শিশুৰ বৃদ্ধি আৰু বিকাশ

 ডাঃ মাখন কলিতা

        শিশুৰ বৃদ্ধি আৰু বিকাশৰ বিষয়টোৰ পৰিসৰ যথেষ্ট ব্যাপক৷ পৰিসৰ ব্যাপক এই
কাৰণেই যে স্বাস্থ্য বিভাগৰ উপৰি সমাজ কল্যাণ
, শিক্ষা,
ক্ৰীড়া, সাংস্কৃতিক আদি চৰকাৰী আৰু বেচৰকাৰী
বহু বিভাগ শিশুৰ বৃদ্ধি আৰু বিকাশৰ স
তে পৰোক্ষ অথবা
প্ৰত্যক্ষভাৱে সম্পৰ্কিত৷ শিশুৰ শাৰীৰিক বৃদ্ধিৰ বিষয়টোতকৈ বিকাশৰ বিষয়টোৰ পৰিসৰ
বেছি ব্যাপক আৰু গুৰুত্ব অধিক৷ শিশুৰ শাৰীৰিক বৃদ্ধিয়ে শিশুৰ অৱয়ব
, চ্চতা আৰু ওজন আদিৰ বয়স অনুপাতে বৃদ্ধিক বুজোৱাৰ বিপৰীতে বিকাশে শিশুৰ মানসিক, সামাজিক,
সাংস্কৃতিক, আধ্যাত্মিক আদি আনুষংগিক দিশসমূহৰ বিকাশক সাঙুৰি লয়৷ যিহেতু শিশুৰ বৃদ্ধি আৰু বিকাশ এক
সামূহিক প্ৰক্ৰিয়া
, সেয়ে স্বাস্থ্য বিজ্ঞানত এই বিষয়টোক
একেলগে আলোচনা কৰা হয়৷  আমি এই আলোচনাত
জন্মৰ পৰা তিনি বছৰলৈকে শিশুৰ বৃদ্ধি আৰু বিকাশ সন্দৰ্ভত স্বাস্থ্যৰ দিশৰ পৰা এক
চমু আলোকপাত কৰিবলৈহে যত্ন কৰিম৷  শিশুৰ
বৃদ্ধি আৰু বিকাশৰ ভেটি গঢ় লয় এই সময়ছোৱাৰ ভিতৰতে৷

        শিশু আৰু মাতৃক সদায়েই এটা একক হিচাপে গণ্য কৰা হয়৷ শিশুৰ বৃদ্ধি আৰু
বিকাশত মাতৃৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ মাতৃক বাদ দি শিশুৰ স্বাস্থ্যৰ কথা ভাবিব
নোৱাৰি৷ মাতৃক শিশুৰ প্ৰথম শিক্ষক হিচাপে গণ্য কৰা হয়৷ উন্নয়নশীল দেশৰ মুঠ
জনসংখ্যাৰ প্ৰায় ৭১.১৪
 শতাংশই হল শিশু আৰু মাতৃ৷ ভাৰতবৰ্ষত প্ৰজননক্ষম বয়স সীমাৰ অৰ্থাৎ ১৫ বছৰৰ পৰা ৪৪
বছৰৰ ভিতৰৰ মহিলা প্ৰায় ২২.২ শতাংশ আৰু ১৪ বছৰৰ তলৰ লৰা-ছোৱালীৰ সংখ্যা প্ৰায় ৪০
শতাংশ৷ এই দুয়োটা সংখ্যা একগোট কৰিলে দেখা যায় মুঠ জনসংখ্যাৰ আধাতকৈয়ো বেছি
গৰ্ভধাৰণ কৰিব পৰা বয়স সীমাৰ মহিলা
, শিশু আৰু কিশোৰ৷ 

