কবিজনৰ নেপথ্যত

 দিলীপ ফুকন


        কবিসকলে নিজৰ ৰুচি অনুসৰি যিকোনো বিষয়বস্তুক ভিত্তি কৰি কবিতা লিখে৷ যিটো
বিষয়বস্তু বাছি লোৱা হয়
, সেই বিষয়টোৰ ওপৰত প্ৰাথমিক বোধ
নাথাকিলে তাত কবিতাৰ জলবায়ু সৃষ্টি নহয়৷ জীৱনৰ অভিজ্ঞতা আৰু অধ্যয়নৰ মাধ্যমেৰে
আহৰিত প্ৰজ্ঞাই আমাক সমৃদ্ধ কৰি তোলে
, আমি তাকে শিল্পিত ৰূপ
দি প্ৰকাশ কৰিব বিচাৰোঁ৷ ইয়াৰ বাবে মাধ্যম 
ভিন্ন হ
ব পাৰে কিন্তু সকলো কবি শিল্পীৰে উদ্দেশ্য
একেই৷ কেতিয়াবা এনে কিছুমান ঘটনা নাইবা কাহিনীয়ে কবিসকলৰ মনত প্ৰভাৱ বিস্তাৰ কৰে
যে তেওঁলোকৰ মনোজগত ই এজাক ধুমুহা হৈ তোলপাৰ লগাই থাকে৷ কবিসকলে এনে পৰিস্থিতিৰ
পৰা নিষ্কৃতি লাভৰ বাবে কবিতাৰ আশ্ৰয় গ্ৰহণ কৰে৷

        গাত এডুখৰিও কাপোৰ নোহোৱা উদং শৰীৰৰ সেই ন বছৰীয়া ছোৱালীজনীক মই বহু বছৰ ধৰি লালন কৰি আহিছোঁ৷ উলঙ্গ কন্যা শিশু৷ তাই যিটো চিঞৰ মাৰিছিল সেই চিঞৰটোৱে পৃথিৱীৰ বিভিন্ন
প্ৰান্তৰ হাজাৰজনৰ হিয়া বিদীৰ্ণ কৰি পেলাইছিল৷ এক বিভিষীকাময় পৰিৱেশৰ পৰা পৰিত্ৰাণ
পাবৰ নিৰ্মিত্তে দিকবিদিক্‌ হেৰুৱাই তাই প্ৰাণটাকি  দৌৰি আছে৷ আতংকিত ভী
তিগ্ৰস্ত বোমাৰ লেলিহান জুই আৰু ধোৱাঁৰে চ্ছন্ন
আকাশ-বতাহ৷ ৰুদ্ধশ্বাস পৰিৱেশ৷ যুজাঁৰু বিমানৰ কাণ ফলা শব্দ
, বজ্ৰৰ গৰ্জন, ইয়াৰ মাজেৰে দৌৰি পলাব খুজিছে এজনী
কণমানি ছোৱালী৷

        ছোৱালীজনীৰ নাম ফন থি কিম্‌ ফুক্‌ Phon thi kim phuc পাছলৈ নাপাম কন্যা’ Napalm Girl হিচাপে বিখ্যাত হয়৷ আচলতে ছোৱালীজনীৰ এখন ফটো, যিখনে
সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছিল এই ফটোগ্ৰাফটিকে
নাপাম গাৰ্ল
হিচাপে নামাংকিত কৰা হল৷

