জাহ্নৱী কাকতিৰ “তেজত ফুলা বেলি” : কবিতাৰ কেনভাছত সমাজ-সত্যৰ প্ৰতিফলন

ৰুদ্ৰ সিংহ মটক


“Genuine poetry can communicate before it is understood.” (T.S.Eliot) 

মাজৰাতি কোনে কাক চিঞৰে ?

(ৰবাত জুই একুৰা জ্বলে ,

মাতবোৰ

ধোঁৱা হৈ নামে 

এই জুই মঙহত লাগি থাকে)

দীঘলীয়া ৰাষ্টাৰে জুইকুৰা

কাৰ ইছাৰাত নাচি নাচি আহি থাকে ?                               (জুইফুল)

       উইলিয়াম বাটলাৰ ইয়েটচে ধ্ৰুপদী শিল্পকলাস্থাপত্যৰে চহকী স্বৰ্ণমণ্ডিত চহৰ বাইজেন্টিয়াম বিষয়ক তেওঁৰ “Sailing to Byzantium” শীৰ্ষক সাৰস্বত কবিতাটিৰ প্রথম শাৰীত লিখিছিল,–“This is no country for old man.” এই বিশেষ পংক্তিটোৰ অন্তৰ্নিহিত তাৎপৰ্য সপোন দেখিব নজনা, মনেপ্ৰাণে বৃদ্ধ বা জড়দগৱৰ বাবে নহয়; চিৰনতুনৰ আবাহনী শুনা তাৰুণ্যৰ তেজেৰে টলবল, সপোনপিয়াসী সকলৰ বাবেহে সাৰস্বত কলাসাহিত্যৰ জগতখন হয়, যৌৱনকাল সৃষ্টিৰ মৌবনস্বৰূপ এই কালছোৱাত সপোন নেদেখা, দুশাৰী কবিতা নিলিখা, দুটি গীতৰ কলি গুণগুণাই নোপোৱা যুৱকযুৱতী বিৰলেই নিশ্চয় সততে সংবেদনশীল জাহ্নৱীও ছাত্রী অৱস্থাতে সাহিত্য আৰু কলমৰ প্ৰেমত পৰিছিল লাহে লাহে হৃদয়ৰ গহনৰ আবেগকোমল অনুভৱৰ নিৰ্জু কলিবোৰ প্ৰস্ফুটিত জন্ম তেওঁৰ বাস্তৱ চেতনা আৰু কল্পনাৰ পোহৰৰ জৰায়ুত থুপি থুপি কবিতাৰ সেউজীয়া স্তৱক সেইবোৰৰ সংকলিত ৰূপ কবিৰ প্ৰথম কাব্যগ্ৰন্থএমুঠি জোনাকে আনে দৰ চিঠি  (১ম প্ৰকাশ,২০১৯) ২০২১চনত হিন্দীত প্ৰকাশিত কবিৰ দ্বিতীয়খন কাব্যগ্ৰন্থ   পেহলা প্যাৰ উল্লেখযোগ্য যে সূক্ষ্ম জীৱন এষণা আৰু প্ৰসাৰিত মানবীয় বীক্ষাৰে সময়ত দীপ্তসংপৃক্ত কবি জাহ্নৱীৰ অভিজ্ঞতা আৰু কাব্যদৃষ্টি ফলস্বৰূপে তেওঁৰ তেজত ফুলা বেলি শীর্ষক দ্বিতীয়খন পুথিৰ পাণ্ডুলিপিত সন্নিবিষ্ট ভিন্নসুৰী কবিতাবোৰত পৰিস্ফুট পৰিবৰ্তনমুখী নতুন ফৰ্ম, নতুন আয়তন আৰু অৰ্থোজ্বল বৈচিত্র অনুৰাগী এমুঠিমান তৰুণৰ দৰে চৌপাশৰ ৰহস্যময় প্ৰকৃতি, ভিন্ন চৰিত্ৰৰ মানুহ আৰু আশ্চৰ্যসুন্দৰ, বিশাল পৃথিৱীখনক বুজাৰ অন্তৰতম প্ৰয়াসতে গঢ়ি উঠিছে জাহ্নৱীৰ কবিতাৰ বহুবৰ্ণিল ভাৱমণ্ডল