        সমীক্ষাৰ পৰা দেখা গৈছে যে মাতৃ তথা শিশু আৰু কিশোৰসকলে জনসংখ্যাৰ অৰ্ধেক
সংখ্যা অধিকাৰ কৰাই নহয
, এই বিশেষ গোটটোৰেই বিভিন্ন
স্বাস্থ্য সমস্যা সবাতোকৈ বেছি৷ উন্নত দেশসমূহত মৃত্যুৰ ৫০ শতাংশ লোক হ
ল ৭০ বছৰৰ ঊৰ্ধৰ লোক৷ ইয়াৰ বিপৰীতে উন্নয়নশীল দেশসমূহত মৃত্যুৰ ৫০ শতাংশই ৫
বছৰৰ তলৰ শিশু৷ নিৰক্ষৰতা
, স্বাস্থ্য সজাগতাৰ অভাৱ, দৰিদ্ৰতা, পৰ্য্যাপ্ত স্বাস্থ্য সেৱাৰ সুবিধাৰ অভাৱ
আদিয়েই মূল কাৰণ৷ আনফালেদি যদি প্ৰসূতিজনিত কাৰণত মাতৃৰ মৃত্যুৰ হাৰলৈ লক্ষ্য কৰোঁ

উন্নত দেশত এই হাৰ প্ৰতি এক লাখত ১২ গৰাকী হোৱাৰ বিপৰীতে উন্নয়শীল
দেশত এই হাৰ আচৰিত ধৰণে বেছি৷ প্ৰতি এক লাখত ২৩৯ গৰাকী৷ ভাৰতবৰ্ষত প্ৰত্যেক বছৰে
প্ৰায় ২৭ মিলিয়ন শিশুৰ জন্ম হৈ আছে৷ দুখৰ বিষয় যে ইয়াৰে ১০ শতাংশই অকাল প্ৰসৱ
,
ডায়েৰীয়া, পুষ্টিহীনতা, সংক্ৰমিত
ৰোগ
, জন্মগত বিকাৰ আদি বিভিন্ন কাৰণত মৃত্যুমুখত পৰে৷ প্ৰায়
আধাসংখ্যক শিশুৰ মৃত্যু ঘটে এবছৰ বয়সৰ ভিতৰতে৷ প্ৰসূতিজনিত কাৰণত মহিলাৰ মৃত্যুৰ
হাৰ বিশ্বৰ ভিতৰত নাইজেৰিয়াৰ পিছতে ভাৰতত বেছি৷ ভাৰতবৰ্ষৰ ভিতৰত অসম (২১৫)
,
উত্তৰ প্ৰদেশ (১৯৭), মধ্যপ্ৰদেশ (১৭৩) এইকেইখন
ৰাজ্যতেই আটাইতকৈ বেছি৷ ১৭ অক্টোবৰ
, ২০১৯ ত ইউনিচেফ’-এ দিয়া তথ্যমতে ২০১৮ বৰ্ষত বছৰৰ তলৰ সৰ্বাধিক শিশুৰ মৃত্যু হোৱা তিনিখন দেশ হ
ভাৰত, নাইজেৰিয়া আৰু পাকিস্তান৷ তথ্যমতে
ভাৰতবৰ্ষত ৮২২০০০টা
, নাইজেৰিয়াত ৮৬৬০০০টা আৰু পাকিস্তানত
৪০৯০০০টা
বছৰৰ তলৰ শিশুৰ ২০১৮ বৰ্ষত মৃত্যু হৈছিল৷ এই
সংখাটোৱে প্ৰমাণ
কৰে ভাৰতবৰ্ষত বৰ্তমান শিশুৰ স্বাস্থ্যৰ
দিশটো কেনে পৰ্যায়ত আছে আৰু শিশুৰ স্বাস্থ্যৰ বাবে চৰকাৰ তথা আমাৰ কৰণীয় কি৷

