অৰুণ কুমাৰ দাস
২০২০ বৰ্ষটো টুৱেণ্টি-টুৱেণ্টি ক্ৰিকেটৰ
বাবে গুৰুত্বপূৰ্ণ৷ কিয়নো এই বছৰটোত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) টি-২০ বিশ্বকাপৰ আয়োজনৰ
ব্যৱস্থা হ’ল৷ ইতিমধ্যে অষ্ট্ৰেলিয়াত সম্পন্ন হ’ল মহিলাৰ ২০-২০ অ’ভাৰৰ বিশ্বকাপ৷
আনহাতে অক্টোবৰ মাহত অষ্ট্ৰেলিয়াতেৌ পুৰুষৰ টি-২০ বিশ্বকাপ হোৱাৰ কথা৷
স্বাভাৱিকতেই এই বছৰটোৰ আৰম্ভণিৰে পৰাই প্ৰতিখন ক্ৰিকেট খেলা দেশে দ্বিপাক্ষিক
ছিৰিজত গুৰুত্ব দিছে ২০-২০ অ’ভাৰৰ মেচক৷ ভাৰতীয় দলৰ নিউজিলেণ্ড ভ্ৰমণত তিনিখন
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ (৫০-৫০ অ’ভাৰৰ) আৰু দুখন টেষ্টৰ বিপৰীতে পাঁচখন
টি-২০ মেচৰ ব্যৱস্থা ৰখা হৈছিল৷ সেইদৰে ইংলেণ্ডৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণতো টি-২০
মেচক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হ’ল৷ অনাগত দিনবোৰত যিমানবোৰ দ্বিপাক্ষিক ছিৰিজ
হ’ব, প্ৰতিটোতে
নিশ্চিতভাৱে টি-২০ মেচ অধিক হাৰত ৰখা হ’ব৷ আগন্তুক টি ২০ বিশ্বকাপৰ পৰিপ্ৰক্ষিতত
এইবাৰৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) আকৰ্ষণ আৰু গুৰুত্ব অধিক বৃদ্ধি
পাইছে৷ সম্প্ৰতি ক‘ৰনা ভাইৰাছে সমগ্ৰ বিশ্বক শংকিত কৰি তোলাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ আই পি এলক
লৈও প্ৰশ্ন নুঠা নহয়৷ তথাপি আশা কৰা হৈছে যে সুকলমে এইবাৰৰ প্ৰতিযোগিতা সম্পন্ন
হ’ব৷ আই পি এলৰ জনপ্ৰিয়তা আজি আকাশলঙ্ঘী৷ আই চি চিয়েও এই প্ৰতিযোগিতাক গুৰুত্ব দি
এপ্ৰিল আৰু মে’ মাহ পৰ্যন্ত আন দ্বিপাক্ষিক ছিৰিজ ব্যৱস্থা নৰখা হ’ল৷ ২০০৮ বৰ্ষত শুভাৰম্ভ
হোৱা আই পি এলৰ জনপ্ৰিয়তাই নিয়মিত ক্ৰিকেট নেখেলা দেশকো আজি স্পৰ্শ কৰিছে৷ কানাডা, য়ুনাইটেড আৰব এমিৰেটছ (য়ু এ ই)-ৰ দৰে দেশতো সম্প্ৰতি অনুষ্ঠিত হয়
২০-২০ অ’ভাৰৰ প্ৰিমিয়াৰ লীগ৷ অষ্ট্ৰেলিয়াৰ বিগ বেছ, কেৰেবিয়ান প্ৰিমিয়াৰ লীগ, বাংলাদেশ প্ৰিমিয়াৰ লীগ, পাকিস্তান প্ৰিমিয়াৰ লীগৰ দৰে টুৰ্নামেণ্টবোৰৰো জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি
পাইছে৷ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ক্ৰিকেট বিশ্বৰ বহু সংখ্যক খেলুৱৈক
তেওঁলোকৰ খেলুৱৈ জীৱনৰ অন্তিম বেলাতো দুপইচা আৰ্জনৰ সুযোগ আনি দিছে বিভিন্ন দেশত