সৰুসৰু ঘৰবোৰ, শাকনিবোৰ

তিনিআলিৰ দোকানবোৰ

এতিয়া নাই তাত

আজোককাৰ দিনৰেপৰা

ছাঁ দি দি ইতিহাস ৰচা

বৰগছজোপা এতিয়া সাধুকথা

     আধুনিক যন্ত্রসভ্যতা আৰু নগৰীকৰণৰ দৌৰত তাহানিৰ বুকুৰ আপোন গাওঁবোৰে নিজৰ অস্তিত্ব আৰু অভিমানস্বৰূপ অতীতৰ সৰু ঘৰবোৰ, শাকনিবোৰ, খৰাঙত ছাঁ বা দিয়া বটগছবোৰৰ সেউজশ্যামল শোভন সৌন্দর্য হেৰুৱাই আকাশ ঢকা কংক্রিটৰ দালানবোৰৰ আঁৰত মুখ লুকুৱাই নীৰৱে উচুপিব লগা হৈছে জীৱনদায়িনী প্ৰকৃতিৰ সৈতে থকা একাত্মতাবোধৰ শিপাগুচ্ছ দু:খলগাকৈ ছিন্ন হৈছে আধুনিকতাৰ নিৰ্মম কুঠাৰাঘাতত একালৰ বৰগছ একালৰ সাধুকথা হোৱা এই ট্ৰেজিক সত্যৰ মৰ্মদাহী কাব্যৰূপনৈপৰীয়া এনে কবিতাৰ পাঠ, আবৃত্তিয়ে অনাখৰী চহা মানুহকো ব্যথিতআন্দোলিত কৰিব পাৰে যে সুকুমাৰ শব্দশিল্প কবিতাৰ অন্তৰ্লীন শক্তি আমাৰ দৃষ্টিত শিল্পবীক্ষা বলিষ্ঠ লে, কল্পনাশক্তি গভীৰ লেহে সমাজসংস্কৃতিৰ অৱক্ষয়ৰ সত্যক কলাৰূপ দান কৰা সম্ভৱ হয়

ইয়াত মাটি নাই , ঘৰ নাই

নাই , বতাহ

কি বিচাৰি এয়া লৈ আহিলো

পদপথত যুদ্ধ, নৈৰ পানীত যুদ্ধ

আকাশত ,বতাহতো যুদ্ধ

এতিয়া যে

মোৰ ভিতৰতো যুদ্ধ , বাহিৰতো

যুদ্ধ

      ঘৰ-দুৱাৰ, খেতি-পথাৰৰ কথা নকওঁৱেই, ভেটিমাটিডোখৰো হেৰুৱা ছিন্নমূল মানুহৰ সপোনহীন, জীৱনহীন  দু:যাতনাৰ কৰুণ ছবি বাঙ্ময় ৰূপত খোদিত হৈছে জাহ্নৱী কাকতিৰ কবিতাত আনহাতে কূটিল সময়ৰ তে  যুঁজি ক্লান্তঅৱসন্ন হোৱা মানুহৰ ঘনীভূত সংকটে কবিহৃদয়তো অন্তৰ্দ্বন্দ্বৰ জন্ম দিছে সমাজ আৰু মানুহৰ সৈতে নিবিড় সম্পর্ক থকা বাবেই কবিৰ কলমত সচল আবেগ আৰু জীয়া অনুভূতিয়ে কবিতাৰ বাট বিচাৰি লৈছে

সন্ধ্যাবেলাৰ

ৰাগ :

মেঘ

মেদুৰ

হৰিৎ প্ৰান্তৰত গন্ধৰ্ব কিন্নৰ

মোৰ চোতালত

আধাভঙা তানপুৰা

কোনে মাতি থৈ যায়

জিৰিক জিৰিক  মাত ?

আঁউসীৰ জোনক আজুৰি

কোনে বেহেলা বজায়

দোভাগ ৰাতি ?

সংগোপনে ফুল এপাহ সৰে

মোৰ বুকুৰ বকুলৰ                                   (অকস্মাৎ)

     কম শব্দৰে মুক্তক ছন্দেৰে স্পন্দনশীল, গভীৰ অৰ্থব্যঞ্জনা সৃষ্টি কৰিব পৰাটো ব্জাহ্নৱী কাকতিৰ বিৰল কবিত্ব প্ৰতিভাৰ এক উজ্বল কৃতি অগতানুগতিক নিভাঁজ শব্দচয়ন, চিত্তাকর্ষক চিত্ৰকল্প নিৰ্বাচন আৰু মনপৰশা বাকভংগী মন কৰিবলগীয়া ভাষাৰ সৌন্দর্য আৰু চিন্তাৰ উৰ্বৰতা,–এই দুয়োটাৰ ৰসায়নে তেওঁৰ কিছু সৃষ্টিক নান্দনিকতাৰে মণ্ডিত কৰিছে আমি অকপটে স্বীকাৰ কৰিছো, আংগিক বিনিৰ্মাণ আৰু উপস্থাপন শৈলীত জাহ্নৱীয়ে নিজস্ব অন্তৰ্দৃষ্টি আৰু কবিত্ব শক্তিৰ পৰিচয় দিছেজুইফুলজাহ্নৱী কাকতিৰ কলমৰ এটি সাৰ্থক সৃষ্টি পাঠকসমাজৰ ৰসাস্বাদনৰ সুবিধাৰ্থে আপাত: দীঘল এই কবিতাটিৰ প্ৰথমছোৱা ইয়াত তুলি দিলোঁ

জুই

ছাই

আৰু ধোঁৱা

পোৰা পোৰা গোন্ধ এটা

নাকত আহি লাগে

সেউজীয়াবোৰ জ্বলি

হালধীয়া আমাজানত কোন পৰি !