        মাতৃ আৰু শিশুৰ এই সমস্যালৈ লক্ষ ৰাখি ভাৰতৰ পৰিয়াল কল্যাণ মন্ত্ৰালয়ে
২০০৫ চনৰ
এপ্ৰিলত ৰাষ্টীয় গ্ৰাম্য স্বাস্থ্য আঁচনি ঘোষণা
কৰে৷ এই আঁচনিত স্বাস্থ্যৰ বহুকেইটা দিশ সামৰি লোৱা হৈছিল যদিও মূল লক্ষ্য আছিল
প্ৰসূতিজনিত কাৰণত মাতৃৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা৷ লক্ষণীয়ভাৱে বিগত
ডেৰটা দশকত কিছু আশাপদ ফল পোৱা গৈছে৷ ২০১৩ চনত চহৰ আৰু গ্ৰাম্য দুয়োটাৰে বাবে ৰা
ষ্ট্ৰীয় স্বাস্থ্য আঁচনি হাতত লোৱা হৈছে সেই অনুযায়ী কৰ্মপন্থা গ্ৰহণ কৰা হৈছে৷
লেও মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ দিশত ফলপ্ৰসূ পৰ্যায় পাবলৈ
এতিয়াও বহু দূৰ আছে৷

কিয় মাতৃ আৰু শিশুক এটা একক
হিচাপে গণ্য কৰা হয়
?

        প্ৰথম কথা হল প্ৰাকপ্ৰসৱ কালত মাতৃৰ গৰ্ভত সন্তান
মাতৃৰ এটা অংশ হিচাপেই থাকে৷ ২৮০ দিনীয়া গৰ্ভাৱস্থাৰ কা
লচোৱাত
গৰ্ভস্থ সন্তানে বিকাশৰ বাবে প্ৰয়োজনীয় সকলো উপাদান আৰু অক্সিজেন মাতৃৰ দেহৰ পৰাই
আহৰণ কৰে৷ শিশুৰ বিকাশৰ স
তে মাতৃৰ স্বাস্থ্যৰ পোনপটীয়া
সম্পৰ্ক আছে৷ মাতৃৰ সুস্বাস্থ্য অৰু পৰিপুষ্টি অবিহনে গৰ্ভস্থ সন্তানৰ বিকাশ
সম্ভৱপৰ নহয়৷ গৰ্ভাৱস্থাত নিষিদ্ধ কিছুমান ঔষধৰ সেৱন তথা গৰ্ভাৱস্থাত মাতৃগৰাকীয়ে
ভোগা কিছুমান অসুখ যেনে
চিফিলিছ, হেপাটাইটিছ,
মধুমেহ, জাৰ্মান সৰু আই আদিয়েও গৰ্ভস্থ সন্তানৰ
শাৰীৰিক বৃদ্ধিত বাধাৰ সৃষ্টি কৰে৷ সন্তান জন্ম গ্ৰহণৰ পাছত ৬-
মাহ পৰ্যন্ত আহাৰৰ বাবে শিশু সম্পূৰ্ণৰূপে মাতৃৰ ওপৰত নিৰ্ভৰশীল৷ শিশুৰ
মানসিক আৰু সামাজিক বিকাশো মাতৃৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰ কৰে৷ মাতৃগৰাকীয়েই হ
ল শিশুৰ প্ৰথম শিক্ষক৷

শিশুৰ বৃদ্ধি আৰু বিকাশত
প্ৰভাৱকাৰী কাৰক
:

        আগতেই আমি উল্লেখ কৰিছোঁ যে শিশুৰ বৃদ্ধি আৰু বিকাশৰ বিষয়¸টোৰ পৰিসৰ যথেষ্ট ব্যাপক৷ শিশুৰ বৃদ্ধি আৰু বিকাশত প্ৰভাৱ পেলোৱা অনেক
কাৰণ আছে৷  বিশেষভাৱে প্ৰভাৱ পেলোৱা
কেইটামান কাৰক তলত দাঙি ধৰা হ
ল–

