সেউজী সেউজী সেউজী অ’

  প্ৰাণজি বৰা


ঘৰৰ পিছবাৰীখন ঘাঁ‌হ-বন-হাবিৰে একাঁঠু হৈ আছে
কাৰণে থুপিতৰাৰ দেউতাকে সময়ে সময়ে গোপাল বেপাৰী বোলা মানুহ এজনক বাৰীখন চাফা
কৰিবলৈ দিয়ে। দেউতাকৰ সময় নাই
, পুৱাৰে পৰা
সন্ধিয়ালৈকে তেওঁ দোকানৰ কামতে ব্যস্ত  হৈ
থাকিব লাগে। দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা বাৰতে দোকান খোলা। দোকান
চম্ভালি চম্ভালি  ঘৰৰ পিনে চকু দিবলৈ তেওঁৰ
সময়ৰ টান পৰে।

গোপালৰ ঘৰ থুপিতৰাহঁ‌তৰ গাওঁখনৰ পৰা আৰু দুখন
গাওঁ পাৰ হৈ পোৱা নলতলীত। তেওঁ বেপাৰী হয়ো আৰু নহয়ো। কিন্তু গোপাল বেপাৰী বুলিয়েই
মানুহজনক আটায়ে জানে। আঘোন-মাঘমহীয়া মাছৰ দিনত তেওঁ নিজে খালে-ডোঙে বগৰা বাই ফুৰি
মাছ ধৰে
, আবেলি চাৰিআলিৰ
বজাৰলৈ নি বেচে। সেইদৰে মাছ বেচি বেচি তেওঁৰ উপাধিটো হ
লগৈ বেপাৰী। এতিয়া সেইটো উপাধিৰেই তেওঁক মানুহে
ইমানকৈ জানে যে আচল উপাধিটো কোন কাহানিবাতে তল পৰি গৈছে। তেওঁৰ পিছে মাছ বেপাৰৰো
এটা বৈশিষ্ট্য আছে। আঘোন-মাঘৰ সময়ছোৱাৰ বাদে আন সময়ত তেওঁ মাছ ধৰা বা বেচাৰ কাম
নকৰে। তেওঁৰ মতে
, মাছবোৰক বাঢ়িবলৈও
সময় দিব লাগে। যিকোনো সময়ত
, বিশেষকৈ ন পানী
আহিবৰ পৰত মাছে যেতিয়া কণী পাৰে
, জধেমধে মাছ ধৰিব
নাপায় হেনো। মাছত নলগাৰ সময়খিনি তেওঁ আনৰ পথাৰত বা মানুহৰ ঘৰত কাম কৰে। তেনেকৈয়ে
তেওঁ চলি আহিছে। থুপিতৰাহঁ‌ত আটায়ে জানে।

থুপিতৰাই তেওঁক গোপাল খুড়া বুলি মাতে। কাম
নাথাকিলেও গোপাল খুড়া আহি সিহঁতৰ ঘৰত মাজে-সময়ে সন্ধিয়া সন্ধিয়া বহেহি। তেওঁৰ
আওপুৰণি চাইকেলখনৰ কেৰকেৰ জেৰজেৰ শব্দটো শুনিলেই তাই আৰু পেহীয়েক দুয়োজনীয়ে ভিতৰৰ
পৰাই গম পাই যায় যে গোপাল খুড়া আহি হাজিৰ হৈছেহি।

লগে লগে ভাল লাগি যায় তাইৰ মনটো। কেইবাদিনৰ
মূৰকত গোপাল খুড়া সন্ধিয়া লাগি ভাগিবৰ পৰত আহি ওলোৱা মানেই তাই জানে
, খুড়া কেইবাদিনো থকাকৈ আহিছে। মানুহজনে
বিয়া-বাৰু নকৰালে
, ঘৰত তেঁ‌ৱেই অকল
মানুহ
, গতিকেই তেওঁৰ
কোনো বান্ধ নাই। থুপিৰ দেউতাকে গোপাল মানুহটোক বৰ ভাল পায়
, গোপাল আহি ওলোৱা মানেই দেউতাকৰ পৰম সকাহ।
হাট-বজাৰলৈ গৈ দোকানৰ যাৱতীয় বয়-বস্তু অনাৰে পৰা বাৰী চাফা কৰালৈকে সকলোখিনিৰে
তেওঁ খুঁ‌ত নোহোৱাকৈ গত লগাই যায়।

