱে আকৃষ্ট হৈ সঘনে
মিলিত হ’বলৈ ধৰিলে৷ গভীৰ ভালপোৱাই দুয়োজন দুয়োজনৰ কাষ চাপি গ’ল
, যাৰ
ফলত এদিন শ্বাহজাদী অন্তঃসত্বা হয়৷ দুয়োৰে ধৰ্ম বেলেগ
, তাতে অবৈধ প্ৰেম,
কলংক
ঢাকিবলৈ দুয়োজনে ৰাজ্য এৰি পলাই গ’ল৷ পলাই আহি দুয়োজনে সেই পাহাৰৰ পীৰ বাবাৰ
আশ্ৰমত আশ্ৰয় ল’লে৷ ইপিনে বাদশ্বাহেও নিজৰ কন্যাক বিচাৰি চাৰিওফালে চলাথ কৰিলে৷
অৱশেষত পীৰ বাবাৰ আশ্ৰমতে শ্বাহজাদী আৰু দেৱান ব্ৰাহ্মণ কুমাৰক ধৰা পেলায়৷

বাদশ্বাহ যেনেকৈ
ধৰ্মপৰায়ণ আছিল তেনেকৈ মানৱদৰদীও আছিল৷ প্ৰেমৰ মূল্য তেওঁ বুজি পালে৷ জীয়েকক
পলুৱাই অনাৰ বাবে দেৱানক তেওঁ কোনো শাস্তি নিবিহিলে৷ বিপৰীতে পাহাৰৰ নামনিত থকা
বিলখনত এবাৰ এবাৰকৈ সাতবাৰ জুবুৰিয়াই পীৰ বাবাৰ আশ্ৰমতে দেৱানৰ হাতত এৰি থৈ যায়৷
বাদশ্বাহে শ্বাহজাদীক যিখন বিলত সাতবাৰ জুবুৰিয়াই দেৱানৰ হাতত গতাই থৈ গুচি গৈছিল
সেই বিলখনৰ নাম হ’লগৈ জাক্ৰা বিল৷ সেই জাক্ৰা বিলৰ পাৰৰ পীৰ বাবাৰ আশ্ৰমতে
শ্বাহজাদীয়ে চ’ত মাহৰ সংক্ৰান্তিৰ দিনা এহাল যমজ সন্তানৰ জন্ম দিয়ে৷ সন্তান জন্ম
দিয়েই ব্ৰাহ্মণ কুমাৰ আৰু শ্বাহজাদীয়ে দেহ ত্যাগ কৰিলে৷

পীৰ বাবাই চকুৰে
ধোঁৱা-কোঁৱা দেখিলে৷ কেঁচুৱা দুটাক তেওঁ ডাঙৰ কৰে কেনেকৈ
? তেওঁ তেওঁৰ প্ৰভুক
আৰাধনা কৰিলে৷ তাৰ পাছতেই এটা আশ্চৰ্যজনক ঘটনা ঘটিল৷ নগৰবেৰাৰ বুঢ়া গোঁহাই পাহাৰত
এজনী কামধেনু গাই আছিল৷ নগৰবেৰাৰ পৰা আমবাৰীৰ এই পাহাৰলৈ কোনো বাট-পথ নাছিল৷ অটব্য
অৰণ্য
, জলাশয় পাৰ হৈ আহিব লাগে৷ আচৰিত কথা, এই কামধেনু গাইজনী
অটব্য অৰণ্য
, জলাশয় অতিক্ৰমি প্ৰতিদিনেই এই পাহাৰটোলৈ আহে৷ তাৰপৰাই সেই সন্তান
দুটিৰ নাম হ’ল দূধকোঁৱৰ আৰু ফুলকোঁৱৰ৷ দূধকোঁৱৰৰ নামেৰেই এই দেৱালয়খনৰ নাম হয়
দূধকোঁৱৰ দেৱালয়৷ কিংবদন্তি মতে যিহেতু দূধকোঁৱৰ আৰু ফুলকোঁৱৰ চ’ত সংক্ৰান্তিৰ
দিনা জন্ম হৈছিল
, সেই কাৰণেই চ’তৰ সংক্ৰান্তিৰ পৰা বহাগৰ ছয় তাৰিখলৈকে ইয়াত এখন বহে বহু
দূৰ অতীতৰ পৰা৷

সেই মেলাখনৰ কথাই
এতিয়া ললিতাই তাক কৈছে৷ তাই বাৰু সেই ব্ৰাহ্মণ ডেকাজনৰ কথা জানেনে
? আৰু
শ্বাহজাদীৰ কথা
?