        ১) বংশানুক্ৰমিক চৰিত্ৰ : বংশানুক্ৰমিক চৰিত্ৰই শিশুৰ বৃদ্ধি আৰু বিকাশত
গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ বিশেষভাৱে শিশুৰ উচ্ছতা
, ওজন লগতে
মানসিক বিকাশ
, সামাজিক তথা ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত
বংশানুক্ৰমিক প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হোৱা দেখাযায়৷

        ২) মাতৃৰ স্বাস্থ্য : সবল আৰু সুস্থ স্বাস্থ্যবান মাতৃয়েহে এটি সবল আৰু
স্বাস্থ্যবান শিশু জন্ম দিবলৈ সক্ষম৷ সঘনাই গৰ্ভধাৰণ কৰা মহিলা
, কম বয়স অথবা বেছি সন্তান জন্ম দিয়া মহিলা, গৰ্ভাৱস্থাত
ৰক্তহীনতাআৰু পুষ্টিহীনতাত ভোগা মহিলাই অকাল প্ৰসৱ আৰু কম ওজনৰ শিশু জন্ম দিয়ে৷
এনে শিশুৰ বৃদ্ধি আৰু বিকাশ বাধাগ্ৰস্ত হোৱাৰ উপৰি বেমাৰ-আজাৰ প্ৰতিৰোধৰ ক্ষমতাও
কম হয়৷ প্ৰথম এবছৰত এনে শিশুৰ মৃত্যৰ হাৰ সৰ্বাধিক৷ 

        ৩) পৰিপুষ্টি : শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে পুষ্টিকৰ সুষম আহাৰৰ
প্ৰয়োজন৷ পিতৃ-মাতৃৰ দায়িত্ব এই ক্ষেত্ৰত অপৰিসীম৷ বৰ্তমান ৫ বছৰৰ তলৰ শিশুৰ ২৯.৪
শতাংশ শিশুৰে বয়স অনুপাতে ওজন কম৷ ভাৰতবৰ্ষত ৫ বছৰৰ তলত মৃত্যু হোৱা শিশুৰ ৪৫
শতাংশই পুষ্টিহীনতাত ভোগা শিশু৷

        ৪) বয়স আৰু লিংগ : বয়স আৰু লিংগ ভেদে শিশুৰ বৃদ্ধি আৰু বিকাশত ভিন্নতা
দেখা যায়৷ শিশুৰ বৃদ্ধিৰ ক্ষেত্ৰত মাতৃ গৰ্ভত থকা সময়ত
, প্ৰথম
এবছৰত আৰু বয়ঃসন্ধিৰ সময়ত বৃদ্ধি দ্ৰুত হয়৷ ১০-ৰৰ বছৰৰ ভিতৰত ল
ৰাতকৈ ছোৱালীৰ শাৰীৰিক বৃদ্ধি বেছি হোৱাৰ বিপৰীতে লৰাৰ
শাৰীৰিক বৃদ্ধি বেছি হয় ১২-১৪ বছৰৰ ভিতৰত৷ এই সময়ছোৱাতে ল
ৰা
আৰু ছোৱালীৰ যৌনাংগলৈ পৰিবৰ্তন অহাৰ লগতে কায়িক আৰু কণ্ঠস্বৰৰ বিশেষ পৰিবৰ্তন দেখা
যায়৷