কোন থাকে ভাগে ভাগে

হাতত সাৰে ভৰিত সাৰে

কাৰ ইছাৰাত নাচি জ্বলি আছে

লেলিহান শিখা ?

দেখিছনে তই

মঙহবোৰ 

মূৰ আৰু হাড়বোৰ

জুইত পোৰা ঘৰবোৰ কাৰ ?

আমাৰ

জুই দিয়া হাতবোৰ কাৰ ?

আমাৰ … 

     জাহ্নৱীৰ কিছু কবিতাত শ্লেষ বা বক্ৰোক্তি আছে, গভীৰ আত্মজিজ্ঞাসা আছে সাৰস্বত কবিতাৰ  তৃতীয় নয়ন সদৃশ এক উদ্ভাসিত মাত্রা ; শিল্পৰ অন্তৰ্লীন জেউতি আমাক জীৱন উদযাপনৰ অমল আনন্দৰ লগতে অন্ন আৰু উশাহৰ পবিত্র অম্লজান দান কৰা আদিগন্ত অৰণ্যপাহাৰ নিৰ্মল নদীপথাৰ তিলতিলকৈ ধ্বংস কৰাৰ অধিকাৰ আমাৰ কাৰোৱে নাই আমি মানব জাতিয়ে অনুধাবন কৰা বহু পলম ,–এনে কৰা মানে অন্ধৰ দৰে হাতৰ বাগীকুঠাৰেৰে নিজৰ ভৰিত, আত্মাত বজ্ৰাঘাত কৰা; হেজাৰ বছৰীয়া মানব সভ্যতাৰ বাবে অস্তবেলি আদৰি অনা কিন্তু সেয়া কোনো কবিশিল্পীৰে কাম্য নোৱাৰে দাৰিদ্ৰ, অশিক্ষা, অন্ধবিশ্বাস, ধৰ্মান্ধতা, শোষণপীড়ন, যুদ্ধ, সন্ত্রাস, বৰ্ণভেদ, অসমতাএনে এশএবুৰি সমস্যাৰ বিৰুদ্ধে কবিকন্ঠ মুহূৰ্মুহু নিনাদিত লাগিব ৰাজনৈতিক সত্যকো, শাসকশ্ৰেণীৰ ভণ্ডামিভ্ৰষ্টাচাৰ, শোষণপীড়নৰ দুতলীয়া স্বৰূপবোৰো কবিতাৰ পোহৰশ্লাইডত তুলি ধৰিব লাগিব— 

গাজনি মাৰি নামি আহিছে

ছাইবৰণীয়া মেঘ

আঙুলিৰ পাবত মৰি আহিছে

তেজীমলা জোন

ফেঁচাৰ নিউনিউ মাত

জয়াল ৰাতিটো ভয়াল হয়

ফেটিসাপে মোট সলায়                               (তেজীমলা জোন

  

   *                        * 

শাসনৰ বাবেই আসন

শাসনতেই শোষণ

সাঁতুৰিব নাজানিলে

গুৰিপৰুৱাৰ মৰণ।।  (গুৰিপৰুৱা)

আমি লক্ষ্য কৰিছো কেতিয়াবা কৌশলী শব্দ প্ৰকৰণে জাহ্ণৱীৰ বাকভঙ্গীক উজ্বলতাৰ এক নতুন মাত্রা দান

কৰিবলৈকো সক্ষম হৈছে যদিও এনে শিল্পবৈশিষ্ট্য কেৱল দুটামান কবিতাতহে পৰিস্ফুট হৈছে

আধা তেওঁৰ

আধা মোৰ

বিনিয়োগত ৰুইছিলোঁ

এজোপা গোলাপ

ফুলখিনি লৈ

ৰঙাখিনি দি

হিয়া এতিয়া

তেজে ধোৱা                       (ছল)

মাটিৰ মানুহজাহ্ণৱী কাকতিৰ কলমৰ আন এটি চমু অথচ অৰ্থব্যঞ্জক কবিতাকবিয়ে বুজে মানুহৰ বুৰঞ্জীয়ে বহু সময়ত খোদিত নকৰে মাটিৰ মানুহৰ দুখযাতনাৰ জীয়াছৱি মামাটিয়েহে বুকুত সামৰি থয় চকুপানীৰ আখৰ, ‘হাৰবোৰ সাৰ হোৱাৰ কথা‘—