তাই তেনেই সৰু হৈ থকাৰে পৰাই গোপাল খুড়াক ঘৰখনত
নিজৰ মানুহৰ দৰেই দেখি আহিছে। আৰম্ভণিতে তাই ভাবিছিল
, খুড়াক সিহঁতৰ তেজ-মঙহৰ আপোনজন। পেহীয়েকৰ
মুখেৰেহে বহুত পিছত তাই জানিছে যে তেওঁ সিহঁতৰ তেজ-মঙহৰ একো নহয়।

কিন্তু প্ৰতিবাৰেই খুড়া আহি পোৱাৰ লগে লগে কিয়
যে তাইৰ একেবাৰে নিজৰ কোনোবা আপোনজন আহি পোৱাৰ দৰে লাগে! তেওঁ ঘৰত থকা দিনকেইটা
তেওঁৰ লগে লগে ছাঁ‌টো হৈ তাই ঘূৰি ফুৰে বুলিলেও ভুল নহয়। খুড়াই তাইক বাৰীৰ গছ-গছনি
আৰু ঘাঁ‌হ-বনবোৰৰ কোনডাল কি গছ
, কোনডাল কি বন,
কোনজোপা কেতিয়া ফুলে,
কোনজোপা গছত কোন চৰায়ে
বাহ সাজে
, কোনজোপা কি কামত
লাগে
, এই সকলোবোৰ বুজাই দিয়ে।
তাৰ লগে লগে একো একোটা সাঁথৰ বা একো একোটা গীত বা গীতৰ কলি। তেওঁৰ মাতটোও শুৱলা।
বনগীত
, বিহুনামৰে পৰা
ভাওনাৰ গোঁ‌সাই প্ৰৱেশৰ গীতলৈকে সকলো তেওঁৰ ওঁ‌ঠতে লাগি থাকে। সকলোতকৈ ডাঙৰ কথা
,
খুড়াই থাউকতে নিমিষটোৰ
ভিতৰতে যিকোনো বিষয় এটাক লৈ মজাৰ কবিতা ৰচি পেলাব পাৰে। এদিনলৈও স্কুল গৈ নোপোৱা
মানুহটোৰ এই বিশেষ গুণটোৰ কথা সকলোৱেই একমুখে বখানে।

আঁ‌ঠুমূৰীয়াকৈ চুৰিয়াখন পিন্ধি গোপাল খুড়াই
আগচোতালৰ একাষৰ বগীজামুজোপাৰ ছাঁ‌তে বহি তমাল তুলাই আছিল। তাই তেওঁৰ ওচৰতে গৈ
বহিলগৈ।

তাইৰ পিনে চাই হাঁহি এটা মাৰি তেওঁ মুখৰ ভিতৰৰ
তামোলৰ পিকখিনি পেলাবলৈ উঠি গ
ল।

আমাৰ ৰাংঢালী আইটিৰ খবৰ কি অ‘?” পিকখিনি পেলাই তেওঁ আকৌ নিজৰ ঠাই ললেহি,
পঢ়া-লিখা ভালকৈ চলিছেনে?”

ভাল, খুড়া। তুমি কিন্তু মোক দিয়া কথা নাৰাখিলা!”

কথা মানে? মইনো তোক কত কেতিয়া কি কথা দিছিলো অ‘!” জাতিবাঁ‌হ এছিটা ফালিবলৈ বুলি লোৱা তেওঁৰ হাতৰ
নেলীয়া কটাৰীখন ৰৈ গ
ল মুহূৰ্তলৈ। মনত
পেলাবলৈ যত্ন কৰিও তেওঁ যেন পৰা নাই।

সেয়া, চোৱাঁ। মই জানিছিলোঁৱেই যে তুমি পাহৰিবা। মোৰ অনুমান কিমান সঁ‌চা দেখিলা!”

কচোন ক, মই দেখোন মনত পেলাব পৰা নাই অ‘!”

নোৱাৰিবাতো!!”

তই মোক স্কেল এপাত কৰি দিবলৈ দিছিলি?”

ওঁ‌হো।”

কলম-পেঞ্চিল থবলৈ বাঁ‌হৰ টেমা এটা সাজি দিবলৈ
কৈছিলি
?”

ওঁ‌হো।”

তাইৰ মুখত হাঁ‌হি।

তেওঁ খন্তেক তভক মাৰি ৰল।

‘, মনত পৰিল দে, তই মোক বাঁ‌হৰ
ফুলদানি এটা কৰিবলৈ কৈছিলি!”

ওঁ‌হো, ওঁ‌হো, সেইবোৰ একোৱেই
নহয়।”

তেনেহলে? কথাটো কি ক আকৌ।
মই সঁ‌চাকৈয়ে মনত পেলাব পৰা নাই অ
‘!”