        ৫)পৰিয়াল ভূমিকা :¸ পৰিয়ালৰ স্বাস্থ্যই শিশুৰ
স্বাস্থ্য৷ পৰিয়ালৰ গঠন
, সামাজিক দৃষ্টিভংগী, জীৱন ধাৰণৰ শৈলী, ৰীতি-নীতি-সংস্কৃতি, পৰম্পৰা আদিয়েই হল শিশুৰ বৃদ্ধি আৰু বিকাশৰ আধাৰ৷
পৰিয়ালৰ আৰ্থিক অৱস্থা
, পিতৃ-মাতৃৰ শিক্ষাৰ লগতে
স্বাস্থ্যজ্ঞান আদি দিশো অতি গুৰত্বপূৰ্ণ৷ ভাল ঘৰুৱা পৰিবেশ
, ৰাছোৱালীৰ সতে পিতৃ-মাতৃৰ
বন্ধুত্বসুলভ সম্পৰ্ক আৰু মৰমে শিশুৰ ধৰণ-কৰণ আৰু বৌদ্ধিক বিকাশত মুখ্য ভূমিকা
গ্ৰহণ কৰাৰ লগতে শিশুৰ সামাজিক চৰিত্ৰ গঠনত সহায়ক হয়৷

        ৬) পাৰিপাশ্বিৰ্ক পৰিৱেশ : অসুস্থ পাৰিপাশ্বিৰ্ক
পৰিৱেশ শিশুৰ বহু ধৰণৰ বেমাৰ যেনে
ডায়েৰীয়া, নিউমনিয়া আদি ৰোগৰ কাৰণ৷ বাৰে বাৰে ৰোগত ভোগী থকাৰ
বাবে শিশুৰ বৃদ্ধি আৰু বিকাশ বহুখিনি বাধাগ্ৰস্ত হয়৷

জন্মৰ পাছত শিশুৰ বৃদ্ধি আৰু বিকাশৰ
স্তৰসমূহ :

        জন্মৰ পাছৰে পৰা শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ এক প্ৰকাৰ আৰম্ভ হৈ যায়৷
জন্মৰ কিছু সময়ৰ পাছতেই শিশুক মাতৃদুগ্ধ পান কৰোৱাটো নিতান্তই দৰকাৰী৷ এই কাৰ্যই
মাতৃ আৰু শিশুটিৰ মাজত আ
ৱেগিক বান্ধোন আৰম্ভ কৰে৷ মাতৃৰ
দুগ্ধত পানীৰ লগতে শিশুৰ প্ৰয়োজনীয় সকলো উপাদান থাকে৷ মাতৃৰ প্ৰথম নিঃসৰিত হালধীয়া
দুগ্ধই শিশুক প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰি বেমাৰ-আজাৰ সংক্ৰমণত বাধা দিয়ে৷

১) ২-৩ মাহৰ ভিতৰত : এই সময়ছোৱাৰ
ভিতৰত শিশুৱে মাকৰ মুখ চিনি পোৱা হয়৷ মাকৰ ফালে চাই হাঁহি মাৰে৷ তিনি মাহ মানত শিশুৱে
মূৰ স্থিৰ কৰিব পৰা হয়৷ পেট পেলাই ৰাখিলে মাজে মাজে মূৰ দাঙে৷  বাহু আৰু ভৰি লৰায়৷ হাতৰ মুঠি খুলি ৰাখে আ
ৰু শিথিল হয়৷ এইখিনি সময়তে পিতৃ-মাতৃয়ে শিশুক আলসুৱাকৈ লোৱাৰ অভ্যাস কৰিব
লাগে৷ কন্দাৰ লগে লগে পিতৃ-মাতৃয়ে সঁহাৰি জনালে শিশুৰ অভ্যাসজনিত সমস্যা ভৱিষ্যতে
হোৱাৰ সম্ভাৱনীয়তা নাথাকে৷ শুৱাই থ
লে শিশুৰ চকুত পৰাকৈ ৰঙীন
বস্তু ওলোমাই ৰাখিব লাগে৷ এনে কাৰ্যই শিশুক আনন্দিত কৰাৰ লগতে আনুভূতিক বিকাশৰ
সহায়ক হয়৷