   দোকানৰ সামগ্ৰীবোৰ লৈ তিনিওটা ধুপধৰাত
গাড়ীৰ পৰা নমাৰ পাছত গনেশে ক’লে– ‘তুমা দুটা ঘৰত যা৷ মুই বস্তুখিনি থৈ পাছত যাম৷’
এইকেইদিন চাহ-বিস্কুট বিক্ৰী কৰি পোৱা টকাখিনি ললিতাৰ হাততে আছিল৷ তাই টকাৰ
টোপোলাটো গণেশৰ ফালে আগবঢ়াই দিলে৷ গণেশে টোপোলাটোৰ পৰা পাছদিনা দোকান চলাবলৈ
মাত্ৰ কেইটামান টকা ৰাখি বাকী গোটেইখিনি ললিতাক ঘূৰাই দিলে৷ অবাক বিস্ময়ত তাই গণেশৰ
মুখলৈ চালে৷ এনেদৰে প্ৰথমবাৰ তাই গনেশৰ মুখলৈ চাইছে৷

: আপিটালে ভাল চাই চোলা কিনি লৈ যা৷ তুমা
দুজনে ভাল লাগা কাপোৰ ল৷ মোৰ ভাল লাগ্বো৷– গণেশে আৱেগত কোৱাদি ক’লে৷ ললিতাই
একেথৰে গণেশৰ মুখলৈকে চাই আছে৷ সেই সময়তে গাড়ী এখন অহাত বস্তবোৰ ৰাস্তাৰ কাষলৈ
নিবৰ বাবে ডেনিছ আঁতৰি গ’ল৷ গণেশে ললিতাৰ মুখলৈ চাই ক’লে– ‘অলপ পুইচা তোৰ হাতত
থ’বি৷ পুইচা-টাকা থাক্লি কাকো খুজিবা যাবা নাল্গে৷’ ইমান পাৰ ভগা আৱেগ! ইমান মন
ভৰি উঠা মমতা! বোধহয় ললিতাৰ চকুপানী ওলাব খুজিলে৷ তাই মুখখন ঘূৰাই দিলে৷ গণেশে
সিহঁতক একো কোৱাৰ সুবিধা নিদি ঠেলা এখনত বস্তুখিনি লৈ আঁতৰি গ’ল৷

বস্তুখিনি
সামৰি-সুতৰি সি যেতিয়া গাঁও পালেহি
,  তেতিয়া বেলিটোৰ বিদায় পৰৰ পয়োভৰ৷ বাঁহ
গছৰ আঁৰেৰে ৰান্ধনি বেলিৰ নামি অহা হেঙুলীয়া পোহৰ৷ ধীৰ গতিৰ বতাহ এজাকে গছৰ পাতবোৰ
কঁপাই থৈ গ’ল৷ কি কাৰণে নাজানে
, আজি তাৰ মনটো ভাল লাগি আছে৷ মাকৰ মুখখন
বাৰে বাৰে মনলৈ আহিছে৷ আঙুলি বুলাই তাক মৰম কৰিছে৷ ক’ব নোৱাৰাকৈ সি আহি বেংডোবাৰ
পাৰ পালেহি৷ বেংডোবাৰ ঘাটলৈ গো-ধূলি নামিছে৷ বেংডোবাৰ পানীত ডঁৰিকণাবোৰে ধেমালি
কৰিছে৷ আনন্দতে নাচিছে৷ ইটোৱে সিটোক মৰম কৰিছে৷ ইটোৱে সিটোক মনৰ কথাবোৰ কৈছে৷
কিমান যে কথা! শেষেই নহয়৷ তাৰো আজি সিহঁতৰ লগত কথা পাতিবৰ মন গ’ল৷ ধেমালি কৰিবৰ মন
গ’ল৷ তাৰ চকুৰ আগত এতিয়া সপোনৰ মায়াময় পাৰাপাৰ৷