মোৰ নীলা কুকুৰা

মূল :  এন গ্ৰে

ভাবানুবাদ :  যশোৱন্ত নিপুণ



মই মোৰ নীলা কুকুৰাজনীক
এটা গান শুনাওঁ ৷ মই তাইৰ ডেউকা দুখন

মোৰ গাত
মেৰিয়াই লওঁ ৷ শিয়ালটোৱে তাইৰ প্ৰেমিকক ভক্ষণ কৰিছিল
,
মনে মনে
ৰুক্ষ
  ঘাঁহবোৰৰ
মাজেদি
,
বৰষুণে
ধোৱা আকাশেৰে আহি ৷ মই তাইক কওঁ
, ময়েই নীলা বগলী,
আৰু নীলা
ভাটৌ৷
  আমি অনুচ্চ
সুৰত

ফৰাচী ভাষাত
কথা পাতোঁ৷
  মই তাইক কওঁ
ঘোঁৰা, ষাঁড়, আৰু সিংহ এই
সকলোৱেই তৰাবোৰত আছিল

আমাৰ জীৱনৰ
বেলেগে বেলেগ সময়ত৷
  মই তাইক কওঁ আনকি
সাগৰেও কৰিব
নোৱৰা বহুত কিবাকিবিয়েই আছে
, যেনে ঘূৰি অহাটো
যেতিয়া সেয়া
যোৱাৰ সময় ৷
  মই তাইক কওঁ
মোৰ হৃদয় প্ৰলয়

জলধিত এখন
নাও
, এটা কফিন, এখন পালতৰা জাহাজ ৷
মই তাইক কওঁ
বৰ্তমান সময় বুলিবলৈ একোৱেই নাই
,
কঁহুৱাৰ
গোটেই পথাৰখনেই তাইক এহেজাৰ

ভিন্ন উত্তৰ
দিব পাৰে৷ মই তাইক কওঁ এটা কুকুৰ

লাইটহাউছ
এটা
  ব পাৰে, এটি
ঘৰচিৰিকাই সপোন দেখিব পাৰে

তাৰ গানৰ, টোপনিত
কঁপাই তুলিব পাৰে তাৰ কণ্ঠ ৷

মই তাইক কওঁ
কেনেকৈ এজনী মায়াৱিনী ধাত্ৰীয়ে গীত গাই প্ৰত্যেক কেঁচুৱাকে তাৰ

নিজৰ নি:শংক
গীতটোলৈ লৈ যাব পাৰে৷
  এই নিশা, জোনটোৱে এন্ধাৰবোৰ
ঠেলি পঠিয়ায়
৷ মোৰ চুলি তাল গছবোৰত লাগি ধৰে৷
  মই তাইক কওঁ মই এজোপা গছ

পাৰিলোঁহেঁতেন
তুমি যদি মোক ইয়াত অলপ বেছি সময় ধৰি ৰাখিলাহেঁতেন ৷
মই তাইৰ
ডিঙিটো স্পৰ্শ কৰোঁ৷
  তাই অস্পষ্ট শব্দ কৰে,
কণী আৰু
পাখিৰ তাইৰ গান৷
  মই তাইক কওঁ
তুমি

এক উচ্ছল
তৰংগ আছিলা
, বৰ্ষাৰ
বিজুলী চমকনিৰে
  ধুমুহাৰ এজন
পুৰুষ৷