২) ৪-৬ মাহৰ ভিতৰত : এই সময়ত শিশুৱে
বহিব খোজে৷ মাতৃয়ে ধৰি বহিবলৈ সহায় কৰি দিব লাগে৷ মাতৃয়ে কোঁচত
থিয়কৈ ললে মূৰ থিয়কৈ ৰাখিব খোজে৷ শব্দৰ উৎস অনুসৰণ
কৰি শিশুৱে মূৰটো শব্দৰ ফালে ঘূৰাব পৰা হয়৷ কিবা বস্তু ঢুকি পাবলৈ বা ধৰিবলৈ যত্ন
কৰে৷ কল-কলাবলৈ আৰম্ভ কৰে৷ ৬ মাহত শৰীৰৰ ওজন প্ৰায় জন্মৰ ওজনৰ দুগুণ হয়গৈ৷ এই
সময়ছোৱাত শিশুৰ সৈতে পিতৃ-মাতৃয়ে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে৷ শিশুৱে
মুখেৰে কৰা শব্দ আদি অনুকৰণ কৰি তাৰ প্ৰতি সঁহাৰি জনাব লাগে৷ শিশুক বাহিৰৰ জগতখন
দেখুৱাবলৈ উলিয়াই নিব লাগে৷ আকৰ্ষণীয় বস্তু আদি ৰাখি শিশুক নিজেই ধৰিবলৈ দিব লাগে৷
এই কাৰ্যবোৰে শিশুৰ মানসিক বিকাশৰ লগতে শ্ৰৱণ আৰু দৃষ্টি শক্তিৰ প্ৰাবল্যৰ বিকাশ
সাধন কৰে৷

৩) ৭-৯ মাহৰ ভিতৰত : এই সময়ছোৱাত শিশুৱে
দুয়ো ফালে লুটি বাগৰ দিবলৈ শিকে৷ আটাইকেইটা আঙুলিৰে পুতলা আদি বস্তু ধৰিব পৰা হয়৷
মূৰ ঘূৰাই চাব পৰা হয়৷ নাম ধৰি মাতিলে প্ৰতিক্ৰিয়া দেখুৱায়৷ চকুৰ আগৰ পৰা পুতলা
আদি বস্তু লুকুৱাই থ
লে ইফালে-সিফালে চকুৰে চাই বিচাৰে৷ এই সময়ত
শিশুক সৰু সৰু বস্তু আদি দলিয়াবলৈ দিব লাগে৷ চাফা
, সুৰক্ষিত
ঘৰুৱা বাচন-বৰ্তন আদি শিশুক দি চাব লাগে যাতে খেলিব পাৰে আৰু অনুসন্ধিৎসু মনেৰে
চাব পাৰে৷ এনেদৰে শিশুৱে কাৰ্য কৰিলে শিশুৰ স্নায়ুৰ বিকাশ সাধন হোৱাৰ লগতে মানসিক
উৎকৰ্ষ বৃদ্ধি পায়৷ এই সময়ছোৱাত যদি এনে ধৰণৰ কামৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া
নেদেখুৱায়
, তেন্তে পিতৃ-মাতৃয়ে শিশুৰোগ বিশেষজ্ঞৰ কাষ চপাটো
অতি জৰুৰী৷ এই সময়ৰ পৰাই শিশুক মাতৃ দুগ্ধৰ উপৰি জুলীয়া অন্য খাদ্য খুৱাবলৈ অভ্যাস
কৰাব লাগে৷

৪) ৯-১০ মাহৰ ভিতৰত : এই সময়ছোৱাত
শিশুৱে কোনো সহায় নোহোৱাকৈ বহিব পাৰে৷ বগুৱা বা চুঁচৰিব পৰা হয়৷ কোচত উঠিবৰ বাবে
হাত দাঙিব পৰা হয়৷ এই সময়ত শিশুৰ অচিনাকিজনৰ প্ৰতি সন্দেহ জন্মে৷ কোনোবা অচিনাকি
লোকে কোঁচত উঠাব খুজিলে মুখ ঘূৰাই যাবলৈ অস্বীকাৰ কৰে৷