        প্ৰথমে উত্তৰ আৰু দক্ষিণ এই দুই ভিয়েনামৰ মাজত
যুদ্ধ
, পাছলৈ জ্বলা জুইত ঘিঁউ ঢালি এই যুদ্ধত আমেৰিকাৰ
প্ৰত্যক্ষ অংশ গ্ৰহণে পৰিস্থি
তি অধিক জটিল আৰু ভয়াবহ কৰি
তোলে৷ নাপাম
বোমাৰ
উপৰ্যুপৰি খুন্দাত ধবংসস্তুপত পৰিণত হয় ভিয়ে
নামৰ গাঁও-ভূঁই৷
যুদ্ধই মানৱ জীৱনলৈ কঢ়িয়াই অনা দুৰ্বিসহ যাতনা
, বিভীষিকাময়
পৰিৱেশ
, ভীতিগ্ৰস্ত আতংকিত শিশুৱে প্ৰাণৰক্ষাৰ নিমিত্তে দৌৰি পলোৱা সেই দৃশ্য বন্দী হৈছিল এজন প্ৰেছ ফটোগ্ৰাফাৰ নিক (Nick ut)-
 কেমেৰাত৷ কেমেৰাত
বন্দী এই শিশুটিয়েই হ
 ফন্‌ থি কিম্‌ ফুক৷ যুদ্ধ বিধ্বস্ত গাঁৱৰ পৰা দৌৰি
পলাব খোজা ফুকৰ  সেই দৃশ্য ১৯৭২ চনৰ 
জুন তাৰিখৰ৷

        তেতিয়াৰ  কোনোবা আলোচনীত সেই ফটোখন
দেখাৰে পৰা মোৰ মনৰ পটতো বন্দী হৈ ৰ
ল ভীতিগ্ৰস্ত, দুৰ্দশাগ্ৰস্ত হাজাৰ-বিজাৰ শিশু৷ সিহঁতৰ ঠেঁহ-পেছ, আনন্দ,
খেলা-ধূলা, ৰংৰহইছ,
দুষ্টামি সকলো উপভোগ কৰোঁ, কিন্তু এক অজান বেদনাবোধে মাজে মাজে মোক থকা সৰকা কৰে, এক অজানিত ভয়ে খেদি ফুৰে৷ ভিয়েনামী কন্যা শিশুটিৰ দৰেই পলাব খোজোঁ, পলাব খোজে এজাক আতংকিত শিশু৷
কাৰো যেন নিস্তাৰ নাই৷
সকলো শিশুৰে কাণ খাই খাই আসয় তোমাৰ
পাছে
৷ আউচৱিটছ (Auschwitz)-ৰ কথা
ওলালেই না
জী (Nazi) বাহিনীৰ কনচেনট্ৰশ্ব কেম্প, গেছ
চেম্বাৰ ইত্যাদি কথাবোৰেই মনলৈ আহে৷ নাজী বাহিনীয়ে কনচেনট্ৰে
শ্বন কেম্পত বন্দী কৰি ৰখা ইহুদী, পুলিচ, ৰোমানী, ছোভিয়েট লোকসকলৰ ওপৰত চিকিৎসাৰ নামত চলোৱা
মিথ্যা-বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা
, বিভিন্ন পদ্ধতি প্ৰয়োগ কৰি 
প্ৰদান কৰা শাৰিৰীক আৰু মানসিক শাস্তি, খাদ্যৰ অভাৱত তিলতিলকৈ মৰিবলৈ এৰি দিয়া আৰু সৰ্বশেষত গেছ চেম্বাৰত
সুমুৱাই মৃত্যুৰ ৰং চোৱা নাজী-জাৰ্মানহঁতৰ সেই অমানুষিকতাৰ কথা দোহৰাৰ প্ৰয়োজন
নাই৷ নাজী বাহিনীৰ সেই নৃশংস অত্যাচাৰ ১৯৪০ চনৰ মে
মাহৰ পৰা
১৯৪৫ চনৰ জানুৱা
ৰিলৈকে চলিছিল৷ এনে নৃশংস ঘটনাৰাজিৰ
মাজৰে এটা সৰু অথচ মৰ্মান্তিক কাহিনীয়ে মোক
বাৰে বাৰে জোকাৰি পেলাইছিল৷