হোৱা ২০-২০ অ’ভাৰৰ প্ৰিমিয়াৰ লীগবোৰে৷

আই পি এলে ক্ৰিকেটক বাণিজ্যিকীকৰণত যিদৰে
প্ৰভূত বৰঙণি যোগাইছে, সেইদৰে খেলুৱৈসকলকো উপকৃত
কৰিছে৷ আটাইতকৈ গুৰুত্বপূৰ্ণ, ভাৰতকে ধৰি বিভিন্ন দেশৰ প্ৰতিভাৱান ক্ৰিকেটাৰসকলকো এখন উপযুক্ত মঞ্চ দিছে৷
এইবাৰৰ প্ৰতিযোগিতাখন হ’ব ত্ৰয়োদশ সংস্কৰণ৷ ১৩ টা বছৰৰ পূৰ্বে এক প্ৰকাৰৰ বাধ্যত
পৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব‘ৰ্ড (বি চি চি আই)-এ আৰম্ভ কৰা আই পি এল যে এদিন
ফুলে-ফলে নদন-বদন হৈ উঠিব, সেয়া হয়তো কল্পনাও কৰা নাছিল তদানীন্তন কৰ্মকৰ্তাসকলে৷ বি চি চি আইৰ সৈতে
বাণিজ্যিক বিবাদত লিপ্ত হৈ আগশাৰীৰ টেলিভিছন চেনেল জি টিভিৰ (ZEE TV) মালিক গোষ্ঠীয়ে আৰম্ভ কৰিছিল আই
চি এল, অৰ্থাৎ
ইণ্ডিয়ান ক্ৰিকেট লীগ৷ প্ৰচুৰ অৰ্থৰ ব্যৱস্থা থকা আই চি এলে আকৰ্ষিত কৰিলে বিভিন্ন
দেশৰ ক্ৰিকেটাৰৰ লগতে আমাৰ দেশৰো বহু নবীন-প্ৰৱীণ খেলুৱৈক৷ প্ৰথম বছৰতে আই চি এলৰ
জনপ্ৰিয়তাত প্ৰমাদ গণিলে বি চি চি আয়ে৷ আই চি এলত ভাগ লোৱা আমাৰ দেশত
ক্ৰিকেটাৰসকলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হ’ল৷ বিপৰীতে বি চি চি আয়ে আৰম্ভ
কৰিলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০০৮ বৰ্ষত৷ ইয়াৰ পৰৱৰ্তী পৰ্যায় আজি ইতিহাস৷

আই পি এলৰ মূল চমক হ’ল খেলুৱৈৰ নীলাম৷
খেলুৱৈ নীলামৰ এই অভিনৱ পন্থাই প্ৰতিযোগিতাখনৰ আকৰ্ষণ বহু গুণে বৃদ্ধি কৰিলে৷
বিশেষকৈ প্ৰতিবাৰৰ নীলামত দুজনমান ক্ৰিকেটাৰক লৈ ফ্ৰেন্সাইজি দলবোৰৰ মাজত যি ধৰণৰ
প্ৰতিদ্বন্দ্বিতা চলে, সেয়া হয়গৈ অতিশয় আকৰ্ষণীয়৷
তদুপৰি সংশ্লিষ্ট ক্ৰিকেটাৰজনে মূৰকত লাভ কৰে অভাৱনীয় দৰ৷ ২০২০ চনৰ অৰ্থাৎ ত্ৰয়োদশ
সংস্কৰণৰ নীলামতো এনে ঘটনাই ঘটিল৷ টীম ইণ্ডিয়াৰ প্ৰাক্তন লেগ স্পীনাৰ পীয়ুষ চাৱলা৷
নিজৰ সোণালী দিনবোৰ কাহানিবাই পাৰ কৰিলে৷ ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত হোৱা নীলামত ৬
কোটি ৭৫ লাখ টকাৰ অভাৱনীয় দৰত বিক্ৰী হ’ল চাৱলা৷ তেওঁক কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা
আঁজুৰি নিলে মহেন্দ্ৰ সিং ধোনিৰ ফ্ৰেন্সাইজি চেন্নাই ছুপাৰ কিংছে৷ এইবাৰ নীলামত
অভাৱনীয়ভাৱে লাভৱান হ’ল ৱেষ্ট্ ইণ্ডিজৰ বেট্ছমেন শ্বিমৰন হেটমেয়াৰ আৰু লগতে ফাষ্ট
