মূল কবিতা: ছাৰা টীজডে’ল

অসমীয়া অনুবাদ: গীতুমণি
তালুকদাৰ

(ছাৰা টীজডেল (৮ আগষ্ট, ১৮৮৪ – ২৯ জানুৱাৰি‍, ১৯৩৩) এগৰাকী আমেৰিকান কবি৷ তেখেতৰ
সম্পূৰ্ণ নাম ছাৰা ট্ৰেভ
ৰ টিজডেল৷ তেখেতেই ১৯১৮ চনত  কবিতাৰ বাবে  ‘কলম্বিয়া  বঁটা’ লাভ কৰা প্ৰথমগৰাকী
কবি
,  যিটো পাছত পুলিৎজাৰ বঁটা (কবিতাৰ ক্ষেত্ৰত) হিচাপে জনা যায়৷)
 

৷৷ দুৰ্গুণ ৷৷
তেওঁলোকে মোৰ ওচৰলৈ আহিছিল
আপোনাৰ দুৰ্গুণবোৰৰ বিষয়ে কবলৈ
 
তেওঁলোকে এটা এটাকৈ খুঁচৰিছিল
সেইবোৰ
মই চিঞৰি হাঁহিছিলোঁ
তেওঁলোকে কোৱাৰ পাছত
 
মই ভালদৰে চিনি পাইছিলোঁ  তেওঁলোক সকলোকে
আগৰে পৰাই
 
, তেওঁলোক বিবেচনাশূন্য আছিল, বৰ বিবেচনাশূন্য
 
আপোনাৰ দুৰ্গুণবোৰে মৰম
বঢ়াইছিল আপোনাৰ প্ৰতি মোৰ৷

 
৷৷ বসন্তৰ মৌন নিশা ৷৷
 
বসন্তৰ মৌন নিশা
চৌদিশ আমোলমোল
প্ৰতিজোপা গছৰে ফুল
 
তেওঁলোকলৈ নৈঃশব্দ্যয়ো
শান্তি আনে
,
নানে মোলৈ
 
মোৰ শান্তি
তেওঁৰ কুচবৃন্তৰ মায়াত বন্দী
আৰু মই বন্দী অনিশ্চয়তাৰ
অটলত
 
সকলোৰে বুকুত প্ৰেমৰ জোৱাৰ
উঠে দিনে-ৰাতিয়ে
কে‍ৱল মোৰ বুকুতে নিৰৱধি বয়
বিষাদৰ নৈখন৷

৷৷ নৱে‍ম্বৰ ৷৷  
পৃথিৱীখন ভাগৰুৱা, বছৰটো পুৰণি,
জঁই পৰা পাতবোৰ পুলকিত
মৰহিবলৈ পাই
,
শীতলতাত বতাহছাটি কঁপিবলৈ
ধৰিছে

বাদামৰঙী খাগৰিবোৰ শুকাই আছে৷
 
আমাৰ ভালপোৱা মৰহিবলৈ ধৰিছে
ঘাঁহবোৰৰ দৰেই
আৰু আমি যে  চুম্বন কৰিছিলোঁ  আৱে‍গবিহীনভাৱে,
অৰ্ধপুলকিত হওঁ পুৰণি মৰম
হেৰাই যোৱালৈ চাই
বতাহৰ দিশে যোৱা পাতবোৰৰ
দৰেই৷