ফৰাচী
Follain)
প্ৰশান্ত মিশ্ৰ
(১৯০৩ চনৰ ২৯ আগষ্টত জন্মগ্ৰহণ কৰা ঝঁ ফ’লাঁ (Jean Follain) পেছাত
আৰম্ভণিতে অধিবক্তা আৰু পাছলৈ এগৰাকী ন্যায়াধীশ হয়গৈ। ফ্ৰান্সৰ অন্য কবিসকলতকৈ কিছু পৃথক এই কবিগৰাকীৰ কবিতাত পূব এছিয়াৰ সাহিত্যৰ, ঘাইকৈ
জাপানী হাইকুৰ প্ৰতিধ্বনি শুনা যায় বুলি সমালোচকসকলে মত প্ৰকাশ কৰিছে। ১৯৭১ চনৰ
১০ মাৰ্চত ঝঁ ফ’লাঁৰ মৃত্যু হয়।
কুকুৰ আৰু স্কুলীয়া ল’ৰাবোৰ (Dog and School boys, Chien aux
ecoliers) আৰু জীৱন (Life, Vie) শীৰ্ষক কবিতা দুটি A. S. Kline-ৰ মূল ফৰাচীৰ পৰা
অনূদিত আৰু সংকলিত ইংৰাজী ই-গ্ৰন্থ ‘Selected French Poems from the early to mid
20th Century’-ৰ পৰা লোৱা হৈছে। প্ৰথম কবিতাটিত স্কুলীয়া ল’ৰা আৰু সমবয়সীয়া
নিৰাশ্ৰয় কুকুৰ এটাৰ পিন্ধন-উৰণ আৰু কৰ্মৰ
বৈপৰিত্যৰ মাজেৰে মানৱ ব্যতিৰেকে আন জীৱ-জন্তুৰ প্ৰতি কৰুণাৰ ভাব প্ৰকট হৈছে।
তদুপৰি, এই চুটি অথচ অৰ্থৱহ কবিতাটিত প্ৰতীকী ৰূপত নিম্নবৰ্গৰ মানুহৰ জীৱনৰ
দুখ-দুৰ্দশাৰ ছবি এখনো ফুটি উঠিছে। আনহাতে, দ্বিতীয় কবিতাটিত কবিয়ে দেশৰ কাৰণে
প্ৰাণ উৎসৰ্গা কৰা এগৰাকী সৈনিকৰ সতে প্ৰজ্ঞাৰ ধাৰণাৰ সংশ্লেষণ ঘটাইছে।
উল্লেখযোগ্য যে মূল কবিতাত থকা ‘আপেল’-ৰ প্ৰসংগ সমগ্ৰ খ্ৰীষ্টীয় মানসৰ জ্ঞান বা
প্ৰজ্ঞা, অমৰত্ব আৰু প্ৰলোভনৰ প্ৰতীকী ধাৰণাৰ পৰা উদ্ভূত যেন অনুভৱ হয়। অৱশ্যে, মাধ্যাকৰ্ষণ
শক্তি আৱিষ্কাৰৰ নেপথ্যত থকা ‘আপেল আৰু নিউটন’-ৰ সৰ্বজনবিদিত মজাৰ কাহিনীটোও
কবিতাটিৰ উপজীৱ্য হ’ব পাৰে।)
১. কুকুৰ আৰু স্কুলীয়া
ল’ৰাবোৰ
স্কুলীয়া ল’ৰাবোৰে
ধেমালিতেই বৰফৰ
টুকুৰাবোৰ ভাঙে
ৰাস্তাৰ দুয়োকাষে
ৰে’লৱে লাইনৰ আশে-পাশে
সিহঁতৰ গাত পুৰণি ঊণৰ
পোছাক
কঁকালত চামৰাৰ শোভিত
বেল্ট্
যিটো কুকুৰ
সিহঁতৰ পিছে পিছে আহে
খাবলৈ নাই
এমুঠি অন্নও তাৰ বাবে
সি এটা বুঢ়া কুকুৰ
ল’ৰাহঁতৰ বয়সৰ।
২. জীৱন
এটি শিশু ভূমিস্থ হ’ল
এখন বিশাল দেশত
অৰ্ধ শতিকাৰ পাছত
তেওঁ হ’লগৈ এগৰাকী মৃত
সৈনিক
আৰু এইজনেই সেই মানুহজন
আমি আৱিৰ্ভাব হোৱা
দেখিছিলোঁ
আৰু ভূতলত অধিশায়িত
সম্পূৰ্ণ গধুৰ এটি
আপেলৰ মোনা
দুটা বা তিনিটা তাৰ
মাজৰে আন্দোলিত
এটি শব্দ জগতৰ শব্দৰ
মাজত
য’ত চৰায়ে গীত গাইছিল
শিলৰ ফলকত পৰি।
ঠিকনা:
বিশ্ববিদ্যালয়,