বলাৰ শ্বেলডন কট্ৰেল৷ হেটমেয়াৰৰ নিৰ্ধাৰিত মূল্য (বেছ প্ৰাইছ্) অাছিল ৫০ লাখ টকা৷
মূৰকত দেখা গ’ল তেওঁক লৈ চলিল তিনিটা ফ্ৰেন্সাইজিৰ তীব্ৰ টনা-আঁজোৰা৷ অৱশেষত
দিল্লী কেপিটেল্ছে ৭ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰিলে হেটমেয়াৰক৷ অনুৰূপ ধৰণে কট্ৰেলৰ
নিৰ্ধাৰিত মূল্যও আছিল ৫০ লাখ টকা৷ একাধিক ফ্ৰেন্সাইজিৰ মাজত চলা তীব্ৰ
প্ৰতিদ্বন্দ্বিতাৰ অন্তত ৮ কোটি ৫০ লাখ টকাৰ অভাৱনীয় দৰত কিংছ ইলেভেন পাঞ্জাবে ক্ৰয় কৰিলে কট্ৰেলক৷
জানুৱাৰি মাহত দক্ষিণ আফ্ৰিকাত সম্পন্ন হোৱা আই চি চিৰ ১৯ বছৰৰ অনূৰ্ধ্ব ক্ৰিকেট
বিশ্বকাপত ৰানাৰ্ছ আপ হৈছিল ভাৰতীয় দল৷ সেই দলটোৰ তিনিজন সদস্য অধিনায়ক প্ৰিয়ম
গৰ্গ, অপেনিং বেটছমেন যশস্বী জয়ছোৱাল
আৰু লেগ স্পীনাৰ ৰবি বিষ্ণইৰ কপাল ফুলিল এইবাৰৰ নীলামত৷ মুহূৰ্তৰ ভিতৰতে তিনিও হৈ
পৰিল কোটিপতি৷ মুম্বাইত পথৰ কাষত পিতৃৰ সৈতে পানীপুৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা
প্ৰতিভাৱান বেটছ্মেন যশস্বীক দুই কোটি ৪০ লাখ টকাত ক্ৰয় কৰিলে ৰাজস্থান ৰয়েলছে৷
অথচ তেওঁৰ ‘বেছ প্ৰাইছ’ আছিল ২০ লাখ টকা৷ ২০ লাখ টকাৰ ‘বেছ প্ৰাইছ’ নিৰ্ধাৰণ হোৱা ৰবি বিষ্ণইক দুই
কোটি টকাত ক্ৰয় কৰিলে কিংছ ইলেভেন পাঞ্জাবে৷ আনহাতে প্ৰিয়ম গৰ্গক এক কোটি ৯০ লাখ
টকাত ক্ৰয় কৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে৷ তেওঁৰো মূল্য নিৰ্ধাৰণ হৈছিল ২০ লাখ
টকাত৷ এই অভাৱনীয় মূল্যই প্ৰমাণ কৰিলে তিনিওজন প্ৰতিভাৱান ক্ৰিকেটাৰক লৈ
ফ্ৰেন্সাইজিৰ মাজত কি ধৰণৰ প্ৰতিদ্বন্দ্বিতা চলিছিল৷ আমাৰ দেশৰ হৈ আন এক প্ৰতিভা বিৰাট সিঙকো
তেওঁৰ বেছ প্ৰাইছ ২০ লাখ টকাৰ বিপৰীতে নীলামত এক কোটি ৯০ লাখ টকাত ক্ৰয় কৰিছিল
হায়দৰাবাদে৷ বৰুণ চক্ৰৱৰ্তী নামৰ স্পীনাৰজন ক্ৰিকেটপ্ৰেমীৰ বাবে মুঠেও পৰিচিত নাম
নহয়৷ আই পি এলৰ দ্বাদশ সংস্কৰণৰ বাবে হোৱা নীলামত কিংছ ইলেভেন পঞ্জাৱে ৮ কোটি ৪০
লাখ টকাত অভাৱনীয় দৰত তেওঁক ক্ৰয় কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ এইবাৰৰ নীলামত
বৰুণৰ ‘বেছ প্ৰাইছ’ আছিল মাত্ৰ ৩০ লাখ টকা৷
তৎসত্ত্বেও মূৰকত তেওঁক ৪ কোটি টকাত ক্ৰয় কৰি কলকাতা নাইট ৰাইডাৰ্ছে চমক দিলে৷ এই ধৰণৰ
আই পি এলত আটাইতকৈ দামী ক্ৰিকেটাৰ তিনিজন হ’ল অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰ পেট
কামিন্স(১৫ কোটি ৫০ লাখ টকা), অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেল (১০ কোটি ৭৫ লাখ টকা) আৰু দক্ষিণ আফ্ৰিকাৰ ফাষ্টবলাৰ
ক্ৰিছ মৰিছ(১০ কোটি টকা)৷ কামিন্স আৰু মেক্সৱেলৰ প্ৰাৰম্ভিক মূল্য আছিল দুই কোটি
টকা আৰু মৰিছৰ এক কোটি ৫০ লাখ টকা৷ অষ্ট্ৰেলিয়াৰ জাতীয় দলত নিয়মীয়াকৈ খেলাৰ সুযোগ
নাপালেও নাথন কুল্টাৰ নাইলৰ কপাল ফুলালে এইবাৰৰ আই পি এলে৷ তেওঁক ৮ কোটি টকাত দলত
ল’লে মুম্বাই ইণ্ডিয়ান্ছে৷ ইংলেণ্ডক প্ৰথমবাৰৰ বাবে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচৰ
বিশ্বকাপ আনি দিয়া অধিনায়ক ইয়ন মৰ্গানক ৫ কোটি ২৫ লাখ টকাত দলত ল’লে কলকাতা নাইট
ৰাইডাৰ্ছে৷ ২০১৭ চনৰ পৰা অৱশ্যে আই পি এলত খেলা নাছিল বাওঁহতীয়া বেটছ্মেন
মৰ্গানে৷

এই লেখাৰ প্ৰাৰম্ভতে পীয়ুষ চাৱলাৰ
উদাহৰণেৰে উল্লেখ কৰিছোঁ কেনেকৈ একোজন খেলুৱৈলৈ আই পি এলত অভাৱনীয় দৰ পায়৷ ২০১৯
বৰ্ষৰ আই পি এলত ১১ কোটি ৫০ লাখ টকাত অবিশ্বাস্য মূল্যত বিক্ৰী হৈছিল বাওঁহতীয়া ফাষ্টবলাৰ
জয়দেৱ উনাদকাট৷ এইবাৰ কিন্তু তেওঁ তিনি কোটি টকাহে পালে৷ সদ্য সমাপ্ত ৰঞ্জি ট্ৰফী
প্ৰতিযোগিতাত সৰ্বাধিক ৱিকেট দখল কৰি উনাদকাটে নিজৰ উপযোগিতা পুনৰবাৰ প্ৰমাণ
কৰিলে৷

আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত
পৰিচিত নাম ভাৰতৰ চেতেশ্বৰ পূজাৰা, হনুমা বিহাৰী, নিউজিলেণ্ডৰ মাৰ্টিন গুপ্টিল, টিম ছাউদী আৰু কলিন ডে গ্ৰাণ্ডহোম, ৱেষ্ট ইণ্ডিজৰ শ্বাই হোপ আৰু কাৰ্লোছ ব্ৰেথ্ৱেইট, দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ এণ্ডিল ফেহলুকৱায়’, বাংলাদেশৰ মুছফিকুৰ ৰহিম৷ এওঁলোকৰ দুৰ্ভাগ্য কোনো এটা ফ্ৰেন্সাইজিয়ে আগ্ৰহ
নেদেখুৱালে৷ যশপ্ৰীত বুমৰা, হাৰ্দিক পাণ্ডিয়া, ক্ৰুনাল পাণ্ডিয়া, দীপক চাহাৰ, ৰাহুল চাহাৰ, ৱাশ্বিংটন সুন্দৰ, শ্ৰেয়াস আয়াৰ, নৱদীপ ছাইনি, খলিল আহমেদৰ দৰে আজিৰ টীম
ইণ্ডিয়াৰ খেলুৱৈসকলে প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাইছিল আই পি এলৰ মঞ্চত৷ ত্ৰয়োদশ
সংস্কৰণেও নিশ্চয় ভাগ্যৰ দুৱাৰ খুলিব কাৰোবাৰ বাবে৷ আসন্ন টি ২০ বিশ্বকাপৰ দলত
স্থান লাভৰ বাবে এইসকলে যে প্ৰাণপ্ৰণে যুঁজিব সেয়া নিশ্চিত৷

ভ্ৰাম্যভাষ:৮৬৩৮৯২৫৪৬৯