৫) ১১-১২ মাহৰ ভিতৰত : সহায় লৈ
ঠিয় হ
ব পৰা হয়৷ মাতৃভাষাৰ এটা দুটা শব্দ কব পৰা হয়৷ ইটো
সিটো সৰু কথাৰ সঁহাৰি জনাব পৰা হয়৷ এই সয়ছোৱাত শিশুৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অধিক
বিকাশ হ
বলৈ আৰম্ভ কৰে৷ সেয়ে পিতৃ-মাতৃয়ে শিশুক সামান্যভাৱে
ঢুকি নোপোৱা উ
চ্চতাত খেলা বস্তু আদি ৰাখি থিয় হবলৈ সহায় কৰিব লাগে৷ জীৱ-জন্তু আদিৰ ছবি
দেখুৱালে শিশুৱে সেইবোৰৰ স
তে চিনাকি হয়৷  মাতৃয়ে সুধিলে পিছত শিশুৱে আঙুলিয়াই নিজে দেখুৱাব
পৰা হয়৷ এই সময়ত পিতৃ-মাতৃৰ সহযোগে শিশুৰ নতুন পৰিৱেশৰ স
তে
খাপ খুৱাব পৰা গুণৰ বিকাশ সাধন কৰাৰ লগতে স্মৃতিশক্তিৰ বিকাশ ঘটায়৷

৬) ১২-১৪ মাহৰ ভিতৰত : ভৰি দুটা
বহলকৈ দুই এখোজ দিব পৰা হয়৷ শৰীৰৰ ওজন জন্মৰ ওজনৰ প্ৰায় চাৰিগুণ হয়গৈ৷

৭) ১৮-২১মাহৰ ভিতৰত : ভৰি দুটা
চপাই খোজ কাঢ়িব পৰা হয়৷ কেইবাটাও শব্দ ক
ব পৰা হয়৷ কিছমান পৰিচিত
ভংগিমা যেনে : হাত চাপৰি বজোৱা
, হাত চাপৰি মৰা আদি প্ৰদৰ্শন
কৰিব পৰা হয়৷ সৰু পাত্ৰ আদিত বস্তু আদি ভৰাই আকৌ উলিয়াবলৈ শিকে৷ ছবিৰ কিতাপ চাই
সাধাৰণ বস্তু আদি চিনিব পৰা হয়৷

৮) ২৪ মাহৰ পৰা : পুতলা আদি টানি
স্থিৰভাৱে খোজ কাঢ়িব পাৰে৷ কিতাপত থকা জীৱ-জন্তু আদি চাই নাম ক

পৰা হয়৷ মাকৰ স
তে ঘৰুৱা কাম-কাজ আদি কৰিবলৈ মাকক অনুকৰণ
কৰে৷ এই সময়তে শিশুৱে সহজে আনক অনুকৰণ কৰে৷ সেয়ে এই সময়ত পিতৃ-মাতৃ সচেন হোৱা
খুবেই প্ৰয়োজন৷

৯) ২৪ মাহৰ পৰা ৩ বছৰৰ ভিতৰত : শিশুৱে
নিজে নেপেলোৱাকৈ বস্তু খাব পৰা হয়৷ লাহে লাহে দৌৰিব পৰা হয়৷ 