        বহু দিন মাহ বাগৰি যোৱাৰ পাছত বন্দীসকলৰ বাবে গা ধোৱাৰ দিন ধাৰ্য কৰা হল৷ এনে বাৰ্তাই বহুতকে ক্ষীণ
আনন্দ দিলেও অনেকে ইয়াত সন্দেহৰ গোন্ধ পাইছিল৷ গেছ-চেম্বাৰকে স্নানাগাৰ বুলি কৈ
পুৰুষ আৰু বন্দী মহিলাক ভাগে ভাগে শাৰীত থিয় কৰোৱা হ
ল৷
এনেকুৱা এটা
কিউ’-ত এজনী সৰু ছোৱালীও
থিয় হ
লহি৷ তাই সদ্য যৌৱনপ্ৰাপ্ত। তাইৰ কাষতে থিয় হোৱা
তিৰোতাগৰাকী অস্থিৰ হৈ পৰিল৷ তাই বুজিছিল এতিয়া কি হ
বলৈ গৈ
আছে৷ নিয়ম অনুসৰি সম্পূৰ্ণ উলংগ হৈ
স্নানাগাৰত সোমাব লাগে৷ তিৰোতাগৰাকীয়ে ছোৱালীজনীৰ কাপোৰ সোলোকাই দি সিয়ঁৰি উঠিল
তাইৰ বুকুৰ প্ৰস্ফুটনত ওলাই পৰিছে দুটি গোলাপৰ কলি৷ ছোৱালীজনী লাজত
মৰো মৰো হৈ দুহাতেৰে বুকু ঢাকি ধৰিছে৷ তিৰোতাগৰাকীয়ে তাইৰ
পেণ্টিটোও খুলি দি ছোৱালীজনীৰ শৰীৰত হাত বুলাই পৃথিৱীৰ শেষৰক ভালপোৱাৰে সজ্জিকৰি তাইক স্নানাগাৰ
গেছ চেম্বাৰলৈ আগুৱাই দি নিজেও সোমাই গৈছে৷ ইয়াৰ পাছৰ আখ্যান চাইক্লন-বিধোঁৱা আৰু ধোঁৱা৷ আমাৰ জন্মৰো বহু পূৰ্বৰ সেই ছোৱালীজনীৰ
উলঙ্গ শৰীৰত এটা নতুন চোলা পিন্ধাই যেন তাইক তাৰ পৰা উদ্ধাৰ কৰি আনিম
এনেকুৱা এক অদ্ভূত কল্পনাই আমাক মাজে মাজে আমনি কৰেহি৷ মই তাইৰ মাত শুনো৷
চিৎকাৰ শুনো৷

        আৰু আমাৰ এই সোণৰ অসমত? ১৯৮৩ চনৰ ২৮ ফেব্ৰুৱাৰিৰ নেলীৰ সেই জঘন্য হত্যাকাণ্ডত চিৰদিনৰ বাবে শুই পৰা শ শ মৃতদেহ দেখাৰ
পাছত নাইবা ২০০৪ চনত ধেমাজিত ঘাতকৰ জিঘাংসাৰ বলি হোৱা শিশুহঁতৰ অস্ফুট চিৎকাৰ
শুনাৰ পাছত হে পাঠকবৃন্দ
, মই কোন সতে লিখোঁ এটা প্ৰেমৰ কবিতা প্ৰেয়সীৰ নামত? শিশুহঁতৰ নিষ্পাপ
মুখবোৰ
, ওঁঠত লাগি থকা হাঁহিবোৰ, সপোনবোৰ
শেষ হৈ যায় নিষ্ঠুৰ ঘাতকৰ ক্ৰূৰ খঞ্জৰৰ
আঘাতত আৰু মই এটা কবিতাৰে ক
ৰোঁ পাপমোচন৷

        টুনী চৰাইজনী

        বুকু উদং কৰি কেনি উধাও হলি

        টুনী চৰাইজনী

        চকুৰে নমনি

 

        মোৰ চোতালৰ হাচনাহানাজুপি আন্ধাৰতে ফুলে

        ৰিৱ্‌ৰিৱ্‌ সুগন্ধ ভিতৰলৈ  সোমাই
আহে৷

 

        এদিন পথাৰখনত লৰাহঁতে লুকাভাকু খেলিছিল

        এতিয়া পথাৰখনে লুকাভাকু খেলে

        লুকা-ভাকু হিলৈ হৈ ফুটে

       

        বুকু উদং কৰি কেনি উধাও হলি

        টুনীচৰাইজনী

        লগত লৈ গলি 
হাচনাহানাৰ গোন্ধ

        মোলৈ থৈ গল এবাটি কেঁচা তেজ৷

                                        (দৈকলা সাঁতোৰে য)