কিয়, ইয়াৰ আগৰবাৰ আহোঁতে মই যে তোমাক আখৰবোৰৰ সতে চিনাকি কৰি দিছিলোঁ আৰু এইবাৰ আহি তুমি যে
মোক আখৰবোৰ লিখি আৰু পঢ়ি শুনোৱাৰ কথা আছিল! কথা দিও পাহৰিলা তুমি।”

অস্, অস্, কথা তেনেহলে সেইটোহে!”, তেওঁ হো হো কৈ হাঁ‌হিবলৈ ধৰিলে, “মইনো সময় কত পাওঁ‌ অ‘, সোণজনী। দিনৰ দিনটো ব্যস্ত হৈ থাকিব লাগে,
দেখিছয়েই দেখোন!”

কি যে কোৱাঁ তুমি, খুড়া! তুমি তাৰমানে একো নিশিকিলা, একো নপঢ়িলা এই কেইদিনত? মোৰ বৰ বেয়া লাগিল।”

গোপাল খুড়া মানুহজন কিছু বিব্ৰত হল এইবাৰ। এই সৰু ছোৱালীজনীক এনেয়ে ধেমালিতে
পঢ়িম-লিখিম বুলি কোৱা কথা এষাৰ যে তাই এনেকৈ মনত ৰাখিব পাৰে
, তেওঁ ভাবিবও পৰা নাছিল।

তেওঁ হাতৰ কটাৰী, কাঠি-কামিবোৰ একাষৰীয়াকৈ থৈ তাইক দুহাতেৰে ধৰি
কাষলৈ চপাই ল
লে। তাইৰ চকুত এটা দুখৰ ৰেশ। তেওঁক তেনেকৈ ধৰা পেলাই তাইৰ অকণো ভাল
লগা নাই।

তুমি সৰুতে স্কুললৈ যোৱা নাছিলা, খুড়া?” তাই আঙুলিৰ আগটো কামুৰি কামুৰি সোধোঁ নোসোধোঁকৈ
সুধিলে।

স্কুললৈ যাবৰ বৰ মন আছিল অমইনা।”, তাইৰ চুলিকোছাত হাত বুলাই বুলাই সমুখৰ পথাৰখনৰ
পিনে চাই চাই তেওঁ কৈ গ
, “কিন্তু কৰিম কি? ঘৰখনত অভাৱ আৰু অভাৱ। পিতাইৰ সৈতে সৰুৰে পৰা
খালে-ডোঙে মাছ ধৰোঁ‌ আৰু সেই মাছ বেচি চাউল-পাত কিনি খাওঁ। আইকতো দেখা মনতেই নপৰে
মোৰ। আই বোলে এৰাতিৰ জ্বৰতে সিপুৰীয়া হ
ল। স্কুলৰ মুখ দেখিবলৈকে নাপালোঁ এইবোৰৰ মাজত।”

তুমি স্কুললৈ নোযোৱাকৈ লিখা-পঢ়া নজনাকৈ ইমান
ভাল পদ্য ৰচিব পাৰাঁ। মই সেইবাবেই তোমাক লিখা-পঢ়া কৰিবলৈ কৈছিলোঁ
, খুড়া।”

এতিয়া এই বয়সত আৰু কত সেইবোৰ হ, মইনা?”

যদি নহয়, তেনেহলে মোক সিদিনা কিয় কৈছিলা হব বুলি?”

ব বাৰু, মাষ্টৰণী বাইদেউ।
মই তোমাৰ পৰাই শিকি ল
ম। এইবাৰ মোক আকৌ শিকাই দিবা, একেবাৰে আৰম্ভণিৰে পৰা।” তেওঁ হাঁহি হাঁহি
তাইৰ গাটোত লাহেকৈ থপৰিয়াই দিলে মৰমতে।

তুমি ডাঙৰ মানুহ যে, দুদিনমান দেখুৱাই দিলেই তুমি মোতকৈও বেছিকৈ
পাৰিবাগৈ। তাৰ পাছত তুমিয়েই মোক শিকাব পাৰিবা।”

হয় নেকি? ব দিয়াঁ।”

তোমাৰ পদ্যবিলাক তুমি লিখি থব পাৰিবা তেতিয়া।
আগলৈ বহুতে পঢ়িব পাৰিব।”

থুপিৰ মুখখনলৈ ৰ লাগি চাই ৰল গোপাল খুড়াই। এই সৰু ছোৱালীজনীয়ে তেওঁক
যিকেইটা কথা কৈছে
, তেনেকুৱা কথা
আজিলৈকে তেওঁক আন কোনেও কোৱা নাই।

(আগলৈ)