         উল্লিখিত স্তৰখিনি বিশ্লেষণ কৰি
চালে আমি অনুমান কৰিব পাৰিম যে এইখিনি সময়তেই আচলতে শিশুৰ বৃদ্ধি আৰু বিকাশৰ মূল
ভেটিটো গঢ় লয়৷ ইয়াৰ পিছত প্ৰাক প্ৰাথমিক
, প্ৰাথমিক আৰু
বিদ্যালয় পৰ্যায়ত শিশুৰ বিকাশ স্তৰে স্তৰে ঘটি গৈ থাকে৷ চৰকাৰীভাৱেই হওক অথবা
সামাজিকভাৱেই হওক আমাৰ দেশত শিশুৰ বিকাশৰ বাবে সুস্থ বাতাবৰণৰ সৃষ্টি কৰিছোঁ বুলি
আমি ডাঠি ক
ব নোৱাৰোঁ৷ বৰ্তমান সময়তো আমাৰ দেশত ঘৰুৱা তথা
ব্যাৱসায়িক কাম-কাজত হাজাৰ হাজাৰ শিশু শ্ৰমিক নিয়োজিত হৈ আছে৷ হাজাৰ হাজাৰ শিশু
পিতৃ-মাতৃ
, অভিভাৱকৰ দ্বাৰা শাৰীৰিকভাৱে পীড়িত হৈ আছে৷ শিশুৰ
ধৰ্ষণ
, শিশু অপহৰণ, শিশুক অবৈধ কামত
লিপ্ত কৰাৰ দৰে ঘৃণনীয় ঘটনাবোৰ নিতৌ ঘটিয়েই আছে৷ এনে ঘটনাবোৰে চৰকাৰৰ
¸ শিথিল নীতিৰ লগতে আমাৰ সামাজিক দায়িত্বজ্ঞান শূন্যতাৰো ইংগিত দিয়ে৷
নেতিবাচক এনে ঘটনাৰ পিছতো চৰকাৰীভাৱে স্বাস্থ্য
, সমাজ কল্যাণ,
শিক্ষা আদি বিভাগত গ্ৰহণ কৰা কিছু পদক্ষেপে আশাৰ সঞ্চাৰ নকৰা নহয়৷
আন্তঃৰাষ্ট্ৰীয় শিশুকল্যাণৰ বাবে উৎসৰ্গিত সংস্থা ইউনিচেফে লগতে বহুকেইটা স্বেচ্ছাসেৱী
সংগঠনেও আমাৰ দেশত শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে কাম কৰি আছে৷

        গান্ধীজীয়ে কৈছিল–“If we are to teach real peace in this world,
and if we are to carry on a real war against war, we shall have to begin with
children.” বিশ্বক শান্তিৰ শিক্ষা দিবলৈ, যুদ্ধৰ
বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিবলৈ আমি শিশুৰ পৰাই আৰম্ভ কৰিব লগিব৷ আজিৰ শিশু কালিলৈ
এখন দেশৰ দ্ৰষ্টা আৰু স্ৰষ্টা৷ শিশুৰ সুস্থ শাৰীৰিক
, মানসিক
তথা সামাজিক বিকাশৰ ওপৰতেই এখন দেশৰ প্ৰগতি আৰু সমৃদ্ধি নিৰ্ভৰ কৰে৷ সেয়ে পৰিয়ালৰ
লগতে সমাজৰ প্ৰত্যেক ব্যক্তিৰে শিশুৰ বিকাশৰ বাবে গধুৰ দায়িত্ব আছে৷ স্বাস্থ্য
,
সমাজ কল্যাণ, শিক্ষা আদি চৰকাৰী বিভাগসমূহৰ
সময়োচিত বিজ্ঞানসন্মত নিঃস্বাৰ্থ আৰু উৎসৰ্গিত পদক্ষেপৰ লগতে চৰকাৰৰ সদিচ্ছা তথা
নীতি নিৰ্দেশনা ৰূপায়ণৰ ক্ষেত্ৰত ল
ব লগা দৃঢ় স্থিতিয়েহে
শিশুৰ বৃদ্ধি আৰু বিকাশ সাধিত কৰিব পাৰিব আৰু এখন সমৃদ্ধিশালী
, সুৰক্ষিত আৰু শান্তিপূৰ্ণ দেশৰ সপোন বাস্তৱায়িত কৰিব পাৰিব৷

 সহায়ক গ্ৰন্থ: Park’s test book of
PREVENTIVE AND SOCIAL MEDICINE