অসমীয়া অনুবাদ : কুমুদ ঘোষ
জয়া একেবাৰে একোৱেই নজনা বা নুবুজা ছোৱালী নহয়
যে লাজত মৰহি যাব৷ স্থিৰ, নিশ্চল তাইৰ দেহভংগী৷ হাতত জুই ৰঙৰ বেনাৰসীখন লৈ থিয়
হৈয়েই জগতে মিচিক-মাচাককৈ হাঁহিলে; প্ৰকাশ্যে নহয়, মনতে ক’লে, ‘‘তোমাক
আজি মই নিজ হাতেৰে সজাই দিম৷’’
জয়াই আপত্তি নকৰিলে৷ শিল্পীয়ে যিদৰে কেনভাছত
ৰং-তুলিকা বুলাই প্ৰেমিকাৰ ছবি আঁকে, বাহিৰৰ ৰং আৰু মনৰ ৰং মিহলাই, তেনেকৈয়ে জগতে
তাৰ প্ৰেমিকাক শাৰী পিন্ধালে৷
আজি জয়াৰ বিয়া৷ চানাই বাজিছে, ৰজনীগন্ধাৰ সৌৰভত গধুৰ হৈ
আহিছে বতাহ৷
দোকানৰ মালিক অভয় পদে গাহৰীৰ দৰে গলধনৰ নোম থিয় কৰি জগতক
ধমক দি ক’লে, ‘‘ঐ ল’ৰা, তাত সোমালে তোৰ কাণ্ডজ্ঞান
নাথাকে৷ সোনকালে ওলাই আহ৷’’ জগতে কাচৰ প্ৰকাণ্ড বাকচটোৰ ভিতৰৰ পৰাই উত্তৰ
দিলে, ‘‘গৈছোঁ৷ ভালকৈ শাৰী পিন্ধাবলৈ সময় লাগে৷’’ জগতে ডামিৰ শাৰী পিন্ধোৱা
পৰ্ব শেষ হ’লেও দুই মুহূৰ্তমান থিয় হৈ ৰ’ল৷
পুনৰ মনৰ ভিতৰতে ক’লে, ‘‘জয়া, তেনেহ’লে
এতিয়ালৈ মই আহোঁ৷’’ কথাষাৰ কৈয়েই জগতে ৰাস্তাৰ সিপাৰে থকা জয়াহঁতৰ
ৰাজপ্ৰসাদৰ দৰে ঘৰটোৰ ফালে চালে৷ জয়াহঁতৰ ঘৰৰ গে’টৰ
সমুখত কলপুলি আৰু আমডালি৷ চানাই বাজিছে৷ জয়া আৰু হয়তো কোনোদিন জগতহঁতৰ দোকানলৈ
শাৰী কিনিবলৈ নাহিব৷ আহিলেও তাইৰ সেওঁতাত থাকিব সেন্দূৰৰ বোল৷ জয়াই কোনোদিন জানিবও
নোৱাৰিব যে, শাৰীৰ দোকানৰ এজন অতি নগণ্য কৰ্মচাৰী জগতে তাইক
ভাল পাইছিল৷ সেয়ে বিয়াৰ দিনা তাইক জুইৰঙৰ বেনাৰসীখন নিজ হাতে পিন্ধাই দিছিল৷
***