চাকনৈয়াত বাহ সাজি

চৰাই এটি পৰে

কোনেনো পাৰে

কাৰ উপায়ে

মাটি খামোচে

পিয়াহত চাতকে ছটফটায়

কাৰোবাৰ আকাশৰ 

বেলিটো হেৰায়

মাটিয়ে সামৰি থয়

হাড়বোৰ সাৰ হোৱাৰ কথা 

     শিল্পী নীলাভ সৌৰভৰ তুলিকাৰ প্ৰচ্ছদশিল্প আৰু আটকধুনীয়া ছপাৰে মেজাংকৰি প্ৰকাশনৰ নিবেদন  তেজত ফুলা বেলি  হাতত লৈ কাব্যানুৰাগীসকল সততে আপ্লুত: পুলকিত কৌস্তুভমণি শইকীয়া দত্ত, ৰশ্মিৰেখা বৰা, গায়ত্ৰী দেৱী গোস্বামী, ভাৰতী চক্রৱৰ্তী,অৰ্চনা ঠাকুৰীয়া, ববি দত্ত, সংগীতা মেধি, চন্দনা পাঠক, অঞ্জনা গোস্বামী, জাহ্নৱী কাকতিৰ দৰে উদীয়মান এছাম মহিলা কবিয়ে বিগত দুটা দশকত অসমীয়া আধুনিক কবিতাৰ জীৱনপ্ৰবাহ স্পন্দিত কৰি আহিছে এয়া নিশ্চয় এক আশাৰ বতৰা মানবীয়  মূল্যবোধৰ দ্ৰুত স্খলনৰ এই সংকটকালত সমাজ, সভ্যতাৰ প্ৰহৰীস্বৰূপ লেখককবিকলাকাৰসকল আলোকস্নানৰ এক নীৰৱ আন্দোলন, সৰ্বাত্মক জাগৰণ অথবা ৰেণেছাঁৰ অগ্ৰগণী হোতা লাগিব লগতে উপলব্ধি কৰিব লাগিব কোনো এজন কবিৰ কলমৰ দুটামান কবিতাৰে সমাজলে কোনো মৌলিক  বৈপ্লৱিক পৰিবৰ্তন নাহে এইটোও সত্য যে কবি এজনৰ আত্মোৎসর্গ আৰু সৃজনশীল সত্ত্বাৰ বৌদ্ধিক পৰিবৰ্তন (intellectual enlightenment) মাজেৰেহে জন্ম হয় স্ৰষ্টাগৰাকীৰ আলোকিত ভিছন, ৰূপান্তৰৰ বৈপ্লৱিক শিল্পবীক্ষা আধুনিকতাৰ যুগস্ৰষ্টা কবি, সমালোচক টি, এছ ইলিয়টে  সাহিত্যকলা সম্পর্কীয় এনে এক ছিৰিয়াচ সত্যকেই  উনুকিয়াইছিল এইদৰে,– “The progress of an artist is a continual self-sacrifice, a continual extinction of personality.”

     কবিসকলৰ সমাজমুখী চেতনা, গতিশীল সৃষ্টিৰ বেলিফুলৰ বীজবোৰ অনুৰাগী হেজাৰ পাঠকৰ হৃদয়ৰ সীৰলুত ক্ৰমে ক্ৰমে প্ৰোত্থিত লাগিব এয়া যে  মহৎ  কবিপ্ৰাণৰ অভীপ্সা নীৰৱ প্ৰাৰ্থনাতেজত ফুলা বেলি প্ৰতিশ্ৰুতিসম্পন্ন কবি জাহ্নৱী কাকতিৰ দৰে শব্দ আৰু সত্যৰ পথাৰত নমা তৰুণতৰুণীৰ দলে মনত ৰখাটো সমাজ, সভ্যতাৰ  বাবেই  শুভংকৰ মংগলজনক : কবিতা আন্দোলিত জীৱনৰ বিপুল বীজপ্ৰবাহ ; সমাজসত্যৰ  জ্যোৎস্নাছায়ানীল-নক্ষত্রৰ আত্মাৰ গান

                                                                     

                                                                                      ০০০

# প্ৰকাশক : মেজাংকৰি প্ৰকাশন

# প্ৰচ্ছদনীলাভ সৌৰভ

# প্ৰথম প্ৰকাশ  :  জানুৱাৰী, ২০২২

# মূল্য  : ১২০/- টকা

ঠিকনা  

লাৰিকা গ্ৰীনভেলী

আজাৰা,

হাটখোৱাপাৰা, গুৱাহাটী

পিন৭৮১০১৭

ফোন৭০০২৩০৩৮৮২